শংকৰদেৱ বিৰচিত
অসমীয়া গদ্য ভাঙনি: আৰাধনা পটংগীয়া গোস্বামী
বনলতা: ৩০০ টকা, ডিচেম্বৰ ২০১৯
সঞ্জীৱ সভাপণ্ডিত
ধৰ্মৰ কিতাপ সমালোচনাৰ
বাহিৰৰ৷ ধৰ্ম বিশ্বাসৰ কথা৷ যুক্তি-তৰ্ক-বিশ্লেষণ আৰু বিজ্ঞান মনস্কতাই ধৰ্মৰ কথা
খণ্ডাবও নোৱাৰে আৰু বাহালো ৰাখিব নোৱাৰে৷

কিন্তু চৈতন্যদেৱ
বা গুৰু নানক বা শংকৰাচাৰ্যৰ দৰে আমি শংকৰদেৱক কেৱল ধৰ্মপ্ৰচাৰক বা ধৰ্মাচাৰ্য বুলি
লোৱা নাই৷ অসমত শংকৰদেৱৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্যিক স্থিতি আছে৷

শংকৰদেৱ প্ৰতিভাশালী
ব্যক্তি আছিল৷ সেয়ে তেওঁৰ সাহিত্যকৃতিত মূল কাহিনীত মৌলিকতা নাথাকিলেও অনুবাদত তেওঁ
সামাজিক সংবেদনশীলতাৰ পৰিচয় দিছিল৷ কীৰ্তন পুথিখনৰ বাহিৰে তেওঁৰ সকলো লেখাই অনুবাদ-সাহিত্যৰ
ভিতৰত পৰে৷

তেওঁৰ সংবেদনশীল
সৃষ্টিশীলতাই ৰাধাক অসমলৈ অনা নাছিল৷ কাৰণ, বয়সত কৃষ্ণতকৈ ডাঙৰ পৰভাৰ্যা ৰাধাই অসমৰ
জনজাতিপ্ৰধান সমাজত হয়তো এক অবাঞ্ছনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলেহেঁতেন৷ সেই পৰিস্থিতিয়ে
হয়তো তেওঁক এক সাংঘাতিক বিপদৰ ফালে ঠেলি নিলেহেঁতেন৷ কাৰণ, ইতিমধ্যে তেওঁ সেই সময়ৰ
শাসক ৰজাৰ কোপদৃষ্টিত পৰিছিলেই— ৰাজ্যত ৰজাৰ শাসনপ্ৰণালীৰ সমান্তৰালভাৱে অন্য এক মতবাদ
বা জীৱনশৈলী প্ৰচলন কৰাৰ বাবে৷

সেয়ে হয়তো তেওঁ
ৰাধাক বৃন্দাৱন-মথুৰাতে এৰি থৈ আহিলে— যথেষ্ট পৰিমাণে৷

ৰামায়ণৰ সীতাৰ ক্ষেত্ৰত
তেওঁ কিন্তু একেই সৃষ্টিশীলতা দেখুওৱা নাই; কাৰণ, ৰামায়ণত সীতাই ৰামচন্দ্ৰৰ এক অন্যায়
আদেশ নিজৰ কৰ্মফল বুলি মানি লৈছে৷ গতিকে অসমত ৰাধা বা সীতা কোনেও খোপনি পুতিব নোৱাৰিলে৷
থাকি গ’ল মাথোঁ শ্রীকৃষ্ণ বা ৰাম৷

মাধৱ কন্দলিয়ে আদি
কাণ্ড ৰামায়ণ ৰচনা কৰাৰ পাছত ৰামায়ণৰ কাম অসম্পূৰ্ণ হৈ আছিল৷ সেয়ে শংকৰদেৱে গুৰুৰ আধা
কৰা কাম পূৰা কৰিলে৷ এইটো এটা গুৰু-শিষ্য পৰম্পৰাৰ দায়বদ্ধতাৰ চিনাকি৷

