বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

এইবাৰ শেষ বহাগতে
বানপানীৰ বতৰ আৰম্ভ হ
ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত
কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে
, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল যায় ৷
  সম্ভৱতঃ প্ৰকৃতিৰ নিয়ম মতে আগৰ
দিনত এনেকুৱাই আছিল অসমৰ বানপানীৰ চৰিত্ৰ ৷ কিন্তু আমি জানো প্ৰকৃতিক প্ৰাকৃতিক হৈ
থাকিবলৈ দিছোঁ
? নাই দিয়া৷ তেনেহলে
প্ৰকৃতি কিয় পুৰণি নিয়ম মতে চলি থাকিব
? নাথাকে ৷ গতিকে
বানপানী আকৌ আহিব৷ সম্ভৱতঃ আঘোণ-পুহ মাহতো অসমত বানপানী হ

অদূৰ ভৱিষ্যতে ৷ এই বছৰ দেখোন মাৰ্চ মাহতে আৰম্ভ হোৱা বৰষুণ এতিয়া
, এই জুন মাহৰ শেষ সময়লৈকে অবিৰতভাৱে সৰিয়েই আছে৷ বৰষুণৰ পানী ধৰি ৰাখিবলৈ
কোনেও বান্ধ সজা নাই
, বান্ধ সজা হৈছে নদীৰ পানীত ভেটা দি
তাৰপৰা জলবিদ্যুৎ উৎপাদনৰ উদ্দেশ্যেহে৷ গতিকে বিদ্যুৎ প্ৰকল্পৰ বান্ধে বৰষুণৰ
কাৰণে জমা হোৱা পানীখিনি কেনেকৈ ধৰি ৰাখিব
? এনেয়েও নৈৰ বুকু
ভৰি উঠে একে বৰষুণৰ কাৰণেই৷ গতিকে ভৰ সহিব নোৱৰা বান্ধে খুলি দিয়ে পানী
বান্ধটোকতো ভাগিবলৈ দিব নোৱাৰি৷ তাত শ শ বা হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা
হৈছে ৷ গতিকে বান্ধৰ নামনিৰ মানুহখিনিৰ ঘৰ-দুৱাৰবোৰতে সোমাওক পানী
, কাৰ কি আহে-যায় ?

এইবাৰৰ বান
বিশেষত্বপূৰ্ণ ৷ প্ৰথম কথা
, ই আবতৰীয়া ৷ দ্বিতীয়তে সত্ৰনগৰী বৰপেটাৰ নিচিনা
কাহানিও বানপানী নোহোৱা ওখ ঠাইকো এই বানে জুৰুলা কৰিলে ৷ নগাঁৱৰ কাহানিও বানপানী
নোহোৱা বহু অঞ্চল এইবাৰৰ বানত বিধ্বস্ত হৈছে ৷ আগেয়ে গুৱাহাটীৰ কৃত্ৰিম বানে সদায়ে
অনিল নগৰ-নবীন নগৰক বুৰোৱাৰ খবৰহে পোৱা গৈছিল ৷ এইবাৰ গুৱাহাটীৰো আন বহু ঠাই বানৰ
পানীয়ে বুৰাই পেলাইছে ৷

এটা কথা আমি
বুজি নাপাওঁ ৷ সদায় মাৰ্চ মাহমানৰপৰা বান নিয়ন্ত্ৰণ (আজিকালি জলসম্পদ বিভাগ)
বিভাগৰ মন্ত্ৰীজনে বিভিন্ন ঠাইৰ মথাউৰিবোৰ পৰিদৰ্শন কৰি অতিশীঘ্ৰে মেৰামতি কৰিবলৈ
নিৰ্দেশ দিয়ে ৷ মাৰ্চৰপৰাই আকৌ বৰষুণো আৰম্ভ হয় ৷ এনে অৱস্থাত মথাউৰি সজা বা
মেৰামতি কৰা মানে যে ধন এসোপা পানীত পেলাই দিয়াহে সেয়া সকলোৱে বুজি নাপায় কিয়
? কি
কাৰণে খৰালিৰ শুকান দিনকেইটাতে মথাউৰিবোৰৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্য সম্পন্ন নহয়
?
জলসম্পদ বিভাগে জলক সম্পদলৈ পৰিৱৰ্তন কৰিব দূৰতে থাকক, জলবিপদৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি হাবাথুৰি খাই থকাহে দেখোঁ ৷
 

