মণিকা
দেৱী

‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’

মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ
চিত্ৰা৷ কি মেছেজ এইটো
? কোনে দিছে? নম্বৰটো অচিনাকি৷ ডি পিত থকা ফট’খনো অচিনাকি৷ ডেকালৰা
এজনৰ ফট’৷ ধুনীয়া
, বৰ ধুনীয়া৷ চকুৰ চাৱনিয়ে
একেবাৰে অন্তৰাত্মা কঁপাই তুলিব পাৰে৷ অন্তৰাত্মা কঁপি উঠিল চিত্ৰাৰ৷ কি ধেমালি
এইবোৰ
? কেনে ধৰণৰ অসভ্যালি? আজিকালি হেনো পৰ্ণ ছাইটবোৰ বৰ এক্টিভ৷ চিত্ৰাই শুনিছে৷ চিত্ৰাই
এইবোৰ
 ঘুঁকটিব
নাজানে৷ ম’বাইল ফোনটো আছে
, বাজিলে ফোন ধৰিছে, হোৱাট্‌ছএপত মেছেজ আহিলে মেছেজ চাইছে৷ ফোন কৰিছেও প্ৰয়োজনত আৰু প্ৰয়োজনত
মেছেজো পঠিয়াইছে৷ বচ সিমানেই৷ কিন্তু এনেদৰে একেবাৰে চিধাচিধি অশ্লীল কথা
? হুঃ চিত্ৰাৰ অইন কাম-বন নাই যে চিত্ৰাই হোৱাট্‌ছএপত আনৰ লিংগ চাই সময় কটাব৷
মেছেজৰ চিৰি কি চাবা
, বানানেই বা চাবা কি চাবচুন কেনে পায়৷ কটা নিধক, হনি‍ত যোৱা, খেকাৰ খোৱা, ধেমালি কৰিবলৈ আৰু মানুহ
নাপালি! ৰহ
, পৰিছ আচলজনীৰে পালত৷ বিহু
দেখুৱাম বাপ্পেকে
, দেখুৱাম বাপেৰৰ বিয়া৷ এইবুলি চিত্ৰাই নম্বৰটোত ফোন
কৰিবলৈ ওলাল৷ আজিকালি আকৌ ফোন কৰিলে সিপিনে ৰিং হ
বলৈ
নৌপাওঁতেই ভাৰস্তখন বকে নহয় ফোনত
আমাৰ যুঁজ ৰোগৰ লগতহে, ৰোগীৰ লগত নহয়… ৰোগীৰ সৈতে ভেদভাব নকৰিব…৷ আজিও আৰম্ভ হৈছিলেই সেইখন বকলা৷
চিত্ৰাই কাটি দিলে ফোনটো৷ নাহ্‌, এতিয়াই ফোন নকৰে তেওঁ৷ গালিও নাপাৰে৷ চোৱাই
যাওকচোন
, কিনো লিংগটো দেখুৱায়, কেনে তাৰ চিৰি-চেহেৰা৷ চাই লোৱাতনো আপত্তি কিহৰ৷ চাবহে লাগে৷ একো কৰিব নালাগে
নহয়৷ আৰু কৰিব লাগিল যদিও লাগিল
, বেয়ানো কি? কোনোবাই উপযাচি কিবা এটা দেখুৱাব খুজিছে, চিত্ৰাই বিমুখ কৰেনো কোন
সতে৷

