স্বাধীন চাৰিগাঁৱৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা

 হেমন্ত গগৈ

শৰীৰং ক্ষণবিদ্ধংসি
কল্পান্তস্থায়ীনো গুণাঃ
” – শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে
কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়
; গুণবোৰ চিৰস্থায়ী,
চিৰ শাশ্বত৷

 

হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ
ভাৰতবৰ্ষ জুৰি স্বৰাজ আন্দোলনৰ দামামা বাজিছিল৷ দাসত্বৰ শিকলি খুলি দেশৰ হৃত গৌৰৱ
উদ্ধাৰৰ অভিযান তেতিয়া তুংগত উঠিছিল৷ ভাৰতৰ পূৰ্ব দিশত এজন উঠন কিশোৰৰ বুকুত
জাগ্ৰত হৈছিল জাতীয় চেতনাৰ অবিনাশী মন্ত্ৰ
,  মাতৃ পূজাৰ বোধন মন্ত্ৰ৷

 

১৮২৬ চনৰ ইয়াণ্ডাবু
সন্ধিৰ ফলত প্ৰকৃতাৰ্থত অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়৷  সেই সূত্ৰে অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ বেলি
মাৰ গৈ ব্ৰিটিছৰাজৰ বেলি উদয় হৈছিল৷ ঔপনিৱেশিক মানসিকতাৰ ইংৰাজ-ৰাজৰ অধীনত না না
লঘু-লাঞ্ছনা আৰু বঞ্চনাৰ বলি হৈ অসমীয়াৰ বুকুত উমি উমি জ্বলিছিল ক্ষোভৰ জুই৷
পৰাধীনতাৰ শিকলি ছিঙাৰ উদগ্ৰ আকাংক্ষাৰ দাবানল এদিন বিদ্ৰোহলৈ পৰিণত হৈছিল৷ ১৮২৮
চনত নকছাৰিৰ ৰজাবাৰীৰ গমধৰ কোঁৱৰ
, জিউৰাম দুলীয়া
বৰুৱা আদি অসমীয়াই এই বিদ্ৰোহৰ অগনি প্ৰতিজন অসমীয়াৰ প্ৰাণলৈ বোৱাই দিছিল৷ ১৮৫৭ চনত
উত্তৰ ভাৰতত আৰম্ভ
  হোৱা
চিপাহী বিদ্ৰোহৰ জুয়ে অসমকো জ্বলাই যায়৷ স্বাধীন
 অসমৰ শেষ ৰাজধানী যোৰহাটত এই জুইৰ
উত্তাপত মুক্তিযুঁজে প্ৰাণ
  পাই
উঠে৷  ইংৰাজ চৰকাৰ বাহাদুৰে বিদ্ৰোহৰ
উকমুকনি কঠোৰ হাতেৰে মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰকাৰী বুলি দোষী সাব্যস্ত কৰি আহোমৰ শেষ
ৰজা কমলেশ্বৰ সিংহ
, মণিৰাম দেৱান, পিয়লি
বৰুৱা আদিক আটক কৰে৷  মণিৰাম দেৱান আৰু
পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়ে৷ বাহাদুৰ গাঁওবুঢ়া
, ফৰ্মুদ
আলিকে ধৰি কেইবাজনো মুক্তি যুঁজাৰুক কলীয়াপানীলৈ দেশান্তৰিত কৰে৷
        

  

