ববিতা কলিতা



 

হেৰেমলৈ আজি বাদশ্বাহ আহিব

বতাহৰ গতিত
বিয়পি পৰিল খবৰটো৷  কিন্নৰ শ্বাহ বানুৱে
লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ কৰি দিলে৷ লগে লগে হেৰেমৰ বতাহভাগ
চঞ্চল হৈ পৰিল৷ বাদশ্বাহ আহিলেই  ৰমণীসকল ব্যস্ত হৈ পৰে নজাকত আৰু তেহজীৱৰ আখৰাত৷
বাদছাহৰ সংগসুখৰ বাবেই বজাৰত মেলি দিয়া পণ্যৰ দৰে আকৰ্ষণীয় ৰূপত নিজক সজাই তোলে
হেৰেমৰ  ৰমণীসকলে৷
 

সুউচ্চ দেৱালৰ
ৰত্নখচিত আইনাখনত নিজৰ ৰং-সনা মুখখনি এপাক চাই লয় মেহেৰে৷ নীলপদ্মৰ কলি যেন তাইৰ চকুদুটি
, তিলফুলীয়া নাকটি, গোলাপৰ পাহি যেন ওঁঠযুৰি এটি এটিকৈ
খুটি খুটি পৰীক্ষা কৰে তাই৷ নিজৰেই নজৰ লাগি জিকাৰ খাই উঠে তাইৰ যৌৱনে চুই যোৱা
দেহাটি৷ কিন্তু তাইৰ চন্দ্ৰালি দেহ ভেদি বিয়পি থাকে এক অতনু অতৃপ্তি৷ কেতবোৰ
অনুভূতি দেহজ হৈও হৈ পৰে দেহাতীত৷
 

দাসীসকলে পিছে অইন দিনৰ
দৰে আজিও নিজলৈ চাবৰ আহৰি পোৱা নাই৷ তাহাঁত ব্যস্ত হৈ পৰিছে বেগমবোৰৰ পৰিচৰ্যাত৷ পুষ্পসজ্জিত
হৰেমত আজি তাহাঁতে বেগমবোৰক নোৱাইছে
, চন্দনৰ তেলেৰে বেগমহঁতৰ
দুগ্ধফেননিভ শৰীৰত মালিচ কৰিছে
, কেশবিন্যসৰ তলত আঁতৰৰ সুগন্ধি ছটিয়াইছে, বেগমবোৰক  শ্বাহী গহনা-কাপোৰ পিন্ধাইছে৷

অহংকাৰৰ তাজবোৰ
পিছে বেগমহঁতে নিজেই নিজৰ শিৰত পিন্ধি লৈছে৷ তাজ নহয়
, ই যেন তেওঁলোকৰ বাদছাহৰ ওপৰত থকা অধিকাৰৰ প্ৰতীক৷ যি অধিকাৰ দাসীৰ নাথাকে,
বন্দীনীৰ নাথাকে, নাথাকে কোনো ৰক্ষিতাৰ৷
 

ৰূপহী
ৰক্ষিতাবোৰে নিজক সজোৱাৰ দায়িত্ব নিজেই লৈছিল৷ সিহঁতৰ সাজ-সজ্জা চকুত লগাকৈ আছিল
অতিকে উগ্ৰ৷ বাঞ্ছিতজনৰ দৃষ্টিত পৰাকৈ শৰীৰৰ ভাঁজবোৰ প্ৰকট হৈ পৰা পোছাকেৰে তাহাঁত হৈ উঠিছিল
আৱেদনময়ী৷ তাহাঁতৰ চকুৱে-মুখে ফুলি আছিল কামনাৰ ৰক্তজবা একোপাহি৷ চগাক পুৰিবলৈ যেন
সিহঁত নিজেই জুই হৈ জ্বলিছিল৷
 

হেৰেমৰ প্ৰতিটো
চুকত একেভাৱে পোহৰ নপৰাৰ দৰেই একাংশ ৰমণীৰ মনতো বাদশ্বাহৰ আগমনক লৈ কোনো উৎসাহ নাছিল৷ বাদশ্বাহে যুদ্ধত জয় কৰি অনা বন্দী ৰাণীসকলৰ চকুত সিদিনা কাজলৰ বোল নাছিল৷ আছিল ভীতি আৰু শংকাৰ একোচপৰা কলীয়া মেঘ৷ সেই মেঘ
ফালি দেখিছিল জানো কোনোবা ৰাণীয়ে হেৰেমৰ পৰা মুক্ত হোৱাৰ সপোন
? 

