সোণৰ কণীৰপৰা সোণৰ কণালৈ

পৰী পাৰবীন



আদম আৰু ইভৰ বীজগণিতীয় সূত্ৰটোৰ সৈতে
যুঁজ দিয়াৰ সময় এটা আহি পৰিছিল হঠাতে মোৰ জীৱনত। ধৰি লোৱা হৈছিল
, আদমে ফলটো নাখাব আৰু
ঈশ্বৰ-পিতৃৰ বচন মানি আদম ইভৰ পৰা দূৰৈত অৱস্থান কৰি ৰ
ব।
বাগানৰ
  সুমিষ্ট ফলৰ মাজত
উমলি-জামলি ভাগৰুৱা হোৱা ইভৰ শয়নৰতা কোমল মুখখনেও মোহাৱিষ্ট নকৰিব আদমক (ধৰি লোৱা
হৈছিল এইদৰে)। কিন্তু সূত্ৰটো তেনে হোৱা নাছিল।

সহস্ৰ যোজন অতিক্ৰম কৰি আদম এদিন কোনোএটা
নিৰ্জন দ্বীপত উপস্থিত হৈছিল। শুকান বালিচৰত সাগৰে সৃষ্টি কৰা প্ৰচণ্ড ঢৌৰ গৰ্জনে
আদমৰ অন্তৰাত্মাত খলকনি তুলিছিল। এই খলকনিৰ পদে পদে আদমে অনুভৱ কৰিছিল যে সৃষ্টিৰ
কিবা এক ৰহস্য আছে
, সৃষ্টিৰ কোনো এক তাড়না আছে। কিন্তু একে সময়তে সৃষ্টিৰ বাবে
আন এক চলকৰো প্ৰয়োজন আছিল। হয়
, ইভ্ আছিল, কেৱল ইভ্ আছিল তাৰ এই নিৰ্জনতাৰ সাক্ষী হৈ। আদমৰ দৰেই ইভো এক চলক ৰাশি। এই
দুই চলক ৰাশিৰ মাজত এটা সমীকৰণ। একে একে দুই। নতুবা এক আৰু একৰ যোগফলত নতুন এটা
চলকৰ সৃষ্টি। বীজগণিতৰ সূত্ৰৰে বান্ধ খাই আদমে চিন্তা কৰি ৰৈছিল
, ইভেও বাৰু তাৰ দৰেই এটা সমীকৰণৰ সমাধান কৰিবলৈ উৎসাহী নে? সৃষ্টিময়তাৰ যুদ্ধ-যন্ত্ৰণাত ইভো ছটফটাই মৰেনে?

এনে এটা সমীকৰণ প্ৰযোজ্য কৰিবলৈকে কোনো
এক মায়াময় নিশা জনজাতীয় গাঁওখনত আমি হাতত তুলি লৈছিলোঁ আপঙৰ বাটি। আমি মানে মই আৰু
মন্দাকিনী। ৰিয়াং নৈৰ কাষৰ সেই নিৰিবিলি ৰিজ
ৰ্টটোত আমাৰ শৰীৰ-যুগল ভিন ভিন
বিন্যাসেৰে সজ্জিত হোৱাৰ সময়তো সমীকৰণটো অমিল হোৱা নাছিল। সমীকৰণটো অমিল হ
ল তেতিয়াহে, যেতিয়া চৰম বিন্দু প্ৰাপ্তিৰ পাছৰ সেই
তৃপ্তিকৰ সুখানুভূতিখিনিত ভেজা দি মন্দাকিনীয়ে অলসভাৱে কৈ গ

তাই আৰু তাই কাম কৰা প্ৰতিষ্ঠানটোৰ সেই অলিখিত চুক্তিখনৰ বিষয়ে
, যিখন চুক্তিৰ ভাষা, অনুচ্ছেদ, প্ৰস্তাৱ
আৰু বিৱৰণ অনুধাৱন কৰাৰ মানসিক স্তৰৰ দীঘ-প্ৰস্থ আয়ত্ত কৰিবলৈ মই কোনোদিনেই সক্ষম
হৈ নুঠিলোঁ।

আপাততঃ এই চুক্তিয়ে মোৰ মনত ৰেখাপাত কৰিব
লগা কোনো কথা নাছিল। কিন্তু এনে নহ
ল। চুক্তিখনৰ কথা জনাৰ পাছৰ দিনবোৰ,
ৰাতিবোৰ মোৰ বাবে কিছু অস্বস্তিকৰ হল। মোৰ
চিন্তনক্ষমতা বা উপলব্ধিক্ষমতাই ঢুকি নোপোৱা এই চুক্তিখনৰ লগত জড়িত হৈ আছিল
প্ৰেয়সী মন্দাকিনী
, যাৰ লগত আকৌ মোৰ হৃদয়খনো অন্য এক চুক্তিত
আবদ্ধ। চুক্তিবদ্ধ হোৱা বাবেই হয়তো হৈছিল মোৰ মনতো দেনা-পাওনাৰ হিচাপ
, বিবেচনা আৰু গ্ৰহণযোগ্যতাৰ হিচাপ।

