ডুখৰীয়া চিন্তা

 পংকজ প্ৰতিম বৰদলৈ


 

ঘৰৰ পৰা আৰম্ভ
হওক
!

প্ৰকৃততে হৈছে
কি
?
একধৰণৰ বিশৃংখলতা হোৱা নাইনে? সামাজিক-ৰাজনৈতিক,
আৰ্থিক আৰু সৰ্বোপৰি সমগ্ৰ এখন সমাজৰ যেন নৈতিক অৱক্ষয় হৈছে৷ ই হয়তো
কঢ়িয়াই আনিছে একধৰণৰ সামাজিক হতাশা৷ অৱসাদগ্ৰস্ত আৰু হতাশ সমাজে নতুন চিন্তা কৰিব
নোৱাৰে৷ বহুমুখী বিকাশৰ সুবিধা থকা সমাজ এখন যেতিয়া এই হতাশাৰ চিকাৰ হয়
, তেতিয়া পৰিণত হয় এক ধ্বংসস্তুপলৈ৷ ৰোম বা গ্ৰীচৰ সেই অতুলনীয় সম্পদ আৰু
সামৰ্থৰ পাছৰ কালৰ পৰিণতিলৈ যদি চোৱা যায়
, আন সকলো কাৰকৰ
উৰ্দ্ধত আছিল সামাজিকভাৱে সৃষ্টি হোৱা স্তৰীভূত বিশৃংখলতা আৰু জাতীয় তথা সামাজিক
হতাশাই কোঙা কৰা অৱসাদ৷ যদুবংশও জানো ধ্বংস হোৱা নাছিল নিজৰ মাজৰ কন্দলত
, অন্তৰালত আছিল প্ৰচণ্ড মদমত্ত ক্ষমতা, তাৰপৰা সৃষ্টি
হোৱা বিশৃংখলতা আৰু সেই বিশৃংখলতাই প্ৰেৰিত কৰা অৱসাদে হতাশাৰ নাম লৈ যদুবংশক
ধ্বংস কৰিছিল৷

