চিত্ৰশিল্পী দেৱব্ৰত মহন্তৰ সৈতে কিছু অন্তৰংগ আলাপ

 সাক্ষাৎ গ্ৰহণ কৰোঁতা: পৰাগজ্যোতি মহন্ত

দেৱব্ৰত মহন্ত
প্ৰশ্ন: আপুনি ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰবক্তা, কবি, লগতে এগৰাকী
চিত্ৰশিল্পীও৷ এই তিনিওটা দিশতে একাত্ম হৈ আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ গৈছে৷ এই
ক্ষেত্ৰত কেনে অনুভৱে আপোনাৰ সত্তাত জোকাৰণি তোলে?
উত্তৰ: হয়, তোমাৰ দৰে আন বহুতেই মোৰ পৰা এই কথা জানিব বিচাৰে৷
দৰাচলতে সৃষ্টিৰ মুহূৰ্তই দিয়া আনন্দ সকলোৰে ঊৰ্ধ্বত বুলি মই ভাবোঁ৷ টকা-পইচা, ঘৰ-দুৱাৰ,
গাড়ী-ঘোঁৰা আদি বস্তুবাদী জগতৰ উপাদানসমূহে দিয়া আনন্দ সদায় ক্ষণস্থায়ী৷ এইবিলাকে
এজন মানুহক একমাত্ৰ পাৰ্থিৱ জগতখনতে আবদ্ধ কৰি ৰাখে; ইয়াৰ বাহিৰলৈ কোনোদিনে তেওঁক
লৈ যাব নোৱাৰে৷ কবিতা নাইবা ছবি এখন সুন্দৰভাৱে সম্পূৰ্ণ কৰাৰ পাছত যি সফলতাৰ সুখ
অন্তৰত অনুভৱ কৰা যায়, সেই সুখ আন কোনো বস্তুবাদী জগতখনৰ উপাদানসমূহে দিব নোৱোৰে৷
যেতিয়া মোৰ হাতত টকা-পইচা নাছিল, যেতিয়া হতাশাৰ ৰুক্ষ মৰুভূমিত মই দিন কটাবলগীয়া হৈছিল,
তেতিয়া মোক জীয়াই ৰাখিছিল একমাত্ৰ ৰং-তুলিকাই৷ এই কথা পলে পলে মই আজিও অনুভৱ কৰোঁ৷
প্ৰশ্ন: আমি সকলো কথাই আলোচনা কৰিম৷ প্ৰথমে আপোনাৰ শৈশৱ
আৰু শি‍ক্ষা জীৱনৰ বিষয়ে কিছু ক’বনে?
উত্তৰ: মোৰ শৈশৱ কালটো শিৱসাগৰৰ
আমগুৰিতে পাৰ হৈছিল বুলি ক’ব পাৰি৷ তেতিয়াৰ দিনত আজিৰ দৰে সন্তানক ইংৰাজী মাধ্যমৰ
স্কুলত পঢ়ুওৱাৰ ঢৌ অভিভাৱকসকলৰ মাজত নাছিল৷ দেউতাই পোনপ্ৰথমে আমগুৰিৰ ভূঞাহাটৰ
স্কুল এখনতে নাম লগাই দিছিল৷ তাত দ্বিতীয় শ্ৰেণীলৈকে পঢ়াৰ পাছত আমগুৰি কলেজৰ ওচৰৰ
কছাৰী লাইন তিনিআলিৰ স্কুল এখনত তৃতীয় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ৷ সেই স্কুখনৰ নিচেই
কাষতে দীঘল দীঘল বাঁহগছ আৰু অন্যান্য গছ-গছনিৰে এখন সৰু জংঘল আছিল৷ তাত আমি শি‍ক্ষাগুৰুসকল
আহি পোৱাৰ আগতে কেঁচুমটা লৈ খুব দলিয়াদলি খেলিছিলোঁ৷ লাহে লাহে সময় বাগৰিল৷ এদিন
জাঁজী হেমচন্দ্ৰ শৰ্মা মহাবিদ্যালয়ৰ পৰা ইংৰাজীত মেজৰ লৈ বি.এ. পাছ কৰিলোঁ৷ ইয়াৰ
পাছত মাষ্টাৰ ডিগ্ৰী পঢ়িবৰ বাবে ঢাপলি মেলিলোঁ পুনেলৈ৷ পুনেত সপোন দেখিবলৈ
শিকিছিলোঁ৷ পাহাৰৰ ওপৰৰ শুকান জাৰণিৰ মাজত বহি চাইছিলোঁ তলৰ সৰু সৰু ঘৰবোৰ৷ সেই
স্মৃতিয়ে মোক আজিও কেতিয়াবা অস্থিৰ কৰি তোলে৷
দেৱব্ৰত মহন্তৰ  চি‍ত্ৰকৰ্ম
প্ৰশ্ন: চিত্ৰশিল্প আৰু কবিতা৷ কোনখন
ক্ষেত্ৰলৈ কেতিয়া আৰু কেনেকৈ আগমন ঘটিল
?

