.post-title{
text-align:left!important;
padding-left:10px;}
দীপিকা শইকীয়া
“হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে
নাৱৰীয়া তই’’
কেনেকৈ
চেপিছ,
খুন্দিছ
তই কোন ক’ৰেনো
হয়
চৌদিশ
গুঁইমেলাৰ দৰে
ৰহস্যময়!
ৰজাঘৰীয়া
জোৰণত
তামোল-পাণ নাই
সাউদৰ
বণিজ
বৰপথাৰৰ
ৰং
তৰা মেলা, বৰজোনৰ
আকাশ
জোনাকৰ
জোলা
হাঁহিৰ
জুনুকা
ছন্দত
গন্ধময়
খৰালি, বাৰিষা
কণ্ঠত মাথোঁ মৌসৰা দিয়া
হাত মেলি
ফুলবোৰ কোনে ছিঙিলে!
চেপি,খুন্দি
খাইছে কোনে
মঙহাল
বঙহৰ কলিজা!
পোৰণি-দেৰণিত দেহা চটেফটাই
মাথোঁ শংকা
আৰু ভয়
কণ্ঠবোৰ
এনেদৰেই হেৰাই যাব নেকি!
document.getElementById(“Anyayug-month”).innerHTML = ” জুন,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;