পুৰণি পুখুৰীৰ কথকতা

গীতিমণি গোস্বামী (বৰঠাকুৰ)


স্থিৰ পুঙাত দৃষ্টি বন্ধা তেওঁৰ।
দুপৰৰ নিৰ্জনতা
কেয়োকাষৰ শুকান পথাৰকেইখনৰ ৰিক্ততা, মূৰৰ ওপৰৰ আকাশখনৰ স্তব্ধতা আটাইবোৰ যেন দোঁ খাই পৰিছেহি দুলি থকা বৰশীৰ পুঙাটোত।
জঁপিয়াই থকা শালিকীকেইটা বতাহত বিয়পি থকা চিনা
কি-অচিনাকি গছ-ফুলৰ সুবাস, মাকৰ ওহাৰ চুপি থকা ছাগলীপোৱালিকেইটা… একোৱেই চুব পৰা
নাই তেওঁক। বৰশী টোপাই থাকি তেওঁ কি কথা ভাবে
মাছবোৰৰ কথা, পুখুৰীৰ কথা নে নিজৰ কথা?
সেই বয়সত তাই একো বুজিব নোৱাৰিছিল।
বেলজোপাৰ ওখ ঢিপত বহি তাই
মাথোঁ নিৰ্জনতা নামৰ শব্দটোৰ লগত প্ৰথম চিনাকি হৈছিল।
ভৰিৰ পৰা মূৰলৈকে চিজিল ৰঙচুৱা
হাত-ভৰিৰ আদহীয়া মানুহজন আহিলে তাইৰ কিবা এটা ভাল লাগিছিল।
বেক্‌ব্ৰাছ্‌ কৰা ডাঠ চুলি একোছা কাণৰ
কাষত সোণালী বৰণৰ দুই
এডাল চুলিইস্ত্ৰি কৰা পৰিষ্কাৰ সাজৰ পঞ্চাছৰ ঊর্ধ্বৰ কম কথা কোৱা ভদ্ৰলোক।
আচলতে মানুহজনতকৈ অধিক আকৰ্ষণীয় আছিল চাইকেলত ওলোমাই অনা খাকী ৰঙৰ পেকেটটো আৰু তাত
বিৰিঙি থকা তেলখিনি। খাকী পেকেটটো তাইৰ পিনে আগ ব
ঢ়াই দি জেওৰাত ওলোমাই থকা বৰশীটো
লৈ তেওঁ ঢাপলি মেলিছিল সমুখৰ পুৰণি পুখুৰীৰ বেলগছজোপাৰ তললৈ। আটা
টোপ, কেঁচুটোপ যোগান ধৰাৰ দায়িত্ব
তাই বৰ নিষ্ঠাৰে পালন কৰিছিল। তাৰ পাছত তেওঁ গোটেইবোৰ নিৰ্জনতা গাত সা
টি বৰশী টোপাই বহি ৰৈছিল
ঘণ্টাৰ পাছত ঘণ্টা। তাই কিবা এটা ক
ব খুজিলেও চুপ হৈ থকাৰ ইংগিত দিছিল। বৰশীত মাছ লগা তাই কাহানিও দেখা নাছিল। ঘণ্টাৰ
পাছত ঘণ্টা এনেয়ে বৰশী টোপাই বহি থাকি
শুদা হাতেৰে তেওঁ ঘৰলৈ বাট পোনাইছিল। এটা ডাঙৰ মাছৰ বাবে যুঁজি
থাকিবল
গীয়া ল বুলি তেওঁ সদায় শুনাইছিল।
মানুহজন তাইৰ মাকৰ সম্বন্ধীয় ককায়েক।
পৰিয়াল বুলিবলৈ নাই। ককায়েকৰ লগতে থাকে। চাকৰিও কৰিছিল
, পিছে ৰাখি খাব নোৱাৰিলে। বহু বছৰ নিজানেনিতালে থাকি তিনিআলিত
গুমটি দোকান এখন খুলিছিল। তেনেবোৰ দিনত তেওঁৰ মুখত আখৈ ফুটাদি ফুটিছিল কেৱল দোকানৰ
কথা
, বিক্ৰেতাৰ ভিৰত উশাহ লবলৈ সময় নোপোৱাৰ কথা, দোকানৰ ওচৰ-পাঁজৰৰ দোকানীবোৰৰ কথা, অনেক ঘটনাউপঘটনাৰ কথা। দীঘলীয়াকৈ
বহু দিন পুখুৰীপাৰৰ নিৰ্জনতাত বৰশীৰ টোপ যোগান ধৰাৰ কাম তাইৰো বন্ধ আছিল।
