দেৱৰাজ মিলি

দলনিৰ এটা গৰৈমাছ

চম্পাৰ চালনিত উঠিল

বতৰাটো উজাই আহি গছৰ দৰে গজ্‌গজীয়া নৌহওঁতেই

দুটা আকলুৱা চকুত আহিনৰ আৱাহন

অগা-ডেৱা কৰে এই দুচকুত জাউৰি জাউৰি আয়তী নাম।

যোৱাবেলি আঘোণত ধানো খাম চাউলো খাম…

এইবেলি আহিনত ভবা কথা নহয় সিদ্ধি…

চম্পা অ’ আহিনৰ পথাৰত এইবাৰ ধান নাই

কাতিত নাই চাকি

ফ্ৰীকৈ খাবলৈ পোৱা অন্ধৰ দেশত ধোবাৰ কাম কি?

শুবলৈ যিহেতু সুখৰ টঙি

বিবেক যিহেতু বন্ধকত আৰুনো লাগে কি!

থাকিলে থাকক ছন পৰি বাপতিসাহোন মাটি

আহাঁ আহাঁ নাচোঁ

ওভতগোৰে নাচোঁ

ৰাতিৰ আকাশত তৰাৰ শ্মশান

চোতালত মৃত শেৱালিৰ মায়াময় ৰূপালী জোনাক

শীৰ্ণ নৈৰ দুপাৰি শুভ্ৰতাৰ চকুলো দুধাৰি

আহাঁ নাচোঁ ওভতগোৰে

মাৰাঁ হাত-তালি

মাৰোঁ হাত-তালি

ৰহঢলা পথাৰৰ এই ৰসাল মাটি এৰি

মই যাওঁগৈ দিয়া চম্পা

তোমাক এইবেলিও নোৱাৰোঁ পাতিব বিয়া

মই শেলুৱৈ ধৰা এটা বিস্তীৰ্ণ গান

পুষ্টিহীনতাত জৰ্জৰিত চেতনাহীন এটা কাল।