আমাৰ কৰচন চৰাইৰ অভিযান

(প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ
অন্তত দেখা পোৱা চৰাইবিধৰ কথাৰে
)

ৰূপজ্যোতি
হাজৰিকা

পক্ষী পৰ্যৱেক্ষণ মোৰ সকলোতকৈ ভাল লগা
এটা হবি৷ আজৰি সময়ৰ বেছিভাগ সময় চৰাই চোৱা কামটোতে ব্যস্ত হৈ থাকি‍ ভাল পাওঁ৷
সেইবাবে কেইজনমান বন্ধুৰ লগত বা কেতিয়াবা অকলেই এই কামটোত ব্যস্ত হৈ থাকোঁ৷ ঘৰৰ
চৌহদলৈ অহা চৰাইবোৰৰ কাৰ্যকলাপবোৰ মন কৰোঁ৷ সিহঁতক যাতে ভালকৈ ফট’ ল

পাৰোঁ তাৰ বাবে ঘৰৰ চৌহদৰ ভিন্ন স্থানত চৰাই ঘৰ (
Bird house), চৰাইৰ বাবে খাদ্যবস্তু ৰখাৰ
ব্যৱস্থা কৰি থোৱাৰ উপৰি চৰাই আহি পৰিব পৰাকৈ কিছুমান গছৰ ডালো বান্ধি ৰাখো৷
আপোনালোকেও কৰি চাব
, নিশ্চয় ভাল পাব৷

২০১৩-২০১৪ চনৰ পৰা চৰাই চোৱা এই কামটো কৰি এক
অনাবিল আনন্দ লাভ কৰি আহিছোঁ৷ পক্ষীৰ পৰ্য
ৱেক্ষণৰ পৰা মই যি সামান্য
জ্ঞান লাভ কৰি
ছোঁ, তাক সকলোৰে আগত প্ৰকাশ কৰাৰ
এক চেষ্টা ক
ৰোঁ৷ যাতে পক্ষীকুলৰ পৰ্যৱেক্ষণ
তথা সংৰক্ষণৰ ক্ষেত্ৰত সকলো লোক সজাগ হয়৷ বিশেষকৈ মোৰ ছাত্ৰ-ছাত্ৰীসকলক এই কথা
 কওঁ

এতিয়া আচল কথালৈ আহোঁ
আমাৰ নিমাতী অঞ্চলৰ নিচেই কাষতে থকা চৰলা বিলখনলৈ প্ৰতি বছৰে শীতকালত দেশ-বিদেশৰ
বিভিন্ন চৰাইৰ আগমন ঘটে৷ সেই চৰাইসমূহ চাবৰ বাবে প্ৰায়ে তালৈ যোৱাটো আজৰি সময়ৰ এক
ভাল লগা কামলৈ সলনি হ
ল৷ ২০১৩ মানৰ পৰা সেই কামৰ ধাৰা সলনি হোৱা নাই৷
এবাৰ ফেইচবুকত এখন ফট’ দেখি এনে লাগিল যে পক্ষী পৰ্য
ৱেক্ষণত
ৰবাত যেন কিবা এটা খুঁত ৰৈ গৈছে৷ সেই ফট’খনত আছিল বিশেষ এবিধ
আলহী পক্ষী৷ পক্ষীবিধৰ সেই ফট’খন তুলিছিল আমাৰ ওচৰৰে বুদ্ধ শইকীয়া দাদাই৷ সেই
চৰাইৰ জাকটো আছিল
 Common crane নামৰ এবিধ চৰাইৰ৷ অসমীয়া নাম
কৰচন চৰাই৷ চৰাইবিধৰ ফট’ নিমাতীৰ ওচৰতে লোৱা বুলি তেওঁ কৈছিল৷ মোৰো এবাৰ সেই
ছাইবেৰিয়াৰ পৰা অহা পক্ষীবিধক কেমেৰাত বন্দী কৰাৰ ইচ্ছা হৈছিল৷