উত্তৰ: স্কুলত পঢ়ি থাকোঁতেই ছবি আৰু
কবিতা দুইটাৰে প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে পেঞ্চিলেৰে
জয়ন্ত হাজৰিকা
, মহাত্মা
গান্ধী
, লাল বাহাদুৰ শাস্ত্ৰী আদি বৰেণ্য ব্যক্তিসকলৰ
প্ৰতিকৃতি অংকন কৰিছিলোঁ৷ কিন্তু সেই সময়ত আমাৰ ঘৰতেই হওক বা আমগুৰিতেই হওক
,
চিত্ৰকলাক আঁকোৱালি ল’ব পৰাকৈ বৰ বিশেষ এটা পৰিৱেশ নাছিল৷ সেয়ে
আৰ্ট স্কুলত গৈ চিত্ৰকলাৰ অ-আ-ক-খ শিকিব নোৱৰাৰ দুখত ছবি অঁকাৰ ধান্দা মনৰ পৰা
সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছিলোঁ৷ পাছত বহু দেৰিকৈ পুনেৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি
ঘূৰি অহাৰ পাছতহে আকৌ ছবি আঁকিবলৈ‍ ল’লোঁ৷ এই ক্ষেত্ৰত মোৰ তিনিগৰাকী শি‍ক্ষাগুৰু—
পিংকী সুখী
, ৰবীন বৰ আৰু মৌচুমী দেৰ নাম উল্লেখ কৰিবই
লাগিব৷
দেৱব্ৰত মহন্তৰ চিত্ৰকৰ্ম
প্ৰশ্ন: কোনটোৰ প্ৰতি আপোনাৰ আকৰ্ষণ
অত্যধিক
? সাম্প্ৰতিক
কবিতাৰ আৰু চিত্ৰশিল্পৰ প্ৰতি আপোনাৰ মনোভাৱ কেনে
? ব্যক্ত
কৰিব৷
উত্তৰ: ছবি আৰু কবিতা দুয়োটাই প্ৰিয়
যদিও কেতিয়াবা ছবিৰ প্ৰতিহে বেছি আকৰ্ষণ অনুভৱ কৰোঁ৷ কবিতা লিখিছোঁ যদিও কবিতাৰ
ক্ষেত্ৰত বৰ বেছি আগ বাঢ়িব পাৰিছোঁ বুলি এতিয়াও ক’ব নোৱাৰোঁ৷ আনকি আজি পৰ্যন্ত
কবিতাৰ সংকলন এটাও উলিয়াব পৰা নাই৷ ছবিৰ ক্ষেত্ৰত অৱশ্যে অকণমান হ’লেও আগ বাঢ়িছোঁ
যেন লাগে৷ দেশে-বিদেশে বিভিন্ন প্ৰদৰ্শনীতো ভাগ লৈছোঁ৷ ২০১৫ চনত গুৱাহাটীত মুনমী
বৰাৰ গীতৰ আধাৰত এখন একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছোঁ৷
সাম্প্ৰতিক অসমীয়া কবিতা আৰু ছবিৰ জগতখন
খুব সুন্দৰ বুলিয়েই ক’ব পাৰি৷ বহুত ভাল ভাল কবি ওলাইছে৷ লগতে বহুত
প্ৰতিশ্ৰুতিসম্পন্ন কবিৰ কবিতাও পঢ়িবলৈ পাইছোঁ৷ কিন্তু বহুতে কবিতাৰ ইংগিতধৰ্মিতা
আৰু প্ৰতীকধৰ্মিতা— এই
  দিশ দুটাৰ পৰা আঁতৰি খুব সহজভাৱেই কবিতা লিখিবলৈ
লৈছে৷ এই কথাটো কিন্তু সঁচাকৈ এক চিন্তনীয় বিষয়৷ ছবিৰ ক্ষেত্ৰতো অসমীয়া
শিল্পীসকলৰ কাম-কাজ যথেষ্ট আশাপ্ৰদ বুলিয়েই ক’ব পাৰি৷ যোৱাকেইবছৰত কেইবাজনো ভাল
ভাল শিল্পীয়ে আত্মপ্ৰকাশ কৰিছে৷ বহুতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ
কৰ্মশালাত ভাগ লোৱাৰ লগতে প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছে৷ এইসকলৰ ভিতৰত অনুপ কুমাৰ
শৰ্মা
, কমল কুমাৰ
মহন্ত
, দাদুল চলিহা, মিণ্টু ডেকা
আদিৰ নাম ল’ব পাৰি৷
প্ৰশ্ন: চিত্ৰশিল্পৰ বাবে আনুষ্ঠানিক শি‍ক্ষা
লৈছিলনে
?
