হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা

 

       বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন
ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ
ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন
, সুখ-দুখ, তেওঁলোকৰ
সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷ অসমীয়া গল্পতেই হওক বা
বাংলা গল্পতেই হওক নাইবা হিন্দী গল্পৰ মাজতেই হওক
, সকলোতে
তৃতীয় লিংগৰ লোকসকলৰ সামাজিকভাৱে উপেক্ষিত স্বৰূপটো দেখিবলৈ পোৱা যায়৷ হিন্দী
গল্পৰ মাজত এই অৱহেলিত ৰূপটোৰ লগতে তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটোৰো প্ৰকাশ
ঘটিছে৷ এই লেখাত তৃতীয় লিংগৰ লোকসকলৰ পৰিচয়ৰ লগতে হিন্দী গল্পত তৃতীয়
লিংগৰ লোকসকলৰ সামাজিক স্থিতি আৰু তেওঁলোকৰ মানৱীয় দিশসমূহৰ প্ৰকাশ কেনেদৰে ঘটিছে
, সেই
সম্পৰ্কে অধ্যয়ন কৰা হ
’ব৷ 

তৃতীয় লিংগ : পৰিচয়

       সকলো ঠাইৰ, সকলো
সমাজতে পুৰুষ আৰু নাৰীৰ দ্বৈত লক্ষণযুক্ত কিছুমান লোক দেখিবলৈ পোৱা যায়৷ যিসকলক
পুৰুষ বা মহিলা কোনো এটা ভাগতে ৰাখিব নোৱাৰি৷ এই লোকসকলৰ কিছুমান যদি শাৰীৰিকভাৱে
পুৰুষ কিন্তু মানসিকভাৱে মহিলা৷ সেইদৰে কিছু লোক শাৰীৰিকভাৱে মহিলা যদি মানসিক
অৱস্থাটো পুৰুষৰ দৰে হয়৷ অৰ্থাৎ তেওঁলোকৰ আচৰণ
, চিন্তা-ধাৰণা, সাজ-পোছাক
পুৰুষৰ দৰে হয়৷ তেওঁলোকৰ মাজত পুৰুষ আৰু মহিলাৰ দুয়োটা লক্ষণৰেই সমাহাৰ ঘটে৷ তেওঁলোক
কিছুমানৰ গুপ্তাংগ অবিকশিত ৰূপতেই থাকে অথবা কিছুমানৰ অতিবিকশিত হয়৷ অৰ্থাৎ কাৰোবাৰ গুপ্তাংগ খুউব সৰু হয়
, আৰু
কাৰোবাৰ বহুত ডাঙৰ হয়৷ যাৰ বাবে ল
’ৰা নে ছোৱালী চিনাক্ত কৰাত সমস্যা হয়৷
অবিকশিত গুপ্তাংগৰ সৈতে জন্ম হোৱা লোকসকলক ইংৰাজীত 
‘intersex’ বোলা
হয় যাক অসমীয়াত
‘মধ্যলিংগী’ বুলিব পাৰি৷ উল্লেখযোগ্য যে তেওঁলোকে নিজৰ জৈৱিক
লিংগ পৰিচয় (
sex identity)-ক নস্যাৎ কৰি সামাজিক লিংগ পৰিচয় (gender identity)-ক নিজৰ মানসিক অৱস্থা অনুসৰি গ্ৰহণ কৰে৷ ভাৰতীয় সমাজ
ব্যৱস্থাত তেওঁলোকৰ সামাজিক অৱস্থান বৰ দুখলগা৷ শৰীৰ আৰু মনৰ 
সামান্য বিসংগতি বা প্ৰৰাকৃতিক বিচ্যুতিৰ কাৰণেই তেওঁলোক ঘৰখন, সমাজখনৰ পৰা অৱহেলিত হ’বলগীয়া হয়৷ ফলত তেওঁলোকৰ বহুতেই
পৰম্পৰাগত সমাজখন এৰি হিজ্‌ৰা দলত যোগ দিয়ে৷ 

     ‘হিজৰা’ হৈছে
এনে এক শ্ৰেণীৰ লোক
, যিসকলৰ স্বকীয় বৃত্তি, স্বকীয়
সাজ-পাৰ
, সংস্কৃতি আছে৷ উল্লেখযোগ্য যে পুৰুষ-নাৰীৰ লক্ষণযুক্ত সকলো
লোক হিজ্‌ৰা বা কিন্নৰ নহয়৷ অৰ্থাৎ
‘কোনো লোক হিজ্‌ৰা হৈ জন্ম নলয় বা
হিজ্‌ৰা কাৰো জন্মগত পৰিচয়ো হ
’ব নোৱাৰে৷ ‘হিজ্‌ৰা’ আচলতে
এটা বৃত্তি তথা পেছাৰ নাম৷ ই উপাৰ্জনৰ এটা স্থল মাত্ৰ৷
’১ ‘হিজ্‌ৰা শব্দটো মূলতঃ উৰ্দু শব্দ৷ ই আৰবী ভাষাৰ ‘হিজ্‌ৰ’ শব্দৰ
পৰা আহিছে৷ হিজ্‌ৰৰ অৰ্থ হৈছে নিজৰ পৰিয়াল বা সমাজ এৰি দিয়া নাইবা নিজৰ সমাজৰ পৰা
বাহিৰ কৰি দিয়া৷ অৰ্থাৎ পুৰুষ-নাৰীৰ পৰম্পৰাগত সমাজৰ পৰা আঁতৰি আহি স্বকীয়ভাৱে
জীয়াই থকা লোককে হিজ্‌ৰা বোলা হয়৷
’২ সেয়ে যিসকল লোকে হিজ্‌ৰা দলত যোগ দিয়ে, তেওঁলোককহে
হিজ্‌ৰা বোলা হয়৷ এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়
, যদি
হিজ্‌ৰা দলত যোগ দিয়াসকলকহে হিজ্‌ৰা বা কিন্নৰ বোলা হয়
, তেনেহ’লে
হিজ্‌ৰা দলত যোগ নিদিয়া পুৰুষ-নাৰীৰ লক্ষণযুক্ত লোকসকলক কি বোলা হয়
?
তেওঁলোকক বোলা হয় ৰূপান্তৰকামী (
transgender)৷ ৰূপান্তৰকামী লোকসকলে পৰম্পৰাগত সমাজখনত
থাকিয়েই জীৱন-নিৰ্বাহ কৰে৷ মন কৰিবলগীয়া যে
বৰ্তমান হিজ্‌ৰা বা কিন্নৰসকলকো ৰূপান্তৰকামী (
transgender) লোক
বোলা হৈছে৷ হিজ্‌ৰা দলত যোগ দিয়া ৰূপান্তৰকামী আৰু যোগ নিদিয়া ৰূপান্তৰকামী
লোকসকলক চিনাক্ত কৰাৰ সুবিধাৰ্থেই
Suleiman-এ হিজ্‌ৰা দলত অন্তৰ্ভুক্ত নোহোৱা
ৰূপান্তৰকামিতা লক্ষণসম্পন্ন লোকসকলক
Non-Hijra Transgender৩ বুলিছে৷ Suleiman-ৰ সূত্ৰৰ আঁত ধৰিয়েই হিজ্‌ৰা দলত অন্তৰ্ভুক্ত
হিজ্‌ৰাসকলক আৰু হিজ্‌ৰা দলত অন্তৰ্ভুক্ত নোহোৱা ৰূপান্তৰকামিতা লক্ষণসম্পন্ন
লোকসকলক এনেদৰে দুটা ভাগত ভাগ কৰিব পাৰি
– 

