নীলোৎপল বৰুৱা
দণ্ডপাণি শইকীয়া ইজিপ্টলৈ যোৱা
নাই!
নাই যোৱা।
খাটাং নাই যোৱা। যোৱা হ’লে
অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড ফটো
এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ
স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।
অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে।
বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন।
কাজাখস্তানৰ প্ৰত্যন্ত গাঁও এখনত বহি গুড়গুড়ি টানিব পাৰিলেহেঁতেন। টাটাৰত পুৰণি ঘোঁৰাগাড়ী
এখনত উঠি চামৰাৰ মোনাত ভৰোৱা ভ’ডকাৰ সৈতে বলধৰ টাটকা মঙহৰে তৈয়াৰী
ব্ৰীস্ক্ চোবাব পাৰিলেহেঁতেন। বলশ্বেভিকসকলৰ যুদ্ধসংগীতৰ আমেজ লৈ ডিঙিটো কটক্ কটককৈ
ফুটাই থাকিব পাৰিলেহেঁতেন। (দণ্ডপাণি শইকীয়াৰ পুৰণি মুদ্ৰাদোষ। গৰমত নেমুপানী এগিলাচ খোৱাৰ আয়াসেৰে ডিঙিটো দুইফালে ঘূৰাই ঘূৰাই ফুটাই থাকে। ডিঙিৰ হাঁড়ৰ ক’লাজেন কাহানিবাই শুকাই গৈছে। কট্ কট্ আৱাজ কৰে।)
পাট্টায়াত টুকটুক এখনত বহি চহৰৰ
মাজে মাজে লম্বা চফৰ এটাত কোনোবা ৰূপহী লেডীবয় এটাৰ
সৈতে সন্ধ্যা বিলাস কৰিব পাৰে। থুঁতৰিত আলফুলে ধৰি
অকণমান দাঙি লেডীবয়ৰ চকুত চকু থৈ সুধিব পাৰে সুউচ্চ কণ্ঠৰে
কৈ উঠা প্ৰিয়তমা (তম??), জীৱনে তোমাক যি যি নিদিলে… সেয়া
দিবলৈকে মই ঈশ্বৰপ্ৰেৰিত!!
ধেৰ কিবা কিবিয়েই পাৰে।
ঋতুৰ মতে বুঢ়া তামাম খেচ্চৰ।
টকাবোৰ ঘৈণীয়েকে লগত অনা ডাঠ লোহাৰ বাকচটোত ঠাঁহি ঠাঁহি ভৰাই থৈছে। খৰচা নকৰে। বৈদ্য
বিড়াল। নোদোকা এন্দুৰ ধৰে, খেলে। খেলি থাকে খেলি থাকে। নাখায়।
এন্দুৰটো ভাগৰি পৰে। অলপ বিৰতি লয়। আকৌ খেলে। কিন্তু খাই নেপেলায়।
তেওঁ আইছিছ্ দেৱীৰ বিষয়েও নেজানে!
নেজানে বিড়াল অধ্যুষিত জনপদৰ কথা।
(প্ৰাচীন ইজিপ্ট হেনো
মেকুৰীময়। উপাস্য দেৱী আইছিছ্ মেকুৰীৰ সৈতে সংলগ্ন। ফাৰাওসকলৰ মাতৃ আইছিছৰ প্ৰিয়
বাবেই প্ৰাচীন ইজিপ্টত মেকুৰী পূজিত!!
স্বামী অ’ছিৰিছৰ মৃতদেহৰ পৰা
পুৰুষাংগটো কাটি আনি আইছিছে নিজৰ যোনীত স্থাপন কৰিছিল।
পচিবলৈ ধৰা লিংগটোৰ পৰা বীৰ্যপাত
হৈছিল।
…আৰু গৰ্ভস্থ হৈছিল
পুত্ৰ হ’ৰাছ্!!
হ’ৰাছে পাছলৈ
পিতৃহন্তা খুৰাক ছেটক হত্যা কৰিছিল!! ইজিপ্টলৈ ঘূৰাই
আনিছিল দীৰ্ঘ আকাংক্ষিত শান্তি!!
সেয়ে মেকুৰী শান্তিদূত। ইদানীং কি
চলিছে জনা নাযায়। নিৰ্গঠনৰ পাছৰ মেকুৰী আৰু ৰহস্যময়।)
জনা হ’লেও তেওঁ মেকুৰীক কাহানিও
ভাল পাব নোৱাৰিলেহেঁতেন! প্ৰতি দেশ-মহাদেশ ভ্ৰমণ কৰি এচিকুট এচিকুটকৈ হৃদয়ৰ (কলিজা,
বৃক্ক, মেডুলা অৱলংগটা?) আয়তন বঢ়াই তোলাৰ পাছতো নোৱাৰিলেহেঁতেন।
দণ্ডপাণি শইকীয়াই মেকুৰী মনে-প্ৰাণে ঘিণ কৰে।
মেকুৰী দেখিলেই তেওঁৰ চিত্ত-পিত্ত
দুয়োটা উজাৰ খাই যায়। মেকুৰীয়ে তেওঁ স্নায়ুবৰ্তনী কঁপাই তোলে। এটা সিৰসিৰণি পাৰ হয় ৰাজহাড়েদি। অদ্ভুত
বিকচিনা এটাত তেওঁ কোঁচ খাই আহে।
ঘৰৰ সোঁকাষে থকা হাজৰিকাৰ ঘৰৰ
মেকুৰীটোৰ প্ৰতি তেওঁৰ আমৃত্যু জিঘাংসা!!