তেনে এক গ্ৰহণযোগ্যতাৰ হিচাপ কৰিয়েই আদম
উভতি আহিছিল মানৱবিহীন শুকান দ্বীপপুঞ্জৰ পৰা। ভয়-শংকামিশ্ৰিত বিবেচনা এটাৰে সি
এদিন বাগানৰ ফলটোৰ ওচৰলৈ গৈছিল আৰু সুমিষ্ট ফলবিধ হাতৰ তলুৱাত লৈ পৰম তৃপ্তিৰে
ভক্ষণ কৰিছিল। ঠিক সেই মুহূৰ্ততে গৰজি উঠিছিল ধৰিত্ৰীৰ বুকু। সেই ফলৰ ভক্ষণে
তোলপাৰ লগাব খুজিছিল ধৰণীৰ বুকু। আদমে কিদৰে উদ্ভাৱন কৰিবলৈ সক্ষম হ
ল সৃষ্টিৰ এই গূঢ় সূত্ৰ!  এয়াতো গভীৰ অকাৰ্য! কিদৰে সম্পাদন হ
এই অকাৰ্য্য
? ঠিক একে ধৰণৰ এটা বজ্ৰসম নিনাদ কল্পনা কৰি উচাপ
খাই উঠিছিলোঁ মই।

মন্দাকিনী, এয়া
শুদ্ধনে
?”— এসময়ত মই তাইক সুধি পেলাইছিলোঁ।

মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰজনন
কেন্দ্ৰটোৰ ভিতৰুৱা কথাবোৰ কৈ আছিল মন্দাকিনীয়ে। গোস্বামী দম্পতীৰ সন্তান ধাৰণৰ
কেইবাবছৰজোৰা বিফলতাৰ পাছত প্ৰজনন কেন্দ্ৰটোৱে এটা বিকল্প উপায় উলিয়াইছিল। আন
ব্যক্তিৰ শুক্ৰকোষ আৰু ডিম্বকোষৰ সহায়ত গোস্বামী পত্নীৰ গৰ্ভত স্থাপন কৰা হৈছিল
দুটি নিষিক্ত কোষ। বংশৰক্ষাৰ স্ৰোতটো পাছৰ প্ৰজন্মলৈ কঢ়িয়াব নোৱাৰিলেও
, সন্তানটোৰ গাত গোস্বামী
দম্পতীৰ ৰক্ত প্ৰৱাহিত নহ
লেও সমাজৰ চকুত পত্নীৰ স্ফীত গৰ্ভ
প্ৰদৰ্শন কৰিব পাৰি গোস্বামী দম্পতী সুখী হৈছিল। অন্ততঃ সমাজৰ বিভিন্ন প্ৰশ্নবোৰৰ
এটা উত্তৰ ওলাইছিল। কেৱল গোস্বামী দম্পতীয়েইনে
? বংশৰক্ষাৰ
বাবে পৰিয়ালৰ পৰা হেঁচা পাই প্ৰজনন কেন্দ্ৰটোলৈ ঢাপলি মেলা কত দম্পতীৰ মুখত এই
প্ৰতিষ্ঠানে হাঁহি বিৰিঙাইছে! প্ৰজনন কেন্দ্ৰটোৰ ওচৰত তেওঁলোক সেই উত্তৰটোৰ কাৰণেই
কৃতজ্ঞ। আৰু পৃথিৱীৰ এনে চলমান বুজাবুজিৰ মাজত মন্দাকিনীৰ শুদ্ধতাৰ প্ৰশ্ন
অবান্তৰহে মাথোঁ।

আৰু মই! মই কিয় এই কৃতজ্ঞতাৰ লগত চামিল হব নোৱাৰিলোঁ? মানৱতাৰ গইনা লৈ কৰা এনে কাৰ্যসমূহে মোক কিয় সুখী কৰিব পৰা নাই? মোৰ অসুখৰ অচিলাটোৱে এটা পৰিতৃপ্তিৰ পথ পালে, যেতিয়া
অজস্ৰ পৰিচয়বিহীন শুক্ৰকোষে অজস্ৰ পৰিচয়বিহীন ডিম্বকোষক হিচাপ নোহোৱাকৈ নিষিক্ত
কৰি অগণন সন্তান জন্ম দিয়াৰ তথ্য পালোঁ
, যিবোৰ সন্তানৰ জৈৱিক
পিতৃ-মাতৃৰ পৰিচয় কেৱল কাগজতহে বন্দী হৈ ৰ
ল। আঃ! সন্তানহীনতাৰ
দৰে গভীৰ যন্ত্ৰণা এটাক কিদৰে সাধাৰণ বেহানি কৰি পেলালে এই বিজ্ঞানীসকলে
?
 

নাই নাই, মানৱতা তথা মানৱতাৰ বেহা,
প্ৰৱঞ্চনাএই শব্দবোৰে মোক ইমান প্ৰভাৱ পেলাব
নোৱাৰে। মোৰ অস্থিৰতাৰ কাৰণ বেলেগ। সেই কাৰণৰ কোনো ব্যাখ্যা নাই। চিগাৰেটৰ পাছত
চিগাৰেট জ্বলাই মই ধূঁৱলি-কুঁৱলি হৈ পৰোঁ। ধোঁৱাৰ কুণ্ডলীৰ দৰেই ময়ো যেন পলাই যাম
মনত উদ্ভৱ হোৱা অলেখ প্ৰশ্নৰপৰা
, যিবোৰ প্ৰশ্ন মন্দাকিনীয়ে
অতি সন্তপৰ্ণে মোৰ ওচৰত এৰি থৈ গৈছে।

মন্দাকিনীৰ পূৰ্বপুৰুষ বংগৰ ফালৰ। কুলীন
ব্ৰাহ্মণ পৰিয়ালৰ সতীদাহ প্ৰথাৰ বহু বীভৎস ঘটনাৰ সাক্ষ্য মন্দাকিনীৰ তেজত
বিৰাজমান। এজন ধনী বৃদ্ধ জমিদাৰৰ ষাঠি-সত্তৰগৰাকী ভাৰ্যাৰ বিষয়ে
, তেওঁলোকৰ কল্পনাতীত
সংখ্যাৰ সতি-সন্ততিৰ বিষয়ে মন্দাকিনী ভালদৰেই জ্ঞাত। আৰু যে নবছৰীয়া ছোৱালীজনী
বৃদ্ধ পতিৰ মৃত্যুত সতী হিচাপে জ্বলন্ত চিতাত জাহ যোৱাৰ ভয়ত পলাই আহি বেশ্যালয়ত
আশ্ৰয় লৈছিলহি
, তাৰ তেজো প্ৰৱাহিত হৈ আছে মন্দাকিনীহঁতৰ
শৰীৰত।
 