১৯১৫ চনত মহাত্মা
গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা আহি ভাৰতীয়ৰ হাতত তুলি দিছিল এপাত অমোঘ অস্ত্ৰ৷
সেইপাত অস্ত্ৰৰে জনজননি নোতোলাকৈ মানুহৰ অন্তৰত জগাই তুলিছিল অহিংসাৰ মহা
মুক্তিমন্ত্ৰ৷ ভাৰতীয়ৰ মনৰ পুঞ্জীভূত ক্ষোভক মহামানৱ মহাত্মা গান্ধীয়ে সংগঠিত ৰূপ
দি অহিংস
 স্বাধীনতা
বিপ্লৱলৈ ৰূপান্তৰ কৰিলে৷ সত্যাগ্ৰহী
 স্বাধীনতা সেনানীৰ মনত মাজে-সময়ে হিংসাই ঠাই নোপোৱা
নহয়৷ মণিৰাম দেৱান
, পিয়লি ফুকন, কুশল
কোঁৱৰে কূটাঘাটমূলক কাৰ্যৰে ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰি চৰকাৰৰ শাস্তি হেলাৰঙে মূৰ
পাতি লৈ ফাঁচিকাঠত ওলমিছিল৷ দেশৰ
 স্বাধীনতাৰ প্ৰতীক ত্ৰিৰংগ পতাকা আৰক্ষী থানাত উৰুৱাবলৈ
যাওঁতে সত্যাগ্ৰহীৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলী বৰ্ষণ কৰে৷
সেই গুলী নিৰ্ভীক গাভৰু কনকলতা আৰু মুকুন্দ
  কাকতীয়ে বুকু পাতি লৈছিল৷ এইসকল জাতীয়
শ্বহীদৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা ৰ
ল৷ অন্যহাতে
  স্বদেশী আন্দোলনত  ভাগ লৈ কাৰাবৰণ কৰা,
নানা লঘু-লাঞ্ছনা আৰু অশেষ নিৰ্যাতন ভোগা বহুতো
 স্বাধীনতা সেনানীৰ তথ্য-পাতি
কংগ্ৰেছৰ অফিচ পুলিচ বাহিনীয়ে লণ্ডভণ্ড কৰি
  চলোৱা অত্যাচাৰত নষ্ট হল৷ সেই সময়ৰ কথা জনা মানুহ মৰি কাল হল৷ তথ্য-পাতিৰ
অভাৱত বহুজনৰ ত্যাগৰ কথা
, পৰিয়ালে ভোগা নিৰ্যাতনৰ কথা বৰ্তমান
প্ৰজন্মৰ অলক্ষিতে চৰ্চা নোহোৱাকৈ ৰৈ গ
ল৷
    

 

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ভাৰত চৰকাৰে
উদযাপন কৰা “আজাদী কা অমৃত মহোৎসৱ” ৰ লগত সংগতি ৰাখি স্থিৰ কৰা ভাবনাটো হৈছে
ভাৰতৰ স্বাধীনতা
সংগ্ৰামৰ আঁৰৰ বীৰ-বীৰাংগনা
৷ আমি আজি তেনে এজন বীৰক সুঁৱৰিম
যাৰ চিন্তাধাৰা আছিল অভূতপূৰ্ব
, অহিংস অথচ ব্যতিক্ৰমী৷

 

কৰ্ণই যেনেকৈ নিজকে সুত-পুত্ৰ বুলি
পৰিচয় দি মহাভাৰতত জিলিকি উঠিছিল
, ঠিক তেনেদৰে ব্যতিক্ৰমী কামেৰে সমাজত
নিজৰ পৰিচয়
  জিলিকাবলৈ সক্ষম হোৱা
নমস্য ব্যক্তিজনৰ নাম
  প্ৰয়াত ৰাষ্ট্ৰপতিলক্ষেশ্বৰ বৰুৱা৷   তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ যোৰহাট মহকুমাৰ চাৰিগাঁৱত
১৮৯৪ চনত লক্ষেশ্বৰ বৰুৱাই জন্ম গ্ৰহণ কৰে৷ তেখেতৰ পিতৃৰ নাম আছিল সভাৰাম বৰুৱা
আৰু মাতৃৰ নাম তৰা বৰুৱা৷ তেখেতৰ তিনিজন সুযোগ্য ভাতৃৰ নাম হ
ল কৰ্মযোগী প্ৰয়াত ৰামেশ্বৰ বৰুৱা, ৰত্নেশ্বৰ বৰুৱা
আৰু সিদ্ধেশ্বৰ বৰুৱা৷ তীক্ষ্ণবুদ্ধিৰ লক্ষেশ্বৰ বৰুৱাই ৬নং চাৰিগাঁও প্ৰাথমিক
বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰ পাতনি মেলে৷ জ্যেষ্ঠ ভাতৃ ৰামেশ্বৰ বৰুৱাৰ লগত শিৱসাগৰ
চৰকাৰী হাইস্কুলত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰি অষ্টম মানত নগাঁও হাইস্কুলত নাম
লগায়৷ পিছত ১৯১৮ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিকুলেচন
পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰে৷ গুৱাহাটী
বিশ্ববিদ্যালয়ৰ অধীনত
  আই. এছ. ছি. পৰীক্ষাত
সফলতাৰে উত্তীৰ্ণ হৈ তেওঁ তাতে স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰে৷

