যশোৱন্ত নিপুণ


চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে
খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা
, নীলা আৰু নীলা৷
বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য !
বগলীজাকৰ লগতে তাৰ মনটোও উৰি গৈ থাকিল দূৰলৈ
, দূৰলৈ
 

তেনেতে ফোনটো বাজি উঠিল৷  সি মহা বিৰক্ত হল৷ 

ফোনটো দিয়াচোন মিনতি৷ঘৈণীয়েকলৈ চাই সি কলে৷

কিয়, নিজে লব নোৱাৰা নেকি? দেখা নাই মই কি কৰি আছোঁ?” মিনতিয়ে ভেকাহি মাৰি উত্তৰ দিলে৷ তাই চাহ কৰি আছিল৷

মই বহিছোঁ৷ অলপ বৌদ্ধিক চিন্তা কৰিম
বুলি ভাবিছোঁ সোণজনী৷

হৈছে, বৰ ফালিব
নালাগে৷ নিজে ল
ব পাৰিবা দিয়া৷ বিৰক্ত কৰি নাথাকিবা৷
একেই উষ্মাৰে তাই কৈছিল৷

ৰাতুলে মুখ বেকেটাই উঠি গৈ মেজৰ পৰা ফোনটো তুলি ললে৷ কিন্তু সেয়া
দেখোন সুনীলৰ ফোন৷ তাৰ মনৰ বিৰক্তিখিনি ধোঁৱা হৈ উৰি গ
ল৷

সুনীল,
কি খবৰ ?” ৰাতুলে মহা উৎসাহেৰে আৰম্ভ কৰিলে৷

ভালে দে৷ পাছে তহঁতৰ কেনে ? ভালে নে ?” ফোনত সুনীলৰ মাত ভাহি আহিল৷

আছোঁ আৰু একৰকম৷ অফিচ-ঘৰ, ব্যস্ততা, এইবোৰেই৷

একে, একে৷ আমাৰো
সেইটোৱে৷ নিস্তাৰ নাই৷ এটা কথাৰ কাৰণেহে ফোন কৰিলোঁ৷

চোন৷

তোৰ গল্পটো দুৰন্ত
প্ৰহৰীত
পঢ়িলোঁ৷ দুবাৰো পঢ়িলোঁ৷ বাৰে বাৰে পঢ়িব পৰা গল্প৷
বৰ ভাল লিখিছ বে তই৷

হেঃ হেঃ হেঃ৷ ধন্যবাদ, ধন্যবাদ ! লিখিছোঁ আৰু কিবাকিবি৷ জাবৰে হৈছে নে গল্পই হৈছে নাজানো ভাই৷
ৰাতুলে মনে মনে বৰ ভাল পালে৷ তাৰ গল্প পঢ়ি দুই-এজন পাঠকে মাজে মাজে
ফোন কৰে
, মেচেজ কৰে৷ তেতিয়া তাৰ বৰ ভাল লাগে৷
 

আমাৰ বহুত কথাই লিখিছ দেখোন গল্পটোত৷
বঢ়িয়া দেই৷ বৰ সুন্দৰকৈ কথাবোৰ সুমুৱাই দিছ৷ তোৰ গল্পত তাৰ মানে বহুত সঁচা কথাও
থাকে৷

সঁচা অভিজ্ঞতাও থাকে, কিছু কল্পনাও থাকে৷ তইতো গম পাইছই৷

অঁ, অঁ৷ পিছে
মিনতিয়ে কেনে পাইছে গল্পটো
? দেখুৱাইছ
  গল্পটো ?”

সুনীলে পঢ়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতেই মিনতিয়েও
পঢ়িছিল৷ সুনীলতকৈ তাই দুই শ্ৰেণী তলত আছিল৷

সিমান ভাল পোৱা নাই৷ মোৰ গল্প এওঁ
কেতিয়াও ভাল নাপায়৷ কিন্তু মোৰ গল্পৰ প্ৰথম পাঠিকা শ্ৰীমতীয়েই সদায়৷

হাঃ হাঃ হাঃ ! বোলো কিবা খঙেই উঠিছে
নেকি তাইৰ
? কেনে আছেনো তাই ?”

ভালে আছে দে৷

আমাৰ এৱোঁ পঢ়িছে গল্পটো৷ ভালেই পোৱা
বুলি কৈছে ৰহ৷

তেনেতে মিনতি ৰাতুলৰ কাষত চাহ একাপ লৈ থিয় হল৷ তাই ৰীমা মানে
সুনীলৰ শ্ৰীমতীৰ লগত কথা পাতিব খুজিলে৷

অই, শুনচোন৷ এওঁ
বোলে ৰীমাৰ লগত কথা পাতে৷ ৰীমা আছে নে
?”

আছে ৰহ৷ মই মাতি দিছোঁ৷  এক মিনিট ৰবি৷সুনীলে কলে৷

অলপ পাছত আকৌ সুনীলৰ মাত৷ 

এহ্, এওঁ গা
ধুবলৈ গ
ল অ৷ ৰীমাই পাছত ফোন কৰিব দে৷
ব নে ?”

, ব৷ কোনো কথা নাই৷ ফোন কৰি থাকিবি এনেকৈ মাজে মাজে৷

ব দে৷ ঠিক আছে৷
বাকীতো ভালেই নহয়
?”

