অনুভৱ তুলসী
নান্দী
কটপ্ খটপ্ কটপ্ খটপ্
গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটো
মৌন কৌতূহলত এক পূৰ্ণহতীয়া কোব
থিয় চুলিয়ে কোনোমতে চম্ভালে
ঘোঁৰা আহে
নিজৰে যন্ত্ৰ তাঙৰণ টানি টানি
ঘোঁৰা আহে
এজ্ৰাৰ আজ্ঞা মানি
আগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানে
বিধেয় বোধগম্য হোৱালৈ
গাৰ ঘাম বাহিৰ হয়
ঘোঁৰাই ঘাঁহ খায়
খাওঁতে দাঁত নিকটায়
মুখত উভং মাত
এহাতে ববচাৰ আগচুলিত ধৰি
এহাতে এজ্ৰাই খন্তি চলায়
সেই ছেগতে ঘোঁৰাৰ
পেট আৰু দুই ঠেঙৰ মাজৰ অন্তেষপুৰত
শ্যামবৰণীয়া চিকুণৰ
বিনা পইচাৰ প্ৰদৰ্শনী
সেইপাট কি শৰ
কি ধনুত জুৰিবৰ
গোট গৰুৰ কল্পনাৰো অগোচৰ
দগা তৰ্জু আহুধান
বহা মেলৰ অবসান
ধুতীৰ খোচনাৰপৰা ওলাই
নতুন হাতৰ পৰশ পাই
ধনে চেঁকুৰ ধৰে
ধানেৰে গাভিনী বস্তা আৰু এজ্ৰাক
নিজৰে যন্ত্ৰ তাঙৰণক উদ্দেশ্যি
নীৰৱে গুঁজৰি-গুমৰি
ঘৰচীয়া ঘোঁৰাবাঘ
টমাচ
বেংকৰ গড়ালৰ জোখত
তোৰ মুখৰ বয়স আইনাতকৈ আগবঢ়া
তোৰ চকু কোটৰত লুকুৱা
হাতৰ ঠাৰি পয়ালগা
আঙুলি পবালি পবালি
দুই বৃদ্ধ ধেনুভিৰীয়া
চুলি অসঞ্জাতী
তই ভিতৰউদং
জাবৰ পাঁচি যেন মূৰ
গোবৰত পিছলে
আঘোণা কাগজত এজ্ৰাৰ কাঁচি চলে
ষ্টাৰ্নচ্
ছাইপ্ৰেছ গছ নামৰ মানুহজনৰ কথা
চুলিৰ যতন লৈ ভালপোৱা গছৰ কথা
এদিন এৰি এদিন মূৰ ধোৱা গছৰ কথা
পোন্ধৰ কি কুৰি দিনৰ মূৰে মূৰে
পাতত সতেজতা সনা গছৰ কথা
থিয়ৈ থিয়ৈ সি ষোল্লৰ সাতঅনা শোৱে
থিয়ৈ থিয়ৈ বৰলাৰ আবিয়ৈ টোপনি
পোৰা মাছৰ পিটিকাৰ সমান সপোন দেখে,
থিয়ৈ থিয়ৈ বাজনা থিয়ৈ থিয়ৈ
বহুৱালি
বহুৱালি
বহুৱাৰ বচনতকৈ সঁচা জেঠীয়েও
নাজানে
নাজানে
অলপ পিছতে পাত মুজুৰা পৰে
আকৌ তামৰঙী সতেজতা সানে
এলিয়ট
বোপা এলিয়ট, তোক সদায় আগুৰি থাকে
এজুম তিৰিয়ে যি মিকেলএঞ্জেলোৰ
অঁকা ভালপায়
অঁকা ভালপায়
আৰু তোৰ লেখাক কুৎসা ৰটনাৰে বুৰায়
