নীলাক্ষী চলিহা গগৈ

 

আহিছে কোনোবা’, ফুচফুচাই কলে নিভাই।

গগৈদা হ’, কাণ উনাই কলোঁ মই।

নহয়৷’

কোননো আছে আৰু…??’

আমাৰ ঘৰটো দুমহলীয়া। আমি থকা ওপৰ
মহলালৈ কোনোবা উঠি আহিছে যেন লাগিল। প্লাষ্টাৰ নকৰা
, খহটা পকাৰ
চিৰিটোৰে হাৱাই ছেণ্ডেলৰ চেটেপ্ চেটেপ্ শব্দ হ
ল। গগৈদাৰ
বাহিৰে কোননো হ
ব পাৰে? তলৰ মহলাত
আজিকালি হাইস্কুলৰ শিক্ষক গগৈদা ভাৰালৈ থাকে। লগতে ৰঞ্জুবৌ। ৰঞ্জুবৌ এইদৰে ওপৰলৈ
উঠি অহাৰ চাঞ্চ্ কম। তথাপি কোননো আহিব পাৰে
, নিভাকে প্রশ্ন
কৰিলোঁ। আৰুনো আছে কোন
? ৰঞ্জুবৌ আছে, আহিব
পাৰে, ঠিক তেনেকুৱা অনুভৱ হ
ল। নিভাৰ গাত হেঁচুকি দিলোঁ,
অর্থাৎ কোনোবা আহি দুৱাৰমুখত উপস্থিত হৈছেই। সোনকালে উঠা।

দুৱাৰ খুলিলোঁ। ৰাতি বাৰ বজাৰ
পাছত এই প্ৰথমবাৰ আহিছিল গগৈদা। দিনৰ দিনটো দেখাদেখি হৈয়ে থাকে। নানা কথা হয়।
স্কুলৰ চাকৰি নকৰি ব্যৱসায় কৰা হ
লে ভাল আছিল বুলি কয়। মই
নিজে ব্যৱসায়ী মানুহ। মোৰ ঘৰ-দুৱাৰ
, গাড়ী-ঘোঁৰা দেখি
গগৈদাৰ চাগে অলপ বেয়াও লাগে। তাতে তেওঁতকৈ বয়সতো সৰুৱেই হ

চাগে। গগৈদাৰ নিজৰ পুৰণা ঘৰখন এৰি ৰঞ্জুবৌৰ লগত ভাৰাঘৰত থাকোতেই গৈছে। একেবাৰে
নিজৰকৈ ঘৰ এখন সজাবও পৰা নাই। বাহন বুলিবলৈ কেৱল স্কুটাৰখন। তাকো পুৰণি হৈছে।

ক্ৰচিন্ আছে নেকি হে? বৌৱেৰাৰ মূৰ বিষাইছে।লে গগৈদাই।

আছে বিষৰ টেবলেট! বেছি
বিষ নেকি
?’ বিছনাৰ পৰাই নিভাই চিঞৰি সুধিলে।

একেবাৰে কান্দি আছে। তেওঁ
একো এটা সহ্যও কৰিব নোৱাৰে নহয়…
গগৈদাৰ কথাষাৰ নিভাই
ভাল নাপালে। তেওঁ মুখখন ভেঙুচাই দিয়াৰ নিচিনা দেখিলোঁ। চকুৰে ইংগিত দিলোঁ আকৌ
যাতে কথা বঢ়াই নলয়। সৰু ড্ৰয়াৰ এটা খুঁচৰি হালধীয়া বৰণৰ টেবলেটকেইটা হাতত ল
লোঁ। চশমাযোৰ?’ এনেয়ে সুধি
নিৰ্দিষ্ট ঠাইৰ পৰা চশমাযোৰ বুটলি পিন্ধিলোঁ। এক্সপাইৰী ডে
টটো চালোঁ। হ, ঠিকেই আছে। খালে ভাল পাই যাব। গগৈদাই হাত পাতি
দৰবকেইটা ল
লে। হাঁহি হাঁহি কৈ গ
এই ৰাতি-বিয়লি এইবোৰ বৰ দিগদাৰ! নিজেও উঠিলোঁ, আৰু তোমালোককো দিগদাৰখন কৰিলোঁ। শুই থাকাঁ। শুই থাকাঁ৷’

