হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত

(৪)

ৰাতিপুৱাৰ সময়। নৈৰ
পানীত অকণি অকণি মাছবোৰে খেলি আছে। পাৰতে হৰিণা কেইটামানে ৰ
দ লৈ
বহি আছে। নৈৰ ওচৰৰ শিমলুজোপাৰ তলত গোবৰ অলপ পৰি আছিল। আজিকালি গুবুৰ বাসস্থান
সেয়াই। আগৰ গোবৰখিনি শুকাই গ
ল। তাত গুবুৰ খাদ্য শেষ হল। গতিকে এই শিমলুতলৰ গোবৰত গুবুৱে নতুনকৈ ঘৰ পাতিলে।
 

ভুচুৱে গা ধুই আহি
সেইখিনিতে অকণমান বহিছিল। কাকৈয়েও এখোজ দুখোজকৈ আহি ভুচুৰ ওচৰতে বহিল। অলপ পাছত
গোবৰৰ মাজৰ পৰা গুবুও ওলাই আহিল।
 

“অকাকৈ
দেখোন! অ
ভুচুও বহি আছা! তোমালোক ইয়াতে আছা বুলি মই গমেই
পোৱা নাছিলো”- গুবুৱে মাত লগালে।

হঠাতে নৈৰ পাৰত খৰমৰকৈ
হোৱা শব্দ এটা শুনি তিনিও ঘূৰি চালে। হৰিণাকেইটা বহাৰ পৰা উঠি হাবিৰ ফালে খোজ ল
লে।
সিহঁতে শুকান পাতবোৰ গছকি যোৱাৰ বাবেই শব্দটো হৈছিল।

হৰিণাকেইটা যোৱা দেখি
কাকৈয়ে ভালেই পালে। কাকৈয়ে এবাৰ নৈৰ যুঁৱলিলৈ গৈ মাছবোৰ আছে নে নাই চাই আহিল।
মাছবোৰ সেইখিনিত নাছিল। খেলি খেলি ভাগৰ লগাত সিহঁত চাগৈ ঘৰাঘৰি গ
লগৈ।
বাৰু ভালেই হ
ল। কবতো নোৱাৰি– এটা
পাখি দুটাক দিয়া কথাটো জনাজনি হ
লে কোনোবাই হুলস্থুল কৰি দিব।

কাকৈয়ে পাখিটো
উলিয়াই ভুচু আৰু গুবুৰ সন্মুখত থ
লে।

“অএইটো
দেৱতাই দিয়া পাখি ন
? তোমাকো দিছে নেকি কাকৈ?”– ভুচুৱে পাখিটো চিনি পাই সুধিলে। কাকৈয়ে “ওঁহো” বুলি মূৰটো সোঁৱে বাঁৱে
লৰালে।

গুবুৱে ইমান দিনে
কাকৈৰ মুখত ৰংচঙীয়া পাখিৰ কথা শুনিহে আছিল। পাখিটো সি বৰ আগ্ৰহেৰে চালে।

“তোমাক নাইদিয়া যদি
কাক দিছেনো কাকৈ
?” ভুচুৱে পুনৰ সুধিলে।

“পাখিটো তহঁত দুয়োকে
দিছে বুলি ধৰি ল।”

কাকৈৰ উত্তৰ শুনি
দুয়োটা আচৰিত হ
ল। দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰিলে পাখি দুয়োটাই পাব।
কিন্তু এটা পাখি দুয়োটাৰ মাজত কেনেকৈ ভাগ হ
?

কাকৈয়ে দুয়োৰে মনৰ
ভাব বুজি পালে। তেওঁ সিহঁতক কণমানি চৰাইটোৱে পাখিটো পেলাই থৈ আগদিনাৰ কথাবোৰ
বুজাই ক
লে। 

“আস্! তাৰমানে মোৰ
সপোনটো পূৰণ হ
ব। মই এইবাৰ পাহাৰলৈ যাবলৈ পাম”– ভুচুৰ আনন্দৰ সীমাই নোহোৱা
ল। গুবুও বৰ সুখী হল। হাবিৰ নতুন
বাসিন্দা যদিও সিও দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰিছে
, তাতকৈ
ভাল লগা কথা কি হ
ব পাৰে!

