ভোগকচু-ভকেবুলাৰী

নীলোৎপল বৰুৱা

টোকাপৰুৱাটোহে
যেন…

ইবাৰ
গৈছে বুন্দিয়া গুটি এটা আনিছে..

সিবাৰ
গৈছে বুন্দিয়া গুটি এটা আনিছে…

হৰ্ষদাই
ইটোৰ পাছত সিটো টোপোলা আনিত্তেই আছে..

আনিত্তেই
আছে!!

হৰ্ষদা
যেন এখন চ্যৰৰিয়েল চিনেমাৰ কেৰেক্টাৰ।

নিমখ!! ইমান নিমখ!! কি
কৰে হৰ্ষদা কি কৰে!!

(খুৰা বুলি মাতিলে হৰ্ষদা গুলীৰ শব্দত চক খোৱা কণমান হৰিণা
পোৱালিটো যেন হৈ পৰে!) 

ডলাৰৰ মূল্য আকাশচুম্বী হৈছে। হোহোৱাই বাঢ়ি গৈছে। ৰোৱাৰ
নামেই লোৱা নাই। 

হৰ্ষদাৰ চকু কোটৰত সোমাই গৈছে। 

ভয় এটাই আঁচুৰি যোৱা মুখ! 

কথাষাৰ এনেকৈ
কৈছে যেন অৱনীহঁতৰ দুষ্ট ল’ৰা পোৱালি‍টো নামঘৰৰ কুঁৱাটোত খেলি থাকোঁতে জপংকৈ পৰি
গৈছে। 

হৰ্ষদা লৱৰি আহিছে মানুহ মাতিবলৈ। 

এই যেন ঝাঁকৈ এয়াৰপ’ৰ্টৰ কাষ্টম অফিচাৰসকল
এটা এটা কুকুৰনেচীয়া বাঘ হৈ পৰিছে। প্ৰতিজন যাত্ৰীৰ টোপোলা খানতালাচ কৰিছে। কাপোৰ
ফালিছে। গুহ্যদ্বাৰেদি সুমুৱাই দিছে অত্যাধুনিক মেচিন। নাৰীৰ স্তন দাঙি দাঙি
পৰীক্ষা কৰিছে। জানোচা ভাঁজত সুমুৱাই আনিছে ঘৰ্মাক্ত সোণৰ পাতল পাত… 

এই যেন
দালাল ষ্ট্ৰিটত হঠাৎ ভূঁইকঁপ আহিছে। দীঘল দীঘল উশাহ লৈছে বৃকোদৰ দালালসকলে। 
ইটোৰ
পাছত সিটোকৈ গিলিছে হাই প্ৰেছাৰৰ টেবলেট। হতাশাগ্ৰস্ত ধনাঢ্য বেপাৰীসকলে নাকেদি
ভৰাই দিছে দ’মে দ’মে ক’কেইন। 

ইটোৰ পাছত সিটো বেংক খালী হৈ‍ গৈছে! 

দৰমহাৰ বিলবোৰ
ট্ৰেজাৰীত দ’ম হৈ গৈছে! 

ডলাৰ আকাশলংঘী হৈ গৈছে। হোহোৱাই বাঢ়িছে ৰেট্৷ 

তহঁতে বুজা
নাই… আকাল হুব আকাল… 

পিৰালি কানত চাৰিজোপা জলকীয়া গছ থকাবিলাক ধনী মানুহ হ’ব। 

বাৰীত যদি লমালমে লাও ফুলিছে… ত‌ই মালিক মানুহ। 

বছৰটো খাই যদি ধান বিকিব পাৰিছ… ত‌ই
মহাজন… 

বাৰীৰ এবিঘাৰ পুখুৰীত যদি চেনি‍পুঠি খলখলাইছে, তাত যদি তেলাল হাঁহ চৰিছে… মৌজাদাৰ
ত‌ই মৌজাদাৰ… 

এই সকলোৰে‍ পাছতো তোক নিমখ লাগিব! 

হৰ্ষদাই স্কুটিৰ ডিকিত বাৰে বাৰে
দোকানৰ পৰা নিমখ কঢ়িয়াইছে… 

হেঁপাহ পলুৱাই নিমখ আনি জমা কৰিছে! 