        ১) হিজ্‌ৰা ৰূপান্তৰকামী (Hijra Transgender)

        ২) অনা হিজ্‌ৰা ৰূপান্তৰকামী (Non-Hijra Transgender)

        এই ভাগকেইটা আলোচনাৰ সুবিধাৰ্থেহে কৰা হৈছে৷ উল্লেখযোগ্য
যে ভাৰতৰ লগতে এছিয়াৰ কেইখনমান দেশতহে হিজ্‌ৰা বা কিন্নৰৰ পৰম্পৰাটো দেখিবলৈ পোৱা
যায়৷ আন দেশবোৰত পুৰুষ-নাৰী উভয়ৰ লক্ষণসম্পন্ন লোকসকলক ৰূপান্তৰকামী লোক বুলিয়েই কোৱা
হয়৷ ভাৰতত হিজ্‌ৰাসকলৰ এক ইতিহাস আছে
, এক পৰম্পৰা আছে৷ সেয়ে ভাৰতত তেওঁলোকৰ
এনে বিভাজন দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে বৰ্তমান তৃতীয় লিংগৰ পৰিধি বহুল
হৈছে৷
‘বৰ্তমান গে’, লেছবিয়ান, উভয়কামী, ৰূপান্তৰকামী
ইত্যাদি সকলো তৃতীয় লিংগত অন্তৰ্ভুক্ত হৈছে৷ কিন্তু হিজ্‌ৰাসকল মুখ্যভাৱে
ৰূপান্তৰকামী হিচাপে তৃতীয় লিংগত অন্তৰ্ভুক্ত হয়৷
’৪
ৰূপান্তৰকামী (হিজ্‌ৰা দলত অন্তৰ্ভুক্ত হোৱা আৰু নোহোৱা) লোকসকল এই সকলোতকৈ অধিক
যন্ত্ৰণাপীড়িত৷ সেয়ে তৃতীয় লিংগ বুলিলে পোনপ্ৰথমে ৰূপান্তৰকামীসকলৰ কথাহে আহে৷
যি সি নহওক এই সকলো লোক তৃতীয় লিংগৰ সংজ্ঞাৰ অন্তৰ্ভুক্ত৷ বৰ্তমান তৃতীয় লিংগৰ লোকসকলৰ
সুবিধাৰ্থে ভাৰতীয় সংবিধানে আইন উলিয়াইছে যদিও গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকেই
ইয়াৰ পৰা বঞ্চিত হৈছে৷ তেওঁলোক প্ৰায়সকলেই পূৰ্বৰ দৰেই পৰিয়াল আৰু সমাজৰ দ্বাৰা
বঞ্চিত হৈ আহিছে৷ অসমৰ সমাজতেই হওক কিম্বা দিল্লী
, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, অন্ধপ্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰ
প্ৰদেশ
, গুজৰাটেই নহওক কিয়, প্ৰতি
সমাজতে তেওঁলোক অৱহেলিত৷