মুক্তিৰ সপোনৰ কিবা অৰ্থ জানো আছিল? হেৰেমৰ ওখ প্ৰাচীৰৰ মাজতেই আৱদ্ধ হৈ
পৰিছিল সহস্ৰ নাৰীৰ জীৱন-যৌৱন৷ কেৱল বন্দী নাৰীৰেই আছিল জানো এই ব্যথা
বাদশ্বাহৰ
নিকটাত্মীয় ৰমণীসকলো আছিল হেৰেমৰ বাসিন্দা৷ নাৰী আছিল মাথোন ভোগৰ সামগ্ৰী৷ ভোগ্য
সামগ্ৰীক যতনাই ৰখাদি আবুৰত ৰাখিছিল নাৰী নামৰ লোভনীয় শৰীৰবোৰ৷ কংক্ৰিটৰ প্ৰাসাদত
পিষ্ট হৈ ক’ৰবাত পৰি ৰৈছিল স্বাধীনতাৰ সপোনবোৰ৷ সেইসকল নাৰীৰ বাবে হয়তো মুক্তি এটি
আচহুৱা শব্দ হৈ পৰিছিল৷
 

প্ৰথমাৱস্থাত
মেহেৰেও দেখিছিল মুক্তিৰ সপোন৷ হেৰেমৰ দেৱাল লংঘি সীমাৰ সিপাৰে থকা মাক-দেউতাকৰ
বুকুৰ মাজত সুখৰ এঘুমটি মৰাৰ কণমানি সপোন সাবটি 
শুই পৰিছিল তাই৷ তাইৰ চৌপাশে হেজাৰ ৰমণী অদৃশ্য
শিকলিৰে  বান্ধ খাই থকা হেজাৰ নাৰীৰ অজস্ৰ
কাহিনী৷ শ্ৰোতাবিহীন৷ মেহেৰৰ মুক্তিৰ সপোনটোও এটি বিলাস মাত্ৰ হৈ থাকি গৈছিল বুকুৰ
এচুকত৷ মিলি গৈছিল তাইৰ আশাবোৰ হেৰেমৰ নৈমিত্তিকতাত৷
 

কিন্তু বাদশ্বাহ অহাৰ খবৰ পাই মেহেৰৰ সপোনবোৰে সিদিনা আকৌ এবাৰ গা টঙাই উঠিছিল৷ মুখত ৰং এজেবা সানি
লৈ ৰৈ আছিল তাই বাদছাহৰ এপলক সুদৃষ্টি লাভৰ বাবে মুক্তিৰ ফৰিয়াদ চকুত আঁকি চাই ৰৈছিল
তাই বাদশ্বাহ অহা বাটলৈ৷ বাদশ্বাহৰ প্ৰেমিক হৃদয়ে জানো নুশুনিব তাইৰ মুক্তিৰ আৰ্জি
? 

ৰাজ্য শাসনত
ব্যস্ত বাদশ্বাহ কাহানিবাহে আহে হেৰেমলৈ৷ হেৰেমত থকা তিনি সহস্ৰাধিক ৰমণীৰ মাজত সিদিনা
চলে সৌন্দৰ্যৰ অঘোষিত প্ৰতিযোগিতা৷ কোনে কৰিব বাদশ্বাহক সন্তুষ্ট
? কোনে লাভ কৰিব বাদশ্বাহৰ সান্নিধ্য? কোন হব বাদশ্বাহৰ অংকশায়িনী? বাদশ্বাহক এবাৰ ওচৰৰ পৰা চাবলৈ,
এবাৰ তেওঁক স্পৰ্শ কৰিবলৈ, এবাৰ তেওঁৰ
শয্যাশায়িনী হ
বলৈ ব্যাকুল হৈ থাকে হেৰেমৰ ৰমণীসকল৷ থাকিবৰেই
কথা৷