ইতিহাসৰ পৰা
শিকিবলগা বহুত আছে৷ ইতিহাসে বৰ্তমান আৰু ভৱিষ্যতক ৰাস্তা দেখুৱা

আমি সজ্ঞানে হয়তো ইতিহাসক অৱজ্ঞা কৰিব পাৰোঁ
, কিন্তু
প্ৰকৃততে ই দি যায় বৰ্তমান আৰু ভৱিষ্যতৰ বহু ঘটনাৰ সমাধান বা শিক্ষা৷ কণমানি ল
ৰা-ছোৱালীৰ ওপৰত নিজৰ পিতৃ-মাতৃৰ অত্যাচাৰ বা কমবয়সীয়া ছাত্ৰীৰ অপকৰ্ম বা
জড়িত আন লোকৰ মুখলজ্জাৰ আঁৰত নিজৰ জীৱন ধ্বংসৰ ঘটনা
, ই প্ৰকৃততে
আমাৰ সামাজিক হতাশা আৰু অৱসাদৰ প্ৰতিফলক৷ একে সময়তে এনে ঘটনাৰ অন্তৰালত থকা চেপা
আনন্দ
, আৰু মুখৰোচক কাহিনীৰ দ্বাৰা সেই আনন্দক বিভিন্ন
ধৰণেৰে বিতৰণ কৰি দিয়াৰ সুলভ মাধ্যমৰ প্ৰভাৱত আমি সকলোৱেই কম-বেছি পৰিমাণে দোষী হৈ
পৰিছোঁ এনে পৈশাচিক উত্ৰাৱল আনন্দৰ৷ আমি সমভাগী হ
ব পৰা নাই
এনেঘটনাৰ অন্তৰালৰ সেই আন্ধাৰ পৃথিৱীৰ আমাৰ অজানিতে থকা সমস্যাসমূহৰ৷ সমাজ
,
দেশ আৰু জাতিতকৈ আমাৰ মানসিকতা হৈ পৰিছে ব্যক্তিকেন্দ্ৰিক৷ ব্যক্তিৰ
ব্যক্তিগত মুখৰোচক কাহিনীৰ প্ৰতি আমি ইমান লালায়িত যে তাৰ আগত আমাৰ বাস্তৱ জীৱনৰ
সমস্যাও স্থান পোৱা নাই৷ আমি যেন এসোপা পুতলা
, যিফালেই
নচুৱাইছে আমি নাচিছোঁ৷ আমাৰ বিবেক
, চিন্তা, বোধশক্তিক বন্ধকত থৈ আমি  হৈছোঁ
ন্যস্তস্বাৰ্থ জড়িত মানুহ এচামৰ কুটিল পাশাখেলৰ নিৰ্বোধ পাশা৷ আমাৰ মনোসংযোগ
বিচ্ছিন্ন কৰিব পৰা এনে বহু কামৰ লগত আমি জড়িত থাকি আমি পাহৰি গৈছোঁ আমাৰ প্ৰকৃত
সত্বা
, বিবেক আৰু আত্মাৰ কথা৷ নিৰ্বাধ, নিৰ্বাক হৈ আমি যেন হৈ পৰিছোঁ এমুঠি কাৰাৰুদ্ধ দৰ্শক-শ্ৰোতা৷ আমাৰ জ্ঞান,
বুদ্ধি আৰু চিন্তা কোনো এক কাৰাগাৰত বন্দী৷ এয়া আমাৰ সামাজিক হতাশা৷
এয়া আমাৰ সামাজিক অৱসাদগ্ৰস্ততা৷ জীৱন আৰু জীয়াই থকাৰ বাবে লগা মৌলিক প্ৰয়োজনখিনিকো
পাবলৈ সক্ষম নোহোৱা আমি কি যে এখন অলীক ভাৰ্শ্বুৱেল পৃথিৱীত ডুব গৈ আছো! ইয়াৰ
পৰিত্ৰাণৰ উপায় কি
, এই সামূহিক বিশৃংখলতা দূৰ কৰাৰ উপায় কঠিন
নহয়
, সহজ৷ আমি আমাৰ ঘৰবোৰ ঠিক কৰিলেই হল৷ প্ৰতিজন পিতৃ-মাতৃ বা অভিভাৱকে নিজৰ ঘৰখন এখন প্ৰকৃত ঘৰ কৰাৰ দায়িত্ব
সুচাৰুকৈ পালন কৰা উচিত৷ সন্তান বা পৰিয়ালক লৈ গাফিলতি কৰা উচিত নহয়৷ নিজক
সম্পূৰ্ণ উজাৰি এক সৰ্বাংগসুন্দৰ প্ৰতিমা নিৰ্মাণত যেনেকৈ এজন শিল্পীয়ে সময় দিয়ে
,
তেনে এক দিশত কাম কৰা উচিত৷ প্ৰকৃত পৰিৱৰ্তন ঘৰৰ পৰাই আহিব
ই চুবুৰী-গাওঁ-সমাজ হৈ দেশ-জাতিলৈ সম্প্ৰসাৰিত হব৷ গতিকে, আৰম্ভনি তাৰ পৰাই হওক৷ আমি সেয়াই আশা কৰিব
পাৰোঁ
, ক্ষুদ্ৰ পৰিৱৰ্তনেৰে বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িব
পাৰোঁ!

 