বানপানীৰ
দিনত কি কি হয়
? চৰকাৰ চলোৱা দলৰ মন্ত্ৰী-বিধায়ক-নেতাসকলে
বন্যাক্ৰান্তসকলৰ দুখ-কষ্টৰ বুজ লৈ ফুৰে ৷ বিভাগীয় আমোলা-বিষয়াসকলক নিৰ্দেশ দি
ফুৰে ৷ আক্ৰান্ত ৰাইজক খাদ্যসামগ্ৰী
, চিকিৎসা সামগ্ৰী আদি
যোগান দি ফুৰে ৷ বিৰোধী দলৰ নেতাসকলে বানপানীৰ মাজতে থিয় দি আন্দোলনৰ শ্লোগান দিয়ে
৷ বাতৰি কাকতত বিজ্ঞপ্তি দিয়ে
চৰকাৰী পক্ষই ৰাইজৰ কাৰণে
সকলো কৰা হ
ব বুলি আৰু বিৰোধী পক্ষই চৰকাৰখনে একোকে কৰিব পৰা
নাই বুলি ৷ এই যে দলীয় ৰাজনীতিৰ পোহাৰী-চুপতিবোৰ
, এইবোৰ এৰি
আক্ৰান্ত ৰাইজৰ দুখত দুখী হ
বলৈ কিন্তু মাৰ বান্ধি সকলো ওলাই
নাহে ৷
 

গতিকে, বানৰ
দিনৰ যাতনা পাৰ হৈ যাব ৷
  সি
অতীত হ
ব কেইদিনমানৰ পাছতে ৷ আকৌ অহা বছৰৰ বানপানী নহালৈকে
বানপানীৰ কথা নৈব নৈব চ ৷ এক কথাত
, এতিয়া সকলোৱে পাহৰি যাব
লাগে কথাবোৰ ৷ ঠিক এই মুহূৰ্তত পাহৰি থকাৰ দৰেই সকলোৱে নহয়
, ভুক্তভোগী
সকলোৱেহে ৷ কাৰণ
, ঠিকাদাৰ-ইঞ্জিনীয়াৰে নক্সা অঁকাৰপৰা
টকা-পইচাৰ যোগাৰ কৰি পুনৰ মথাউৰি নিৰ্মাণ কৰালৈকে এক প্ৰকাৰ চিৰন্তন প্ৰক্ৰিয়াটো
চলিয়েই থাকে ৷ এতিয়াও চলি আছে ৷ ভুক্তভুগীসকলে আকৌ যেতিয়া ভুগিব তেতিয়া পুৰণা
কাপোৰ-কানি লৈ
, চাউল-চিৰা দুমুঠিমান লৈ বান সাহায্য দি ফটো
তুলি প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিবলৈ বহু মানুহ আছে ৷ তেনেসকলে এটা ধাৰণা
কৰিয়েই লয় : বান আহিবই আৰু তেনে সময়ত এনে সহায় আগ বঢ়োৱাটোৱেই মানুহে কৰিব পৰা আচল
কাম ৷
 

হয়, সেই
মুহূৰ্তত সেই ধৰণৰ কাম গুৰুত্বপূৰ্ণ ৷ কিন্তু সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা এটা
কেতিয়া হ
?
 