ভাতবৰ্ষৰ বিভিন্ন
ঠাইত বিভিন্ন ৰামায়ণ প্ৰচলিত৷ ক’ৰবাত যদি ৰাৱণ খলনায়ক, ক’ৰবাত ৰাৱণ হ’ল ৰামভক্ত পণ্ডিত৷
ক’ৰবাত যদি ৰাম দেৱতা, ক’ৰবাত ৰাম সাধাৰণ মানুহ; ক’ৰবাত যদি সীতা সতী, ক’ৰবাত তেওঁ
এগৰাকী যুঁজাৰু বীৰাংগনা৷ মামনি ৰয়চম গোস্বামীয়ে আৱিষ্কাৰ কৰা কাৰ্বি ৰামায়ণত সীতা
এগৰাকী গাঁৱলীয়া ছোৱালী৷

গতিকে মূলতঃ ভক্তিৰসত
নিমজ্জিত শংকৰদেৱে তেওঁৰ ভক্তি সাহিত্যত কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তন কৰা নাই৷ হয়তো
তেওঁ মানুহজনেই শান্ত-সমাহিত এনে ধৰণৰ আছিল যে সময়তকৈ তেওঁ বেছি আগুৱাই যাব খোজা নাছিল৷
বা হয়তো এনে হ’ব পাৰে যে যিখিনি কাহিনী যেনেকৈ যিমানখিনিলৈকে ক’লে তেওঁৰ ভক্তিধৰ্মৰ
গ্ৰহণযোগ্যতা বৰ্তি ৰয় বা তেওঁৰ উদ্দেশ্য সফল হয়, তাতকৈ তেওঁ বেছি কৰিবলৈ বিচৰা নাছিল৷

কাহিনীৰ কথালৈ নগৈ
আমি যদি কেৱল তেওঁৰ ৰচনাৰ সাহিত্যিক দিশটোলৈ চকু দিওঁ, তেন্তে আটাইতকৈ বেছি চকুত পৰা
দিশটো হ’ল— শব্দভাণ্ডাৰৰ বিস্তৃতিৰ উপৰি শব্দৰ সৰলতা, যিটো কথাৰ কাৰণে তেওঁ তদানীন্তন
অসমৰ সমাজৰ বৌদ্ধিক মনবিলাকত আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল৷

এইটো জনা কথা যে
মাধৱ কন্দলিৰ টোলতে তেওঁ সংস্কৃতত পণ্ডিত হৈ পৰিছিল৷ কিন্তু সংস্কৃত সাধাৰণ মানুহৰ
বোধগম্য নাছিল৷ সংস্কৃত দেৱভাষা বুলি আৰু তাৰ দুৰ্বোধ্যতাৰ সুবিধা লৈ সেই সময়ৰ ব্ৰাহ্মণসকলে
অসমত নিজৰ গুৰুত্ব বঢ়াইছিল৷ শাসকে সদায় গুণী-জ্ঞানী ব্যক্তিক নিজৰ ওচৰত ৰাখিবলৈ বিচাৰে—
শাসনৰ সুবিধাৰ বাবে৷ এই অৱস্থান পৰস্পৰে পৰস্পৰৰ বাবে সুবিধাজনক৷ উভয়ৰে স্বাৰ্থত পৰিশেষত
ৰাজকাৰ্য পৰিচালিত হয়৷

শংকৰদেৱ নিজেই শাসক
শ্ৰেণীৰ মানুহ আছিল— মাটিগিৰি ভূঞা৷ কিন্তু তেওঁ শাসকৰ ৰাজদণ্ডডাল ল’বলৈ বিচৰা নাছিল৷
ইয়াৰ দুটা কাৰণ হ’ব পাৰে৷ প্ৰথমটো হ’ল— তেওঁলোকৰ পৰিয়ালৰ বিশেষ কোনো সামৰিক ক্ষমতা
নাছিল৷ থকা হ’লে তেওঁলোকে উত্তৰে ভূটীয়াৰ পৰা বা দক্ষিণে কছাৰীবিলাকৰ হাতত পৰাস্ত-লাঞ্চিত
হ’বলগীয়া নহ’লহেঁতেন৷