 

দিগদাৰ? দিগদাৰতো আমাৰ অভ্যাস হৈ গৈছে। তলৰ মহলা ভাৰালৈ দিয়াৰ আগেয়ে মোৰ মা আৰু
একমাত্ৰ ভনীজনী তাতেই আছিল। মাৰ
পাৰকিনচন্ ডিজিজহৈছিল। খোজকঢ়া, উঠামেলা আদি কৰোঁতে কষ্ট হৈছিল। বেছ
জঠৰতা আহি পৰিছিল শৰীৰলৈ। ভাবলেশহীন মুখৰ বলিৰেখাহীন ছালখন টনা টনা যেন হৈ উঠিছিল।
তথাপি ধুনীয়াকৈ থাকিবলৈ
, পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ
হাবিয়াস কৰা গাভৰু ভনীজনী অনবৰতে মাৰ শুশ্রূষাতে ব্যস্ত হৈ আছিল। মাৰ যদি এদিন বুকুৰ
বিষ হৈছিল
, এদিন পেটৰ বিষে জুৰুলা কৰিছিল।

সেই সময়ৰ চিৰিৰে বগাই অহাৰ খোজৰ
শব্দটো মনত পৰে। ভাত পানী খাই
, পাকঘৰ চম্ভালি নিভা আহে ওপৰলৈ।
ভাগৰি-জুগৰি আহি নিভাই বিছনাত পৰিয়েই শুবলৈ বিচাৰে। শোৱেও। চকু জাপ যায় ততালিকে।
নাক ঘোঘোৰাই শোৱে। লাহেকৈ ময়ো শুই পৰোঁ। চিলমিলকৈ টোপনি আহিব খোজে। শব্দটো শুনো।
পাতল
, ছেণ্ডেল নিপিন্ধা ভৰিৰ মৃদু শব্দ। সেয়া ভনীজনী
মানে কাঞ্চন আহে।

দাদা’, বৰ সৰুকৈ, নামাতিলেও নহ
কাৰণেই মাতিবলগীয়া হ
ল ভাবেৰে মাতে কাঞ্চনজনীয়ে। বেচেৰীলৈ
মোৰ বেয়া লাগে। নিভাক আমনি নকৰোঁ বুলিয়েই খুব সন্তর্পণে মই দুৱাৰখন খোলোঁ।

হা? কিবা হল নেকি?’ সেইদিনা,
প্রথম দিনেই অৱশ্যে কিছু চিন্তিত হৈ তেনেকৈয়ে সুধিছিলোঁ। তাই গহীন
ছোৱালী। কৈছিল
— ‘একো হোৱা নাই। মাৰ অলপ গাটো বেয়া লাগিছে।
তুমি বাৰু অলপ তললৈ নামি আহিব পাৰিবা নেকি
?’ তাই দুৱাৰৰ
সিপাৰে থাকি ক
লে আৰু ভিতৰৰ পিনে চাই পঠিয়ালে। তাই বৌৱেকক
জগাব নোখোজে। বৌৱেক শুইছে
, শুই থাকক। টোপনি খতি নকৰাই ভাল,
ৰাতিপুৱা আকৌ চাকৰি আছে, যাবই লাগিব। মই পলম
নকৰি তাইৰ পাছে পাছে নামি গ
লোঁ। মায়ে গৰম উঠিছে বুলি চট্‌ফটাই
আছিল। লৰালৰিকৈ দুৱাৰ-খিৰিকীবোৰ খুলি দিলোঁ। প্ৰেছাৰ চাবলৈ আমাৰ এটা প্ৰেছাৰ জোখা 
ডিজিটেল মেচিন আছিল। চালোঁ। বহুত হাই পালোঁ। মাক প্ৰেছাৰৰ ঔষধ এটা দি দিবলৈ কলোঁ কাঞ্চনক। মাৰ কাষতে বহিলোঁ, কাঞ্চনেহে কলে— ‘তুমি যোৱাগৈ। ওপৰত বৌ অকলে আছে।