দিনটো একো কামতেই মন নবহিল চিত্ৰাৰ৷ কামনো কি? লকডাউনে এনেয়ো কামৰ মুদা মাৰিছে৷ কৰনাই এফালৰ পৰা চেপি আনিছে
সকলোকে৷ এনেয়ে হ
লে দিনটোত এবাৰমান ওলাই যায়েই তেওঁ, সাজি-কাচি৷ কাৰ্যালয়ত বহেগৈ৷ বিভিন্ন আলাপ-আলোচনাৰ মাজেৰে কাটি যায় সময়৷ এতিয়া
সময়েই সময়
, অঢেল সময়৷ কৰিবলৈ লায়েকৰ কাম এটিহে নাই৷ তথাপি
ম’বাইল ঘুঁকটিব জনাবোৰে
, চলাব জনাবোৰে তাতেই বিচাৰি
উলিয়াইছে কাম৷ অ
ন্‌লাইন মিটিং পাতিছে, ন্‌লাইনত লিখিছে, ন্‌লাইনতে
খাইছে-বৈ‍ছে
, আনকি শুইছেও৷ চিত্ৰাইহে
এইবোৰৰ আও-ভাও নাপায়৷ সাহিত্য সংগঠন এটাৰ সম্পাদিকা চিত্ৰা৷ আন এটা লেখক সংস্থাৰো মূল বিষয়ববীয়া৷ হ
লে কি হব৷ লকডাউনে তেওঁৰ সাহিত্যিক
কাৰ্যালয়ৰ লগতে তেওঁৰ নেইম আৰু ফেইমতো মস্ত এটা তলা লগাইছে৷ সাহিত্য সংগঠনটোৰ
আনবোৰে এই ছে‍গতে অ
ন্‌লাইনতে কিমানবোৰ সভা পাতিলে, সাজি-কাচি ওলাল সকলোৰে আগত৷ অন্‌লাইন হ
নজনাৰ দোষত তেওঁহে চেৰুৱা পৰি ৰ
ল৷ মুখখনেই যদি উলিয়াব
নোৱাৰিলে
, কিহৰ সাহিত্য হল! এনেয়ে সাহিত্যিক হিচাপে, কবি হিচাপে তেওঁৰ কত নাম৷
দিনটোত কত ধৰণৰ ফৰমাইচ আহে তেওঁলৈ
 অমুকৰ বাবে লেখা এটা দিয়ক, তমুকৰ বাবে কবিতা এটা৷ মেল-মিটিংবোৰতো আছেই৷ সেই মেল-মিটিঙৰো মধ্যমণি তেওঁ৷
তেৱেঁই আয়োজন কৰে
, আঁত ধৰে, উদ্দেশ্য ব্যাখ্যা কৰে সকলো তেৱেঁই কৰে৷ আমন্ত্ৰিত
অতিথিক আগবঢ়াই আনি গামোচা পিন্ধোৱাৰ ভাৰো তেওঁৰ ওপৰতেই ন্যস্ত৷ আৰু এতিয়া অ
ন্‌লাইন
মিটিংবোৰ হোৱাৰ পৰা তেওঁ এঘৰীয়া হোৱাদি হ
ল৷ অৱশ্যে প্ৰথমে অন্‌লাইন
মিটিঙৰ বাবে জোৰ কৰিছিল তেওঁক৷

