ৰশ্মিৰীয়া গগৈ

 

যোৱা এসপ্তাহে আমি
ইয়াতেই বহি আছোঁ

ত সমানে ছাঁ আৰু পোহৰ

সমান ভূত আৰু ভৱিষ্যতৰ ওজন

 

তুমি কৈছা – নক্ষত্ৰ মৰিলে আকৌ ওপজে

কৃষ্ণ গহ্বৰৰ কলাতো থাকে নতুনৰ দুৱাৰ

 

জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই

সুদীৰ্ঘ দিন লেপি আছোঁ ঘোপমৰা এন্ধাৰ

 

তুমি কৈছা- বলা কথা পাতোঁ

পোহৰৰগল্পৰকবিতাৰ

বুকুত ভঙাহাড়ৰ উখহা জোৰা

কেনেকৈ পাতোঁ তিৰবিৰ কথা

বতাহৰ আঁহে আঁহে বহি থাকে কাফকা।

 

ভঙুৱা জিভাৰে কি কথা পাতিলোঁ মনত নাই

চকুত উপঙিছে মৰা শামুকৰ খোলা

আন্ধাৰতে কাষৰীয়া অৰণ্য কঁপিছে

মোৰ লৰকালৈ মনত পৰিছে।

 

ঘটনা হিচাপে বিশেষ একোৱেই ঘটা নাই

আহিবলগীয়া ৰেলখন আহি প্লেটফৰ্ম পাইছেহি

নিঃসাৰ হৈ পৰি থকা চিৰিবোৰ জী উঠিছে

 

এটা মেটাফৰ বিচাৰোঁ বলা

আন্ধাৰতে আঁউসী মৰা

অন্যথা এডাল জিলিকা সূচক!