সঁচা অৰ্থত ১৯২১-১৯৪২ চনলৈ চলা
স্বাধীনতা বিপ্লৱক তেজোময় গতি দিছিল সেই সময়ত হাইস্কুল আৰু কলেজত পঢ়ি থকা
ডেকাসকলে৷ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধী অসমলৈ আহি ডেকাশক্তিক
জগাই তোলেহি৷ তেখেতৰ আহ্বানত জাকে জাকে অসমীয়া ডেকা-গাভৰুৱে বিদ্যালয়-মহাবিদ্যালয়
এৰি আন্দোলনত জঁপিয়াই পৰে৷  লক্ষেশ্বৰ
বৰুৱায়ো কটন কলেজৰ বিজ্ঞান স্নাতক মহলাৰ শিক্ষা আধৰুৱাকৈ এৰি স্বদেশী আন্দোলনত
জঁপিয়াই পৰে৷
মুক্তি কিম্বা মৃত্যুপণেৰে
সৰ্বান্তঃকৰণে দেশমাতৃৰ উদ্ধাৰৰ বাবে কাম কৰাৰ অপৰাধত চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰি
চাৰিমাহৰ বাবে কাৰাদণ্ড বিহে৷  কাৰাবাসৰ
অন্তত ১৯৩০ চনত তেওঁ দেশত বাহাল থকা বৰবিহ কানি আৰু মদৰ দৰে ৰাগিয়াল দ্ৰব্য
নিবাৰণৰ বাবে কাম কৰে৷ কানিৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি ইংৰাজ চৰকাৰে ভাৰতৰ লগতে
অসমীয়া লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ ১৯২১ চনত গঠন হোৱা
অসম
কংগ্ৰেছ কানি তদন্ত কমিটি
ৰ সভাপতি দেশনেতা কুলধৰ চলিহা আৰু
সম্পাদক অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱাৰ নেতৃত্বত অসমত কানি-নিবাৰণী আন্দোলন
স্বাধীনতা বিপ্লৱৰ লগতে অপৰিহাৰ্য কাৰ্যসূচী হিচাপে চলি আছিল৷ দীনবন্ধু এনদ্ৰুজ
চাহাব আৰু হোৰেছ আলেকজেণ্ডাৰ নামৰ দুজন ভাৰতপ্ৰেমী ইংৰাজ চাহাবৰ পৃষ্ঠপোষকতা আৰু কানি-নিবাৰণী
কমিটিৰ ঐকান্তিক প্ৰচেষ্টাত জেনেভাত বহা আন্তঃৰাষ্ট্ৰীয় কানি তদন্ত সন্মিলনৰ
প্ৰতিজন সদস্যলৈ
কানি তদন্ত প্ৰতিবেদনপঠোৱা হৈছিল৷ প্ৰতিবেদনত ১৯২৬ চনৰ পৰা ৫ বছৰৰ ভিতৰত অসমত কানি নিৰ্মূল
কৰাৰ বাবে অনুমোদন জনাইছিল৷ একে সময়তে ব্ৰিটিছ চৰকাৰক
Dangerous Drugs
Act.-খন প্ৰৱৰ্তন কৰিবলৈ আৱেদন জনোৱা হৈছিল যদিও ইংৰাজ চৰকাৰে বথাম কমিটিআৰু ৰয়েল কমিচন’-ৰ কোনো পৰামৰ্শ কাৰ্যকৰী নকৰিলে৷ এই দুজন ভাৰতপ্ৰেমী ইংৰাজ চাহাবৰ সহায়ত
ৰোহিণীকান্ত হাতীবৰুৱাই ইংলেণ্ডৰ কানিংহামকে ধৰি মূখ্য প্ৰধান চহৰ সমূহত কানিৰ
অপকাৰিতা সম্পৰ্কে জনমত গঠন কৰি ইংৰাজ চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল৷ চাৰিগাঁও মৌজাৰ
লগতে ওচৰৰ মৌজাবোৰত মাদক দ্ৰব্য নিবাৰণী কাৰ্যসূচী লক্ষেশ্বৰ বৰুৱাদেৱৰ তৎপৰতা আৰু
বলিষ্ঠ নেতৃত্বত সুকলমে চলিছিল৷  ১৯৩০ চনত
 কানিংহাম চাৰ্কুলাৰৰ প্ৰতিবাদত
পিকেটিং কৰি যোৰহাটৰ
  অষ্টম মানত পঢ়ি থকা
কৰ্মী সৰ্ব্বেশ্বৰ বৰদলৈয়ে কাৰাদণ্ড ভূগিব লগীয়া হৈছিল৷ প্ৰকৃত
  কংগ্ৰেছী ভাবাদৰ্শৰ লক্ষেশ্বৰ বৰুৱাদেৱে ১৯২১ চনৰে পৰা
গ্ৰাম্য উন্নয়নৰ হকে কাম কৰি আহিছিল৷  চাৰিগাঁৱৰ লগতে ওচৰৰ অঞ্চলবোৰত খাদী বস্ত্ৰ আৰু
অন্যান্য কুটিৰ শিল্প উৎপাদনত গুৰুত্ব দিবলৈ সজাগতামূলক আঁচনি ৰূপায়ন কৰিছিল৷ ১৯৪০
চনত সত্যাগ্ৰহ আন্দোলনত সক্ৰিয় অংশগ্ৰহনৰ বাবে তেখেতে দ্বিতীয়বাৰ কাৰাবৰণ কৰিব লগা
হয়৷