দ্বিতীয় কাৰণটো
হ’ল— নিয়তি, যি নিয়তিয়ে জমিদাৰ টল্ষ্টয়ক বা জমিদাৰ ৰবীন্দ্ৰনাথক জনাসাধাৰণৰ সাহিত্যিক
কৰিলে৷

সি যি কি নহওক, শংকৰদেৱক
মই সাধাৰণভাৱে সংবেদনশীল বুলিয়েই ধৰি লৈছোঁ, যাৰ কাৰণে তেওঁ সংস্কৃতত লিখা কথাবোৰ
মানুহে বুজি পোৱা ভাষালৈ ৰূপান্তৰিত কৰিলে— মনুষ্য হ’ল মুনিহ, হৰ্ষ হ’ল হৰিষ ইত্যাদি
ইত্যাদি৷ আৰু ইয়েই হ’ল আধুনিক অসমীয়া ভাষাৰ ভেঁটি৷

ব্ৰহ্মপুত্ৰ উপত্যকাত
অসমীয়া ভাষা এটা চুকাফাৰ আগৰে পৰা চলি আছিল আৰু সেই ভাষা যথেষ্ট শক্তিশালী আছিল বুলিয়েই
ক’ব লাগিব৷ কাৰণ, টাই ভাষা কোৱা চুকাফাই এজন নৱাগতা হিচাপে ক’বলৈ— ভাব বিনিময় কৰিবলৈ
আৰু ৰাজকাৰ্য কৰিবলৈ এটা সক্ষম ভাষা পাইছিল৷

তেতিয়া (শংকৰদেৱৰ
সময়ত) বৌদ্ধ ধৰ্মও বেচ সবল ৰূপত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচলিত আছিল৷ আহোম ৰজাসকলো
বৌদ্ধধৰ্মী আছিল৷ পালি, মাগধী, প্ৰাকৃত— এইবিলাক ভাষাত বৌদ্ধ ধৰ্ম বিয়পিছিল৷ আকৌ
এইবিলাক ভাষাই অসমীয়া ভাষাৰ মাতৃ আছিল৷

গতিকে শংকৰদেৱে এই
অসমীয়া ভাষাতেই লেখা-মেলা কৰিছিল বুলি ভাব হয়৷ কাৰণ তেওঁ প্ৰথমবাৰ ভাৰত ভ্ৰমণলৈ ওলাইছিল
তেওঁৰ ৫২ বছৰ পাৰ হোৱাৰ পাছত, প্ৰথমা পত্নীৰ বিয়োগৰ পাছত, অৰ্থাৎ (১৪৪৯+৫২) ১৫০১
চনৰ পাছত৷ ১২ বছৰ সেইবাৰ তেওঁ ভাৰত ভ্ৰমণ কৰিছিল, অৰ্থাৎ ব্ৰজবুলি ভাষাত লিখিবলৈ হ’লে
১৫১৩ চনৰ পাছতহে লিখিব লাগিব৷ অৰ্থাৎ, শংকৰদেৱৰ সাহিত্যকৃতিৰ প্ৰথমছোৱা আৰু পাছৰ কালৰবিলাক
বেলেগ হ’ব লাগিব৷ যদি একেই হ’ব লাগে, তেনেহ’লে শংকৰদেৱে তেওঁৰ (৫২+১২) ৬৪ বছৰ বয়সলৈকে
একো লিখিত সাহিত্য সৃষ্টি কৰা নাছিল— তেনে হ’ব লাগিব৷