অতি ক্ষোভেৰে কথাবোৰ জনাইছিল
মন্দাকিনীয়ে। বহুপত্নীৰ সুবিধাৰে এজন পুৰুষে যদি বীৰ্যৰ সৰ্বাধিক প্ৰয়োগেৰে মানৱ
কুলৰ মাজত নিজৰ ৰক্ত বিয়পাই দিয়াৰ প্ৰয়াস কৰিব পাৰে
, তেতিয়াহলে নাৰী হৈ কিয় নোৱাৰে নিজৰ আৰ্জিত ডিম্বকোষসমূহেৰে এনে একোটা অনুকূল
সিদ্ধান্ত ল
ব মন্দাকিনীয়ে? পাৰে,
পাৰে। মন্দাকিনীয়ে তাকেই কৰিছিল। সময়ে সময়ে নিজৰ ডিম্বকোষ দান
কৰিছিল প্ৰজনন কেন্দ্ৰটোত। সেয়া আছিল মন্দাকিনীৰ স্ব-ইচ্ছাকৃত বিবেচনা। তাত মোৰ
আপত্তি তথা দাবী-অধিকাৰৰ স্থানেইবা ক
ত!

অলেখ যুক্তি-তৰ্ক আৰু দ্বৈত মত প্ৰকাশৰ
স্বাধীনতা আৰু গ্ৰহণযোগ্যতাৰ পাছতো কিন্তু কিছুমান কথাই বিচলিত কৰিছিল মোক। কিহৰ
তাড়নাত পৰি মন্দাকিনীয়ে শাৰীৰি‍ক যন্ত্ৰণাক উলাই কৰি হাঁহিমুখে অজস্ৰ শিশুৰ জৈৱিক
মাতৃ হৈছিল
? মানৱতাৰ বাবেইনে? নে ব্যৱসায়ৰ বাবে?
মোৰ ভাব হৈছিল মন্দাকিনীৰ ডিম্বকোষসমূহ যেন একো একোটা সোণৰ কণী আৰু
মন্দাকিনী আছিল সোণৰ কণী পৰা হাঁহজনী! কোনোবা পুঁজিপতিৰ বিকাৰগ্ৰস্ত পাকস্থলীৰ
মাজেৰে বৈ আহি এই সোণৰ কণীবোৰ সোণৰ কণাসদৃশ দুৰ্গন্ধময় বিষ্ঠা হোৱাৰেই আশংকা বেছি
আছিল।
 

এই কথাটোকে বুজাবলৈ যাওঁতে মন্দাকিনীয়ে
কিছু ৰূঢ়ভাৱেই মোক ঠাট্টা কৰিলে
, “মাই বডী, মাই
ছইচ্ছ্।
তাইৰ উত্তৰ দিয়াৰ উদ্ধতালি দেখি মই যেন আকাশৰ পৰা
ধুপুচকৈ সৰি পৰিছিলোঁ।

এৰা! মন্দাকিনীৰ নিজৰ শৰীৰ সেয়া। একান্তই
নিজা শৰীৰ তাইৰ। ইভৰ আত্মা ধাৰণ কৰা এটা শৰীৰ
, সৃষ্টিয়েই যাৰ একমাত্ৰ লক্ষ্য।
সৃষ্টিৰ সংজ্ঞাত কোনো দ্বিতীয় মত নাথাকে। মন্দাকিনীৰ সিদ্ধান্তই হয়তো শুদ্ধ। আৰু
এইফালে মই প্ৰেমৰ শক্তিৰে মন্দাকিনীৰ বিবেচনাক বশ কৰিব নোৱাৰি আদমৰ ওচৰত উপায়
বিচাৰি শৰণাপন্ন হওঁ
, “আদম, মোৰ পৌৰুষক শক্তি দিয়া।

আৰু অৱলীলাক্ৰমে আদমেও হাঁহি হাঁহি মোক
বাৰে বাৰে সেই একেটা বাটকে দেখুৱায়। ৰূপ-ৰং-ৰস আৰু গোন্ধেই সন্মোহিত কৰি ৰচনা কৰা
সেই বাট।

আহা, এই নিষিদ্ধ
ফল হাতত তুলি লোৱা। পান কৰা এই শীতল জলধাৰা। তৃপ্ত হোৱা
, ক্লান্ত
হোৱা
, শান্ত হোৱা। আহা, সৃষ্টিৰ
নিমিত্তে জী উঠা।

সৃ্ষ্টিৰ বাবে উম্নুখ কোনো সৃষ্টিশীল
নৃত্যমুদ্ৰাৰে আদমৰ প্ৰসাৰিত শৰীৰে মোক একেটা ইংগিতেই দিলে।

খপজপকৈ সাৰ পাই যাওঁ মই। কি আছিল
বাৰু সেয়া
? সপোন নে বাস্তৱ? সৃষ্টিৰ
ৰহস্য কি
? সৃষ্টিৰ তাড়না কত বেছি?
ভেন গঁঘৰ শ্ৰমজীৱী মহিলাৰ ছবিত নে ভূপেন হাজৰিকাৰ বিমূৰ্ত কাৰোবাৰ
নিশাৰ গানত
?

