চ্যালুইনৰ পৰা লুইতলৈ

  চন্দ্ৰধৰ চমুৱা

(যোৱা সংখ্যাৰ পিছৰ পৰা)

ছ্যুৱে‍ দুৱাৰে দুৱাৰে ভুমুকিয়াই গৈ আছে। এঠাইত সি থমকি ৰল। পঁজাৰ দুৱাৰমুখতে দুটা মানুহে কাজিয়া কৰিবলৈ আৰম্ভ কৰিছে। মুখেৰে বা খালী হাতেৰেও নহয়, লাঠী-লুঠাৰেও নহয়, একেবাৰে দা-কুঠাৰ লৈ। ছ্যুৰ পক্ষে ই এটা
অপমানজনক
 দৃশ্য তাক অহা দেখি
বাহিৰত থকা মানুহবোৰে সমীহ কৰি আঁতৰি দিছে
, আৰু ইহঁত দুটাৰ খবৰেই নাই; ইহঁতৰ ওচৰত থকাবোৰে দুয়োটাকে দুফালে আঁতৰাবলৈ যত্ন কৰিছে। ছ্যুৱে‍ দেখি হতবাক হল। লোকৰ দেশ লোকৰ মাটিত এই মানুহবোৰৰ এয়া কিহৰ কাজিয়া? সি লগত থকা তাৰ চন্তৰীটোৰ যোগে মানুহ দুটাক ওচৰলৈ
মাতিলে

বাকী
বিলাকেও সিহঁতক হেঁচি-ঠেলি লৈ আহিল আৰু তাৰ
ওচৰত আঁঠু কঢ়াই দিলেহি
 মানুহবোৰে গোচৰ দিলে
যে সিহঁত দুটাই লাও খাই কাজিয়া কৰিছে।

লাও খাইছে?”

হয় ইহঁত দুটাই লাও খাই কাজিয়া কৰিছে। এজনে কলে।

ইহঁতে লাও কত পালে?”

গাঁৱৰ ফালে গৈ খাই আহিছে আৰু চুঙাত ভৰাই আনি ইয়াতো খাইছেহি।”— আন এজনে কলে।

ছ্যু চিন্তিত হল। এনেকৈ উৱাদানিকৈ লাও পিবলৈ হলে এই মানুহবোৰক বিদেশত নিয়ন্ত্রণ কৰাই কঠিন হব দেখোন! লুক-লাও বা নাম্‌-লাও, ৰহি বা পানী দিয়াযি লাৱেই নহ, তাই মানুহেতো এনেকৈ খাই বলিয়ালি নকৰে! হিখিনিতো দেৱতাৰ উদ্দেশ্যে উর্গা নকৰাকৈ ঘৰৰ বুঢ়া-বুঢ়ী আনকি পুৰোহিতেও নাখায়। নপুৰুষৰ ডাম আৰু ফীসকলক চাকি-বন্তি দি তুতি-প্রার্থনা কৰিহে নতুন কলহৰ ৰস বকাৰ
নিয়ম। বুঢ়া-বুঢ়ী মানুহে প্রথমৰ ৰস গ্রহণ কৰাৰ পাছত বাকীসকলক দিয়া হয়
, তাকো মূল ঘৰৰ চাং বা মজিয়াতহে, তে-ততে নহয়। খোৱাৰ পাছত কাৰো বচন আৰু ব্যৱহাৰত কোনো হীন-ডেঢ়ি হব নালাগিব। সেয়া হলে দেৱতাৰ খাদ্যৰ মর্যাদা নষ্ট কৰা হয় বুলি
ধৰা হয়
, আৰু খাদ্যৰ মর্যাদা নষ্ট কৰা মানেই দেৱতাক অপমান কৰা।
সেয়ে খাই-বৈ বলিয়ালি কৰাটো তাই সংস্কৃতিত নাই। তাৰ আজি এই বিষয়ে মনত পোনপ্রথম
বাৰৰ বাবে এটা ভীতিৰ সঞ্চাৰ হৈছে
; চিন্তা হৈছে। বেলেগ দেশত বিভিন্ন জাতিৰ সুৰাপায়ী মানুহৰ সংস্পৰ্শত তাই
সুৰা-সংস্কৃতিয়ে যদি বিকৃত ৰূপ লয়!