 

আগশাৰীৰ মাহেকীয়া আলোচনী দুৰন্ত প্ৰহৰীত এলাপেচা লেখকৰ গল্প প্ৰকাশ নহয়৷ ৰাতুলৰ অতীতৰ
চিঞৰ
গল্পটো আলোচনীখনে প্ৰকাশ কৰা তাৰ প্ৰথম গল্প৷ গম পোৱাৰ
দিনা পুৱাৰ পৰাই সি মনে মনে অলপ ফুলি আছিল৷ ডাঙৰ লেখকসকলৰ শ্ৰেণীত তাৰো নামটো লিখা
হৈ গ
ল যেন লাগি আছিল তাৰ৷

চাৰি মাহমান আগতে ৰাতুলে থকা নগৰখনৰ পৰা কিছু দূৰৰ
মন্দিৰ এটা দৰ্শন কৰিবলৈ সপৰিয়ালে যাওঁতে সিহঁতে সুনীল আৰু তাৰ পৰিয়ালটোক লগ
পাইছিল৷ সুনীলহঁত যে তাৰ নগৰখনৰে হোটেল এখনত আছেহি ৰাতুলে তাতেই গম পালে৷ কলেজ
এৰাৰ বিশ বছৰৰ পাছত সিহঁত সেইদিনা হঠাতে অপ্ৰত্যাশিতভাৱে লগালগি হৈছিল৷ মাজৰ
দিনবোৰত সিহঁতৰ যোগাযোগ আছিল একেবাৰেই শূন্য৷ আজি-কালি ইমান সুবিধা থকাৰ পাছতো এই
দীঘলীয়া সময়ছোৱাত সিহঁতৰ এবাৰো যোগাযোগ নহ
ল৷ কলেজৰ আবাসত কটোৱা বছৰবোৰত কিন্তু
সিহঁতৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিছিল যে চতুৰ্থ বছৰৰ শেহলৈ সিহঁত সকলোকে দুখবোধ
এটাই মেৰাই ধৰিছিল৷ চতুৰ্থ বছৰটো কলেজত সিহঁতৰ শেষ বছৰটো আছিল৷ ওচৰ চাপি অহা
বিচ্ছেদৰ কথা ভাবি ভাবি সিহঁত কেতিয়াবা কেতিয়াবা বিমৰ্ষ হৈ পৰিছিল৷ কলেজ এৰি
আহোঁতে ৰাতুলক বিদায় দিবলৈ সুনীল আৰু লগৰ কেইজনমান ষ্টেচনলৈ আহিছিল৷ ট্ৰেইনখন চলাৰ
পাছতো সুনীল আৰু তাৰ লগৰ কেইজন নেদেখা হোৱালৈকে
  সি খিৰিকিৰে হাত
জোকাৰি আছিল৷ তাৰ চকু দুটা চলচলিয়া হৈ পৰিছিল৷
 

সিহঁতে যোগাযোগ ৰাখিব বুলি ঠিক কৰিছিল৷ ঘৰত ফোন নাছিল
কাৰণে চিঠিয়েই লিখিব মাজে মাজে৷ আৰু পাৰিলে সিহঁতে কেতিয়াবা ক
ৰবাত লগালগি হব৷ 

কিন্তু সেইবোৰৰ একোৱেই নহল৷ কলেজৰ এৰি আহি
প্ৰত্যেকেই নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল আৰু সিহঁতৰ কোনেও তাৰ পৰা পিছলৈ ঘূৰি
চোৱাৰ অৱকাশো নাপালে বা পিছলৈ ঘূৰি চাবলৈ ইচ্ছাও নকৰিলে৷ জীৱিকাৰ তাড়নাই সিহঁতক
ভিন ভিন পথেৰে দূৰলৈ আৰু দূৰলৈ টানি লৈ গ
ল৷ আৰু তেনেকৈয়ে
সিহঁতৰ মাজৰ যোগসূত্ৰবোৰো ক্ৰমশঃ ক্ষীণ হৈ আহি আহি হেৰাই গৈছিল৷

কলেজৰ চাৰিটা বছৰ কম সময় নাছিল৷ আৰু সেই সময়ছোৱা আছিল
জটিলতাশূন্য আশাভৰা সহজ সময়৷ কলেজ এৰি অহাৰ কিছু দিন পাছলৈ সিহঁতৰ মনবোৰ খালি খালি
হৈ নথকা নহয়৷ যেন সকলোবোৰেই শূন্য হৈ পৰিছিল চাৰিওফালে৷ কিন্তু পৃথিৱীয়ে বোধহয়
একোৱেই শূন্য হৈ থকাটো নিবিচাৰে কেতিয়াও৷ ক্ষণিকলৈ খালি হোৱা ঠাইবোৰ চিনিব নোৱৰাকৈ
পৃথিৱীয়ে কোনেও গম নোপোৱাকৈয়ে আকৌ পূৰ কৰি আনে৷ আৰু দুদিনৰ হুমুনিয়াহেৰ ভৰা
নীৰৱতাৰ কোলাহল বতাহ এছাটিৰে উৰুৱাই লৈ যাবলৈ পৃথিৱীৰ বহুত কিবাকিবিয়েই আছে৷ সিহঁত
নতুন জীৱনবোৰত ব্যস্ত হৈ পৰিছিল৷ অতীতে মাত্ৰ ৰিঙিয়াই গৈছিল কেতিয়াবা কেতিয়াবা৷
সেয়েই৷
 