উত্তৰ: প্ৰথম অৱস্থাত মোৰ আনুষ্ঠানিক
শি‍ক্ষা নাছি‍ল৷ সৰুৰে পৰাই ছবি আঁকিবলৈ লৈছিলোঁ যদিও ঘৰত মা-দেউতাই এইবোৰতকৈ
পঢ়া-শুনাতহে বেছি গুৰুত্ব দিছিল৷ অৱশ্যে তেতিয়াৰ দিনত আমাৰ পৰিৱেশটো আজিৰ দিনতকৈ
বহুত বেলেগ আছিল৷ আজিৰ তাৰিখত পঢ়া-শুনাৰ লগতে অভিভাৱকে নাচ-গান
, চিত্ৰকলা, খেলা-ধূলা আদি extra-curricular কাম-কাজৰ
ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়৷ যি কি নহওক
, মোৰ
চিত্ৰকলাৰ আনুষ্ঠানিক শি‍ক্ষা আৰম্ভ হৈছিল পুনেত মাষ্টাৰ ডিগ্ৰী কৰি অসমলৈ ঘূৰি
অহাৰ পাছতহে৷ এই ক্ষেত্ৰত অলপ আগতে উল্লেখ কৰি অহা মোৰ তিনিগৰাকী শিক্ষাগুৰুৰ কথা
কোনোদিনে পাহৰিব নোৱাৰিম৷
প্ৰশ্ন: চিত্ৰশিল্পৰ বিষয়ত আপোনাৰ গুৰু
অথবা পথপ্ৰদৰ্শক
?
উত্তৰ: হয়, ইতিমধ্যে উল্লেখ কৰা তিনিগৰাকী
শিক্ষাগুৰুৰ লগতে আন কেইবাজনো জ্যেষ্ঠ ব্যক্তি আৰু চিত্ৰশিল্পীয়ে মোক আগ বাঢ়ি
যোৱাত তেওঁলোকৰ দিহা-পৰামৰ্শৰে সহায় কৰিছে৷ সেইসকলৰ ভিতৰত ডা
° প্ৰজ্ঞান শইকীয়াৰ পৰিবাৰ তথা মোৰ একালৰ
সহকৰ্মী পল্লৱী শইকীয়া বাইদেউ
, অসমৰ প্ৰতিষ্ঠিত শিল্পী অনুপ কুমাৰ শৰ্মা, দেৱানন্দ
উলুপ
, কমল কুমাৰ মহন্ত, নিউ
দিল্লীৰ পাৰুল গাৰ্গ
, ইজিপ্তৰ কাইৰোৰ আব্দুল ৰহমান ফৌজি,
ইজৰাইলৰ এডি লাছৰি, হাংগেৰিৰ ছুজাৰ,
বাংগালোৰৰ ৰমেশ টাৰডে‍ল আদিয়েই প্ৰধান৷

প্ৰশ্ন: আপোনাৰ কেনভাছত সাধাৰণতে বিমূৰ্ত ছবিৰ অংকনতহে
বেছিকৈ প্ৰাধান্য দিয়া দেখা গৈছে৷ যিবোৰ অন্ততঃ উচ্চ খাপৰ হোৱা হেতু সৰ্বসাধাৰণ
মানুহৰ পক্ষে সহজে বোধগম্য নহয়৷ সূক্ষ্ম নিৰীক্ষণৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত আপোনাৰ
পৰা কিছু কথা জানিব বিচাৰিছোঁ৷
উত্তৰ: হয়, মোৰ প্ৰায় সকলো ছবিয়েই
এবষ্ট্ৰেক্ট
, অৰ্থাৎ বিমূৰ্তধৰ্ম‍ী৷ আৰম্ভণিতে realistic
ছবি আঁকিছিলোঁ যদিও বৰ্তমান বিমূৰ্ত ছবিতে বেছিভাগ সময় পাৰ
কৰিছোঁ বুলি ক’ব পাৰি৷ দৰাচলতে ইংৰাজীৰ ‘
abstract’ শব্দটোৰ
অসমীয়া প্ৰতিশব্দ হৈছে ‘বিমূৰ্ত’
; অৰ্থাৎ, যাৰ কোনো নিৰ্দিষ্ট ‘shape’ বা ‘আকৃতি’
নাথাকে৷ এই বিমূৰ্ত কলাৰ প্ৰধান বিশেষত্ব হৈছে যে ইয়াত শিল্পীজনে স্পষ্টকৈ
,
মানে দৰ্শকে পোনছাটেই ধৰিব পৰাকৈ কোনো বিষয়বস্তু বা ভাব
উপস্থাপন কৰিব নিবিচাৰে৷ তেওঁ মাথোঁ ৰং আৰু ৰেখাৰ সহায়ত ইয়াৰ আভাস এটাহে দিয়ে৷ এই
ক্ষেত্ৰত প্ৰচলিত নীতি-নিয়মৰ পৰা আঁতৰি তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষাও চলাব পাৰে৷
ফলত বিমূৰ্ত ছবি হৈ পৰে প্ৰতীকধৰ্মী
, ইংগিতময় এক সাঁথৰ
নতু কবিতাৰ নিচিনা৷ ই দৰ্শকৰ মনত অনুসন্ধিৎসাৰ ভাব জগাই তোলাৰ লগতে চিন্তা কৰিবলৈ
উদগনি দিয়ে৷ কিন্তু মই ভাবোঁ দৰ্শকে অৰ্থতকৈ ছবিখন দেখিবলৈ কেনেকুৱা হৈছে এই
কথাটোতহে গুৰুত্ব দিয়া উচিত৷
দেৱব্ৰত মহন্তৰ চিত্ৰকৰ্ম
প্ৰশ্ন: কবিতা আৰু চিত্ৰশিল্প— কোনটোক
লৈ আপুনি বেছি সুখ অনুভৱ কৰে অথবা কোনটোৱে আপোনাক বেছি আত্মসন্তুষ্টি দিয়ে
? নিশ্চয়কৈ চিত্ৰ অংকনে নহয়নে?