সাহিত্য সংগঠনটোত দুজনমান অত্যুৎসাহী সদস্য
আছে৷ বয়সৰ জোখেৰে সৰু হ
লেও কাম-কাজত খুবেই আগৰণুৱা সিহঁত৷ বিশেষকৈ
লুইত নামৰ ল
ৰাটোৰ আগ্ৰহ একেবাৰে তুংগত৷ সিয়েই কাৰ্যালয়তেই
তেওঁক চেলফোনৰ বিভিন্ন কাৰুকাৰ্য শিকাইছিল৷ তেওঁ স্মাৰ্টফোনটো কিনাৰ পাছত লুইতে
হোৱাট্‌ছএপ্ ডাউনল’ড কৰি দিছিল৷ মেছেজ পঠিয়াবলৈকো শিকাইছিল৷ অসমীয়া লিপিত লিখাৰ
কৌশলো তেওঁ লুইতৰ পৰাই শিকা৷ প্ৰথমে নালাগে নথওঁখন কৰিছিল তেওঁ৷ ম’বাইল ঘুঁকটি তেওঁ
বিশেষ ভাল নাপায়৷ কিন্তু হোৱাট্‌ছএপত অসমীয়া লিপিত মেছেজ লিখি তেওঁ বৰ আনন্দ পোৱা
ল৷ নিজৰ ভাষাত লিখাৰ আমেজেই সুকীয়া৷ হোৱাট্‌ছএপৰ ষ্টেটাছত
বিভিন্ন লেখা লিখি
, কবিতা লিখি তেওঁ বাহ বাহ
গোটালে৷ ইয়াতেই ভাল
 তেওঁ অনুভৱ কৰিলে৷ ইয়াত
ফেইচবুকৰ দৰে বিতৰ্কও নাই৷ সেইখন এখন হেনো ৰণক্ষেত্ৰহে
 চিত্ৰাই বহুতৰ মুখত শুনিছে ফেইচবুকৰ ৰণবোৰৰ কথা, যুদ্ধবোৰৰ কথা৷ অনৱৰতে হেনো কূট-কচালি আৰু অপমানৰহে কছৰৎ চলে তাত৷ লুইতে
অৱশ্যে জোৰ কৰিছিল
বাইদেউ, ফেইচবুক একাউণ্ট খুলি দিম
নেকি
? উৎসাহৰ অন্ত নাই লুইতৰ৷ লগ পালেই সেইখন আৰম্ভ
কৰে
অন্‌লাইন শ্বপিং কৰিব নেকি বাইদেউ? বৰ ভাল৷ ডাউনল’ড কৰি দিওঁ? অন্‌লাইন পে’মেণ্ট কৰিব নেকি? লা-উবেৰ এপ লাগিব নেকি? একো টান নহয়৷ আপুনি পাৰি
যাব৷
 চিত্ৰাই পিছে বিশেষ আগ্ৰহ নেদেখুৱায়৷ নালাগে ফেইচবুক৷ নচপায় তেওঁ সেইখন আপদ৷
নকৰে অন্‌লাইন শ্বপিং৷ সাজি-কাচি বজাৰ কৰিবলৈ যাব
, লিৰিকি-বিদাৰি বস্তু বাছি‍ব, দৰ-দাম কৰিব, তেহে মনটো ভাল লাগে৷ অন্‌লাইন পে’মেণ্টৰো দৰকাৰ নাই তেওঁৰ৷ তেওঁ শুনিছে এইবোৰ
হেনো পইচা লুটি নিয়াৰ ফন্দী৷ নিমিষতে বেঙ্ক একাউণ্ট্‌ খালী হৈ যায়৷ আৰু তাৰ পাছত
মূৰে-কপালে চপৰিয়াই ডেডাউৰি পাৰি মৰিলেও গাঁতৰ বাহিৰ হোৱা কেঁচু গাঁতলৈ উলটি নাহে৷
আৰু অ
লা-উবেৰ সেইবোৰৰো প্ৰয়োজন নাই তেওঁৰ৷
তেওঁৰ বিশ্বস্ত গাড়ীচালক এজন আছে৷ বয়সস্থ মানুহজন৷ কিন্তু খুবেই ভাল৷ শান্ত আৰু
নিবোকাও৷ তেনে স্থলত অ
লা-উবেৰ ঘাটি নগুৰ-নাকটি হবলৈ
যাব কিহৰ দুখত৷ নালাগে দিয়া
 থাকক৷ তেওঁ নিৰুৎসাহ কৰে
লুইতক৷

সেই লুইতেই তেওঁক অন্‌লাইন মিটিঙৰ বাবে জোৰ
কৰিছিল৷ কৈছিল
, বাইদেউ, একো চিন্তা নাই৷ মই শিকাই দিম ফোনত৷ আপুনি পাৰি যাব৷ শিকাই দিছিলো বেচেৰাই৷
শিকাবলৈকে ফোন কৰিছিল
 বাইদেউ, এই এপ্‌টো উলিয়াই লওক, প্লে’ ষ্ট’ৰলৈ গৈ সেই এপ্‌টো
ডাউনল’ড কৰক
, এতিয়া অমুকত ক্লিক্‌ কৰক, তমুক ওলালে এণ্ট্ৰি‍ কৰক আপোনাৰ নামটো৷ ফোনৰ সিমূৰৰ পৰা যিমানেই ফৰফৰাই শিকাই
যায় লুইতে
, সিমানেই ইমূৰে চিত্ৰাৰ জ্বৰ-ঘাম জৰ্‌জৰ্‌কৈ
সৰে৷ একো উৱাদিহ নাপায় তেওঁ৷ কথাতেই কয় বোলে জনাৰ ভাত-মাছ
, নজনাৰ গলগ্ৰহ৷ চিত্ৰাই নাজানিলে, নোৱাৰিলে৷ নোৱাৰিলে যেতিয়া
বাদ পৰিল তেওঁ৷ এপ্‌ময় এই পৃথিৱীত চিত্ৰা যেন এক বাতিল এপ্‌ হৈ পৰিল৷ সাহিত্য
সংগঠনটোৰ সম্পাদিকা হৈও তেওঁ এলাগী হোৱাদি হ
ল৷

নিজৰ ওপৰতেই বিৰক্তি জাগিছিল চিত্ৰাৰ৷ তেওঁৰ
দিন এতিয়া শেষ হ
 এনে ভাব মনলৈ আহিছিল৷ নিজেই
নিজকে গলগ্ৰহ বুলি ভবাৰ সময়তে আহি পৰিল এই নতুন পৰ্ব৷