শিলাময় পাহাৰ এখনত মন্দিৰটো৷ মূৰ্তি, মন্দিৰ সকলোবোৰ
শিলত কটা৷ সেইদিনা খটখটীৰে বগাবলৈ লৈয়ে সম্মুখত ওখ-পাখ
, সামান্য
শকত মানুহজনক দেখি ৰাতুল আচৰিতেই হৈছিল৷ ৰঙীন চশমাৰ তলৰ মুখখন তাৰ চিনো চিনো
লাগিছিল৷ সি ভবা-গুণা কৰি থাকোঁতে মানুহজনেই প্ৰথমে মাতিলে৷ সেইজন আছিল তাৰ একালৰ
পৰম বন্ধু সুনীল ! সাধাৰণতে হোৱাৰ দৰে তাৰো বহুত শাৰীৰিক পৰিৱৰ্তন হৈছিল৷ পেট
,
ডিঙি, থুঁতৰিত কিছু চৰ্বি জমা হৈছে৷ মূৰৰ বহু
জেগাৰ পৰা চুলিও হেৰাই গৈছে৷ কিন্তু একেই আছিল তাৰ পুৰুষসুলভ ব্যক্তিত্ব
, সৌন্দৰ্য আৰু ৰঙিয়াল স্বভাৱটো৷
 

আনন্দ, হাঁহি আৰু আশ্বৰ্যৰ ঢৌ এটা পাৰ হৈ
গৈছিল৷ কলেজৰ দিনবোৰৰ সোঁৱৰণিৰ কিছু সময় দ্ৰুত ৰোমন্থন চলিছিল৷ সিহঁতে আচৰিতভাৱেই
সেই দিনবোৰৰ বহুতো খুটি-নাতি ফটফটীয়াকৈ মনত পেলাব পাৰিছিল৷ তাৰ পাছত চা-চিনাকিৰ
এটা চমু পৰ্ব চলিছিল৷ সুনীলে মিনতিক আগৰ পৰাই চিনি পায়৷ অৱশ্যে ৰাতুলহঁতে ৰীমা
,
মানে সুনীলৰ ঘৈণীয়েকক সেইদিনাহে প্ৰথম দেখিছিল৷
 

আচলতে আমি সকলোৱে খুব দূৰলৈ আতৰি গলোঁ৷ কিয়বা এনে হ? তই ইয়াতে
থকা বুলিও গমেই পোৱা নাছিলোঁ৷
সুনীলে কৈছিল৷

আহিছই যেতিয়া, মোৰ
ঘৰলৈকো এপাক মাৰিবি৷ কিমান দিনৰ মূৰত দেখিলোঁ তোক৷ আৰু কেতিয়াবা লগ পাম নে নাই
তাৰোনো কি ঠিক
? কিজানি লগ নাপাওঁৱেই৷ৰাতুলে কৈছিল৷

হয় অ৷ ইমান বছৰ
দেখোন এনেকৈয়ে পাৰ হৈ গ
ল৷ পিছে চাওঁচোন৷ নাকী এডাল লাগিয়েই
থাকে নহয়৷ আমিও দিন-বাৰ হিচাপ কৰি আহিছোঁ৷
সুনীলে আৰু কলৈ কলৈ যাব সেইবোৰৰ হিচাপ দিছিল৷ তথাপি মাজতে এটা
বেলা সি উলিয়াব পাৰিব বুলি কৈছিল৷

ৰাতুলে ৰীমাক লক্ষ্য কৰিছিল৷ মানুহজনী সুনীলৰ লগত
দেখাই-শুনাই মিলা
, ওখ-পাখ আৰু ধুনীয়া৷ অৱশ্যে ৰাতুলৰ মনত মিনতিৰ দৰে ধুনীয়া
নাৰী এই পৃথিৱীৰ ক
তোৱেই পাবলৈ নাই৷ ৰীমা তেনে কোনো সংকোচ
নোহোৱা সপ্ৰতিভ ধৰণৰ মহিলা যেন লাগিছিল তাৰ৷ মিনতি অলপ সময় পিছ হুহকি আছিল যদিও
ৰীমাই কথাবোৰ সহজ কৰি পেলাইছিল৷ দুয়োজনীয়ে সোনকালেই খোলাখুলিকৈ একাষৰীয়া হৈ পুৰণি
বান্ধৱীৰ দৰে কথা পতাত লাগি গৈছিল৷
 

মিনতি যে সুনীলৰ লগত একেখন স্কুলতেই পঢ়িছিল, সেইষাৰ কথা সুনীলে
উল্লেখ কৰিছিল৷ ৰাতুলে কথাটো আগতেই জানিছিল৷

মন্দিৰৰ পৰা ওলাই হোটেলত সিহঁতে একেলগে দুপৰীয়াৰ ভাত
খালে৷

মাজৰ বছৰবোৰ ক
কেনেকৈ হেৰাই থাকিল অ
ৰাতুল ?” সুনীলে
খোৱাৰ মাজতে সুধিছিল৷

এয়েতো জীৱন ভাই৷ অথচ সৌ সিদিনাহে কলেজ
এৰা যেন লাগে মোৰ৷
  ৰাতুলে অলপ
গভীৰভাৱে কৈছিল৷ সি ক
ব নোৱৰাকৈয়ে কথাষাৰত বেদনাগধুৰ সুৰ এটা
মিহলি হৈ আহিছিল৷

সুনীলে হাঁহিছিল৷ গম্ভীৰ হৈ কৈছিল, “কিমান বছৰ,
কিমান বসন্ত পাৰ হৈ গল৷ গছৰ কিমান সেউজীয়া
পাত সৰি পৰিল
, উৰি গ, ছাই হৈ গল৷ কোনে মনত ৰাখে ? কিয়
মনত ৰাখিব
?”

