মাস্ক্: এক প্ৰেমকথা

নৱজিৎ চেলেং

আজি প্ৰায় বত্ৰিছ বছৰৰ পাছত
মই প্ৰভাৱতীৰ মুখামুখি হৈছোঁ। প্ৰায় নহয়
, বছৰৰ হিচাপত সম্পূৰ্ণ বত্ৰিছ বছৰেই হল। মই মনতে গণি চালোঁ। মানে… ইমানখিনি সময়ত আমাৰ তৃতীয়
প্ৰজন্মই এই পৃথিৱীত খোজ দিব পৰাকৈ মাজত আৰু এছোৱা দীঘলীয়া সময়!
নাই, মই শিয়ৰি উঠা নাই। সময় অথবা বয়সৰ জোখটোৱে মোক শিহৰিত কৰি
তোলা নাই। হয়তো ইও বাঢ়ি অহা বয়স আৰু গৰকি যোৱা অভিজ্ঞতাৰে নামমাত্ৰ সংকেত। সকলো
যেন একে

আছে
, নতুন বুলি যেন একো
কথাই নাই এই দুনিয়াত! ঠিক তেনেকুৱা এক স্থ
ৱিৰ ধাৰণাৰ বাহিৰে এই বয়সত হয়তো
আন একো নাথাকে। হয়তো এটা বয়সৰ পাছত শাৰীৰিক বিকাশৰ দৰে মানুহৰ মনোবিকাশো ৰৈ যায়।
এই ধৰক পঁচিছ
, ত্ৰিছ অথবা পঁয়ষষ্ঠি।
আৰু আজি বছৰ হিচাপে সম্পূৰ্ণ বত্ৰিছটা বছৰৰ পাছত মই প্ৰভাৱতীৰ
মুখামুখি হৈছোঁ।
প্ৰভাৱতীৰ ঘৰৰ পৰ্দা ঠেলি সোমাই যাওঁতে
প্ৰভাৱতী চ
ৰাঘৰতে প্লাষ্টিকৰ
চকী এখনত বহি আছিল। মই কোনো ধৰণৰ আনুষ্ঠানিকতা ৰক্ষা নকৰাকৈয়ে
এই ধৰক মেল খাই থকা দুৱাৰৰ
পেলা এটাত দুটামান আঙুলিৰ টোকৰ অথবা
ঘৰত কোনোবা আছেনেজাতীয় সৌজন্যসূচক
ইংগিত নিদিয়াকৈ পোনছাটেই বাৰান্দা সংলগ্ন কোঠাটোৰ সেউজীয়া পৰ্দাখন ঠেলি দিলোঁ।
এইখিনিতে হয়তো আকৌ এবাৰ ঘটনাটোত একো নতুনত্ব নাই যেন লাগিল মোৰ। যেন বত্ৰিছ বছৰৰ
আগৰ এটা অতি চিনা
কি দিন এইটোও।
প্ৰভাৱতীৰ ঘৰলৈ সোমাই যোৱা
দীঘল
, লুংলুঙীয়া বাটটোতো
মোৰ বাবে কোনো নতুনত্ব ৰৈ থকা নাছিল। মাথোন আগৰ সমান বাটৰ দাঁতিত জোপোহাবোৰ নাই।
টকৌ গছবোৰ আগৰ দৰেই শাৰী শাৰীকৈ থিয় দি আছে। এই গছবোৰৰ বয়স কিমান হ
ল বাৰু এতিয়া? মই নিজকে এবাৰো সুধি চোৱা
নাছিলোঁ। নিজৰ বয়সৰে হিচাপ নৰখা বয়সত গছৰ বয়স
? যেন এক খাপচাৰা প্ৰশ্ন। হয়তো সেই ভাবটো মোৰ অৱচেতনত আছিল বাবেই
মই খোকোজা লাগি ক্ষণিক ৰৈ যোৱা নাছিলোঁ। ৰৈ যোৱা নাছিলোঁ এটা দীঘলীয়া পদূলিৰ খৰাঙে
অলপ সেউজীয়া আৰু অলপ মুগাৰে চেলেকা
চুবুৰা কৰা ঘাঁহনিৰ বুকুত। ঘাঁহবোৰে দীঘল সময়ৰ সাঁচ ধৰি ৰাখিব
নোৱাৰে। চিনি নাপায় পুৰণি ভৰিৰ একেজোখীয়া খোজবোৰো। ঘাঁহবোৰ যে নতুন নতুনকৈ গজে।
গজিয়ে থাকে। সেইফালৰ পৰা চালে গছবোৰতকৈ ঘাঁহবোৰ সুখী! নাই
, সেই কথাও জানো ভাবিছিলোঁ মই?
