প্ৰতিফলন

 অসীম
তালুকদাৰ


ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি
নামৰ সংগীত স্কুলখন পাৰ হৈয়েই
সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব লাগিব৷ সেই
ৰাস্তাটোৰে চাৰি কিলোমিটাৰমান গৈ
থাকিলে চৰাইগুৰি নামৰ ঠাইখন পাব৷ চৰাইগুৰিত দুটা পকী ৰাস্তাই কটাকটি
কৰিছে৷
সেই ঠাইখন ধানকল, সৰিয়হ ভঙা কল, গেলামালৰ দোকান, চাহ দোকান আদিৰে ভৰি আছে৷ চৰাইগুৰি চকতেই দৈনিক বজাৰো বহে৷ শিক্ষানুষ্ঠান হিচাপে তাত এখন চৰকাৰী
হায়াৰ চেকেণ্ডাৰী স্কুল
, এখন চৰকাৰী প্ৰাইমাৰী স্কুল আৰু লগতে ব্যক্তিগত খণ্ডৰ দুখন প্ৰাইমাৰী স্কুল আৰু
এখন হায়াৰ চেকেণ্ডাৰী স্কুল আছে৷ চৰাইগুৰি চাৰিআলিৰ চ
কৰ পৰা পূব ফালে শিমলুগুৰিলৈ যোৱা ৰাস্তাটোৰে এক
কিলোমিটাৰমান গলেই বৃহৎ আহত গছ এজোপা আৰু এটা ডাঙৰ নামঘৰ পোৱা যাব৷ নামঘৰৰ কাষেৰে
যোৱা ৰাস্তাটোৰে সোমাই গৈ ৰাস্তাৰ সোঁফালে পাঁচ নম্বৰ ঘৰটোৱেই
অয়নাহঁতৰ ঘৰ৷ কিবা অসুবিধা হলে কাৰোবাক সুধিলেই দেখুৱাই দিব৷ গন্তব্যস্থললৈ কিদৰে যাব
লাগিব তন্ময়ে মনতে
আকৌ এবাৰ আওৰালে  

আবেলি দুই বাজি গৈছে৷ দেওবাৰ যদিও ভীৰ অন্য দিনৰ দৰেই৷
চাৰিওফালে ভালকৈ চাই তন্ময়ে গাড়ীখন চৰাইগুৰিলৈ যোৱা ৰাস্তাটোৰ ফালে ঘূৰালে৷ তন্ময়ৰ
সৈতে গাড়ীখনত আৰোহী চাৰিজন – তন্ময়ৰ মাক
, দেউতাক আৰু বায়েক৷ তেওঁলোকে আজি এক বিশেষ উদ্দেশ্যেৰে চৰাইগুৰিলৈ আহিছে৷ শিমলুগুৰি নিবাসী
দ্বিজেন
দাসৰ ডাঙৰ ছোৱালী অয়নাৰ সৈতে তন্ময়ৰ বিয়াৰ কথা বতৰা চলিছে৷ আগতে সিহঁতে কেতিয়াও লগ
পোৱা নাই৷ এমাহমানৰ পৰা দুয়ো ফোনত কথা পাতিছে৷ ফোনত কথা পাতি সিহঁতৰ ভালেই লাগিছে৷
অয়নাই বিচাৰিছে তন্ময়ৰ
  পৰিয়ালে আহি তেওঁলোকৰ পৰিয়ালক এবাৰ লগ ধৰক৷ যদিহে কিবা
কাৰণত ভাল নালাগে সিহঁতে বেছি আগ নবঢ়াই ভাল হ
ব কিয়নো ঘৰৰ ইচ্ছাৰ বিপৰীতে যাবলৈ অয়নাৰ কষ্ট হব৷
কথাটো তন্ময়েও ভাল পালে৷ সেইমতে আজি মাক দেউতাক আৰু একমাত্ৰ বায়েক চন্দনাৰ সৈতে
চৰাইগুৰিলৈ আহিছে৷ তন্ময়হঁতৰ ঘৰ বিছ-পঁচিছ কিলোমিটাৰমান দূৰৰ চহৰ এখনৰ উপকণ্ঠ
অঞ্চলত৷ চৰাইগুৰি
ৰফালে তেওঁলোক আগতে কেতিয়াও অহা নাই৷ তেওঁলোকক ভাত খোৱাকৈ আহিবলৈ নিমন্ত্ৰণ কৰিছিল৷
কিন্তু কথা আগ নবঢ়াকৈ ছোৱালীঘৰক অতিৰিক্ত চাপত পেলাবলৈ তন্ময়ৰ পৰিয়ালে বিচৰা নাই৷
তিনি বজাত তেওঁলোকে গৈ পাব বুলি কৈছে৷ তাত দুঘণ্টামান কটাই তেওঁলোক ঘূৰিব৷
 