যদি সেইটো নহয় আৰু
যদি শংকৰদেৱৰ সমগ্ৰ ৰচনা যদি একে শৈলীৰ হয়, তেনেহ’লে সেই সমগ্ৰ ৰচনা পৰৱৰ্তী কালৰ কোনোবা
অনুলেখন হ’ব লাগিব৷ যদি সেইটো হয়, তেনেহ’লে সেইবিলাকৰ originality-ৰ সন্দৰ্ভত সন্দেহ থাকি যায়, যেনেকৈ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই
সমস্ত অসম বুৰঞ্জী পোৰাই পেলোৱাৰ পাছত অসম বুৰঞ্জীৰ সত্যতা আৰু শুদ্ধতাৰ সম্পৰ্কে
আমি আজিও একো কথা ঠিৰাংকৈ ক’ব নোৱাৰোঁ— জয়মতীক ল’ৰা ৰজাই শাস্তি দি মৰাইছিল নে নাই,
চুকাফা এজন পৰাক্ৰমী বীৰ আছিল নে এজন বৌদ্ধ ধৰ্মপ্ৰচাৰকহে আছিল বা আহোমৰ পূৰ্বৱৰ্তী
সময়ৰ ইতিহাস কেলৈ ইমান নিমাত অথচ যি সময়ত অসমত শিল্প-ভাস্কৰ্যৰ বিস্তৃতি-ভূমিকা-সবলতা
আজিও সময়ে ম্লান কৰিব পৰা নাই৷

ক’ৰবাত কিবা এটা
কথা কিন্তু আছে৷
কথা কিন্তু আছে৷
শিলৰ কাম যিকোনো
মানুহে কৰিব নোৱাৰে৷ গাত জোৰ লাগিব৷ শিল কটা সৰঞ্জাম লাগিব৷ জোখ-মাখৰ জ্ঞান লাগিব৷
ratio-proportion-geometry-ৰ জ্ঞান লাগিব৷ শিল চিনি পাব লাগিব৷ গধুৰ বস্তু দঙাৰ ব্যৱস্থা
লাগিব৷ মানৱ শৰীৰৰ অবয়ৱ-অনুপাত-প্ৰকাশভংগীৰ জ্ঞান থাকিব লাগিব৷ এই জ্ঞান এজন মানুহে
শিকিলেও নহ’ব৷ বহুত মানুহ জড়িত হ’ব লাগিব৷ এটা প্ৰজন্মই এনে বিকশিত জ্ঞান লাভ কৰিব
নোৱাৰে৷ কেইবাটাও প্ৰজন্ম লাগিব৷ মানুহখিনি ক’ৰবাৰ পৰা আহি কাম এটা কৰি গুচি গ’ল বুলি
ভবাও যুক্তিসংগত নহয়৷ কাৰণ, সেয়া হ’লে এঠাইত বা দুঠাইত হ’লহেঁতেন৷ মদন কামদেৱ, তেজপুৰৰ
বামুণী পাহাৰ, শদিয়াৰ ওচৰৰ ভীষ্মক নগৰ, দেওপাহাৰ, দৈয়াং, গেলেকী, গুৱাহাটী, গোৱালপাৰা—
ইমানবোৰ ঠাইত তেনেকৈ কাম হৈছিল বুলি ভবাটো উচিত নহ’ব৷

গতিকে এটা ধাৰণা
কৰাটো ভুল নহ’ব যে আহোম যুগৰ পূৰ্বৰ কামৰূপ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ কথা
কোনোবাই ইচ্ছা কৰি গোপন কৰি পেলালে৷ শিল্প-ভাস্কৰ্যৰ কথা বাদ দিলেও বৌদ্ধ ধৰ্মৰ
অস্তিত্ব নাইকিয়া কৰি পেলোৱাও বৰ সহজে গ্ৰহণ কৰা কথা নহয়৷

বৌদ্ধ ধৰ্ম ব্ৰহ্মপুত্ৰ
উপত্যকালৈ পশ্চিমৰ পৰাও আহিছিল৷ বুদ্ধদেৱ, অশোক, চন্দ্ৰগুপ্তৰ দিনৰে পৰা আৰু পূবৰ
পৰাও আহিছিল চুকাফাৰ দিনৰে পৰা৷ গতিকে খ্ৰীষ্টপূৰ্ব ২০০০ চনৰে পৰা ১২২৮—১৩০০ চনলৈকে
৩,৩০০ বছৰ য’ত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আছিল, তাক নাইকিয়া কৰি পেলোৱাটো হজম কৰিব পৰা
কথা নহয়৷ কামৰূপৰ জীয়াৰী অমৃতাপ্ৰভা কাশ্মীৰলৈ গৈছিল— বৈবাহিক সূত্ৰে হ’লেও— বৌদ্ধ
ধৰ্ম প্ৰচাৰৰ অৰ্থে৷ এনে প্ৰবল বস্তু কেনেকৈ নাইকিয়া হ’ল?

