জীৱন এনেকুৱাই

মূল
বাংলা: ৰক্তিম তমাল গাঙ্গুলী
অনুবাদ:
মনালিছা পাঠক নেওগ

ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি
বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান
মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷

ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা ৰাস্তা গলি
যোৱাকৈ ৰ
দ৷ আমাৰ সৰু ঘৰটিত হেণ্ডেল ভগা চকীখনত বহি নিসংগ মই৷ হাতত
শেষ হৈ যোৱা চিগাৰেটটো এ
ছ্‌ট্ৰেত গুঁজিছোঁ
সকলোৱে ভাত ঘুমটি মাৰিছে৷

হঠাৎ ধাম্‌কৈ‍ শব্দ কৰি দৰ্জাখন খুলি চিত্ৰাৰ
আগমন৷ ঠিক ব’হাগ মাহৰ বৰদৈচিলাৰ দৰে ধমহ্‌কৈ‍ ঘৰলৈ সোমালে৷ প্ৰথমে হাতৰ ভেনিটি
বেগটো বিছনাত থ
লে৷ তাৰ পাছত নিজকে৷ এনে লাগিল পিতাৰ দিনতে সজা
বিছনাখনে যেন আজি শেষ নিশ্বাস ত্যাগ কৰিব৷ যাক কোৱা যায়
 খাটৰ
ঘাটলৈ গমন৷

চিত্ৰা অদ্ভুত ধৰণৰ৷ অন্ততঃ মোৰ লগত৷ আমি একেটা
চুবুৰি‍তে ডাঙৰ হৈছোঁ৷ একেজন শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছোঁ৷ মোৰ দুৰ্ভাগ্য যে
কলেজীয়া দিনতে মা-দেউতা দুইজনক একেলগে হেৰুৱালোঁ৷ টিউশ্বন হৈ পৰিল মোৰ উপাৰ্জনৰ পথ
আৰু চিত্ৰাই পালে চৰকাৰী স্কুলৰ চাকৰি৷
 প্ৰতিমাহৰ শেষত চিত্ৰাৰ ওচৰত হাত পতাটো মোৰ এটা
নিয়মৰ দৰেই হৈ পৰিছিল৷ যেনেকৈ শীতত আৱৰণৰ প্ৰয়োজন৷

প্ৰতি মাহৰ আৰম্ভণিতে পৰিশোধ কৰোঁ আৰু শেষৰ
ফালে ধাৰলৈ লওঁ৷ এতিয়ালৈ মোৰ বিছনাত পৰি চিত্ৰা গভীৰ টোপনি গ
ল৷
মোৰ ভাত ঘুম
টিৰ ইচ্ছা ইমানতে সমাপ্ত হল৷
চিত্ৰাৰ ক্লান্ত মুখৰ ফালে চালোঁ৷ হ’বইতো ক্লান্ত৷ এই ব’হাগৰ দুপৰত স্কুটি চলাই
আমাৰ ইয়ালৈ আহিছে৷ তাই এনেকুৱা মাজে মাজে কৰেই৷ কেইঘণ্টামান জিৰণি‍ লৈ একাপ চাহ
খাই গুচি যায়৷ সেই দুপৰীয়াটো মোৰ ভীষণ ভাল লাগে৷ মনে মনে ভাবোঁ
 এনেকুৱা দুপৰীয়া যদি সদায় আহিলহেঁতেন! কিন্তু মোৰ মনৰ ভাবনাটোক মনৰ মাজতেই ৰাখোঁ৷
চিত্ৰাৰ আগত প্ৰকাশ কৰাৰ সাহস মোৰ কোনোদিনেই নহ
ব৷
সেইটো মই খুব ভালদৰে জানো৷ এই যে মই চিত্ৰাৰ টোপনি যোৱা মুখখনৰ ফালে অপলক নেত্ৰে
চাই থাকোঁ
, এইটো কথা যদি তাই গম পায়, তেন্তে মোৰ গালৰ
চামৰা গৰম কৰি দিব৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ গাত হাত তুলিবলৈ নোপোৱাৰ খংটো মোৰে গাতে
তুলি দিব৷

ঘড়ীৰ ফালে চালোঁ। প্ৰায় পাঁচ বাজিবৰে হল৷ সন্ধ্যা
ছয় বজাত মই টিউ
শ্বনলৈ যাব লাগিব৷ দুকাপ চাহ কৰি গান এটা গাবলৈ
ধৰিলোঁ

তোমাৰ
ওই দেহ খানি তুলে ধৰো
, 

আমাৰ এই দেবালয়েৰ প্ৰদীপ কৰো”!