উপায় নাই কৌশিক। মানুহৰ উৰ্বৰতা ক্ৰমে
ক্ৰমে কমিছে। জন্মৰ হাৰ কমি গৈছে মানুহৰ। মানৱ জাতিৰ এই অস্তিত্ব সংকটৰ ক্ষণত মোৰ
এই দান সামান্য দান মাত্ৰ।

মন্দাকিনীয়ে কৈ যায়। তাৰ মাজতেই মোৰ
চকুলৈ ভাহি আহে অন্য এখন পৃথিৱী
, যিখন পৃথিৱীত সন্তান ধাৰণৰ প্ৰয়াসেই একমাত্ৰ লক্ষ্য। দিনৰ
পিছত দিন ধৰি অৱতীৰ্ণ হোৱা এই নিস্ফল প্ৰয়াসত হতাশ হ
ব ধৰা
অগণন নৰ-নাৰীক মই যেন খুঁটিয়াই খুঁটিয়াই চাওঁ।
 

আৰ্কিমিডিছৰ চকুৰে গৈ মই অৱলীলাক্ৰমে
বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰৰ কোনো এখন ঠাইত থিয় হৈ পৃথিৱীখন হাতত তুলি লওঁ।
 

নীলা গ্ৰহটোত এতিয়া বিজুলী চাকিৰ প্ৰচণ্ড
চকামকা পোহৰ। বতাহ-গগনত বাজি থাকে মৈত্ৰেয়ী পাটৰৰ গীতৰ অনিৰ্বচনীয় সুৰ। কি সৰীসৃপ
, কি নৰনাৰী, গীতৰ তালে তালে সকলো জীৱই যেন জাল পাতে সৃষ্টিৰ। সৃষ্টিৰ তীব্ৰ আকাংক্ষাত
উন্মত্ত হোৱা নৰ-নাৰীসৱ হৈ পৰে যক্ষনগৰীৰ একো একোজন যখ-যখিনী। তাত বন্ধ গৰ্ভৰ
ডিম্বাণুৰ দেৱালত শুক্ৰকীটবোৰে প্ৰৱেশ কৰিব নোৱাৰি মূৰ আফালি মৰে। তথাপি যক্ষনগৰী
শান্ত নহয়। উজাগৰী নিশাৰ উখহা চকু
, চকুৰ তলৰ কজলা দাগ,
দুশ্চিন্তাই ভাৰাক্ৰান্ত কৰা মুখমণ্ডল আৰু সতেজতাবিহীন শৰীৰে কোনো
আয়োজন নোহোৱাকৈয়ে ছন্দিত ভংগিমা ধাৰণ কৰে।
 

এৰা, যখ-যখিনীৰ নৃত্য এইবোৰ। ছবি একেখনেই,
গানো একেটাই, নৃত্যও একেখিনিয়েই। কোনো নতুনত্ব
নাই। আৱেগৰহিত এখন খেলা মাথোঁ।

তীব্ৰ বিতৃষ্ণাৰে নীলা গ্ৰহটোৰ পৰা চকু
ঘূৰাই আনো। সকলোৰে এটাই লক্ষ্য। নিজৰ বুলিবলৈ এটি মাত্ৰ কোষ
  থৈ যাব খোজে এই গ্ৰহটোত। তাৰ বাদে একো লক্ষ্য নাই। সংগমৰত
সাপৰ হিচহিচনি আৰু যক্ষ-যক্ষিনীৰ শৰীৰী আৰ্তনাদৰ বাদে দূৰ দিগন্তলৈ হু হু
নিস্তব্ধতা। সাপ আৰু যক্ষৰ ভৰত নীলা গ্ৰহটো সৰি পৰাৰ উপক্ৰম।

ত হেৰাই গ
আদমৰ সেই সেউজ বাগান! ক
ত হেৰাই গ
সেই সুমিষ্ট ফলৰ গোন্ধ!

মন্দাকিনী,
মোৰ সোণজনী, সোণৰ কণী সৃষ্টি কৰি থকা হাঁহজনীৰ
পৰা মোৰ মাটিৰ মানৱীজনী হৈ উলটি আহাঁচোন৷
”— মই যেন আকূতি
কৰোঁ মনে মনে।

অচিন বনৰীয়া ফুলৰ গোন্ধ এটাই মোৰ মনত
হাহাকাৰ লগায়। কিবা যেন বিশাল উৰুঙা উৰুঙা ভাব। বসন্তৰ আয়োজন চৌপাশে। অথচ মোৰ মনত
যেন কোনো আয়োজন নাই। পূৰ্ণ উন্নাসিকতাই গ্ৰাস কৰিছে মোৰ সমগ্ৰ চিন্তা-চেতনা।
মন্দাকিনীৰ প্ৰতি মই যেন আকৰ্ষণ হেৰুৱাই পেলাইছোঁ ক্ৰমশঃ

আৰু এনেকৈয়ে এদিন জটিলতাৰ কোনো স্পষ্ট
কাৰক নাথাকিলেও নতুবা মন্দাকিনীয়ে সহজ আৰু পৰিপূৰক স্বীকাৰোক্তি এটা প্ৰদান কৰিলেও
আমাৰ দুয়োৰে মাজত যেন
কাফ্‌কা অন দ্যা শ্বৰ’-ৰ অৰণ্যখন
উপস্থিত হ
লহি। এই অটব্য অৰণ্য পাৰ হৈ মন্দাকিনীৰ সৈতে কিদৰে
অধিকাৰ আৰু দাবীৰ সেই সম্পৰ্ক স্থাপন কৰা যায়!
 