বহু মাহৰ পাছত  পুনৰ একে ৰূপত একেই লোভনীয় খাদ্যসম্ভাৰ হাতত লৈ
তেওঁ পুখুৰীপাৰত বৰশী টোপালেহি। একেই নিৰ্জনতা
, পুঙাত আবদ্ধ স্থিৰ চকু, একেই কাহানিও বৰশীত নুঠা মাছৰ লগত যুঁজ-বাগৰ।
গ্ৰীষ্মবন্ধৰ দুপৰীয়া এটা। শীতল
পাটী পাৰি জিৰাই আছিল সকলো ভাগে ভাগে। নামঘৰৰ বাটচ
ৰাত পিতাকে বিচনী এখনেৰে গা বিচি বিচি বহি আছিল। দুপৰীয়া তাইৰ
টোপনি নাহে। হাতত বিচনী এখন লৈ তাই বায়েক মামন
, কায়ে, মাকহঁতক এশবাৰ এশবাৰকৈ বিচি থাকে। তাই নোশোৱাৰ বাবে মাকৰো টোপনি
নাহে। যিহে অঘাইতং ছোৱালী। সমুখৰ ভৰা পুখুৰীটোক লৈ কিবা এটা শংকা সদায়েই মনত লাগি থাকে
তেওঁৰ।
ঘপহকৈ তেওঁ আহি ওলালেহি। গাটো
ঢাকি মাকো  পাটীৰ পৰা  উঠি আহিল। নানা কথা
মামলা-মোকৰ্দমা, ৰ্ট-কছাৰী…
তাই বুজি নাপালে। শুবল
গীয়া নোহোৱা বাবে ৰক্ষাহে পালে তাই। খাকী পেকেটটো হাতত লৈ তাই প্ৰাণ
ভৰি শুঙি চালে। কিছু সময়ৰ পাছত তেওঁ বায়েক মামন
বিচাৰি তাইৰ কোঠা পালেগৈ। ‘‘চাহ বনা মামন, যা চাহ বনা।’’ কেঁচা টোপনিৰ পৰা উঠিবলগীয়া হোৱাত মুখখন ওফোন্দাই
তাই পাকঘৰলৈ গ
ল। পিছে পিছে তেৱোঁ সোমাই  ল। গুণগুণাই  গান এটা গাই  কিছু সময়ৰ পাছত তায়ো পাকঘৰ পালেগৈ। আশ্চৰ্যকৰ! তাইৰ
চকু শিল হৈ পৰিল। তেওঁৰ বাহুৰ মাজত
টফটাই আছে তাইৰ বায়েক মামন। তেওঁৰ হাতখনে পিতপিতাই ফুৰিছে বায়েকৰ
অস্পৰ্শীয় অঞ্চলবোৰত। চিঞৰ এটা মাৰিব খুজিও তাই ৰৈ গ
ল। কিবা এক নুবুজা বিষাদত তাই উচুপি উঠিল সন্তৰ্পণে। ৰৈ গল তাইৰ কোমল শৈশৱ এক জটিল আঁক-বাক
হৈ।
কিছু মাহ ধৰি তেওঁৰ দেখাদেখি নাই।
সিদিনাখনৰ পৰা বায়েক মামন তাইৰ আগত অসহজ
, অপ্ৰস্তুত। অসহায় বোবা চাৱনিৰ বায়েক। অজস্ৰ কথা, অনেক প্ৰশ্নৰ উথপথপে তাইৰো কোমলমতীয়া মনৰ চঞ্চলতাক ধীমান কৰি তুলিলে। আকৌ
এবাৰ আঘো
মহীয়া
ন-খোৱা ৰাতি হাতত খাকী টোপোলা এটা হাতত লৈ তেওঁ ওলালেহি। আনন্দৰ ঠাইত ভয় আৰু শংকাত
তাই কঁপি উঠিল। বাহিৰত ধৰা জুইকুৰাৰ ওচৰত অতিথিসকলে কথাৰ মহলা মাৰিছিল। তাই সেইবোৰ
কথাৰ ভাগ নল
লেগৈ।
খাকী ৰঙৰ পেকেটবোৰ আৰু আটাৰ টোপ দুয়োটা মিলি এখন ছবি হৈ তাইৰ চকুত ওলমি থাকিল। বৰশী
পাতি তেওঁ বহি থাকক অনন্ত কাল। নাহক নাহক কোৱাৰি ফাটি তেজ বিৰিঙি থকা কাৱৈ
, বগাপুঠি। ধপ্‌ধপাই মৰিবলৈ বৰশীত নালাগক।