গৌৰৱ কৰাৰ
প্ৰয়োজনীয়তা

আমি আমাক লৈ
গৌৰৱান্বিত হ
বৰ হল৷ ২০০ বছৰীয়া বৃটিছ শাসনে
আমাৰ মানসিকতাক এক গোলামী অনুভৱ দি গ
ল যদিও, আমাৰ সভ্যতা, সংস্কৃতি, ইতিহাস
সকলোতে আমাৰ আমাক লৈ গৌৰৱ কৰাৰ বহু থল আছে৷ এয়া মাত্ৰ বিকৃত নহৈ  আৰু ৰাজনৈতিক তথা ধৰ্মীয় আৱেগমুক্ত হ
ব লাগিব৷ আমাৰ মাজত এনে বহু কৰিৎকৰ্মা লোক আছিল, যিসকলে
আমাক তেওঁলোকৰ কৰ্মেৰে প্ৰেৰণা দি আছে৷ আমি এনে কৰ্মৰ বাবে কেৱল অতীতমুখী নহৈ আমাৰ
বৰ্তমানতো এনে বহু উদাহৰণ পাব পাৰোঁ৷ আৰু একে সময়তে আমি এনে বহুলোকৰ কৰ্মৰাজিক
যুঁকিয়াই চোৱা উচিত
, যিসকল আছিল নিৰৱ কৰ্মীউজলি উঠা সকলো বস্তুৱেই যেনেকৈ সোণ নহয়, আমি তেনেকৈ
এনে বহুলোকৰ বিষয়ে জনা উচিত
, যিসকল অনাখ্যাত বা কম চৰ্চিত,
কিন্তু তেওঁলোকৰ কৰ্মই দেশ বা জাতিৰ বাবে এৰি গৈছে এনে কিছুমান সমল,
যি উত্তৰ জীৱনৰ বাবে অছিল পৰম পাথেয়৷ এনে লোকৰ কৰ্মক আমি অধিকতকৈ
অধিক লোকক জনাব লাগে৷ নতুন প্ৰজন্মক তেনে কথাৰে গৌৰৱান্বিত হ
বলৈ উৎসাহ দিব লাগে৷ ‘Sense of Pride is also essential for
survival’ – কোনোবাই কৈছিল কৰবাত ৷
শিক্ষক-শিক্ষয়িত্ৰীয়ে
, ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকে সন্তানক
তেনে এখন পৃথিৱীৰ লগত চিনাকি কৰি দিয়াৰ গুৰু-দায়িত্ব বহন কৰিব লাগিব.

আন্না মণিৰ নাম বহু পাঠকেই শুনা
নাই চাগে৷ তেখেতৰ অৱদানৰ বিষয়েও বহু কম মানুহেই জানে৷ আচলতে নীৰৱে নিজৰ কাম কৰি
থকা আৰু কামৰ যোগেদি সমাজলৈ অনৱদ্য অৱদান আগবঢ়োৱা এনে লোকৰ বিষয়ে কম জনাটোৱেই
স্বাভাৱিক৷ তাতে তেনেলোকৰ প্ৰচাৰবিমুখিতা এই ক্ষেত্ৰত আন এক বাধা হৈ উঠে৷ এনে
বহুলোক আমাৰ সমাজত আছে
, যি নিৰৱে কেৱল নিজৰ কৰ্ম কৰি যায়৷ আন্না
মণি ভাৰতৰ বতৰ বিজ্ঞান ক্ষেত্ৰখনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি
, ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ উন্নতিৰ মূল ভেঁটি এই আন্না মণিয়েই গঢ়িছিল৷
এইগৰাকী মহিলা বিজ্ঞানীয়ে ভাৰতীয় বতৰ বিজ্ঞানৰ নিত্য-নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ
লগতে ঘৰুৱাভাৱেও বিভিন্ন প্ৰযুক্তি নিৰ্মাণ কৰি ভাৰতীয় কৃষক আৰু অন্যান্য ক্ষেত্ৰৰ
লোকক বতৰৰ ক্ষেত্ৰত ল
ব লগা আগতীয়া সতৰ্কতা জনোৱাত সফল
হৈছিল৷ এইগৰাকী মহিলা বিজ্ঞানীয়ে দেশৰ বিভিন্ন স্থানত  বতৰ বিজ্ঞান কেন্দ্ৰ স্থাপন কৰি প্ৰযুক্তিৰ
প্ৰসাৰ ঘটাইছিল আৰু সঠিক আগলি বতৰা দিয়াত সক্ষম হৈছিল৷ কিন্তু মুষ্টিমেয় এচাম লোকৰ
বাদে তেখেতৰ অৱদানৰ বিষয়ে জনা লোক বহুত কম৷ এতিয়া এনে ব্যক্তিৰ কৰ্ম আৰু অৱদানৰ
বিষয়ে জনাৰ আৰু জনোৱাৰ প্ৰয়োজনীয়তা আছে
, ই আমাৰ ভৱিষ্যৎ
প্ৰজন্মৰ বাবে এক প্ৰণাৰ উৎস হ
ব পাৰে৷ আমাক প্ৰদান কৰিব
পাৰে এক
‘Sense of Pride’, যি আমাৰ মানসিক উৎকৰ্ষৰ বাবেও অতি
আৱশ্যক৷ ইয়াৰ দায়িত্ব নিতান্তই শিক্ষক
, অগ্ৰজ, প্ৰবীন আৰু পিতৃ-মাতৃৰ দায়িত্ব৷