আজি ইহঁতে দেৱতাক অপমান কৰিছে, ইয়াৰ দণ্ড কি হব পাৰে?”— ছ্যুৱে‍ সিহঁত দুটালৈ চাই গৰজি‍
প্রশ্ন কৰিলে। মানুহবোৰে নীৰৱ-নিস্তব্ধ হৈ তাৰ মুখলৈ চাই থাকিল। খন্তেক কাঁহ পৰি
জীণ যোৱা অৱস্থাৰ অন্তত সি পুনৰ কলে
— “সৌ গছজোপাত
ইহঁত দুটাক পিঠিয়া-পিঠিকৈ বান্ধা।

চাৰি-পাঁচজন মানুহে নাতিদূৰত থকা আমগছজোপালৈ সিহঁতক লৈ গল। এজনে কেইফালমান ফলীয়া বেত আনি দিলে। নির্দেশমতেই বুকু, কঁকাল আৰু ভৰিত তিনিটাকৈ বান্ধ দি সিহঁতক থিয়কৈ ৰখা হল। তাৰ পাছত ছ্যুৱে‍ হেংদানৰ খাপৰ ওপৰত
থকা নালটোত হাত থৈ কলে
 “এতিয়া তহঁতে ওপৰলৈ হাত তোল। সিহঁতে হাত তুলিলে। ওঁ, এতিয়া হাত ননমাবি। ওপৰলৈ হাতযোৰ কৰি তহঁতৰ নপুৰুষৰ দেৱতাৰ নামত প্রার্থনা কৰ। সিহঁতে প্রার্থনাৰ মুদ্ৰাত ৰল। , চাও নুৰু চাও কাও ঐ.. সিহঁতে সেইমতে উচ্চাৰণ কৰিলে।

ইতিমধ্যে ছ্যু-কাফাৰ দলত যোগদান দিয়া মংখান, মংখ্ৰুদাই, মংখা, মংপুন, মংফু আৰু মংগালী আদি প্ৰান্তৰ সামৰিক বিষয়াসকলো আছে। এই দুটা মানুহ কাৰ অধীনত
আহিছে সেইমতে বিচাৰৰ বাবে সি ওচৰতে পোৱা বিষয়া এজনকে দায়িত্ব দিলে
 “তহঁত কেতিয়ালৈকে
এইদৰে থাকিব লাগিব সেয়া সংশ্লিষ্ট বিষয়াৰ ওপৰত নিৰ্ভৰ কৰিব। মই আহিছোঁ
 সি সেইখিনিৰ পৰা আঁতৰি আহিল। কিছু দূৰে দূৰে দেখা পোৱা বিষয়াসকলক ওচৰলৈ মাতি
সকীয়াই দিলে এনে ঘটনাৰ পুনৰাবৃত্তি
 যাতে নিজৰ নিজৰ অধীনস্থ মানুহৰ মাজত নহয়।

ইয়াৰ পাছত বেগেৰে সি ৰাজকাৰেঙৰ ফালে যাত্রা কৰিলে। সুখৰ মাজত দুখ, জয়ৰ মাজতে পৰাজয় আৰু উচ্চাকাঙ্খাৰ মাজতে হতাশা সোমাই
আছে
; চকুৰে নেদেখাকৈ আৰু মনেৰে নভবাকৈ সেয়া এদিন জল্‌জল্‌পট্‌পট্‌কৈ ওলোৱাৰ আগতেই মানুহে বহু দূৰ আগবাঢ়ে। মাও-লুঙৰ প্ৰতাপী সেনাপতি, একছত্ৰী সম্রাট ছ্যু-খান্‌-ফাৰ ভায়েক চাম্‌-লুঙ্‌-ফাৰ জীৱনলৈ ভৰ যৌৱনতে কিয় আৰু কেনেকৈ নামি আহিল এই দুর্যোগ, যিটো ইমানবোৰ সুযোগৰ মাজত নেদেখাকৈ লুকাই আছিল? সিও এক কাহিনী। সেয়া
বহু কাহিনীৰ সমাহাৰ হ
লেও মূল কাহিনী এটাই। ছ্যুৱে‍ যে মঙ্‌-মিত্‌ এৰি ৱাইছালি দেশ পোৱাৰ লক্ষেৰে যাত্ৰা আৰম্ভ কৰিছে,
তাৰ অন্তৰালত এই কাহিনীৰ ইন্ধন আছে। সি বুজিছে এতিয়া চা
ম্‌-লুঙ্‌-ফা নিখোজ, মৃত অথবা অসহায় হোৱাৰ পথত।