বীজগণিতৰ জটিল সমীকৰণটো আধৰুৱাকৈয়ে এৰি
দিয়াটোৱেই বুদ্ধিমানৰ কাম হ
ব নেকি? মই জানো, বিয়া মানে কেৱল সন্তান কামনাৰ কোনো এক যজ্ঞ নহয়। বিয়া মানে কেৱল জেতুকাৰ
ৰং
, সিংখাপৰ জিলিকনি নহয়। বিয়া মানে ইজনে সিজনক দিয়া
আস্থা-নিৰাপত্তাও নহয়। তেন্তে কি
, বিয়া এক ভুৱা দলিলপত্ৰ
মাথোন!

মন্দাকিনীয়েও বিয়া বা তেনে সামাজিক আচৰণত
আবদ্ধ হ

নোখোজে। নাৰীৰ ভৰিত শিকলি বন্ধাৰ নীতি-নিয়ম প্ৰস্তুত কৰা সমাজক লৈ মন্দাকিনী
বিতুষ্টই এক প্ৰকাৰ। কেৱল মন্দাকিনীয়েই নহয়
, মন্দাকিনীৰ লগৰ
প্ৰায় সকলো ছোৱালীয়েই বিয়া নামৰ এই প্ৰথাটোত গভীৰভাৱে অবিশ্বাসী। এই অবিশ্বাসটোত
বিশ্বাসী হৈ তেওঁলোকে ধৰ্ম আৰু সমাজে জাপি দিয়া পুৰুষতন্ত্ৰৰ বিৰুদ্ধে প্ৰচণ্ড
জাগৰণৰ সৃষ্টি কৰে। ধৰ্ম আৰু দৰ্শনৰ আলোচনা-চক্ৰত তেওঁলোকে চিঞৰি চিঞৰি
পুৰুষতন্ত্ৰচালিত সমাজখনক অকল গালি পাৰে। মানৱসৃষ্ট ভগৱানক সমালোচনা কৰে তেওঁলোকে।
সমালোচনা কৰে মহম্মদ বা খ্ৰীষ্টক। বুদ্ধকো ৰেহাই নিদিয়ে তেওঁলোকে।

আঃ বুদ্ধ! মোৰ মনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ
দিয়া সেই যুগপুৰুষ বুদ্ধকো মন্দাকিনীয়ে দুৰ্বল
, ঠেক মনৰ বুলি অভিহিত কৰে কিয়?
সংবেদনশীল হোৱাটোৱেই বুদ্ধৰ অপৰাধ আছিল নেকি?

উত্তৰ দিয়া যশোধৰা। উত্তৰ দিয়া।”—
কেতিয়াবা সিদ্ধাৰ্থৰ হৈ যশোধৰাক প্ৰশ্ন কৰোঁ মই।

যুৰীযা নাগৰ দৰে মেৰিয়াই ধৰে মন্দাকিনীয়ে
মোক।
অহ
কৌশিক! এই মোহময়
  ৰাতিটো উপভোগ কৰাঁচোন।
প্লিজ।

নাই নাই। মই কৌশিক নহয়। মই আদম নহয়। মই
সিদ্ধাৰ্থ গৌতম। মোৰ কাষত এয়া যশোধৰা। যশোধৰাৰ গৰ্ভত কোনে পোখা মেলিবলৈ অপেক্ষা
কৰি ৰয়
? ৰাহুল!
ৰাহুল! ৰাহুলৰ কোষে কোন পুৰুষৰ জিন কঢ়িয়ায
? সিদ্ধাৰ্থৰ ?
নে দেৱদত্তৰ?

নাই।”— মগজুৰ এই
নিষিদ্ধ প্ৰশ্নত চিঞৰি উঠোঁ মই।

যশোধৰা কিয় ইমান চঞ্চল আছিল? সিদ্ধাৰ্থৰ অন্তৰৰ
জোৱাৰ-ভাটাই কিয় স্পৰ্শ কৰা নাছিল যশোধৰাক
?

কিয় ইমান চঞ্চল এই মন্দাকিনী? কিয় মন্দাকিনীয়ে অচিন পুৰুষসকলৰ
শুক্ৰাণুৰ সৈতে নিষিক্ত কৰিছিল নিজৰ আপুৰুগীয়া ডিম্নকোষসমূহ। সন্তানহীন দম্পতীসকলৰ
মুখত হাঁহি বিৰিঙাবলৈকে নে
? নে মানৱতা নামৰ বস্ত্ৰ পৰিধান
কৰি তাই বেহানি কৰিছিল নিজৰ অমূল্য সম্পদৰ! সমাজৰ কোনটো নীতিক বুঢ়া আঙুলি
দেখুৱাবলৈ প্ৰজনন কেন্দ্ৰটোৰ সৈতে চুক্তি কৰিছিল মন্দাকিনীয়ে! আৰু এই সত্য গোপন
নকৰি মুকলি কণ্ঠৰে যেন সমাজত তেওঁলোকে বিবৃতি দিছিল
, “চোৱা,
আমাৰ সন্তানৰ কোনো পিতৃ-মাতৃ নাই।তেওঁলোকে
বাৰু মুক্ত যৌনতাৰ পৃথিৱী এখনৰ সপোন দেখিছিল নেকি
? তছলিমা
নাছৰিনৰ দৰেই তেওঁলোকেও একগামিতাক সমাজৰ পৰা নস্যাৎ কৰিব খুজিছিল নেকি
? প্লেটোৰ সেই আদৰ্শ ৰাষ্ট্ৰখনৰ সংজ্ঞাত জাহ যোৱাৰ কথা আছিল নেকি তেওঁলোকৰ
শিশুসকলৰ কোনো পিতৃ নাই। ৰাষ্ট্ৰই সকলো শিশুৰ পিতৃ”!