ৰাজকীয় সমস্ত
সুখ-সুবিধাৰে পৰিপূৰ্ণ আছিল হেৰেমৰ বিশাল চৌহদ৷ কিন্তু শৰীৰী ক্ষুধা নিবাৰণৰ বাবে
সহস্ৰ নাৰীৰ সম্মুখত একমাত্ৰ পুৰুষ আছিল বাদশ্বাহ৷ সেই পুৰুষৰ আগমনলৈ আকৌ ৰমণীসকলে দিন
, মাহ, বছৰ জুৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছিল৷ ভাগ্যৰ চকৰিখেলত
পাশা পেলাই ৰৈ থাকিছিল সুন্দৰী নাৰীসকল৷ পিছে কাছিৎহে ফুলিছিল সিহঁতৰ আকাংক্ষাৰ ফুলবোৰ৷ বাদশ্বাহৰ প্ৰিয় নাৰী হোৱা ইমান সহজ নাছিল৷
 

মেহেৰেও বাদশ্বাহক
কাহানিও কাষৰ পৰা পোৱা নাই৷ বাদশ্বাহৰ লস্কৰে উঠাই আনিছিল তাইক বাদশ্বাহৰ পৰগনাৰ
সীমামূৰীয়া গাঁও এখনৰ পৰা৷ ভেড়া চৰাবলৈ আহিছিল মেহেৰ গাঁৱৰ ইটো মূৰত৷ আগে-পাছেও
আহিছিল তাই সেউজীয়াৰ নৈ বৈ থকা ঠাইডোখৰলৈ৷ কিন্তু সিদিনা তাইক যেন দুৰ্ভাগ্যই
হাতবাউলি মাতিছিল৷ ঘাঁহনিৰ ওপৰৰ বিস্তৃত আকাশখন সিদিনা ক
লা
মেঘে ছানি ধৰি সংকুচিত কৰি পেলাইছিল৷

মেহেৰ
আকাশলৈ চাচোন৷ কিবা যেন কেহেৰ অহাৰ বাতৰি আনিছে৷

ককাকৰ চিঞৰ শুনি
লৰ মাৰি ওলাই গৈছিল মেহেৰ৷

নোম কটাৰ সময়ত
ভেড়াকেইটা পানীত তিতি গ’লে ককাকে গালি পাৰে বুলিয়েই তৰা-নৰা ছিঙি লৰ মাৰিছিল তাই
ভেড়া চৰোৱা ঘাঁহনিডৰালৈ৷ হাতত এছাৰিডাল লৈ ভেড়াকেইটাৰ বাট পোনাই থাকোঁতেই যুদ্ধৰ
সাজ পিন্ধা লস্কৰ এজনে তাইৰ হাতখনতে খামোচ মাৰি ধৰিছিলহি৷ সৰি পৰিছিল তাইৰ হাতৰ
এছাৰিডাল৷ তাইৰ গগন ফলা চিঞৰত ভেড়াকেইটাই যেনি-তেনি দৌৰি পলাইছিল৷ মেহেৰে তাইৰ
সৰ্বশক্তিৰে যুঁজিও লস্কৰজনৰ হাতৰ পৰা নিজৰ হাতখন মুক্ত কৰিব পৰা নাছিল৷ মেহেৰৰ
চকু মুখ ঢাকি ঘোঁৰাত তুলি লৈ অহা হৈছিল ৰাজদৰবাৰলৈ৷

দৰবাৰত পেচ কৰাৰ
পাছতহে জানিব পাৰিছিল তাই বাদশ্বাহৰ সাম্ৰাজ্যৰ ভিতৰত সোমাই পৰিছিল হেনো সিহঁতৰ
গাঁৱৰ এডোখৰ মাটি৷ ভুলবশতঃ সেইডোখৰ মাটিতেই তাই ভেড়া চৰাবলৈ আহিছিল৷ সুন্দৰী নাৰী
বাদশ্বাহৰ উপভোগৰ সামগ্ৰী৷ গতিকেই সেনাই মেহেৰক বাদশ্বাহলৈ উপহাৰ হিচাপে তুলি লৈ আহিছিল৷ বনৰীয়া ফুল এথোপাৰ দৰেই মেহেৰক আগুৱাই
দিয়া হৈছিল বাদশ্বাহৰ সৌজন্যত৷
 