১১৪২ চনত পূৰ্ণ স্বৰাজ বিচাৰি সমগ্ৰ  ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলনৰ ধুমুহা বয়৷ চৰকাৰে না না
প্ৰকাৰৰ দমনমূলক নীতি প্ৰয়োগ কৰি আন্দোলনকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত অমানুষিক
অত্যাচাৰ চলায়৷ লক্ষেশ্বৰ বৰুৱাই এইবোৰলৈ কেৰেপ নকৰি দেশ মাতৃৰ বাবে চৰম ত্যাগৰ
চিনাকি দিলে৷ ১৯৪২ চনৰ ৯ ছেপ্তেম্বৰত ৰেৱকান্ত বৰুৱা পাব্লিক স্কুলত অনুষ্ঠিত হোৱা
এখন বিশাল গণসভাত বৃটিছ চৰকাৰহে নালাগে সমগ্ৰ বিশ্বকে আচৰিত কৰি প্ৰায় ২০ বৰ্গ
কি.মি. মাটিকালিৰ চাৰিগাঁও মৌজাক “স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰ” হিচাপে ঘোষণা কৰে৷
ইয়াতে ক্ষান্ত নাথাকি চৰকাৰৰ মূৰ কামোৰণি তুলি নিজকে
স্বাধীন
চাৰিগাঁৱৰ
  ৰাষ্ট্ৰপতিবুলি ঘোষণা কৰি সাতজনীয়া প্ৰেছিডেঞ্চিয়েল কেবিনেট মন্ত্ৰীসভা গঠন কৰে৷  সেই কেবিনেটৰ সদস্যসকল আছিল :