দিনটো তেওঁ ফোনটো লিৰিকি-বিদাৰিয়েই কটালে৷ নেট
ন্‌ কৰিয়েই ৰাখিলে দিনটো৷ পিছে নাহিলচোন একো৷ সেই
বিশেষ নম্বৰটোৰ পৰা একো মেছেজেই নাহিল
, নাহিল একো সংবাদ নতুবা ফট’৷
বাৰেপতি তেওঁ চেক কৰিলে হোৱাট্‌ছএপ্‌৷ নাই
, একো উম্‌ঘামেই নাই৷ দীঘল
হুমুনিয়াহ কা
ঢ়িলে তেওঁ। লিংগ চোৱা নহ
তাৰমানে
? ইমান হুতাহনো হঠাতে কিয় জাগিল তেওঁৰ? তেওঁ জানো দেখা নাই আগতে? হিচাপ নোহোৱাকৈ দেখিছে৷ অকল
দেখাহে নে… সেইখন বকলা মেলিলে বৃহৎ কলেৱৰৰ পুথি এখনেই হ
বগৈ৷
নহয়নো কি
? তথাপি কিয়বা ইমান হেঁপাহটো জাগিল আজি? ফট’হে পঠিয়াব! হোৱাট্‌ছএপত আন কি ঘটিটো পঠিয়াব? তাকে চাবলৈকে এনে হুতাহ তেওঁৰ নিজকে নিজে ভৰ্ৎসনা কৰিলে তেওঁ৷ তথাপি নকমিল চিত্ত-চাঞ্চল্য৷ বৰং বাঢ়িহে গল৷
ষোড়শী গাভৰু এজনীৰ দৰেই মনত জাগিল নিষিদ্ধ ইচ্ছা
 চোৱাৰ ইচ্ছা৷ ইছ্‌, কেনেকুৱাবা হয় সেই বস্তুটো ডাঙৰ মানুহৰ গোপন বস্তুটো ষোল বছৰীয়া সেই ভাবনাৰ কথা
মনত পৰি গ
ল তেওঁৰ৷ মনত পৰি গল সেই সময়ৰ এটি সৰু ঘটনা এবাৰ বাছত উঠি কৰবালৈ গৈছিল তেওঁ৷ এপাকত যেই বাছখন ৰখালে, বাছত থকা মতা মানুহবোৰ তৰ্‌তৰাই নামি গল বাছৰ পৰা আৰু ৰাস্তাৰ কাষত
শাৰী পাতি থিয় হৈ মূত্ৰ বৰ্জনৰ কামফেৰা সমাপণ কৰিলে৷ আৰু চিত্ৰাই জুপি জুপি মূৰটো
ইকাটি-সিকাটিকৈ লৰাই খিৰিকীৰে চাই ৰ
ল৷ কিজানিবা দেখা-সাক্ষাৎ
মিলেই
, দেখা পায়েই কিজানি কাৰোবাৰ কোনোবাটো বিশেষ অংগ৷
নাই
, দেখা নাছিল হলে৷
দেখিবলৈ বহু দিন ৰ
বলগীয়া হৈছিল৷ আজিও নিজকে সেই ষোল বছৰীয়া
কিশোৰীজনী যেন বোধ হ
ল তেওঁৰ৷ নাই নাই, এই চাঞ্চল্য ভাল নহয়৷ এই চাঞ্চল্যই শোভা নাপায় তেওঁক নিজকে নিজে শাসনো কৰিলে তেওঁ৷ পঠিয়াম বুলিছিল, নপঠিয়ালে৷ এতিয়া তেওঁ উপযাচি খুজিবনে দিব খুজিছিলা যদি দিয়া আকৌ৷

ইমানদিনে খুজিবলগীয়া নহলেই
কাকো৷ নিজে নিজেই পালেচোন ইমান দিনে৷ নিজে নিজেই আহিল সুযোগ৷

তেওঁৰ প্ৰথম গিৰিয়েকটোৰ
অইন খুঁত নাছিল তেনেকৈ৷ কিন্তু আচল বস্তুটোৱেই বেঁকা আছিল মানুহটোৰ৷ বেঁকাও বেঁকা
, মস্ত বেঁকা৷ উঠিলেও বেঁকা, নামিলেও বেঁকা, বাঢ়িলেও বেঁকা, টুটিলেও বেঁকা৷ তথাপি এঁকা-বেঁকাকৈয়ে
চলি গৈছিল চিত্ৰাৰ জীৱন৷ খাপ খুৱাই লৈছিল নিজকে চিত্ৰাই সেই বক্ৰতাৰ লগত৷