চীনৰ চে-চুংতু অধিকাৰ কৰাৰ পাছত ছ্যু-খান্‌-ফাই ভায়েক
চাম-লুঙ্‌-ফাক চাৰি লাখ সৈন্য দি না
ন্‌চাও আক্রমণ কৰালে আৰু তা-লিফু পর্যন্ত অঞ্চলবোৰ অধিকাৰ কৰিলে। এই সাফল্যৰ পাছত
সেনাপতি চাম-লুঙ্‌-ফাই দক্ষিণ-পূবৰ ফালে মন মেলিলে। সৰু সৰু ছান ৰাজ্যবোৰ মাওলুঙৰ
অধীন কৰি চি
ন্দুইন নদী পাৰ হৈ বেপেৰুৱা পথেদি পশ্চিমলৈ
সোমাই বৰাক উপত্যকাৰ মাজখণ্ডত প্ৰৱেশ কৰে
; তাৰ পশ্চিমলৈ সোমাই বৰাক উপত্যকাৰ
মাজখণ্ডত প্রৱেশ কৰে
; তাৰ পাছত দক্ষিণ-পশ্চিমলৈ অগ্ৰসৰ হৈ ত্রিপুৰা ৰাজ্য জয়
কৰে
; উজাই আহি মগলু (মণিপুৰ) দেশ দখল কৰে। লগত দুজন মন্ত্রী আৰু ৯ লাখ সৈন্য৷ মগলু
দেশৰ পৰা আই
তূন খাম-য়াঙেদি বেলেগ এটা অভিযান চলাই অনেক
নগা ৰাজ্য আৰু মিচিমিসকলক তলতীয়া কৰিলে
, আৰু শেষত লুইতৰ উজনীলৈ পাহাৰৰ
নামানিত থকা টিউৰা (চুতীয়া) ৰাজ্য আক্রমণ কৰিলে। সেই সময়ত টিউৰা ৰাজ্যত গৃহকন্দল
চলি আছিল
, তাতে ইমানবোৰ মাও-ছান সৈন্যৰ সন্মুখীন হোৱাটো অকলশৰীয়া কোনো ৰজাৰ ক্ষেত্ৰতেই
সম্ভৱ নাছিল
, আৰু সেই ৰাজ্য হেলাৰঙে মাও-ছান্‌ সৈন্যৰ অধীন হল। তাৰ পাছত চাম-লুঙ্‌-ফাই মৰাণ, বৰাহী) আদি সৰু সৰু ৰাজ্যবোৰ দখল
কৰিলে। আৰু ইয়াতে দুখণ্ড ৰাজ্য
 পাতি যথাক্ৰমে বদৌচা আৰু থাকুম্‌থাক শাসনকর্তা পাতিলে। এতিয়া
চাম-লুঙ্‌-ফাই মাও
-লুঙ্‌লৈ ঘূৰি যাব খুজিলে।
এইখিনিতেই আৰম্ভ হ
ল চাম্-লুঙ-ফাৰ বিপৰ্যয়ৰ কাহিনী।