হৰ্ষদাই আগতে কাৰ্বি
মোনা এখন অনৱৰতে লৈ ফুৰিছিল। কান্ধেদি একাষৰীয়াকৈ। ট্ৰিবিউনখন ৰাখে। কলম দুটামান।
কেতিয়াবা পদিনাৰ মুঠি এটা নতুবা নতুন তৰাৰ গাজ। 

স্কুটিখন লোৱাৰ পাছৰ পৰা নলয়। 

স্কুটিত হৰ্ষদা, উৰি যোৱা কাৰ্বি মোনা… বেখাপ্পা… বেমানান! 

নিমখ মেইন… নিমখ মেইন…
নিমখ অনুঘটক। 

নিমখে তোক বচাই ৰাখিব। অন্ততঃ ডলাৰৰ ৰেট কমালৈকে। 

অন্য একো নহ’লেও
চলি যাবি! ভোক আৰু নিমখৰ প্ৰাচীন সাহচৰ্য। 

খাঁ খাঁ শূন্যতা। ক’তো খুদকণ এটা নাই।
ধোঁৱাবৰণ জুহালটোত লাং খাই পৰি আছে চাউল থোৱা মিঠাতেলৰ টিনটো… কেঁচা অমৃত সাগৰ কল,
সিজাই দিয়া। নিমখ ছটিয়াই একাঁহী মাৰি দিয়া। চাৰিঘণ্টালৈ ফিটফিটিয়া পেট। ভোকৰ ভটোও
নাহে। 

ভোগ কচু! গুৰি‍ উঠাই আনা। নিমখ দি সিজাই দিয়া। সিজাই থাকা সিজাই থাকা।
আঁহবোৰ কুমলি গলি যোৱালৈকে। নহ’লে খজুৱাব। নিমখীয়া ভোগকচু এথাল। 

অৰ্মিত অৰ্মিত! 

একোৱেই নাই। চাৰিওফাল ধূসৰ। 

ভাল চাই ভীমকলৰ পুলি এটা আনা। তৰপা তৰপে এৰুৱাই লোৱা।
বগা শাহখিনি সিজাই লোৱা। নিমখ ছটিয়াই চকুমুদি খাই যোৱা। 
(চকুপানী উজাই ল’বা।
চকুপানীয়ে সোৱাদ নষ্ট কৰে। চকুপানী আৰু জিভাৰ অহি-নকুল। টেষ্ট বাডবোৰ ডিএক্টিভেট্
কৰি দিয়ে তৎক্ষণাৎ!) 

যিকোনো খাদ্যৰ মূল্যধাৰী বস্তু। যিকোনো। নিমখেই গলাব। নিমখেই
পচাব। নিমখ আধাৰ। নিমখ নিদান। নিমখ মকৰধ্বজ! 

(কি খায় কি খায় ৰাধেৰ জীয়েকে… কি খায়।
কাঠমিস্ত্ৰীৰ যোগালী ৰাধেই পাই কেইটকা… প্ৰায়েই লঘোন। জীয়েকজনী ফুটি যাঁও ফাটি
যাঁও… জেতুলীপকা যেন ওঁঠ… কেৰাহীৰ তলী হেন পি‍ছফাল। এই ফুকলীয়া বয়সতে। খাবলৈ পায়
কিটো! কি খায় ঔ… লোদোৰ-পোদোৰকৈ বাঢ়িছে! (ধ্বনিব্যঞ্জনা মূল, ধ্বনিয়েই সাৰ…
ধ্বনিয়েই ভাবৰ মূল দ্বাৰ… প্লীজ ৰীড ইট এজ ‘লোড্ডোৰ পোড্ডোৰ’!) 

নিমখ লাগিব‌ই। আকাল
হুব আকাল। 

ডলাৰৰ ৰেট বাঢ়ি গৈছে। আকালৰ প্ৰচেছিং‍ আৰম্ভ হৈ গৈছে। 

মাৰোৱাৰীবোৰে
লুকুৱাই দিব খাদ্য সামগ্ৰী। ট্ৰাকে ট্ৰাকে চিকচিকিয়া মচুৰ দাইল সোমাই যাব গুদামবোৰত। 

ৰাতি ৰাতি নেতাবোৰৰ মাৰোৱাৰী বেপাৰীৰ সৈতে সঘন বৈঠক.. 