গিৰিয়েক সৰু থাকোঁতে শাহুৱেকে হেনো খাটি সৰিয়হৰ
তেল মালিচ কৰিছিল
 পিটিকলি জলকীয়া তেল পাই
জিলিকি উঠিছিল৷ মালিচৰ সেই অভ্যাসটো ৰৈয়েই গ
ল গিৰিয়েকৰ৷ ডাঙৰ হোৱাৰ
পাছতো হোৱাই-নোহোৱাই
, জনাই-নজনাই নিজেই মালিচ
দিবলৈ ধৰিলে
 বোলে আপোন হাত জগন্নাথ৷
মালিচৰ কোবত চিধা বস্তুও বেঁকা হৈ গ
ল৷ তাকে লৈ আপত্তি কৰা নাছিল
চিত্ৰাই৷ আপত্তি কৰিব নাজানিছিলেই৷ আপত্তি-অশান্তিবোৰ তেতিয়াহে আৰম্ভ হ
, যেতিয়া চিত্ৰাই পোন সুখৰ, চিধা বলিষ্ঠ সুখৰ সোৱাদ
পালে৷ সম্পৰ্কীয় দেওৰেক নিবাৰণ মাজে মাজে আহিছিল চিত্ৰাহঁতৰ ঘৰলৈ৷ লাহে লাহে সি
চিত্ৰাৰ গিৰিয়েক নথকা অৱস্থাত আহিবলৈ ল
লে৷ সিয়েই দিলে চিত্ৰাক সেই
অনন্য সুখৰ সোৱাদ৷ তাৰ পাছত লাহে লাহে বেঁকা-বেঁকী কথাত মন নবহা হ