বাদশ্বাহে মূৰ
দুপিয়াই উপহাৰ কবুল কৰিছিল৷ হাজাৰ উপহাৰৰ মাজৰ এক উপহাৰৰ দৰেই একাটি কৰি থৈছিল
বাদশ্বাহে মেহেৰক ৷ বাদশ্বাহৰ এটি ইংগিতত গঁতিয়াই দিয়া হৈছিল তাইক হেৰেমৰ পদূলিত৷ কান্দি
কান্দি ৰঙা পৰা মেহেৰৰ চকুদুটা পিছে হেৰেমৰ দৃশ্য দেখি মেল খাই ৰৈছিল বহুপৰলৈ ৷
 

বন্দীশালৰো কি
এক চমৎকাৰী আয়োজন! শিশুৰ বাবে পঢ়াশালিৰ পৰা ৰাজকীয় খাদ্যসম্ভাৰলৈ
, আৰাম আৰু স্বাচ্ছন্দ্যৰ বিলাসী সাধনৰ পৰা সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীলৈকে
সকলোখিনিৰেই বন্দোৱস্ত কৰা আছিল হেৰেমৰ সুবিশাল চৌহদটোত৷
 

বাদশ্বাহৰ বেগম, আত্মীয়, দাসী, ৰক্ষিতা,
গোলাম সকলো হেৰেমৰ একেখন মূধচৰ তলত আৱদ্ধ হৈ পৰিছিল৷ চাৰিবেৰৰ মাজত
আৱদ্ধ হৈ পৰিছিল অনেক নাৰীসত্তা৷ দেশ
, ভাষা, শ্ৰেণী, সংস্কৃতিৰ বিবিধতাবোৰ নোহোৱা হৈ সকলো হৈ
পৰিছিল কেৱল নাৰী৷ কেৱল বাদশ্বাহৰ অমানত৷

অন্য পুৰুষৰ পৰা
গা বচাই ৰাখিবলৈ নাৰীক কৰি ৰখা হৈছিল ছিদ্ৰহীন আবুৰৰ মাজত৷ নাৰী নাৰী হৈ থাকিব লাগিব, হৈ থাকিব লাগিব কেৱল
বাদশ্বাহৰ উপভোগ্যা৷ নহ
লে হেৰেমৰ পৰা বিতাৰিত নাৰী নিশাটোতে হৈ
পৰে পথৰ ভিখাৰীনী৷ নতুবা এন্ধাৰ গলিৰ সস্তীয়া গণিকা৷

মেহেৰ বন্দী হবৰ
পৰা এই প্ৰথমবাৰ শুনিছে বাদশ্বাহৰ আগমনী বাৰ্তা৷ প্ৰথম বাৰলৈ স্বচক্ষে প্ৰত্যক্ষ
কৰিছে নিজক পণ্য কৰাৰ প্ৰতিযোগিতাখন৷ যৌৱনে ন কৈ পাহি মেলা তাইৰ দেহাটো তাই নিজেই
লিৰিকি বিদাৰি চাইছে৷ পৰিব নেকি আজি তাইৰ পাল
? পাৰিব জানো
তাই বাদশ্বাহক তৃপ্ত কৰিব
পাৰিব জানো তৃপ্ত কৰিব নিজৰ অবদমিত
আকাঙ্ক্ষাবোৰক
?

বামুইলাইজা
হুছিয়াৰ!

হেৰেমলৈ বাদশ্বাহ
আহিছে৷
 

দ্বাৰৰক্ষীৰ
ঘোষণা শুনি ওৰণি
, হিজাবৰ আঁৰত মুখ লুকুৱাই সকলো সস্তম হৈ ৰৈ
আছিল৷ অপেক্ষাৰ বহুত দিনৰ মূৰত আজি হেৰেমত পুৰুষৰ পদধূলা পৰিছে৷ নাৰী মনৰ অবদমিত আকাঙ্ক্ষাবোৰ
মুহূৰ্তে মুহূৰ্তে ছাঁ-পোহৰ হৈ লুকা-ভাকু খেলিছে৷ হেৰেমৰ খেলৰ পাকৈত খেলুৱৈসকলে
তৎপৰতাৰে আগুৱাই গৈ ৰজাক আৱৰি ধৰিছে৷