২০১৬ চনত
ৰাজ্যত প্ৰথম বাৰৰ বাবে শাসনত বহা বিজেপি চৰকাৰখনে যথেষ্ট আত্মবিশ্বাসেৰে ঘোষণা
কৰিছিল ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা ৷ সেই ঘোষণা অনুসৰি কাম হ
লনে ?
চৰকাৰ সলনি হল কিন্তু ৷ পুৰণি মথাউৰিবোৰ
নতুনকৈ নিৰ্মাণ কৰাৰ কথাও শুনিছিলোঁ ৷ সেইবোৰ কি পৰ্যায়ত
? আগৰখন
চৰকাৰেই ঘোষণা কৰিছিল যে ঠিকাদাৰসকলে স্থানীয় ৰাইজৰ মনঃপুত হোৱাকৈ নিৰ্মাণকাৰ্য
কৰিব লাগিব ৷ সংশ্লিষ্ট নিৰ্মাণকাৰ্যবোৰত স্থানীয় ৰাইজৰ ভূমিকা কেনে
? ৰাইজে কিমান কি খবৰ ৰাখে আমি নাজানো৷ ৰাইজক খবৰ দিওঁতাসকল কোন সেইটোও
নাজানো আমি ৷ কিন্তু এটা কথা জানো যে মুদ খাই
  যাব খোজা ৰাইজৰ চকুত মাজে মাজে
পানী একোছাটি মাৰি থাকে
  বেচৰকাৰী
লেও বাতৰি কাকত কেইখনেহে ৷

আমি ভাবোঁ, বানপানী
সমস্যাৰ বিষয়ে চিন্তা কৰাৰ আটাইতকৈ উপযুক্ত সময় আৰম্ভ হৈছে
  নৱেম্বৰ মাহ ৷ এই বিষয়টোক লৈ
যি কৰিব পৰা যায় নৱেম্বৰৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কৰা ভাল
সি লাগিলে চৰকাৰীভাৱে সজা কোটিটকীয়া মথাউৰিয়েই হওক কিম্বা গছৰ ডাল-পাত
জোৰা দি খহনীয়া প্ৰতিৰোধৰ কাৰণে ৰাইজে সজা সাধাৰণ বুৰুজেই হওক ৷ মাৰ্চ মাহৰপৰাই
ৰাজ্যখনৰ অঞ্চলবিশেষত আকৌ আৰম্ভ হ
ব তুমুল বৰষুণ আৰু বিহুৰ
আগে-পিছে বানৰ পানীত বুৰিবলৈ আৰম্ভ কৰিব বহু অঞ্চল ৷ এতেকে
, ৰাইজৰ
প্ৰতি অনুৰোধ : খেতি-খোলাৰপৰা উঠি হাত সাবটি নাথাকি বাৰিষাৰ দিনত নিজৰ অৱস্থাৰ
জোৰা মাৰিবলৈ এতিয়াৰপৰাই হাতে-কামে লাগক ৷

বানপানীয়ে
ক্ষতিগ্ৰস্ত কৰাসকলৰ ভিতৰৰে যিসকলে খেতিৰ নামত এমুঠি ধানো নাপায়
, যিসকল
মৎস্যপালকৰ সকলো মাছ বানপানীত ওলাই গুচি যায় সেইসকল কেনেকৈ জীয়াই আছে তাৰ খবৰ
কৰিবৰ উপযুক্ত সময় খৰালিহে ৷
  যিসকলৰ ঘৰ-দুৱাৰ বানে ভাঙি উটুৱাই নিয়ে তেওঁলোকৰ
কাৰণে স্থায়ীভাৱে চালি একোখনৰো ব্যৱস্থা কৰিবৰ কাৰণে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ
দৰে আঁচনিত সুবিধা সৃষ্টি কৰিব পাৰে ৷ এইখন আঁচনিৰ অধীনতে সুবিধা উলিয়াই চৰকাৰে
বানৰ সময়ত সাময়িক সকাহৰ উদ্দেশ্যে তিনপাট আদি দিয়া বাস্তুহাৰাসকলক স্থায়ীভাৱে কিবা
এটা ব্যৱস্থা কৰি দিয়া উচিত ৷
 