হিন্দী গল্পত তৃতীয় লিংগ

       তৃতীয় লিংগৰ লোকসকল দলিততকৈও দলিত, শোষিততকৈও
শোষিত৷ দেহ আৰু মনৰ সামান্য বিসংগতিৰ কাৰণেই তেওঁলোকৰ প্ৰায়সংখ্যকেই নিজৰ ঘৰখন
, সমাজখনৰ
পৰা বঞ্চিত হ
’বলগীয়া হয়৷ তৃতীয় লিংগৰ লোকসকলক লৈ, তেওঁলোকৰ
জীৱন-প্ৰৱাহক লৈ হিন্দী ভাষাত উপন্যাস
, নাটক, আত্মজীৱনী, জীৱনী
আদি ৰচিত হোৱাৰ লগতে গল্পও ৰচিত হৈছে৷ ২০১৭ চনত এম. ফিৰোজ খানৰ সম্পাদনাত প্ৰকাশ
পোৱা থাৰ্ড জেণ্ডাৰ
: হিন্দী কহানিয়াঁ গ্ৰন্থখনেই হৈছে তৃতীয় লিংগ
সম্পৰ্কীয় প্ৰথম গল্প সংকলন৷ গ্ৰন্থখনত মুঠ ওঠৰটা গল্প সন্নিৱিষ্ট হৈছে৷ সেই
গল্পকেইটা হ
’ল এনে ধৰণৰ–‘বিন্দা মহাৰাজ’ (শিৱপ্ৰসাদ
সিংহ)
, ‘খলীক আহমেদ বোৱা’ (ৰাহী
মাচুম ৰজা)
, ‘বীচ কে লৌগ’ (সলাম
বিন ৰজাক)
, ‘কিন্নৰ’ (এছ.
আৰ. হৰনৌট)
, ‘ই মুৰ্দন কা গাঁও’ (কুসুম
অন্সল)
, ‘সন্ধ্যা’ (কিৰণ
সিংহ)
, ‘হিজ্‌ৰা’ (কাদম্বৰী
মেহৰা)
, ‘ইজ্জত কে ৰহবৰ’ (পদ্মা
শৰ্মা)
, ‘কৌৰ তাৰ সে বীনি ছদৰিয়া’ (অঞ্জনা
বৰ্মা)
, ‘ত্ৰাসদী’ (মহেন্দ্ৰ
ভীষ্ম)
, ‘হিজ্‌ৰা’ (শ্ৰীকৃষ্ণ
সেনী)
, ‘ৰতিয়াবন কী ছেলী’ (ললিত
শৰ্মা)
, ‘নেগ’ (লবলেশ দত্ত), ‘পন্না
বা
’ (গৰিমা সঞ্জয় ডুবে), ‘সংকল্প’ (বিজেন্দ্ৰ
প্ৰতাপ সিংহ)
, ‘খুচ ৰহৌ ক্লীনিক’ (ছান্দ ‘দীপিকা’), ‘কিন্নৰ’ (পুনক পাঠক), ‘গল্‌তী যৌ মাফ নহী’ (পাৰস
দাসেতি)৷ সেই একেটা বছৰতে (২০১৭) এম. ফিৰোজ খানৰ সম্পাদনাতেই প্ৰকাশ পায় থাৰ্ড
জেণ্ডাৰ
: অনূদিত কহানিয়াঁ শীৰ্ষক তৃতীয় লিংগ সম্পৰ্কীয় অনূদিত গল্প সংকলনখন৷ গ্ৰন্থখনত বাংলা, মাৰোৱাৰী, গুজৰাটী
ভাষাৰ গল্পৰ লগতে বহুকেইটা পাঞ্জাৱী ভাষাৰ
গল্পৰ অনুবাদ সন্নিৱিষ্ট হৈছে৷ তদুপৰি বিজেন্দ্ৰ প্ৰতাপ সিংহ আৰু ৰবিকুমাৰ গৌন্দৰ
সম্পাদনাত প্ৰকাশ পোৱা কথা ঔৰ কিন্নৰ (২০১৮) গ্ৰন্থখনতো বহুকেইটা তৃতীয় লিংগ
সম্পৰ্কীয় গল্প সন্নিৱিষ্ট হৈছে৷ ২০২১ বৰ্ষত বিজ্ঞা ৰাজপুত আৰু ৰবীনা বহিৰাৰ
সম্পাদনাত প্ৰকাশ পোৱা জিন্দেগী কী দাস্তান শীৰ্ষক গ্ৰন্থখন তৃতীয় লিংগ সম্পৰ্কীয় গল্প আৰু কবিতাৰ
সংকলন৷ উল্লেখযোগ্য যে গ্ৰন্থখন তৃতীয় লিংগৰ লোকৰ দ্বাৰাই ৰচিত৷ এই কেইখনেই হৈছে
তৃতীয় লিংগ সম্পৰ্কীয় হিন্দী গল্প সংকলনৰ প্ৰাৰম্ভিক গ্ৰন্থ৷ অধ্যয়নটিত তৃতীয় লিংগ
সম্পৰ্কীয় প্ৰথম হিন্দী গল্প সংকলন থাৰ্ড জেণ্ডাৰ
: হিন্দী কহানিয়াঁৰ
কেইটামান গল্প সম্পৰ্কে অধ্যয়ন কৰা হ
’ব৷ অধ্যয়ন কৰিবলৈ লোৱা গল্পকেইটা হ’ল– ‘সন্ধ্যা’ (কিৰণ সিংহ), ‘ইজ্জত কে ৰহবৰ’ (পদ্মা
শৰ্মা)
, ‘হিজ্‌ৰা’ (শ্ৰীকৃষ্ণ
সেনী) আৰু
‘ত্ৰাসদী’ (মহেন্দ্ৰ ভীষ্ম)৷ গল্পকেইটিত মূলতঃ দুটা বিষয়
সুন্দৰকৈ উত্থাপন হৈছে৷ এটা হৈছে তৃতীয় লিংগৰ লোকসকলৰ সামাজিক স্থিতিৰ দিশটো আৰু
আনটো তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটো৷ এই প্ৰবন্ধত এই দুটা বিষয়ৰ সম্পৰ্কেহে
অধ্যয়ন কৰা হ
’ব৷

সামাজিক স্থিতি

     ভাৰতবৰ্ষত তৃতীয় লিংগৰ লোকসকলৰ সামাজিক অৱস্থান বৰ দুখজনক৷
প্ৰথম অৱস্থাত ঘৰখনৰ পৰা অৱহেলিত হোৱা তেওঁলোকে পৰৱৰ্তী সময়ত সমাজখনৰ পৰাও বিভিন্ন ধৰণে অৱহেলিত হয়৷ প্ৰধানতঃ
স্থানচ্যুতিৰ বেদনাই তেওঁলোকক অধিক কষ্ট দিয়ে৷ সমাজৰ বহু জীয়া-যাতনা তেওঁলোকে সহ্য
কৰিবলগীয়া হয়৷ কিৰণ সিংহৰ
‘সন্ধ্যা’ তৃতীয়
লিংগৰ জীৱন আধাৰিত এনে এটা গল্প৷ গল্পটোৰ মূল চৰিত্ৰ সন্ধ্যা এগৰাকী তৃতীয় লিংগৰ
ব্যক্তি৷ সন্ধ্যা অবিকশিত গুপ্তাংগৰ সৈতে জন্ম হোৱা বাবে পৰিয়ালৰ মাজত চিন্তাৰ
বীজ উৎপন্ন হয়৷ তেওঁলোকৰ এটাই ভয়- সমাজে এই কৰুণ সত্যটো জানিলে পৰিয়ালৰ সন্মান ক
’ত
থাকিব৷ সমাজৰ বাবেহে সন্ধ্যাৰ মাক-দেউতাক সন্ধ্যাৰ প্ৰকৃত পৰিচয় ব্যক্ত কৰাৰ পৰা
বিৰত আছে৷ মাক-দেউতাকে কিন্তু সন্ধ্যাক কেতিয়াও অৱহেলা কৰা নাই৷ সন্ধ্যা লাহে-লাহে
ডাঙৰ হ
’ল৷ কিন্তু তাইৰ গুপ্তাংগৰ বিকাশ নহ’ল৷ সমাজৰ আগত তাইক
ছোৱালী হিচাপে পৰিচয় লাভ কৰালেও তাইৰ গুপ্তাংগই কিন্তু সম্পূৰ্ণৰূপে ছোৱালী
হিচাপেও দাবী নকৰিলে নাইবা ল
’ৰা হিচাপেও৷ তাইৰ সমবয়সীয়া আন ছোৱালীৰ যেতিয়া
গাভৰুৰ লক্ষণে ধৰা দিলে
, পুষ্পিতা হ’ল, তেতিয়া
সন্ধ্যাৰ তেনে কোনো লক্ষণে গা কৰি উঠা নাছিল৷ তাই নিজৰ জৈৱিক লিংগ পৰিচয় (
sex identity)-ক লৈ সন্তুষ্ট নাছিল৷ সেয়ে তাই অবিকশিত গুপ্তাংগক চুৰিৰে
কাটিবলৈ চেষ্টা কৰিছিল৷ গল্পটিত এই বিষয়ে এনেদৰে কৈছে
–