প্ৰভাৱতীয়ে মোক দেখি থত্‌ত্‌ খোৱা যেন লগা নাছিল
মোৰ। মাথোন
কোঁচত বহুৱাই লোৱা পিতলৰ ফুটা থকা খৰাহীটো কাঠৰ কৰ্নাৰ টেবুলখনত ৰাখিছিল। কটাৰীখন
তেতিয়াও হাততে আছিল। বহিবলৈ কোৱাৰ আগতেই মই কোঠাটোত থকা আন এখন প্লাষ্টিকৰ চকীত
লাহেকৈ বহিলোঁ। জোৰকৈ বহিলে জানোচা চকীৰ খু
ৰাকেইটাই মজিয়াৰ মাটি খান্দে। এই
কথাটোতো একো নতুনত্ব বিচাৰি নাপালোঁ মই।
কিবা কথা কোৱা বা শুনাৰ আগতেই
মই টেবুলত থোৱা খৰাহীটোলৈ এনেয়ে এবাৰ চালোঁ। ৰঙালা
ৰ এমুঠিমান ছিঙি অনা আগ। হয়তো
চোঁচ গুচাই আছিল। প্ৰায়বোৰ আগৰে চোঁচ গুচোৱা হৈছিল যেন লাগিল মোৰ। কাৰণ প্ৰভাৱতী
বহি থকা চকীখনৰ কাষত থকা চোঁচবোৰৰ সৰু দ
ম এটা মোৰ নজৰলৈ আহিল। এনেকুৱাও হব পাৰে যে প্ৰভাৱতীয়ে পিন্ধি থকা মেখেলাখনৰ আঁৰ হৈ থকা বাবে মই চোঁচখিনি দেখা
না
ছিলোঁ। আৰু হঠাৎ লৰচৰ
কৰিলত চোঁচখিনি
আপোনা-আপুনি মোৰ দৃষ্টিলৈ আহিল। এই কথাৰ পৰা মই আন এক কথাৰো স্পষ্টীকৰণ পালোঁ যে
মোৰ আকস্মিক প্ৰৱেশে প্ৰভাৱতীক থৰ কৰি পেলোৱা নাই। বত্ৰিছ বছৰৰ আগৰ এটা বিশেষ দিন
, নহলেবা তাৰো আগৰ অনেক বিশেষ দিনৰ স্মৃতিয়ে প্ৰভাৱতীকো উটুৱাই
লৈ যোৱা নাই ক
লৈকো। বত্ৰিছ বছৰত
নতুন নতুনকৈ বত্ৰিছখন কেলেণ্ডাৰ ওলমিছিলনে এই কোঠাটোৰ এখন বিশেষ বেৰত
? কেলেণ্ডাৰবোৰত কোনোবাই ৰঙা
চিয়াঁহিৰে পাহৰি যাব নলগা তাৰিখ একোটাৰ তলত দাগ কিছুমান দিছিলনে
? অথবা পুৰণি কেলেণ্ডাৰৰ ওপৰত
নতুন কেলেণ্ডাৰবোৰ জাপি দিওঁতে তলত কিমানখন পুৰণি ৰৈ গৈছে তাৰ হিচাপ ৰাখিছিলনে
কোনোবাই
? নাই, সেই কথাও মই ক্ষন্তেকতে ভবা
নাছিলোঁ।
এই মুহূৰ্তত এনেকৈ ভাবিব পাৰি
নেকি যে মই চকীখনত নিজে নিজে বহি থকাৰ পাছতো প্ৰভাৱতীয়ে মোক
বহকবুলি ক? মানে ভুলতে? ‘কি কম কি কৰিম
হৈ দেখি
থকা সত্য এটাৰ পৰা কিছু দূৰ আঁতৰি গৈ অকস্মাৎ কৰি পেলাব পৰা তেনেকুৱা কিবা ভুল এটা
?