আপোনাৰ কথাবোৰ এতিয়াও কবিতা কবিতা
লাগে দেই৷ কবিতা লিখে নে আজি-কালি
?” ৰীমাৰ লগত কথা পতা বন্ধ
কৰি মাজতে মিনতিয়ে লাহেকৈ সুধিছিল৷

তই তাৰমানে কবিতাও লিখ ? আজিহে জানিলোঁ দেখোন৷ৰাতুলো অলপ আচৰিত হৈছিল৷

লিখিছিলোঁ আগতে৷ কলেজলৈ অহাৰ পাছত
কবিতা লিখিবলৈ এৰি দিলোঁ৷

ইমান ধুনীয়া কবিতা লিখিছিল আপুনি৷
কিমান যে ভাল লাগিছিল মোৰ ! কিয় লিখিবলৈ এৰিলে
?” মিনতিয়ে
সুনীলৰ ফালে সপ্ৰশংস চাৱনি এটি দি আকৌ সুধিছিল৷

সেয়া বহুত কথা৷সুনীলে কৃত্ৰিম গহনী ভাবত কৈছিল৷ কবিতা লিখিবলৈ
সুকোমল অনুভূতিৰ প্ৰয়োজন৷ সেই অনুভূতিবোৰ কিজানি আমাৰ স্কুলখনতে ৰৈ আহিল৷
 

স্কুলৰ কত ৰৈ
আহিল
?”
  মিনতিয়ে লাজকুৰীয়া
হাঁহি এটা মাৰি সুধিছিল৷

স্কুলৰ ফুলনিৰ ধুনীয়া ধুনীয়া ফুলবোৰৰ
মাজত আকৌ৷ হাঃ হাঃ হাঃ !
  সুনীলে প্ৰাণখোলা হাঁহি এটা মাৰি
উত্তৰ দিছিল৷

তোৰ কথাবোৰ দেখোন আজিও কবিতা কবিতা হৈ
পৰিছে৷ কি কাণ্ড
?”
  ৰাতুলে কৈছিল৷ কিবা পুৰণি স্মৃতি জাগ্ৰত হোৱা নাইতো৷ হাঃ হাঃ হাঃ   ৰাতুল আৰু সুনীলে
সশব্দ হাঁহিত ভাগি পৰিছিল৷ মিনতিয়ে লাজ লাজকৈ তলমূৰ কৰি হাঁহিছিল৷ ৰীমাই এবাৰ
মিনতিলৈ
, এবাৰ সুনীলৰ মুখলৈ চাইছিল৷
     

তোমালোকে জানানে, ৰীমা আৰু ৰাতুলক কৈছোঁ, মিনতি আমাৰ স্কুলত খুব
বিখ্যাত আছিল
?” খাই থকাৰ মাজতে সুনীলে কৈছিল৷

মিনতিয়ে তলমূৰকৈ লাজ লাজকৈ হাঁহিছিল৷ 

কিয়বা বিখ্যাত আছিল ? এওঁৰ খ্যাতিৰ কাৰণটো জানোচোন৷ৰাতুলে আচৰিত হোৱা
যেন দেখুৱাই সুধিছিল৷

আমাৰ স্কুলৰ, মানে
স্কুলৰ বুলি ক
লে ভুল হ, আচলতে আমাৰ সেই অঞ্চলৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে আছিল কুমাৰী মিনতি
চৌধুৰী৷

হয় নে ?” ৰীমাই
সুধিছিল৷ তাইৰ ইমান পৰে হাঁহি থকা মুখখনত ক্ষুদ্ৰ এটি মুহূৰ্তৰ কাৰণে কিবা এটা
পৰিৱৰ্তন ৰাতুলে লক্ষ্য কৰিছিল৷

হয়তো৷ গোটেইমখা লৰা মিনতিৰ পিছে পিছে৷

তয়ো আছিলি নেকি অসেই গোটেইমখাৰ মাজত ?”

এহ্৷ মইনো কি ক
! মোৰ ওৱেটিং লিষ্টতো ঠাই নহ
ব বুলি ভাবি চেষ্টাই নকৰিলোঁ
আৰু৷” সুনীলে কৃত্ৰিম দুখৰ ভাব এটা দেখুৱাইছিল৷

সঁচা কৈছ নে ? মোৰ
এতিয়া সন্দেহ হ
বলৈ ধৰিছে অ’ ! আজি
ৰাতি মোৰ টোপনিয়ে নাহিব কিজানি৷

সঁচাকৈয়ে কৈছোঁ৷ মই আছিলোঁ পৃথিৱীৰ
নিঃকিনতম ল
ৰা আৰু কুমাৰী মিনতি চৌধুৰী সৰগৰ পৰী৷ কেনেকৈ
আগবাঢ়োঁ মই
?”