“টোৰ্-টোৰ্ টোৰ্-টোৰ্,

            কপাল ফুলিল দেই মোৰ!

টোৰ্-টোৰ্ টোৰ্-টোৰ্,

            মোৰ সপোনটো হবগৈ
পূৰ।”

ভুচুৱে আনন্দমনে গান
গাই গাই সেইখিনিৰ পৰা আঁতৰি গ
ল।

সেইদিনাই দুপৰীয়া
পাহাৰৰ ওপৰত ৰামধেনু এখন দেখা গ
ল। সাধাৰণতে বৰষুণ এজাকৰ
পাছতহে ৰামধেনু দেখা পোৱা যায়। এনে 
আবতৰীয়া ৰামধেনুৱে
দেখা দিয়াৰ অৰ্থ হৈছে পাছদিনা আগবেলাতে দেৱতাৰ সভা অনুষ্ঠিত হ
ব।
নিমন্ত্ৰিত জীৱ-জন্তুখিনিয়ে আগবেলাতে পাহাৰৰ বালিচন্দাখিনিৰ ওচৰ পাবগৈ লাগিব।

হাবিখন আনন্দৰে ভৰি
পৰিল।

সেই ৰাতি ভুচু আৰু
গুবুৱে নৈৰ পানীত নাচি থকা জোনবাইৰ প্ৰতিবিম্বটো চাই বহুত সময় কথা পাতি পাতি বহি থাকিল।
হাবিৰ বাকীখিনি বাসিন্দা সোনকালেই শুলে। পাছদিনা সকলোৱে সোনকালে উঠিব লাগিব। সভালৈ
নিমন্ত্ৰিতখিনিয়ে কাহিলী পুৱাতে পাহাৰলৈ যাত্ৰা আৰম্ভ কৰিব লাগিব।
অনিমন্ত্ৰিতখিনিয়ে হাবিখন আৰু দেৱতাৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা কৰিব।

গুবু আৰু ভুচুৰ
ফুৰ্তিত টোপনি অহা নাছিল। দুয়োৰে মাজত বিভিন্ন কথা ওলাল। দেৱতা দেখিবলৈ কেনেকুৱা
ব পাৰে, দেৱতাৰ মাতটো শুনিবলৈ কেনে হব পাৰে  দুয়ো নিজৰ নিজৰ ভাগে কল্পনা কৰিলে। কথা পাতি পাতি এটা সময়ত দুয়োৰে
ভাগৰ লাগিল কিজানি! দুয়ো মনে মনে বহি এবাৰ জোনবাইটোলৈ
, এবাৰ
পাহাৰলৈ চাই ৰ
ল।

দুয়োৰে এনে লাগিল জোনবাইটোৰ পোহৰ যেন আনদিনাতকৈ বেছি! পাহাৰবোৰৰ জিলিকনিও যেন আনদিনাতকৈ বেছি!

দুয়োৰে মন আনন্দৰে
ভৰি আছে কাৰণেই চাগে তেনে অনুভৱ হৈছে।

গুবুৱে এবাৰ আকাশলৈ
চালে। ভুচুৱে ভাবিলে– তাৰ দৰে গুবুৱেও বাৰু তৰাবোৰৰ লগত কেতিয়াবা মনে মনে কথা
পাতে নে
? তাৰো চাগে এৰি থৈ অহা ঘৰখনলৈ মনত পৰে!

নোসোধোঁ বুলি ভাবিও
ভুচুৱে হঠাতে সুধি পেলালে– “গুবু
, তুমি এই হাবিখনত কেনেকৈ
পৰিলাহি
?”

গুবুৱে সৰু মাতেৰে কলে– “তুমি
জানো নাজানা
, গুবৰুৱাই গোবৰৰ কাৰণেই বহুদূৰ উৰি যাব পাৰে!”
 

