ৰাজীৱ বৰা

হুকাল
খেদিবলৈ উদং গাৰে মেজি পুওৱা ভাল

(এইষাৰ লৈ নিয়ম নমনা নতুনৰ আহুকাল)

শুকান লকচা বনৰ দলিচা পাৰি
কঁপি থাকিলোঁ

পুহ-মাঘৰ গোটেই নিশা
পুখুৰীপৰীয়া পথাৰত
ভেলাঘৰত কেইবাটাও কঁপনি হাঁহ চুৰিৰ দায়
প্রথমটো চুৰটৰ তাপ আৰু
ধোঁৱাৰ বি
জ্‌বিজনি

জীৱনৰ মাঘত নিৰামুহীয়া নহৈ

মঙহৰ সোৱাদ লৈ বাঢ়ি থাকিল
দিন
এতিয়া সোলা মুখ, ডিঙিত খাহীৰ হাড়
ভোগৰ চাকনৈয়াৰ পৰা উধাব
নোৱাৰিলোঁ

ভোগলৈ হাউলি সাঁচনলৈ পিঠি
বৰঘৰ খুঁচৰি কোনোবাই লৈ গ
ঐতিহ্য-সংস্কৃতি
লোটা-ঘটি-বাটি

ভাঙি-গঢ়ি খুন্দি-পিটি বণিকে
সেয়া আমালৈকে আগবঢ়ায়
অলাস্য আৰু ভোগৰ আধামুদা
চকুৰে তৃপ্ত মই

দৃশ্য-দৃশ্য-দৃশ্যৰ আটাহ।
বাকচত চকু গুজি ৰাইজ
নিচাৰ নৰ্দমাত ভোগালী মোৰ
অভিযোগ নাথাকে
উদং পথাৰত বাহৰ কাঠীৰ মহযুঁজ

কঙালীত ৰঙালী৷ কাতিত ভোগালী
পুহত উষ্ণতা

হাগত
কুঁৱলী। কুঁৱলী তলত নিস্তেজ বেলি
বাকচটোৱে দেখুৱাই আছে। মই চাই আছোঁ…
শ্ৰব্য ৰূপ