নিবিড় অনুৰাগ মানস
বৰ্তমান সময়ত চিত্ৰশিল্পৰ লগত
ওতপ্ৰোতভাৱে জড়িত এজন
চিত্ৰশিল্পী হ’ল কল্যাণ ৰাভা। ওদালগুৰি জিলাৰ
ঘোগাপাৰাৰ, ভেৰগাঁৱত জন্ম লাভ
কৰা কল্যাণৰ ছবিসমূহৰ মূল বিষয়বস্তু হ’ল সমাজৰ খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম।

কল্যাণৰ ছবিসমূহত ফুটি উঠে
সমাজৰ খাটি খোৱা মানুহৰ মৰ্মবেদনা। কল্যাণে ছবিৰ মাজেদিয়েই উপলব্ধি কৰিব বিচাৰে গণতন্ত্ৰ কেঁকোৰাচেপাত বন্দী হৈ পৰা
জনগণৰ স্বাধীনতা (?)

মূলতঃ ছেমি ৰিয়েলিষ্টিক বা ছেমি
এবষ্ট্ৰেক্ট ছবি আঁকি ভাল পায় কল্যাণে। সচৰাচৰ শিল্পীসকলে ছেমি এবষ্ট্ৰেক্ট ছবি অংকন নকৰে যদিও কল্যাণে
অনুভৱ কৰে যে সৰ্বসাধাৰণ মানুহে প্ৰায়ে অভিযোগ কৰা ‘দুৰ্বোধ্য চিত্ৰশিল্প’–ৰ ‘দুৰ্বোধ্য
এবষ্ট্ৰেক্ট’–ৰ
সলনি যদি ছেমি এবষ্ট্ৰেক্ট ছবি অঁকা যায় তেন্তে প্ৰতিজন দৰ্শকে সেই ছবিৰ মৰ্ম
উপলব্ধি কৰিব পাৰিব; তেহে শিল্পীজনৰ শ্ৰমে
পূৰ্ণতা লাভ কৰিব।

কল্যাণৰ ছবিসমূহৰ ভিতৰত
কেইখনমান উল্লেখযোগ্য ছবি হ’ল ‘দ্য চিতাৰ প্লেয়াৰ’, ‘দ্য লাষ্ট ট্যুন’, ‘ৱিণ্টাৰ’, ‘ৱিমেন ফ্ৰীডম’।

‘দ্য চিতাৰ প্লেয়াৰ’ ছবিখনৰ জৰিয়তে তেওঁ
এজন শাস্ত্ৰীয় সংগীতশিল্পীৰ জীৱনক তুলি ধৰিবলৈ সক্ষম হৈছে। চিত্ৰখনত শিল্পীয়ে এসময়ত
জনপ্ৰিয় হৈ পৰা এজন শিল্পীৰ বৃদ্ধাৱস্থাত অকলশৰীয়া হৈ পৰি চৌপাশে তেখেতৰ অনুৰাগীৰ
ছায়াছবি দেখা সময়ছোৱাক সুন্দৰ ৰূপত ফুটাই তুলিছে।

‘ৱিণ্টাৰ’ শীৰ্ষক ছবিখনত তেওঁ এটা
দুখীয়া পৰিয়ালৰ শীতকালত হোৱা অভাৱক নিটোল ৰূপত তুলি ধৰিছে।

কল্যাণৰ ছবিৰ এনে অগতানুগতিক
দিশৰ ছবিসমূহ বিভিন্ন ঠাইত প্ৰশংসিত হৈছে। এই বৰ্ষতে তেওঁৰ ছবি ৰাজ্যিক কলা বীথিকাত (দলগতভাৱে)
প্ৰদৰ্শিত হৈছে।
লগতে, ২০১৫ চনৰ ফেব্ৰুৱাৰিত গোৱালপাৰাৰ ভালুকডুবিস্থিত ‘স্মাৰ্ট আৰ্ট ভিলেজ’-ত অনুষ্ঠিত ‘ডাইনী বিশ্বাসৰ
বিৰুদ্ধে ৫০০ চিত্ৰশিল্পীৰ সমাৱেশ’-ত তেওঁ আমন্ত্ৰিত শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিল।