নাই, প্ৰভাৱতীয়ে তেনেকুৱা একো ভুল কৰা নাই দেখোন। খুব সাৱধানেৰে
চকীখনত বহি থকাৰ পৰা প্ৰভাৱতী উঠিছিল। অলপ আগতে ঠিক মই চকীখনত বহাৰ দৰে। জানোচা
চকীখন লৰচৰ কৰিলে খান্দ খাই যায় মজিয়াৰ মাটি। মোৰ চকুহাল তেতিয়াও সমতলতে আছে।
উলম্ব হৈ উঠি যাব খোজা নাই আন দুটা চকুৰ সন্ধানত।
— ‘‘ৰ পৰা ওলালেহি হঠাৎ?’’
এই এষাৰ বাক্য প্ৰথম শুনিলোঁ
এইছোৱা সময়ত। হঠাৎ! হঠাৎ শব্দটোৰ ম্যাদ কিমান দিন
, কিমান মাহ অথবা কিমান বছৰৰ পাছতো তেনেকৈ নিজৰ জেগাত থাকি
যাব পাৰে
? স্বৰূপ সলনি
নোহোৱাকৈ। এটা বিশেষ দিন অথবা তাৰো আগৰ অনেক বিশেষ-অবিশেষ দিনৰ ভাল-বেয়া সামৰি
হঠাৎ শব্দটো হঠাতেই হৈ পৰিব পাৰেনে আকৌ এবাৰ হঠাৎ
? নাই,
সেইবোৰ একো
ভবা নাই মই। মই মাত্ৰ ক
লোঁ— ‘‘পিয়াহ লাগিছে মোৰ।’’ আৰু কিছু আচৰিতো হলোঁ। বত্ৰিছ বছৰৰ পাছত
প্ৰভাৱতীৰ সমুখত বহি মই  মোক
এগিলাচ পানী দিবা নেকিবুলি নকৈ পোনে পোনে  মোৰ পিয়াহ লাগিছে বুলি কলোঁ! তাৰ মানে কি? সঁচাই কি নতুনত্ব বুলি একো
নাই ক
তো? নে কথাবোৰো পানীৰ দৰেই।
গিলাচত থ
লে গিলাচৰ দৰে হয়, বাটিত থলে বাটিৰ দৰে।
প্ৰভাৱতী ভিতৰলৈ গল। তাই হয়তো ভাবিছে— মোৰ ডিঙিটো পিয়াহত একেবাৰে শুকাই গৈছে। সোনকালে
ডিঙিটো নিতিতিলে মোৰ অন্য কিবা হ
ব পাৰে। সেয়ে হয়তো…
আৰে
, তেনেকৈ নাভাবিবওতো পাৰে। মই
আকৌ এবাৰ ভাবিলোঁ। আৰু ভাবি
থাকোঁতেই মোৰ চকু এছিৰা পূৰঠ ধানত পৰিল। কোঠাটোৰ দুখন বেৰৰ সংযোগৰ
চুকটোত ওলমি আছে ধানৰ ছিৰাটো। তলত এখন ধূলি পৰি মদৰুৱা পৰা
লক্ষ্মীদেৱীৰ ফট। হয়তো সেই ছিৰা
পথাৰৰ আটাইতকৈ বেছি গুটি থকা ধান।
লখিমীকৰি ৰাখিছেহি ভিতৰত।
বে
ৰকেইখনৰ বাকীখিনি ঠাইত
কিছু দূৰে দূৰে আন দুখনমান ফট
। কাঠৰ ফ্ৰেমত বন্ধাই থোৱা। অলপ উৱলি যোৱা। দেখিলেই ধৰিব পাৰি ফটবোৰ যে পুৰণি। বত্ৰিছ
বছৰৰ পুৰণিনে
? নে তাৰো আগৰ? মই ঠিক মনত পেলাব পৰা নাই।
বত্ৰিছ বছৰ

আগতেও এনেকৈ উৰি থকাৰ দৰে এহাল চৰাই ওলমি আছিলনে বেৰখনত
? সূতা আৰু বেজীৰে জীউ পিন্ধাই দিয়া এহাল পাৰচৰাই। উৰি যোৱাৰ ভংগীত বন্দী হৈ থকা!