চাম-লুঙ্‌-ফাৰ পৰিণতি সম্পর্কে ছ্যুকা-ফাই বহু
কথাই শুনিছে
 আৰু আটাইবোৰ কথাই এক কুহেলিকাৰ সৃষ্টি কৰি চাম-লুঙ্‌-ফাৰ জীৱন নাটৰ দৃশ্যটোকে
যেন ৰহস্যময় কৰি তুলি
ছে৷ ৱাইছালি‍ দেশৰ ফালৰ পৰা অহা সংবাদমতে চাম-লুঙ্‌-ফাৰ লগত থকা সিয়ান মন্ত্রী
দুজনে মাও-লুঙলৈ কটকী পঠাইছিল বোলে চাম-লুঙ্‌-ফাই ৰাজধানীলৈ গৈ ককায়েকক আঁতৰাই
সিংহাসন ল
ব খুজিছে। ছ্যু-খান্‌-ফাই কথাটো জানি মাজবাটতে ভায়েকক নিধন কৰাৰ আঁচনি কৰিলে। আঁচনিমতে সম্রাটে
ভায়েকক আগবঢ়াই নিবলৈ মানুহ পঠাইছিল আৰু সেই মানুহে মওগঙতে তেওঁক বিহ খুৱাই
মাৰিলে। ইফালে মাওলুঙৰ ফালৰ পৰা অহা মানুহৰ মুখেদি জনা গ’ল যে ভায়েক চাম্-লু
ঙ্‌-ফাৰ বীর্য, পৰাক্ৰম দেখি সম্রাট ছ্যু-খান্‌-ফা ভীত-সন্ত্রস্ত হৈ
পৰিছিল
, তেওঁৰ চকুলৈ টোপনি নহা হৈছিল; পোৱালি‍ বাঘ নিজেই ডাঙৰ কৰি এতিয়া নিজকে খায়হে লাগে; গতিকে তেওঁ স্থিৰ কৰিলে বাঘটো চলে-বলে-কৌশলে ধৰিব লাগিব। এই কথা ৰাজমাও
নাম-আপে হেনো গম পালে আৰু গম পাই সৰু পুতেক
 চাম-লুঙ্‌-ফালৈ গোপনে দূত পঠিয়াই জনালে যাতে সি ৰাজধানীত
নোসোমায়গৈ। মাকৰ বাতৰি পাই চাম-লুঙ্‌-ফা হেনো য
তে আছিল ততে থাকি গল। মুখ বাগৰি অহা অন্য এক কাহিনীয়ে অন্য ধৰণে‍ও কয়: ছ্যু-খান্‌-ফাৰ এগৰাকী ৰাণীক লগত লৈ তেওঁ চীন দেশলৈ গৈ আশ্রয় লৈছে। কোনোৱে কয়
খান্-খাম্-চৌ নামৰ সেইগৰাকী ৰাণী
 চাম-লুঙ্‌-ফাৰ লগত যোৱা নাছিল, ছ্যু-খান্‌-ফাৰ অন্যায়
বুজি প্রতিবাদ কৰি পতিগৃহ ত্যাগ কৰি বেলেগেহে চীনৰ পিতৃগৃহলৈ গৈছিল। সেয়ে হ’লেও
 চাম-লুঙ্‌-ফাৰ পৰা বিপদ আঁতৰিছে। এটা বাৰি মতে চাম্‌-লুঙ্‌-ফা ৱাইছালি দেশতে আত্মগোপন
কৰি আছে আৰু ছ্যু-কা-ফাক হেনো তেওঁ মাতি আছে। ছ্যুৱে‍ এইটো সমূলি বিশ্বাস কৰা নাই।
সি মুঠতে বুজি উঠিছে যে সকলো কাহিনী-উপকাহিনী গৈ এটা কথাত মিলিছে
, সেয়া হৈছে চাম্‌-লু-ফাৰ পতন। সি মঙ্‌-মিতৰ পৰা বিশ্বাস কৰি আহিছে সেইটো কথাত যিটো তাৰ ককায়েক নয়-ছান-ফাই তাক
মওগঙৰ পৰা গোপনে পত্ৰযোগে জনাইছিল। আজি ককায়েকৰ লগত সি এই বিষয়েও আলোচনা কৰাৰ
কথা।