মেকুৰীটো তেওঁৰ ঘৰলৈ অহা বন্ধ
কৰিবলৈ তেওঁ বিভিন্ন ব্যৱস্থা তাহানি কালৰ পৰাই লৈছে।
ওচৰৰ ওৰাং গাঁওখনৰ পৰা ধনু আৰু
চিঁয়াৰী কাঁড় আনিছে!!
শিলৰ দৰে কঠিন আলতীয়া মাটি
শুকুৱাই কৰা বাটলুগুটি।
ভাতৰ গৰম নিসনি!
(পানী পাতল, বকবককৈ উতলি থকা ভাতৰ মাৰে ছাল ভেদি তাৰ মঙহ পৰ্যন্ত গলাই পেলাব!)
কিন্তু তেওঁ সফল হ’ব
পৰা নাই আজিকোপতি।
মেকুৰীৰ যি সুৰুকীয়া গতি।
নিঃশব্দ!
(দণ্ডপাণি শইকীয়াৰ জন্মৰ
বছৰটোতে ফৰাচীসকলে ফেলিচেট্টে নামৰ মেকুৰীটো মহাকাশলৈ পঠাইছিল!
কথাটো শইকীয়াই নুশুনিলে!
শুনা হ’লেও
মেকুৰীৰ প্ৰতি তেওঁৰ মনত একো ভাল ভাব নজন্মিলহেঁতেন।)
অৱশ্যে কাষে–পাজৰে
থকা মানুহবোৰে কয়, শইকীয়া এটা মেকুৰীৰ দৰেই। তেওঁ
শৰীৰসজ্জাও বিড়ালৰ দৰেই স্থিতিস্থাপক। শ্বাপদৰ দৰেই তেওঁৰ তড়িৎ গতি। একেই
স্পন্দনহীন চকু। থৰ।
দেহা নিৰ্ভাৰ।
কোনোবাই কয় তেওঁৰ প্ৰথমখন বিয়া
মেকুৰীৰ বাবেই ভাগিছিল।
কেবাদিনো ভাল কাঠখৰিৰ এঙাৰ গোটাই
থৈ দণ্ডপাণি শইকীয়া ছোৱালী চাবলৈ যাবলৈ সাজু হৈছিল।
গাঁওখনৰ একমাত্ৰ ইস্ত্ৰীটো খুজি
আনি এঙাৰবোৰ দগদগীয়া অঙঠা কৰি টেৰিকটৰ একমাত্ৰ শ্বাৰ্টটো চিকুণ কৰি লৈছিল।
পাতল হ’বলৈ
ধৰা চুলিখিনি বহলাই মেলি লৈ ক’লা এম্বেছাডৰ গাড়ীখনত তেওঁ
ভাবী শহুৰৰ ঘৰলৈ যাত্ৰা কৰিছিল।
সকলো ঠিকঠাক আছিল।
চব আহ্লাদিত প্ৰাণ।
তেনেকুৱাতে নিভৃত সময়কণত
ইতিমধ্যে লাই পাই যোৱা পাটগাভৰু খুলশালীয়েকে কৈ উঠিছিল..
… ভিনদেউৰ মাতটো মেকুৰীৰ
নিচিনা… মিনমিনিয়া!!
বিয়াখন নহ’লগৈ!!
কাকতালীয়ভাৱে তাৰ ঠিক পাছতেই
দণ্ডপাণি শইকীয়াই গান গাবলৈ ল’লে। তেওঁৰ মিনমিনিয়া মাতটোৰে।
গান ঠিক নহয় বৃন্দগান।
শইকীয়াৰ তেতিয়া অ’ ডালিম ডিমৰু কেঁচা যৌৱন কি কৰোঁৰ সময়।
চীনা সোমাই আহিছে। চৌ এন লাইৰ
বিশ্বাসঘাতকতাই দুখী কৰিছে নেহৰুক। কমিউনিষ্ট তালুকদাৰে কৈছে এয়া ভুল। ভয়ংকৰ ভুল।
স্কিজ’ফ্ৰেনিয়াত ভোগা ৰোগীৰ দৰে তেওঁৰ আচৰণ। ক’ৰবাত ভুল
হৈছে। সাম্যবাদীসকলৰ তেজত বন্ধু-বোধন নাই। কিবা এটা জৰুল হৈছে!! মহাচীনক আচলতে
কোনোবাই দিকভ্ৰষ্ট কৰাইছে। আহা… হা… চীন-ভাৰত মৈত্ৰী ফুৰফুৰকৈ খহি পৰিছে।
নিশ্চিতভাৱে মাৰ্কিন ষড়যন্ত্ৰ।
নিশ্চিত নিশ্চিত।
ৰাষ্ট্ৰীয়তাবাদীসকলক হতাশ কৰি
ভাৰত মাতাই অসমক ত্যাজ্য কৰিছে। তেজপুৰ চহৰৰ মাজমজিয়াত থকা পদুম পুখুৰীত বাকছে বাকছে নোট পেলাই দিছে ষ্টেট বেংকে। ওপঙি আছিল টকাশালৰ পৰা মাত্ৰ ওলাই
অহা খমখমীয়া নোট।
ঠিক তেনকুৱাতে, ঠিক তেনেকুৱাতে ক’ৰ
পৰা জানো এটা গভীৰ দেশপ্ৰেম আহিল… শইকীয়া এটা মেকুৰী হ’ল! জাষ্ট পিউবাৰ্টি এটেইন কৰা চফল মেকুৰী এটা। মদন ৰসে চপচপীয়া।
ভাগৱতীৰ সৈতে লগ লাগি ভাৰতীয় সেনা
বাহিনীৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ওলাই দিলে তেওঁ। মেকুৰী ক্ষিপ্ৰ গতি এটাৰে
তেওঁলোকে গাঁৱে গাঁৱে সোমাল। এড়ী চাদৰ এখন বহলকৈ মেলি চুককেইটাত ধৰি এটা দানপাত্ৰৰ
দৰে লৈ তেওঁলোক গাঁওখনৰ মাজেৰে পাৰ হৈ যায়। ভাগৱতীৰ কণ্ঠ সুললিত। উদাত্ত কণ্ঠৰে
তেওঁ দেশপ্ৰেমৰ গীত গায়। দণ্ডপাণি শইকীয়াই দোহাৰে…
সিক্ত গীতাংশই শুনোতাসকলৰ হৃদয়ৰ
অৰ্গল খুলি দিয়ে। ভাগৱতীৰ কণ্ঠত ভাৰতীয় সেনাৰ দুখলগা অৱস্থাৰ বৰ্ণনা পৰম কৰুণ আৰু মূৰ্ত হৈ উঠে। নিভৃত দৰ্শকসকলে চকুৰ সন্মুখতে দেখিবলৈ লয় শুকান তুঁহ থকা
যৱধানৰ মণ্ড আৰু পিঁয়াজ চোবাই চোবাই শতৰুৰ সৈতে যুঁজি থকা দেশ মাতৃকাৰ শ শ অমৃত
সন্তান। সোঁতসোঁতাই সোঁতসোঁতাই শ্ৰোতাসকলে হাতৰ খাৰু, কাণৰ কেৰু খুলি এড়ীচাদৰ খনলৈ দলিয়াই দিয়ে। দেশেই
যদি নাথাকে কিহৰ ভেশ।
কত মাতৃ পুত্ৰহাৰা হ’ল…
কাৰ জীৱন-যৌৱন গ’ল…
মৃত মৌন শত জোৱানলৈ অশ্ৰু অঞ্জলি
ৰাইজে হেঁপাহ পলুৱাই যাচিলে। গা ভাৰী মেকুৰী এটাই মাজ ৰাতি হোঁকৰাৰ দৰেই দণ্ডপাণি শইকীয়াই
প্ৰাণঢালি দিলে… দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ…
নিথৰ চকু। নিষ্পলক।
কৰ্কশ মাতে চলমানটোক নি থাকিল।
সেই চলমানে পেৰাৰ পৰা চিকাৰূপ উলিয়াই আনিলে। চিকচিকাই থকা বালা আৰু এন্ধেৰুৱা
হৈ পৰা কেৰু…!
ব’মডিলাৰ কোনোবা এখন সমতলত চীনা
সৈন্য ৰৈ যোৱাৰ বহু পাছলৈকে চকুত সমস্ত শোক আৰু পৰোপকাৰৰ জলজলীয়া চামনি ৰাখি
ভাগৱতী আৰু দণ্ডপাণি শইকীয়াই গাঁৱে গাঁৱে হাজাৰ জোৱানৰ মৃত্যুৰ বতৰা বিলালে।
কেজিয়ে কেজিয়ে সোণ, চিকাৰূপ, সন্ধ্যামণি…
কাক জানো, দণ্ডপাণি শইকীয়াৰ মিনমিনিয়া মাতৰ দ্ৰুত তাল আৰু বিলম্বিত লয়ে হেঁচা মাৰি
ধৰিলে— সোণপানী চৰোৱা নে সুণীয়া হেংদাং এখনেই দলি মাৰি দিছিল এড়ীচাদৰখনলৈ।
হাতীদাঁতৰ সৰু সফুঁৰা এটা, আলকতৰাৰ বৰণ ধৰা মৃগনাভি এডোখৰ,
গোটাৰূপৰ ধোঁৱাখোৱা এটা, ছশ বিঘা নিষ্কৰ
জমিদানৰ তামৰ ফলি এখন, শেলাই বৰণৰ বৰুণমণি তিনিটা— কি পৰা
নাছিল এড়ীচাদৰখনত। কি পৰা নাছিল…
মান আহিছে… ঐ… মান আহিছে… আকৌ
মান আহিছে বুলি ডেডাউৰি পৰা কেও-কিছু নোহোৱা
জাটলী বুঢ়ীজনীয়ে হুৰুস্কৈ ঢালি দিছিল
গদাধৰ সিংহৰ দিনৰে কণ কণ মোহৰ এমোনা। উটৰ পুৰণি ছালৰ দৰে মটীয়া বৰণ লোৱা জোলোঙাটো
ভেকেটা ভেকেট গোন্ধাইছিল। কোনে ভাবিছিল, কোনে ভাবিছিল খাবলৈ
খুদকণ নোহোৱা বুঢ়ীৰ হাতত এমোনা ৰূপ থাকিব।
দণ্ডপাণি শইকীয়াৰ চকুহাল আৰু
নিৰ্লিপ্ত হৈ গৈছিল। যেন শূন্য দূৰত্বৰ একো পাৰ্থিৱ বস্তু নেদেখা এহালি অনুভূতিহীন
চকু। যেন মেকুৰীৰ যোনীত পুনৰ জন্মৰ আকুল প্ৰাৰ্থনাৰে ধ্যানমগ্ন এটা প্ৰৌঢ় মেকুৰী।
দেশপ্ৰেমে দণ্ডপাণি শইকীয়াক ধেৰ