পুরাহে নিভাক কৈছিলোঁ কথাখিনি।
পুৱাৰ চাহকাপত শোহা এটা মাৰি নিভাই কৈ উঠিছিল
— ‘ধেৎ তেৰি! মোক কিয় জগাই
নিদিলা বাৰু
?” আৰু তাৰ পাছত কিমান দিন যে পাৰ হৈ গল। মোৰ অসুখীয়া মাৰ যতন লওঁতে লওঁতে গাভৰু ভনীজনীৰো বয়স বাঢ়ি গল। তাইৰ বিয়াৰ বয়সো ভাটি দিওঁ দিওঁ হল। মোৰ
একমাত্র সন্তান ডাঙৰ হ
, হায়াৰ
ছেকেণ্ডাৰী পঢ়িবলৈ দূৰণিৰ হোষ্টেল পালেগৈ। মাৰ অৱস্থা লাহে লাহে পৰি আহিবলৈ
ধৰিলে। কাঞ্চন সঘনাই ওপৰলৈ অহা হ
ল। একেই পাতল, ধীৰ ভৰিৰ শব্দৰে। একেদৰেই লুকুৱাই ৰাখিব খোজে মনৰ ধুমুহা। কাৰো অসুবিধা
নহওক
ঠিক এই এটা ভাবেৰেই দুৱাৰৰ কাষত ৰৈ মাতে তাই— ‘দাদা…তাই কিন্তু আগৰ দৰে দ্ৰুত সঁহাৰি নোপোৱা হল। মোৰ উঠোঁতে, দুৱাৰ খোলোঁতে
সময় লগা হ
ল। কেতিয়াবা নিজে মাৰ প্ৰেছাৰ চাই দিয়াৰ
পৰিৱৰ্তে ভিতৰৰ পৰাই সোধা হ
লোঁ— ‘মাৰ
প্ৰেছাৰ চালি নে নাই
, কিমান আছে?’ ক্রমান্বয়ে
এই একে ধৰণৰ কথাবোৰত বিৰক্তি লগা হৈ পৰিল। কিন্তু মোৰ ভনীজনীৰ ভয় ভয় মাত
,
মাৰ বাঢ়ি অহা প্ৰেছাৰটোৱেই মোক বিৰক্ত কৰিছিল জানো? এনেকৈ যেতিয়াই-তেতিয়াই ৰাতি-বিয়লি টোপনিৰ পৰা উঠিবলগীয়া হোৱাত নিভাই
বিছনাৰ পৰাই যেনেকৈহে খেচ্‌খেচাবলৈ ধৰিছিল সিহে মোক বেছি অতিষ্ঠ কৰি তুলিছিল।
এনেকৈ অতিষ্ঠ হৈ পৰাটোও হৈছিল অভ্যাস। অসহাকৰ এই পৰিৱেশৰ মাজতে আমাক সকলোকে সকাহ
দি মাৰ মৃত্যু হৈছিল! মাৰ মৃত্যুৰ পিছতে ভনীজনীক বিয়া দি দিয়া হ
ল। বিয়ালৈ সাজু হৈ ভনীজনীয়ে কৈছিলব। তোমালোকে যি ভাল দেখা কৰি যোৱাঁ। ইমানদিনে মাৰ কথাই ভাবি আছিলোঁ। এতিয়া
নিশ্চয় তোমালোকৰ সুখৰ কথাও ভাবিম!
তাই আনকি বৌৱেককে কৈছিল
কিমান বছৰ যে তোমাক ৰাতি ৰাতি আমনি কৰিলোঁ। বেয়া পাই নাথাকিবা বৌ!

