প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থ ‘পৃথিৱীৰ মৰম’

 কবিতা ফুকন



 

       মানুহ প্ৰাকৃতিক জীৱ। সেয়েহে মানুহ আৰু নৈসৰ্গিক প্ৰকৃতিৰ সম্পৰ্ক অতি নিবিড়৷
ঠিক তেনেদৰে সাহিত্যৰ লগতো প্ৰকৃতিৰ এক
ওতঃপ্ৰোত সম্পৰ্ক আছে৷ সাহিত্যত
প্ৰকৃতি
শব্দটোৱে সাধাৰণতে নৈসৰ্গিক জগতখনৰ কথা বুজায়; অৰ্থাৎ অৰণ্য,  পশু-পক্ষী,  নদ-নদী
ইত্যাদি এই বিশাল জগতখনৰ কথা বুজোৱা হয়৷ সপ্তদশ শতিকাত ইংৰাজী সাহিত্যত সৃষ্টি হোৱা
প্ৰকৃতি সাহিত্য সম্পৰ্কীয় ধাৰণাই পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন দেশৰ সাহিত্যৰ
লগতে ভাৰতীয় সাহিত্যতো গুৰুত্ব লাভ কৰে। সমান্তৰালভাৱে অসমীয়া সাহিত্যতো এই সম্পৰ্কে চিন্তা-চৰ্চাৰ সূচনা হ
বলৈ ললে৷ অসমীয়া সাহিত্যত প্ৰকৃতি চেতনা সম্পৰ্কীয়
যিকেইখন গ্ৰন্থই বিশেষ গুৰুত্ব পাইছে তাৰে ভিতৰত 
যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পৃথিৱীৰ
মৰম
উপন্যাসখন অন্যতম৷

        অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান
আগবঢ়োৱা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ
পৃথিৱীৰ মৰমউপন্যাসখন মূলতঃ শিশু আৰু কিশোৰৰ উপযোগী উপন্যাস৷ প্ৰথমে এই উপন্যাসখন শিশু আলোচনী মৌচাকত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল৷ পৰৱৰ্তী সময়ত অসম পাবলিচিং কোম্পানীৰদ্বাৰা ২০০৫
চনত প্ৰকাশ হয় আৰু তৃতীয় সংশোধিত সংস্কৰণ
২০২০ চনৰ জানুৱাৰি মাহত প্ৰকাশ হৈ ওলায়৷  মুঠ ৯৬
পৃষ্ঠাৰ ৯টা অধ্যায়ত বিভক্ত
পৃথিৱীৰ মৰমউপন্যাসখনৰ প্ৰতিটো অধ্যায়তেই নিভাঁজ প্ৰকৃতিৰ চিত্ৰণ ঘটিছে৷ উপন্যাসখনত প্ৰধানতঃ কেং ওৰফে কমল আৰু কানাই
নামৰ চৰিত্ৰ দুটাই বিশেষ স্থান লাভ কৰিছে৷ এই চৰিত্ৰ দুটাৰ উপৰি ৰাধা
, স্বৰ্ণ, ঘনকান্ত, ভদ্ৰকান্ত,
নীলকান্ত আদি চৰিত্ৰসমূহেও কম-বেছি পৰিমাণে উপন্যাসখনত স্থান লাভ
কৰিছে৷ কেং আৰু কানাই চৰিত্ৰ দুটাৰ জৰিয়তেই প্ৰকৃতিৰ অংশ বিভিন্ন জীৱ-জন্তু
,
চৰাই-চিৰিকটি, গছ-গছনি ইত্যাদিৰ বৰ্ণনা অতি
সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷

        পৃথিৱীৰ মৰমউপন্যাসখনত প্ৰকৃতিজগতৰ
প্ৰতি মানুহ কেনেদৰে সচেতন হ
ব লাগে, বনৰ জীৱ-জন্তুক হত্যা নকৰাকৈও কেনেদৰে সিহঁতৰ আক্ৰমণৰপৰা হাত সাৰিব পাৰি আদি বিষয়সমূহ উপন্যাসখনত প্ৰতিফলন ঘটা চৰিত্ৰসমূহৰ
দ্বাৰা ঔপন্যাসিকে উপস্থাপন কৰিছে৷ ইয়াৰ
উপৰি বিলুপ্ত হোৱা জীৱ-জন্তুৰ বৰ্ণনা
, বন্য জন্তুৱে যে অনাহকত মানুহক
আক্ৰমণ নকৰে আৰু কল-কাৰাখানাসমূহৰ পৰাও যে প্ৰকৃতিজগত ধ্বংসস্তুপত পৰিণত হ
ব পাৰে সেই বিষয়ো উপন্যাসখনত প্ৰতিফলিত হৈছে৷ উপন্যাসখনত আদিৰ পৰা অন্তলৈকে প্ৰকৃতিৰ অন্তৰ্গত
বিষয়সমূহ বৰ্ণনা কৰাৰ উপৰি ঠায়ে ঠায়ে চৰিত্ৰসমূহৰ যোগেদি প্ৰকৃতি সচেনতা ফুটি উঠিছে৷