সন্ধ্যা পাগলৰ দৰে হৈ গৈছিল৷ তাই লেমৰ পোহৰ কমালে আৰু তুলসী
আৰু নিমপাত পিহি ল
’লে৷ নিম-তুলসী পাত পিহি লৈ তাই বন্ধ কোঠাৰ
মজিয়াত শুই পৰিল আৰু দুয়োটা ভৰি বেৰত লগাই নিম-তুলসীৰ মিশ্ৰণখিনি গুপ্তাংগত লগালে৷
শৰীৰটো ধনুৰ দৰে বেঁকা কৰিলে আৰু মাকৰ কাপোৰ ফালি মুখত সুমুৱাই ল
’লে৷
তাৰ পাছত ভগৱানৰ নাম লৈ চুৰিখন গুপ্তাংগত থৈ দীঘলকৈ উশাহ এটা ল
’লে৷
দীঘল উশাহ বন্ধ হ
’ল আৰু চুৰিখন গুপ্তাংগত হেঁচি দিলে৷৫

        সন্ধ্যাক ঘৰৰ পৰা ক’লৈকো যাবলৈ দিয়া
হোৱা নাছিল৷ তাইৰ কোঠাটোৰ আটাইবোৰ ফুটা বন্ধ কৰি দিয়া হৈছিল৷ খিৰিকীত ডাঠ কাপোৰৰ পৰ্দা লগাই দিয়া হৈছিল৷ আৰু মাক
ঢুকোৱাৰ পাছত দেউতাক ক
’ৰবালৈ গ’লে তাইৰ কোঠাটোৰ
দুৱাৰখনত বাহিৰৰ পৰা তলা লগাই গৈছিল৷ সন্ধ্যা লাহে লাহে ডাঙৰ হোৱাৰ পাছত তাই বাহিৰৰ
মানুহখিনি চাবলৈ বিচাৰিছে৷ ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰিছে৷ দেউতাকে কিন্তু যাবলৈ
দিয়া নাই৷ সন্ধ্যাই সম্পূৰ্ণৰূপে এটা বন্দী জীৱন কটাইছে৷ দেউতাকে অৱশ্যে তাইক তাইৰ
প্ৰকৃত সত্যটো জনাইছে৷ লগতে তাইক তৃতীয় লিংগৰ বিভিন্ন চৰিত্ৰৰ সম্পৰ্কেও কৈছে৷
কিন্তু তথাপি সন্ধ্যাই সমাজখন চাবলৈ বিচাৰিছে, ঘৰৰ পৰা ওলাই যাব বিচাৰিছে৷ সন্ধ্যাৰ জেদ
ভাঙিবলৈ দেউতাকে কিন্নৰসকলৰ যন্ত্ৰণাদগ্ধ জীৱনৰ বিষয়ে তাইৰ আগত এনেদৰে বৰ্ণনা
কৰিছে
–

এই পৃথিৱীৰ লোকসকলে তোমাৰ দৰে মানুহক নৰকতুল্য ঠাইত ৰাখিছে৷
সেই নৰকৰ লোকসকল তোমাৰ জন্মৰ সাত বছৰৰ পাছত সেই পাহাৰত থাকিবলৈ ল
’লে৷
তেওঁলোকে কাপোৰ দাঙি দাঙি নাচে আৰু ভিক্ষা মাগে৷ মানুহে তেওঁলোকক গালি পাৰে
, থু পেলায়, তেওঁলোকক দেখিলে দুৱাৰ বন্ধ কৰে আৰু মানুহবোৰ গোট খাই
তেওঁলোকক মাৰ-পিট কৰে৷ তেওঁলোক যি ঠাইত থাকে
, সেই ঠাইত কোনো অপৰাধ হ’লে
তেওঁলোককে দোষী সজোৱা হয়৷
৬

       গাঁৱৰ সমাজত বিয়াৰ বয়স হোৱা ছোৱালী এজনী বিয়া
নোহোৱাকৈ থকাৰ কাৰণ সুধি সুধি মানুহে মাক-দেউতাকক বিৰক্ত কৰে৷ বিয়া নোহোৱাৰ ৰহস্য জানিবলৈ সকলো
এক প্ৰকাৰ কৌতূহলী হৈ উঠে৷ গল্পটিতো সন্ধ্যা বিয়া নোহোৱাৰ কাৰণ জানিবলৈ
দেউতাকক বিভিন্ন লোকে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে৷ অৱশেষত সন্ধ্যাৰ প্ৰকৃত সত্য সমাজে জনাৰ ভয়তেই
দেউতাকে ওচৰৰে গাঁৱৰ কানাই নামৰ ডেকাজনৰ সৈতে সন্ধ্যাক বিয়া দিয়ে৷ কানাই এক
দুৰ্ঘটনাৰ ফলত নপুংসক হৈ পৰা বাবে সন্ধ্যাৰ প্ৰকৃত সত্য লুকাই থাকে৷ কিন্তু সময়
বাগৰৰ লগে লগে তাইৰ জীৱনৰ কৰুণ সত্যটো সমাজৰ আগলৈ আহে৷ সত্য জনাৰ লগে-লগেই সকলোৱে সন্ধ্যাৰ
প্ৰতি ঘৃণাৰ ভাব প্ৰকাশ কৰি
বলৈ ধৰে৷ সকলোৱে তাইক মাৰিবলৈ উদ্যত হয়৷ তাইৰ
শাহুৱেকে তাইক মাৰিবলৈ আদেশ দিয়ে এনেদৰে
–

তাই মোৰ গোসাঁইথানখন অপৱিত্ৰ কৰিলে৷ তাইক নাঙঠ কৰি তাইৰ
চুলি খুৰা
ই দিয়াঁ৷ মুখত ক’লা ছাঁই সানি গোটেই ছয়গাঁৱত মাৰি
মাৰি ঘূৰোৱাঁ৷ তাৰ পাছত তাইক লৈ যাবলৈ সেই মানুহবোৰলৈ খবৰ দিয়াঁ৷
৭

