মিণ্টুৰ ছবি

 মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰ
অনুবাদ : ° ৰমেন ঠাকুৰীয়া

মিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি
আঁকে৷ পদুম ফুল
, মানুহ, ৰজা-ৰাণী কি যে ছবি! সকলোৱে তাৰ ছবি
চাই প্ৰশংসা কৰে৷

মিণ্টুৱেও এদিন ককায়েকে অঁকা ছবিৰ বহীখনৰ পৰা
পাত এখিলা লৈ ছবি এখন আঁকি পেলালে৷ ছবিৰ বিষয় হ
 মাকে তাৰ সৰু ভনীয়েক মিনুক
গাখীৰ খুৱাই আছে৷ ছবিখন আঁকি লৈ সি মাকক দেখুৱাবলৈ গ
ল৷
সেই সময়ত মাকে ওচৰৰে বুঢ়ী আইতাকৰ
  লগত কথা পাতি আছিল৷ মিণ্টুৱে ছবিখন নি মাকৰ
হাতত দিলে৷

মিণ্টুৰ ছবিখন চাই মাকে কলে— ‘‘এই
কাগজখন আৰু কলম তই ক
ত পালি? নিশ্চয় ৰঞ্জনৰেই হ?’’ মিণ্টুৱে কলে— ‘‘ছবিখন
কেনে হৈছে কোৱানা মা৷ কোৱানা৷
’’

— ‘‘তই
ৰঞ্জনৰ দৰকাৰী কাগজ নষ্ট কৰিছ
?’’

— ‘‘নষ্ট
কৰিলোঁ বাৰু
, কিন্তু ছবি আঁকিছোঁ চোৱাচোন৷ সুন্দৰ হৈছেনে?’’

‘‘তোৰ মূৰটো হৈছে৷ এইবোৰ ভূতৰ ছবি আঁকিছ তই৷
ককায়েৰা আহি তাৰ কাগজ আৰু কলম লোৱা কাৰণে তোক ভালকৈ মজা এপালি দিব৷
’’

মিণ্টুৰ ছবিখন নোচোৱাকৈয়ে বাৰে বাৰে তাক
ককায়েকৰ ভয় দেখুৱাওৱা কাৰণে তাৰো খং উঠি গ
ল৷

মাকৰ ওচৰতে বহি থকা আইতাকে এইবাৰ কলে— ‘‘হ্‌-হা কিয়নো তাক এনেকৈ বকিছ? সিনো কি জানে? চাচোন তাৰ মুখখন কেনে কলা
পৰি গৈছে
!’’

মিণ্টুৱে কান্দো কান্দোকৈ তাৰ টেবুললৈ ঘূৰি
আহিল৷ চকীত বহি সি ভাবিলে
 ইমান সুন্দৰ ছবিখন বাৰু মাই কিয় ভূতৰ দৰে হোৱা
বুলি ক
লে৷ ভূতবোৰ বাৰু দেখিবলৈ এনেকুৱাই নেকি? ককায়েকে আঁকি বেৰত আঁৰি থৈ
দিয়া ছবিবোৰ চাই মিণ্টুৱে তাকেই ভাবিবলৈ ধৰিলে৷

মিণ্টুহঁতৰ ঘৰৰ গাতে লাগি আছে পিনাকিহঁতৰ ঘৰ৷
পিনাকিক সি বাইদেউ বুলি মাতে৷ পিনাকিৰ পৰীক্ষা৷ তাই এইকেইদিন দিন-ৰাতি পঢ়াতে
ব্যস্ত হৈ আছে৷ মিণ্টু সিহঁতৰ ঘৰলৈ গৈ সি‍ অঁকা ছবিখন পিনাকিয়ে পঢ়ি থকা কিতাপখনৰ
ওপৰতে ৰাখি দিলে৷ তাকে দেখি পিনাকিৰ খং উঠি গ
ল৷ তাই বিৰক্তিৰে কলে— ‘‘কি
ল? নিজেও নপঢ়া আৰু মোকো পঢ়াত দিগদাৰি কৰিবলৈ আহিছা৷’’

— ‘‘পিনাকি
বা চোৱানা।
’’

— ‘‘কি
চাব লাগে
?’’

— ‘‘মোৰ
ছবিখন কেনে হৈছে কোৱা
?’’