চিত্ৰাৰ৷ আৰু এদিন এটি নিজান দুপৰীয়া নিবাৰণৰ সৈতে চিত্ৰাৰ এঘড়ী সুখৰ যুঁজ লগাৰ
সময়ত হঠাতে মৰহ্‌কৈ ভাগি পৰিছিল বিছনাখন৷ বিছনা ভাগি দুয়োটা মাটিত কৰ্ফাল খাই
পৰিলগৈ৷ ক্ষতি-খুন অলপ নোহোৱা নহয়
, দেহাটোৰ ঠায়ে ঠায়ে মাখিছাল
এৰিছিল চিত্ৰাৰ৷ চেকচেকনি ভকভকনিতো বিতত হৈছিল৷ তথাপি সেয়া আছিল সুখৰেই আঘাত৷
ইমানৰ পাছতো তেওঁৰ নিবোকা গিৰিয়েকটোৱে এবাৰলৈকো নুসুধিলে বিছনাখন কেনেকৈ ভাগিল
বুলি৷ সেইদিনা ৰাতি মাটিতেই বিছনা পাৰি শুলে তেওঁলোকে৷ পাছদিনাখন অৱশ্যে গিৰিয়েকে
নতুন চালপীৰা এখন কিনি আনিছিল৷ দুদিনমান পাছত ভাল পালেং এখনো কিনি আনিম বুলি
কৈছিল৷ কিন্তু গিৰিয়েকৰ প্ৰতি বিৰক্তি-বিৰাগ নকমিল তেওঁৰ৷ বৰং বাঢ়িলহে৷ নিবাৰণৰ
বন্ধু কন্দৰ্পৰ সৈতে চিনাকি হোৱাৰ সময়লৈ চিত্ৰাৰ নিজৰ সংসাৰখনক লৈ মনৰ অশান্তি
তুংগত উঠিছিল৷ তেনেদৰেই প্ৰথম গিৰিয়েকৰ লগত এৰা-এৰি৷ এৰা-এৰিৰ পাছত কবিতা লিখিবলৈ
আৰম্ভ কৰিলে চিত্ৰাই৷ তেতিয়া তেওঁ কন্দৰ্পক বিয়াৰ বাবে জোৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু
কন্দৰ্পই হওঁ হওঁ কৰোঁ কৰোঁ বুলি বিয়াৰ প্ৰসংগটো এৰাই চলিছে৷ তেতিয়াই কবিতাৰ
আৰম্ভণি৷
 বিষাদ
বক্ৰতা
 বুলি চিত্ৰাই লিখা কবিতাটো বৰ জনপ্ৰিয় হৈছিল৷
বাতৰি কাকতৰ দেওবৰীয়া পৃষ্ঠাত প্ৰকাশ হৈছিল কবিতাটো৷ তাৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি
চাবলগীয়া হোৱা নাই৷ প্ৰাণদায়িনী
, প্ৰেমদায়িনী, তনুদায়িনী কবি হিচাপে তেওঁ বিখ্যাত হৈ পৰিছিল৷ কন্দৰ্পৰ উত্তৰলৈ বাট চাই সময়
অপচয় নকৰিলে আৰু তেওঁ৷ কন্দৰ্পৰ প্ৰয়োজন নাছিল আৰু তেওঁৰ জীৱনত৷ কন্দৰ্পক কাষৰীয়া
কৰি তেওঁ আগুৱাই গৈ থাকিল নিজৰ বাটত বীৰদৰ্পে৷ সেই বাটৰ কাষত কত লিংগবীথিকা
উত্থিত, অদম্য লিংগকান্তি৷ প্ৰথমে অলপ অসহজবোধ নকৰা নহয় তেওঁ৷ কিন্তু পাছলৈ সহজ হৈ
পৰিল কথাবোৰ৷ সাহিত্য সংগঠন এটিৰ মুৰব্বী হিচাপে
, বিশিষ্ট লেখিকা হিচাপে তেওঁ বুজি পালে যে তেওঁৰ জীৱন আনতকৈ বেলেগ৷ তেওঁৰ জীৱন
সাধাৰণ জীৱনবোৰতকৈ পৃথক৷ তেওঁৰ অসাধাৰণ
, অনন্য জীৱন প্ৰৱাহত এই
ঘটনাচক্ৰ বৰ জৰুৰী৷ কেতিয়াবা অসমৰ বাহিৰলৈও বিভিন্ন অনুষ্ঠানত আমন্ত্ৰিত অতিথি
হিচাপে যাবলগীয়া হয় তেওঁ৷ তাতো ৰৈ থাকে কোনোবা৷ তেওঁৰ অনুৰাগীৰ সীমা-সংখ্যা নাই৷
দূৰৈত থকা অসমীয়াৰ মাজতো সমানে জনপ্ৰিয় তেওঁ৷ ৰাত্ৰি যাপনৰ বাবে নিৰ্দিষ্ট কৰি
থোৱা তাৰকাখচিত হোটেলৰ ৰিচেপশ্যনত তেওঁ খোকোজা নলগাকৈ কয়
 মোৰ বন্ধু এজন আহিব৷ মোৰ কোঠালৈ পঠিয়াই দিব দেই৷ তেওঁৰ এই সাহসৰ বাবে
ঠাট্টা-বিদ্ৰূপ
, বিশ্লেষৰ মুখামুখি নোহোৱাকৈও থকা নাই তেওঁ৷ সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি কেৱল আগুৱাই গৈছে তেওঁ কেৱল আগুৱাই গৈছে৷ সৰুতে খেলাৰ পৰত গোৱা পদ্য এটা মনে মনে আওৰায় তেওঁ

ইচ্ছা খুছি লাব্ৰা লুচি

পিতকচুৰ ঠাৰা, কি কৰবা পাৰা৷

তেওঁক উপহাস কৰা, বিদ্ৰূপ কৰাসকলক তেওঁ পিতকচুৰ সামান্য ঠাৰি হিচাপেই গণ্য কৰিছে৷ কেৰেপ কৰা নাই
কাকো৷

এইবোৰৰ মাজতে দুবাৰকৈ বিয়াত বহিছে চিত্ৰা৷ তেওঁৰ
শেষৰজন স্বামী আছিল অত্যন্ত আঢ্যৱন্ত লোক৷ চিত্ৰাৰ এতিয়াৰ এই সুন্দৰ বাসভৱন
, বেংকত জমা থকা ধনৰাশি এই সকলো বৈভৱ তেওঁৰ শেষৰজন
গিৰি‍য়েকৰ লগত হোৱা বিবাহ বিচ্ছেদৰ ক্ষতিপূৰণ হিচাপে লাভ কৰিছে তেওঁ৷