ভুচুৱে সোঁৱে বাঁৱে
মূৰ লৰালে। সি সঁচাকৈয়ে গুবৰুৱাৰ কথা বিশেষ একো নাজানে।

গুবুৱে পুনৰ কলে– “জনা
হোৱাৰে পৰা এটা কথাই শিকিছো
, গোবৰতেই আমাৰ খাদ্য থাকে।
গোবৰেই আমাৰ ঘৰ। সেই গোবৰ বিচাৰি আমি বহুদূৰলৈ গুচি যাব লগাও হয়। কেৱল পৰিয়ালৰ
সদস্যৰ কথা ভাবি আমি গোবৰ নথকা ঠাইত থাকি যাব নোৱাৰোঁ। সেয়াই আমাৰ ধৰ্ম। এই নৈখনৰ
সিটো পাৰৰ হাবিখন শেষ হৈ শিল আৰু বালিৰে ভৰা এখন বৰ বিশাল পথাৰ আছে। এদিন গোবৰ
বিচাৰি আহি থাকোঁতে সেই পথাৰ পাৰ হৈ
, নৈ পাৰ হৈ এইখন হাবি
পালোহি।”

“পৰিয়ালৰ আনখিনি
গুবৰুৱালৈ তোমাৰ মনত নপৰেনে গুবু
?”

“পৰে। মনত কিয় নপৰিব? তাতে
হাবিৰ কিছুমানে যেতিয়া গোবৰ খুঁচৰা বুলি মোক হাঁহে
, আৰু
তুমি মোৰ লগত ভালকৈ কথা এষাৰ পাতিলেও যে তোমাকো হাঁহে
, তেতিয়া
খুব বেয়া লাগে জানানে! তেতিয়া পৰিয়ালৰ বাকীখিনিলৈ বেছিকৈ মনত পৰে।”
 

কথাকেইটা শুনি ভুচুৰ
বেয়া লাগি গ
ল। সি গুবুৰ মনটো ভাল লগাবলৈকে কলে– “হব দিয়া, আনে আমাক হাঁহিলে কিটো হব! দেৱতাই যে আমাক মৰম কৰে, সেই কথা এতিয়া সকলোৱেই
গম পাইছে।”

“তাকেহে ভুচু। আমি যে
হাবিখনক আপোন ভাব কৰিছোঁ
, সেয়া দেৱতায়ো জানিছে। আৰু এটা কথা
কি জানা! মই অহংকাৰ কৰা নাই
, কিন্তু আগৰ দিনত ইজিপ্টৰ মানুহে
পিৰামিডৰ ভিতৰত মামিৰ লগতে গুবৰুৱাকো
স্থান দিছিল। ইমানেই
আমাক পবিত্ৰ জ্ঞান কৰিছিল জানা! মোক ইহঁতে যেতিয়া হাঁহে
, মই এই
কথাটো মনলৈ আনি মনটো ভাল লগাই লওঁ।”

ভুচুৱে হাঁহি এটা মাৰি
মূৰ দুপিয়ালে। গুবুৱে মনৰ আনন্দত আজি খুব মুকলিকৈ কথা পাতিছে। আনকালে সি খুব গহীন
হৈ থাকে। গুবুৱে পুনৰ মুখ মেলিলে – “বাৰু ভুচু
, তুমিনো আগতে কত আছিলা? তুমিও হাবিলৈ অহা বৰ বেছি দিন হোৱা নাই
বুলি কাকৈয়ে মোক কৈছিল।”

ভুচুৱে যেন এই
প্ৰশ্নটো শুনিবলৈহে বাট চাই আছিল! সি এটা দুটাকৈ নিজৰ সকলোখিনি কথা গুবুৰ আগত কৈ গ
ল।
গুবুৱে শুনি গ
ল ঘৰ এখনৰ কথা।