 

আঁচনি আৰু
সম্পাদন

সততেই দেখা যায়
যে আমি বহু সময়ত চৰকাৰ বা আন কোনো সংস্থাৰ বিভিন্ন আঁচনিৰ
, মূলতে কল্যানকামী আঁচনিৰ ফল কিছুলোকে লাভ কৰা দেখা পাওঁ৷ বহুসময়ত কোনো
আঁচনিৰ ফলাফল প্ৰকৃততে ই প্ৰদান কৰা সুফলৰ ওপৰত নিৰ্ভৰ কৰে৷ আকৌ বহু সময়ত ইয়াৰ
বিপৰীত ছবি এখন দেখিবলৈ পাওঁ৷ আঁচনিসমূহ বেয়াকৈ বিফল হয়৷ বহু সময়ত আঁচনিবোৰৰ
মূলতেই কেৰোণ থাকে আৰু ইয়াৰ ফল প্ৰকৃত পাব লগা লোকসকলে লাভ নকৰে৷ এই দুই বিফলতাই
প্ৰকৃততে ৰাজহুৱা ধনৰ অপচয় কৰোৱাৰ লগতে
, সময় আৰু আন সম্পদৰো
অপচয় ঘটায়৷

পানীযোগান, আলিবাট নিৰ্মাণ, স্বাস্থ্য, শিক্ষা,
জীৱিকা আদি মানৱজীৱনৰ অতি নূন্যতম প্ৰয়োজনীয় দিশবোৰৰ ক্ষেত্ৰত যদি
আঁচনি আৰু সম্পাদনৰ ক্ষেত্ৰত বিসংগতি হয়
, তেন্তে ই এখন ভাল
আঁচনিও বেয়া কৰিব পাৰে৷ ইয়াৰ মূল কেৰোণটো হৈছে যে 
বহু সময়ত এনে আঁচনি কেৱল কিছু মহলৰ ন্যস্তস্বাৰ্থ আৰু ৰাজনৈতিক অভীপ্সা
পূৰণৰ বাবে কৰা হয়৷ আকৌ এনে বহু সময়ত
; সেই একেই আঁচনি,
অত্যন্ত সৰ্বাংগসুন্দৰ হোৱা স্বত্তেও, কেৱল
মাত্ৰ অদক্ষলোকক ইয়াৰ সম্পাদনৰ দায়িত্ব দিয়াৰ বাবে অসফল হয়৷ আঁচনিৰ সফলতাৰ মূল দিশ
হৈছে পৰ্যাপ্ত সময় লৈ যথেষ্ট চিন্তা আৰু পৰিকল্পনাৰে ইয়াক তৈয়াৰ কৰা
, আকৌ একে সময়তে বিভিন্ন পদ্ধতিৰে ইয়াৰ প্ৰতিটো পদক্ষেপতে ইয়াৰ খতিয়ান লোৱা
তথা সামগ্ৰিক সফল ৰূপায়নৰো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা৷ কিন্তু
, সমস্যা হয়, এই সকলোৰে মাজত সমন্বয় ৰক্ষা কৰাটো আৰু
সময়ে সময়ে ইয়াৰ খতিয়ানৰ সমালোচনা কৰাটো৷ এনেবোৰ দূৰদৰ্শী আৰু ভবিষ্যৎমুখী চিন্তাৰ
অভাৱৰ বাবেই বহু আঁচনি শেষ হয়৷ বৰআঁচনিৰ কৰুণ পৰিস্থিতিৰ যি ফলাফল
, সেয়া সাধাৰণ জনতাই ভুগিব লগা হয়৷ পথনিৰ্মাণ, পানীযোগান
আদি বিভিন্ন ক্ষেত্ৰৰ ন্যূনতম জ্ঞান নথকা ব্যক্তিয়ে যদি এনে বিষয়ত আঁচনি কাৰ্যকৰী
কৰাৰ দায়িত্ব পায়
, ইয়াৰ ফলাফল অৱশ্যাম্ভাৱী৷ আমাৰ আঁচনি
প্ৰস্তুত কৰা সংস্থা আৰু অন্যান্য সম্পাদন কৰা সংস্থাসমূহৰ মাজত এই সমন্বয় অতি
প্ৰয়োজনীয়৷ আঁচনিৰ সুফল তেতিয়াহে প্ৰকৃত জনতাই লাভ কৰিব পাৰিব৷