       আন এটা হিন্দী গল্প বিজেন্দ্ৰ প্ৰতাপ সিংহৰ ‘সংকল্প’তো
তৃতীয় লিংগৰ লোকসকলৰ নিৰ্যাতিত ৰূপটো অংকণ কৰা হৈছে৷ গল্পটোৰ মূল চৰিত্ৰ মধুৰ ওৰফে
মাধুৰী৷ মধুৰ তৃতীয় লিংগৰ চৰিত্ৰ৷ বিকৃত গুপ্তাংগৰ সৈতে জন্ম হোৱা বাবে মধুৰ ঘৰলৈ
গাঁৱৰ মানুহবোৰ আহিবলৈ এৰে৷ মধুৰৰ ভনীয়েক জন্ম হোৱাৰ পাছতেই মাকৰ মৃত্যু ঘটে৷  তেতিয়াও গাঁৱৰ কোনো মানুহ সিহঁতৰ ঘৰলৈ নাহিল৷ মধুৰৰ মাকৰ মৃত্যুৰ পাছত দেউতাকৰ মানসিক সন্তুলন ব্যাহত হয়৷ ফলত কেঁ
চুৱা ভনীয়েক, মানসিকভাৱে অসন্তুলিত দেউতাকক চোৱা-চিতাৰ সমস্ত দায়িত্ব মধুৰে
ল
’বলগীয়া হয়৷ মধুৰ নে মাধুৰী নিজৰেই সম্পূৰ্ণতা নথকা মধুৰ ওৰফে মাধুৰীয়ে ঘৰখনৰে দায়িত্ব মূৰ পাতি ল’বলগীয়া হয়৷ ইফালে মধুৰ নাবালক৷ সৰুৰে পৰা
বিভিন্ন কাম কৰি ঘৰ চলোৱা মধুৰে পৰৱৰ্তী সময়ত বিভিন্ন অনুষ্ঠানত নাচিবলৈ ল
’লে আৰু
তাত পোৱা টকাৰে ঘৰখন সুন্দৰকৈ চলিবলৈ ধৰি
লে৷ মধুৰে পৰৱৰ্তী সময়ত নামটো মধুৰৰ
পৰা মাধুৰীলৈ পৰিৱৰ্তিত কৰে৷ মাধুৰীয়ে নিজকে ছোৱালী ৰূপতহে চাবলৈ বিচাৰে, নিজৰ মানসিক
অৱস্থাটো সম্পূৰ্ণৰূপে ছোৱালী হিচাপেহে দাবী কৰে৷ (সেয়ে পৰৱৰ্তী আলোচনাত মধুৰৰ
ঠাইত মাধুৰীৰ নাম ব্যৱহাৰ কৰা হ
’ব আৰু ‘তাই’ সম্বোধন
কৰা হ
’ব৷)

        সমাজত মাধুৰী বিভিন্ন ধৰণেৰে মানসিকভাৱে
নিৰ্যাতিত হ
’বলৈ ধৰিলে৷ তাইক সকলোৱে এৰি চলিবলৈ ধৰা হ’ল৷
কেৱল মানসিকভাৱেই যে তাই নিৰ্যাতিত হ
’ল এনে নহয়৷ শাৰীৰিকভাৱেও নিৰ্যাতিত হ’ল তাই৷
মাধুৰীৰ শৰীৰত ছোৱালীৰ লক্ষণ বেছি৷ তাইৰ যৌনাংগ 
অলপ ছোৱালীৰ দৰেই৷ যাৰ ফলত তাইৰ
লগত সম্ভোগ কৰিবলৈ পুৰুষৰ সুবিধা হয়৷ মাধুৰীৰ লগত ধৰ্ষণৰ দৰে অকাৰ্য সংঘটিত হ
’ল৷ সমাজৰ এক ভদ্ৰলোকৰ দ্বাৰাই তাইৰ ধৰ্ষণ হয়৷ মাধুৰী এদিন চহৰৰ পৰা গাঁৱৰ ঘৰলৈ আহি আছিল৷ তাই চহৰৰ
সভ্য
, চাকৰিয়াল, ধনী লোক থকা ঠাইৰ ফালেদি তাই ঘৰলৈ আহিছিল৷ মানুহবোৰ
শিক্ষিত আছিল বাবে তাই নিশ্চিন্ত মনে ঘৰলৈ সেই ৰাস্তাৰে আহি আছিল৷ কিন্তু হঠাৎ
তাইক পিছফালৰ পৰা মুখত সোপা দি টানি নি সেই ৰাস্তাৰে এঘৰত সুমুৱাই গোটেই ৰাতি
ধৰ্ষণ কৰা হয়৷ গল্পটোত এই বিষয়ে কৈছে এনেদৰে
–

… হঠাৎ পিছফালৰ পৰা কোনোবাই তাইক মুখত সোপা দি এটা ঘৰৰ ভিতৰলৈ দাঙি লৈ গ’ল৷ …
ঘৰৰ ভিতৰত তাইৰ সন্মুখত এজন শক্তিশালী পুলিচ যোৱান থিয় হৈ আছিল৷ পুলিচজনে তাইৰ লগত
মৰমেৰে কথা পাতিলে আৰু তাইৰ লগত সম্ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ মাধুৰী মান্তি
নোহোৱাত পুলিচজনে খং দেখুৱাই
¸ তাইক ধষৰ্ণ কৰিলে৷… গোটেই ৰাতি ধৰি পুলিচজনে
মাধুৰীৰ শৰীৰটো বৰ বেয়াকৈ খচকিলে৷
৮

       মাধুৰীৰ ওপৰত হোৱা এই নিৰ্যাতনৰ বিৰুদ্ধে তাইৰ
চিনাকি হিজ্‌ৰা সম্প্ৰদায়ৰ লোকসকলে পুলিচৰ ওচৰত ৰিপ
’ৰ্ট লিখিবলৈ আহ্বান জনালে৷ সকলোৱে মাধুৰীয়ে ন্যায় পোৱাটো বিচাৰিলে৷ কিন্তু য’ত
ৰক্ষকেই ভক্ষক
, তাত তেওঁলোকে ন্যায় পোৱাটো সম্ভৱ নহয়৷ তাতে সমাজৰ সকলোৱে
তেওঁলোকক হেয় দৃষ্টিৰে চায়৷ গতিকে পুলিচৰ ওপৰতো তেওঁলোকৰ কোনো আস্থা হেৰাই গ
’ল৷ শান্তি
নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে সেয়ে কৈছে
–