বাঁও হাতেৰে কোঠাটোৰ
আনখন পৰ্দা ঠেলি ঘূৰি আহিল প্ৰভাৱতী। হাতত এগিলাচ পানী। চিচাৰ গিলাচ। হয়তো বহু দিন
ব্যৱহাৰ নোহোৱা চিচাৰ গিলাচটো ধুই-মেলি পানী ভৰাই আনোতে প্ৰভাৱতীৰ কিছু সময় লাগিল।
কিমান সময়বা মই কোঠাটোৰ বে
ৰকেইখন আৰু বেৰকেইখনৰ ফটবোৰত ওলমি  আছিলোঁ।
দেখাত পুৰণি অথচ নতুনকৈ দেখিছোঁ যেন লগা ফট
বোৰত। কিমান দিন, মাহ অথবা বছৰ এহাল চৰাই এনেকৈ
উৰি যাওঁ উৰি যাওঁকৈ ৰৈ থাকিব পাৰে
? পাখি মেলি, মুখত কুটা লৈ। বত্ৰিছ, বাৱন…?
নাই, পানী গিলাচ লওঁতে মোৰ হাতখন কঁপা নাই। যেন চিচাৰ গিলাচ ধৰাত
তেনেই অভ্যস্ত এই হাত। অভ্যস্ত সেই হাতৰ পানীখোৱা গিলাচ ধৰাত
, যি হাতে বত্ৰিছ বছৰৰো বহু বছৰ
আগতে চিচাৰ গিলাচ এটা এই হাতত তুলি দিওঁতে সামান্য কঁপিছিল। কঁপনিটোত সামান্য লাজ
আৰু অকণমান ভয় মিহলি হৈ আছিল। নাই
, আজি তেনেকুৱা একো হোৱা নাই। নাই, বত্ৰিছ বছৰৰো বহু বছৰ আগতেই হেৰাই যোৱা কঁপনিটো আজি আকৌ ঘূৰি অহা নাই সেইখন
হাতলৈ। যেনেকৈ এইখন হাতে হেৰুওৱা নাই সেইখন হাতৰ গিলাচ তুলি লোৱাৰ অভ্যস্ততা।
প্ৰভাই চাহ একাপ কৰাৰ কথা
ভাবিছিল হয়তো। কিন্তু দুয়োৰে উশাহত ইমান শূন্যতা সোমাইছিল যে এটোপাল পানীৰ বাবেও
জেগা খালী নাছিল। তাতে আমাৰ দুয়োৰে মুখত একোখন মাস্ক্। অত্যন্তই প্ৰয়োজন নহ
লে নোখোলাকৈ ৰখা এই জীৱনত
নতুনকৈ সংযোজিত এখন বাধ্যতামূলক মাস্ক্। মোৰখন ক
লা। লাৱণ্যই ঘৰতে মেচিনত চিলাই দিয়া। আৰু প্ৰভাৰখন অলপ
হালধীয়াৰ নিচিনা।
এনেকৈ মাস্ক্ পিন্ধাটো এতিয়া
অত্যন্তই জৰুৰী হৈ পৰিছে। চৰকাৰে ইয়াৰ বিপৰীতে দণ্ডও ঘোষণা কৰিছে। চৌদিশে মহামা
ৰিৰ অৰাজক পায়চাৰী।
দীৰ্ঘদিন ধৰি চলিছে দেশত ল
ক্‌ডাউন্। বাট-পথ শূন্য। একেবাৰে জৰুৰী নহলে কোনো কলৈকো ওলাব নোৱাৰে। পৰিৱেশত
এতিয়া অক্সিজেনতকৈ সংশয় আৰু শংকা বেছি। আৰু এই পৰিৱেশে মোক অসম আন্দোলনৰ সেই
দিনবোৰলৈ উভতি চোৱাৰ বাট এটাহে যেন কাটি দিলে।
ৰাতি ৰাতি কিমানবাৰ সূৰ্যহীন