যথাসময়ত সি কাৰেঙত গৈ উপস্থিত হল। ককায়েক
নয়-ছান-ফাৰ লগত সি এতিয়া ঘৰুৱাভাৱে বহু কথা আলোচনা কৰিব। ককায়েকৰ কাষতে
নৰা-পীৰা এখনতে
 সি বহিল৷ দুয়ো প্রথমে পশ্চিমফালে
যাত্রা কৰাৰ সুবিধা-অসুবিধাৰ বিষয়ে নানা দিশ
 আলোচনা কৰিলে। ৱাইছালিলৈ যাবলৈ হলে হুকং
উপত্যকাইদি এশাৰী পৰ্বতৰ ফালে
 বাট পোনাব লাগিব। তাৰ পাছত আকৌ এটা উপত্যকা পোৱা যাব, আকৌ আৰম্ভ হব পর্বত-পাহাৰ। মানুহৰ কষ্ট হ, জিৰাই-শঁতাই যাব লাগিব। ৰচদ-পাতিৰ কাৰণে কোনোবা ঠাইত হয়তো কমেও ছমাহ
থাকিব লাগিব
, কাৰণ আৰম্ভ কৰা শালি ধানৰ খেতি ছমাহৰ কমে উঠাব পৰা নাযায়। সেয়াও বেছি চিন্তাৰ বিষয় নহয়। চাম-লুঙ্‌-ফা যে ৱাইছালি দেশৰ ফালে
নাই আৰু সেই বীৰৰ লগত যে কোনো কালে ভেটাভেটি হ
ব নালাগে এয়াও
নিশ্চিত। নয়-ছা
ন্‌-ফাই যিটো কথা চাম-লুঙ্‌-ফা সম্পৰ্কত কলে সেইটোৱেই ছ্যু-কাফাৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য। সেয়া হৈছে ছ্যু-খান্‌-ফাৰ মানুহে তেওঁক মওগঙতে বিহ খুৱাই মাৰিলে। নহলেনো এই হেন বীৰৰ উৱাদিহ নোলায়নে?” ঈষৎ বক্ৰ হাঁহিৰে নয়-ছান্‌-ফাই মন্তব্য কৰিলে, “বেচেৰাই বৰ হেঁপাহেৰে মওগঙত নগৰ পাতিছিল।

পূর্বৰ গোপন চিঠিৰ উপৰি নয়-ছান্‌-ফাই নিজ মুখে ছ্যুক
কোৱাৰ পাছত চাম-লুঙ্‌-ফা সম্পর্কত সকলো সন্দেহ দূৰ হ
, আৰু এতিয়া তাৰ মনৰ কথাটো কবলৈ আৰম্ভ কৰিলে যিটো
আগতে সি তেওঁৰ আগত কোৱা নাছিল।

ইতিমধ্যে মই বহুতো তথ্য সংগ্রহ কৰিছোঁ। সেইবোৰ তোমাক আজি কম। মঙ্‌-মিতত থাকোঁতে মোৰ ওচৰলৈ চাম-লুঙ্‌-ফাৰ অধীনত কাম কৰা এজন সামৰিক বিষয়া
গৈছিল। তেওঁৰ মুখে দিগ্বিজয়ৰ বিৱৰণ
, ৱাইছালি দেশৰ নদ-নদী, পাহাৰ-ভৈয়ামৰ বিৱৰণ, কোন ঠাইত ডাঠ অৰণ্য আছে, ক’ত কিমান মানুহ আছে, মানুহবোৰৰ আচাৰ-নীতি, ধৰণ-কৰণ, খাদ্য-প্রণালী ইত্যাদি বহু বিষয়ৰ কথা মোৰ অৱগত হৈছে। সকলো বুজি মই এখন
মানচিত্ৰত আঁকি লৈছোঁ। ই সম্পূর্ণ শুদ্ধ নহ
বও পাৰে, কিন্তু ই ঠাইখনৰ বিষয়ে মোটামুটি এটি ধাৰণা নিশ্চয় দিব। সি চাপ্‌কনৰ তলৰ পৰা চীনা তুলাপাতৰ সৰু নুৰা এটা উলিয়াই ককায়েকৰ আগত মেলি ধৰিলে। নয়-ছান্‌-ফাই ভালকৈ চালে। তুলাপাতৰ ঘুগুলা হোৱা অংশবোৰত কিছু আঁচ অস্পষ্ট হৈ গৈছে। ছ্যুৱে‍ আঁচবোৰ দেখুৱাই বুজাই যাবলৈ চেষ্টা কৰিলে নয়-ছান্‌-ফাই উপলব্ধি কৰিলে যে তেওঁৰ এই ভায়েকটো তেওঁ ভবাতকৈ অনেক দূৰদৰ্শী আৰু
বুদ্ধিমান।
 শুনা ককাইদেউ,” সি কৈ গ, “এইবোৰ কথা আৰু
মানচিত্ৰৰ বিষয়ে দুই মন্ত্রী আৰু তিনিজন পণ্ডিতৰ বাহিৰে আনে নাজানে
, আৰু তেওঁলোকৰ পাছত এতিয়া জানিছা তুমি। আমি যে এখন নতুন ৰাজ্য পাতিবলৈ আহিছোঁ,
সেয়া সকলোৱে জানে
; কিন্তু সেই ৰাজ্যৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে সকলোৱে নাজানে। ভাবিছোঁ, সেই দেশ
সোমোৱাৰ আগতে বৰমেল পাতি
 কথাবোৰ বিতংভাৱে
আলোচনা কৰি সকলোকে‍ অৱগত কৰিম। এটা ডাঙৰ
 কথা কি জানা ?” নয়-ছান্‌-ফাই তাৰ মুখলৈ চালে। ডাঙৰ কথাটো হৈছে আমি যিখন দেশ ৱাইছালি দেশ বুলি
কৈছোঁ, সেইখন দেশৰ মানুহে নিজৰ দেশখনক ৱাইছালি
 বুলি নকয়, ভাটিৰ ফালে তেনে নামৰ দেশ আছে বুলি ভাবে, ত আছে ক’ব নোৱাৰে। গতিকে আমাৰ ধাৰণাৰ ৱাইছালি দেশখনৰ ভিতৰত এই মানচিত্রত
দেখুওৱা মতে ক্ষুদ্র অঞ্চল আৰু ৰাজ্য আছে আৰু মানুহবোৰে সেইবোৰ বেলেগ বেলেগ
কিবা-কিবি নামেৰেহে জানে।
 ছবিখন দেখুৱাই সি কৈ গল। কিন্তু আমাৰ বাবে তাতকৈ ডাঙৰ কথাটো হৈছে…নয়-ছান্‌-ফাই পুনৰ তাৰ মুখলৈ অধিক
কৌতূহলেৰে চালে।
 ডাঙৰ কথাটো হৈছে: সেই
বিষয়াজনে কৈছিল
 চাম-লুঙ্‌-ফাই হেনো মোক ৱাইছালি দেশলৈ মাতি পঠাইছে। এতিয়া চাম-লুঙ-ফা নাই, কিন্তু মোৰ স্পষ্ট ধাৰণা হৈছ সেই দেশত তাই-মানুহৰ বাবে তেওঁ এটা সুন্দৰ বাট
কাটি ৰাখিছে।