এনে ধৰণৰ ভাল দিন এটাত দৰাঘৰৰ পৰিয়ালৰ মানুহ হিচাপে যিমান
উৎসাহ থাকিব লাগিছিল তেওঁলোকৰ মাজত সেই উৎসাহৰ অভাৱ পৰিলক্ষিত হৈছে৷ কাৰণটো হৈছে
তিনিদিনমান আগতে তন্ময়ৰ মাকৰ স্কুলৰ ঠিকনাত অহা বেনামী চিঠি এখন৷ চিঠিখনত তেওঁলোকৰ
চহৰৰে পোষ্ট অফিচৰ মোহৰ মৰা আছে৷ কোনোবা শুভাকাংক্ষী বুলি পৰিচয় দি লিখিছে৷
প্ৰথমেই সুধিছে তেওঁলোকে অয়নাৰ উপাধি কি নাজানে নেকি৷
তাৰ উপৰিও অয়নাৰ চৰিত্ৰৰ বিষয়ে কিবা জানেনে ? অয়না ছোৱালীজনীৰ হেনো চৰিত্ৰ খুবেই বেয়া আৰু তন্ময়ৰ কাৰণে কোনোপধ্যেই উপযুক্ত নহ৷ অয়না বহুত চঞ্চল৷ স্কুলৰ সময়ৰ
পৰাই তাইৰ বহুতৰে লগত সম্পৰ্ক আছিল৷ ঘৰৰ ডাঙৰ ছোৱালী হিচাপে থাকিবলগীয়া গুণবোৰ নাই৷
ৰাৰ লগত বাইকত উঠি যাবলৈ সংকোচ নকৰে৷
তেজপুৰ
য়ুনিভাৰ্ছিটিত পঢ়ি থাকোতে হেনো কিছুমান চিঠিত লিখিব নোৱাৰা ধৰণৰ কাম কৰি থৈছে৷
সহজ ভাষাত প্ৰকাশ কৰিলে অয়না এজনী চৰিত্ৰহীনা
, গুৰু গোসাঁই নমনা
ডাংকাটি ছোৱালী৷ তাই পঢ়াই থকা স্কুলখনতো তাইক কোনেও ভাল
নাপায়৷ তাই
প্ৰভাত বৰুৱাৰ ঘৰলৈ বোৱাৰী হৈ আহিলে ঘৰ থানবান হৈ যাবতন্ময়ৰ দৰে নিৰ্জু আৰু নিৰীহ লৰাজনৰ জীৱনটো বৰবাদ কৰিব৷ 

চিঠিখন পোৱাৰ পাছৰে পৰা তন্ময়ৰ মাকৰ মন বেয়া৷ সিদিনা
সন্ধিয়া চন্দনাক ফোন কৰি কথাটো জনোৱাৰ পাছত
মাক-জীয়েক দুয়োজনীয়ে কন্দাকটা আৰম্ভ কৰিলে৷
আনহাতে দেউতাকৰ মতে এয়া কোনো শুভাকাংক্ষীৰ চিঠি নহয়
, বিয়া ভাঙিবলৈ কোনোবা হিংসুকে কৰা ষড়যন্ত্ৰৰ অংশ মাথোঁ৷ তন্ময়ৰ মাক
আৰু দেউতাকে তেওঁলোকৰ অফিচৰ ঘনিষ্ঠ দুই তিনিজনৰ বাদে বেলেগক কোৱা নাই৷ তন্ময়ৰ
বন্ধু কেইজনমানেও কথাটো জানে৷ গতিকে চিনাকি মানুহৰ মাজতেই যে কোনোবাই চিঠিখন
পঠিয়াইছে তাত কোনো সন্দেহ নাই
দেউতাকৰ মতে সঁচাকৈয়ে কোনোবা শুভাকাংক্ষী হলে মুখামুখিকৈ কথাখিনি কব৷ তন্ময়েও কথাটো ঠিক তেনেকৈয়ে
লৈছে৷ তন্ময়ৰ মাকেহে কথাটো সহজকৈ ল
ব পৰা নাই৷ সেয়েহে আজি চন্দনাকো মাতি পঠিয়াইছে৷
দেউতাক তন্ময়ৰ কাষৰ পেছেঞ্জাৰ চিটত বহিছে৷ মাক আৰু বায়েকে পাছফালে বহিছে৷