পুৱাৰ সপোন দেখি হাবিয়ে-বননিয়ে পাৰ কৰিছিলোঁ আমি
, ছাত্ৰ সমাজে। মৃত্যুলৈ ভয় নোপজা এঙামুৰি দিয়া বুকুবোৰত
অহৈতুকী বিলাসৰ দৰে আছিল প্ৰেম। তাৰ পাছতো কোনোবা ৰাতি প্ৰভাৱতীৰ ঘৰৰ দুৱাৰত সশব্দ
ঘা
কৰ দৰে পৰিছিল আঙুলিৰ
টোকৰ। উধাতু খাই ওলাই আহিছিল প্ৰভা। ভিতৰলৈ যাবলৈ বাট এৰি দি সন্তৰ্পণে লগাইছিল
দুৱাৰৰ খিলি। ভিতৰৰ মাতবোৰ হৈ পৰিছিল তেনেই অনুচ্চ। সমুখৰ মজিয়াত জ্বলি থকা
টিপচাকিৰ নিমাওমাও পোহৰত ছায়ামূৰ্তিৰ দৰে মুখবোৰ আৰু ডিঙি চেপি ওলাই অহা
ফুচফুচনিবোৰ গিলি থৈছিল বাহিৰৰ জিলি অথবা নিশাচৰ চৰাইৰ মাতে। দিনবোৰ ক্ৰমে ক্ৰমে
জটিল হৈ পৰিছিল। পোহৰে সকলো মায়া পুতি থৈছিল সংশয়ৰ বুকুত। ৰাতিবোৰ হৈ পৰিছিল
আন্ধাৰতকৈও বেছি নিচাখোৰ। পুলিচ-মিলিটে
ৰিৰ পৰা পলাই থকাটো এক প্ৰকাৰ লুকা-ভাকু খেল যেন। ক, কেতিয়া,
কাক, কেনেকৈ ধৰে কোনো ঠিকনা নাছিল।
নিজক গোপন কৰাৰ ঠিকনাবোৰ কমি আহিছিল। স্থায়ী বুলি এটা উশাহৰ বাদে একোৱেই নাছিল
আমাৰ বাবে। বুকুত অলপমান সাহস
,
টোপনিৰ
মুখ নেদেখা ৰঙা চকুত নাচি থকা কিছু সপোন আৰু … কি আছিল আমাৰ
?
প্ৰভাৱতীয়ে মোৰ ফাললৈকে চাই
আছিল। হয়তো সুধিব খুজিছিল—
‘‘কি ভাবি আছে আপুনি?’’ উত্তৰত কলোঁহেঁতেন নে— ‘‘সেই ৰাতিটোৰ কথাই ভাবি আছোঁ মই। যিটো ৰাতিৰ পাছত
পংগু হৈ গৈছিলা তুমি। যিটো ৰাতিৰ আন্ধাৰবোৰে এতিয়াও সামৰি ৰাখিছে তোমাক।
’’ লোঁহেঁতেন নে মই
‘‘
সেই
আন্ধাৰ মই পোহৰতো লৈ ফুৰিছোঁ
,
আজিও।
আজিও গোপনে ক
ৰবাত পোহৰ অলপ বিচাৰি
ফুৰোঁ মই। নহ
লেবা তুমিয়ে সেই
আন্ধাৰৰ বাটটো দেখুৱাই দিলা বুলি অলপমান সঁচা-মিছা অভিযোগ।
’’
 ‘‘কিয়, তুমিয়েইতো এৰাতি হাতত সাৰে ভৰিত সাৰে লাৱণ্যৰ ঘৰত থৈ আহিছিলাগৈ মোক। তোমাৰ মৰমৰ বান্ধৱীৰ
ঘৰত। গঁতাই থৈ আহিছিলা ৰাতিটো সুৰক্ষিত কৰি ৰখাৰ বাবে। তাৰ পাছত কত ৰাতি লাৱণ্যৰ
ঘৰত পাৰ কৰিব লগা হৈছিল। আন্দোলনে চোৰ সজোৱা ৰাতিবোৰ। ডকাইতৰ দৰে নহ
লেও প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ
সংকল্প লৈয়ে নামিছিলোঁ আন্দোলনটোত। আন্দোলনৰ লক্ষ্য এটা তেনেকৈ আন্দোলিত হ
ব পাৰে বুলি ভাবিছিলোঁ জানো মই? যেনেকৈ লৰিলে ব্যক্তিগত জীৱনো খহি
পৰিব পাৰে। পোহৰত তুমি লগ কৰিছিলাগৈ যদিও আন্ধাৰৰ কথাবোৰ তুমি জানিব খোজা নাছিলা।
আন্ধাৰতে যে মুখাবোৰ জন্মে সেই কথাও তুমি ভাবি চোৱা নাছিলা। ভাবিছিলানে এবাৰলেও
ৰাতি মানেই যে এখন ক
লা মাস্ক। মুখবোৰ
হেৰাই যায় য
ত।
লাৱণ্যই হয়তো কিছু ঈৰ্ষা পুহি
ৰাখিছিল তোমাৰ নামত। হয়তো সেই ঈৰ্ষাৰ জুইৰে ৰাতিবোৰ পোহৰ কৰিব খুজিছিল লাৱণ্যই।
আৰু মই চগা হৈ গ
লোঁ তাৰেই বেহুত।
লাহে লাহে তোমাৰ খবৰবোৰ মোৰ পৰা লাৱণ্যই লুকুৱাবলৈ ধৰিলে। মই এৰাতিৰ ভুলবোৰ
লুকুৱাবলৈ পিন্ধি ল
লোঁ এখন মাস্ক্।
জানো, তুমি ৰৈ আছিলা মোৰ বাবে। নিজান ৰাতি দুৱাৰত পৰিব লগা এটা
টোকৰৰ বাবে। এটা মাত্ৰ টোকৰ। কেতিয়াবা দুৱাৰৰ বাহিৰত। কেতিয়াবা মনৰ ভিতৰত। অথচ মোৰ
আঙুলিত তেতিয়ালৈ জোৰ নাছিল। হেৰুৱাই 
পেলাইছিলোঁ মই মনৰ জোৰো। দংশন কৰিছিল মোক আন্ধাৰৰ আঙুলিবোৰে। পোহৰে জাপি
দিছিল আত্মদংশনৰ বহুৰূপী হাত কিছুমান। জানো
, তুমি লাৱণ্যতকৈ মোক বিশ্বাস কৰিছিলা। সেয়ে ৰাতিবোৰৰ প্ৰতি
তোমাৰ কোনো ভয় নাছিল। তুমি কেৱল বন্দুক ফুটাৰ মাত শুনিছিলা। তুমি জনাই নাছিলা
অজ্ঞাতে যে আন্ধাৰত ফুটিছিল হিলৈ। কলিজা ফালি
ছিৰাছিৰ কৰিব পৰা হিলৈ! কাৰোবাৰ
জয়ৰ। কাৰোবাৰ পৰাজয়ৰ। আন্দোলনত
ঘুণীয়া নোহোৱাকৈ বাচি গৈছিলোঁ মই। হয়তো তোমাৰ প্ৰাৰ্থনাৰ
বাবে। লাৱণ্যৰ ওঁঠৰ উষ্ণতাত সেই প্ৰাৰ্থনাৰ শব্দ পোৱা নাছিলোঁ মই। আৰু এদিন
অসম চুক্তি’-ৰে আন্দোলন শেষ হৈছিল। শেষ
হৈছিল ৰাতিৰ মাস্ক্ এখনৰ ম্যাদ। লাৱণ্যৰ গৰ্ভত মোৰ তেজ আৰু মাংসৰ গোন্ধ সানি ফুলি
উঠিছিল অনাকাংক্ষিত ফুল এপাহ।
জানো, সেই ৰাতিৰ ফল হিচাপেই পোহৰত অৰণ্যৰ শত কাঁইটৰ মাজত ফুলি ৰবলগা হল তুমি। আৰু সেই বিশেষ ৰাতিয়ে
জোন আৰু তৰা গচকি লাৱণ্যক ঘৰ সুমুৱাবলৈ বাধ্য হৈছিলোঁ মই। সময়ৰ আহ্বান আছিল