দিলে। হাতোৰা চেলেকি নিৰ্লিপ্ত হৈ বহি থাকিব পৰাকৈ। স্ফীত উদৰ এটাৰে, কোনো উত্তেজনা নোহোৱাকৈ দুৱাৰডলিত বহি ৰাতিপুৱাৰ কোমল ৰ’দ পুৱাই থকা মেকুৰীটোৰ দৰে তেওঁ স্থিতপ্ৰজ্ঞ হ’ল।
পাছৰজনী তেওঁ চাবলৈ নোযোৱাকৈয়ে
বিয়া পাতিছিল! আলেঙে আলেঙেহে খবৰ ল’লে। কইনাৰ একমাত্ৰ
ককায়েক মন্দবুদ্ধি। শাহুৱেকে হোংকৰাটোৰ আলপৈচান ধৰোঁতেই দিন পাৰ কৰে। বিয়াৰ পাছতেই
শহুৰৰ ঘৰলৈ গৈ মাটি–বাৰীৰ কাগজ পাতি ঠিক-ঠাক কৰি আহিলগৈ।
অতসোপা জমি। লেবা এটাই কেনেকৈ চাব।
কোমল ৰ’দত
নেজ পকাই বহি থকা মেকুৰী এটাৰ দৰে তেওঁ বহি ল’লেগৈ শহুৰবাৰীত।
প্ৰকাণ্ড ধানকল এটা হ’ল ভেটিত। মূল ঘৰটো ভঙা গ’ল। দুটা মানুহৰ বাবে ইমান ডাঙৰ ঘৰটোনো কেলৈ। অঁকৰাটোক মানুহৰ হিচাপত কেতিয়াও
ধৰা নাই শইকীয়াই।
ধানকলটোৰ চেপাত উশাহ নোহোৱা কুঠৰী
এটাত শহুৰেক ঢুকাল।
শাহুৱেকক লৈ আনিলে।
দুদিনমান থাকিল। তাৰ পাছত গ’লগৈ।
লেবা ল’ৰাটোক বিচাৰি যাওঁ বুলি গ’ল যি
গ’লেই। ঘূৰি নাহিল। শাহুৱেকক বিচাৰি যাওঁ বুলি দণ্ডপাণি শইকীয়াই
বেচ কিছু দিন ঘূৰা-ফিৰা কৰিলে। ভ্ৰমণৰ আনন্দই তেওঁক তজবজীয়া কৰিলে। পিছে শাহুৱেকক
নাপালে।
… আৰু একো খবৰো পোৱা নগ’ল। বুঢ়া-বুঢ়ী থকা সৰু কুঠৰীটো চাফ-চিকুণ কৰি ধানকলৰ চালকজন থাকিব পৰা
ব্যৱস্থা কৰি দিলে।
কোনোকালেই হেপ্পী হৰম’ন
ক্ষৰণ নোহোৱা মেকুৰী এটাৰ দৰে গালৰ একাষে এছটা ক’লা দাগ আৰু
তাত দীঘল নোম থকা মানুহগৰাকীৰ সৈতে সহবাস চলি থাকিল দণ্ডপাণি শইকীয়াৰ।
দণ্ডপাণি শইকীয়াৰ মতে নাৰী আৰু
মেকুৰীৰ মাজত এটাই সাদৃশ্য!
লুভীয়া।
যিমান খাবলৈ নিদিয়ক কিয় মেকুৰীয়ে
ঢাকোন উদঙাবই!
বাকী নাৰীৰ ‘‘জটিলতা”, “মনৰ গহন কোণ”, “অতৃপ্ত
বাসনা” এইবিলাক পনীয়া আৰু ৰমন্যাসিক কবি-সাহিত্যিকৰ আকাশ-কুসুম ভাবনা।
মূল কথা হ’ল
মেকুৰী ধৰিবলৈ টান।
সিমানেই!
(সংঘত সোমোৱাৰ পৰা তেওঁক
মুকলিকৈ— ‘অৰ্গেজমটো এটা ফেক্টৰ হয় বাৰু!’ বুলি কোৱা কোনেও শুনা নাই।
শৰণ লোৱাৰ পাছৰে পৰা তেওঁ বাক্য
প্ৰক্ষেপণ এটা মায়াৱী যাদুৰ দৰে সলনি হৈছে।
নহ’লে তেওঁ কৈ
উঠে— যিমানে অৰ্গেজম নহওক কিয় সুযোগ
পালে ঢাকোন উদঙাই মুখ দিবই!)
মেকুৰীৰ এক চিকুট জটিলতা
নাই, তেওঁৰ মতে ই মাত্ৰ নিঃশব্দ!
চোৰ!
শৰীৰটো পেলৱ, ছিদ্ৰ পালেই সোমাই যাব পৰাকৈ! যিকোনো ফুটাতে মেকুৰী এডজাষ্ট হৈ যাব পাৰে।
হাড়বোৰ স্থিতিস্থাপক!
(দণ্ডপাণি শইকীয়াই জৰ্জ
বেলাঞ্ছিনৰ মৌৰ্কা নামৰ মেকুৰীটোৰ কথাও শুনা নাই।
মৌৰ্কা নামৰ মেকুৰীটো!!
বেলাঞ্ছিনে মেকুৰীটোক বেলে নাচ
শিকাইছিল। নিউয়ৰ্কৰ একমাত্ৰ নৰ্তকী মেকুৰী আছিল সেইটো। আনকি বেলাঞ্ছিনে হেনো মেকুৰীটোৰ
শৰীৰৰ বিভিন্ন ভংগিমা, মুদ্ৰা বেলে নাচত প্ৰয়োগ কৰিছিল!!
পাতল চিফন কাপোৰৰ লিপিট খাই থকা
পোছাক পিন্ধা নৰ্তকীবোৰে ঘণ্টাৰ পাছত ঘণ্টা মেকুৰীটোৰ শৰীৰী ভংগিমা নিৰীক্ষণ
কৰিছিল!