বেয়া? বেয়া কিয় পাম?’ নিভাই ওলোটাই প্রশ্ন কৰিছিল। পিছে
মাৰ বাবে পোৱা কষ্টখিনিৰ বাবে নিভাই আমনি পাইছিল নে নাই নাজানো
, ৰঞ্জুবৌৰ ক্ষেত্ৰত ৰাতি দুপৰ নিশা উঠিবলগীয়া হলেও
শান্ত হৈয়ে আছিল। একো আপত্তি নাছিল
, তাতে ৰঞ্জুবৌ নিভাৰ
সম্পৰ্কীয় বায়েক আছিল। গতিকে গগৈদাৰ ক্ষেত্ৰত কথাবোৰ একে নহ
গৈ। প্রথম দিনা ৰঞ্জুবৌৱে মূৰৰ বিষত কান্দি থকা গম পাই সঁচাকৈ দুখ পাইছিল
নিভাই। তেওঁতো সেইদিনা ৰাতিখনো মোক ৰঞ্জুবৌৰ দুঃসহ জীৱনৰ সাধুকথা শুনাই গৈছিল।
গগৈদা মানুহটো বোলে বৰ দাম্ভিক
, একোডাল নাই, অথচ ফিতাহি নেৰে। ৰঞ্জুবৌৰ প্ৰতি মুঠেও সহানুভূতি নাই গগৈদাৰ। আনকি নিজৰ
বিয়াৰ দিন
, ৰঞ্জুবৌৰ জন্মদিনতো সামান্য উপহাৰ এটা দি পোৱা
নাই। নিভাই সংযোজন কৰিলে
— ‘এনেয়ে কিন্তু ৰঞ্জুবৌ বৰ
ৰোমাণ্টিক আছিল
, আমি জানো নহয়! সৰুতেও পাইছিলোঁ নহয়। বৰ
পখিলাজনী আছিল।

এতিয়ানো কি বেয়া?’
সুধি পেলালোঁ।

ওহো! মুঠেও বেয়া নহয়।
বেয়া নহয় বাবেইতো এনেকৈ গগৈদাৰ লগত সোমাই আছে। গগৈদাই আনকি ফুৰাবলৈও নিনিয়ে।

নিবনো কলৈ? তাতে আমাৰ দৰে গাড়ী-মটৰো নাই।মই কৈ চালোঁ।

কিয়? স্কুটাৰ এখন নাই নেকি?’ নিভাৰ খঙেই উঠিল। মই  কথাৰ সুৰ সলাব খুজি কলোঁ
হয়হে। বেয়া লাগে, মানুহজনীক এতিয়া বেমাৰেও
লগ ধৰিলে।
 

বেমাৰ মানে? এইটো তেওঁৰ টেনছন্ হেড্‌এক্
ত ভাল হ? গিৰীয়েকটোক কবাঅলপ আদৰ-চেনেহ
কৰিব। এনেয়েও ল
ৰা-ছোৱালী এটিও নহল! মনৰ
দুখত বিষে-কোপে কেতিয়াবা মৰিয়ে থাকিব।
 

উস্ ভগৱান! এই ধুনীয়া মানুহজনী
মৰি থাকিবনে
? নাই এনে কথা হব নোৱাৰে। প্ৰথমে
ভাবিলোঁ নিভাইতো কথাবোৰ এইদৰেই কয়। মাৰ মৃত্যুৰ কিমান আগতেই কৈছিল
— ‘কাঞ্চনক বিয়া দি দিব লাগিব। ছোৱালীজনীৰ বাবে মাকৰ কম চিন্তানে?  গিৰিয়েকো
ঢুকাল
সেই গাভৰুকালতে। এইবোৰ দুখ-বেজাৰতে মা কেতিয়াবা
সিফলীয়াই হ
ব।পিছে আৰু এটা কথা ভাবি
চালোঁ
  বৌতো নিভাৰ
শাহুআই বা কোনো অভিভাৱক নহয়
, তেওঁ নিভাৰ বান্ধৱীহে। মাথোঁ
কেইটামান বছৰৰ ভিতৰতে ৰঞ্জুবৌৰ হৃদয়ৰ ভাষা পঢ়ি পেলাইছে নিভাই। তেওঁৰ বুকুৰ
প্ৰতিটো হা-হুমুনিয়াহ বুজি পোৱা হৈছে নিভাই
,গতিকে  নিভাৰ ধাৰণাই সঁচা নহয়তো?
 