বহু চেষ্টা কৰি বিফল হৈছিলোঁ
চৰাইবিধৰ ফট’ তোলাটো
 দূৰৰে কথা, এবাৰো দেখা পোৱা নাছিলোঁ
শীতকালৰ আৰম্ভণিৰ লগে লগেই সেই চৰাইবিধৰ ওপৰত মোৰ শেনচকু আছিল৷ পিছে কামতহে অহা
নাছিল৷ পঢ়া-শুনা কৰি চৰাইবিধৰ বিষয়ে কিছু কথা জানিবলৈ পাইছি
লোঁ
চৰাইবিধ জাক পাতি ছাইবেৰিয়াৰ পৰা আহে আৰু ইহঁত জন সমাগমৰ পৰা বহু আঁতৰত থাকে৷ নৈৰ
চাপৰি অঞ্চল বা খেতি পথাৰৰ মাজত খাদ্যৰ সন্ধান কৰে৷ সেইবাবে অন্য চৰাইৰ দৰে
সাধাৰণতে চকুত নপৰে৷ এই চৰাইবিধ দৈৰ্ঘত ১১০-১২০ চেণ্টিমিটাৰমান হয়৷ ইহঁতৰ
পূৰ্ণবয়স্ক চৰাইৰ গাটো ছাই বৰণীয়া হোৱাৰ লগতে মূৰৰ ওপৰৰ পাখিবোৰ ক
লা
কিন্তু তাৰ মাজত মূৰৰ তালুত এটা ৰঙা দাগ আছে৷ চকুৰ পিছপিনে থকা বগা দাগটো স্পষ্টকৈ
চকুত পৰে৷ ইহঁত
 কপাল,
থুঁ
তৰি
আৰু ডিঙিৰ ওপৰফালৰ অংশৰ সন্মুখভাগ ক
লা বৰণৰ৷ নেজত একোছা কলা
পাখি ওলমি থাকে৷ ইহঁতৰ ডেউকাৰ প্ৰাথমিক পাখিৰ বৰণ ক
লা৷
এইবিধ চৰাইৰ ঠেং দীঘল আৰু ক
লা বৰণৰ৷ অপ্ৰাপ্তবয়স্ক
চৰাইৰ গাটো সম্পূৰ্ণ ছাই বৰণীয়া৷ তাত ক
লা পাখিবোৰ প্ৰকট নহয়৷

পক্ষী পৰ্যৱেক্ষণৰ লগত জড়িত মোৰ কেইজনমান
ভাল বন্ধু তথা দাদা আছে৷ তেওঁলোকৰ লগত বিভিন্ন সময়ত পক্ষী সম্পৰ্কে আলোচনা ক
ৰোঁ
বহু নজনা কথা জানিবলৈ পোৱা যায়৷ অলপ দিনৰ আগৰ কথা সূৰ্য চেতিয়া দাই এটা ভিডিঅ
 ফেইচবুকত পষ্ট
কৰিলে৷ ভিডিঅ
টো দেখি মোৰ মনত এটা আশা পুনৰ জাগি উঠিল৷ সেই
ভিডিঅ
টো আছিল Common
crane-
 মই অত দিনে বিচাৰি থকা কৰচন
চৰাইৰ
 এটি বৃহৎ জাক৷ দাদালৈ ফ’ন কৰি জানিব পাৰিলোঁ সেই চৰাইৰ জাকটো
ব্ৰহ্মপুত্ৰৰ মাজৰ এটা চাপৰিত তেওঁ দেখা পাইছে৷ অৱশ্যে চৰাইজাক তেওঁ নাও লৈ গৈহে
দেখা পাইছিলগৈ৷ গতিকে, নাও লৈ হ
লেও যাবলৈ মনতে থিৰাং কৰিলোঁ

চৰাইবিধৰ আগমনৰ কথা বুদ্ধদাৰ লগত পাতিলোঁ
লগতে এটা পৰিকল্পনা কৰি
লোঁ, চৰাইৰ জাকটো কেমেৰাত বন্দী
কৰিমেই৷ মুঠতে এইবাৰ এৰাত নাই৷

কেইদিনমানৰ আগৰ কথা। সেই সময়ত মই স্কুলত৷ মোলৈ বুদ্ধদাদাৰ
পৰা এটা ফ’ন আহিল৷ ফ’নটো ৰিচি‍ভ কৰিয়েই গম পা
লোঁ
যে
 খবৰ ভাল৷ তেওঁ মোক কলে
যে হেনো
 Crane-ৰ জাকটো লগ পালে৷ খবৰটো পাই মনটো বেছিয়ে ভাল লাগি গল৷
পৰিকল্পনা মতেই কাম আৰম্ভ কৰিলোঁ৷ দেওবাৰৰ পুৱা এটা বেলি ওলোৱাৰ বহু আগতেই আমি
চৰাইৰ সন্ধানত যাত্ৰা কৰিলোঁ৷ চৰাইৰ জাকটো আঁতৰৰ পৰাই চকুত পৰি উত্তেজনা দুগুণে
বাঢ়িল৷ কেনেকৈ ওচৰলৈ যাব পৰা যায়৷ কেমেৰাৰে ভালকৈ ক্লি
ক্‌ কৰিব পৰা নাই৷ তেনেকৈয়ে
কেইটামান ক্লি
ক্‌ কৰিলোঁ৷ সাক্ষীগোপাল
হিচাপে৷ সেইদিনা এটা আচৰিত ঘটনা ঘটিল৷ আমি গৈ পাওঁতে পাওঁতে ৰ
দেই
ওলাই গ
, দ ওলালে চৰাই জাকটোৰ ওচৰ
চপাটো একেবাৰে অসম্ভৱ কথা৷ কিন্তু কি আচৰিত
, অলপ সময়ৰ পাছত সেই ঠাইখন পুনৰ কুৱঁলীয়ে
আৱৰি পেলালে। কু
ৱঁলী পৰি থকা বাবে আমি মনে মনে আমি চাপৰি চাপৰি
আগ বাঢ়িবলৈ ধৰিলোঁ৷ অলপ আগ বাঢ়ি
ছোঁহে, তেনেতে চকুত পৰিল Crane-তকৈ আগত কমেও ৫০টামান দেও ৰাজহাঁহ (Greylag
goose)-