নাইকিয়া কিজানি হোৱাই
নাছিল! কিজানি লুকাই থাকিল নামঘৰত নামঘৰৰ সিংহ হৈ, ভাওনাৰ মুখা হৈ, বৰগীতৰ ছন্দ হৈ
বা তেনে কিবাকিবি হৈ!

এই কথাখিনি মই কেৱল
জিজ্ঞাসাৰ দৃষ্টিকোণৰ পৰাহে উত্থাপন কৰিছোঁ৷ কিতাপখনৰ আলোচনাত হয়তো এইবোৰ কথা
মই লিখিব নালাগিছিল৷

কিন্তু মই য’লৈকে
যাওঁ, ত’তে আমাৰ অসমৰ লগত সেইবোৰ ঠাইৰ এক তুলনাৰ ভাব অৱলীলাক্ৰমে মোৰ মনলৈ আহেই৷
পুডুচেৰীৰ ঋষি অৰবিন্দ আশ্ৰমলৈ গ’লোঁ— প্ৰতি দিনে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া
ভোজন কৰোৱা দেখোঁ; ৰন্ধা-বঢ়া-বিলোৱাৰ কাম কৰে শই শই মানুহে— পৃথিৱীৰ বিভিন্ন ঠাইৰ
পৰা অহা মানুহে বিনা পাৰিশ্ৰমিকে৷ শৰ ঘৰত স্কুল পাতিছে, হস্পিটেল পাতিছে, সাহায্য কেন্দ্ৰ
পাতিছে৷

ৰাম-কৃষ্ণ মিছনলৈ
গৈছোঁ— শ শ স্কুল পাতিছে, ডজনৰ হিচাপত হস্পিটেল পাতিছে৷ সেইবিলাকত বিনা পাৰিশ্ৰমিকে
মানুহে কাম কৰিছে৷

বিবেকানন্দ কেন্দ্ৰলৈ
গৈছোঁ— স্কুল পাতিছে, স্বাৱলম্বিতাৰ প্ৰশিক্ষণ দিছে, পুৱা-গধূলি প্ৰাৰ্থনা কৰিছে,
ভাৰতীয় দৰ্শনৰ চিন্তা-চৰ্চা কৰিছে৷

অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ
গৈছোঁ৷ দুই লাখ মানুহক বছৰৰ প্ৰতি দিনে খুৱাইছে— দুইবেলা ৰুটী, ক্ষীৰ, চুজি৷ বিনা
পাৰিশ্ৰমিকে হাজাৰজনে খাটিছে৷

ডন বস্ক’লৈ গৈছোঁ—
হাজাৰ হাজাৰ স্কুল খুলিছে৷ খেলা-ধূলাৰ ব্যৱস্থা কৰিছে, skill development, self-employability-ৰ
প্ৰশিক্ষণ দিছে৷ মানুহক চাফ-চিকুণতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতাৰ শিক্ষা দিছে৷

নিজেও ধন্য হৈছে,
আনকো ধন্য কৰিছে৷
আনকো ধন্য কৰিছে৷
এক কথাত, তেওঁলোকে
সমাজ গঢ়িছে৷
সমাজ গঢ়িছে৷
কিন্তু শংকৰদেৱৰ
পৰা নিঃসৃত হোৱা অনুগামীসকলৰ পৰা আমি কি পালোঁ বা পাইছোঁ!

