কেটেপা লৈ ঘূৰি ফুৰা ল’ৰাটো

 মূল: ভীষ্ম চাহনীৰ “The boy with a catapult”

অনুবাদ : বিদিশা দত্ত


 

আমাৰ শ্ৰেণীত
ভাল-বেয়া অসংখ্য ল
ৰা আছিল। তাৰ মাজত বোধৰাজ আটাইতকৈ
কুখ্যাত আছিল। প্ৰায় সকলো ল
ৰাই তালৈ বৰ ভয় কৰিছিল। সি
যদি কাৰোবাৰ বাহুত চিকু
এটা মাৰি দিয়ে, সেই বাহুটো সাপে খোঁটাৰ দৰে ৰঙা হৈ ফুলি উঠিছিল। তাৰ মনত কাৰো প্ৰতি
কোনো দয়া-মায়া নাছিল। সি কেতিয়াবা খালী হাতেৰেই বৰল একোটা ধৰিছিল। বৰলটোৰ
শুংডাল ছিঙি
, গাটোত ৰছী বান্ধি চিলা উৰুৱাৰ দৰে উৰুৱাই
ফুৰিছিল। কেতিয়াবা ফুলত পৰি থকা পখিলা ধৰি হাতৰ আঙুলিৰে মোহাৰি মাৰিছিল
, অথবা পখিলাটো পিন এটাৰে খু্ঁচি কিতাপত লগাই থৈছিল।

কিছুমানে কৈছিল-
বোধৰাজক যদি কোনো বৃশ্চিকে কামোৰে
, সেই বৃশ্চিক মৰি থকাটো
খাটাং। বোধৰাজৰ তেজত ইমান বেছি বিষ বৈ আছিল যে বিষধৰ সাপৰ দংশনেও হেনো তাৰ কোনো
হানি কৰিব পৰা নাছিল। বোধৰাজে সদায়ে 
লগত এডাল কেটেপা লৈ ফুৰিছিল আৰু তাৰ লক্ষ্য
অব্যৰ্থ আছিল। তাৰ প্ৰিয় লক্ষ্য আছিল চৰাইবোৰ। প্ৰায়ে সি একোজোপা গছৰ তলত ৰৈ
ওপৰলৈ কেটেপা টোঁৱায়। মুহূৰ্ততে চৰাইৰ কান্দোন শুনা যায় আৰু পাখি সিঁচৰতি হৈ
পৰে। কেতিয়াবা গছৰ ওপৰলৈ উঠি যায়
, চৰাইৰ কণীবোৰ হাতত লৈ
বাহটো ভাঙি পেলায়।

বোধৰাজ আছিল আনক
কষ্ট দি আসুৰিক তৃপ্তি লাভ কৰা প্ৰকৃতিৰ ল
ৰা। সকলো লৰাই তাৰ ভয়ত কঁপি থাকিছিল। আনকি তাৰ মাকেও হেনো তাক ৰাক্ষস বুলিহে
সম্বোধন কৰিছিল। তাৰ জেপত কেতিয়াবা জীয়া ভাটৌ
, কেইটামান
চৰাইৰ কণী
, কেতিয়াবা কেটেলা পহুৰ সৰু পোৱালি আদিৰ দৰে
বস্তু পোৱা গৈছিল। কাজিয়া কৰাৰ সময়ত সি প্ৰতিপক্ষক অতি নিষ্ঠুৰভাৱে
গুৰিয়াইছিল আৰু কামুৰিছিল। স্কুল ছুটীৰ পাছত আমি ঘৰাঘৰি গৈছি
লোঁ আৰু বোধৰাজে টলৌ টলৌকৈ ঘূৰি ফুৰিছিল।

মোৰ দেউতাৰ এদিন
পদোন্নতি হ
ল আৰু আমি এটা ডাঙৰ বাংলোত থকাৰ সুবিধা লাভ কৰিলোঁ। চহৰখনৰ
পৰা একাষৰীয়া হৈ থকা বাংলোটো যথেষ্ট পুৰণি আছিল। বাংলোটোৰ মজিয়াখন আছিল ইটাৰ
,
বেৰবোৰ ওখ, চালখন হেলনীয়া। বাংলোৰ চৌহদত
অসংখ্য ডাঙৰ আৰু জোপোহা গছ আছিল। থাকিবলৈ আৰামদায়ক আছিল যদিও বৃহৎ বাংলোটোৰ
ভিতৰভাগৰ অধিকাংশ ঠাই খালী হৈয়ে পৰি ৰৈছিল। চহৰখনৰ পৰা কিছু দূৰত হোৱাৰ বাবে মোৰ
বন্ধুবোৰ আমাৰ ঘৰলৈ খুব কমেইহে আহিছিল।