তই তেনেহলে ৱাইছালি-লুঙৰ ফালে যোৱাটোকে স্থিৰ কৰিছ?” নয়-ছান্‌-ফাই এইবাৰ স্পষ্টকৈ সুধিলে।

ঠিক স্থিৰ কৰা বুলি কব নোৱাৰি; কিন্তু তোমাৰ ইয়াৰ পৰা সোনকালে
ভটিয়াই যোৱাটো খাটাং।
ছ্যুই কলে।

ভাই ছ্যু! মই এটা নতুন কথা ভাবিছোঁ।

নতুন কথা !মানে…

এৰা ! ঠিক নতুন কথা বুলিব নোৱাৰি; কিন্তু কিছু দিনৰ পৰা ভাবি আছো

সেয়া কি ককাইদেউ?”

আমাৰ নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিমত সাৰুৱা উপত্যকাৰে এখন ঠাই আছে। তোৰ লগতে
ইমানবোৰ প্ৰজা আছে
, মইও সহায় কৰো, আৰু দুয়ো লগ লাগি তাতে এখন নতুন ৰাজ্য পাততা। কি কৱ?”

ককাইদেউ! সেই ৰাজ্যওতো মাও-লুঙৰ ছান সাম্রাজ্যৰ দাঁতি কাষৰীয়াহে! ভাইককাইৰ লগত ভালে থাকিবলৈ হলে সীমা-মূৰলিৰ পৰা
আঁতৰত থকা ভাল।
 ছ্যুই কলে আৰু ককায়েকৰ মুখলৈ চালে। দেখিলে ককায়েক কিছু আৱেগিক হৈ পৰিছে। সি তলমূৰ কৰি ৰল। নয়-ছান্‌-ফাই উত্তেজনা ব্যক্ত কৰি কলেঃ।