কেৱল লিখিত অসমীয়া
ভাষাটো বিকশিত হোৱাৰ সুবিধাকণেই পালোঁনে? গীত-নৃত্য-নাটক-অভিনয়-সমাজ-ধৰ্ম-সংগীত-কলা-সাহিত্য-নীতি-দয়া-ক্ষমা-মূল্যবোধ—
এই সকলো বিভিন্ন অনুপাতত যাৰ পৰা পালোঁ সেইবিলাক আজি কিয় জোৰ কৰি থিয় কৰাবলগীয়া
হৈছে? নিজৰ এটা শক্তি সৃষ্টি নহ’ল কেলেই? সময়ৰ লগত পৰিৱৰ্তন হ’বলৈ আমাক নিদিলে কেলেই?
কিয় এজন গাৰো, এজন চান্দসাইৰ কথা কৈ কৈ মানুহক শংকৰদেৱ ধৰ্মনিৰপেক্ষ আৰু সাম্যবাদী
আছিল বুলি আভুৱা ভাৰিব? সকলো জনজাতিৰ ইতিমধ্যে বহুলাংশে খ্ৰীষ্টান হ’লেই৷ বাকী থকাসকলো
হ’ব৷ অসমীয়া মুছলমানসকল বাৰু অসমীয়া হিন্দুৰ লগত থাকিলেই; কিন্তু এক কোটিতকৈ বেছি
বাঙালী মুছলমান কেলেই থাকিব! ৰবীন্দ্ৰনাথ, বংকিমচন্দ্ৰ, জীবনানন্দ, শৰৎচন্দ্ৰ, সত্যজিৎ
ৰায়, মৃণাল সেন আদিৰ প্ৰতিভাত আলোকিত এক কোটি অসমৰ বাঙালী কেলেই থাকিব? ত্ৰিছ লাখ
মাটিহীন, শিক্ষাহীন, স্বাস্থ্যহীন, অৰ্থহীন চাহবাগিচাৰ শ্ৰমিক বা প্ৰাক্তন শ্ৰমিক
কেলেই থাকিব? ওঠৰ-বিছ লাখ বড়ো মানুহ কেলেই থাকিব? চাৰি-পাঁচ লাখ ডিমাছা কেলেই থাকিব?
পোন্ধৰ লাখ শিখ-মাৰোৱাৰী-বিহাৰী কেলেই থাকিব?

ইমানবোৰ কথা এই
কাৰণেই ক’লোঁ যে একবিংশ শতিকাত ধৰ্মৰ গুৰুত্ব ক্ৰমে কমি আহিছে৷ ক’ৰ’না ভাইৰাছে প্ৰমাণেই
কৰি দিলে ধৰ্ম-ধৰ্মগুৰুৰ একো কাম নাই৷ বিজ্ঞানহে আচল কথা৷

গতিকে সীতাক ৰামে
অগ্নিপৰীক্ষা কেলেই কৰাব বুলি আধুনিক নাৰীবাদীসকলে ৰামচন্দ্ৰক male chauvinist বুলি বাদানুবাদ সৃষ্টি কৰি একো লাভ নাই৷
Virtual quality, Artificial Intelligence, Single Parenthood, Homo Sex Marriage,
Surrogate Parenthood, Space Habitation, Virtual Classroom, 3D Printing আদিৰ দিনত
ৰামায়ণ-মহাভাৰত সাধুকথা মাথোন৷ সমাজক লগা সাধুকথা৷ মানুহৰ সীমাবদ্ধতাৰ বাহিৰত বিৰাজ
কৰা মানুহৰ অসহায়তাৰ বিৰোদ্ধে এইবিলাক সমল৷ সমাজত নিয়ম, মূল্যবোধ প্ৰৱৰ্তাই ৰাখিবলৈকে
এইবিলাক হয়তো প্ৰয়োজন৷ হয়তো শংকৰদেৱে সেয়ে সহজ-সৰল ৰামায়ণ আৰু শিশু কৃষ্ণৰ কথাকে
বাছি ল’লে৷ অধিক জটিল বেদ-বেদান্ত, উপনিষদ, পুৰাণ, মহাভাৰত আদি অনুবাদ কৰাৰ পৰা বিৰত
থাকিল৷ বা হয়তো কালিদাসৰ অভিজ্ঞানম শকুন্তলম বা ঋতুসংহাৰ বা ভৱভূতি বা বৰাহমিহিৰৰ
ফালে ঢাল নাখালে৷

