এটা উত্তৰ আধুনিক প্ৰেমৰ কবিতা

প্ৰাণজিৎ বৰুৱা

বিয়েৰৰ গোন্ধ 

আৰু চুৰটৰ ধোঁৱাত আৱদ্ধ

বন্ধ কুঠৰীৰ বদনামী বতাহ

পালেঙত সোতমোচ অন্তৰ্বাসৰ হিচহিচনি

ফ্ৰেমত বন্দী খাজুৰাহোৰ যুগল মূৰ্তি

জুমি চালে দেখি

জোনাকী মুখত ওলমি ৰোৱা

বৰফৰ নদী

বন্ধ খিৰিকীৰ ফ্ৰেমত

নিশাৰ পৰিভ্ৰমী চৰাইৰ 

পাখিৰ ধপধপনিত সৰি পৰে

শৰবিদ্ধ শব্দৰ হাহাকাৰ…

ভালপোৱা ভালপোৱা

এগিলাছ সতেজ প্ৰেমৰ মদিৰা…

সতৰ্ক সৈনিকৰ দৰে

ফে’চবুক টুইটাৰৰ

ক’লা বগা নিৰ্জীৱ আখৰবোৰ

জঁপিয়াই নামি আহে

চাইৰেণ বজাই আহে

ভাৰ্চুৱেল পৃথিৱীৰ

ভাইৰেল ভিডিঅ’বোৰ

বন্ধ কুঠৰীৰ বদনামী বতাহ গৰম হয়

হট্টগোল গণ্ডগোল

ধক্কাধক্কী তৰ্কাতৰ্কি

ৰহস্যময় ধাতৱ শব্দৰ ক্লিক ক্লিক

ঝনঝনকৈ ভাগি পৰে  কাঁচৰ আয়না

খণ্ড খণ্ড হৈ ছিটিকি পৰে

ফ্ৰেমত বন্দী জোনাকী মুখ

নিশাৰ পৰিভ্ৰমী চৰায়ে কাণপাতি শুনে

বতাহৰ ফিচফিচনি

ভগা কাচৰ খণ্ডিত মুখৰ বিননি

নিচা লগা ৰাতিৰ খলখলনি

আৰু

যাত্ৰা কৰে

শূন্যতাৰ পৰা মহাশূন্যতালৈ

ফোন ঃ ৮৬৩৮৪৭৭৩৪০