এসোঁতা উষ্ণ চকুলো তাইৰ ভিতৰখনত বৈ থাকিল।
সেই ৰাতি বাঁহৰ দুৱাৰখন প্ৰয়োজনতকৈ
টানকৈ সযতনে মাৰিলে বায়েকে। জ্বলাই থোৱা লেম্পৰ পোহৰে চকুত ধৰিলেও তাই নকমালে। জটিল
জটিল গধুৰ গধুৰ যেন সেই ৰাতি। বায়েক আৰু মাকৰ নাক বজাৰ শব্দ তাই শুনিলে। তাইৰ টোপনি
নাহিল।
হঠাৎ লেম্পৰ অনুজ্জ্বল পোহৰত কিবা
এক ছায়া কিবা এক স্পৰ্শ আঁঠুৱাৰ বাহিৰৰ পৰা…। হয় হয় এক অচিনা
কি নিলাজ কুৎসিৎ গোন্ধ। চকুকেইটা
মুদি তাই চিঞৰি দিলে। ভূত! ভূতে হাত-ভৰি মৰা
অভিনয় কৰিলে। মাক-বায়েকো উঠি বহিল।
প্ৰকৃতিস্থ হৈ মনে সজা সপোনৰ বৰ্ণনা দাঙি ধৰিলে তাই। মাটিত পৰি থকা বাঁহৰ দুৱাৰৰ শলখাডাল
আঁটি আঁটি মাৰি লৈ পুনৰ বি
নাত উঠিল তাই। টোপনি নাই তাইৰ। কিবা এক ভয়ে তাইৰ চঞ্চল বহিঃসত্তাত
প্ৰচণ্ড কঁপনি তুলিলে। বাহ্যিক সৰলৰৈখিক জীৱনৰ সুতিঁয়েই যেন সলাই দিলে অচিনাকি কিবা
এটাই। খং আৰু বিদ্ৰোহৰ অন্তৰ্দাহী শিখাই  তাইৰ
ভিতৰৰ বহু কোমল অংশকে যেন পুৰি নিলে।
দীঘলীয়া বছৰবোৰ তড়িৎ গতিত পাৰ
হৈ গ
ল। সলনি হল অনেক দৃশ্যপট। পদূলিৰ যিটো  বাটেৰে এদিন শুভাকাংক্ষীসকলৰ শুভভকামনা আৰু মন্ত্ৰধ্বনিৰে
মুখৰ দোকমোকালি এটাত তাই
অৰিন্দম নামৰ মানুহটোক আপোন কৰি লৈছিল
, সেই একে বাটেৰেই থৰ হৈ উভতি আহিছিল পুৰণি পুখুৰীপাৰৰ ঘৰখনলৈ।
মাজত মাত্ৰ তিনিটা বছৰ। গেলা মাছৰ দৰে স্বপ্নহীন চকুৰে আৰম্ভ হৈছিল একাকী অন্য এক জীৱন।
ব্যস্ত পৃথিৱীত থাউনিহীনতা
,
নিৰাপত্তাহীনতা, নিঃসংগতা, নীৰৱতাৰ ভাবৰাজ্যত নিৰন্তৰ চলন তাইৰ।
সাৰথি মাথোন দুবছৰীয়া পুত্ৰ অয়ন।
খেয়ালী মানুহ অৰিন্দম প্ৰচণ্ড
অভিমানীও। তথাপি তাৰ মাজত লুকাই থকা স্নেহখিনি তাই কুৰুকি কুৰুকি খান্দিছিল। জেদ আৰু
অভিমানৰ তুলাচনীত তাইৰ সমমৰ্মিতাৰ সমতা একেবাৰেই ৰক্ষা নহ
ল।। অৰিন্দমক বুজি বুজিও এদিন তাইৰ নুবুজা সাঁথৰ যেন লাগিল।
চূৰ্ণাকৃত এখন আইনাত
¸ ফাট মেলা পথাৰৰ বিৰোধেৰে
বাঢ়িছিল অপ্ৰীতিৰ বেৰ। পাৰ্থক্যৰ সীমাহীন বিস্তৃতিয়ে সংকোচনৰ নামেই নলৈছিল। অৱশেষত
পিতৃ-মাতৃহীন ঘৰখনলৈ প্ৰত্যাগমনৰ গত্যন্তৰ নাছিল তাইৰ।
পুৰণি পুখুৰীৰ ঘৰখন নিজাননিতাল। এহাল ৰখীয়াৰ হাতত
দায়িত্ব দি ককায়েক দূৰণিত কৰ্মৰত। অযত্নপালিত ঘৰ-দুৱাৰ। ভাগৰুৱা গধুৰ জীৱনটোক টানি