সেয়ে এই কিতাপখন
মই শংকৰদেৱে অসমীয়া ভাষা-সাহিত্যলৈ দিয়া অৱদানৰ দৃষ্টিৰেহে চাইছোঁ৷ যাতায়তৰ কোনো
সা-সুবিধা নথকা গাঁওখনকে সমগ্ৰ পৃথিৱীখন বুলি ভবা, মন্ত্ৰকে বেমাৰ-আজাৰৰ প্ৰতিৰোধক
দ্ৰব্য বুলি ভবা মানুহৰ মাজত প্ৰায় চল্লিছখন সাহিত্যকৰ্মৰ পুথিৰে বিশাল শব্দভাণ্ডাৰৰ
লগত মানুহক চিনাকি কৰি দিব পৰাটো কম কৃতিত্বৰ কথা নহয়৷ সেই দৃষ্টিৰেই শংকৰদেৱক এজন
সমাজ-গৱেষক বুলি ক’ব পাৰি৷

তেতিয়াৰ সমাজ আছিল
নিৰক্ষৰ, অশিক্ষিত৷ তেনে মানুহক তেওঁ কিতাপ নপঢ়াকৈ বুজিব পৰা কৰিলে৷ এই অনুবাদিকাই
শংকৰদেৱৰ লেখাৰ দহ শতাংশমান নুবুজা কথাহে বুজিব পৰা কৰিছে৷ বাকী কথাখিনি শংকৰদেৱে সৰল
আৰু বোধগম্য কৰি থৈ গৈছে৷ ছন্দ, শব্দচয়ন আৰু ভাষা প্ৰয়োগত শংকৰদেৱে এক অদ্ভুত বিচক্ষণতাৰ
পৰিচয় দিছে৷ বিশেষণো আলংকাৰিক নহয়, বিশেষ্যও আলংকাৰিক নহয়৷ বৰ্ণনাৰ বাহুল্যও সীমাবদ্ধ—
এক প্ৰকাৰৰ মিতভাষীও বুলি ক’ব পাৰি৷ যিটো descriptive narrative, সেইটো এক প্ৰকাৰৰ
চিত্ৰকল্পী বুলিবই পাৰি৷ ভাব হয় ড° ভূপেন হাজৰিকাৰ
গানৰ চিত্ৰধৰ্মিতা শংকৰদেৱৰ পৰা অনুপ্ৰাণিত বুলি, সৌৰভ চলিহাৰ লেখাৰ চিত্ৰধৰ্মিতা
যেনেকৈ চিনেমাৰ script-ৰ পৰা অহা যেন লাগে, ঠিক তেনেকৈ৷ সেই একেই চিত্ৰধৰ্মিতা লক্ষ্মীনাথ
বেজবৰুৱাৰ লেখাতো জাজ্বল্যমান৷ পাঠক-শ্ৰোতা সকলোকে সাৱলীল গতিত গৈ থকা বৰ্ণনাই মোহাচ্ছন্ন
কৰি ৰাখে৷ গদ্যৰ সেই সামৰ্থ্য নাই, যি ক্ষমতা কবিতা বা ছন্দোময় পদ্যইহে বা কাব্যইহে
ৰাখে৷ পদ্য বা কবিতাই পাঠক-শ্ৰোতাক শব্দৰ বাহিৰৰ অৰ্থৰ জগতৰ উপৰি এক কল্পলোকলৈ নিয়াৰ
ক্ষমতা ৰাখে৷ গদ্যই এই ক্ষেত্ৰত আউল লগায় যদিও এই কিতাপত তেনে হোৱা নাই কাৰণ কাব্যপ্ৰভাৱ
ওচৰতে আছে৷