দৰ্খাস্ত এখন দিব লাগিছিল৷ মানে চিঠিৰ
দৰে কিবা এখন৷
ৰাতুলে পৰামৰ্শ আগবঢ়াইছিল৷

মিনতিয়ে তলমূৰকৈ তলৰ ওঁঠখন কামুৰি  লাজ লাজকৈ আকৌ
হাঁহিছিল৷

হাঃ হাঃ হাঃ !”, সুনীলে ডাঙৰকৈ হাঁহি কৈছিল, “সেইটোৱে কৰিব লাগিছিল অ৷ আজি তেনেকুৱাই লাগিছে৷ কাপুৰুষ আছিলোঁ অমই৷ নহলে আজি

নহলে আজি
বান্দৰে পিন্ধা মুকুতাৰ হাৰডালে সুনীল দেৱতাৰ ডিঙি শুৱাই থাকিলেহেঁতেন৷ হাঃ হাঃ
হাঃ !

তোৰ বৰ ভাগ্যও ৰাতুল৷ মোৰহে আজি টোপনি
নাহিব৷ হাঃ হাঃ হাঃ৷ কবিয়ে কৈছে নহয় – স্মৃতি দুখৰ অতীত
… ! হাঃ
হাঃ হাঃ৷

সুহুৰিয়াই কি যায় ? হা, সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা৷ হাঃ হাঃ হাঃ৷” 

দুয়োৰে হাঁহিৰ শব্দই গোটেই ৰেষ্টুৰেণ্টখন জিনি লৈ
গৈছিল৷ ওচৰৰ টেবুল দুখনমানত মনোযোগেৰে ভাত
, ৰুটী খাই থকা গ্ৰাহক কেইজনমানে
বিৰক্তিৰে সিহঁতলৈ ঘূৰি চাইছিল৷ উণ্টাৰত বহা মানুহজনে গ্ৰাহক এজনে দিয়া নোট
কেইখনমান দুহাতত লৈ খৰকৈ গণি আছিল৷ হাঁহিৰ শব্দত তেওঁৰ হিচাপত আউল লাগি গ
ল৷ খঙৰ ভাবটো নুলুকুওৱাকৈ সেইজনে ডিঙি মেলি চকু থিয় কৰি ৰাতুলহঁতৰ ফালে
চাইছিল৷
  মিনতি আৰু ৰীমা অলপ অপ্ৰতিভ হৈ পৰিছিল৷ সিহঁতৰ
মুখৰ হাঁহিয়ে প্ৰাকৃতিক ৰঙটো হেৰুৱাই পেলোৱা যেন দেখা গৈছিল৷
 

ৰাতুল আৰু সুনীলো অলপ সংযত হল৷ লগাতকৈ অলপ বেছি
আগুৱাই যোৱা যেন লাগিছিল দুয়োৰে৷ ৰীমা আৰু মিনতি কিছু পৰিমাণে গম্ভীৰ হৈ পৰিছিল
কাৰণেই চাগে বাকী একেলগে থকা সময়খিনিত ৰাতুল আৰু সুনীলে ডাঙৰকৈ হা-হাকৈ আৰু হঁহা
নাছিল
  

সুনীলহঁত ৰাতুলৰ ঘৰলৈ আহিব পৰা নাছিল৷  যিদিনা আহো
বুলিছিল
, সেইদিনা ৰীমাৰ গা অলপ বেয়া লাগি আছিল৷ সিহঁতে
হোটেলতে জিৰাইছিল সেইদিনা৷

এই কথাখিনি মিলাই আৰু বহু কল্পনা শক্তিৰ প্ৰয়োগ ঘটাই
ৰাতুলে গল্পটো লিখিছিল৷ গল্পটোত কিছু মচলা আৰু কেইটামান মনস্তাত্বিক পাকো যোগ
কৰিছিল সি৷ ভাগ্যক্ৰমে
দুৰন্ত প্ৰহৰীত গল্পটো প্ৰকাশো হল৷

দুদিন পাছত পুৱাই ৰাতুলে সুনীলক ফোন কৰিলে৷ ৰীমাৰ লগত
মিনতিৰ কথা পাতিবলৈ বৰকৈ ইচ্ছা হৈ আছিল৷
 

এওঁ বোলে ৰীমাৰ লগত কথা পাতে৷
ৰাতুলে ফোনত কৈছিল৷

ৰীমা ঘৰত নাই অ
পৰহি আবেলিয়েই গ
ল তেওঁলোকৰ মানে মাকৰ ঘৰলৈ৷

হয় নেকি ?
তেওঁৰেই ফোন নম্বৰটো দিবিচোন৷

ব দে৷ কিন্তু
গা বেয়া নেকি ৰীমাৰ
, এই দুদিন মোক ফোন কৰাও নাই আৰু মোৰ ফোন
ধৰাও নাই৷

ঠিক আছে দে৷ দুদিনমান পাছতেই ফোন কৰিব
মিনতিয়ে৷
ৰাতুলে কৈছিল৷


পিছদিনা দুপৰীয়া ৰাতুলৰ ফোনটো বাজিল৷ ৰীমাৰ পৰা ফোন
অহাত ৰাতুল অলপ আচৰিত হৈছিল৷ কিয়বা তাক ফোন কৰিব লগা হ
? লগ পাওঁতে সিতো ভালকৈ ৰীমাৰ লগাত কথা পাতিবই পৰা নাছিল৷ মিনতিয়েহে তাইৰ
লগত বেছিকৈ লাগি আছিল৷
 

দুই-এষাৰ সৌহাদ্যপূৰ্ণ কথাৰ পাছত ৰীমাই কৈছিল, “আপোনাৰ অতীতৰ চিঞৰগল্পটো পঢ়ি বৰ ভাল লাগিছে৷ খুব সুন্দৰ
লিখিছে আপুনি৷ ভাবিবই পৰা নাছিলোঁ আপুনি যে এজন ইমান ভাল লেখক৷

ধন্যবাদ৷ গল্পটো ভাল পোৱা বুলি জানি
ভাল লাগিল৷
ৰাতুল সঁচাকৈয়ে আহ্লাদিত হৈছিল৷ ৰীমাৰ দৰে
স্মাৰ্ট
, সুন্দৰী মহিলাই তাৰ গল্প পচন্দ কৰিছে ! আৰুনো কি
লাগিছে তাক
?