 মিণ্টুৱে জোৰ দি ধৰিলে৷

‘‘একেবাৰে
বান্দৰ হৈছে৷ এতিয়া ইয়াৰ পৰা যা৷
’’ — এই বুলি মিণ্টুৰ ছবিখন মাটিত পেলাই দি পিনাকি
পঢ়াত লাগিল
‘‘দূষিত পানী সেৱন কৰিলে টাইফয়েড, কৃমি, নানান ৰোগ হ
পাৰে৷’’

ছবিখন বুটলি লৈ মিণ্টুৱৈ ভাবিবলৈ ধৰিলে৷ ছবিখন
ইমান বেয়া হৈছেনে
? মাকে কলে ভূতৰ দৰে হোৱা বুলি, পিনাকি বায়েকে কলে
বান্দৰৰ দৰে হোৱা বুলি। বান্দৰৰ দৰে যে হোৱা নাই, সেইটো সি ভালকৈয়ে জানে৷ কাৰণ
সিহঁতৰ ঘৰৰ কাষতে থকা পাণদোকানীজনৰো এটা বান্দৰ আছে
, আৰু সি বান্দৰনাচ দেখুওৱা
বান্দৰ দেখিছে
, চিৰিয়াখানাৰ বান্দৰো দেখিছে৷ সেইবোৰৰ
কাৰো লগতে তাৰ ছবিখনৰ মিল নাই৷ কিন্তু ছবিখনত এয়া যে তাৰ মাক
, ভনীয়েক মিনু কোনেও বাৰু কিয়
বুজি নাপায়৷

সেই দিনা আছিল দেওবাৰ৷ দেউতাকৰ অফিচ বন্ধ৷ ঘৰতে
আছে৷ মিণ্টু দেউতাকৰ কাষ চাপিল। সি জানে, দেউতাকেহে তাক ভাল পায়৷ সি জানিব বিচৰা
সকলো প্ৰশ্নৰ উত্তৰ দেউতাকেহে দিব পাৰে৷ অৱশ্যে তাৰ প্ৰশ্ন শুনি দেউতাকৰো কেতিয়াবা
খোকোজা লাগে৷ কিন্তু দেউতাকে যিমান দূৰ সম্ভৱ তাৰ কথাবোৰ শুনিবলৈ যত্ন কৰে৷
দেউতাকৰ কাষ চাপি
 গৈ সি দেখিলে, দেউতাকে মস্ত কিতাপ এখন পঢ়ি আছে৷ মিণ্টুৱে‍ মাত
লগালে
— ‘‘দেউতা৷’’ দেউতাকে কিতাপৰ পৰা চকু নোতোলাকৈ কলে— ‘‘হুঁ’’
মিণ্টুৱে তাৰ ছবিখন দেউতাকৰ কিতাপখনৰ ওপৰত থৈ ক
লে— ‘‘দেউতা,
কোৱাচোন মোৰ ছবিখন কেনে লাগিছে
?’’

— ‘‘ছবি? কোনে আঁকিলে?’’

— ‘‘মই
আঁকিছোঁ দেউতা৷
’’

দেউতাকৰ মুখত হাঁহি এটা ফুটি উঠিল৷ মিণ্টুৰ
মনটো ভাল লাগি গ
ল৷ দেউতাকে সুধিলে— ‘‘এইখন
কিহৰ ছবি
?’’

দেউতাকৰ কথাত মিণ্টু উৎসাহিত হৈ উঠিল৷ সি কলে ‘এয়া
মা
, এইজনী মিনু৷ মায়ে মিনুক গাখীৰ খুৱাই আছে৷’’

মিণ্টুৰ ছবিৰ কথা শুনি দেউতাকে এইবাৰ জোৰকৈ
হাঁহি মাৰি ক
লে— ‘‘পিছে গাখীৰৰ বাটি ক?’’