 

বৈদেশিক চিন্তা

কুৰি শতিকাৰ
দুটা উল্লেখযোগ্য ঘটনা আছিল দুখন বিশ্বযুদ্ধ৷ এই দুখন কিছু বছৰৰ বিৰতিত হোৱা
যুদ্ধই মানৱ সভ্যতাৰ অপূৰণীয় ক্ষতি সাধন কৰিছিল৷ যোৱা সময়চোৱাত বিশ্বৰ ৰাজনৈতিক
পৰিস্থিতি সলনি হৈছে৷ যুদ্ধ অৰ্থনীতি আৰু বাণিজ্যকেন্দ্ৰিক হৈ পৰিছে৷ গতিকে
, যুদ্ধৰ দামামা বহুসময়ত লাভ লোকচান নিৰ্ভৰ হৈ পৰিছে৷ তৎস্বত্তেও
মলসামগ্ৰিকভাৱে সমগ্ৰ বিশ্বত এক অস্থিৰ অৱস্থা বিৰাজ কৰিছে৷ তলে তলে এক চেপা
উত্তেজনা আছে৷ যি সৃষ্টি কৰিছে আস্থা-অনাস্থা আৰু সংশয়ৰ এক পৰিৱেশ৷ এচিয়াত  যুদ্ধবাজ চীন আৰু ভাৰতৰ সংকট
,  ৰাচিয়াই য়ুৰোপলৈ কঢ়িয়াই
আনিছে  অশনি সংকেত
, আকৌ
পাকিস্তান আদিৰ নিচিনা অসফল ৰাষ্ট্ৰৰ হাতত পাৰমাণৱিক বোমা আদিৰ শক্তি থকাটোৱেই হৈ
পৰিছে বহু পৰিমাণে চিন্তাৰ কাৰক৷ টাইৱানক কেন্দ্ৰ কৰিও চীন আৰু আমেৰিকাৰ শীতল
যুদ্ধ আন এক উদ্বেগৰ বিষয় ৷ নিজৰ আভ্যন্তৰীন সমস্যা আৰু বৰ্তমানৰ বিশ্বৰ
পৰিৱৰ্তিত পৰিস্থিতিতো আমেৰিকাই বুজা নাই যে
, পূৰ্বৰ
আমেৰিকাৰ সেই স্থিতি আৰু প্ৰতিপত্তিক প্ৰত্যাহ্বান জনাব পৰা বিশ্বশক্তি বিশ্বত
ইতিমধ্যে সৃষ্টি হৈছে৷ গতিকে সমগ্ৰ বিশ্বক নিজৰদ্বাৰা নিয়ন্ত্ৰণৰ আমেৰিকাৰ এই বৃথা
চেষ্টাক যিমান সোনকালে আমেৰিকাই বুজি পাব
, সিমান সোনকালেই
আচলতে বিশ্বৰ বহুবোৰ সমস্যাৰে সমাধান হ
ব৷ কিন্তু মেকুৰীৰ
ডিঙিত টিলিঙা বান্ধিব কোনে
?  ভাৰতৰ  বৈদেশিক নীতিক লৈ বিশ্বত
সততে চৰ্চা হৈ আছে৷ বৰ্তমান সময়লৈকে ভাৰতে নিজস্বাৰ্থৰ বাবে এক সময়সাপেক্ষ বৈদেশিক
নীতি গ্ৰহণ কৰিছে৷ ইয়াত মূলঠাই পাইছে 
বাণিজ্যিক আৰু অৰ্থনৈতিক স্বাৰ্থই৷ একেসময়তে ইয়াৰ জৰিয়তে চীনৰ অৱশ্যাম্ভাৱী
ভাৰত আক্ৰমণো বহু পৰিমাণে ৰোধ কৰা সম্ভৱ হৈছিল৷ গতিকে বৰ্তমান সময়ত বৈদেশিক
সম্পৰ্কৰ দিশবোৰো ঘনেপতি সলনি
হয়৷ মিত্ৰ আৰু শত্ৰুৰ ৰেখাডাল
সময়সাপেক্ষ আৰু পৰিৱৰ্তনশীল৷ গতিকে তেনে ক্ষেত্ৰত সময়সাপেক্ষ
, নিজ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা বৈদেশিক নীতি গ্ৰহন কৰাটো প্ৰয়োজনীয়।