ইতিমধ্যে কল্যাণে বিভিন্ন
কাব্যসংকলন, সাধু, স্মৃতিগ্ৰন্থ আদিৰ বেটুপাত অংকন কৰাৰ উপৰি অধুনালুপ্ত
দুমহীয়া বিনোদনধৰ্মী আলোচনী ‘যাত্ৰা’-ৰ নিয়মীয়া কাৰ্টুন আৰু ব্যাখ্যাচিত্ৰ তথা অলংকৰণৰ সৈতে জড়িত আছিল। বৰ্তমান তেওঁ শিশু
আলোচনী ‘হিয়াৰ
ৰামধেনু’-ৰ
ব্যাখ্যা চিত্ৰ অংকনৰ সৈতে জড়িত।

বৰ্তমান তেওঁ ‘ৰাভা আৰ্টিষ্ট্ছ ফৰাম’-ৰ ওডালগুৰি জিলা
সমিতিৰ উপসভাপতি তথা অসমৰ চিত্ৰশিল্পীসকলৰ উমৈহতীয়া মঞ্চ ‘বাটৰ কেনভাছ’-ৰ কাৰ্যবাহী সম্পাদকৰ
দায়িত্বত থকা কল্যাণ চিত্ৰশিল্পীৰ উপৰি
কুইজমাষ্টৰ আৰু কবি হিচাপেও পৰিচিত।

ভৱিষ্যতে এখন চিত্ৰকলাৰ
বিদ্যালয় আৰম্ভ কৰাৰ হেঁপাহ পুহি ৰখা কল্যাণ বৰ্তমান ভেৰগাঁও উচ্চ বিদ্যাপীঠ আৰু
খৈৰাবাৰী ফাইন আৰ্ট একাডেমিত শিক্ষক হিচাপে কৰ্মৰত।

চিত্ৰশিল্পী ৰাজু দাস
![]() |
| ৰাজু দাস |
সাম্প্ৰতিক সময়ত চিত্ৰশিল্পক
এক নতুন ৰূপ দিবলৈ অহৰহ প্ৰচেষ্টা চলাই অহা শিল্পীসকলৰ ভিতৰত এজন অন্যতম শিল্পী হ’ল ৰাজু দাস। লখিমপুৰ জিলাৰ
কপহুৱাত ১৯৭৯ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে জন্ম লাভ কৰা ৰাজুৰ ছবিসমূহৰ মূল বিষয়বস্তু হ’ল নাৰী আৰু নাৰীমন।

| ৰাজু দাসৰ চিত্ৰকৰ্ম |
ৰাজুৰ ছবিসমূহত ফুটি উঠে
নাৰীমনৰ দুখ-বেদনা তথা জীৱন। ৰাজুৱে ছবিৰ মাজেদিয়েই উপলব্ধি কৰিব বিচাৰে নাৰীৰ মনস্তত্ত্ব, তেওঁলোকৰ জীৱন ধাৰণৰ কৌশল।

প্ৰথম অৱস্থাত
চিত্ৰশিল্প তেওঁৰ মাথোঁ চখহে আছিল যদিও
পাছলৈ ই নিচা আৰু পেছালৈ সলনি হয়। ৰাজুৱে অনুভৱ কৰে যে কলা কেৱল কলাৰ বাবে নহয়৷ ই সমাজৰ বাবে হোৱা
উচিত। সেয়েহে তেওঁ তেওঁৰ ছবিসমূহ সকলোৰে বোধগম্য হোৱাকৈ অংকন কৰিবলৈ চেষ্টা কৰে।
দুৰ্বোধ্যতা তেখেতৰ ছবিৰ বিষয়বস্তু হোৱাটো তেওঁ নিবিচাৰে যদিও ছবিসমূহ অতি সহজ
হোৱাটোও তেওঁ নিবিচাৰে। অতি সহজ ছবিয়ে চিত্ৰশিল্পৰ শৈল্পিক গুণ নাইকিয়া কৰে। আমি সদায় দেখি থকা
ঘটনা–প্ৰৱাহেই চিত্ৰশিল্পত ৰং–তুলিকাৰে অন্য এক
বিশেষ ৰূপত উপস্থাপন কৰা হয়,
ফলস্বৰূপে
তেনে শিল্পই পূৰ্ণতা পায় আৰু দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

ৰাজুৰ ছবিসমূহৰ ভিতৰত
কেইখনমান উল্লেখযোগ্য ছবি হ’ল ‘এক্সপেডিশ্যন’, ‘হ’প’, ‘এক্সপেডিশ্যন এট নাইট’, ‘দ্য গেইম’, ‘দ্য ৰ’প’ ইত্যাদি।