কিন্তু মাও-লুঙৰ সম্রাট ছ্যু-খান্‌-ফাক তই কিয়
ককাই ভাই বুলি গণ্য কৰিব লাগে
? আৰু তোৰ আপোন ককাইদেউ ছ্যু-জৎ-ফাৰ কথা পাহিৰিলি? তেওঁক নিজৰ ঘৰৰ ভিতৰতে
বেঢ়ি ধৰি শিয়াল-কুকুৰৰ দৰে মৰা কথা তোৰ মনত নাই!
 আবেগ সম্বৰণ কৰি
খন্তেক নয়-
ছান্‌-ফা কিছ্যু গহীন
হৈ ৰ
ল। তাৰ পাছত মনৰ গুপুত কথা এটা কোৱাৰ প্ৰস্তুতিৰে আৰম্ভ কৰিলেঃ এতিয়া চা, মাও-লুঙৰ বল লাহে লাহে টুটি আহিব; সেই দিনলৈ সৰহ কাল নাই। দুষ্কৃতিয়ে জন্ম দিয়ে দুষ্কৃতিৰ। নিজৰ দুষ্কৃতিৰ জালত সি নিজে পৰি মৰিব। এতিয়া সেই ভ্রাতৃহন্তাৰ বিৰুদ্ধে আমি সময়ত দুয়ো
কিয় একগোট হ
ব নোৱাৰো ?”

খন্তেক কাৰো মুখত মাতনাই।।

কিন্তু ককাইদেউ ! প্রতিশোধৰ ৰাজনীতিয়ে প্ৰজাৰ উপকাৰ সাধন নকৰে। প্রতিশোধ
ব্যক্তিৰ চাৰিত্ৰিক পৰিতৃপ্তিৰ মাজতে সীমাবদ্ধ।
 ছ্যুই অৱশেষত মন্তব্য
কৰিলে। নয়-ছা
ন্‌-ফাই যেন অলপ দম ললে। তেওঁ এটা দীর্ঘশ্বাস এৰিলে আৰু লাহেকৈ আৰম্ভ কৰিলে ?

ভাই ছ্যু! ইতো এয়া ডাঙ কথা কলি! ইমানবোৰ গভীৰ চিন্তা মই কৰা নাই। চা বাৰু, আমি পৃথিৱীৰ মানুহ, মানুহৰ চাৰিত্রিক প্রবৃত্তিৰেই আমি পৰিপুষ্ট। মই ভাবো স্বৰ্গৰ শিক্ষা স্বৰ্গৰ
লোকৰ কাৰণেহে।
 ইয়াৰ পাছত তেওঁ কিছু খোনোৱাৰ দৰে কৰি কলে, তে…তে… নেহলে সেই স্বৰ্গৰ সন্ধানতে যাগৈ। ভা…ভাল বাৰু, ৰং বয়বয়।

ছ্যুই দেখিলে যে ককায়েকে আচলতে তাক তিৰষ্কাৰহে কৰিছে। কি কথা কৈ সি এতিয়া
মনৰ জুৰণি দিব
? কথাকেইটা সি খন্তেক ভাবি জুকিয়াইললে।

তুমিতো জানাই, মই তোমাৰ আশীর্বাদ বিচাৰিহে তোমাৰ ৰাজ্যত আছেহি। মই ছ্যু-খান্‌-ফা বা চাম্‌-লুঙ্‌-ফাক তেজ মঙহৰ ককাই-ভাই বুলি
আৰু এতিয়া গণ্য নকৰো। মই বাকী বংশ-পৰিয়াল আৰু মিতিৰ কুটুম্বৰ কথাহে কৈছোঁ। চাবলৈ
গলে আমাৰ জ্ঞাতি বর্গয়েই ককাই-ভাই। মই মাত্র কৈছোঁ যে ওচৰত থাকিলে এদিন নহয় এদিন
জ্ঞাতিৰ লগত কাজিয়া হ
বই। হয়তো…হয়তো তোমাৰ সতি-সন্ততিৰ লগতে
এদিন..
 সি কিছু ঘেঁহালে।

বুজিছোঁ। মইমাত্ৰ মোৰ কব লগা শেষ কথাষাৰহে কলো। পশ্চিমলৈ তোৰ যাত্ৰাৰ বাবে মোৰ শুভেচ্ছা নিশ্চয় আছে আৰু থাকিব।নয়-চান্-ফাই কোমল সুৰত এইবাৰ কলে। তেনেহলে মই তোক নৰা ৰাজ্য পাৰ কৰি আগবঢ়াই থৈ আহিম। মোৰ সৈন্য দলে যি কোনো
পৰিস্থিতিত সহায় কৰিব। ইচ্ছা কৰিলে কোনো কোনো মুনিহ-তিৰোতা তোৰ লগত যাবও পাৰে।
ৰচদ-পাতিও কি
ছু পাবি।

ধন্যবাদ ককাইদেউ। তোমাৰ মৰম আৰু উদাৰতাৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিম। তেনেহলে..

