ৰমানন্দন বৰা

(আঠ)

 

আহিন মাহৰ চিকুণ
ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে
বগা হৈ উপচি পৰিছে৷ ক’তো এচপৰা মেঘ নথকা পৰিষ্কাৰ আকাশ৷ মাকে তালৈ ভাত বাঢ়ি দিয়া কাঁহৰ
কাঁহীখন যেনেকৈ ক’তো মলি অকণ নথকাকৈ চাফা, তেনেকুৱা যেন লাগিল তাৰ৷ দূৱৰি বন আৰু গছৰ পাতৰ
আগত নিয়ৰৰ টোপালবোৰে চকু টিপিয়াই আছে৷ ৰাতি নৌ-পুৱাতেই জাক পাতি পাতি কে
বাজাকো শৰালি
আকাশত কাঁড় দি উৰি গ’ল, কূজনেৰে উপচাই গ’ল তলৰ সেউজীয়া পৃথিৱী৷ এতিয়া বগলী, কণামুচৰি,
কাম চৰাই, দলপুঙাবোৰে এটা-দুটাকৈ উৰি উৰি খাদ্যৰ সন্ধান কৰিছে৷ বকুল চাপৰিয়েই হওক বা
নতুন চাপৰিয়েই হওক, এই কেইদিন মাছৰ উজান৷ খাল, দোং, খান্দা, বিলবোৰ শুকাই আহিছে৷ বিৰিণা,
মজাৰণিৰ তলে তলে থকা খাল আৰু খান্দাবোৰত নানান ৰঙী চৰাইৰ সমাৱেশ৷ পানী শুকাই নতুনকৈ
ওলোৱা পাৰৰ কোমল বোকা মাটিত অলেখ চৰাইৰ ঠেঙৰ পতাৰ নখৰ চিন৷

সেউজীয়া পামৰ আটাইবোৰ
মানুহ এতিয়া পুলি-বাৰী উলিওৱাত ব্যস্ত৷ কঠিয়া গুণে কিৰিষি৷ আগৰ সঁচবোৰ আজিকালি নাইকিয়া
হ’ল৷ আটাইবোৰ খেতিৰে গুটি হাইব্ৰিড হ’ল৷ এবছৰ খেতি কৰি পাছৰ বছৰলৈ তাৰ সঁচ ৰাখিব নোৱাৰি৷
ফলত খেতি এতিয়া সম্পূৰ্ণ কোম্পানীৰ মুঠিত৷ কোম্পানীয়ে যদি সঁচ ভাল নিদিয়ে, খেতি ভাল
নহ’ব৷ বীজৰ জুই-ছাই দামে আকাশ চুইছেগৈ৷ এক কিলো বন্ধা কবিৰ গুটিৰ দাম ত্ৰিছ হাজাৰ টকা৷ এইবোৰ
খেতিত আকৌ পোকৰ উপদ্ৰৱ হয় বেছি৷ দৰব নিদিলে ৰক্ষা নপৰে৷ সাৰ নিদিলে নাবাঢ়ে৷ খেতিয়কৰ বাবে
খেতি কৰাটো এটা সাংঘাতিক সমস্যা হৈ উঠিছে৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈও কোনো যুগুতি
নাই৷

ফোনৰ ৰিংটনটোৱে তাৰ
চিন্তাত যতি পেলালে৷

“তোমাক কালি ফোনত
নাপালোঁ৷ দহ বজাতে শুলানে?”

“গাঁৱলীয়া মানুহ৷
দহ বজালৈ এঘূমটি যায়৷ ফেঁচাই উৰুলি দিলেই আমি বিছনাত উঠোঁ৷”

“ধেমালি বাদ দিয়াঁ৷
পৰহিৰ পৰা ফে
চবুকত তোমাৰ ফ্ৰেণ্ডবোৰে তোমাক ইমানকৈ গালি পাৰি আছে৷ একো উত্তৰ নিদিয়াঁ কিয়?” – অৰুন্ধতীৰ কণ্ঠত অনুযোগ৷

“বাটেদি হাতী গ’লে
কুকুৰে ভুকে৷ সেই বুলি হাতীয়ে কুকুৰলৈ চোঁচা নলয়৷”

“এইজাক কুকুৰ নহয়,
বৰ কদো৷ তোমাক কাণে-মূৰে ছানি ধৰিছে৷ তুমি কিবা এটা কৰানা৷”

“মই কি কৰিম?