এটা জাক৷ সিহঁতে আমি সেইফালে গৈ থকাৰ কিবা এক উমান পালে আৰু একেথিৰে আমাৰ ফালে চাই
ল৷ আমি একে ঠাইতে পথাৰত পেট পেলাই পৰি দিলোঁ
বহু সময় পৰি থকাৰ পাছত মন কৰি
লোঁ, হাঁহজাক পুনৰ খাদ্যৰ সন্ধানত
ব্যস্ত হৈ পৰিল৷ আমাক দেখি হাঁহজাক উৰি যোৱাহ
লে আমাৰ অভিযানৰ সিমানতে যৱনিকা পৰিলহেঁতেন৷ কাৰণ
তেনে হোৱাহ
লে Crane-ৰ জাকটো উৰি গুচি গলহেঁতেন৷

আমি পৰি থাকোঁতে বহু ৰাজহাঁহ আমাৰ নিচেই ওচৰতে
পৰিছিল আৰু ওপৰেদি উৰি যোৱা সেই মনোৰম দৃশ্য চকুৰে নেদেখিলে বুজাব নোৱাৰি৷

বহু পৰ তাতে পেট পেলাই পৰি থকাৰ অন্তত আমি
তেনেকৈ প্ৰায়
 চুঁচৰি
চুঁচৰিয়েই
 আগ বাঢ়িবলৈ ধৰিলোঁ চৰাইৰ জাকটোক ওচৰৰ পৰা পৰ্যৱেক্ষণ
কৰিবলৈ৷ প্ৰায় ১০০ মিটাৰ দূৰত্বত আমি ৰৈ দি
লোঁ৷ কাৰণ সকলো চৰায়েই এটা
নিদিষ্ট দূৰত্বৰ পাছত ওচৰলৈ যাবলৈ নিদিয়ে৷ সেইখিনিৰ পৰাই
 চৰাইৰ জাকটোৰ ফট’ ললোঁ
লগতে
 ’লোঁ বহুতো ভিডিঅ’ ফুটে

তাৰ পৰাই চৰাইৰ জাকটোৰ আচৰণ অধ্যয়ন কৰিবলৈ
আৰম্ভ কৰি
লোঁ৷ সুদূৰ ছাইবেৰিয়াৰ পৰা প্ৰত্যেক বছৰে আমাৰ দেশলৈ অহা এই
চৰাইৰ জাকটো নিমাতী-চৰলা অঞ্চলতে লগ পাই সঁচাকৈয়ে বৰ আনন্দ লাভ কৰি
লোঁ
চৰাইজাকে সাধাৰণতে খুব ডাঙৰকৈ মাত মাতে
, কিন্তু সেইদিনা সিহঁতে অলপো
শব্দ নকৰাকৈ খাদ্য খোৱাত ব্যস্ত আছিল৷

পক্ষী পৰ্যৱেক্ষণৰ বেলিকা পক্ষীৰ কিছুমান
বিশেষ আচৰণ চকুত পৰে৷ সেইদিনাও তাৰ ব্যতিক্ৰম নাছিল৷ আমাৰ পৰা
 কেইমিটাৰমান আঁতৰতে চৰি থকা দেও ৰাজহাহঁৰ জাকটোৰ পৰা এটা
হাহঁ
 ৰি আহি আমাৰ ওপৰেদি এটা পাক মাৰি
পুনৰ গৈ সেই জাকটোৰ লগত আকৌ খাদ্য খোৱাত ব্যস্ত হৈ পৰিল৷ এনে লাগিল যে
 সেই বিশেষ হাহঁটোৱে বিপদৰ
কিবা আশংকা কৰি তাৰ সম্ভেদ ল
বলৈহে আহিছিল৷

Wildlife photography-ৰ এই কামবোৰত মই সচৰাচৰ প্ৰকৃতিৰ কিছুমান সৰু সৰু কথা মন কৰোঁ
এবিধ চৰাই চৰি থকা ঠাইত এটা ফৰিং বা তেনে সৰু কিবা পতঙ্গয়ো যদি এক অস্বাভাৱিক ধৰণৰ
আচৰণ কৰে
, লগে লগে সেই পক্ষীবিধ উৰি যাব পাৰে৷ আচলতে কবলৈ গলে প্ৰকৃতিৰ সকলো জীৱৰ
মাজত এটা বিশেষ আচৰণগত বুজাবুজি থাকে
, যাৰ দ্বাৰাই বিপদৰ আগ জাননী সকলোৱে লাভ কৰে৷ জীৱকুলৰ
মাজত থকা এনে মিলা-প্ৰীতিৰ ভাব মানৱ সমাজত যেন কোনোবাখিনিত নাই৷

বাহনা, যোৰহাট