মেকুৰীটোৰ কথা শুনা হ’লে
দণ্ডপাণি শইকীয়াই মনত অলপ জোৰ পালেহেঁতেন!!
অন্ততঃ মেকুৰী আৰু নাৰী দুইটাৰে
স্থিতিস্থাপকতাৰ বিষয়টোত!)
ঋতুৱে এদিন কথা প্ৰসংগত কৈ
উঠিছিল— দণ্ডপাণি শইকীয়া বাইছেক্সুৱেল!!
ল’ৰা মানুহ পালেই
খবৰ-বাতৰি সুধি গাত হাত ফুৰায়।
সংযতভাৱে অসংযত হৈ হাতখন য’তে-ত’তে ঘঁহাই দিয়ে!
তলুৱাৰ ফালটো নলগায়। আঙুলিকেইটা বেঁকা কৰি বিপৰীত ফালটোৰে চুই যায়।
নিঃশব্দে, হঠাতে কৰে কামটো।
এটা মেকুৰীৰ দৰেই ক্ষিপ্ৰতাৰে!
ঋতুৰ মতে সেইটো সংকেত।
মিলনোন্মুখ মাইকী মেকুৰীৰ দীঘলীয়া
হোঁকাৰণি এটাৰ দৰেই সেইটো এটা সংকেত।
অৱশ্যে দণ্ডপাণি শইকীয়াৰ বৈৱাহিক
জীৱনত একো বেমেজালি নাই। কিন্তু ঘৈণীয়েকৰ ঋতু-নিবৃত্তি কালত অলপ অসুবিধা নোহোৱা
নহয়। দুদিনমান মানুহজনীয়ে মৈদা এখন লৈ শইকীয়াক দৌৰাই ফুৰিছিল। মানুহজনীৰ গালৰ
কাষৰ ক’লা ছটাটোৰ নোমখিনি পক ধৰিছিল তেতিয়ালৈ। লোকলজ্জাৰ বিষয় নহ’লগৈ কথাটো। ক্ষিপ্ৰ আৰু নিঃশব্দভাৱে শইকীয়াই ওৰে জীৱন নিৱেদিতা হ’ব নোৱৰা মানুহজনীক চম্ভালি ল’লে।
দুইটা ল’ৰাকে
তেওঁ চৰকাৰী চাকৰি দিয়াইছে।
কষ্ট কৰি দিয়াইছে।
আলৱৎ কষ্ট কৰি দিয়াইছে। তদানীন্তন
বিধায়কৰ মোটোহা তিনিমোনীয়া ঘৈণীজনীৰ সন্মুখত মেহেঙা মেহেঙি কৰিছে দাঢ়ি ঠুঁটিওৱা
কিশোৰ এটাৰ দৰেই। ‘আগফালেই বহিব, পিছফালে
সোমাই নাহিবচোন’ বুলি বিধায়কৰ ৰুক্ষ চাকৰণীজনীয়ে দুবাৰকৈ
গেঙেৰি মৰাৰ পাছতো দণ্ডপাণি শইকীয়া পিছফালে গৈ বিধায়কৰ ঘৈণীয়েকক পিছ চোতালত ঢেঁকী
এটা পতাৰ কথা কৈছে।
— আপুনি সমগ্ৰ অসমীয়া নাৰীৰ
মহীয়সী আদৰ্শ। ৰোল মডেল। আপুনি ফ্লোৰেঞ্চ নতুবা ৰীতা ফাৰিয়া। আপোনাৰ চোতালত ঢেঁকী
মানেই, এক বাৰ্তা। বিশেষ বাৰ্তা। সেই বাৰ্তাই অসমীয়া নাৰীক
শিপামূললৈ অভিপ্ৰেৰিত কৰিব। মাটি আৰু মানুহৰ দীপ্ত সম্পৰ্কক ই পুনৰবাৰ উজ্জীৱিত কৰিব। দেখিছেই ন… কি ধাঁ ধাঁ স্খলন ঘটিছে আমাৰ অসমীয়া
নাৰীৰ। পশ্চিমী পছোৱাই কেনেকৈ পেটিং গজালৰ দৰে বিন্ধি পেলাইছে। আপুনি মহীৰুহ হওক
এক প্ৰগতিশীল সাংস্কৃতিক অভ্যুত্থানৰ।
গোটা নাহৰ কাঠৰ ঢেঁকী এটা বিধায়কৰ
পিছচোতালত প্ৰতিষ্ঠাপিত হৈছে। চিকুণ। চাঁচি চাঁচি বাৰ্নিশ্ব মৰা গা। থোৰাত পিতলৰ
গুল। বিভিন্ন উদ্দেশ্যেযুক্ত, স্বাৰ্থপ্ৰণোদিত অতিথি সেই ঢেঁকীৰ উচ্চ প্ৰশংসাত পঞ্চমুখ
হৈ পৰিছে।
বিধায়কনীয়ে সলজ্জ অথচ আগ্ৰাসী
মুখাৱয়বে কৈ উঠিছে— জানেনে… মই কিন্তু আজিও সেই মাটিৰ মানুহেই। গাঁৱৰ সৈতে মোৰ
নাড়ীৰ বান্ধোন এতিয়াও ছিগিবলৈ দিয়া নাই।
চাকৰণীয়ে দণ্ডপাণি শইকীয়াক
পিছ চোতালত চাহ আনি দিছে। লগত দুটা কপাহৰ দৰে কোমল, মুখত দিলেই গলি যোৱা কলিকতীয়া সন্দেশ। ভীমনাগৰ চাগৈ।
চাকৰি হৈ গৈছে।
ডাঙৰটো চতুৰ্থ বৰ্গৰ, সৰুটো মাষ্টৰ।
বনৰীয়া চিকাৰী মেকুৰীৰ
ক্ষিপ্ৰতাৰে শইকীয়াই চিকাৰ বিচাৰে। চিকাৰ
পালেই লগে লগে মাৰি নেপেলায়। পৰীক্ষা কৰি লয়।
খেলে।
মেকুৰীৰ দৰে ক্ষিপ্ৰতাৰেই তেওঁ
সংঘৰ জিলাৰ সভাপতি হৈছিলগৈ!