….গগৈদা লাহে লাহে সঘনাই
ওপৰলৈ অহা হ
ল। কেতিয়াবা বিষৰ ঔষধ খোজা হ, কেতিয়াবা প্ৰেছাৰ জোখা মেচিনটোও লৈ যোৱা হল। ৰঞ্জুবৌৰ গাটো লাহে লাহে বেছি বেয়া হৈ গৈ আছেএই
কথাটোৱে মোক খুব বিব্ৰত কৰিবলৈ ধৰিলে
। ৰঞ্জুবৌৰ উৎকট মূৰৰ বিষ, ৰঞ্জুবৌৰ যন্ত্রণাকাতৰ
চিঞৰ… মোৰ বাবে অসহনীয় হৈ উঠিল। গগৈদৰ প্ৰতি খং এটাও উঠি থকা হ
ল। বেচেৰী মানুহজনীয়ে অলপ মৰম, অলপ সহানুভূতি
বিচাৰে
, তাকে দিবলৈ ইমান কৃপণনে গগৈদা? মানুহজনীক এটা সবল মানসিক আশ্রয় লাগে। এই কথা বাৰু মোক তেওঁ কাহানিবাই
ইংগিত দিছিল নেকি
? সেই যে প্রথম আমাৰ ঘৰ লৈছিলহি, তাৰ পাছত মই গধূলি কামৰ পৰা আহি প্ৰায়ে গেটৰ মুখত দেখিছিলোঁ ৰঞ্জুবৌক। বৰ
আমন-জিমনকৈ ৰৈ আছিল সেই ধুনীয়া মানুহজনী। নিভাই যেতিয়া মুখত এসোপা প্রসাধন সানি
,
শৰীৰত সুগন্ধি ছটিয়াই নায়িকাৰ দৰে মোৰ বাবে ভিতৰকোঠাত অপেক্ষা কৰি
ৰৈছিল
, এযোৰ সজল, চকুৱে মোক পদূলিমুখত
আদৰণি জনাইছিল। তেওঁৰ উদাস
, কোমল চাৱনিয়ে মোৰ মন-মগজু চুই
গৈছিল। মোৰ এনে লাগিছিল মই যেন সন্ধিয়াৰ এই মায়াময় পদুলিটোত অনন্ত দিনলৈ ৰৈ
যাম। কেতিয়াবা বন্ধু বৌৱে কৈছিল
— ‘আহি পালা?? আৰু কেতিয়াবা হঠাতে সুধি পেলাইছিল— ‘আজি ইমান দেৰি
ল কিয়?” কিয় দেৰি হল কবলৈ মই বাধ্য 
নাছিলোঁ
, কিন্তু
সন্ধিয়া ঘৰলৈ আহোঁতে কিছু পলম হ
লেই মোৰ অস্বস্তি  লাগিছিল।

পিছে, ৰঞ্জুবৌকহে লাহে লাহে নেদেখা হৈ আহিলোঁ। পদূলিমুখত অনেক শূন্যতা থৈ ৰঞ্জুবৌ
ভিতৰ সোমাল! প্রচণ্ড মূৰৰ বিষ এটাই ৰঞ্জুবৌক জলাকলা খুৱালে। গগৈদাক প্ৰায়ে লগ
পাওঁ
, ৰঞ্জুবৌক কত দেখুৱাইছে, কি কৰিছে প্রশ্ন কৰোঁ। গগৈদাই ব্যৱসায়-বাণিজ্য, দেশ-কালৰ
কথা ঠিকেই পাতে
, বেমাৰ-আজাৰৰ কথা পাতিলে ফালৰি কাটে। নিভাইহে
কয় ৰঞ্জুবৌৱে ক
ৰবাত দেখুৱাব খোজে, হোমিঅপেথিক কৰিব খোজে, জৰাব-ফুকাব খোজে, কেতিয়াবা ভেলোৰৰ ফালে যোৱাৰো সপোন দেখেপিছে মূৰকত
একো নহয়গৈ! কেতিয়াবা নিভাই আহি কয়
— ‘ৰঞ্জুবৌক বৰ শেঁতা
দেখিলোঁ। গগৈদাই জানো কিডাল কৰি আছে।
নিভাই মানিমুনি,
মৰিচা শাক বা কলডিল ৰান্ধিলে গগৈদাৰ ঘৰত এবাটি নিদিয়াকৈ নাথাকে।
এইবোৰ খালে হেনো তেজ বাঢ়ে।