আইয়ে‍ না বাবুজী… এই পুতুকণ…
আম্মাজীকৌ বুলাঔ.. (আম্মাজীক সাধাৰণতে সম্পৰ্কবিলাক ঘৰুৱা কৰিবলৈ লাগে। এই যেন ঘৰৰ
মানুহ আপনা আদমী। নেতাৰ চোৰ চাৱনি‍ৰ মাজেদি যেনে-তেনে সৰকি থল্‌থলীয়া মাখনৰ লডা হেন
আম্মাজীয়ে দি থৈ যায় কাজু বাদাম একাঁহী।) 

দাম-দৰ চলি থাকিব। ইলেকচন আহি আছে। 

মহাৰ্ঘ স্কট্‌ছ আৰু ভজা কাজু… 

স্বমেহনৰ অন্তত বত্ৰিছ বছৰীয়া আম্মাজী শুই পৰে। 

ক’ল্ড
ষ্ট’ৰেজলৈ সোমাই যায় ট্ৰাক ট্ৰাক আলু। 

নাইকিয়া হৈ গৈছে দোকানবোৰৰ আগত পৰি থকা
নিমখৰ চোৰেও নিনিয়া বস্তাবোৰ… আকালৰ প্ৰচেছিং আৰম্ভ হৈ যায়। 

তহঁতে জেন’চাইড দেখা
নাই। মাছ্ মেছাকাৰ… নৰসংহাৰৰ অবাধ লীলা! দ’ম দ’ম দৰহিবলৈ ধৰা মৃতদেহ। 

ভেন ভেন কৰা
ভেনামাখিৰ ক’লা আস্তৰণৰ তলত পৰি থকা কঠিন একোটা হাড়-মঙহৰ সজ্জা। 

ডলাৰৰ ৰেট বাঢ়িলেই
নৰসংহাৰৰ প্ৰচেচিং আৰম্ভ হৈ যায়। 

তহঁতে‍ বুজা নাই।

 মিছা কথা। হৰ্ষদাই কাহানিও
নৰসংহাৰ দেখা নাই। 

যিকোনো প্ৰসংগ এটা তুলি আনি আপুনি হৰ্ষদালৈ দলিয়াই দিয়ক…
যিক্কোনো ৰেণ্ডম প্ৰসংগ এটা। হৰ্ষদাই তাক নব্বৈ কৰি পেলাব। হৰ্ষদা যেন এটা প্ৰাচীন
অল‌উইন কোম্পানীৰ ঘড়ী। ঊনৈ‍ছ শ নব্বৈ চনত বন্ধ হৈ গৈছে। ঘড়ীটো চলি আছে, মাত্ৰ সময়
সদায় ঊনৈ‍ছ শ নব্বৈ দেখুৱাই। 

অথৱা হৰ্ষদা এটা ৰাস্তা। আহি আহি ঊনৈ‍ছ শ নব্বৈত এটা
ফ্লাই অভাৰত উঠি দিছে। হৰ্ষদা একে দিশৰেই আহি আছে। মাত্ৰ ৰাস্তাটোৰ ওপৰে ওপৰে। তলৰ
ৰাস্তাটোত ভৰি পৰা নাই। ওপৰৰ ফ্লাই অভাৰৰে ডাঠ চামৰাৰ ক’লা কোলাহপুৰী চেণ্ডেল
পিন্ধা হৰ্ষদা। বেল্টডাল দুটা ফুটাৰ। 

হৰ্ষদাই আপোনাক বসুন্ধৰী, বাগডোবা অথৱা
বৰজলা, বুতুনীৰ নৰসংহাৰবোৰৰ কথা কৈ দিছে… বাগডোবা হাবিত পৰি থকা মৃতদেহবোৰ… বাগডোবা হাবিত পৰি থকা মৃতদেহবোৰ… কুমটি
বগাইছিল ষোড়শী গাভৰুবোৰৰ দেহাৰে… চিকাবোৰ একোটা জহামালবোৰৰ আকাৰৰ হৈছে, মানুহৰ ম‌ঙহ
খাই। 

নতুবা হৰ্ষদাই আপোনাক হাঁওফাঁওত মিথাইল আইচ’চায়েনেট সুমুৱাই মৰি যোৱা ভূপালৰ
পাঁচ লাখ মানুহৰ কথা কৈ আছে! 