জহাপনাহ…জহাপনাহ ৷
কনিজলৈ এক নজৰ প্ৰেমৰ চাৱনিৰে চাওক৷ কৃতাৰ্থ কৰক জহাপনাহ৷ কৃতাৰ্থ কৰক৷

আস…নাৰী নহৈ
যেন সিহঁত একো একোটি তৃষ্ণাৰ্ত চাতক চৰাই৷ হেৰেমত শুকাই যোৱা যৌৱনৰ আঁহ-পাহবোৰে
যেন হাহাকাৰ কৰিছিল প্ৰেমৰ এটোপাল নিৰ্যাসৰ বাবে৷ মৰুভূৰ হাহাকাৰবোৰে বেদুইন বুকুত
ঘৰ সাজিছিল৷ আচৰিতভাৱে বহুগামী বাদশ্বাহৰ প্ৰতি কাৰো আখেজ নাছিল৷ নাছিল বিতৰাগ৷ আত্মসমৰ্পনৰো
কি এক নগ্ন  ৰূপ
?

মেহেৰে এন্ধাৰ
চুক এটাৰ আঁৰ লৈ চাই ৰয়। হঠাৎ সলনি হৈ পৰা হেৰেমৰ ৰংবোৰ৷

যৌৱনৰ সম্ভাৰ লৈ
বাদশ্বাহৰ প্ৰণয় ভিক্ষা কৰি ৰৈ আছিল জাক জাক গাভৰু৷ কোনোবাজনীয়ে যদি বাদশ্বাহক নৃত্যৰে
মুহিবৰ চেষ্টা কৰিছে
, কোনোবাজনীয়ে আকৌ বাদশ্বাহৰ হাত-মূৰ পিটিকি
অৱসাদ ভাঙিবৰ প্ৰয়াস কৰিছে৷ কোনোবাজনীয়ে যদি বাদশ্বাহৰ সৈতে জলকেলীত মিলিত হৈছে
,
কোনোবাই আকৌ বাদশ্বাহক সুদৃশ্য পাত্ৰত বাকি দিছে এচলু গোলাপী নিচা৷ শৰীৰৰ
সন্মুখত যেন  তুচ্ছ হৈ পৰিছে মন
, আত্মা, বিৱেক, নৈতিকতা কিম্বা
ঔচিত্য-অনৌচিত্যৰ প্ৰশ্নবোৰ৷

হঠাৎ পট সলনি হয়৷
উত্তেজনাৰ শিখৰত থকা বাদশ্বাহে ৰমণীৰ জাকটোৰ মাজৰ পৰা কোনোবা এজনীক থপিয়াই লৈ যায়
নিজৰ শয়নকক্ষলৈ৷ অতৃপ্ত বাসনাবোৰ বুকুত সাবটি দুৱাৰৰ ইটো পাৰে ৰৈ যায় হেজাৰ আহত
চকু৷

মেহেৰে চকু মুদি
দিয়ে৷

টোপ টোপকৈ সৰি
পৰা চকুলোৰে তাইৰ ৰং বুলোৱা মুখখনি বিবৰ্ণ হৈ পৰে৷

তৃপ্ত বাদশ্বাহে
জানো বুজে অতৃপ্ত শৰীৰৰ যন্ত্ৰণা!
 

নুবুজে দেখিয়েই
হেৰেমত আৱদ্ধ নাৰীৰ মুক্তিৰ দুৱাৰ খোল নাখায় কাহানিও৷ বাগী নাৰীক নিয়ন্ত্ৰণ কৰিবলৈ
বাদশ্বাহে হেৰেমত তেহনাত কৰিছে কিন্নৰৰ দল৷ কিন্নৰৰ বাহুত বল আছে৷ কিন্তু সিহঁতৰ
মাজত নাৰীদেহক উত্তেজিত কৰিব পৰাকৈ পৌৰুষ নাই৷ বাসনাহীন নাছিল কিন্নৰসকল৷ অথচ সেই
বাসনা নাৰীমুখী নোহোৱা কথাটোৱে অস্বস্ত কৰিছিল বাদছাহক৷ পুৰুষৰ বহুগামিতা সকলো
প্ৰশ্নৰ উৰ্দ্ধত৷ কিন্তু হেৰেমৰ নাৰীৰ ওপৰত পৰ পুৰুষৰ দৃষ্টি পৰাটো
নাপাকহৰাম’!