তেওঁতকৈ বহু গুণী-জ্ঞানী বয়সস্থ
লোক থকাৰ পাছতো!
পদৱী দখল কৰাত তেওঁ
মেকুৰী-ক্ষিপ্ৰ, বিজুলী বেগ।
তেওঁৰ নিজা লবীতো মেকুৰীৰ দৰেই
এটা সংঘৱদ্ধ দল আছে।
এতিয়াতো তেওঁৰ ৰাজনৈতিক পৃষ্ঠপোষক
আছে। চলাজনা স্বৰ্গদেউৰ দিনতো তেওঁ মিলাই মেলি আছিল। এতিয়াতো চৰকাৰ বাহাদুৰ নিজেই
তামাম ধাৰ্মিক।
তেওঁ তেওঁৰ এলেকাত কোনো কাৰণতে
ব্যভিচাৰ হ’বলৈ নিদিয়ে!
গুৰুজনাৰ আদৰ্শ এক চিকুট ইফাল-সিফাল হ’বলৈ নিদিয়ে!
তেওঁৰ সোঁকাষৰ হাজৰিকা!!
(হাজৰিকা অৱশ্যে তেওঁৰ
পুৰণা শত্ৰু, দুটা কাৰণত…
মহন্তই ফুকনৰ পাখি কটা সময়ৰে
কথা।
মহন্ত, ভলভলীয়া গোসাঁই আৰু দুজনমান মিলি ফুকনৰ পাখি কাটিছিল।
দলতে ঠাই হেৰোৱা ফুকনে দুটি পাতৰ
চিহ্ন থকা দল এটা খুলিছিল।
হাজৰিকাই সাংগোপাংগসহ সেইটো দলত
যোগ দিছিল।
গণভিত্তিহীনতাৰ দোষত দণ্ডপাণি শইকীয়াই
হাতী পাৰ্টিৰ টিকট হেৰুৱাইছিল।
এতিয়া অৱশ্যে সেই দলো নাই, শত্ৰুতাও কমি আহিল।
দ্বিতীয়টো হ’ল
মেকুৰীটো। হাজৰিকাই ইচ্ছা কৰিয়েই মেকুৰীটো মেলি দিয়ে!!)
হাজৰিকাই মূৰকটা খেলৰ জিতেন দেউৰীক আনি চাউল সিজোৱামুঠি সিজোৱাইছিল। ব্যঞ্জনভাগো তাৰ
হাতৰেই হৈছিল।
দণ্ডপাণি শইকীয়াৰ বিশ্বাসী চৰ
জগতে আগফাল পিছফাল কৰোঁতেই এপাকত জিতেনক দেখিলে।
মূৰকটা দেউৰী জিতেন পুৱাই
আহি প্ৰসাদ ৰান্ধি–কুন্ধি প্ৰায় ওলাই যাবলৈ লৈছিলেই।
(ঠাইখনত মূৰ নকটা খেলৰ কাৰিকৰ এজনেই। হাজৰিকাই সকলো ফালে বিচাৰিও নেপালে। কথা আছিল
জিতেনে পুৱাই কামফেৰা কৰি আঁতৰি দিব। মাননিটো পাছত মিলাই ল’ব।)
দণ্ডপাণি শইকীয়া যুজাঁৰু মেকুৰী এটাৰ দৰেই জাঁপ মাৰি উঠিছিল…
আপুনি বিষয়ী হুয়া যিটো নৰ।
…বিষয়ীক গুৰু মানে।।
যেন অন্ধলাক অন্ধে
উপদেশে।
…বিষ্ণুক সিটো
নজানে।।
হাজৰিকা থৰথৰকৈ কঁপিছিল। ৰাইজ
প্ৰসাদ নোলোৱাকৈ উঠিবলৈ ওলাইছিল!!
তাতে জিলাৰ সভাপতিৰ খং।
ব্যভিচাৰ নচলিব। গুৰুজনাৰ ৰীতি-নীতিৰ পৰা কোনো এচিকুটো লৰচৰ কৰিব নোৱাৰিব!!
দণ্ডপাণি শইকীয়াই ৰোৱাৰ নামেই
নলয়…
… আপুন কৰ্মে যাও
অধোগতি…।
… প্ৰভুৰ পাৱে নছাড়োক
মতি…।।
বয়সীয়া দধি বৰাই সাষ্টাংগে পৰি
যেনিবা দণ্ডপাণি শইকীয়াৰ ৰোষ থমালে।
হাজৰিকাই সপৰিয়ালে গুৱা-দণ্ড দি
সেৱা লৈহে নিস্তাৰ পাইছিল!
পাছত ভকতে হাতে-পাতে লাগি চাউল
সিজোৱামুঠি সিদ্ধ কৰি এসাঁজ খালে।
“খান ফুড এণ্ড বিভাৰেজ” ক’ম্পেনিৰ আমৰ আচাৰকণ সোৱাদ পাই দণ্ডপাণি শইকীয়াই
দুবাৰ খুজি খালে।
পাছলৈ নিজলৈকো দুটামান টেমা কিনি
লৈছিল!!