তন্ময়ে অয়নাৰ লগত কথা পাতোতে এদিন
এনে ধৰণৰ কথা ওলাইছিল৷ অয়নাই নিজে
 উলিয়াইছিল৷ তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তাইৰ  হেনো এজন ভাল বন্ধু আছিল – আজিৰ যুগৰ ভাষাত বয়ফ্ৰেণ্ড৷ সিহঁতৰ
সম্পৰ্কটোৰ কিবা ভৱিষ্যত আছে নেকি সিহঁত নিজে
নিশ্চিত নাছিল৷ বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত
হোৱাৰ এতিয়া চাৰি বছৰৰো অধিক সময় হৈ গল৷ চাকৰিৰ সন্ধানত ল
ৰাজন বাংগালোৰলৈ গৈছিল৷ অয়নাই ঘৰলৈ ঘূৰি আহি ঘৰৰ কাষৰে
চৰকাৰী হায়াৰ চেকেণ্ডাৰী স্কুলখনত ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে যোগ দিছিল৷
সিহঁত ফেছবুকৰ বন্ধু আছিল৷ কিন্তু তিনিবছৰ আগতে অয়নাই ফে
ইচবুকৰ একাউণ্টটো ডিলিট কৰাৰ পাছৰে
পৰা তাই ল
ৰাজনৰ খবৰ নাপায়৷
ছমাহমান আগতে বান্ধৱী এজনীৰ লগত কথা পাতোতে গম পাইছিল যে ল
ৰাজন এতিয়াও বাংগালোৰতেই থাকে আৰু সি অলপতে বিয়া পাতিছে৷ য়ুনিভাৰ্ছিটিৰ
সময়খিনি তাই ভাল স্মৃতি হিচাপে গণ্য কৰে আৰু ল
ৰাজনৰ প্ৰতি তাইৰ শুভেচ্ছা আছে৷ তন্ময়ৰ বৰ ভাল লাগিছিল
অয়নাৰ কথাখিনি৷ সিও নিজৰ কথা কৈছিল
, ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সময়ত তাৰ একপক্ষীয় প্ৰেমৰ কথা৷ সিহঁতৰ একে ক্লাছৰে
ছোৱালী এজনীৰ প্ৰতি তাৰ দুৰ্বলতা আছিল৷ ফাইনেল ইয়েৰত থকা সময়ত সি সাহস গোটাই কথাটো
কৈছিল৷ দুবছৰ আগতেই এইখন কলেজৰ পৰাই উত্তীৰ্ণ হৈ ওলাই যোৱা কোনোবা এজন চিনিয়ৰ ল
ৰাৰ লগত তাইৰ সম্পৰ্ক এটা চলি থকা বুলি কৈ তাই তন্ময়ক নাকচ
কৰিছিল৷ তাৰ ফে
ইচবুকৰ ফ্ৰেণ্ডলিষ্টত হেনো ছোৱালীজনী এতিয়াও আছে৷ কিন্তু তন্ময় ফেইচবুকত একেবাৰে
সক্ৰিয় নহয়৷ যোৱা এবছৰমান সি ফে
ইচবুক খুলিয়েই চোৱা নাই৷ সেয়েহে সি একো গম নাপায়৷