জীৱনটো তেওঁ পূৰাদমে উপভোগ কৰিছে৷ তাৰ পাছতো
আজিৰ এই চিত্ত-চাঞ্চল্যই জানো শোভা পায় তেওঁক
? তেওঁৰ ব্যক্তিত্বত
চঞ্চলতা-চপলতা ফুটি নুঠে কোনোদিন৷ গুৰু-গম্ভীৰ ভাবমূৰ্তিৰ আঁৰত নিজকে লুকুৱাই
ৰাখিব জানে তেওঁ৷ লেখকসকল তেনেকুৱাই হ
ব লাগে তেওঁ ভাবে৷ চেলবেলাই ফুৰাবোৰৰ লেখক হিচাপে পৰিচিত হোৱাৰ অধিকাৰ নাই৷ বন্ধ
দুৱাৰৰ সিপিনে তুমি যিয়েই নকৰা
, লোকচক্ষুৰ সন্মুখত তুমি
গাম্ভীৰ্য বজাই ৰাখিব পাৰিব লাগিব৷ তোমাৰ ভালেই লাগিছে নে বেয়াই লাগিছে সেয়া আনক
বুজিবলৈ দিব নালাগিব৷ তুমি হৈ উঠিব লাগিব দুৰ্বোধ্য৷ ওঁঠৰ কোণ কাচিৎহে ধেনুভিৰীয়া
ব তোমাৰ৷ কাচিৎহে হাঁহিয়ে খেলিব তাত৷ জুখি-মাখি কথা ক
লাগিব তুমি
 মুখত ফুটি উঠিব লাগিব এক
উপেক্ষাৰ ভাব
 তেহে তুমি লেখক হিচাপে
লায়েকৰ হৈ উঠিবা৷
 চিত্ৰাই
তেনেকৈয়ে ভাবে আৰু তেওঁ থাকেও তেনেকৈয়ে৷

আজিৰ এই আচৰণৰ বাবে নিজেই নিজৰ ওচৰত দুৰ্বোধ্য
হৈ উঠিছে চিত্ৰা৷ হাতৰ মুঠি ঘামি উঠিছে চিত্ৰাৰ৷ তথাপি মুঠি খুলি দিয়া নাই তেওঁ৷
মুঠিত আবদ্ধ হৈ আছে চে
লফোনটো৷ যেন সীহৰ দৰে টান লিংগ এটিহে
মুষ্টিবদ্ধ কৰিছে চিত্ৰাই৷ এতিয়াই যেন আৰম্ভ হৈ যাব চিত্ৰাৰ চলাকলা
, আৰম্ভ হব শৃংগাৰ ৰসঘন এটি পূৰ্বৰাগৰ মুহূৰ্ত৷ সেইবোৰত
চিত্ৰা সিদ্ধহস্ত৷ কতক কাবু কৰিলে
, কতৰ পৰা কত কি আদায়ো কৰিলে, কতৰ মাজত বিলাই দিলে নিজকে৷ হিচাপ নাই, হিচাপ নাই৷ আজিৰ দিনটো এটি
নতুন হিচাপত পৰিল৷ চিত্ৰাক কাবু কৰি ৰাখিলে আজিৰ দিনটোৱে৷ এটি মাথোঁ মেছেজত চিত্ৰা
বি
হ্বল হৈ পৰিল৷ তেওঁতো ভাবিবলৈ লৈছিল, এতিয়া আৰু তেওঁৰ দিন নাই, টুটি আহিল চলাকলাৰ দিন৷ টুটি
আহিল চিত্ৰাৰ আকৰ্ষণ৷ কিন্তু ক
তা, আকৌ চিত্ৰাক উদ্বেলিত কৰি তোলা এইজনাতো কম দুৰ্দান্ত পুৰুষ নহয়৷ এইজন বিৰলতম
চলাকলাৰ অধিকাৰী৷ মনে মনে চিত্ৰাই সেই ধুনীয়া ডেকাজনক নমন কৰিলে৷ ডি পিৰ ফট’খনলৈ
চাই প্ৰাৰ্থনা কৰিলে
 দেখুওৱা হে পৰম আকাংক্ষাৰ
পুৰুষ দেখুওৱা তোমাৰ অংগশোভা৷ তোমাৰ পৰম অংগটি চাই ধন্য হওক এই নিঃকিন নাৰী৷