পিছে বোধৰাজৰ কথা
সুকীয়া আছিল। আমাৰ বাংলোৰ চৌহদটো চিকাৰৰ বাবে অতি উপযুক্ত হ

বুলি বোধৰাজে আৱিষ্কাৰ কৰি পেলাইছিল। চৌহদৰ গছবোৰত অসংখ্য চৰাইৰ বাহ আছিল। প্ৰায়ে
বান্দৰ কিছুমানো আহিছিল। জোপোহাৰ আঁৰতে এহাল নেউলে ঘৰ পাতিছিল। ঘৰৰ পিছফালে থকা
এটা ডাঙৰ কোঠাত মোৰ মায়ে অলাগতিয়াল বস্তু কিছুমান থৈ দিছিল। সেই কোঠাটোত পাৰবোৰ
সোমাই থাকিছিল। দিনটোৰ বেছিভাগ সময়তে কোঠাটোত পাৰৰ মাত শুনা গৈছিল। কোঠাটোৰ
ভেণ্টিলেটৰৰ ভগা আইনাৰ ওচৰতে মইনা চৰাইৰ বাহ এটা আছিল। কোঠাৰ মজিয়াত বাহৰ কুটা
,
ভগা কণী, পাখি আৰু মঙহৰ সৰু টুকুৰা পৰি থকা
প্ৰায়ে দেখা গৈছিল।

মোৰ মায়ে বোধৰাজৰ
লগত মই বন্ধুত্ব কৰাটো মুঠেও বিচৰা নাছিল। কিন্তু মই যে অকলশৰীয়া
, মোক
যে সংগৰ প্ৰয়োজন- এই কথা মায়ে বুজিছিল। এদিন তেওঁ মোক ক
লে- “তোমাৰ বন্ধুজনৰ দেখোন চৰাইৰ বাহ ভঙাত বৰ চখ! আমাৰ সৌ পিছফালৰ কোঠাত থকা মইনাৰ
বাহটো ভাঙি পেলাবলৈ কৈ নিদিয়ানো কিয়
? চৰায়ে কোঠাটোৰ
অৱস্থা শোচনীয় কৰি পেলাইছে।”

মই কলো- “মা,
তুমি দেখোন চৰায়ে কষ্টৰে সজা বাহবোৰ ভঙাটো মহাপাপ বুলি কৈছিলা!”

“চৰাইকেইটাৰ অনিষ্ট
কৰিবলৈ মই কোৱা নাই। মাত্ৰ বাহটো তাৰ পৰা আঁতৰাই নিবলৈ কৈছোঁ।”

সেইবাৰ বোধৰাজ
আহোঁতে মই তাক পিছফালৰ কোঠাটোলৈ লৈ গ
লোঁ। অকটা গোন্ধেৰে ভৰি
থকা আন্ধাৰ কোঠাটোত সোমাওঁতে কোনো জন্তুৰ লেতেৰা গুহাৰ ভিতৰত সোমোৱাৰ দৰে ভাব
হৈছিল।

মোৰ চিন্তা হৈছিল, কি
, বোধৰাজে যদি বাহটো ধ্বংস কৰি
পেলায়
, চৰাইৰ পোৱালিৰ পাখিবোৰ যদি ছিঙি পেলায়, চৰাইৰ কণীকেইটা যদি জেপত ভৰাই থয়?

বোধৰাজে কেটেপাডাল
অৱশ্যেই লগত আনিছিল। চিলিঙৰ কোনডোখৰ ঠাইত বাহটো আছে
, সি সাৱধানে লক্ষ্য
কৰিলে। ভেণ্টিলেটৰৰ কাষতে আছিল বাহটো। বাহটোৰ বাহিৰ ফালে লাগি থকা কপাহী ৰছী আৰু
বস্তাৰ টুকুৰা মই দেখা পালোঁ। পাৰ দুটামানে সেইখিনিতে
ফূৰ্তি মনেৰে
ইফাল সিফাল কৰি আছিল।

“মইনাৰ পোৱালি
বাহটোতে আছে কিজানি!”- বাহটোৰ ফালে কেটেপা টোঁৱাই বোধৰাজে ক
লে।

কণমানি হালধীয়া
দুটা ঠোঁট বাহটোৰ বাহিৰলৈ খন্তেকৰ বাবে ওলাই অহা ময়ো দেখিছি
লোঁ

“চোৱাঁ চোৱাঁ! এয়া
গংগা মইনা। এইটো প্ৰজাতিৰ মইনা সাধাৰণতে আমাৰ এইফালে দেখা পোৱা নাযায়”- বোধৰাজে
বেছ ফূৰ্তিৰে ক
লে।