‘এক্সপেডিশ্যন’ ছবিখনৰ জৰিয়তে তেওঁ
নাৰীমনৰ অভিমানক তুলি ধৰিবলৈ চেষ্টা কৰিছে।

‘এক্সপেডিশ্যন এট নাইট’ শীৰ্ষক ছবিখনত তেওঁ
এগৰাকী নাৰীৰ স্বাধীন মনস্তত্ত্বৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰিছে।

‘দ্য গেইম’ ছবিখনৰ জৰিয়তে তেওঁ
পৃথিৱীৰ প্ৰতিটো বস্তুৱেই যে অস্থায়ী, সেই কথাৰ লগতে ইয়াৰ মোহত বন্দী হৈ পাৰ কৰা
আমাৰ জীৱনটোক সুন্দৰ ৰূপত তুলি ধৰিছে।

একেদৰে তেখেতৰ প্ৰায়বোৰ ছবিয়ে
নাৰীমনৰ আশা–আকাংক্ষাক
নিটোল ৰূপত তুলি ধৰা দেখা গৈছে।
নাৰীমনৰ আশা–আকাংক্ষাক
নিটোল ৰূপত তুলি ধৰা দেখা গৈছে।
ৰাজুৰ ছবিৰ এনেবোৰ অগতানুগতিক
দিশে দৰ্শকক তেখেতৰ ছবিৰ কাষ চপাই আনিবলৈ সক্ষম হৈছে।

২০০০ চনত তেখেতৰ একান্ত
প্ৰচেষ্টাতে পানীগাঁৱত স্থাপন হয় চিত্ৰকলাৰ বিদ্যালয় শংকৰদেৱ ফাইন আৰ্ট একাডেমি। তাৰ পাছতে তেখেতৰ
প্ৰচেষ্টাতে শিশুসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ লগতে চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত কৰাৰ
উদ্দেশ্যে প্ৰাণ পায় চিত্ৰশিল্পৰ অন্য এটি অনুষ্ঠান ‘ৰামধেনু’৷ গ্ৰামাঞ্চলৰ
শিশুসকলক চিত্ৰশিল্পৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ উপৰি শিশুচিত্ৰ প্ৰদৰ্শনী আয়োজন কৰি
ইতিমধ্যে চিত্ৰকলাৰ ক্ষেত্ৰখনত এক সুকীয়া পৰিচয় লাভ কৰিছে ‘ৰামধেনু’-এ।

পানীগাঁৱৰ প্ৰগতি সংঘত ২০০৩
চনত প্ৰথমবাৰৰ বাবে চিত্ৰপ্ৰদৰ্শনীত অংশ লোৱা ৰাজুৱে এতিয়ালৈকে ৭ খন ছবি বিষয়ক
গ্ৰন্থ আৰু এখন যাদু বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰি অসমৰ বিভিন্ন স্থানত
চিত্ৰপ্ৰদৰ্শনীত অংশ লৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
চনত প্ৰথমবাৰৰ বাবে চিত্ৰপ্ৰদৰ্শনীত অংশ লোৱা ৰাজুৱে এতিয়ালৈকে ৭ খন ছবি বিষয়ক
গ্ৰন্থ আৰু এখন যাদু বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰি অসমৰ বিভিন্ন স্থানত
চিত্ৰপ্ৰদৰ্শনীত অংশ লৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
![]() |
| ৰাজু দাসৰ চিত্ৰকৰ্ম |
ইতিমধ্যে ৰাজুৱে বিভিন্ন
কাব্যসংকলন, স্মৃতিগ্ৰন্থ আদিৰ
বেটুপাত অংকন কৰাৰ উপৰি জিতুমণি নেওগ সম্পাদিত আলোচনী ‘ন’-ৰ সহকাৰী কলা সম্পাদকৰ দায়িত্বতো আছিল। ছবিৰ উপৰি
মাজে–সময়ে
তেওঁ সাহিত্য চৰ্চাও কৰে। তাৰ উপৰি তেখেতে বিভিন্ন স্থানত যাদু প্ৰদৰ্শনো কৰিছে।

অসমৰ চিত্ৰশিল্পীসকলৰ
উমৈহতীয়া মঞ্চ ‘বাটৰ
কেনভাছ’-ৰ সক্ৰিয় সদস্য ৰাজু দাস বৰ্তমান
শংকৰদেৱ শিশু নিকেতন হৰিপুৰ,
বছাগাঁৱত কৰ্মৰত।

লেখকৰ যোগাযোগ ঠিকনা:
ভ্ৰাম্যভাষ: ৮৭২১৮৯৪২৮৭