পলকতে মৰি যোৱা ষোল হাজাৰ মানুহ। প্ৰায় পাঁচ লাখ
মানুহ গুৰুতৰভাৱে আহত। কাৰো কান্দিবলৈ আহৰি নাছিল।

মৃত্যু যেন এটা চিৰাচৰিত
কৰ্মকাণ্ড।

সন্ধ্যা অঙঠাত পুৰি গোমধান এটা খাই দিয়াৰ দৰে। 

অথৱা পানীৰ তলৰ পৰা ওলাই
আহি লোৱা এটা দীঘল উশাহ… 

গেছ কোম্পানীৰ মুখ্য বিষয়া ৱাৰেন এণ্ডাৰছনে মাত্ৰ দুহেজাৰ
ডলাৰ জৰিমনাত সসন্মানে মুক্তি পাইছে। 

কোম্পানীয়ে বিবৃতি দিছে… আমি এই দুৰ্ঘটনাত
আহত নিহত সকলোলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। গভীৰ সমবেদনা। দুৰ্ঘটনা আছিল, আমি
ব্যথিত। 

আমি দুখীত। লাখ লাখ মানুহৰ মৃত্যুৰ গভীৰ সমবেদনা। 

নাইবা হৰ্ষদাই দিলীপ,
ত্ৰৈলোক্য আৰু প্ৰফুল্লৰ দেহাকেইটাৰ কথা কৈ দিছে। 

কেইবাডালো তীক্ষ্ণ পাটোন কাঁড়ে
ভেদি থিয়ৈ থিয়ৈ ৰখাই দিয়া ল’ৰাকেইটা… 

ম’হ বিচাৰিবলৈ গৈছিল সিহঁত‌।

বাগানখনৰ মাজতে
ক’ৰবাৰ পৰা অহা কাঁড়বোৰে থিয়ৈ থিয়ৈ ৰখাই দিলে। থানালৈ অনালৈ সিহঁতৰ দেহাবোৰ
ভিম্বাকাৰ হৈছিল… 

হঠাতে তীব্ৰ বেগত বাঢ়ি গৈছে আন্দোলন। আন্দোলন স্তিমিত হ’লেই ক’ৰবাত
কোনোবা মৰা হৈছিল। 

মৃত্যুবিহীন আৱে‍গত কত চলে দীঘল আন্দোলন। 

লাখ লাখ এমেৰিকান ডলাৰ
ইনভেষ্টে‍ড। আন্দোলন পৰি গ’লে হ’ব নেকি! 

হৰ্ষদা ঘূৰি ফুৰে নৰসংহাৰবোৰৰ মাজৰে।
চ্যৰৰিয়েল কেৰেক্টাৰ এটাৰ দৰে! 

কোনোবাই কৈছিল— আৰ এছ এছ সোমাই আহিছিল আন্দোলনৰ
মাজলৈ। 

পোৱালি আন্দোলনকাৰীবোৰ একো একোটা চাবি দিয়া পুতলা আছিল। 

হৰ্ষদাৰ কেঞা
আঙুলিৰ নখটো অলপ দীঘলকৈ ৰখোৱা। জেতুকা লগোৱা। পকেটত ৰুমাল, ফণি‍ আৰু শুকান শিলিখা
থাকেই। 

হৰ্ষদাই কাহানিও জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কৈ পোৱা নাই..! 

জ্যোতি ককাইদেউ।
সদায়। এই যেন সোদৰৰ ককায়েক। 

কহুঁৱা ফুলাৰ বতৰত শৌচ খোলোচা হোৱাৰ দিনা হৰ্ষদাই
দেৱানন্দৰ দৰে খোজ কাঢ়ে। দেহাটো অকণমান হলাই। 

অথৱা ‘ম‌ইনা কোন বিধাতাই সাজিলে’
গানটোত নিপণ গোস্বামীয়ে শাম্মী কাপুৰৰ নকল কৰাৰ দৰে… 