 

মণিপুৰৰ ভৱিষ্যৎ

 

ক্ৰীড়া আৰু
পৰ্যটনৰ লগতে
, অনেক সম্পদেৰে ধনী এখন সম্পশালী অথচ পিছপৰা ৰাজ্য হৈছে
মণিপুৰ৷ আমাৰ চুবুৰীয়া এই ৰাজ্যৰ মাজত থকা অপাৰ সম্ভাৱনাক কিছু অদূৰদৰ্শী
সিদ্ধান্ত আৰু সন্ত্ৰাসবাদে শেষ কৰি দিছে৷ যোৱা মাহটোত  মণিপুৰত সংঘটিত ঘটনাৱলীয়ে  সমাজ
, ৰাজনীতি আৰু
প্ৰশাসন ব্যৱস্থাৰ সামগ্ৰিক বিফলতাকে সূচাইছে৷ জীৱন আৰু জীৱিকাৰ তথা জনসংখ্যাৰ
বৰ্ধিত স্থিতিয়ে কেনেধৰণে এক অস্তিত্বৰ সংকট আনিব পাৰে
, আৰু
এনে স্পৰ্শকাতৰ বিষয় পৰিচালনা কৰিবৰ বাবে যি ধৰণৰ দক্ষতা বা আগ্ৰহৰ প্ৰয়োজন আছিল
,
সেয়া মণিপুৰৰ ক্ষেত্ৰত দেখা নগল৷ চোৰাংচোৱা
সংস্থা বা আৰক্ষীৰ পূৰ্ব দক্ষতাদক্ষতাৰ দ্বাৰা বহুবোৰ ঘটনা ৰোধ কৰিব পৰা যায়৷
কিন্তু মণিপুৰৰ ক্ষেত্ৰত ইয়াৰ বিশেষ উদাহৰণ দেখা নগ
ল৷
মণিপুৰত মানুহৰ মনবোৰ জ্বলিল
, আৱেগবোৰ জ্বলিল৷ এই দুটা
বহুবছৰলৈ জ্বলি থাকিব৷ যি অলপ শান্তি ৰাজ্যখনত আছিল
, সেয়া
এতিয়া এক দোমোজাত থাকিব৷ উন্নয়নৰ ৰাস্তাত চলিব লগা ৰাজ্যখন এতিয়া আৰু কিমান বছৰলৈ
বা পিছুৱাই গ
, সেয়া সময়ে কব৷ অকলোৰে সদিচ্ছা আৰু প্ৰকৃত উন্নয়নেহে মণিপুৰৰ শান্তি ঘূৰাই আনিব৷ আমি
কেৱল অপেক্ষা কৰিব পাৰোঁ৷