নাৰীদেহৰ
অৱদমিত আকাঙ্ক্ষাবোৰক উপেক্ষা কৰাটো পাক নে নাপাক মেহেৰ
?
 

নুৰজাহান বিবিয়ে
এন্ধাৰত বহি থকা মেহেৰৰ কাণৰ কাষত গৈ ফুচফুচকৈ সোধে৷

চক খাই উঠে
মেহেৰ৷ এনেয়েও বৃদ্ধা নুৰজাহানৰ চেহেৰাটো দিনকদিনে ভয়লগা হৈ উঠিছে৷ কেঁচা-পকা
এজপৰা অযত্নপালিত শুকান চুলিৰে
, শোঁটোৰা পৰা গাৰ ছালেৰে, কোটৰত সোমোৱা চকুহালেৰে যখিনীৰ ৰূপ ধৰা নুৰজাহানলৈ বেছিপৰ চাই থাকিব
নোৱাৰে মেহেৰে৷
 

জৱাব
নাই! সেইবুলি তেজৰ গৰমো নাইনে
? নম্বৰ আহোঁতে আহোঁতে তেজ
চেঁচা পৰি যাব মেহেৰৰ৷ পেটৰ ভোকৰ বাবে নহয়
, ইয়াত দেহৰ ভোকৰ
বাবেহে সংগ্ৰাম কৰিব লাগে৷ জিকিলেতো জিকি গ
লি৷ বেগমহঁতৰ দৰেই
সাম্ৰাজ্যৰ ওৱাৰিছ পাই যাবি৷ মূৰৰ ওপৰত তাজো পাই যাবি৷ কিন্তু হাৰিলে নুৰজাহান
বিবি হৈ ৰ
বি৷ “

নাটকীয় ভংগীত
নুৰজাহানে কোৱা কথাবোৰে বুকুত বিন্ধি ধৰে মেহেৰৰ৷

তুমি
ভবাৰ নিচিনা একোৱেই নহয়৷ মই পলাই যাম নুৰ বিবি৷ সীমান্তত আম্মি-আব্বুৱে মোলৈ বাট চাই ৰৈ আছে৷
মেহেৰে বিশ্বাসেৰে কয়৷

মেহেৰৰ কথাত খুককৈ হাঁহি উঠে নুৰজাহান৷ 

কাৰো
আম্মি-আব্বুৱে হেৰেমৰ বাহিৰত বাট চাই নাথাকে, বুৰ্বক ছোৱালী৷ হেৰেমৰ বাহিৰত হয়
ভিক্ষাৰ পাত্ৰই
, নহয় এন্ধাৰ গলিৰ সস্তীয়া গণিকালয়ে বাট চাই
থাকে। বৰ বেছি বগাৱত কৰা তিৰোতাসকলৰ বাবে অন্দৰ মহলত ফাঁচীকাঠেও বাট চাই থাকে৷ হিঃ
হিঃ হিঃ৷ কবৰো নছিব নহ
ব বুৰ্বক ছোৱালী৷
 

তাৰ মানে
আমাৰ জীৱন-যৌৱন
, চিন্তা-সপোন সকলো ইয়াতেই শেষ হ? হেৰাই যাম আমি মহলৰ ওখ দেৱালৰ আঁৰত? বেগমহঁতৰ দৰে আমাক স্মৰণ কৰিবলৈ নাথাকিব আমাৰ কোনো উত্তৰসুৰী৷ আমাৰ মন আৰু
শৰীৰ হৈ থাকিব অসূৰ্যস্পৰ্শা
?” নুৰজাহানক উদ্দেশ্যি কোৱা
কথাবোৰৰ অনুৰণন মেহেৰৰ নিজৰ কাণতো বাজি থাকে৷