উত্তৰ: দুইটাই মোৰ বাবে প্ৰিয় যেন ভাব
হয়৷ কবিতা এটা সম্পূৰ্ণ কৰি যিদৰে আত্মসন্তুষ্টি লাভ কৰোঁ
, ঠিক সেইদৰে ছবি এখন আঁকিও সমানে
আত্মসন্তুষ্টি লাভ কৰোঁ৷ তথাপি কবিতাতকৈ ছবিতহে বেছিকৈ জড়িত হৈ পৰিছোঁ যেন লাগে৷
নহ’লে কিজানি ইমান দিনে অতি কমেও দুখনমান কবিতা সংকলন প্ৰকাশ কৰিব পাৰিলোঁহেঁতেন৷
প্ৰশ্ন: সম্প্ৰতি বিশ্বৰ ভিন্ন প্ৰান্তত
বহুলভাৱে চৰ্চিত
, সমাদৃত
চিত্ৰশিল্পীসকলৰ তালিকাত অন্যতম আপুনিও৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত একাধিক
চিত্ৰ প্ৰদৰ্শনীত আপোনাৰ ছবিয়ে যথেষ্ট খ্যাতি অৰ্জন কৰাৰ লগতে কেইবাবাৰো স্বৰ্ণ
,
ৰজত আৰু ব্ৰ’ঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ খবৰ বিভিন্ন
বৈদ্যুতিন মাধ্যম তথা বাতৰি কাকতসমূহে প্ৰকাশ কৰিছে‍৷ আমিও যথে‍ষ্ট গৌৰৱ অনুভৱ
কৰোঁ৷ এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে
, অলপ বহলাই কওক৷
উত্তৰ: হয়, বিভিন্ন ৰাষ্ট্ৰীয় আৰু
আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত মই অংশগ্ৰহণ কৰিছোঁ৷ এইবিলাকৰ ভিতৰত দিল্লী
, উত্তৰ প্ৰদেশ, অমৃতসৰ, ম্যানমাৰ, কলিকতা, সৰ্বভাৰতীয়
কলা মহোৎসৱ
, শ্ৰীলংকা, ইজিপ্তৰ
কাইৰো
, হাংগেৰিৰ বোধাপেষ্ট্, য়ুৰোপৰ
য়ুক্ৰেইন
, দক্ষিণ ক’ৰিয়াৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় কলা
মহোৎসৱ
, নেডাৰলেণ্ড, ইণ্ড’নেছিয়াৰ
জাকাৰ্টা
, ইটালিৰ কেম’ মিউজিয়াম আদিয়েই প্ৰধান বুলি ক’ব
পাৰি৷ এই প্ৰদৰ্শনীসমূহত ভাগ ল’বলৈ পাই এটা কথাই ভাল লাগিছে যে মোৰ সৃষ্টিসমূহ
অসম তথা ভাৰতবৰ্ষৰ সীমা পাৰ হৈ বাহিৰলৈ যাব পাৰিছে
; বিশ্বৰ
ভিন্ন প্ৰান্তৰ শিল্পীসকলৰ তালিকাত অকণমান হ’লেও মোৰ নামটো সংযোজিত হৈছে৷
এইখিনিতে অৱশ্যে এটা বেয়া লগা কথাও আছে আৰু সেই কথাটো হৈছে— ইতিমধ্যে উল্লেখ কৰা
প্ৰদৰ্শনীবোৰৰ উপৰি বিভিন্ন ৰাষ্ট্ৰীয় গোটবিলাকে অনুষ্ঠিত কৰা অন্‌লাইন
প্ৰতিযোগিতাবোৰতো মাজে মাজে মই অংশগ্ৰহণ কৰি থাকোঁ৷ ফলত বহুতে মোৰ সকলো
কাম-কাজ অন্‌লাইন বুলিহে মন্তব্য প্ৰকাশ কৰিব খোজে৷ কিন্তু এইটো তেওঁলোকৰ
সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা৷ বুজাবলৈ গ’লে ইয়াত বহুত সময় লাগিব৷
প্ৰশ্ন: আপোনাৰ চিত্ৰ জীৱনৰ অনুপ্ৰেৰণা?