         পৃথিৱীৰ মৰমউপন্যাসখনত কেং নামৰ
চৰিত্ৰটোৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ বহু দিশ প্ৰকাশ পাইছে আৰু ঔপন্যাসিকে প্ৰকৃতিক জানিবলৈ প্ৰেৰণা যোগাইছে৷  উপন্যাসখনত কেং আছিল মাছৰ ৰজা৷  উপন্যাসখনৰ প্ৰতিটো অধ্যায়তেই বিভিন্ন সময়ত
বিভিন্ন ধৰণৰে কেং নামৰ চৰিত্ৰটোৰদ্বাৰাই ঔপন্যাসিকে বিভিন্ন চৰাই-চিৰিকটি
,
গছ-গছনি, জীৱ-জন্তু আৰু বিলুপ্তপ্ৰায় প্ৰাণীসমূহৰ
বৰ্ণনা দাঙি ধৰিছে৷ উপন্যাসখনৰ দ্বিতীয়
অধ্যায়ত এই চৰিত্ৰটোৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনা প্ৰতিভাত হৈছে৷ উপন্যাসখনত উল্লেখ থকা মতে এবাৰ গাভিনী শৰপহু
এজনীক গাঁৱৰ ৰাইজে ধৰি কাটিবলৈ লৈছিল যদিও তেওঁলোকৰ বাধা হৈ থিয় দিছিল কেং৷  ফলত কেঙক গাঁৱৰ ৰাইজে নমতা হ
ল৷  এই প্ৰসংগত কেঙে‌‌ এনেদৰে
কৈছিল-

গাভিনী পহুজনী খালেহে
তহঁতৰ ভোজটো হ
বনে? মই তহঁতক খাবলৈ মাছ
আনি দিম৷
” (পৃ:৩০)

আতুৰত পৰি যদি মানুহ এটা
তহঁতৰ ঘৰলৈ আহে তহঁতে কি কৰিবি
তাক ভাত-পানী নুখুৱাবিনে?
তাৰ পোহৰ দৰকাৰ হলে টিপ চাকিটো নি বাট
দেখুৱাই লৈ নাযাবিনে
?”( পৃ :৩০) ইয়াতেই প্ৰকৃতি সংৰক্ষণ
সম্পৰ্কীয় এটি সুন্দৰ আদৰ্শৰ প্ৰতিফলন ঘটিছে৷

          ঔপন্যাসিকে বিলুপ্তপ্ৰায় জীৱ-জন্তুৰ
কথাও নিখুঁত ৰূপত বৰ্ণনা কৰিছে৷ যিবোৰ পৃথিৱীৰ বুকুৰপৰা একেবাৰেই শেষ হৈ গৈছে
যিবোৰ চিকাৰীয়েই শেষ কৰি পেলাইছে৷ এইক্ষেত্ৰত চিকাৰী অৰ্থাৎ মানুহেই প্ৰকৃতি তথা পৃথিৱীৰ ধ্বংসৰ মূল
বুলি ক
ব বিচৰা হৈছে৷  বিভিন্ন ধৰণৰ চৰাই,
সৰীসৃপ, জীৱ-জন্তু আদি বৰ্ণনা পঢ়ুৱৈসমাজে পৰিচিত হব পৰাকৈ সুন্দৰকৈ দাঙি ধৰা হৈছে৷ কোনো
প্ৰাণীয়েই যে বিনা কাৰণত মানুহক হাৰাশাস্তি নকৰে
, এই
প্ৰসংগত সাপৰ উদাহৰণ দাঙি ধৰি কেঙে কৈছে
, “সাপে মানুহ খেদি
খেদি নোখোঁটে৷ গচক পৰিলে নাইবা বাধা দিলে কিন্তু শুদাই নেৰে৷
 (পৃ:২৫) মাছৰ সংখ্যা
ক্ৰমান্বয়ে যে হ্ৰাস পাই আহিছে
, এই প্ৰসংগটো উপন্যাসখনৰ
পঞ্চম অধ্যায়ত উল্লেখ কৰা হৈছে৷  মানুহ
,  চৰাই আৰু  জীৱ-জন্তুৱে খাঁওতে খাওঁতেই যে মাছ কমি আহিছে তেনে নহয়৷  নদী,  ৰাস্তা,  মথাউৰি আদি বন্ধাৰদ্বাৰাও মাছৰ সংখ্যা হ্ৰাস
পাবলৈ লৈছে৷ এই ক্ষেত্ৰত মানুহেই যে দায়ী সেয়াও উপন্যাসখনত প্ৰকাশ কৰা হৈছে -“শুন, মানুহে বহু
ধৰণে মাছবোৰ নিৰ্বংশ কৰিলে৷ এই ধৰ মানুহে যে নদীত বান্ধ দিছে
,  ৰাস্তা বান্ধিছে, মথাউৰি দিছে – এইবোৰে মাছৰ চৰা ঠাই কম কৰি আনিছে নে নাই? আৰু এই যে ধৰ চাহ বাগানৰ চাহগছত দিয়া ঔষধ, কাৰাখানাৰ
দূষিত পানী – এইবোৰ আহি নদীৰ পানীত পৰিছে নে নাই
? দূষিত পানীত
মাছবোৰ মাৰিছে নে নাই
?” (পৃ:৬০-৬১) মানুহে নিজৰ সুবিধাৰ বাবে,
নিজৰ স্বাৰ্থৰ পূৰণৰ হেতু নদ-নদী ভেটা, ৰাস্তা
সজা আদি সকলো মানুহৰ সুবিধাৰ কাৰণেই কৰিছে৷ মানুহে আন আন প্ৰাণীসমূহক
ধ্বংসৰ পথলৈ ঠেলি পঠাইছে। ফলত প্ৰকৃতিৰ অংশ প্ৰাণীসমূহ নাইকিয়া হ
বলৈ লৈছে৷

