‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান – ২০২২’ প্ৰদান অনুষ্ঠান

মাহেকীয়া
আলোচনীঅন্যযুগ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে অন্যযুগ বক্তৃতা-২০২৩আৰু অন্যযুগ সাহিত্য সন্মানপ্ৰদান
অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

আজিৰ তাৰিখত অসমত শিল্পচৰ্চাশীৰ্ষকঅন্যযুগ বক্তৃতাপ্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷ তেখেতে বৰ্তমান
সময়ত শিল্পীসকলে নিজৰ সন্তুষ্টিৰ বাবে শিল্পচৰ্চা কৰাৰ পৰিবৰ্তে জনপ্ৰিয়তাৰ বাবে মানুহে
পচন্দ কৰা ধৰণেহে শিল্প চৰ্চা কৰে বুলি তেখেতৰ বক্তৃতাত মত প্ৰকাশ কৰে৷ সেই একেই
অনুষ্ঠানতে
অন্যযুগ সাহিত্য সন্মান-২০২২প্ৰদান
অনুষ্ঠানো অনুষ্ঠিত হৈ যায়৷
 অন্যযুগ সাহিত্য সন্মান -২০২২প্ৰদান কৰা হয়
বিশিষ্ট কবি
, বিজ্ঞান লেখক, অনুবাদক,
প্ৰাবন্ধিক ড বিপুলজ্যোতি শইকীয়াক৷ অন্যযুগৰ হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট শিশুসাহিত্যিক,
বিজ্ঞান লেখকমৌচাকআৰু
নতুন আবিষ্কাৰৰ সম্পাদক শান্তনু তামূলীয়ে৷ ভাষণ
প্ৰসংগত শ্ৰীশইকীয়াই পোনপটীয়া
, সহজবোধ্য কবিতাতকৈ, যিবিলাক কবিতাই তেখেতক এবাৰ পঢ়াৰ পাছতো পুনৰবাৰ পঢ়িবলৈ মনৰ মাজত তাড়ণা অনুভৱ
কৰায়
, তেনে কবিতাৰ প্ৰতিহে বেছি আগ্ৰহী বুলি কয়৷  লগতে অন্যযুগে
তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক
কৃতজ্ঞতা জ্ঞাপন কৰে৷
অন্যযুগ সাহিত্য সন্মান -২০২২’-অনুষ্ঠানটিৰ আঁত ধৰে ড০ জ্যোতিৰেখা হাজৰিকাই৷ সভাত যোৰহাটৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান – ২০২২’ প্ৰদান অনুষ্ঠানৰ কেইটামান মুহূৰ্ত