ৰঙা মাটিৰে লিপি থোৱা
কেঁচা ঘৰখন গৃহস্থই বৰ পৰিষ্কাৰকৈ ৰাখিছিল। আগচোতালৰ একাষে আছিল গোঁসাই ঘৰটো। তাৰ
কাষতে শেৱালি এজোপা আছিল। মানুহঘৰত অকণমানি ল
ৰা এটা আছিল। থপথপাই ঘূৰি
ফুৰা
, আধাফুটা মাতেৰে কথা কোৱা এটা সৰু লৰা। ভুচুৱে কেতিয়াবা জপং জপংকৈ গৈ আগচোতাল পায়গৈ। চোতালত খেলি থকা লৰাটোৱে ভুচুক দেখিলে “বিকুঈ, বিকুঈ” বুলি কয়।
 

ঘৰৰ পিছফালৰ বাৰীখনত
যে কিমান ফল-মূলৰ গছ আছিল! কঁঠাল এজোপাৰ তলতে ভুচুহঁতৰ গাঁতটো আছিল। বাৰীখনৰ লগতে
লাগি এখন ঘন বাঁহনি আছিল। মাকে ভুচুক বাঁহনিৰ ফালে নাযাবলৈ প্ৰায়ে সঁকিয়াইছিল।

পিছে এদিন ভুচুৰ কপাল
বেয়া আছিল। ভায়েক-ভনীয়েক লুচু আৰু মুচুৰ সৈতে খেলি খেলি মাটিৰ পোক-পৰুৱা খাই
ভুচুৱে কেতিয়ানো কুঁৱাটোৰ ওচৰ পাইছিলগৈ
, বই
নোৱাৰিলে
তাক যে ডাঙৰ চৰাই এজনীয়ে লক্ষ্য কৰি আছিল, সি
সেয়াও গম নাপালে। কুঁৱাটোৰ ওচৰৰ পানী এডোঙাত অকণমান খেলিবলৈ লওঁতেই চৰাইজনীয়ে
তাক থাপ মাৰি ধৰি লৈ গ
ল। সি ঠেং আচাৰি থাকি থাকি এটা সময়ত
কেনেকৈ চৰাইৰ মুখৰ পৰা এই হাবিত পৰিলহি
, ধৰিবই নোৱাৰিলে।
যেতিয়া তাৰ জ্ঞান আহে
, তেতিয়া সি কাকৈৰ ওচৰত আছে।
 

সেয়াই ভুচুৰ কাহিনী।
এই জনমত চাগে ভুচুৱে ক
ত আৰু সেইখন ঘৰ পুনৰাই দেখা পাব! কত আৰু মাক, দেউতাক, লুচু-মুচুহঁতক
লগ পাব!

সেইকাৰণে সি সিহঁতৰ
কথা মনলৈকে নানে। কিন্তু মনলৈ নানো বুলি ভাবিলেই জানো কথাবোৰ মনত নপৰাকৈ থাকে!

ভুচুৰ চকু পুনৰ
চলচলীয়া হ
ল।

“ইচ্ ৰাম! তোমাৰ মনটো
এনেকৈ বেয়া লাগিব বুলি জনা হ
লে মই কেতিয়াও এইটো কথা
নুসুধিলোহেঁতেন ভুচু”– গুবুৱে ক
লে। তাৰ সঁচাকৈয়ে বৰ বেয়া
লাগিল।

ভুচুৱে চকু মোহাৰি কলে “একো
নাই। একো নাই। মনৰ কথাবোৰ কাৰোবাক ক
বলৈ মন যায়। সেয়েহে
তোমাক আজি ক
লোঁ। মনটো এতিয়া বহুত পাতল পাতল লাগিছে।”

“বাৰু তেন্তে। মন
বেয়া নকৰিবা। আমাৰ কপালত এই ধুনীয়া হাবিখনত থাকিবলৈকে লিখি থোৱা আছিল।”

“তাকেহে। বাৰু গুবু, বহুত
ৰাতি হ
ল। শুই থাকিব লাগে এতিয়া। তুমি শোৱাঁ দেই। মই যাওঁ। কাইলৈ
লগ পাম”

“ওঁ যোৱাঁ।”

ভুচু আৰু গুবু শুবলৈ
যোৱাৰ সময়ত হাবিখনৰ বাকীখিনি বাসিন্দাৰ এঘুমতি গৈছিল।

                                                                                    (আগলৈ)