ময়ো হাইস্কুলত কবিতা লিখিছিলোঁ৷
ৰীমাই কৈছিল৷

বৰ ভাল৷ বৰ ভাল কথা৷

মোৰ কবিতা স্কুলৰ আলোচনীত ওলাইছিল৷
তাৰ পাছত কলেজৰ আলোচনীতো ওলাইছিল৷

সুন্দৰ ! অতি সুন্দৰ ! আপুনি কবি ৰাতুলে উৎসাহেৰে কিবা ক
খুজিছিল৷

সেয়া বহু বছৰ আগৰ কথা৷ কিন্তু কবিতা
লিখিছিলোঁ কল্পনাৰে
, অনুভৱেৰে৷

হয়৷ কবিতা কল্পনা আৰু অনুভৱৰ কলা৷
সাহিত্যিক ভাব এটা আনিবলৈ চেষ্টা কৰি সি কৈছিল৷

সঁচা৷ কিন্তু ভাবিছোঁ গল্পত বাস্তৱৰ
বৰ বেছি প্ৰভাৱ থাকে৷ নহয় নে
?” তাই সুধিছিল৷

ৰাতুলে সেই সম্পৰ্কে আগতে বৰকৈ ভাবি চোৱা নাছিল৷ তাৰ
গল্পত বাস্তৱ কাহিনী
, চৰিত্ৰ আদিৰ যথেষ্ট প্ৰভাৱ থকাটো হয়৷ উত্তৰত
পাণ্ডিত্যপূৰ্ণ মন্তব্য এটা দি ৰীমাক মুগ্ধ কৰিব পৰা হ
লে সি
বৰ ভাল পালেহেঁতেন৷ কিন্তু সি যিহেতু গল্প পঢ়া আৰু লিখাহে মানুহ
, গতিকে গল্পৰ চৰিত্ৰ, তত্ত্ব আদি সম্পৰ্কে তাৰ বৰ
বেছি মন-কাণ নাই৷ আধুনিক কবিতা বুজিয়েই নাপায় কাৰণে সি সেইবোৰ নপঢ়েই৷
 
নিৰস উত্তৰ এটা দিবলৈয়ে সি বাধ্য হ,
হয়৷ মোৰো তেনে ভাবেই হয়৷ বাস্তৱৰ প্ৰায়বোৰ ঘটনাকেই সজাই-পৰাই গল্পৰ
ৰূপ দিব পাৰি৷

হয়৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা
গল্পবোৰ বেছি গভীৰ হয় কিজানি৷ মনত ডাগ কাটি থৈ যায়৷ আপোনাৰ গল্পটো পঢ়াৰ পাছৰ পৰা
সেই ভাবটোৱেই আহি আছে৷ পাহৰিবই পৰা নাই একেবাৰে৷

ৰাতুলৰ বৰ ভাল লাগিল৷ দাৰ্শনিকৰ দৰে গহীন সুৰ এটাৰে কলে, “ভাল হোৱা নাই মোৰ গল্পটো৷ কিন্তু আপোনাৰ মন্তব্যই এটা গভীৰ সত্য ব্যক্ত
কৰিছে৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্প এটাৰ আবেদন বেলেগ এটা পৰ্যায়ৰ হয়৷ সেয়া
আমাৰেই জীৱনৰ কথা যে৷ জীৱনৰ বাস্তৱ ৰূপ গল্পৰ আইনাত চাবলৈ পাঠকে ভাল পায়৷ গল্প হ
ব লাগে আমাৰ জীৱনৰ বাস্তৱ ছবি৷

হয়৷ আমাৰ জীৱনৰ ছবি৷ বাস্তৱ ছবি৷
আইনাত জুমি চালেহে ভালকৈ জিলিকি উঠা সঁচা ছবি৷
ৰীমাৰ মাতটো
যেন অলপ উদাস হৈ পৰিছিল৷

ঠিকেই কৈছে৷ আপোনাৰ চিন্তাৰ গভীৰতাই
মুগ্ধ কৰিলে মোক৷

বাস্তৱ কেতিয়াবা ভাবিব নোৱৰা ধৰণৰ হয়,
নহয় জানো৷ৰীমাৰ কণ্ঠত এটি  শোকভৰা আবেশ৷

ঠিকেই কৈছে আপুনি৷ বিচিত্ৰ এই বাস্তৱ৷

আৰু জীৱনটো প্ৰায়ে তেনেকুৱা নহয়
যেনেকুৱা আমি হোৱাটো বিচাৰোঁ৷

হয়৷ এটি নিৰ্ঘাত সত্য

আৰু জোনটোও তেনে নহয় যেনে আমাৰ আকাশে
বিচাৰিছিল৷

সত্য৷ আপোনাৰ জীৱন সম্পৰ্কে এক গভীৰ
কাব্যিক উপলব্ধি আছে৷ মই আপ্লুত ! সঁচাকৈয়ে মুগ্ধ হৈ গ
লোঁ !
ৰাতুলে কৈছিল৷