সেয়া। 
জানো জানো, সময়ে তোমালৈ আৰু একো আহ্বান
নপঠিয়ালে সেই ৰাতিৰ পাছত। তোমাৰ বাবে সময় হৈ পৰিল বন্ধ ঘড়ীৰ দুডাল কাঁইট মাত্ৰ।
এডাল যদি বিশ্বাসঘাতক
, আনডাল বেইমান। এডাল যদি ছলনা, আনডাল চালক।
এই কথাও মই  জানো যে তাৰ পাছত জীৱন কেৱল গৈ থকা দুখন ভৰি হব পাৰে। ভাগৰুৱা, ভয়াতুৰ। জেদী অথচ দুৰ্বল। নহলেবা কিছু আক্ষৰিক সঞ্চালন। কোনো
এক লক্ষ্যৰ ৰাস্তালৈ উঠাটো অথবা নিজেই এক নিৰ্ধাৰিত ৰাস্তা হোৱাটো সহজ নহয়।
পি‍ছে‍ সেই কথা মইনো কাহানি
ম তোমাক। তোমাৰ বন্ধ ঘড়ীৰ
কাঁটাত মই নিখোজ। মোৰ চলি থকা সংসাৰত তুমি নি
ষ্প্ৰভ। জীৱনটোতো এনেকুৱা হোৱাৰ
কথা নাছিল। অথচ নভবাবোৰেই যে হৈ যায়। ভবাবোৰ যে ক
ত কত ৰৈ যায়। আৰু যদি…
যদি আমি নভবাকৈয়ে এদিন সঁচাকৈয়ে মুখামুখি হৈ যাওঁ
? … তেতিয়া?
আইনুৰ কান্দোনত মোৰ লক্‌ডাউন্ ভাগে। মঞ্চৰ এটা
কোণত মাকে তাইৰ মুখত ফিডিং বটলটো
গুঁজি দি টিকাত থপৰিয়াই আকৌ শুৱায়। আনটো কোণত এখন
আৰামী চকীত বহি থকা নিজক উদ্ধাৰ কৰোঁ মই। আজি অত দিনৰ মূৰত সাৰ পাই উঠা মোৰ অবৈধ
কেঁচুৱাটোক মই নিচুকাম নে জাগি থাকিবলৈ দিম তাকে ভাবি পাৰ পোৱা নাই। সঁচাই
পাৰাপাৰহীন এই দুনিয়া। সমুখত মোৰ পো-বোৱাৰী। বোৱাৰীৰ কোলাত পাঁচমহীয়া কেঁচুৱা।
কেঁচুৱাই কান্দিছে। কান্দিলেও কোনো কথা নাই। মাকে বুকুত
গুঁজি নোলোৱাকৈও শুৱাই থব জানে।  আৰু মই…
হাতত এখন বজাৰৰ লিষ্ট্ গুঁজি দি লাৱণ্য আকৌ
ভিতৰলৈ যায়। মই অত পৰে কুটি থকা আবেলিটোৰ ৰংটো চাওঁ এবাৰ। ঈষৎ হালধীয়া। ৰ
দৰ খবৰ লৈ অহা নে বাৰিষাৰ।
ধৰিবলৈ টান।
ভিতৰৰ পৰা উভতি অহা লাৱণ্যই
মোৰ এখন হাতত মোনা এটা দি আনখন হাতত মা
স্ক্‌খন আগ বঢ়াই দিওঁতে মই বজাৰৰ  লিষ্ট্‌খন চোলাৰ জেপত ভৰাবলৈ লওঁ। লাৱণ্যই মোলৈ বাট নাচাই নিজেই মাস্ক্‌খনৰ দুটা মূৰ মোৰ দুখন
কাণত সুমুৱাই দি কয়
— ‘‘খৰখেদা কৰক, ছয় বাজিবৰে হল দেখোন।’’

গল্পটোৰ শ্ৰব্য ৰূপ