মোৰ মনৰ মাজত কি যে এক দুৰ্গম শিলুৱা
ৰাস্তা! চিন্তাবোৰ যেন ক
ৰবাত ঠেকা খাই উলটি যায়। 

পাৰাপাৰঅবিৰাম

শিলুৱা পিছল ৰাস্তাটোৰে খোজ দিব নোৱাৰি
মই এৰি অহা পথছোৱালৈ ঘূৰি চাওঁ। মোৰ শৈশৱ
, কৈশোৰৰ লৰাজন
মোৰ মানসপটত ভাহি উঠে।
 

সৰুৰে পৰাই বয়সতকৈ বেছি ভাবুক আছিলোঁ মই।
অস্বাভাৱিক সংবেদনশীলতাই মোক মানুহৰ লগত সহজে মিলিবলৈ দিয়া হোৱা নাছিল। তথাকথিত
আধুনিকতাৰ বিপৰীত সোঁতত যাব খোজা দেখি আয়ে আশংকাত ভুগিছিল। হয়
, হয় আয়ে মোক জোখতকৈ কিছু
বেছিকৈয়ে মৰম কৰিছিল। সমস্যা হৈছিল তেতিয়াহে
,
  যেতিয়া মোৰ বাহ্যিক শৰীৰটোৰ ভিতৰত একান্তই নিজৰ শৰীৰ এটা
উপলব্ধি কৰি পেলাইছিলোঁ। সেই উপলব্ধিতে বয়ঃসন্ধিপ্ৰাপ্তিৰ কোনো এক ক্ষণত আইক
একেথৰে চাই ৰৈছিলোঁ মই। টোপনিৰ অৱচেতন স্বপ্নৰ জালত নিজৰ মনটোক চম্ভালিব নোৱাৰি মই
আইক পৰম আকুলতাৰে আলিংগন কৰি পেলাইছিলোঁ। শিশু এটিৰ দৰে নাছিল সেই অনুভৱ। মোৰ
পুৰুষ সত্তাটোৰ বাবে আই হৈ পৰিছিল এটা নাৰীদেহ মাত্ৰ। মই খেপিয়াই খেপিয়াই সেই
নাৰীদেহৰ গোন্ধ-উত্তাপ অনুভৱ কৰিব খুজিছিলোঁ। হয়
, হয়,
দেহটোৱে মোৰ আত্মাৰ শুদ্ধতাক বশ কৰি পেলাইছিল। তেনে এক পকনীয়া সময়ৰ
উপৰিপাতনত পাক খাই খাই সাৰ পাই গৈছিলোঁ মই। তিতি যোৱা অন্তৰ্বাসৰ চেঁচা অনুভূতিটোত
সাৰ পাই উঠি মই ভয়াৰ্ত দৃষ্টিৰে আন্ধাৰ দেৱালখনলৈ চাই ৰৈছিলোঁ। তীব্ৰ পাপবোধে মোক
কোঙা কৰি পেলাইছিল। কি যে দ্বন্দ্বময় সময় আছিল সেয়া!

ঔচিত্য-অনৌচিত্যৰ অনুভৱবোৰ গিলি গিলি
মুহূৰ্মুহূঃ মই একেটা কামকেই কৰিছিলোঁ। আঃ সেই নিশাবোৰ
, দোমোজাৰে ভৰা সময়বোৰৰ
লগতে শৰীৰ আৰু মনৰ এই বিপৰীতধৰ্মী অশান্ত বিন্দুবোৰ! কোনো কোনো মুহূৰ্তত আইৰ সৈতে
এক হৈ যোৱাৰ প্ৰয়াস জগা নাছিলনে মোৰ
? এই সত্যক কিদৰে
লুকুৱাওঁ মই
? এই সত্যটোৱে মোৰ অৰ্ধবিকশিত মগজুটোত বিচাৰকোঠৰ
কাঠগৰাৰ দৰে হাতুৰীৰ কোববোৰ অহৰহ মাৰি থকা নাছিলনে
?

উস! কি অসহ্যকৰ মগজুৰ এই কোলাহল! গীৰ্জাৰ
কেৰলৰ পৱিত্ৰ সুৰকো চেৰ পেলাই কৰ্ণকুহৰত বাজি থাকে মগজুৰ সেই হাতুৰীৰ শব্দ- ধাম!
ধাম! ধাম!

এটা সময়ত এই পৰিস্থিতিটোৰ পৰা উদ্ধাৰ পাইছিলোঁ
মই। বয়ঃসন্ধিৰ এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি মই ছিগমাণ্ড ফ্ৰয়েডৰ ছাইক
এনালাইছিছৰ কিতাপবোৰ
অধ্যয়ন কৰিছিলোঁ। মন্দাকিনীৰ সৈতে বন্ধুত্ব গাঢ় হোৱাৰ পাছত কৈশোৰ মনৰ জটিল চক্ৰটোৰ
পৰা ওলাই আহিবলৈ সক্ষম হৈছিলোঁ মই। মন্দাকিনীৰ বুকুত গজি উঠা বালিমাহী চৰাইহালৰ
উৎস বিচাৰি শৰীৰ-ভূগোলৰ পাঠ পঢ়িবলৈ তৎপৰ হোৱাৰ সময়তে মন্দাকিনীৰ যৌনতা বিষয়ক
ব্যাখ্যাবোৰে মোক আচম্বিত কৰি দিছিল।

নাৰীৰ স্তনত হেনো স্বৰ্গ আছে। ফ্ৰয়েডে
কৈছিল।
”— তাইৰ বালিমাহীহালৰ মাজত মূৰ গুঁজি মই বিৰবিৰাই
থাকোঁ।