নিৰ্দিষ্ট মানুহজনৰ কাষেদি
এখোজ আগুৱাই গৈ হঠাৎ ব্ৰেক মাৰি দিব। তাৰ পাছত মূৰটো অলপ পাছলৈ কেৰেচীয়াকৈ ঘূৰাই
মাতিব… 

অ অ অ ধনপোনা… কুশলে আছা নে? ডলাৰৰ দৰ বাঢ়ি গৈছে। ধাঁ ধাঁকৈ ছাটাই চলিব।
সৰু-সুৰা শ্ৰমিক কৰ্মচাৰী বাদেই ওপৰ খাপৰ ঠিকাভিত্তিক বিষয়াবোৰৰ ছাটাই চলিব। শীত-তাপ
নিয়ন্ত্ৰিত সুদৃশ্য কোঠাবোৰত কৰ্মচাৰীৰ ভাগ্যলিপি লিখিব ছ্যুট-টাই মৰা বিষয়াবোৰে। 

ডলাৰৰ দৰ বাঢ়িব। সুযোগতে ব্যয় সংকোচন। 

কোনে কাক দূষিব। অৰ্থনীতি ক্ৰেচ্ হৈ গৈছে। 

ফুৰুৎকৈ বন্ধ হৈ গৈছে প্লাষ্টিকৰ বৈয়াম বনোৱা ফেক্টৰীটো। পেটেলা মালিকটোৱে চিধা
চিধিকৈ কৈ উঠিছে… নোৱাৰিম বাবা… পৰতা নপৰা হৈছে। পুঞ্জী গায়ৱ হৈ গৈছে… 

কাম নোহোৱা
ক্ষুধাতুৰ মানুহবোৰ পৰুৱাৰ দৰে ওলাই আহিছে বাটলৈ… 

চুলিখিনি মিহিকৈ আঁচুৰি লৈছে
হৰ্ষদাই। দুই হাতৰ কাষৰে ঢৌ খেলোৱাই জ্যোতিপ্ৰসাদ যেন পাফ্ এটা তৈয়াৰ কৰাৰ চেষ্টাত
হৰ্ষদাৰ গোটেই জীৱন গুচি গৈছে… 

হৰ্ষদা ব’ন ৰ’ডত! ষ্টালিন শাসনৰ ছোভিয়েটৰ গুলাগবোৰত
ভৰাই থোৱা লাখ লাখ ৰাজনৈতিক বন্দীৰ মৃতদেহ পুতি পুতি বনোৱা ৰাস্তাটো। 

সৌৱা সৌৱা…
কোম্পানীৰ পৰা ছাটাই হোৱা ভোকাতুৰ শ্ৰমিক বিলাক… 

হাতত একোডাল বল্লম লৈ পিয়াপি দি
ঘূৰিছে ব’ন ৰ’ডটোত। পেট শুকাই ছালত লাগিছে। 

দাঢ়িবোৰ দীঘল দীঘল… লুঙীবোৰ কোঁচাই
বান্ধি লৈছে। (অবভিয়াচলি লুঙীয়েই পিন্ধিব। গৰু মঙহ খোৱাৰ বাবেই সিহঁতৰ তেজ গৰম।
বেলেগ জাতিক ভিজুৱেলাইজ কৰিব নোৱাৰে হৰ্ষদাই। গৰুৰ মঙহ তামাম গৰম। যতমানে অপৰাধৰ
মূল গৰুৰ ম‌ঙহ!) 

চকুবোৰে ভোকে পুৰি ৰঙা কৰি দিছে। এফালৰ পৰা ধ্বংস কৰি নিছে সকলো,
ভোকাতুৰ ছাটাই যোৱা শ্ৰমিকৰ দলটোৱে। 

সৌৱা সৌৱা… বল্লম মাৰি দিলে গোমধান পুৰি বেচা
মানুহজনীক। পোৰা গোমধানটোত নেমুটুকুৰা সানিবলৈ নেপালেই… 

আহ্ ভোকাতুৰ শ্ৰমিকটোৱে
পাওৰুটী খোৱাদি খাই পেলাইছে গোমধানটো। গুটি, শাহ সকলো সামৰি… 