… মাৰ গা বেয়া হ’লে নিশা ভনীজনীয়ে জগালে আমনি পোৱা হৈছিলোঁ। ৰঞ্জুবৌৰ ক্ষেত্ৰত আমি আমনি
নাপালোঁ। বৰঞ্চ এনে লাগিছিল, আহিব গগৈদা। নিশা চিৰিটো বগাই আহি ক
— ‘আহাঁচোন আহাঁ! এওঁৰ গাটো বেছি বেয়া কৰিছে!

… সময় গৈ থাকিল। এদিন সঁচাই সেই বেয়া সময় আহিল। নিভা টোপনিত লালকাল দি আছিল।
নিশা একমান বাজিছিল। ছেণ্ডেল
চোঁচৰাই চোঁচৰাই আগৰ দৰেই ওপৰলৈ উঠি আহিল গগৈদা। আৰু তলৰ চিৰিৰ পৰাই চিঞৰিবলৈ লাগিল— ’তোমালোক আহাচোন, সোনকালে আহাঁ। এওঁ কেনেখন কৰি আছে।
নিভাক জগালোঁ। থত্‌মত্ খাই উঠি নিভা
দৌৰাদৌৰিকৈ তললৈ নামি গ
ল। গগৈদাহে পিছ পৰিল। মই থৰ হৈ ৰলোঁ। গগৈদাই কলে— ‘আজি অলপ
বেছি বেয়া যেন পাইছোঁ।
মই কি কৰোঁ ভাবি থাকোতেই নিভাই
চিঞৰি উঠিল
— ‘গাড়ী উলিওৱাঁ। সোনকালে। প্ৰেছাৰ একদম ডাউন।
নিজে দৌৰি গৈ চিঞৰি দিলোঁ— ‘বৌ…তেওঁ চকুযুৰি এবাৰলৈ লৰচৰ কৰা যেন লাগিল। মোৰ জেন্‌ গাড়ীখনত নিভা আৰু
গগৈদাৰ কোলাত পিছৰ ছিটত শুৱাই ল
লে। যিমান পাৰি সোনকালে চিটী
হাস্পতাল পাবগৈ লাগে। গাড়ী দৌৰিল
, টাউনৰ মাজৰ লক্ষীমন্দিৰৰ
সন্মুখত নিভাই চিঞৰি দিলে
ৰখোৱাঁচোনৰখোৱাঁ।
নাৰ্ভাছেই হলোঁ। গাড়ী ৰখাই শান্ত-শীতল হৈ
থকা ৰঞ্জুবৌৰ পাল্‌ছ চালোঁ। পাল্‌ছ নাই যেন লাগিল। এবাৰ চকু মেলি চালে তেওঁ
,
চাই আকৌ জপাই দিলে; জপাই দিলে চিৰদিনৰ
বাবে…! নিভাই দৌৰি গৈ লক্ষীমন্দিৰৰ পদূলিত ঢামকৈ পৰি দিলে।

নহয়  নহয়!  এনেকুৱা 
নকৰিবা প্ৰভূ!”

গগৈদা নিথৰ হৈ ৰল।

তাৰ পাছত প্ৰতিটো দিন মোৰ বাবে যে
এযুগ যেন হ
ল। মোৰ মৰমৰ নীলা জেন্‌ গাড়ীখন এক দুঃসহ স্মৃতি যেন হৈ
পৰিল। এইখন গাড়ীতে ৰঞ্জুবৌক লৈ গৈছিলোঁ চি
টি হাস্পতাললৈ।
লক্ষীমন্দিৰৰ সন্মুখত জীৱনত প্ৰথম আৰু শেষবাৰলৈ স্পৰ্শ কৰিছিলোঁ ৰঞ্জুবৌক। মোৰ
কৰ্তব্যস্থলীলৈ যাওঁতে লক্ষীমন্দিৰৰ সন্মুখতে বুকুখন ধপ্‌কৈ মৰা হ
ল। লক্ষীমন্দিৰৰ সন্মুখত চকুহালে সদায় ধূৱলী-কুঁৱলী দেখা হল।