সিফালৰ পৰা কোনো উত্তৰ নাহিল আৰু তেনেকৈয়ে নীৰৱতাৰ
কেই চেকেণ্ডমান পাৰ হৈছিল৷ ৰাতুলে একো বুজিব পৰা নাছিল৷

মিনতিৰ লগত কথা পাতিব নেকি ?” নীৰৱতা ভংগ কৰি সি সুধিছিল৷

আপুনি ঘৰতে
আছে নেকি
? মই আকৌ অফিচত থকা বুলিহে ভাবিছিলোঁ৷ এতিয়া আৰু
কথা নাপাতোঁ দিয়ক
, এৰিছোঁ৷ গাটো অলপ বেয়া লাগিছে৷ বাই৷
ৰীমাই হঠাতে ফোনটো কাটি দিছিল৷

পিছদিনা ৰাতুলে অফিচৰ কেণ্টিনত দুপৰীয়াৰ আহাৰ খাই উঠি
সম্মুখৰ পাৰ্কত খোজ কাঢ়িছে৷ পাৰ্কত কেইযোৰমান ডেকা-গাভৰুৰ বাদে আৰু কোনো নাই৷
 

ফোনটো বাজি উঠিল৷ ৰীমাৰ ফোন৷ সি ফোনটো কাণত ললে৷

ঘৰত নে অফিচত বাৰু ?” ৰীমাৰ মাত ভাহি আহিল৷

মই অফিচত৷ কওকচোন৷ ভাল নে আপোনাৰ ?”
ৰাতুলে কলে৷

ভাল৷ এটা কথা সুধিব লগা আছিল৷ আমনি
দিয়া নাইতো আপোনাক
?”

নাই, নাই৷ কি কয়
? একো আমনি পোৱা নাই৷ৰাতুলে বেঞ্চ
এখনত বহি ল
লে আৰামকৈ৷

মই মানে আপোনাৰ গল্পটোৰ কথাবোৰকেই
ভাবি আছোঁ৷
ৰীণাই আকৌ অতীতৰ চিঞৰলৈ ঘূৰি যাব বিচাৰিছিল৷

হয় নেকি ?
এনে কিনো আছে মোৰ গল্পটোত ?” ৰাতুলে তাৰ
গল্পটোৱে কাৰোবাৰ মনত এনেদৰে খলকনি তুলিব পাৰে বুলি ভাবিবই পৰা নাছিল৷ সি আকাশত
উৰিবলৈ ধৰিছিল৷

ইমান জীৱন্ত প্ৰকাশ, ইমান অকৃত্ৰিম বৰ্ণনা ! মনটো তোলপাৰ কৰি আছে৷ৰীমাই
আকৌ ক
লে৷

নহয় । এনেয়ে অলপ লিখিছোঁ আৰু …৷
ৰাতুলে নিৰাসক্ত ভাব এটা দেখুৱাবলৈ চেষ্টা কৰিছিল৷

ইমান গভীৰভাৱে, ইমান
নিখুঁতভাৱে চৰিত্ৰবোৰ অংকন কৰিছে আপুনি !

সিমান ভাল হোৱা নাই দিয়ক৷ কিবা অলপ
চেষ্টা কৰিছোঁ আৰু৷

সেইদিনা আমি মন্দিৰত লগালগি হোৱাৰ
বৰ্ণনাটো ইমান ভালকৈ দিছে৷ অথচ ইমান কম কথাৰে৷ সঁচা সঁচা যেন লাগিছে৷

হয়৷ সেইখিনি হুবহু লিখিবৰ চেষ্টা
কৰিলোঁ৷ সেই কাৰণেই বোধহয় সঁচা যেন লাগিছে৷

নামবোৰো ধুনীয়া হৈছে৷ মিলি গৈছে ।

মানে ? বুজা নাই
মই৷

এই যে প্ৰতুল, অনিল,
প্ৰণতি, মীৰা – এই নামবোৰ৷

সেইটো কথা৷
হাঃ হাঃ হাঃ !
ৰাতুলে ইমান ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা
মাৰিলে যে ওচৰৰ বেঞ্চত বহা প্ৰেমিক-প্ৰেমিকা এহালে কথা বন্ধ কৰি তাৰ ফালে ঘূৰি চাব
লগা হ
ল৷  “নামবোৰো সঁচা
চৰিত্ৰবোৰৰ লগত মিলা হ
লে খুব ভাল হয়, নহয়
জানো
?”