অভিযোগ দিবলৈ কাৰ ওচৰলৈ যাবা…৷ য’ত ৰক্ষকেই ভক্ষক…
কাৰ পৰা আশা কৰিবা৷ এনেয়েও আমাৰ হিজ্‌ৰাবোৰক সকলোৱে অৱহেলাৰ দৃষ্টিৰেই চায়৷
৯

       মাধুৰীয়ে কোনো ন্যায় নাপালে৷ গুপ্তাংগৰে অহৰহ
বৈ যোৱা ৰক্ত কেইবাদিনৰ চিকিসাৎৰ পাছতহে বন্ধ হয়৷ পৰৱৰ্তী সময়ত মাধুৰীয়ে বেশ্যা
বৃত্তিতো নিয়োজিত হয়গৈ৷ 

     প্ৰকৃততে ভাৰতীয় সমাজ-ব্যৱস্থাত তৃতীয় লিংগৰ লোকসকলৰ সামাজিক স্থিতি একেবাৰে নিম্নস্থানত৷ সমাজত
মানুহ বুলি গণ্য নকৰা তেওঁলোকৰ জীৱনৰ প্ৰতি খোজ কাঁইটেৰে আকীৰ্ণ৷ হিন্দী গল্পৰ
প্ৰায়বোৰতে তৃতীয় লিংগৰ লোকসকলৰ ওপৰত চলোৱা মানিসক-শাৰীৰিক নিৰ্যাতনৰ স্বৰূপটো স্পষ্ট৷

মানৱীয় দিশ

        তৃতীয় লিংগৰ লোকসকলক সমাজে হেয় প্ৰতিপন্ন
কৰিলেও বহু সময়ত তেওঁলোকেই সুস্থ মানুহৰ সহায়ৰ সমলৰূপে ধৰা দিছে৷ বিশেষকৈ মহিলাসকলৰ
দুঃসময়ত তেওঁলোকে নিৰাপত্তাৰ ছাঁৰূপে থিয় দিছে৷
‘ইজ্জত কে ৰহবৰ’, ‘হিজ্‌ৰা’, ‘ত্ৰাসদী’ আদি
গল্পকেইটিত তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটোৰ প্ৰতিফলন ঘটিছে৷ পদ্মা শৰ্মাৰ
‘ইজ্জত
কে ৰহবৰ
’ গল্পটোৰ মূল চৰিত্ৰ বল্লু৷ বল্লুৰ মাক এগৰাকী অঘৰী মানসিক
বিকাৰগ্ৰস্ত মহিলা আছিল৷ তাই কেতিয়া গৰ্ভাৱতী হ
’ল কোনেও নাজানিলে৷
হঠাৎ তাইৰ কেঁচুৱা দেখি কেঁচুৱাটোৰ এতিয়া কি হ
’ব তাক লৈ চুবুৰীয়াৰ
লোকসকল চিন্তিত হ
’ল যদিও কোনেও সেই সন্তানটোক তুলি ল’বলৈ সাহস নকৰিলে৷ তেতিয়া পাণ্ডুৰংগা নামৰ হিজ্‌ৰাগৰাকীয়ে বল্লুক তুলি লোৱাৰ দায়িত্বৰে তাক সিহঁতৰ
মাজলৈ লৈ যায়৷ বল্লুক সকলোৱে নিজৰ ল
’ৰাৰ দৰে মৰমেৰে ডাঙৰ-দীঘল কৰিলে৷ অৱশ্যে
বল্লুক ল
’ৰা হিচাপেই স্বীকৃতি দিলে৷ হিজ্‌ৰাসকলৰ এই কৰ্মৰ বাবে
শ্ৰীলালৰ লগতে সেই গাঁৱৰ লোকসকলৰো সিহঁতৰ প্ৰতি শ্ৰদ্ধা ভাব জাগ্ৰত হয়
৷

        গল্পটিত হিজ্‌ৰাসকলৰ চৰিত্ৰ মানৱীয় দৃষ্টিভংগীৰে অংকন
কৰা হৈছে৷ গল্পটিৰ মূল চৰিত্ৰ চৌফিয়াৰ দলটোৰ সৈতে শ্ৰীলালৰ এটা মধুৰ সম্পৰ্ক আছে৷
শ্ৰীলালৰ কন্যাৰ যেতিয়া ধৰ্ষণ হয়
, তেতিয়া চৌফিয়াই আইনী ব্যৱস্থা ল’বলৈ
শ্ৰীলালক অনুৰোধ কৰে৷ কিন্তু জীয়েকৰ বদনামৰ খবৰটো চৌপাশে বিয়পি পৰাৰ ভয়ত পুলিচৰ
ওচৰলৈ যাবলৈ 
শ্ৰীলাল মান্তি নহয়৷ শ্ৰীলালৰ এই আচৰণক চৌফিয়াই ভাল নাপালে৷ যি সময়ত নাৰী
শিক্ষা
, নাৰী সবলীকৰণৰ নিচিনা কথা পতা হয়, সেই
সময়ত এনে আচৰণে শোভা নাপায়৷ ডাঙৰ ডাঙৰ কথাৰে ভাষণৰ ফুলজাৰি মাৰি থকা মানুহবোৰৰ
বিৰুদ্ধে  চৌফিয়া জাঙুৰ খাই উঠিছে৷ তাই
কৈছে
–

তোমালোকে ডাঙৰ ডাঙৰ কথাৰে মহিলাসকলক আগ বঢ়াৰ কথা কোৱাঁ৷
কিন্তু যেতিয়া কিবা এটা কৰাৰ সময় আহি পৰে
, পিছ
হুঁহকি আহাঁ৷ সঁচা কথাটো হ
’ল এয়ে যে আজিলৈকে তোমালোকৰ মানসিকতাৰ সলনি নহ’ল৷১০