 

শেষ চিন্তা:
সাহিত্য

অসমৰ সাহিত্য
আৰু সংস্কৃতি জগতৰ এক সমকালীন সমালোচনা হৈছে যে
, আমাৰ সাহিত্য
বাস্তৱমুখী নহয়৷ আমাৰ সাহিত্য-সংস্কৃতি আৱেগ
, প্ৰকৃতি,
প্ৰেম, পৰিয়াল আৰু অতি ৰোমান্টিকতাৰ এক অদৃশ্য
আচ্ছাদনেৰে আবৃত৷ সমকালীন সময়ৰ বাস্তৱমুখী চিত্ৰ
, ৰাজনৈতিক
অভিসন্ধি
, বিদ্ৰোহ, ৰাজনৈতিক চিত্ৰৰ
সাৰ্থক ৰূপায়ণ আদি বাস্তৱানুৰাগ দিশৰ উপস্থাপন ক্ষীণ আৰু পোনপটীয়া নহয় বুলি অভিযোগ
পোৱা যায়৷ ইয়াৰ এক মূল কাৰণ হৈছে আমাৰ মাজত তথ্যনিৰ্ভৰ
, স্বচ্ছ,
পোনপটীয়া আৱেগবহিৰ্ভূত আৰু সবাৰো শীৰ্ষত এখন সমকালীন সাহসী ইতিহাসৰ
অনুপস্থিতি৷ উত্তৰ-স্বাধীনতাকালীন সময়চোৱা আমাৰ ৰাজ্যখনৰ যি ইতিহাস বৰ্তমানলৈকে
পোৱা গৈছে
, সি বিক্ষিপ্ত, অসংহত তথা
বহুসময়ত প্ৰকৃত তথ্যনিৰ্ভৰ হোৱাতকৈও কল্পনাবিলাসী চেতনাৰহে সমাহাৰ৷ অতীত আৰু
মধ্যযুগৰ ইতিহাস যেনেকৈ প্ৰয়োজনীয়
, তেনেকৈ সমকালীন, সাহসী, সত্য আৰু তথ্যনিৰ্ভৰ ইতিহাসো সমানেই জৰুৰী৷
তেনে এক সফল দস্তাৱেজৰ অভাৱত আমাৰ চিন্তা-চেতনাক কেৱল এক ৰোমাণ্টিক আৱেশেৰে আৱদ্ধ
কৰি ৰাখিছে৷ চৰকাৰ
, বুদ্ধিজীৱি আৰু সাংবাদিক আদিৰ মিলিত
প্ৰচেষ্টাত বহু প্ৰকৃত সত্য বাহিৰলৈ কেতিয়াও ওলাই নাহিল
, আৰু
ই প্ৰকৃততে আমাৰ প্ৰকৃত ইতিহাসক গাপ দি থোৱাৰ নিচিনা হ
ল৷
ইতিহাস ৰচনা যদিও এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া
, আৰু সময়ে সময়ে
নতুন উদ্ঘাটিত তথ্যই নতুন পথ নিৰ্দেশ কৰে
, তৎস্বত্তেও,
সমকালীন সময়ৰ নিৰ্মোহ বিশ্লেষণে তদনীন্তন সময় আৰু ভৱিষ্যতৰ বাবেও
তথ্যসিদ্ধ সমল এৰি যায়৷ তেনে সমলৰ আধাৰত বাস্তৱানুগ আৰু প্ৰত্যক্ষ সাহিত্য সৃষ্টিৰ
সম্ভাৱনা থাকে৷ অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত আৰু ইতিহাস লেখনতো তেনে এক অভাৱ
বাৰুকৈয়ে অনুভূত হয়৷

ঠিকনা :

উপ সঞ্চালক,

ৰাষ্ট্ৰপতি সচিবালয়, ৰাষ্ট্ৰপতি ভৱন,

নতুন দিল্লী৷

ভ্ৰাম্যভাষ – ৮৮০০৯৪৮৮০৮