তোৰ ভ্ৰূক্ষেপ নাই সেইপিনে
তই নাচ তই গাৱ সিহঁতৰ মৰদৰ বাবেও
পুৰণি হাঁহিৰ সতে নতুনৰ তামাচা
তই ফুচুৰি মেলত বহ
অবান্তৰ দুখ-কষ্টক লৈ তোৰ
গাজাখুৰি
গাজাখুৰি
অবান্তৰ ক্লেষ-কেলি,¸ শেষ যাৰ নাই
বুদ্ধয়ো নেপালে যাৰ যতি
পুৱাৰ প্ৰাৰ্থনা সভাতকৈ
জীৱন দীঘল নহওক —
হুম মণিপদ্মে হুম
অনুতুল
ৰেজিষ্ট্ৰেচন ডেস্কত থকাজনে
মবাইলত
মবাইলত
মুখৰ গোন্ধ আৰু কথা চোবাই আছিল, তেনেকৈয়ে,
অগ্ৰগতিৰ ৰছিদ লিখি ক’লে,
‘আগে টকা,
‘আগে টকা,
নহ’লে তই ডেণ্টিষ্টৰ
তালৈ যাবই নালাগে
তালৈ যাবই নালাগে
একে ঘোঁচাই সৰুৱাই দিব ময়ে পাৰো
দাঁতৰ সমুদায় বিষ-বেদনা’
ৰসাত্মক ৰবটৰ আগত এলিয়ট বেঙেমূতা
এণ্ট্ৰি পইণ্টত থকাজনীয়ে জানে
কোন আগ কোন পাছ
কোন কামৰ কিমান নিৰিখ
এজ্ৰাৰ লগত চুপতি তাইৰ সকাম নহয়
তাইৰ কাম দাঁত-খৰিকা বেচা
কল্যাণ
কাঁচিজোন দেখা পোৱা মনত আছে
কাঁচিজোনেই যে পূৰ্ণচন্দ্ৰ হয়গৈ
সি জনা নাছিল
সি জনা নাছিল
পূৰ্ণচন্দ্ৰই উন্মাদনা নিগৰায়
কামকাতৰ লগনত
হুচ নেথাকে
কিন্তু ক’ত
তেওঁতো মৰি থাকিল
পূৰ্ণচন্দ্ৰৰ ৰম্যবন বয়সত
তেজকনক জোন
কফিনবেশত ক’ৰ
দেশ ভ্ৰমিবলৈ গ’ল
দেশ ভ্ৰমিবলৈ গ’ল
একোকে জনা নাছিল জনাৰ উপায়ো নাছিল
নেচাও নেচাও বুলিও চাব লগা হ’ল
সৰুগাঁঠিৰপৰা ভৰি এখন সুলকি পৰা
দুই আধৰা মণিৰাম-পিয়লিয়ে
আলফুলে তুলি ল’লে
ভূপতিত আঙুলি আধা পোৰা পূৰ্ণতলুৱা
আৰু তেওঁ থিতাদহে দেশৰ দেহ ধাৰণ
কৰিলে
কৰিলে
সেই দেহে ধূলি-বালিলৈ আৰু নাযাও
বুলি
বুলি
আত্মাতীতত বাহ সাজিলে
আকাশৰ দুটা চন্দ্ৰৰ এটাৰ চমকত মজি
আনটোৰ ভমকলৈ পাহৰি থাকিল
পাহৰা মেঘৰ চুবুৰিত আকৌ চন্দ্ৰোদয়
একেই জেউতি অবিকল উদ্ভাস
টুপ টুপ টিপলি পাণৰ পিপলি
অদ্ভুত ৰসৰ জুতি
টমাচৰ চেঙালুটি
অনুভৱ তুলসী
(টমাচ ষ্টাৰ্নচ এলিয়টৰ ‘দ্য ৱেষ্ট লেণ্ড’ নামৰ এশ বছৰীয়া ফটিকাৰ ৰাগীত)
১৪.১২.২০২১