“মাক-দেউতাকহাল কত গল বা!”- মই কলোঁ।

“আহাৰ গোটাবলৈ গৈছে
চাগে
, আহিব।”

বোধৰাজে কেটেপাৰ
ৰবৰডাল টানিলে।

মই বাধা দিব খুজিছিলোঁ
কিন্তু মই কিবা ক
বলৈ মুখ মেলাৰ আগতেই মূধচৰ টিনত শিলগুটি
এটা জোৰকৈ লগাৰ শব্দ এটা শুনা গ
ল।

হালধীয়া ঠোঁট দুটা
তৎক্ষণাৎ বাহৰ ভিতৰত সোমাই পৰিল। খেলি থকা পাৰবোৰৰ মাত নোহোৱা হ
ল।
মুঠতে আটাইকেইটা চৰাই ভয়তে তাপ মাৰিলে।

বোধৰাজে পুনৰ
কেটেপাৰে শিলগুটি মাৰিলে। এইবাৰ শিলগুটি কোঠাৰ বীমত পৰিলগৈ। নিজকে সুনিপুণ চিকাৰী
বুলি কৈ গৌৰৱ কৰা বোধৰাজৰ দুবাৰকৈ লক্ষ্য ভেদ কৰাত অসফল হোৱাৰ বাবে খং উঠিল।

মইনাৰ পোৱালি দুটাক
পুনৰ বাহটোৰ ফাঁকেৰে অকণমানকৈ দেখা গ
ল। বোধৰাজে তৃতীয় বাৰৰ
বাবে লক্ষ্য স্হিৰ কৰিলে। এইবাৰ শিলগুটিটোৱে বাহটো অকণমান স্পৰ্শ কৰিলে। কপাহী ৰছী
আৰু কূটা অলপ সৰি পৰিল যদিও বাহটোৰ বিশেষ ক্ষতি নহ
ল।

বোধৰাজে পুনৰ কেটেপা
টোঁৱালে। হঠাতে ডাঙৰ কিবা এটা আহি ভেণ্টিলেটৰত পৰিলহি আৰু কোঠাটো আন্ধাৰ হৈ পৰিল।
আমি দুয়ো উচপ্ খাই উঠিলো। এজনী প্ৰকাণ্ড চিলনী পাখি দুখন মেলি ভেণ্টিলেটৰত
বহিছিলহি। তাই আক্ৰমণাত্মক দৃষ্টিৰে আমালৈ চালে।

মইনাৰ পোৱালিকেইটাই
ভয়তে পাখি মাৰি কোৰ্হাল কৰিবলৈ ধৰিলে। চিলনীজনীয়ে কি কৰিবলৈ আহিছিল বাৰু
?

চিলনীজনী
ভেণ্টিলেটৰেদি সোমাই কাঠৰ খুঁটা এটাৰ ওপৰত বহিলগৈ। তাই তীক্ষ্ণ দৃষ্টিৰে
ইফালে-সিফালে চালে। পোৱালিকেইটাৰ কোৰ্হাল ক্ৰমে বাঢ়ি আহিছিল।

“তাৰ মানে চিলনীজনী
ইয়ালৈ প্ৰায়ে আহে”- বোধৰাজে কৈ উঠিল।‌ মই বুজি
লোঁ, কোঠাটোৰ মজিয়াত
চৰাইৰ ভগা পাখি আৰু মাংসৰ টুকুৰা কিয় পৰি থাকে। মইনাৰ পোৱালি খাবলৈকে চিলনী
ইয়ালৈ আহে।

বোধৰাজে একেথৰে
চিলনীজনীকে চাই আছিল। মইনাৰ বাহটোৰ ফালে চিলনী লাহে লাহে আগবাঢ়ি গ
ল।
পোৱালিৰ আৰ্তৰা
বাঢ়ি আহিছিল।

মই কি কৰোঁ কি
নকৰোঁকৈ ৰৈ থাকি
লোঁ। বোধৰাজে চিলনীৰ ফালে কেটেপা
টোঁৱালে।

“চিলনীজনীক নামাৰিবা, তাই
খেদি আহিব”- মই চিঞৰি উঠিলোঁ। মোৰ কথালৈ সি মুঠেও কাণষাৰ নিদিলে।‌ শিলগুটিয়ে মূধচৰ
টিনত সশব্দে আঘাত কৰিলেগৈ। চিলনীয়ে প্ৰকাণ্ড পাখি দুখন মেলি আমালৈ চালে।

