হেমচন্দ্ৰ কছাৰী
কালজয়ী কোনো
নহয়
তুমিও
ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছা
সেইবুলি
হাত বাগৰিবলৈ নিদিওঁ দিয়া
তুমি
জানানে নাজানা নাজানো
পুৰণিয়েই
যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা
অকপটে কওঁ—
তুমি মোৰ মৰমৰ
ভালদৰেই
বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ
সঁচাকৈ, ক’লৈ
ক’লৈ যে যোৱা নাই আমি
ওখোৰা
মোখোৰা, বোকা বা ধূলি বুলি ৰৈ থকা নাই
বহুবাৰ
কষ্টও খাইছোঁ, হুল আৰু গজালৰ খোঁচ খাই
আৰু! সেই
অভিশপ্ত দিনটোত যে…
বুকুখন
কঁপি উঠে আজিও
তুমি
তোমাৰ হস্পিটেলত
আমি আমাৰ হস্পিটেলত
কেঁকাই
কেঁকাই বহু দিন পৰি থাকিলোঁ
জানো, এনে
হয় বহুতৰে
হ’ব দিয়া,
আৰু বেছি নকওঁ
অতীতক
পাহৰি যোৱা সমাজে হাঁহিব
আকৌ কৈছোঁ—
তুমি মোৰ বাবে কেৱল এখন দুচকীয়া বাহন নহয়
কুবেৰৰ
পুষ্পক ৰথৰ দৰে মোৰো পুষ্পক তুমি
তোমাক
কেতিয়াও হাত বাগৰিবলৈ নিদিওঁ
নহয়
তুমিও
ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছা
সেইবুলি
হাত বাগৰিবলৈ নিদিওঁ দিয়া
তুমি
জানানে নাজানা নাজানো
পুৰণিয়েই
যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা
অকপটে কওঁ—
তুমি মোৰ মৰমৰ
ভালদৰেই
বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ
সঁচাকৈ, ক’লৈ
ক’লৈ যে যোৱা নাই আমি
ওখোৰা
মোখোৰা, বোকা বা ধূলি বুলি ৰৈ থকা নাই
বহুবাৰ
কষ্টও খাইছোঁ, হুল আৰু গজালৰ খোঁচ খাই
আৰু! সেই
অভিশপ্ত দিনটোত যে…
বুকুখন
কঁপি উঠে আজিও
তুমি
তোমাৰ হস্পিটেলত
আমি আমাৰ হস্পিটেলত
কেঁকাই
কেঁকাই বহু দিন পৰি থাকিলোঁ
জানো, এনে
হয় বহুতৰে
হ’ব দিয়া,
আৰু বেছি নকওঁ
অতীতক
পাহৰি যোৱা সমাজে হাঁহিব
আকৌ কৈছোঁ—
তুমি মোৰ বাবে কেৱল এখন দুচকীয়া বাহন নহয়
কুবেৰৰ
পুষ্পক ৰথৰ দৰে মোৰো পুষ্পক তুমি
তোমাক
কেতিয়াও হাত বাগৰিবলৈ নিদিওঁ