মন্দাকিনীয়ে হাঁহে, “নাৰীৰ স্তনত সৌন্দৰ্য
থাকে। সন্তানৰ অমৃতধাৰা থাকে নাৰীৰ স্তনত।

এখুজি-দুখুজিকৈ বালিমাহীহাল ডাঙৰ হৈ আহে।
মই মুগ্ধ হওঁ। মোৰ চকুৰ মুগ্ধতা পান কৰি মন্দাকিনীয়ে কৈ উঠে
, “এই স্তনত মোৰ হাজাৰ
সন্তানে উমলি থাকিব। এই স্তনত মোৰ পুৰুষ সংগীৰ কোনো অধিকাৰ নাথাকিব।

সেই কৈশোৰ অৱস্থাতে যেন মন্দাকিনীৰ মনত মাই বডী, মাই ছইচকনচেপ্ট্।

মন্দাকিনীৰ উদ্ভট দৰ্শনৰ ওচৰত মই প্ৰায়ে
পৰাজয় বৰণ কৰোঁ। গৰু-ছাগলীৰ ক্ষেত্ৰত যিহেতু ওহাৰখন যৌনকাৰ্যত ব্যৱহৃত নহয়
, গতিকে মানুহৰ ক্ষেত্ৰতো
স্তনযুগল যৌনতাৰ অংগ নাছিল। অন্ততঃ প্ৰকৃতিৰ আদিম সূত্ৰটো তেনেকুৱাই আছিল। তাইৰ
মতামত।

বয়সত মোতকৈ ডাঙৰ আছিল তাই। বয়সতকৈও আগত
আছিল তাইৰ চিন্তা-ধাৰণা। মোৰ জীৱন হৈ পৰিছিল মন্দাকিনীসৰ্বস্ব। মন্দাকিনীসৰ্বস্ব
জীৱনটোৱে মোৰ পুৰুষসত্তাক বৌদ্ধিক
, দৈহিক আৰু আত্মিক স্বীকৃতি প্ৰদান
কৰাৰ সময়তে এদিন তাই হঠাতে মোৰ ওচৰত প্ৰকাশ কৰিছিল সেই সত্য
, এই চহৰত উমলি-জামলি ডাঙৰ হোৱা অলেখ লৰা-ছোৱালীৰ
পিতৃ আছিল প্ৰজনন কেন্দ্ৰটোৰ কোনো এক বিশেষ বীৰ্যদাতা পুৰুষ আৰু জৈৱিক মাতৃ আছিল
তাই।

কিদৰে? কিদৰে এই লৰামতীয়া কাৰ্যৰ অংশীদাৰ হব পাৰে মোৰ মন্দাকিনী?
তাকো মোৰ ইমান অলক্ষিতে!

কথাবোৰে মোক নিজৰপৰা আঁতৰাই লৈ গল। দুদিনমান মই নিজক বুজনি
দি চালোঁ
, “এয়া অস্বাভাৱিক কথা নহয় কৌশিক। আদম আৰু ইভৰ পৰাই
সমগ্ৰ মানৱকুলৰ সৃষ্টি। পক্ষীকুল বা আন জীৱৰ মাজতো এনে কথাৰ বিচাৰ নহয়। যিটো কথাৰ
বিচাৰ সমগ্ৰ মানৱকুলে কৰা নাই
, তাত তোমাৰ কিহৰ বাবে ইমান
আপত্তি কৌশিক।
’’

নাই নাই। কৰবাত
মোৰ মাজত পুৰাতন চিন্তাধাৰা বিৰাজমান হৈ আছে। আধুনিক আৰু যুক্তিসিদ্ধ বুলিয়েই সকলো
কথা শুদ্ধ বুলি মানি ল
ব নোখোজোঁ মই। বিজ্ঞানে কি কয় সেই কথা
বিচাৰ কৰা৷

হয়, বিজ্ঞানেও মোৰ কথাতে হয়ভৰ দিয়ে। একে
জৈৱিক পিতৃ-মাতৃৰ সন্তানৰ মাজত বিবাহ বিজ্ঞানসন্মত নহয়। বিসংগতিপূৰ্ণ জিনসমূহ
একেটা চক্ৰত ঘূৰি থকা মানে বৃত্তাকাৰ শিকলি এডালত পাক খাই খাই জঁট লগাৰ দৰে কথা।
এইটো বিশ্লেষণত পাছৰ প্ৰজন্মসমূহ দৈহিকভাৱে দুৰ্বল হোৱাৰে কথা।

মন্দাকিনী। মন্দাকিনী। জৰায়ুত সোণৰ কণীৰ
ভাণ্ডাৰ থকা মন্দাকিনী। এদিন যেন গৰ্ভ ফালি গোটেইবোৰ কণী উলিয়াই দিম আৰু
বালিমাহীহালৰ উমত নিৰলে শুই শুই মন্দাকিনীক আহ্বান জনাম
, “সৃষ্টিৰ তাড়না নাই মোৰ।
মোৰ তাড়না কেৱল তুমি।
’’

মন্দাকিনীয়ে মোৰ আহ্বান নেওচা দি আঁতৰি
যায়। মই পাৰোঁ মানে তাইক অভিশাপ দিওঁ। সোণৰ কণীবোৰক সোণৰ কণালৈ ৰূপান্তৰ হোৱাৰ
কল্পনা কৰোঁ। সোণৰ কণা মানেই সোণালী ৰঙৰ বিষ্ঠা। হাঃ হাঃ হাঃ! বিষ্ঠাময় দুৰ্গন্ধ
এটা বিয়পি পৰে বাহিৰে-ভিতৰে। অণ্ডকোষৰ পৰা বীৰ্যবোৰ উজাই উজাই লেলাউটিলৈ
ৰূপান্তৰিত হয়। মোৰ সমগ্ৰ মুখগহ্বৰ ভৰি পৰে ঘৃণাৰ লেলাউটিৰে। বিষ্ঠাৰ দুৰ্গন্ধ!
শুকাই যোৱা বীৰ্যৰ দুৰ্গন্ধ। লেলাউটিৰ দুৰ্গন্ধ! সমগ্ৰ নীলা গ্ৰহটো এতিয়া
দুৰ্গন্ধময়।