আকৌ এবাৰ ভয়লগা
চাৱনিৰে চাই খুককৈ হাঁহে নুৰজাহানে৷

মেহেৰে নুবুজে
সেই হাঁহিৰ অৰ্থ।
 

বুৰ্বক
ছোৱালী
, অকলশৰীয়া হৈ থাকিব নালাগে তই ৷ অলপ চতুৰ হ৷ বন্ধ ঘৰৰ
ভিতৰতে বিচাৰি পাবি তই তোৰ মুক্তিৰ ৰাস্তা৷ বিচাৰি নাপালে নিজে কাটি ল
বি নিজৰ বাট ৷ সময়ত বাট কাটিব নজনাসকলে ইয়াতেই ঘুৰ্মুটিয়াই মৰি থাকে৷

মেহেৰৰ আমনি
লাগিছিল একে ঠাইতে বহি থাকি৷ সকলোৱে পাগলী বুলি এৰাই চলা নুৰজাহানৰ সৈতে বেছিপৰ
একেলগে কটাবলৈও টান পাইছিল মেহেৰে৷ কিন্তু নুৰজাহানৰ কথাৰ সত্যতাকো অস্বীকাৰ কৰিব
পৰা নাছিল তাই৷ বাদশ্বাহৰ কৃপাধন্য হ
ব নোৱাৰিলে নুৰজাহানৰ দৰে
একালৰ ৰূপহী এজনীও এনেদৰে পৰি ৰয় অৱহেলাৰ জাবৰত৷ নাৰীৰ সহজাত দৈহিক তাড়নাবোৰো জাহ
যায় অৱৰ্জনাৰ পুতি দুৰ্গন্ধত৷ ভৱিষ্যৎবোৰ হেৰাই যায় এন্ধাৰ কুঠৰীত৷
 

অনিন্দ্ৰা আৰু
মনৰ অসুখত মেহেৰৰ খোজবোৰ থৰক-বৰক হৈ পৰে৷ নুৰজাহানে মেহেৰলৈ কেৰাহিকৈ চাই আৰু এবাৰ
পৈশাচিক হাঁহিটো মাৰে৷ এইবাৰ মেহেৰে বুজি উঠে সেই হাঁহিৰ অৰ্থ৷

শয়নকক্ষত ক্ষণিকৰ
বিশ্ৰামৰ বাবে সোমাই পৰা মেহেৰ আৰু ওলাই নাহে৷ শোৱাপাটীত লাগি ধৰে মেহেৰ৷ মনৰ
অসুখে কাবু কৰে তাইৰ ষোড়শী দেহ৷
 

নুৰজাহানে তাইৰ
কোটৰত সোমোৱা চকুহাল টানি মেলি ধৰে মেহেৰৰ সম্মুখত৷ নুৰজাহানে মেহেৰৰ শীৰ্ণ হাত
এখন নিজৰ হাতত তুলি ধৰি তাইৰ নাড়ী পৰীক্ষা কৰে৷

এই
শ্বাহ বানো
,হাকিম মাতিব লাগিব, হাকিম৷
 

পুৰুষোচিত শৰীৰত
নাৰীৰ লাস্যময়িতাৰ অতিৰঞ্জন-অসহ্যকৰ৷ শ্বাহ বানুক দেখি মুখ ঘূৰায় মেহেৰে৷

নুৰজাহানে পিছে
বানুক কাউবাউকৈ ধৰে৷

সোনকালে
হাকিম মিঞাক আনিব লাগে৷ নহ
লে মৰি থাকিব এইজনী৷
 

শ্বাহ বানুৱে
শুই থকা মেহেৰলৈ চাই মুখখন ইকাটি-বিকাটি কৰি আঁতৰি যায়৷

বাদশ্বাহৰ আদেশ নহলে
হেৰেমলৈ হাকিম নাহে৷ হেৰেমৰ ৰমণী বাদশ্বাহৰ গোলাম৷ হেৰেমত প্ৰৱেশৰ বেলিকা
হাকিম-বৈদ্যৰ ওপৰত হেজাৰ বাধা-নিষেধ আৰোপ কৰা হয়৷ ঢাকি পেলোৱা হয় হাকিমৰ মুখমণ্ডল৷
ৰোগী হ
লেও যে সেয়া নাৰীৰ শৰীৰ৷ হাকিমে খোজে প্ৰতি সাৱধান হবলগীয়া হয়৷
 