        ধৰ্ষণকাৰী ছিংগা বাচি গ’ল৷
আইনৰ শাস্তিও সি নাপালে৷ শ্ৰীলালৰ বুকুৰ জুইকৰা শান্ত হ
’ল যদিও চৌফিয়া শান্তিৰে থাকিব
পৰা নাছিল৷ তাৰ ফলতেই ছোৱালীজনীক ধৰ্ষণ কৰাৰ পাঁচদিনৰ দিনা চফিয়াই ছিংগাৰ গুপ্তাংগ কাটি চিৰদিনৰ
বাবে ঘূণীয়া কৰি দি
লে৷ আইনৰ দৃষ্টিত চৌফিয়াই এইটো অপৰাধ কৰিছে৷
কিন্তু এটা ক্ষমতাশালী অপৰাধীৰ বাবে এইটো উপযুক্ত শাস্তি যেনেই লাগে৷ কিন্তু চৌফিয়াৰ এই
কামটোক সমৰ্থন জনাবও নোৱাৰি৷ শ্ৰীলালে এই কামটো চৌফিয়াৰ বুলি সন্দেহ কৰিছিল৷
শ্ৰীলালে ভাবিছিল চৌফিয়াই সিহঁতৰ সদস্য বৃদ্ধিৰ বাবেই এনে কাম কৰিলে৷ তেতিয়া
চৌফিয়াই কৈছে এনেদৰে
–

হয়, এইটো সত্য যে এইটো কাম মই কৰিলোঁ, কিন্তু
আমাৰ দলৰ সদস্য বঢ়াবৰ বাবে নহয়…৷
১১

গল্পটিত তৃতীয় লিংগৰ লোকসকলে মহিলাসকলৰ
নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিছে৷ যি সমাজত তেওঁলোকক অস্পৃশ্য জ্ঞান কৰা হয়
, তেওঁলোকক
সমাজৰ পৰা বহিস্কাৰ কৰা হয়
, য’ত তেওঁলোকৰ নিজৰেই নিৰাপত্তা নাই, তেনেস্থলত সেইখন সমাজৰে মহিলাসকলৰ নিৰাপত্তা আৰু মৰ্যাদাৰ বিষয়ে চিন্তা কৰা কথাটোৱে তেওঁলোকৰ থকা মানৱীয় প্ৰমূল্যবোধকে
সূচাইছে৷

       শ্ৰীকৃষ্ণ সেনীৰ ‘হিজ্‌ৰা’ গল্পটোৰ
মূল চৰিত্ৰ ৰজিয়া এগৰাকী হিজ্‌ৰা৷ ৰাঘৱ আৰু নিম্মৌৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত
সিহঁতৰ তিনি-চাৰি বছৰীয়া একমাত্ৰ ল
’ৰা সুনীলক কোনেও তুলি ল’বলৈ
আগ্ৰহ প্ৰকাশ কৰা নাছিল৷ ৰজিয়া নথকা হ
’লে সুনীল অনাথ হ’লহেঁতেন৷
ৰজিয়াই সুনীলক তুলি লোৱাৰ কথা কোৱাৰ লগে লগে ৰজিয়াৰ লগৰ আন হিজ্‌ৰাবোৰে সেই কথাৰ
বিৰোধিতা কৰিছিল৷ তেওঁলোকৰ মতে আমাৰ কোনো আত্মীয় নাই নাইবা নাই কোনো সন্তানো৷ যেতিয়া
সুনীল ডাঙৰ হ
’ব, তেতিয়া তাক কি উত্তৰ দিবা৷ আন হিজ্‌ৰাসকলেও
সুনীলক অনাথ হিচাপেই এৰি দিবলৈ কৈছিল৷ সুনীলক অনাথ বুলি কোৱাৰ লগে লগেই ৰজিয়াই
চিঞৰি কৈছিল যে সুনীল অনাথ নহয়৷ তাক ৰজিয়াই ডাঙৰ-দীঘল কৰিব৷ গল্পটিত এই বিষয়ে ৰজিয়াই কৈছে
এনেদৰে
–

খবৰদাৰ। কোনোবাই যদি ইয়াক অনাথ বুলি কোৱাঁ, ই মোৰ
নিজৰ নহ
’ল কি হ’ল… তোমালোকে নিম্মৌক পাহৰি যাব পাৰাঁ, মই
পাহৰিব নোৱাৰোঁ৷ তাই নিজৰ ভনীয়েকতকৈ মোক বেছি মৰম কৰিছিল৷… এতিয়া মই ইমানো
অকৃতজ্ঞ হ
’ব নোৱাৰোঁ যে তাইৰ এই কণমানি ল’ৰাটোক ঘৰে-ঘৰে
অৱহেলিত হ
’বলৈ এৰি দিম৷১২

       কিছুদিনৰ পাছত ৰজিয়াই সুনীলক স্কুলত নাম লগাই
দিয়ে আৰু হোষ্টেলতে থকাৰ ব্যৱস্থা কৰি দিয়ে৷ ৰজিয়াই স্কুলৰ হেডমাষ্টৰক অনুৰোধ জনায় যাতে  কোনো কাৰণতে
, কেতিয়াও সুনীলক তাৰ পঢ়াৰ, থকাৰ
সকলো খৰচ কোনে বহন কৰিছে গম পাবলৈ দিয়া নহয়৷
অৱশেষত সুনীলক অনাথ বুলিয়েই কাগজে-পত্ৰই লিখা হ
’ল৷ সুনীল সকলো
শ্ৰেণীতে প্ৰথম হৈ আহি এম. এ-তো প্ৰথম স্থান লাভ কৰিলে৷ তাৰ পাছত সি লোকসেৱা আয়োগৰ
পৰীক্ষাতো উত্তীৰ্ণ হ
’ল৷ সুনীলে চাকৰি পোৱাৰ বহু পাছলৈকে তাক ডাঙৰ
কৰাৰ দায়িত্ব কোনে লৈছিল জনা নাছিল৷ যি সময়ত কাৰোবাক সৰু উপহাৰ এটা দিলেই জনাজাত
হৈ পৰে
, সেই সময়ত এগৰাকী তৃতীয় লিংগৰ ব্যক্তি হৈও কোনো
স্বীকৃতি নিবিচৰাকৈ ৰজিয়াই যি এক মহৎ কৰ্ম কৰিলে
, তাৰ
যোগেদি তৃতীয় লিংগৰ লোকসকলৰ মানৱীয় দিশটো প্ৰকট হৈছে৷