উত্তৰ: চিত্ৰকলাৰ জগতখনত আগ বাঢ়ি যাবৰ
বাবে কেইবাজনো ব্যক্তিয়ে মোক উৎসাহ-উদ্দীপনা দি সহায় কৰিছে৷ তেওঁলোকৰ ভিতৰত
প্ৰথমেই ডা
° প্ৰজ্ঞান
শইকীয়াৰ পৰিবাৰ তথা মোৰ একালৰ সহকৰ্মী পল্লৱী বাইদেউৰ নাম ল’ব লাগিব৷ তেখেতেই
পোনপ্ৰথম চিত্ৰকলাৰ অ-আ-ক-খ শিকিবৰ বাবে এজন শি‍ক্ষাগুৰুৰ ওচৰলৈ যাবলৈ মোক
উৎসাহিত কৰি তুলিছিল৷ তদুপৰি চি‍ত্ৰকলাৰ সাধনা নিৰৱচ্ছিন্নভাৱে চলাই যাবলৈ যথেষ্ট
আজৰি সময়ৰ প্ৰয়োজন৷ পেইণ্টিং এখন পূৰ্ণাংগ ৰূপ দিবলৈ কিছু সময় আৰু ধৈৰ্য লাগে
; কষ্টও হয়৷ এই ক্ষেত্ৰত মোৰ
শ্ৰীমতীৰ সহযোগিতা আৰু বুজাবুজিৰ কথাও উল্লেখ কৰিব লাগিব৷
প্ৰশ্ন: ছবি আঁকোতে কোনবোৰ দিশত
গুৰুত্ব দিয়ে
?
উত্তৰ: ছবি এখন আঁকিবলৈ‍ লওঁতে মই প্ৰথম
গুৰুত্ব দিয়া বিষ‍য়টো হ’ল ৰং৷ কোনকেইটা ৰং ব্যৱহাৰ কৰিলে ছবিখন মোৰ ভাল লাগিব
বা আনেও পছন্দ কৰিব
, এই কথা চিন্তা কৰিহে মই ছবিখন আৰম্ভ কৰোঁ৷ তাৰ পাছত ছবিখনৰ আংগিক অথবা
সামগ্ৰিক দিশটোৰ কথা ভাবোঁ৷ এনেকৈয়ে শেষত মোৰ ছবিখন হয়গৈ৷

প্ৰশ্ন: ভাল ছবি এখনৰ আঁৰৰ কথাখিনি কি?
উত্তৰ: যিকোনো উৎকৃষ্ট সৃষ্টিৰ বাবে
সাধনাৰ প্ৰয়োজন৷ ভাল ছবি এখনৰ ক্ষেত্ৰতো সেই একেই কথা বুলি ভাবোঁ৷ ৰঙৰ
কম্বিনেশ্বনৰ লগতে সুন্দৰ কম্প’জিশ্বনেই হ’ল ভাল ছবি এখনৰ আঁৰৰ মূল কথা৷
প্ৰশ্ন: আপোনাৰ সফলতাৰ গ্ৰাফডাল
ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হোৱা আমি দেখিবলৈ পাইছোঁ৷ ই কেতিয়াবা ঈৰ্ষাৰো কাৰণ৷ এনে
কেতবোৰ লক্ষণ আপোনাৰ কিছুমান ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰা দেখা যায়৷
 
উত্তৰ: হয়, গোপনে গোপনে মোৰ প্ৰতি
ঈৰ্ষান্বিত হৈ মোৰ পিছত লাগি থকা কিছু ব্যক্তিক লৈও মই কবিতা লিখিছোঁ বা ছবি
অংকন কৰিছোঁ৷ ইয়াৰে এটা কবিতা ‘ঈৰ্ষান্বিত মানুহবোৰ’ কিছু দিনৰ আগতে ‘দৈনিক অসম’
কাকতৰ দেওবৰীয়া চ’ৰাত প্ৰকাশ হৈ গৈছে৷ দৰাচলতে মোৰ প্ৰতি কোনোবা ঈৰ্ষান্বিত
হৈছে বুলি গম পালে ভিতৰি ভিতৰি ময়ো উন্মাদ আৰু অস্থিৰ হৈ পৰোঁ৷ শেষত ইয়াৰ
বহিঃপ্ৰকাশ ঘটে এখন ছবি অথবা কবিতাত৷
 
আলাপ সন্মান, ২০১৮
প্ৰশ্ন: কেতবোৰ স্মৰণীয় অভি‍জ্ঞতাৰ
বিষয়ে কওক৷
উত্তৰ: এবাৰ গুৱাহাটীৰ ষ্টেট আৰ্ট
গেলেৰিত এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল৷ তাত মোৰ দুখন ছবি আছি‍ল৷ প্ৰদৰ্শনীখন