অৱশেষত ভয় ভয়কৈ এদিন নিভাৰ আগত ব্যক্ত কৰিলোঁ

গাড়ীখন বেচি দিম বুলি
ভাবিছোঁ বুজিছা …

বৰ ভাল হব। গাড়ীখন একেবাৰে  অমংগলীয়া।
নিভাই কলে।

নহয়। গাড়ীখন আচলতে
পুৰণা হ
’,  মই কলোঁ।

নিভাৰ অনুমতিসাপেক্ষে গাড়ীখনৰ গ্ৰাহক
বিচৰা হ
ল। চিনাকি গেৰেজবোৰত কৈ থোৱা হল। গ্রাহক ওলাল।
দামহে বেছি নুঠে। যিহে পুৰণা মডেল
, এতিয়াৰ মানুহে বিচৰা
বহুত কিবাকিবি গাড়ীখনত নাই। জেন্‌ গাড়ীৰ পাৰ্টছবোৰো লাহে লাহে নোপোৱা হ
ব। যি দাম পাইছোঁ, তাতে বিকি দিবলৈ মন গল। এটা দুঃসহ বেদনা লৈ থাকিব নোৱাৰি। মিছাকৈয়ে কষ্ট হৈছে, মনে মনে ভাবিলোঁ। অৱশেষত গ্রাহক পোৱা গল নিজৰ
ঠাইৰে। গৌৰী দাদা। গৌৰী দাদাই এদিন আহি
, ঘৰৰ ওচৰতে
গাড়ীখনেৰে তিনিপাকমান মাৰি ট্ৰায়েল ল
লে আৰু নগদ টকা দি
বিনাবাক্যে গাড়ীখন লৈ গ
ল। মোৰ গেৰেজটো খালী হৈ গল। নতুন গাড়ী এখন সোনকালেই লব লাগিব। নতুন গাড়ী
লোৱালৈকে অলপ কষ্ট হ
ব। হওক।

সদায় পুৱা উঠি নিভাই বাৰাণ্ডাৰ
পৰা তললৈ চায়। গাড়ীবিহীন গেৰেজটো চাই কয়
— ‘কিবা কিবা লাগে।  সেইদিনা কিন্তু নিভাই চিঞৰি উঠিল
হেৰা!

দৌৰি আহাঁ। কি সাংঘাতিক কথা
চোৱাঁহি।

শোৱা ৰূমৰ পৰা মই দৌৰি অহা দিয়েই আহিলোঁ। বাৰাণ্ডাত থিয় হলোঁ, কিন্তু একোৱেই দেখা নাপালোঁ। নিভা অধৈৰ্য হৈ
পৰিল
— ‘উস্ ৰাম! চোৱাঁচোন ভালকৈ ৰাস্তালৈ চোৱা…

সৌৱা সৌখনচোন মোৰ নীলা জেনখন। কোনে ধুই আছে গাড়ীখন! আমাৰেই গাড়ী ধোৱা দীঘল
পানীৰ পাইপটোৰে পানী ঢালি ঢালি গাড়ী ধোৱা মানহজন দেখোন সাক্ষাৎ গগৈদা…! খপ্‌জপ্‌কৈ
তললৈ নামি আহিলোঁ। খোলা গেটেৰে একেবাৰে ৰাস্তাত উঠিলোঁগৈ। গাড়ীখনৰ কাষত ৰৈ মাতিব
নোৱৰা হৈ গ
লোঁ। গগৈদাও কিছু সময় থমকি ৰ, তাৰ পাছত লাহেকৈ কলে
বেয়া নাপাবা। ঘৰৰ গাড়ী ঘৰতেই থাকিব। গৌৰীৰ পৰা জোৰকৈ কিনি ললোঁ।
 

একো নকলোঁ।

গগৈদাই হাঁহিলে!

ময়ো!

…….

ফোন ঃ ৯৪৩৫১৩৬৩২৭