চপাই আন মানুহৰ মাত

কুঁকি কল্পিতা বৰা 

মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা 
অতবোৰ মুখ কেনি ওলায়,
ইমান মানুহ নিজৰ পৰা  কোন বেলাত কেনি পলায় !
মুখবোৰ কেনিবা হেৰাই যাওক 
মানুহবোৰ মানুহৰ বুকুলৈ উজাই আহক 
মানুহ মমতাৰে বুজন মানুহতেই মানুহৰ সৃজন 
চেতনাই বিচাৰে হৃদয়ে সামৰে 
মানুহ 
মুখা আৰু মোখোৰা মুখেহে পিন্ধে
মানুহৰ মুখে
মানুহ এজনে মোক এদিন মানুহ হ’বলৈ ক’লে 
মোৰ পৰা মানুহজনে মানুহ হোৱাৰ বতৰাকে পালে
মানুহবোৰে মানুহৰ কথা পাতি 
মানুহ বিচাৰি বিচাৰি এদিন মোকো বিচাৰিলে 
তথাপি মানুহবোৰে মানুহ নেদেখিলে 
নে মোৰ চকুৱে মানুহ নমনিলে
নে মানুহবোৰক মানুহবোৰে শুৱাই থ’লে! 
মানুহ আছেই, মানুহ থাকেই 
এতিয়াও বহুত মানুহ জীয়াই আছে  
নগৰতো গাঁৱতো পথাৰতো মানুহৰ চকুতো 
মানুহক কোনোবাই লুকুৱাই ৰাখিছে
মানুহক কোনোবাই কাঢ়ি লৈ গৈছে 
মানুহক বুকুলৈ চপাই আনক 
মানুহক সামৰি ৰাখক 
মানুহবোৰ আমাৰ হৈ থাকক
অমৰ হৈ…
ঠিকনা :
কমলাবাৰী,মাজুলী 
পিন : ৭৮৫১০৬
ফোন : ৮৮১১৮০৩৪২৩