মুকলি কৰিছিল প্ৰথিতযশা চিত্ৰশিল্পী
, গুৱাহাটীৰ অতুল বৰুৱাদেৱে৷ বেৰত ওলমি থকা ছবিবোৰ এফালৰ পৰা চাই আহি
থাকোঁতে হঠাতে তেওঁ অৰ্গেনাইজাৰজনৰ দ্বাৰা মোক মাতি পঠিয়ালে৷ মই আচৰিত হৈছিলোঁ৷
ঠিক তেনেকৈ আৰু এটা পাহৰিব নোৱৰা অভি‍জ্ঞতা
হৈছিল চেৰাপুঞ্জীৰ ছাইমিকা ৰিজৰ্টত৷ সেইবাৰ গুৱাহাটীৰ ৰূপ বৰ্ণমৰ হৈ আমি কেইবাজনো
তাত ছবি আঁকিবলৈ গৈছিলোঁ৷ গুৱাহাটীৰ পৰা প্ৰায় চাৰে চাৰি ঘণ্টা নে পাঁচ ঘণ্টাৰ
যাত্ৰা৷ ছাইমিকা ৰিজৰ্ট গৈ পাওঁতে‍ প্ৰায় আবেলি হ’বলৈ আৰম্ভ কৰিছিল৷ সোনকালে আহাৰ
খাই ৰূপ
  বৰ্ণমৰ
সভপতি
, প্ৰসিদ্ধ
চিত্ৰশিল্পী অনুপ কুমাৰ শৰ্মাই (অনুপ ছাৰ) ৱৰ্কশ্বপৰ শুভাৰম্ভ কৰাৰ পাছত আমি ভাগে
ভাগে কেবিনবিলাকলৈ গ’লোঁ৷ আমাৰ কেবিনবিলাক আছিল একেবাৰে পাহাৰৰ দাঁতিত৷ সেয়ে
পাহাৰৰ মায়াময় পৰিৱেশত আমি সকলো আপোন পাহৰা হৈ পৰিছিলোঁ৷ মই থকা কেবিনটোত দুজন
মণিপুৰৰ শিল্পীও আছিল৷ কেবিনত সোমোৱাৰ পাছতে নিজৰ নিজৰ জেগা ঠিক কৰি লোৱাৰ পাছত
সকলো টোপনিত লালকাল দিলে৷ মাত্ৰ সাৰে থাকিলোঁ মই আৰু মণিপুৰৰ এজন শিল্পী৷
তেখেতেও শুবলৈ লৈ হঠাৎ আকৌ উঠি মজিয়াতে কেনভাছখন থিয় কৰাই লৈ নতুন ছবি এখনৰ
পৰিকল্পনাত মগ্ন হ’ল৷ সেই ছেগতে কিছু সময় অকলে কটাওঁ বুলি কেবিনৰ দুৱাৰখন বাহিৰৰ
পৰা জপাই দি মই পিছফালৰ বাৰান্দা পালোঁহি৷ চাৰিওফালে চাই দেখিলোঁ কেৱল পাহাৰ…
মাথোঁ পাহাৰ…৷ মাজে মাজে শৰীৰত অনুভৱ কৰিলোঁ শীতল বা৷ এনেদৰে কিমান সময় তন্ময় হৈ
ৰৈ আছিলোঁ ক’ব নোৱাৰোঁ৷ হঠাৎ মোৰ সোঁ কাণৰ নিচেই কাষত সৰুকৈ সুহুৰি বজাব
খোজাৰ নিচিনাকৈ শব্দ কৰি কোনোবাই ফুঁ মাৰি দিলে৷ মই তৎক্ষণাৎ লগৰজন বুলি ঘূৰি
চাই দেখোঁ কোনো নাই৷ কেবিনৰ ভিতৰলৈ আহি দেখোঁ— সকলো টোপনিত৷ কেৱল মইহে সাৰ
পাই আছোঁ৷ তেনেহ’লে কোন আছিল সেয়া! মনে মনে মোৰ অকণমান ভয়ো লাগিল৷ যি নহওক
,
এনে অচিনাকি ঠাইত অকলশৰে পাহাৰৰ দাঁতিত থিয় হৈ থকাটো উচিত নহ’ব
বুলি ভাবি কেবিনৰ ভিতৰলৈ সোমাই দুৱাৰখন লাহেকৈ বন্ধ কৰি দিলোঁ৷ কেইদিনমানৰ পাছত
ছাইমিকা ৰিজৰ্টৰ পৰা ঘূৰি আহি শুনিলোঁ— এটা সময়ত সেই ঠাইখিনি হেনো এখন কবৰস্থান
আছিল৷
প্ৰশ্ন: সাধনা অথবা কঠোৰ শ্ৰমৰ অবিহনে
কোনো শিল্পই পূৰ্ণতা নাপায়
, প্ৰাণ প্ৰতিষ্ঠা নহয়৷ আপুনিও ব্যতিক্ৰম নহয়৷ কোনো সমস্যাই এই
ক্ষেত্ৰত আপোনাৰ ওপৰত প্ৰভাৱ পেলোৱা নাইনে
?