সৌৱা দেখিছা! যক্ষনগৰী হৈ পৰিছে এই
চহৰ। আদম হৈ পৰিছে এজন বৃদ্ধ যক্ষ।
”— কোনোবাই যেন মোক
সিঁয়াৰি যায়।
   

মন্দাকিনীৰ উপেক্ষা আৰু মোৰ মানসিক
অন্তৰ্দ্বন্দ্বৰ মাজত পৰি মোৰ পঁচিছ বছৰীয়া শৰীৰটোৱে এজন বৃদ্ধৰ ৰূপ ধাৰণ কৰে। হনু
ওলোৱা গাল
, জপৰা
চুলি
, কোটৰত সোমোৱা চকু, লগতে
অস্থিৰতাৰ ভৰত যেন কুঁজ ওলোৱা পিঠি। তীব্ৰ বিতৃষ্ণাময় ৰক্তস্ৰোত এটা মোৰ মগজুলৈ
এপাল নিগনিৰ দৰে দৌৰি যায়।

হে ভগৱান, মোক
ধ্বংস কৰি পেলোৱা। মোক সমুদ্ৰতলীৰ হিংস্ৰ মাছৰ খাদ্য কৰি পেলোৱা। নতুবা তুমি মোক
গভীৰ অৰণ্যত পথহাৰা পথিক কৰি পেলোৱা৷
 

এৰা।

পলায়ন! জীৱনৰ কোনো কোনো মুহূৰ্তত পলায়নৰ
বাদে একো পথেই খোলা নাথাকে। পলায়নে পথচাৰীক নিৰ্ভীক কৰি তোলে কেতিয়াবা। যিখন অটব্য
অৰণ্য পাৰ কৰিবলৈ মই হাজাৰ নিশা উজাগৰে কটাইছিলোঁ
, সেই অৰণ্যখন কোন
কাহানিবাই পাৰ হৈ আহিলোঁ। নিজৰপৰা হাজাৰ পলায়নৰ অন্ততো মোক প্ৰয়োজন হয় সেই উত্তৰৰ
,
মন্দাকিনীৰ সেই খেয়ালী সিদ্ধান্তটোৰ আঁৰত কি আছিল?”

হয়তো এয়াই এক প্ৰাকৃতিক প্ৰক্ৰিয়া”,
এদিন হঠাতে মোৰ মনলৈ আহিল।

সেয়া কিদৰে?” মগজুৰ
সহস্ৰ স্নায়ৱিক কোষে কথাটো জানিবলৈ উৎকৰ্ণ হৈ উঠিল।

বন্ধুসকল,
অপ্ৰাকৃতিক উপায়েৰে মানৱ-সন্তান সৃষ্টি কৰি মানৱজাতিক ধ্বংসমুখী কৰিবলৈ
বিচৰাটো হয়তো প্ৰকৃতিৰে লক্ষ্য। মন্দাকিনী এটা কেটালিষ্ট মাত্ৰ।
’’

য়েছ! কেটালিষ্ট। মানে এটা অনুঘটক।
সৃষ্টিৰ পৰা ধ্বংসলৈ সংঘটন ঘটা হাজাৰ ক্ৰিয়া-বিক্ৰিয়া খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন
হোৱা এটা অনুঘটক মাত্ৰ। সোণৰ কণীবোৰ সোণৰ কণালৈ পৰিৱৰ্তন হোৱাৰ বাবে প্ৰয়োজন হোৱা
এটা অনুঘটক মাত্ৰ।

এই সমস্ত ক্ৰিয়া-বিক্ৰিয়াৰ তাত্ত্বিক
সূত্ৰটো জানি লোৱাৰ পাছত মোৰ মন এতিয়া অস্বাভাৱিক ৰূপত শান্ত। হাজাৰ বিজাৰ ইভৰ
শৰীৰে মোৰ ফালে বাসুকীনাগৰ ফণা মেলি আহে। ইভসকলৰ দহযোৰা হাতে কোনোবাদিনা মোক
জপটিয়াই ধৰে। মই সন্ত্ৰস্ত হওঁ। মই মোহাৱিষ্ট নহওঁ। নিজ সত্তাৰ এই লেজুৱা ক্ষণত
খক্কৰ চাহাবৰ ছবিৰ দৰে কুৰিখন নাৰীহাতৰ আলিংগনেৰে দুৰ্বাৰ প্ৰেমিক হোৱাৰ বাসনা
কোনে পুহি ৰাখে!

উপসংহাৰ: যক্ষনগৰীৰ পহৰাদাৰ হৈ বহি থাকে
নপুংসক আদম। ইভৰ পেটৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধময় সোণৰ কণাবোৰে আদমক ৰূপ-ৰস-গন্ধৰ
পুৰাতন সূত্ৰটো পাহৰাই পেলায়। এনেকৈয়ে সৃ্ষ্টিৰ পৰা ধ্বংসলৈ এক জ্যামিতিক
পৰিক্ৰমাত সৰলৰৈখিক সমীকৰণটো সুন্দৰকৈ মিলি যায়।

 

ঠিকনা :

পল্টন বজাৰ, ডিব্ৰুগড়

ভ্ৰাম্যভাষ:৯৭০৭০৭৪৫৪৩