চিত্ৰা শোৱাৰ পৰা উঠিল আৰু ক’লেগুৰুদেৱৰ গানক লৈ যি ধেমালি
কৰে
, তাৰ জীৱনত একোৱেই নহয়, তোৰো নহব৷

মোৰ হাতৰ পৰা চাহৰ কাপটো নি ক’লেনতুন বছৰৰ গিফ্‌টটো তোক গুড্
ফ্ৰাইডে
ৰ দিনা দিম আৰু দুপৰীয়া সাঁজ তোৰ ইয়াত খাম৷ চিকেন বনাবি।
ঠিক আছে৷

ফটকৰে‍ হিচাপ কৰি পেলালোঁ কিমান খৰচ হ’ব৷ তাৰ পাছত মাতটো সৰু কৰি ক’লোঁ— ঠিক আছে সেইটোৱেই হব৷
মহাজনৰ কথা মতে৷

— “এইবাৰ
কিন্তু চৰ খাবি
, বহুত খাবলৈ লৈছ আজিকালি৷

মই ভয়তে অলপ দূৰত গৈ ৰলোঁ৷
চিত্ৰাই বিছনাৰ পৰা বেগটো তুলি ল’লে৷ তাৰ পাছত এ. টি. এম কাৰ্ডটো মোক দি ক’লে
পাঁচহাজাৰ টকা উলিয়াই আনিবিচোন৷ মোক লাগিব৷”

— “তোৰ
টকাবোৰ মোক কিয় এনেদৰে বাৰে বাৰে দিয় বাৰু
?”

— “যিটো
কৈছোঁ সেইটো কৰ৷ পাছ্‌ৱৰ্ডটো মনত আছে নহয়!

চিত্ৰা আৰু মই একেলগে ঘৰৰ পৰা ওলাই আহিলোঁ৷
দুইজন দুফালে ৰাওনা হ’লোঁ৷ ঠিক মোৰ ছাত্ৰৰ ঘৰলৈ সোমাব খুজোঁতেই ম’বাইলটো বাজি
উঠিল৷ বন্ধু বৰুণৰ ফ’ন৷ মই হেল্ল’ ক
বলৈ পোৱাৰ আগতেই সি কলে যিমান সোনকালে পাৰ থানালৈ গুচি আহ৷ চিত্ৰাৰ এক্‌চিডেণ্ট
হৈছে৷ একেবাৰে স্পট্ ডে’ড্৷

মোৰ ভীষণ খং উঠিছিল৷ থানা পালোঁগৈ উন্মত্ত হৈ৷
থানাৰ একোণত যন্ত্ৰ দানৱটো আছিল৷ মই ইটা এটা পাই তুলি ল’লোঁ মাৰিবলৈ। তেনেতে মোৰ
কাণৰ কাষত কোনোবাই ফিচ্‌ফিচাই ক
’লে— “নাই নাই, তোক এনেদৰে নুশুৱায়৷”

ইটাটো দূৰলৈ দলিয়াই দিলোঁ৷ নিজৰ ছাৰ্টটো খুলি
সেই দানৱটোৰ চকাত লাগি থকা ধূলি আৰু তেজৰ দাগ যত্ন কৰি মচি দিলোঁ৷

আজি আৰু মোৰ ওচৰত একোৱে‍ই নাই৷ মাত্ৰ মনত আছে
পাছ্‌ৱৰ্ডটো৷ চিত্ৰা ইমান দূৰলৈ গুচি গৈছে
; তাৰ পৰা যদি তাইক ঘূৰাই অনাৰ পাছ্‌ৱৰ্ডটো
জানিলোঁহেঁতেন!

অনুবাদকৰ
ঠিকনা :
যোৰহাট
ভ্ৰাম্যভাষ:
৯৩৬৫২১৪৪৮২