তেওঁলোক তিনিবজাত অয়নাহঁতৰ গৈ পোৱা কথা৷ ঘৰৰ পৰা তেওঁলোক
অলপ সোনকালেই ওলালে৷ তন্ময়ৰ দেউতাক
, প্ৰভাত বৰুৱাই দেৰী হোৱাটো পোষকতা নকৰে৷ নিজেও কেতিয়াও দেৰী নকৰে, আনৰ পৰাও সেয়াই তেওঁ আশা কৰে৷ কিন্তু এতিয়া পোনে পোনে গৈ
থাকিলে আঢ়ৈমান বজাতেই গৈ পাব৷ সোনকালে গৈ পোৱাৰো তেওঁ পক্ষপাতী নহয়৷ যদি অয়নাহঁতে
কিবা কাম শেষ মুহূৰ্তলৈ থৈ দিছিল তেওঁলোকৰ উপস্থিতিয়ে তাত পয়মাল লগাব পাৰে৷ গতিকে
তন্ময়ে লাহে লাহে গাড়ী চলালে৷ সময় অলপ পাৰ কৰিবলৈ চৰাইগুৰি চ
কৰ পৰা পূবে শিমলুগুৰিলৈ যোৱাৰ পৰিৱৰ্তে তন্ময়ে গাড়ীখন
পশ্চিমে ৰিহাবাৰীৰ দিশলৈ ঘূৰালে৷ সেইটো ৰাস্তাৰে তিনি কিলোমিটাৰমান গৈ নদী এখন পাব
লাগে৷ তাত গাড়ীখন ঘূৰাই অয়নাহঁতৰ ঘৰলৈ পোনে পোনে যাব৷ তেতিয়ালৈ তিনি বাজিবৰ হব৷
 

অকণমান গৈয়ে তেওঁলোকে মানুহৰ জুম এটা লক্ষ্য কৰিলে৷ আগত
দুখন গাড়ী ৰৈ আছে৷ তন্ময়ে গাড়ী ৰখালে৷ সন্মুখৰ গাড়ী দুখনৰ সিফালে
কেইবাজনো মানুহ থিয় হৈ আছে৷
কি হৈছে সঠিককৈ ধৰিব পৰা নাই৷ খিৰিকীৰ গ্লাছ নমাই তন্ময়ে মানুহ এজন সুধিলে৷ গৰুৰ
পোৱালি এটাক হেনো গাড়ী এখনে খুন্দিয়াই থৈ গল৷ ৰাস্তাৰ সোমাজতে পোৱালিটো পৰি আছে৷
বিষতে পোৱালিটোৱে বেবাই আছে৷ মাকজনী কাষতে থিয় হৈ আছে৷ এতিয়া গাড়ী পাৰ হৈ যাব
পৰাকৈ পৰ্য্যাপ্ত ঠাই নাই ! ঘূৰি যোৱাই ভাল হব নেকি
? তন্ময়ৰ কথাত সকলোৱে হয়ভৰ দিলে৷ ৰাস্তাতেই ঘূৰাব লাগিব৷
মানুহ অহা যোৱা কৰি আছে কাৰণে সাৱধানে ঘূৰাব লাগিব৷ যোৱা কিছুদিন বৰষুণ হোৱা নাই
কাৰণে ৰাস্তাটো ধূলিময়৷ তন্ময়ে লাহে লাহে খিৰিকীৰ গ্লাছখন উঠালে৷
 