বানৰ পানীয়ে
ক্ষতি কৰা স্কুল-কলেজবোৰলৈ বাৰিষাৰ সময়ত ল
ৰা-ছোৱালী আৰু শিক্ষক কেনেকৈ
যায়
, যায় নে নাযায়, তাত পাঠ্যক্ৰম
কেনেকৈ সময় মতে সমাপ্ত কৰা হয় আদি প্ৰশ্নও আমাৰ সম্মুখত আছে ৷ তেনে বহু স্কুললৈ
বাৰিষা শিক্ষাৰ্থী আৰু শিক্ষক নালাগে কোনোৱেই যে যাব নোৱাৰে সেয়াও সকলোৱে জানে ৷
আচলতে খৰালিৰ সুবিধাজনক বতৰতে সেইবোৰ সমস্যাৰো জোৰা মাৰিবলৈ যত্ন কৰিব লাগে ৷

ঘাইকৈ
বানপানীৰ প্ৰৱণতা থকা অঞ্চলসমূহ চিনাক্ত কৰি চৰকাৰীভাৱে খৰালিৰ সময়তে পৰৱৰ্তী বছৰৰ
আসন্ন বানৰ ভয়াৱহতা কমাবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ লগতে
, যিবোৰ
ঠাইত জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰপৰা অকস্মাতে এৰি দিয়া পানীয়ে দুৰৱস্থা সৃষ্টি
কৰিছে সেইবোৰ ঠাইৰ জনসাধাৰণক হঠাতে পৰিস্থিতিৰ মুখামুখী হ

পৰা ধৰণৰ কিছুমান আহিলা আগতীয়াকৈ যোগাই থোৱাৰ ব্যৱস্থা কৰা ভাল ৷ লগতে সংশ্লিষ্ট
জলবিদ্যুৎ প্ৰকল্পৰ কতৃৰ্পক্ষলৈ ন্যায়ালয়ৰ যোগেদি কঠোৰ জাননী প্ৰেৰণ কৰিব লাগে
যাতে তেওঁলোকে বান্ধৰ নামনি অঞ্চলবোৰত আকস্মিক বানপানী সৃষ্টি কৰিব নোৱাৰে । তাৰ
বিপৰীতে বািৰষাৰ দিনত প্ৰতিদিনেই কিছু কিছু পানী এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ
নদীবান্ধ কৰ্তৃপক্ষক বাধ্য কৰিব নোৱাৰিনে
? কথাবোৰ আমি সময়
মতে চিন্তা কৰি সমুচিত ব্যৱস্থা ল
লে সমাধান নহলেও সমস্যাটোৰ ভয়াৱহতা নিশ্চয় কমিব ৷

এতিয়া আমাৰ
চৌপাশে সমস্যাই সমস্যা ৷ নগৰ-চহৰবোৰত নলা-নৰ্দমা নিৰ্মাণ কৰাৰ সমস্যা
, ৰাষ্ট্ৰীয়
ঘাইপথেদি ক
ৰবালৈ যাবলগীয়া হলে শৰীৰৰ
হাড়ৰ জোৰাবোৰ সুলকি পৰোঁ পৰোঁ হোৱাৰ সমস্যা
, নিবনুৱা সমস্যা,
বিনামূলীয়া পাঠ্যপুথিৰ সমস্যা, বিনামুলীয়া
স্কুটীৰ সমস্যা
, বিদ্যুতৰ নাটনিৰ সমস্যা, বিদ্যুতৰ তাঁৰত লাগি মানুহ মৰাৰ সমস্যা, চুৰি-ডকাইতিৰ
সমস্যা আদি এশ এবুৰি সমস্যাৰ মাজত আমাৰ উশাহ ল
বলৈকে সময় নাই
৷ তাৰ ওপৰতে আকৌ আহিব আৰু যাব গণেশ পূজা
, বিশ্বকৰ্মা পূজা,
দুৰ্গাপূজা, লক্ষ্মীপূজা, কালিপূজা-দীপান্বিতাকে ধৰি ৰাসলীলা হৈ সৰস্বতী পূজালৈকে অনেকটা উৎসৱ ৷
কিন্তু ইমান সমস্যাৰ মাজতো আমি উৎসৱবোৰ ঠিকেই পালন কৰিম
, ভালেখিনি
কষ্টোপাৰ্জিত ধন কোটিপতি বণিয়াৰ হাতত তুলি দিম ৷