অতীতৰ চিঞৰগল্পটোত
ৰাতুলক প্ৰতুল
, সুনীলক অনিল, মিনতিক
প্ৰণতি আৰু ৰীমাক মীৰা নামেৰে উপস্থাপন কৰা হৈছিল৷

নীৰৱতাৰ কেইচেকেণ্ডমান  পাৰ হল৷

হয়৷ সঁচা ঘটনা, সঁচা
চৰিত্ৰ যেতিয়া নামবোৰো সঁচা সঁচা হ
লে ভালেই লাগে৷ এয়েইতো
জীৱন৷ এয়েইতো আমাৰ জীৱনৰ খেল৷
ৰীমাৰ মাতটো বৰ গভীৰ হৈ
আহিছিল৷
 

ৰাতুলে একো বুজিব পৰা নাছিল৷ এনেয়ে কলে, “একেবাৰে সত্য কথা কলে আপুনি৷”   

আমাৰ কল্পনাই বিচাৰে সম্মুখৰ পথ মসৃণ
হওক৷ কিন্তু জীৱনৰ পথত জানো খলা-বমা নাথাকে
? জীৱনৰ পথত জানো
আমি অপ্ৰত্যাশিত আঘাতৰ সম্মুখীন নহওঁ
? সেই আঘাতে আমাৰ হৃদয়
জানো ক্ষত-বিক্ষত কৰি থৈ নাযায়
? কিছুমান আঘাত, কিছুমান স্মৃতি জানো চিৰকাল সজীৱ হৈ নাথাকে ?”

ৰাতুলে ইমান কাব্যিকতাৰে কথাবোৰ ভাবিব নোৱাৰে৷ সি হল নিৰস গদ্যৰ মানুহ৷
লে, “হয়, হয়৷
জীৱনত বহুত দুখ-কষ্ট আছে৷

হয়৷হয়৷ …”
ৰীমাই কিবা এটা কব খুজি যেন ৰৈ গৈছিল৷ উচুপনি
এটাও শুনা যেন পালে ৰাতুলে৷

আকৌ কেইচেকেণ্ডমানৰ নীৰৱতা৷

গল্পটোৰ শেষৰ শাৰীবোৰে মোৰ অন্তৰ
তোলপাৰ কৰিলে৷ সেই স্মৃতিৰ নীলা সাগৰৰ জোৱাৰ যিয়ে হঠাতে উটুৱাই নিব খোজে তেওঁৰ
উদাসীন বৰ্তমান৷
সাগৰৰ গভীৰতম বক্ষৰ পৰা যেন ভাহি আহিছিল
ৰীমাৰ কণ্ঠৰ এই শব্দবোৰ৷
 

হয়৷ তেনেকুৱাই কিবা আছিল নেকি শেষত ?”
ৰাতুলে একোৱেই মনত পেলাব পৰা নাছিল, একোৱেই
বুজিব পৰা নাছিল৷

অতীতৰ চিঞৰগল্পটো
এই শাৰীবোৰেৰে শেষ হৈছিল –
  

সেই মন্দিৰৰ পবিত্ৰ প্ৰাংগনত অনিলে
প্ৰণতিৰ দুচকুলৈ বহু বছৰৰ মূৰত আকৌ চাইছিল৷ তাইৰ চকুত এখন গভীৰ নীলা সাগৰ৷ সেই
সাগৰখন তাৰ অতি চিনাকি
, অতি মৰমৰ৷ সেই একেই আকুলতাৰ জোৱাৰে
তাক যেন আকৌ বুৰাই পেলাব৷ সুদূৰ দিগন্তৰ পৰা স্মৃতিৰ বিহংগবোৰ উৰি উৰি আহি সিহঁতৰ
আকাশ ছানি ধৰিছিল৷ আৰু তাইৰ ওঁঠদুটিও কঁপি উঠিছিল৷ কিবা যেন ক
ব খুজিছিল তাই৷ কিন্তু কব পৰা নাছিল৷ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নিষ্কলুষ সজল ডাৱৰবোৰৰ পৰা নীলা সাগৰখনলৈ এজাক বৰষুণ নামি
আহিব খুজিছিল৷ কিন্তু সি যে এতিয়া বেলেগ এখন নদীত নাও মেলি দিছে৷ সেই নদীৰ লক্ষ্য
অন্য এখন সাগৰ৷ যাওঁ বুলি কৈছিল যদিও সি প্ৰণতিৰ ঘৰলৈ যাবলৈ সাহস কৰিব নোৱাৰিলে৷
সি পলাই যাব বিচাৰিছিল৷ কিন্তু সি জানে
, সেই দুচকুৰ নীলা
সাগৰৰ জোৱাৰে তাৰ পৃথিৱীৰ সকলো উপকূলেই প্লাবিত কৰি থৈ গ

চিৰদিনৰ বাবেই
, যাৰ পৰা পলাই যোৱাটো আচলতে অসম্ভৱ৷

এটা কথা সুধিলে বেয়া পাব নেকি ?”
ৰীমাৰ মাতটো আৰু বেছি গভীৰ, আৰু বেছি কৰুণ হৈ
আহিছিল৷

কিয় বেয়া পাম ? সোধক৷

অনিল আৰু প্ৰণতিৰ মানে ৰীমাই কথা বন্ধ কৰিলে৷


কেইচেকেণ্ডমান ৰহস্যময় নীৰৱতাৰে পাৰ হল আকৌ৷

কওকচোন৷ৰাতুলেই
আকৌ নীৰৱতা ভংগ কৰিলে৷


অনিল আৰু প্ৰণতিৰমানেমানে… সুনীল আৰু মিনতিৰ সঁচাই 
কিবা সম্পৰ্ক আছিল নেকি ?” 

   

ঠিকনা :

বাঙ্গালোৰ

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮


My address:

B-115,
Sanvi Sankalpam,

Nagondanahalli,
Nonefield,
Bangalore

PIN 560067