গাড়ীখন বেক গিয়েৰলৈ নিয়াৰ পিছতেই ৰিয়াৰভিউ মিৰৰত পাছফালৰ পৰা আহি থকা ঠেলাগাড়ী
এখন তন্ময়ৰ চকুত পৰিল৷ সেইখন পাৰ হৈ যোৱালৈকে বাট চাব লাগিব৷ ঠেলাখন খালী৷
আদবয়সীয়া মানুহ এজনে গাড়ীখন ঠেলিছে৷ ঠেলাগাড়ীখনৰ লগে লগে ছোৱালী এজনী
য়েও খোজ কাঢ়ি আহি আছে৷ মেখেলা চাদৰ পিন্ধা গাভৰু ছোৱালীজনীয়ে চালকজনক কিবাকিবি কৈ আছে৷ ঠেলাগাড়ীখনে
গাড়ীখন অতিক্ৰম কৰি পাৰ হৈ যোৱালৈকে তন্ময়হঁতে গাড়ীৰ ভিতৰৰ পৰাই
  চাই ৰল৷ তেতিয়াই তন্ময়ৰ দেউতাকে যাত্ৰীৰ আসনৰ কাষৰ দুৱাৰখন খুলি দুই মিনিটত আহি আছোঁ বুলি কৈ
নামি গল৷ আচলতে কি হৈছে তেওঁৰ চাবলৈ মন
গৈছিল৷ প্ৰভাত বৰুৱাই ঠেলা গাড়ীখনক অনুসৰণ কৰিলে৷ মানুহবোৰে
ঠেলাখনক ৰাস্তা এৰি দিছিল৷ ঠেলাগাড়ীখন গৈ
ৰাস্তাৰ মাজতে পৰি থকা পোৱালিটোৰ কাষত ৰল৷ চাৰি-পাঁচমহীয়া পোৱালিটোৱে পাছফালৰ ভৰি দুখনত আঘা পাইছে৷ মাকজনীয়ে ভৰি দুখন
চেলেকি চেলেকি যেন উঠিবলৈ উৎসাহ দিছে৷ সি চেষ্টা কৰিছে৷ কিন্তু সি খোপনি পুতিব পৰা
নাই আৰু বাৰে বাৰে বাগৰি পৰিছে৷ মাকজনীয়ে মাজে মাজে মূৰ তুলি মানুহবোৰলৈ চাইছে৷
যেন সহায় ভিক্ষা কৰিছে৷ ছোৱালীজনীয়ে ঠেলা চালকজনক কৈছে যে পোৱালিটো ওচৰতে থকা পশু
চিকিৎসালয়
খনলৈ লৈ যাব লাগিব৷ ঠেলাত উঠোৱাৰ পাছত যাতে পৰি নাযায়, তাৰ কাৰণে বিশেষকৈ সাৱধান হব লাগিব৷ চিকিৎসালয়খন ওচৰতে, সেই ঠাইখিনিৰ পৰা দেখাই পোৱা যায়৷ পোৱালিটোৰ আকাৰ দেখি
প্ৰথমতে কোৱাতকৈ অলপ বেছি পইছা লাগিব বুলি চালকজনে দাবী কৰিলে৷ ছোৱালীজনীয়ে
প্ৰথমতে আপত্তি কৰিছিল
, কিন্তু পাছত মান্তি হল৷ 

         
বাইদেউ, গাইজনী আপোনালোকৰ নেকি? এনেকৈ ৰাস্তাত এৰি দিলে এনেকুৱা হবই৷কোনোবা এজনে সুধিলে৷

ছোৱালীজনীয়ে মানুহজনৰ ফালে সামান্য বিৰক্তিৰ দৃষ্টিৰে চালে৷ কিন্তু মুখেৰে একো
ফুটাই নকলে৷ প্ৰভাত বৰুৱাই ছোৱালীজনীক লক্ষ্য কৰিলে৷ চছমা পিন্ধা মৰম লগা
ছোৱালীজনীৰ কান্ধত এটা বেগ৷ বেগটো কাষতে থৈ ছোৱালীজনীয়ে পোৱালিটোক উঠাবলৈ চেষ্টা
কৰিলে৷ ছোৱালীজনীয়ে সহায় কৰিব বুলি উপলব্ধি কৰিয়েই নেকি
, গাইজনীয়ে পোৱালিটোক চেলেকিবলৈ বাদ দি এবাৰ ছোৱালীজনীক শুঙি
চালে৷
  এইটো স্পষ্ট হৈ পৰিল যে পোৱালিটোৱে নিজে উঠিব নোৱাৰিব৷
গতিকে ডাঙি উঠোৱাৰ গত্যন্তৰ নাই৷ প্ৰভাত বৰুৱাই নিজে আগবাঢ়ি গৈ পোৱালিটোক ডিঙিৰ ফালে
ধৰিলে৷ তেওঁক দেখিয়েই নেকি কেইবাজনো ডেকা ল
ৰা একে সময়তে সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ লৰাকেইজন আগবাঢ়ি অহা দেখি ছোৱালীজনীয়ে  প্ৰভাত বৰুৱাৰ ফালে চাই কলে –খুড়াদেউ, আপুনি নালাগে৷ আমি পাৰিম৷হয়তো প্ৰভাত বৰুৱাৰ বয়সটো দেখিয়েই তাই তেনেকৈ কলে৷ পোৱালিটোক ঠেলাগাড়ীখনত উঠাবলৈ অলপ সময় লাগিল৷ চালকজনৰ লগতে লৰা কেইজনেও গাড়ীখন অলপ ঠেলিলে  ছোৱালীজনীয়ে ঠেলাখনৰ লগে লগে খোজ ললে৷ আচৰিতভাৱে গাইজনীও ঠেলাখনক অনুসৰণ কৰি পাছে পাছে  গৈ থাকিল৷ 