গুড ডে’ বিস্কুটৰ
আধাখোৱা পেকেটটোৰ বাবেই শিশুটোৰ পেটৰে দীঘল বল্লমডাল পাৰ কৰি দিছে ষাঠী ঊৰ্ধ্বৰ
শ্ৰমিকজনে… পাটৰ শাড়ীত চিকণৰ কাজ কৰোঁতে কৰোঁতে জীৱন গৈছে বুঢ়াৰ। 

কি ভোক কি ভোক…
প্ৰেম আছিল আমাৰ দিনত… গান আছিল আমাৰ দিনত… 

হৰ্ষদাই প্ৰথমবাৰৰ বাবে প্ৰেমিকাক
সাবটি ধৰিছে। 

দেহাটোৰ ওপৰ ভাগটোৱে প্ৰেমিকাৰ দেহা চুইছে। তলৰ পাৰ্টটো বেঁকাকৈ আঁতৰাই
দিছে হৰ্ষদাই। জানোচা…! 

প্ৰেমিকাৰ চুলিত ক্ৰিচেনথিমাম। নাসিকা গহ্বৰৰ পৰা হৈ হাঁওফাঁও
পোৱাগৈয়ে নাই… হৰ্ষদাৰ জল সৰিল। 

ধাঁ ধাঁকৈ কাপোৰ খুলিলেই প্ৰেম হয় নেকি! আহম্মকৰ
জাত! 

লাওৰ শাহৰ দৰে মঙহ আৰু শৰীৰ তিয়াই লাগি ৰোৱা লেলাৱতিৰ বাদে জানে কি নৰখাদকৰ
ছানাবোৰে! 

প্ৰেম যেতিয়া নিজে এটা শৰীৰ হ’ব… সেই শৰীৰৰ মাৰ্বলৰ বাতি যেন স্তন
কঠিন হ’ব। স্তনাগ্ৰ হৈ পৰিব আৰৱী শুকান খেজুৰ। 

তোক মাতি নিব প্ৰেমে। 

সেই আৱাহনৰ
নাদ-নিনাদ কিচ্চু নাই। 

নিঃশব্দ। 

সেই বাটৰে ভিতৰৰো ভিতৰলৈ গৈ থাকিবি। ক’ব
নোৱৰাকৈ..! 

আৰু ঘূৰি নাহ ত‌ই… ৰৈ থাক ৰৈ থাক… প্ৰেমে নিজেই মাত লগাব তাৰ চিকুণ
শৰীৰলৈ… 

হৰ্ষদাই মিছাকৈ কৈ দিয়ে! 

প্ৰেমে হৰ্ষদাক কেতিয়াও নেমাতিলে শৰীৰলৈ। এ

এসাঁজ
খাবলৈ নেপালেই! নিদিলেই। 

মাতোঁ মাতোঁ ফিল এটাত থাকোঁতেই হৰ্ষদাৰ ঘড়ীত ঊনৈছ শ নব্বৈ
বাজি গৈছে! 

ঠিক তেনেকুৱাতে হৰ্ষদাৰ ক্ৰিচেনথিমাম লেলাউটিৰে‍ বুৰাই পেলাইছে এক্সাইজ
ইন্সপেক্টৰে। ব

ক্ষ, উদৰ, নাভী, জংঘা, নিতম্ব… লেলাউটি‍ত ডুবি গৈছে। 

লেলাউটি‍ৰ
সাগৰত সন্তুষ্টিৰে ওপঙি আছে হৰ্ষদাৰ ক্ৰিচেনথিমাম। 

হ’লেও আজিকোপতি হৰ্ষদাই প্ৰেম
আৰু ডলাৰৰ ৰেটৰ মাজত সম্পৰ্কৰ কথা কোৱা নাই… 

এই ধৰক— ডলাৰৰ ৰেট বাঢ়ি গৈছে, হোহোৱাই
নামি গৈছে প্ৰেমৰ পাৰা… 

নাঃ… নাই কোৱা হৰ্ষদাই। 

হৰ্ষদাই যা-তা কৈ দিয়ে! 

এন্নেই! 

আৰু গান… গান তোৰ মগজৰ ভিতৰত থকা এটা চুইছ্! 