         পৃথিৱীৰ মৰমউপন্যাসখনৰ শেষত
ঔপন্যাসিকগৰাকীয়ে এক উল্লেখনীয় নিদৰ্শন দাঙি ধৰিছে৷  মাছৰ ৰজা কেং আৰু কানাই বৰশী লৈ মাছ মাৰিবলৈ
যায় আৰু কেঙৰ বৰশীত এদিন মাছৰ পৰিৱৰ্তে এটা শিহুহে লাগিল৷ কেঙে সেইটো মাছ বুলি ভাবি উঠাবলৈ সক্ষম হ

যদিও মাছৰ পৰিৱৰ্তে যেতিয়া শিহু এটাহে উঠি আহিছিল তেতিয়া কেঙৰ মনটো হতাশ হৈ
পৰিছিল৷  কিয়নো শিহু নামৰ প্ৰাণীটো সেই
বিলখনত এটাই আছিল সেইটোও কেঙৰ বৰশীত লাগিয়েই মৃত্যু হ
ল৷ সেই কাৰণতে কেঙে “আৰু জীৱনত বৰশী নাবাওঁ বুজিছ” (পৃ:৯৩) বুলি কানাইক কৈ বৰশীডাল পানীৰ মাজলৈ দলিয়াই দিলে৷ ঘটনাটোৰ চাৰিদিনৰ পাছত কেং আহি মৰা শিহুটোক গাঁত
খান্দি সুন্দৰকৈ পুতি পেলালে
, লগতে অনুভৱ কৰিলে যে তেওঁৰ
জীৱনৰ এক অধ্যায় সম্পূৰ্ণ হ
ল৷  তেওঁ মনে মনে শপতো খালে – “দ্বিতীয় অধ্যায়ত
আৰু এটাও প্ৰাণী বধ নকৰোঁ৷ “(পৃ:৯৪) সেইদিনৰে পৰা মাছ ধৰাৰ পৰিৱৰ্তে কেঙে এখন সুন্দৰ
বাগিচা পতাৰ সিদ্ধান্ত ল
লে৷

         পৃথিৱীৰ মৰমউপন্যাসখনৰ আদিৰ পৰা
অন্তলৈকে এক সুন্দৰ প্ৰকৃতি চিত্ৰ অঙ্কিত হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনাও প্ৰতিফলিত
হৈছে৷ অতি সহজ-সৰল ভাষাত বৰ্ণনা কৰা উপন্যাসখনৰ
চৰিত্ৰসমূহৰ মাজত কেঙৰ যোগেদি পঢ়ুৱৈ সমাজে প্ৰকৃতিজগতক চিনি পোৱাৰ লগতে বিভিন্ন
পশু-পক্ষী
, জীৱ-জন্তুৰ
নাম
, বৰ্তমান সময়ত জন্তুবোৰ পোৱা যায়নে ইত্যাদি বিভিন্ন কথা জানিব পাৰিব৷  এই সকলো দিশৰপৰা পৃথিৱীৰ
মৰম
উপন্যাসখন এখন প্ৰকৃতি সাহিত্যৰ উল্লেখনীয় গ্ৰন্থ বুলি
ব পাৰি৷  এনে ধৰণৰ
প্ৰকৃতি চেতনা সম্পৰ্কীয় গ্ৰন্থৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰী তথা পঢ়ুৱৈ সমাজক যথেষ্ট
উপকৃত কৰিব৷  

           

ঠিকনা : 

ঠিকনা – লখিমপুৰ

ভ্ৰাম্যভাষ : ৯৮৬৪৫৫৮৮৫০

ই-মেইল- kabitaphukan31@gmail.com

ফেইচবুক একাউণ্টৰ লিংক

   https://www.facebook.com/profile.php?id=100069320360555