ঠেলা গাড়ীখন যোৱাৰ পাছত প্ৰভাত বৰুৱাৰ মনটো ভাল লাগি গল৷
আজিকালি বেলেগ জীৱ
জন্তুৰ প্ৰতি মানুহৰ দয়া মমতা কমি হৈছে৷ কিন্তু একেবাৰে শেষ
যে হৈ যোৱা নাই এয়াই প্ৰমাণ৷ ছোৱালীজনীৰ প্ৰতি তেওঁৰ মৰম ভাব সোমাল৷ গাড়ীত বহি লৈ
প্ৰভাত বৰুৱা
সমগ্ৰ কথাখিনি তন্ময়হঁতক কলে৷ ইতিমধ্যে ভীৰ কমিছিল৷ গাড়ীখন সেই ঠাইতে ঘূৰোৱাৰ
পৰিৱৰ্তে তন্ময়ে সন্মুখৰ গাড়ী দুখনক অনুসৰণ কৰি একে দিশত ঠেলাখনৰ পাছে পাছে গৈ
থাকিল৷ চিকিৎসালয়ৰ চৌহদলৈ ঠেলাখন সোমাই যোৱাৰ পাছত অকণমান গৈ হায়াৰ ছেকেণ্ডাৰী
স্কুলখনৰ খেলপথাৰত তন্ময়ে গাড়ী ঘূৰালে৷ ঘূৰি আহি চৰাইগুৰি চাৰিআলিত তন্ময়ে গাড়ীখন
পুনৰ এবাৰ ৰখালে৷ সময় কটাবলৈ প্ৰভাত বৰুৱাই চাহ একাপ খোৱাৰ কথা কৈছিল৷ কিন্তু
তন্ময়ৰ মাকে একেআষাৰে প্ৰস্তাৱটো অগ্ৰাহ্য কৰিলে
  

তিনি বাজিবলৈ দুই মিনিটমান থাকোতেই তেওঁলোকে অয়নাহঁতৰ ঘৰ গৈ
পালে৷ অয়নাৰ দেউতাক তেতিয়া ঘৰৰ বাহিৰতে ৰৈ আছিল৷ তেওঁলোকক আথেবেথে ঘৰলৈ মাতিলে৷
কুশলবাৰ্তা বিনিময়ৰ পাছত তন্ময়হঁত ড্ৰয়িংৰুমত বহিল৷ তেওঁলোকৰ লগত অয়নাৰ মাক
, দেউতাক আৰু ভায়েক দুজনো  বহিল৷ প্ৰভাত বৰুৱাৰ ভাল লাগিল পৰিয়ালটোক৷ অয়না হেনো
বৰ্তমান ঘৰত নাই৷ স্কুললৈ গৈছে৷ অলপ আগতে ফোন কৰিছিল৷ সোনকালেই আহি পাব৷

 

ছোৱালীজনী চাবলৈ দৰা ঘৰৰ পৰা মানুহ আহিব, কিন্তু ছোৱালীজনী ঘৰত নাই !!মুখেৰে একো ফুটাই নকলেও সেই ভাবটো তন্ময়ৰ মাকৰ মনলৈ বাৰে
বাৰে আহি থাকিল৷
 