আঁজুৰি তাই আকৌ তাত প্ৰোথিত
কৰিলে। বাঢ়োঁ-নাবাঢ়োঁকৈ বঢ়া গছপুলিৰ দৰে তাই মাথোঁ থিয় দি থাকিল। দ্বন্দ্ব
, বিৰোধৰ এখন কুৰুক্ষেত্ৰ নিজৰ ভিতৰত যেন।
দীঘলীয়া বছৰৰ যোগাযোগহীন অৰিন্দম
হঠাৎ এদিন তাইৰ দুৱাৰৰ দলিত। চকুহাল উঠায়েই নাচালে তাই। অয়নৰ লগত ধেমালি-ধুমুলা কৰি
অহা বাটেৰে গুচি গ
ল অৰিন্দম। পুনৰ এদিন
একেদৰেই একে ঠাইতে একে সীমাতে আহিল
, বহিল, ল। তাৰ পাছত হঠাৎ এদিন দুপৰ বেলা
হাতত খাকী পেকেট এটা লৈ তাই শোৱ
নি কোঠালৈ সোমাই আহিল অৰিন্দম। জিকাৰ খাই উঠি বহিল তাই বিনাৰ পৰা। ভয়াৰ্ত দৃষ্টিৰে
তাই মাথোঁ চাই থাকিল খাকী পেকেটটোৰ ভিতৰত তেল বিৰিঙি থকা খাদ্যসম্ভাৰ। খাকী পেকেট…
খাকী পেকেট। হাতখন শিল হৈ যাব যেন তাইৰ। শিল হৈ পৰিল তাই যেতিয়া অৰিন্দমে কোলাত অয়নক
লৈ পুৰণি পুখুৰীৰ পাৰত বৰশী এটা লৈ বহিলগৈ। চটপ্ চট
প্‌কৈ  বৰশীত বগা পুঠিমাছবোৰ উঠি আহিল। ধপ্‌পাই থকা মাছবোৰক মোহাৰিপিটিকি অয়নে খেলিবলৈ ধৰিলে।
পাকঘৰৰ চুক এটাত গোট খাবলৈ ধৰিলে
খাকী পেকেটৰ সংখ্যা। নোখোলা পেকেট পৰুৱাৰ লানি এটা লগাত এদিন চুৱাপাতনিলৈ দলিয়াই দিলে
তাই।
শৈশৱৰ মধুৰ স্মৃতিক দাহ কৰি অধিক
পূৰঠ আৰু আত্মসচেতন কৰি তোলা সেই পঞ্চাছো
ৰ্ধ্বৰ ব্যক্তি আৰু তাইৰ সন্তানৰ পিতৃ
অৰিন্দম ক
ৰবাত যেন একাকাৰ হৈ যাব
খুজিছে। আত্মসমৰ্পণৰ মধুৰ
ন্দ্ৰজালিক স্বপ্নময় মোগ্ৰস্ততাৰ ঠাইত যেন ভীতি আৰু দ্বিধাৰ
ডাৱৰ তাইৰ মন আকাশত। ক
ৰবাত যেন মিলি গৈছে চল্লিছ
বছৰৰ আগৰ খাকী পেকেটৰ
ইংগিতময়তা। মঙহৰ বেহাত যেন টফটাই ফুৰিছে তাইৰ ভাবকোমল প্ৰাণৰ
কাতৰতা।
হঠাৎ কি জানো হল তাইৰ। বিনাৰ পৰা উঠিলেই মূৰটো
আচ
ন্দ্ৰাই কৰা হল। ৰখীয়াহালে আলপৈচান ধৰিলে। হুৰমূৰকৈ আহি অৰিন্দমো তাইৰ
বি
নাৰ কাষত বহিলহি। সৰ্‌ ৰ্‌কৈ‍চকুপানী সৰিছে চকুৰ পৰা
তাৰ। খুন্দ খাই থকা দ্বিধাগ্ৰস্ততাৰ শিলবোৰে খহি পৰিছে তাইৰো। চকুত চকু থৈ তাই অৰিন্দমক
পঢ়ি চালে। নহয় নহয়। সুযোগসন্ধানী চিকাৰী নহয় তেওঁ। শৈশৱক গধুৰ কৰা খাকী পেকেটৰ গৰাকী
নহয় তেওঁ। জীৱনযুদ্ধত আউল লগা অথবা সময়ৰ জঁট ভাঙিব খোজা এজন ভাগৰুৱা। সাঁচতীয়া কিছু
দৰদ বুকুৰ পৰা নামি আহি তাইৰ হাত পালেহি। স্নেহভৰা হাতখনেৰে তাই অৰিন্দমৰ হাতখন চুই
চালে। উষ্ণ
, বলিষ্ঠ, নিৰাপদ।