নাৰীৰ এই কাতৰ আহ্বানক
নেওচা দিয়াৰ কলিজা কেইজন পুৰুষৰ আছে এই দুনিয়াত
! চিত্ৰাৰ চেলফোনটোৰ
জিলিকি উঠিল স্ক্ৰীন৷ পিছে গোপন অংগৰ জিলিকনি নাছিল সেয়া৷ স্ক্ৰীনত জিলিকি উঠিছিল
কেইটামান ইংৰাজী লিপিত লিখা অসমীয়া কথা
 Beya
napabo. gutei dintu try kori etiahe pothabo parilu. u tube t mur eta kabita
path korisu. kiba bhul hole hikai dibo. notunkoi Assamese t likhibo try korisu.
link tu iyate pothalu. http/hwxs… 
গোটেই মেছেজটো একে উশাহতে দুবাৰ-তিনিবাৰমান
পঢ়িলে চিত্ৰাই৷ তাৰ পাছতহে যেনিবা পাঠোদ্ধাৰ কৰিব পাৰিলে তেওঁ
 বুজি পালে মেছেজৰ মৰ্ম৷ অ তাৰমানে লিংগ মানে সেই তেওঁ
ভবা লিংগটো নহয়৷ অসমীয়াত
 link লিখিবলৈ গৈ সি লিংগ বুলি
লিখিছিল তেতিয়া৷ যেই অৰ্থ পৰিষ্কাৰ হৈ পৰিল
, চিত্ৰাৰ মগজু ভক্‌ভকাই
উতলিবলৈ ধৰিলে৷ খং-ক্ষোভত একো নাই হৈ পৰিল তেওঁ৷ এই মুহূৰ্তত মেছেজ পঠিওৱা ল
ৰাজনক
যদি কাষতে পালে হয় তেওঁ
, লিংগ মুচৰি মাৰিয়েই পেলালে
হয় কিজানি তাক৷
 কটা নিধক, চুৱা খোৱা, অসমীয়া লিখিব নাজান, লিংগ দেখুৱাবলৈ আহ মোক৷ কৰ কাণডাল কোনপিনে নাজান, মোৰটো লিখ মূৰ বুলি, তই আকৌ অসমীয়া কবিতা লিখিবলৈ
আহ৷ চাল্লা বা- চিঙা
 ফো– খোৱা, এই বুঢ়ীমাৰক চিনি পোৱা নাই? ৰ আজি বিহু নেদেখুৱাওঁ যদি
তোক
, মোৰ নামো চিত্ৰা নহয়৷ ভাৰস্তৰ
অশ্লীল গালিবোৰ মুখৰ ভিতৰতে ভোৰভোৰাই চিত্ৰাই সেই বিশেষ নম্বৰটো ডায়েল কৰিলে৷
      

এইবাৰ সঁচাকৈয়ে গালি পাৰিব চিত্ৰাই৷ নতুন কবিক
ত্ৰিভুবন দেখুৱাব৷ ইতিমধ্যে নতুন কবিৰ ফোনত ৰিং হৈছে৷ নতুন কবিৰ ফোনৰ স্ক্ৰীনত
ফুটি উঠিছে চিত্ৰাৰ নাম
 Chitra
Poet.
 নতুন কবিয়ে এতিয়াই ৰিচিভ কৰিব চিত্ৰাৰ ফোনকল৷

চিত্ৰাৰ ফোন নম্বৰটো লুইতৰ পৰা লৈছিল নতুন
কবিয়ে৷ লুইত
, নতুন কবিৰ চিনাকি বন্ধু৷
লুইতেই কৈছিল
 চিত্ৰা বাইদেৱে অসমীয়াত
মেছেজ লিখিলে বৰ ভাল পায়৷ অশেষ যত্নৰে প্ৰথম মেছেজটো অসমীয়াতেই লিখিছিল নতুন
কবিয়ে৷ পিছে
 Link-ৰ লিপ্যন্তৰ কৰিবলৈ গৈহে কিছু বিমোৰত পৰিছিল৷ বহু ভাব-চিন্তাৰ অন্তত য়ুৰেকা
য়ুৰেকা বুলি নতুন কবিয়ে আৱিষ্কাৰ কৰিছিল
 Link-ৰ বিশুদ্ধ অসমীয়া লিপ্যন্তৰ লিংগ৷

পিছৰবাৰ আৰু নোৱাৰিলে৷ ইমান দীঘল বাক্যবোৰ
অসমীয়াত লিখিব নোৱাৰি৷ ইংৰাজী লিপিতেই লিখিলে অসমীয়া মেছেজ৷ তথাপি চিত্ৰা বাইদেৱে ফোন
কৰিছে৷ আনন্দত জঁপিয়াই উঠিল নতুন কবি৷ বাইদেৱে নি
শ্চয় ভাল
পাইছে কবিতাটো৷ নহ
লেনো ফোন কৰিবনে? বৰ আশাৰে নতুন কবিয়ে ফোনটো তুলিছে আৰু পৰম উৎসাহেৰে কৈছে ‘‘লিংগটো চালে ন বাইদেউ?’’