কিছুসময় পাছত ঘৰৰ পদূলিত ই-ৰিক্সা এখন ৰল৷ ড্ৰয়িংৰুমৰ ভিতৰৰ পৰা নেদেখিলেও অয়না আহি পাইছে বুলি
অনুমান কৰিবলৈ অসুবিধা নহ
ল৷ আধা
ঘণ্টামান পাছত অয়না ড্ৰয়িংৰুমলৈ সোমাই আহিল৷ ছোৱালীজনীক দেখি তন্ময়ৰ লগতে বাকী
কেইজনৰো মনবোৰ পোহৰ হৈ উঠিল৷
আনহাতে প্ৰভাত বৰুৱাৰ ফালে চাই  অয়নাৰ
দৃষ্টি এখন্তেক থমকি ৰ
ল৷ অয়নাই
তন্ময়ৰ মাক-দেউতাকক সেৱা কৰিলে৷
অয়নাই বহিব বিচৰা নাছিল, কিন্তু তন্ময়ৰ মাকৰ অনুৰোধত তেওঁৰ কাষতে থকা খালী চকীখনত
অয়না বহিল৷ অকণো সংকোচ নকৰাকৈ অয়নাই তেওঁলোকৰ লগত কথা পাতিলে৷ হায়াৰ ছেকেণ্ডাৰী
পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে হেনো স্কুলত বিশেষ পাঠদান চলি আছে৷
অসমৰ অন্যান্য ঠাইৰ দৰে ইয়াতো চৰকাৰী স্কুলবোৰত ল
ৰা-ছোৱালীৰ সংখ্যা কমি গৈছে৷ পঢ়াশুনাত ভাল লৰা-ছোৱালীবোৰে আজিকালি প্ৰাইভেট স্কুলবোৰলৈহে যায়৷ যোৱা
কেইবছৰত অয়নাহঁতৰ স্কুলৰ ৰিজাল্ট সন্তোষজনক হোৱা নাই৷ সেয়েহে ইংৰাজী
, গণিত, পদাৰ্থ বিজ্ঞান আদি বিষয়বোৰৰ কাৰণে শনিবাৰ আৰু দেওবাৰে অতিৰিক্ত পাঠদানৰ আয়োজন
কৰা হৈছে৷ পৰীক্ষালৈ এমাহো নাই৷ পৰৱৰ্তী দুসপ্তাহলৈ অতিৰিক্ত ক্লাছ চলি থাকিব৷
তন্ময়ে অৱশ্যে কথাটো জানে৷ আগদিনা সিহঁতে কথা পাতোতে অয়নাই কথাটো কৈছিল৷ তাৰ পাছত
আৰু এঘণ্টামান কটাই তন্ময়হঁতে বিদায় ল
লে৷ অয়নাহঁতৰ ঘৰৰ আটাইকে তেওঁলোকৰ ভাল লাগিল৷ 

গাড়ী চলিবলৈ আৰম্ভ কৰাৰ অলপ পাছতেই দেউতাকে তন্ময়ৰ ফালে চাই
লে যে অয়নাহঁতৰ ঘৰখন তেওঁৰ বৰ ভাল
লাগিছে৷ গতিকে তন্ময় যদি সন্মত হয়
, সোনকালেই অয়নাৰ মাক-দেউতাকহঁতক এবাৰ ঘৰলৈ মতা ভাল হব  তেওঁলোকেও আহি ঘৰখন চাই যাওক৷ মাক আৰু চন্দনায়ো কথাটোত হয়ভৰ দিলে৷ তন্ময়ৰ
মুখত হাঁহি বিৰিঙিল৷ ঘৰ গৈ পায়েই সি অয়নাক কথাটো জনাব৷
 

       কিন্তু চিঠিখনত লিখা কথাবোৰ ?” হঠাতে দেউতাকে মাকৰ ফালে চাই সুধিলে৷

মাকে বাহিৰৰ ফালে চাই লাহেকৈ কলে –যিজনী ছোৱালীয়ে দৰাঘৰৰ মানুহ আহিব বুলি জানিও ৰাস্তাত আঘাত
পোৱা জন্তু এটাক চিকিৎসালয়লৈ লৈ যাবলৈ সময় উলিয়াব পাৰে
, সেইজনী ছোৱালীৰ বিষয়ে বেলেগৰ পৰা একো জনাৰ দৰকাৰ নাই৷

 

অসীম তালুকদাৰ

মেডিচনভিল, কেণ্টাকী

আমেৰিকা যুক্তৰাষ্ট্ৰ

১-২৭০-৮৩৬-০৩৮৯