 

ৰাষ্ট্ৰপতি :  লক্ষেশ্বৰ বৰুৱা

গৃহমন্ত্ৰী :  জগত শইকীয়া

শিক্ষামন্ত্ৰী :  গোলাপ দত্ত

কুটীৰ আৰু উদ্যোগ
মন্ত্ৰী :
  কৃষ্ণপ্ৰসাদ দত্ত

ৰাজহ মন্ত্ৰী :  যজ্ঞেশ্বৰ বৰদলৈ

গড়কাপ্তানী মন্ত্ৰী
:
  সোণাৰাম শইকীয়া

প্ৰতিৰক্ষা বিভাগৰ
মন্ত্ৰী :
  দেৱীচৰণ বৰবৰুৱা

        

সেই সভাতে তেখেতে মন্ত্ৰীসকলক কৰ্তব্য
আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়৷ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱাদেৱৰ সাহসেৰে
অনুপ্ৰাণিত হৈ বহুজন ডেকাই “মৃত্যু বাহিনী”ত যোগদান কৰি ভাৰত ত্যাগ আন্দোলন
ত্বৰাণ্বিত কৰি তুলিছিল৷ ভয়ত বিতত চৰকাৰে মন্ত্ৰীসভাৰ কাম আৰম্ভ নৌ হওঁতেই
ৰাষ্ট্ৰপতিকে ধৰি বিষয়ববীয়াসকলক যোৰহাট কাৰাগাৰত নজৰবন্দী কয়দী হিচাপে কাৰাবন্দী
কৰি ৰাখে৷ ৩ বছৰ ৬ মাহ কাৰাবাসৰ অন্তত ১৯৪৫ চনৰ এপ্ৰিল মাহত তেখেতে মুক্তি লাভ কৰে৷

দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৮ চনত
লক্ষেশ্বৰ বৰুৱা গ্ৰামোন্নয়ন বিষয়া হিচাপে নিযুক্ত হয়৷ সঁচা অৰ্থত গাঁৱৰ উন্নয়নৰ
বাবে তেখেতে পঞ্চবাৰ্ষিক পৰিকল্পনা আঁচনিৰ আলমত নিষ্ঠা আৰু কুশলতাৰে কাম কৰিছিল৷
প্ৰকৃত গান্ধীবাদী এই কৰ্মযোগীজনে স্বাৱলম্বনৰ অৰ্হি দেখুৱাই চাৰিগাঁৱৰ পথাৰত
কেঁকোৰা নাঙলৰ মুঠিত ধৰি ধানখেতি কৰিছিল৷ ঘৰতে এখন গেলামালৰ দোকান খুলিছিল৷ শুধ
বগা খাদী বস্ত্ৰ পৰিধান কৰি অনাড়ম্বৰ জীৱন যাপন কৰিছিল৷ সংগীত সাধনাৰে বৰুৱাদেৱে
সাংস্কৃতিক মনটোৰ পৰিচয় দিছিল৷ চাৰিগাঁৱৰ ঘৰখনলৈ কলিকতাৰ ওস্তাদ ৰামচৰণ চৌধুৰী
বেনাৰ্জীক আমন্ত্ৰণ কৰি আনি সংগীত বিদ্যালয় স্থাপন কৰি চাৰিগাঁৱৰ লগতে যোৰহটীয়া
ছাত্ৰ-ছাত্ৰীৰ সংগীত শিক্ষাৰ বাট মুকলি কৰি দিছিল৷ আজিও এই ধাৰা বৰ্তাই ৰাখি
তেখেতৰ পো-নাতিসকলে সংগীত চৰ্চা অব্যাহত ৰাখিছে৷