উত্তৰ: হয়, শিল্পৰ পৰিপূৰ্ণতাৰ বাবে সাধনাৰ
প্ৰয়োজন৷ এই ক্ষেত্ৰত মাজে মাজে কিছু সমস্যাৰ সন্মুখীন নোহোৱা নহয়
; কিন্তু প্ৰবল ইচ্ছাশক্তিৰ বাবেই এইবোৰ আঁতৰাই কিছু আগ বাঢ়িব পাৰিছোঁ
বুলি বিশ্বাস কৰোঁ৷ এখন ভাল ছবিৰ বাবে একমাত্ৰ শিল্পীজন দক্ষ হ’লেই নহ’ব৷ লগতে
উৎকৃষ্ট ৰং
, কেনভাছ আৰু অন্যান্য সামগ্ৰীও লাগিব৷
প্ৰশ্ন: ভৱিষ্যৎ পৰিকল্পনা কিবা আছেনে?
উত্তৰ: ভৱিষ্যৎ পৰিকল্পনা বুলি ক’বলৈ
গ’লে ৱিলিয়াম শ্বেইক্সপিয়েৰৰ কবিতাৰ আধাৰত এলানি ছবি অঁকাৰ কথা ভাবিছোঁ৷ এই কথা
ইতিমধ্যে ৰাইজক জনাইছোঁৱেই৷ চাওঁচোন কিমান সফল হ’ব পাৰোঁ৷
প্ৰশ্ন: আপোনৰ কেইখনমান উল্লেখযোগ্য
ছবিৰ বিষয়ে কওক
, যি
আপোনাৰ মনোজগতত বিশেষ প্ৰভাৱ পেলাইছে আৰু পৰৱৰ্তী সময়ত আপোনাক হাতত ৰং-তুলিকা
লৈ ৰাতি বহু সময়লৈকে উজাগৰে থাকি কেনভাছত ৰং বুলাবলৈ উৎসাহ যোগাই থাকে৷
উত্তৰ: ছবি এনেয়ে বহুত আঁকিছোঁ৷ তথাপি
মোৰ নিজৰ বিবেচনাত উল্লেখযোগ্য বুলি ক’বলৈ যাওঁতে প্ৰথম ‘
Ready for Journey’ ছবিখনেই মনলৈ
আহিছে৷‍‍ছবিখনৰ উৎসও সঁচাকৈয়ে এটা যাত্ৰাই আছিল৷ ক’লৈ গৈছিলোঁ বৰ্তমান পাহৰিছোঁ
যদিও যোৱাৰ আগদিনাখন যে ছবিখন খৰধৰকৈ আঁকি‍ সম্পূৰ্ণ কৰিছিলোঁ
, সেই কথা আজিও ভালদৰে মনত আছে৷ এইখনৰ দৰে আন এখন প্ৰিয় ছবি হ’ল— ‘The
Dark Sky and the Red Soil’৷ বৰ্তমান হিংসা-হত্যাৰে জৰ্জৰিত
পৃথিৱীৰ কথা মনত ৰাখিয়েই এই ছবিখন অংকন কৰিছিলোঁ৷ ঠিক তেনেকৈ আৰু বহুতো মোৰ
প্ৰিয় ছবি আছে
, যিবিলাকে মোক সদায় ৰং-তুলিকাৰ সুগন্ধি
পথত আগ বাঢ়ি যাবৰ বাবে উৎসাহিত কৰি থাকিব৷
প্ৰশ্ন: বিগত কালছোৱাত আপুনি
ফ্ল’ৰেন্সৰ প্ৰখ্যাত লিঅ’নাৰ্ড’ ড্যা ভিঞ্চি বঁটাৰ বাবেও আমন্ত্ৰিত‍ হৈছিল৷ এই
আমন্ত্ৰণ আপোনাৰ বাবে অপ্ৰত্যাশিত আছিল নেকি
?