বানুৱে জোৰ দি
ধৰে বুলিহে হাকিম আহে হেৰেমলৈ৷

বেমাৰ
কাৰ
?” হাকিম চাহাবে সোধে বানুক৷

পৰ্দাৰ আঁৰত থকা
মেহেৰলৈ থুঁতৰিৰে দেখুৱাই দি আঁতৰত ৰৈ থাকে বানু৷ হাকিম আহিলে পহৰাদাৰী কৰাটো
সম্ৰাটৰ হুকুম৷
 

হাকিম চাহাবে
সোধে মেহেৰক
,

তোমাৰ
অসুখ ক
?”
 

মেহেৰ উচুপি উঠে৷
নাৰীয়ে দেহৰ ভোকৰ কথা কোৱাটো সমাজৰ দৃষ্টিত অপৰাধ! মেহেৰে নিজক সম্বৰণ কৰে৷

নুৰজাহানে
মেহেৰৰ ওপৰত জঁপিয়াই পৰাদি পৰে৷

নকৱ
কিয় মৰতী
? তোৰ সৰু কলিজাটোত ৰৈ ৰৈ বাজি উঠা ধপধপনিবোৰৰ কথা, পেটত পিৰপিৰাই ফুৰা সুৰসুৰণিবোৰৰ কথা৷ নিদ্ৰাহীন ৰাতিবোৰৰ কথা৷ তুঁহ জুই হৈ  জ্বলি থকা যৌৱনৰ জুইকুৰাৰ কথা৷

মেহেৰে ইস-আস
কৰে৷

মতা
মানুহজনৰ সম্মুখত কিনো বলকে পাগলীজনীয়ে
?”

হাকিমে বুজি পায়
মেহেৰৰ উচপিচনিবোৰৰ কথা ৷ বুজে তেওঁ নুৰজাহানৰ বলিয়ালিবোৰৰ কথা ৷ হেৰেমৰ বন্ধ বতাহত
ঘূৰি ফুৰে অতৃপ্ত বুকুৰ চেঁচা হুমুনিয়াহ কিছুমান৷

মেহেৰৰ হাত এখন
নিজৰ হাতৰ মুঠিত সুমুৱাই লৈ হাকিমে ওঁঠৰ কাষলৈ হাতখন উজাই আনি বিৰবিৰকৈ কিবা
নুবুজা মন্ত্ৰ মাতে ৷ তাৰ পাছত কেইটামান দীঘলীয়া ফু-ফুৱনি৷

মেহেৰে লাহে
লাহে চকু মেলে৷ তাইৰ শুকান ওঁঠযুৰিলৈ জীৱন নামি আহে৷

নুৰজাহানে তাইৰ
ঘোলা চকুদুটা মেলি ধৰি মিচিককৈ হাঁহে৷


মেহেৰক আজিকালি
মাহে-পষেকে নৰিয়াত পৰা বানুৱে খবৰ দিয়ে৷ হাকিম চাহাব হেৰেমলৈ লৰালৰিকৈ আহে৷ পৰ্দাৰ
আঁৰত বিৰবিৰ শব্দেৰে গভীৰ ৰাতিলৈ কোনেও নুবুজা মন্ত্ৰ চলে
; মেহেৰৰ ওঁঠৰ ফাঁকেৰে গৰম নিশ্বাস সৰে৷

পৰ্দাৰ বাহিৰত
শ্বাহ বানুৱে সন্তোষৰ হাঁহি মাৰে৷

নুৰজাহানৰ
শোঁটোৰা পৰা মুখখনত যুদ্ধজয়ৰ আনন্দ ফুটি উঠে৷
 

সময়ৰ চকৰি ঘূৰে৷ আঙুলিৰ
মূৰত দিন গণে বন্দী ৰমণীসকলে৷ 

হেৰেমলৈ বাদশ্বাহ বহুদিন অহা নাই৷

 কিন্তু  আচৰিতভাৱে মেহেৰৰ চকুৰ অতৃপ্তিবোৰ কোনেও আৰু
দেখা নাই৷ মেহেৰে নিজেও৷