নিজৰ বলিষ্ঠ নেতৃত্বৰে স্বৰাজ আন্দোলনক
প্ৰাণৱন্ত কৰি তোলা এইজনা মুক্তি যুঁজাৰুৰ বিষয়ে বিশদ চৰ্চা
  হোৱা দেখা নাযায়৷  অথচ ভাৰতৰ ভালে কেইজন লেখকৰ লেখাত লক্ষেশ্বৰ
বৰুৱাৰ দ্বাৰা সংঘটিত অনন্য আৰু একক ঘটনাটোৰ
  উল্লেখ আছে৷ শাৰদ
পাৱাৰে তেখেতৰ
‘Contemporary Political Leadership’ গ্ৰন্থত
ঘটনাটো উল্লেখ কৰিছে৷ প্ৰফেছৰ অনিল কুমাৰ শৰ্মাই তেখেতৰ
‘Quit India
Movement’ গ্ৰন্থত লক্ষেশ্বৰ বৰুৱাৰ বিষয়ে লিখিছে৷ মন্মথ নাথ গুপ্তৰ
“ভাৰতীয় ক্ৰান্তিকাৰী আন্দোলন কা ইতিহাস” (১৯৬০ চন
, পৃঃ ৪০৯
) নামৰ গ্ৰন্থত চাৰিগাঁৱক স্বাধীন
 ৰাষ্ট্ৰ হিচাপে
ঘোষণা কৰা ঘটনাটো লিপিবদ্ধ কৰিছে৷

 

১৯৮৮ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ
গান্ধীয়ে ছোনিয়া গান্ধীৰ সৈতে যোৰহাটৰ নিমাতী ঘাট পৰিদৰ্শন কৰিবলৈ যাওঁতে
চাৰিগাঁও-নিমাতী পথৰ কাষত থকা লক্ষেশ্বৰ বৰুৱাৰ বাসগৃহত সোমাই তেখেতৰ স্বাস্থ্যৰ
বুজ লোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন
  কৰিছিল৷ এবাৰ যোৰহাটৰ
অসম কৃষি বিশ্ববিদ্যালয় ত পতা এখন সভাত
মুখ্য অতিথি হিচাপে সভা শুৱনি কৰিছিল তেতিয়াৰ
  ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে৷ তেখেতৰ চকুত পৰিছিল
দৰ্শকৰ আসনত উপৱিষ্ট বগলী পাখিহেন খাদী পোছাক পৰিহিত লক্ষেশ্বৰ বৰুৱাদেৱক৷
  দেখা মাত্ৰকে তেখেতে আপুনিহে আচল
ৰাষ্ট্ৰপতি” বুলি বৰুৱাদেৱক সাদৰ-সন্মানেৰে মঞ্চলৈ মাতি নি নিজৰ আসনত বহিবলৈ দিছিল৷

 

ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলোতে উদাৰমনা এই সিংহপুৰুষগৰাকীৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্মই আমাৰ ধৰ্ম৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম
জিলিকাই নিজৰ জীৱনক মহীয়ান কৰা লক্ষেশ্বৰ বৰুৱাৰ জীৱনগাথা উত্তৰ পুৰুষৰ বাবে
আদৰ্শস্বৰূপ৷  এইজনা মহান ব্যক্তিৰ ১৯৯০
চনৰ ১১ জানুৱাৰি তাৰিখে ৯৬ বছৰ বয়সত মহাপ্ৰয়াণ ঘটে৷
 চাৰিগাঁও-সেউজীপাৰ সংযোগী পথাৰৰ মাজত বালিজানৰ পাৰত থকা তেখেতৰ সমাধি এটা
যুগৰ সাক্ষী হৈ আছে৷ যোৰহাটৰ মুক্তিযোদ্ধা ভৱনটি বৰুৱাদেৱৰ স্মৃতিত অৰ্পণ কৰা হৈছে৷
তেখেতৰ মৃত্যুৰ লগতে এটা ঘটনাবহুল আৰু বৰ্ণিল যুগৰ অৱসান ঘটে৷

ঠিকনা :

প্ৰযত্নে নিৰু  দত্ত

সৰুপথাৰ – ৭৮৫৬০১

গোলাঘাট

ভ্ৰাম্যভাষ: ৭০০২২৪১১৪৫