মূৰকটা খেলৰ জিতেনে ৰন্ধা
চয়াবীন, ৰঙালাও আলুৰ
মকমকীয়া মিহলি ভাজিৰ পেলাই দিয়া টৌটোৰ কাষতে মেকুৰীটো বহি আছিল!
চুকা পথাৰৰ ৰোষৰ পুতেক লিমন।
বেংগালোৰত বহু দিন থাকিল। ঘূৰি আহি
অলপ দিন এনেয়ে থাকিল। চাৰিআলি চুকটোতে চালি এখন দি ব্ৰয়লাৰ মুৰ্গী কাটি বেচিছিল।
মিনমিনিয়া মাতেৰে দণ্ডপাণি শইকীয়াই
গাইছিল..
“কৰে উপালম্ভ হৰি কীৰ্তনে।
আত্মঘাত কৰি মৰে আপুনে।।
বিষ্ণু ভকতক দেখিলে হাসে।
আপুনিও মৰে আনকো নাশে।।’
ৰোষৰ ঘৰ আজিও এঘৰীয়া। জুই-পানী
নিষেধ।
দণ্ডপাণি শইকীয়া থকা কালত কোনো
ব্যভিচাৰকে তেওঁ সহ্য নকৰিলে।
ধনপোনা খবৰ ল’বলৈ
গৈছিল।
অতিমাত্ৰা মধুমেহত ভুগি দণ্ডপাণি
শইকীয়া শয্যাগত।
ভৰিৰ বুঢ়া আঙুলিত উজুটি খাই দুখ
পাইছিল। নখটো এৰাই গৈছিল।
ঘাখিনি নুশুকোৱা হৈছিল।
ক্ৰমে গেলি আহিছিল ভৰিটো। গেলা
গোন্ধ এটা বিয়পিছিল কোঠাটোত।
(ঋতুৱে কৈছিল বুঢ়াৰ ভৰিত
পোক দিছে!)
কিনো কথা পাতিব মানুহটোৰ সৈতে।
দণ্ডপাণি শইকীয়াই ভাগৱতৰ কথাকে
কৈ আছিল!
বিক্ষিপ্ত কথন।
এবাৰত ধনপোনাই ক’লে—
শংকৰদেৱে মেকুৰী তত্ত্ব মানিছিল।
মানিছিল মানে…
… গোটেই ভাৰতবৰিষৰ বৈষ্ণৱ
আন্দোলনকাৰীসকলৰ মাজত শংকৰদেৱেই একমাত্ৰ আছিল যি সনাতন হিন্দু উপাসনাৰ মেকুৰী তত্ত্বৰ সম্পূৰ্ণ প্ৰয়োগ কৰিছিল!!
মেকুৰীৰ নাম শুনি দাং খাই উঠিল
দণ্ডপাণি শইকীয়া।
চকুত অপাৰ বিস্ময়।
বহুকাল সংঘৰ ধৰ্ম প্ৰচাৰ কৰিও
তেওঁ মেকুৰী তত্ত্বৰ বিষয়ে শুনা নাই।
কিবা তত্ত্ব জানিছিল যদিও মেকুৰীৰ
সৈতে তাৰ সম্পৰ্কটো নেজানিছিল!!
ক’ৰ পৰা জানো
এহালিচা ত্ৰাস আহি তেওঁৰ চকুত দৰক দিলে!!
ভিতৰি ভিতৰি ভয় এটা জালি এখনৰ দৰে
বিয়পি পৰিল।
তেওঁৰ পীড়াকাতৰ চকুহালে সেই কথা
স্পষ্ট কৈছিল।
… সাধাৰণতে কৰ্মকাণ্ডী
হিন্দু উপাসনা পন্থা যাগ-যজ্ঞ, দান-দক্ষিণা নিৰ্ভৰ। অৰ্থাৎ বান্দৰ তত্ত্ব।
বান্দৰ পোৱালিয়ে মাকক পেটত খামুচি
থাকিলেহে মাকজনীয়ে ইটো ডালৰ পৰা সিটো ডাললৈ নিব পাৰিব।
নহ’লে জাঁপ মাৰোঁতে
পোৱালি সৰি পৰিব!!
যাগ-যজ্ঞৰে ইষ্ট দেৱতাক খামুচি
নেথাকিলে সেৱক ৰৌ ৰৌ নৰকত সৰি পৰিব।
ইষ্টই মোক্ষলৈ লৈ যাব নোৱাৰিব।
দণ্ডপাণি শইকীয়া শুই থকাৰ
খিড়িকীখনৰ চৌকাঠত মেকুৰীটোৰ মূৰটো অলপমান দেখা পোৱা গৈছিল!
খুৱ সন্তৰ্পণে মেকুৰীটোৱে পৰীক্ষা
কৰিছিল পৰিৱেশটো।
বিপৰীতে শংকৰদেৱ মেকুৰী তত্ত্বৰ।
তেওঁৰ মতে মানুহে মেকুৰী পোৱালিটোৰ দৰেই পেট পেলাই আত্মসমৰ্পণ কৰিব লাগে।
সেই সমৰ্পণ নিৰলস আৰু ধৈৰ্যশীল হ’ব
লাগে!!
মেকুৰী মাতৃয়ে চোকা দাঁতেৰে কামুৰি
এঠাইৰ পৰা সিঠাইলৈ লৈ যাব।
তুলা যেন কোমল পেটত এটা আঁচোৰ
নপৰাকৈ!!
ইষ্ট মেকুৰী মাতৃৰ দৰে।
চোকা দাঁতযুক্ত।
তাত সমৰ্পণেই শেষ কথা!!