উত্তৰ: হয়, ফ্ল’ৰেন্সৰ এই লিঅ’নাৰ্ড’ ড্যা ভিঞ্চি বঁটাৰ বাবে
আমন্ত্ৰণ পাই আনন্দিত হৈছিলোঁ৷ কিন্তু ইয়াৰ টেক্‌নিকেল কিছুমান আসোঁৱাহ আৰু ব্যক্তিগত
অসুবিধাৰ বাবে এই বঁটাটো গ্ৰহণ কৰিব নোৱাৰিলোঁ৷ হ’লেও মোৰ মনত কোনো আক্ষেপ নাই৷
কিয়নো বঁটাতকৈ সকলোৰে মনত বিস্ময়ৰ ভাব সৃষ্টি কৰিব পৰা এখন পেইণ্টিংহে মোৰ বাবে
অধিক গুৰুত্বপূৰ্ণ৷
প্ৰশ্ন: ২০১৯ চনত চিত্ৰকলাৰ শি‍ক্ষাৰ বাবে ‘উত্তৰ প্ৰদেশ
বুক অব ৰেকৰ্ডছ’-এ আপোনাক ‘Excellent Teacher Icon Award’ সন্মান আগ বঢ়াইছে৷ এয়া ৰাজ্যবাসীৰ
বাবে অত্যন্ত গৌৰৱৰ বিষয়৷ এই সফলতাক লৈ আপোনাৰ মন‍োভাব কেনে আছিল?
উত্তৰ:  বঁটাটোৰ
বাবে নিৰ্বাচিত হোৱাত ভালেই লাগিছিল৷ দৰাচলতে শি‍ক্ষাৰ লগতে অন্যান্য
extra-curricular কামৰ সম্পৰ্কত বিবেচনা কৰি এই বঁটাটো ভাৰতৰ বিভিন্ন ঠাইৰ শি‍ক্ষকলৈ
আগ বঢ়োৱা হৈছিল৷ চিত্ৰকলাৰ ক্ষেত্ৰখনত দেখুওৱা কিছু পাৰদৰ্শিতাৰ বাবে এই বঁটাটোৰ
বাবে মোকো নিৰ্বাচিত কৰিলে৷ মনে মনে কিছু ভয়ো লাগিছিল; কিয়নো, আজিলৈকে নিজকে কোনোদিন
মই Excellent Teacher  বুলি ভাবি পোৱা নাই৷
প্ৰশ্ন: এজন কবি অথবা এজন চিত্ৰকৰ হিচাপে সমাজৰ প্ৰতি কিমানখিনি
দায়বদ্ধতা থকাটো উচিত বুলি ভাবে? নতুন প্ৰজন্মৰ প্ৰতি কিবা ক’বলগীয়া?
উত্তৰ: সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ব আছে, নথকা নহয়৷ কিন্তু
সেইদৰে চিত্ৰশিল্পীসকলৰ প্ৰতিও সমাজৰ কিছু দায়িত্ব আছে৷ বাহিৰত এখন ছবি এক লাখ ডেৰ
লাখ টকাত বিক্ৰী হয়৷ তাত ঘৰে ঘৰে এখন পেইণ্টিং সজাই থোৱাটো এক আভিজাত্যৰ চিন৷ কিন্তু
আমাৰ ইয়াত সজাই থোৱাটো দূৰৰে কথা, দুহেজাৰ-এহেজাৰ টকাতো কোনেও ছবি এখন কিনিব নিবিচাৰে৷
অকল সেয়াই নে? অসমীয়া চেনেলকেইটা খুলিলেই  কেৱল
নৃত্য-গীতৰ পয়োভৰ৷ মই কি ক’ব বিচাৰিছোঁ তুমি গম পাইছাই চাগে!
বাকী নতুনসকলৰ প্ৰতি মোৰ ক’বলগীয়া এটাই যে তেওঁলোকে সাধনা
অব্যাহত ৰাখক৷ কষ্ট কৰিবলৈ শিকক৷ সফলতা আৰু পৰিপূৰ্ণতা এদিন নিজে নিজেই হাতলৈ আহিব‍৷
প্ৰশ্ন: আপোনাৰ প্ৰিয় গ্ৰন্থ?
উত্তৰ: দিনে-নিশাই অনৱৰতে ছবিৰ লগত ব্যস্ত হৈ থকাৰ ফলত কিতাপ
পঢ়িবৰ বাবে মই আজি-কালি সময় নোপোৱাই হ’লোঁ বুলি ক’ব পাৰি৷ তথাপি প্ৰিয় গ্ৰন্থ বুলি
সোধোঁতে বিপুলজ্যোতি শইকীয়াৰ পাহৰণিৰ নৈ, মহাকাব্যৰ প্ৰথম পাত আৰু লগতে অতনু ভট্টাচাৰ্যৰ
প্ৰাপ্তি অপ্ৰাপ্তি— এই কিতাপকেইখনেই এই মুহূৰ্তত মনলৈ আহিছে৷