দ্বীপৰাজ

 

ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা
ৰঙাসাপ

অবাস্তৱিক ভোকোন্দা গেৰিলা

দাউকৈ চাকিশলা জ্বলোৱা।

 

চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত

 

তোমালোক জ্ঞাতিৰঙা। ৰঙচুৱা কপাল
চোতাল ৰঙচুৱা

বুকু এঙেৰুৱা।

মনবোৰ তেজতকৈ ৰঙা হ’লে যুদ্ধৰ
বাটলৈ এপৰ ..

হাতত চকৰীফেঁটী। এটা এলিয়টী
ভাইৰাছৰ শোক

 

নাকত লাজ নহলে – শাকেৰে ভাত নাখাবা

টিকাত আঁকি লোৱাঁ জণ্ডিচ বৰণৰ ফুল।

 

বৰঘৰত কোন ?

কালীয়া আত্মাৰ প্ৰহসন নে এটা লাজত
ডুবা বিজ্ঞাপন

ৰোৱা ! মূৰত একুৰা জুই ধৰি পেলাওঁ

আমাৰ হাতত বগচুৱা ৰঙে খোজ কাঢ়ে
মানে

তেজপিয়াৰ সমদল এটাকে উলিয়াব
পাৰিবা।

নাম দিবা – ভোগবাদী গেৰিলা।