গান বাজিছে, তোৰ মগজুৱে তোক বহু বছৰ
পুৰণি দিন এটালৈ চাঁৎকৈ লৈ গৈছে। তোক নি সেই নিৰ্দিষ্ট পৰিৱেশত এৰি দিছে। একদম একে
পৰিৱেশটো। ত‌ই গোন্ধ পৰ্যন্ত অনুভৱ কৰিছ… 

এই ত‌ই তাত আছ… 

কিন্তু তাত নাই। 

এইৰকম
কাৰবাৰ এটা আৰু… 

হৰ্ষদাৰ চকুপানী ওলাই আহিছে! 

চ্যৰ ৰিয়েলিটিৰ পৰা ওলাই হৰ্ষদা
হঠাত এটা নিমখৰ পুতলা। এই গলো এই গলো… 

টেপ ৰেক’ৰ্ডাৰ এটাত মায়াময় কণ্ঠ ভাহিছে… 

মোৰ স্বপ্ন মোৰ প্ৰেমত ননক্ৰেম… 

আৰু ৰাতিৰ স্বাৰিটি বাঁহী… 

নিমখ দি খুতৰীয়া শাক
সিজোৱা এবাটি আৰু কেইটামান ভাত খাই বিছনাত পৰা হৰ্ষদাৰ টোপনি অহা নাই… 

কেৰাচিন তেলৰ
জুই-ছাই দাম। পাবলৈ নাই। লেম-চাকি এটাও জ্বলি থকা নাই… 

নিশ্ছি‍দ্ৰ অন্ধকাৰ। 

সিটো
কোঠাত খুতৰীয়া তুলি তুলি বেঁকা হৈ যোৱা মাকে মাজে মাজে কেঁকাইছে। 

খোৱা ছ’ডাই কমাব
নোৱৰা এটা বহু বৰ্ষীয় কেঁকনি! 

পাহাৰী ৰংখাং জুৰিৰ পাৰত অবাধ বিচৰণ হৰ্ষদাৰ…
ক্ৰিচেনথিমামৰ গোন্ধ নাসিকা গহ্বৰত… পকাই পকাই সোমাই গৈছে ভিতৰলৈ… 

ডলাৰৰ ৰেট
হোহোৱাই বাঢ়ি গৈছে… 

ভোৰভোৰাই ভোৰভোৰাই কাষৰ ঘৰৰ আনন্দী ৰাজখোৱা শুই গৈছে… 

নৰসিংহ
ৰাৱে ঘোঁৰাৰ ঘাঁহ কাটিছে। 

তিৰিছটা টকাত এটা এমেৰিকান ডলাৰ, চোজা কথা হেঁ। সৰ্বকালৰ
ৰেক’ৰ্ড ভাঙি দিছে… এনেই আকাল হৈছে নে… 

হৰ্ষদাৰ টোপনি ভাগি‍ গৈছে। 

বাহিৰত বকুল
ফুলিছে। বকুল গছত ডালত ওলমি থকা ভৰিহালত সি ঠেকা খাইছে। 

কেবামাহো দৰ্মহা নোপোৱা
মাষ্টৰৰ ভৰি সেইহাল! 

হয় হয় গান এটা চুইছ্। তোক ফুৰুৎকৈ লৈ যাব নিৰ্দিষ্ট
পৰিৱেশটোলৈ। 

এক্‌জেক্‌ পৰিৱেশ। সেই একেই নিমখ নিমখ গোন্ধ। 

খোৱা নিমখ। 

চকুপানীৰ নিমখ।
মোৰ স্বপ্ন মোৰ প্ৰেমত ননক্ৰেম… আৰু ৰাতিৰ স্বাৰিটি বাঁহী… 

টোকা পৰুৱাটোহে যেন… 

ইবাৰ গৈছে নিমখ আনিছে… 

সিবাৰ গৈছে নিমখ আনিছে… 

আকাল হ’ব। 

নিমখ লাগিব।

হৰ্ষদা
যেন এটা চ্যৰৰিয়েল চিনেমাৰ কেৰেক্টাৰ!

ঠিকনা :
বৰমটা, ধলাইবিল
ডাক  : নাহৰবাৰী-৭৮৪১৮২
জিলা  : শোণিতপুৰ, অসম
ফোন  : ৯৮৫৪৫৬৬৪২৯, ৮৬৩৮১০৬০৮২