“ইয়াৰ পৰা ওলাই
যাওঁ ব
লা”- মই ভয়তে কলোঁ।

“ৰবা,
পোৱালিকেইটা খাই পেলাব তাই”- বোধৰাজৰ মুখত কথাষাৰ শুনিবলৈ বৰ আচহুৱা
লাগিছিল।

সি পুনৰ চিলনীজনীৰ
ফালে কেটেপা টোঁৱালে। চিলনীয়ে খুঁটাটোৰ পৰা আঁতৰি আহি অৰ্ধবৃত্তাকাৰে এপাক উৰি
বীমৰ ওপৰত বহিলগৈ। পোৱালিকেইটাই আকৌ চিঞৰিবলৈ ধৰিলে।

বোধৰাজে কেটেপাডাল
আৰু জেপৰ পৰা শিলগুটি কেইটামান উলিয়াই মোক দি ক
লে- চিলনীৰ ফালে পোনাই লোৱাঁ। তাইক শান্তিৰে বহিবলৈ নিদিবা। মাৰাঁ তাইক।” এইবুলি
কৈ সি দৌৰ মাৰি কোঠাৰ একাষে থকা টেবুল এখন টানি আনিলে।

মই কেটেপাৰে লক্ষ্য
ভেদ কৰাত পাকৈত নাছিলোঁ। তথাপি এবাৰ চেষ্টা কৰিলোঁ। চিলনীজনীৰ গাত নালাগিল
, কিন্তু
তাই উৰি গৈ আন এঠাইত বহিলগৈ।

বোধৰাজে টেবুলখন
টানি আনি মইনাৰ বাহটোৰ ঠিক তলত পৰাকৈ ৰাখিলে। সামান্য ভগা চকী এখনো কোঠাটোত আছিল।
সি সেইখন আনি টেবুলৰ ওপৰত উঠালে। চকীখনত উঠি আলফুলে বাহটো হাতত লৈ সি সাৱধানে নামি
আহিল।

“বলা
যাওঁ” বুলি কৈ সি খৰখোজেৰে কোঠাৰ পৰা ওলাই গ
ল। ময়ো পাছে
পাছে গ
লোঁ। আমি গেৰেজত সোমালোঁগৈ।
গেৰেজটোত এখন দুৱাৰ আৰু এখন সৰু খিৰিকী আছিল।

“চিলনীজনী ইয়ালৈ
আহিব নোৱাৰে।”- বোধৰাজে ক
লে। গেৰেজত থকা বাকচ কিছুমানৰ সহায়ত
ওপৰলৈ উঠি সি বীম এটাৰ ওপৰত বাহটো থ
লে।

মইনাৰ পোৱালি দুটা
তেতিয়ালৈ শান্ত হৈ পৰিছিল। বাকচকেইটাৰ ওপৰত উঠি থকা অৱস্থাতে বোধৰাজে সিহঁতক জুমি
চালে। মই ভাবিছি
লোঁ, সি চাগে সদায় অনাৰ দৰে পোৱালি
দুটা উঠাই আনি নিজৰ জেপত ভৰাব। কিন্তু ভালেমান পৰ পোৱালিকেইটাক চোৱাৰ পাছত সি কৈ
উঠিল- “অলপ পানী আনাচোন
, ইহঁতৰ পিয়াহ লাগিছে। এটোপ এটোপকৈ
মুখত দি খুৱাব লাগিব।”

মই পানী এগিলাচ আনিলোঁ
পোৱালি দুটাই ঠোঁট মেলি দিছিল
, ফোঁপাইছিল। বোধৰাজে সিহঁতক
অকণ অকণকৈ পানী খুৱালে। পোৱালি কেইটাক সি স্পৰ্শ নকৰিলে
, মোকো
কৰিবলৈ মানা কৰিলে।

“এতিয়া ইহঁত ইয়াত
আছে বুলি মাক-দেউতাকহালে কেনেকৈ জানিব
?”- মই সুধিলোঁ।

“সিহঁতে নিজেই
বিচাৰি উলিয়াব।”

আমি দুয়ো গেৰেজত
বহু সময় থাকি
লোঁ

পাছদিনা বোধৰাজ পুনৰ
আহিল। এইবাৰ সি জেপত কেটেপা অথবা শিলগুটি অনা নাছিল
, পোৱালি দুটাৰ কাৰণে
দানা অলপ লৈ আহিছিল। আমি দুয়ো মইনাৰ পোৱালি দুটাক খুৱা
লোঁ
আৰু সিহঁতৰ খেল-ধেমালি উপভোগ কৰিলোঁ।

 

ঠিকনা :

অইল হাউছিং কনি

দুলীয়াজান

ভ্ৰাম্যভাষ – ৭৫৭৮৮১৯৭৫৭