      মহেন্দ্ৰ ভীষ্মৰ ‘ত্ৰাসদী’ গল্পটোতো
তৃতীয় লিংগৰ লোকৰ মানৱীয় দিশৰ স্ফূৰণ ঘটিছে৷ গল্পটিৰ মূল চৰিত্ৰ ৰতি। গিৰীয়েক বংশী
ঢুকুৱাৰ পাছত তাই তাইৰ স্বামীৰ ট্ৰেইন ষ্টেশ্যনৰ প্লেটফৰ্মৰ চাফাই কৰ্মীৰ চাকৰিটো পায়৷
স্বামী ঢুকোৱাৰ পাঁচ মাহমানৰ পাছত কৰ্মস্থলীতেই এদিন দুপৰীয়া তাইক মুখত সোপা দি
দুষ্ট লোক দুজনমানে মালগাড়ীৰ খালী ডবা এটালৈ নি ধৰ্ষণ কৰিবলৈ লয়৷ ঘটনাক্ৰমে সেই দৃশ্য দূৰৰ পৰা
সুন্দৰী নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীয়ে দেখে৷ লগে-লগে সুন্দৰীয়ে চিঞৰ-বাখৰ কৰি
দুষ্ট লোক কেইজনৰ ওপৰত জঁপিয়াই পৰে আৰু ৰতিক ধৰ্ষিত হোৱাৰ পৰা উদ্ধাৰ কৰে৷ গল্পটিত
এই বিষয়ে কৈছে
–

…প্লেটফৰ্মতেই মানুহক নাচ-গান দেখাই-শুনাই নিজৰ পেট পোহা হিজ্‌ৰা সুন্দৰীয়ে
ৰতিৰ লগত হৈ থকা জোৰ-জবৰদস্তি দূৰৰ পৰা দেখিলে৷ দেখাৰ লগে লগে সুন্দৰীয়ে দৌৰি-দৌৰি
গৈ সেই মালগাড়ীৰ ডবাটো পালেগৈ
, য’ত দুষ্ট দুটাই বেয়া কামটো কৰিবলৈ
লৈছিল৷ সুন্দৰীয়ে চিঞৰ-বাখৰ কৰি তৎক্ষণাত সেই দুটাৰ ওপৰত জঁপিয়াই পৰিল ৷১৩

      আজিৰ এই মানুহৰ মাজত যান্ত্ৰিকতাই গা কৰি উঠা সময়ত, ‘তোৰ সমস্যা তই নিজে
সমাধান কৰ
’ বুলি বিপদাপন্নজনক এৰি দিয়া সময়ত সুন্দৰীৰ এনে কৰ্মৰ জৰিয়তে ‘মানুহ
মানুহৰ বাবে
’ বোলা কথাষাৰ সাৰ্থক হৈছে৷ সুন্দৰীয়ে ৰতিক বচাবলৈ আহোঁতে
সামাজিক লিংগ (
gender)-ই কোনোধৰণৰ বাধা প্ৰদান কৰা নাই৷ সেই মুহূৰ্তত এগৰাকী নিঃসহায় মানুহক আন এগৰাকী সচেতন মানুহে সহায় কৰিছে৷ সকলোকে মানুহ
বুলি ভাবিব পৰা দৃষ্টিভংগী সৃষ্টি হ
’লেই তৃতীয় লিংগৰ লোকসকলে সমাজত
প্ৰকৃতাৰ্থত মানুহ হিচাপে জীয়াই থাকিবলৈ সক্ষম হ
’ব৷

উপসংহাৰ

     তৃতীয় লিংগৰ সামাজিক উপেক্ষিত স্বৰূপটো হিন্দী
গল্পৰ মাজলৈ আহিছে যদিও তৃতীয় লিংগৰ সামগ্ৰিক সমস্যাবোৰ গল্পৰ মাজলৈ এতিয়াও পূৰ্ণ
ৰূপত অহা নাই৷ এই প্ৰবন্ধত কেৱল পাঁচটা হিন্দী গল্পৰ সম্পৰ্কেহে পৰিচয়মূলক অধ্যয়ন আগ বঢ়োৱা হ
’ল৷
গল্পকেইটিত তৃতীয় লিংগৰ সামাজিক স্থিতি আৰু তেওঁলোকৰ মানৱীয় দিশসমূহ সুন্দৰকৈ
প্ৰতিফলিত হৈছে৷ হিন্দী ভাষাত তৃতীয় লিংগ সম্পৰ্কীয় গল্পৰ ক্ষেত্ৰখন বিস্তৃত হৈছে
যদিও অসমীয়া ভাষাত এই সম্পৰ্কীয় সৃষ্টিশীল সাহিত্য অতি চালুকীয়া অৱস্থাতে আছে৷ অসমীয়া
সাহিত্যতো এই বিষয়টিৰ চৰ্চা বৃদ্ধি হ
’লে অসমীয়া সাহিত্যৰে বৈচিত্ৰ্য বাঢ়িব বুলি নিশ্চিতভাৱে ক’ব পাৰি।

প্ৰসংগ-সূত্ৰ :

১ লক্ষ্যজিৎ হাজৰিকা, অসমীয়া
সাহিত্যত তৃতীয় লিংগৰ প্ৰসংগ
, পৃ. ১৯

২  ৰাজকুমাৰ, থাৰ্ডজেণ্ডাৰ
: ভাষা বৈজ্ঞানিক অধ্যয়ন, পৃ. ২৭

৩  S. Nanjundaswamy, An anthropological study of
male to female transsexuals in Mysore and
Bangalore cities, Karnataka, India, P
. 52  

৪ ৰাজকুমাৰ, উল্লিখিত, পৃ. ২৬

৫ এম. ফিৰোজ খান, থাৰ্ড
জেণ্ডাৰ
: হিন্দী কহানিয়াঁ, পৃ. ৬৪

৬ উল্লিখিত, পৃ. ৬৫

৭ উল্লিখিত, পৃ. ৭৭

৮ উল্লিখিত, পৃ. ১৩১

৯ উল্লিখিত,  পৃ. ১৩১

১০ উল্লিখিত,  পৃ. ৯৪

১১ উল্লিখিত,  পৃ. ৯৫

১২ উল্লিখিত, পৃ. ১২৪

১৩  উল্লিখিত, পৃ. ১০৮

(প্ৰবন্ধটিত ব্যৱহৃত
হিন্দীৰ নামসমূহ অসমীয়ালৈ লিপ্যন্তৰ কৰোঁতে মূলৰ দৰে একে ৰখা হৈছে৷ উদ্ধৃতিসমূহ অসমীয়ালৈ অনুবাদ কৰি ব্যৱহাৰ কৰা হৈছে।
)

_

ঠিকনা :

গৱেষক ছাত্ৰ,

অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয

ডাক- ডিব্ৰুগড় বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ -৮১৩৩৯৩৫০১২

ইমেইল: lakshyajit31@gmail.com

ফেইচ্‌বুক লিংক-https//www.facebook.com/lakshyajit.hazarika