দেউতাকৰ কথা শুনিহে মিণ্টুৰ মনত পৰিল
এৰা সিচোন গাখীৰৰ বাটিটো আঁকিবলৈকে পাহৰি থাকিল৷ মিণ্টুৱে ইফালে-সিফালে চাই
দেউতাকৰ টেবুলত পেঞ্চিল এডাল দেখি লৈ আহিল আৰু মাকৰ হাতত গাখীৰৰ বাটি এটা আঁকি
দিলে৷ দেউতাকে এইবাৰ ছবিখন উৰাই-ঘূৰাই চাই তাক ক
লে— ‘‘মাৰাক
দেখুওৱাগৈ যোৱা৷
’’ 

‘‘মাক দেখুৱাইছিলোঁ, মাই কলে
ভূতৰ দৰে হোৱা বুলি
, পিনাকি বাক দেখুওৱাত কলে
বান্দৰৰ ছবি হোৱা বুলি৷ কেনেকুৱা হৈছে তুমি কোৱানা দেউতা
৷’’

‘‘আচ্ছা
তুমি ৰঞ্জনৰ পৰা ছবি আঁকিবলৈ শিকিব পাৰা৷
’’
 দেউতাকে তাক কলে৷ 

— ‘‘কোৱানা
দেউতা কেনে হৈছে
?’’

‘‘ককায়েৰাক
দেখুওৱাঁগৈ যোৱা৷
’’ — এই বুলি দেউতাকে তাৰ গালখন টিপি তাৰ পৰা যাবলৈ
লে৷ 

সেই সময়তে ৰঞ্জনে মিণ্টু, মিণ্টু ক
আছ
 বুলি মাতিবলৈ ধৰিলে৷ ককায়েকৰ মাত শুনি
মিণ্টুৰ পেটত হাত-ভৰি লুকাল৷ সি দেউতাকৰ আৰামী চকীখনৰ পিছপিনে গৈ থিয় দি থাকিল৷
কিছু পৰৰ পাছত ৰঞ্জনে ছে‍ণ্ডেলৰ শব্দ তুলি কোঠাটোলৈ আহি খঙেৰে ক
লে ‘তই
মোৰ চাইনিজ কলমটোৰ নিবটো ভাঙি পেলাইছ
, বহীখনৰ কাগজো ফালিছ। তোক মোৰ বস্তু চুবলৈ মানা
কৰিছোঁ নে নাই
?’’

ককায়েকৰ খং দেখি মিণ্টুৱে তলমূৰকৈ ৰৈ কলে— ‘‘তোমাৰ
দৰে ছবি আঁকিব খুজিছিলোঁ দাদা…৷
’’

মিণ্টুৰ কথা শুনি ককায়েকৰ এইবাৰ হাঁহি উঠিল৷ মিণ্টুৱেও মনতে ভাবিলে, সি
আৰু কেতিয়াও ছবি অঁকাৰ নামত ককায়েকৰ বস্তুত হাত নিদিয়ে৷

পাছ দিনাৰ পৰা মিণ্টুৱে তাৰ কোঠাৰ দেৱাল, বহী, দেউতাকৰ টেবুলৰ কাগজ, বাৰাণ্ডা সকলোতে ছবি আঁকি
ভৰাই দিলে৷ তেতিয়াও কিন্তু কোনেও মিণ্টুৰ ছবিৰ প্ৰসংশা নকৰিলে৷ বৰং গালি-গালাজ
, কাণমলা আদিহে পুৰস্কাৰ পালে
সি৷

শেষত তাৰ দেউতাকে মনতে সিদ্ধান্ত এটা লৈ ৰঞ্জনক
লে— ‘‘তাকো তোমাৰ লগত ছবি আঁকিবলৈ
শিকাবা৷
’’ দেউতাকৰ কথা মানি ককায়েকে তাক ছবি আঁকিবলৈ শিকালে৷ লাহে লাহে মিণ্টুৰ ছবিয়ে
এটা গঢ় ল
বলৈ আৰম্ভ কৰিলে৷ তাকে দেখি মাকেও এদিন কলে— ‘‘চাওঁ
চাওঁ… আমাৰ মিণ্টুৱে কি সুন্দৰ ছবি আঁকিছে!
’’

মাকৰ আগ্ৰহ দেখি মিণ্টুৱে লাজ পোৱাৰ দৰে তলমূৰ
কৰি ৰ
ল৷

 

লেখকৰ ঠিকনা :
গাঁও: সৰপাৰা, কামৰূপ (অসম)
পিন : ৭৮১১২২
ভ্ৰাম্যভাষ: ৮৬৩৮৯০৪৩৮৯