লৰচৰ কৰিলেই ফাটি যাব কোমল উদৰ।
মেকুৰী তত্ত্বত আচলতে কৰ্মকাণ্ডৰ
বিশেষ কথা নেথাকে, সমৰ্পণেই মেইন— এইকণ ধনপোনাই নিজাববীয়াকৈ লগাই দিলে।
ক নপঢ়াকৈ কাৰ্লমাৰ্ক্স পঢ়াৰ দৰে!!
মেকুৰীটো সোমাই আহিল নিঃশব্দে।
ধনপোনাই ভিতৰত মাত লগাই ওলাই
আহোঁতে দেখা পালে, মেকুৰীটো দণ্ডপাণি শইকীয়াৰ বিছনাত শিতানৰ
ফালে বহি লৈছে। লৰচৰ নকৰাকৈ!
একেথৰে!!
মেকুৰীটো তেওঁ খেদাই দিয়া নাই।
অন্যকালে তেওঁ চিঞৰ-বাখৰ লগালেহেঁতেন। মেকুৰী খেদিবলৈ আনি থোৱা শস্ত্ৰৰ যোগাৰ
কৰিলেহেঁতেন। বিপৰীতে তেওঁ মিনমিনালে— কিবা এটা দেচোন ইয়াক খাবলৈ। অমাত জীৱ।
বোৱাৰীয়েকে পৰি থকা প্লেট এখনত
জীয়েকৰ ভাগৰ চেৰেলাক অলপ দি থৈ গ’ল। পৰম আয়াসেৰে চেলেকি চেলেকি
মেকুৰীটো বহি থাকিল।
হাজৰিকাৰ মেকুৰীটো মৰাৰ পাছত
দণ্ডপাণি শইকীয়াই অলপ ভয় খাইছিল। বৰপীৰাখনেৰে এমাৰতে মাৰিছিল মেকুৰীটো। ৰাতিয়েই
গাত খান্দি পুতি থ’লে। দুদিনমান অলপ ইচাট-বিচাট লাগিছিল।
হাজৰিকাৰ ঘৰৰ পৰাও একো খা–খবৰ নকৰাত ঘটনাটো পাহৰিবলৈকে
ধৰিছিল।
মাজতে ক’ৰবাত
ধৰ্মালোচনী সভা এখনত মনুসংহিতাৰ কথা উঠোঁতে কোনোবাই ক’লে
মেকুৰী মাৰিলে শূদ্ৰবধৰ সমানেই পাপ লাগে। বিড়াল বধোঁতাৰ ৰৌৰৱ নৰকত স্থান। কেইবা
যোনীও মুক্তি নাপায়।
“মাৰ্জাৰনকূলৌ হত্যা চাংষ
মণ্ডুকমেৱ চঃ।
শ্বগৌধৌলুককাংক্ষ শূদ্ৰহত্যাব্ৰতং
চৰেত।।”
দুদিনমানৰ পাছতে দুপৰ ৰাতি
দণ্ডপাণি শইকীয়া সাৰ পাই উঠিল। তেওঁ নিজৰ দেহাটো মেকুৰীলৈ ৰূপান্তৰ হোৱাৰ সপোন এটা দেখিছিল। সাৰ পায়েই মানুহটোৱে হাত-ভৰিবিলাক পৰীক্ষা কৰিলে। কেইবাদিনো একে লেঠাৰিয়ে মেকুৰী
হোৱাৰ সপোন দেখাৰ পাছত দণ্ডপাণি শইকীয়াই নেপালী জ্যোতিষী এজনৰ কাষ চাপিল। নাম কৰা
জ্যোতিষী৷ আগতীয়াকৈ এপইণ্টমেণ্ট নল’লে
লগ কৰা টান। বিধানত মৰা মেকুৰীটোৰ সমান ওজনৰ সোণ দান নতুবা অৰ্থাভাৱে লোণ দান দিলে।
হাজৰিকাৰ মেকুৰীটো কিমান ওজনৰ
আছিল দণ্ডপাণি শইকীয়াৰ মনত নাছিল। আন্দাজ এটা কৰি ঘৈণীয়েক লগত অনা ডাঠ লোৰ বাকচটো
বহু বছৰৰ মূৰত খুলিলে তেওঁ।
বাকীখিনি ঋতুৱে কৈছিল। সচাঁ নে
মিছা ধৰিব নোৱাৰি। কেজিয়ে কেজিয়ে সোণ। মটীয়া বৰণৰ বিভিন্ন আকাৰৰ সোণৰ উপকৰণ।
এবোজা ভৰাই দণ্ডপাণি শইকীয়া মেকুৰী বনাব পৰা সোণাৰী বিচাৰি ওলাই গ’ল।
কাক দান দিলে জনা নগ’ল।
দণ্ডপাণি শইকীয়াই অস্কাৰ নামৰ
মেকুৰীটোৰ কথা কেতিয়াও শুনা নাই।
ৰ’ড আইলেণ্ডৰ
হস্পিটাল এখনত অস্কাৰ নামৰ মেকুৰী এটা আছিল। মানুহে কৈছিল মেকুৰীটোৱে মৃত্যুৰ
আগজাননী দিব পাৰিছিল হেনো। হস্পিটালত যিজন ৰোগীৰ বিছনাত উঠি
অস্কাৰ বহিছিল, সেইজন ৰোগীৰে মৃত্যু হৈছিল।
অস্কাৰৰ কথা শুনা হ’লে
দণ্ডপাণি শইকীয়াই মেকুৰীটো খেদিবলৈ চেষ্টা কৰিলেহেঁতেন!!
ভ্ৰাম্যভাষ : ৯৮৫৪৫৬৬৪২৯