তেনেহলে মানে এতিয়াই যাত্ৰা কৰিব নালাগে। দুদিনমান থাকি যা। পৰিস্থিতিবোৰ আৰু
কিছ্যু অধ্যয়ন কৰি ল।

মইও তাকেই ভাবিছে। দ্বিতীয়তে ভাবিছো ৱাইছলি দেশত সোমোৱাৰ আগতে কৰবাত পাহাৰ অথবা দ
অঞ্চলৰ বসতিশূন্য ঠাইত লাগিলে দুই এবছৰ খেতি-খোলা
 কৰি থাকিম। তোমাৰ ৰাজ্যৰ ওচৰত থাকিলে বিপদত তুমিতো সহায় কৰিবা৷ এবছৰ ভালকৈ খেতি-বাতি কৰিলে নতুন অভিযানৰ কাৰণে ৰচদ-পাতিৰো যোগাৰ ব। সি কলে।

আচনিটো বেয়া নহয়। ধানৰ কঠীয়া লগত আনিছ জানো?”

অনা নাই। সংগ্রহ কৰিব লাগিব।

ঠিক আছে, নৰা ৰাজ্যৰ ৰাজ-ভঁড়ালতে শালি ধানৰ বহু জাতৰ কঠীয়া আছে। প্রজাৰ পৰাও পাবি।
টোম সজাই ভৰাই মেলি মানুহৰ কান্ধত দি লৈ যাবি।
 নয়-ছান্‌-ফাই কলে। ছ্যু আনন্দিত হল। সি খন্তেক পাছত উঠিব খুজিলে। এনেতে নয়-ছান্‌-ফাৰ চন্তৰী এজনে খবৰ দিলে যে হাতী-দুৱাৰত কুৰিজনমান অশ্বাৰোহী ৰৈ আছেহি। দলপতিজনে
চাওফা ছ্যু-কা-ফাক ইয়াতে লগ পাব খোজে। জৰুৰী বা
ৰ্ত্তা আছে হেনো।

বাৰু বাৰু, মই শিবিৰলৈ গৈ আছোঁ। তাতে…ছ্যুই কলে। ইয়ালৈ মাতি দিয়াতো কোনো বাধা নাই। অৱশ্যে
গোপন বার্তা থাকিলে মই খন্তেক আঁতৰি দিম।
 নয়-ছান্‌-ফাই কলে।

নাই নাই, মই কোনো কথাই তোমাৰ পৰা গোপন নকৰো। বৰঞ্চ তোমাৰ উপস্থিতিত যিকোনো সমস্যাৰ বিষয়ে
আলোচনা আৰু সিদ্ধান্ত কৰিব পাৰিলে ভালেই পাম।
 ছ্যুই কলে। তেনেহলে মানুহজনক ইয়ালৈকে… সি ককায়েকৰ মুখলৈ চালে।

নয়-ছান্‌-ফাই মানুহজনক আহিবলৈ অনুমতি দিলে।
হাতী দুৱাৰলৈ যথেষ্ট দূৰ হোৱাৰ কাৰণে কি
ছুসময় অপেক্ষা
কৰিব লগীয়া হৈছিল।

বাৰ্ত্তাটো তেনেই সহজ। মাও-লুঙৰ শত্রু সৈন্য নাম্‌কিউ পাৰ নহল। সিহঁত উভতি গৈছে। অৱস্থাটো সম্পূর্ণ নিৰীক্ষণ কৰি নিশ্চিত হওঁতে চন্তৰীসকলৰ
অৱশ্যে এসপ্তাহ লাগিল। কি
ছু দক্ষিণলৈ গৈও ঘাট
পাৰাপাৰ হোৱা মানুহৰ পৰা পৰিস্থিতিৰ বুজ লবলগীয়া হোৱাৰ বাবে এনেকৈ পলম হৈছে। সি
যি কি নহ
, মাও-লুঙৰ সৈন্যই পুনৰ খেদি অহাৰ সম্ভাৱনা নাই। তাতে সম্রাটে সিহঁতক মঙ্‌-মিতলৈহে পঠাইছিল, নৰা দেশলৈকে আগুৱাবলৈ নিদের্শ নাই।