 “তুমি সিহঁতক ফ্ৰেণ্ড লিষ্টৰ পৰা আঁতৰ কৰাঁ আৰু শান্তিত
থাকাঁ৷”

“কিন্তু সিহঁতে নিজৰ
পে
জত তোমাক তিৰষ্কাৰ কৰিয়েই থাকিব৷ মানুহে তোমাকেই বেয়া বুলি ভাবিব৷” – অৰুন্ধতীৰ মাত
কান্দো কান্দো৷

“চিন্তা নকৰিবা৷
সিহঁত ফে
চবুকৰ হিৰ’, বাস্তৱত জিৰ’৷ মই ৰিয়েল হিৰ’৷ মোক সিহঁতে একো কৰিব নোৱাৰে৷ আমাৰ সমবায়
ভাঙিব নোৱাৰে৷ সেউজীয়া কৃষি পামৰ একো কৰিব নোৱাৰে৷ আচ্ছা অৰু, ফেঁহু খাবা যদি আহাঁ৷
আমাৰ মঙলী যোৱা ৰাতি জগিল৷”

“তুমি সদায় কথাবোৰ
পাতল কৰাঁ৷”

“ঠিক আছে, তুমিয়েই
ডাঠ কৰি থাকাঁ৷ ফেঁহু খালে আহাঁ৷ নহ’লে নমস্কাৰ৷”

খঙতে অৰুন্ধতীয়ে
ফোন কাটি দিলে৷ সি মিচিকিয়া হাঁহি এটা মাৰি ফোনটো পেণ্টৰ জেপত ভৰাই থ’লে৷

এইকেইদিন পৰশুৱে
ফে
চবুক খুলিব নোৱাৰা অৱস্থা৷ তাৰ বন্ধু-তালিকাৰ একাংশই তাক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিছে৷
এটা এটা পোষ্টৰ লগত ডেৰকুৰি দুকুৰি মন্তব্য৷ আটাইবোৰেই তীৰ্যক৷ ফে
চবুকৰ বন্ধুবোৰ সাংঘাতিক৷
বয়সৰ সীমাৰেখা নাই; বৃত্তি, সামাজিক অৱস্থা, স্ত্ৰী-পুৰুষ আদিৰ কোনো গণিতা নাই৷ সকলো
বন্ধু হ’ব পাৰে৷ ফে
চবুকত সংযোগ থাকিবলৈ হ’লে বন্ধুত্ব বোলাবিধেই একমাত্ৰ অপচন৷ এইবোৰত মন দিবলৈ
দৰাচলতে পৰশুৰ সময় নাই৷ কিন্তু যুগৰ লগত খাপ খাবলৈকে সি এইটোৰ লগত জড়িত হৈ থাকে৷ আন বহু বিষয়ৰ 
পেজৰ দৰে কেইটামান কৃষি সম্বন্ধীয় পেজ আছে৷ সি সেইকেইটাৰ ছাবস্ক্ৰাইবাৰো৷ খুব অনুপ্ৰেৰণামূলক কথা
আৰু দিহা-পৰামৰ্শ এই পে
জবিলাকত আহে৷ সি সেউজীয়া বাৰ্তা আলোচনীখনো এনেকুৱা এটা পেজত
দিয়াৰ কথা মাজে মাজে চিন্তা কৰে৷

সেইবোৰ চিন্তাহে৷
কামত ৰূপ দিবলৈ তাৰ সিমান জ্ঞানো নাই, আহৰিও নাই৷ সি নিজৰ পাখি অনুসাৰেই উৰিছে, নিজৰ
বাহুবলেৰে সাঁতুৰিছে৷ কিন্তু এই যে আলোচনা-সমালোচনা, গালি-শপনিবোৰ, সি গুৰুত্ব নিদিলেও সেইবিলাকৰ গুৰুত্ব আছে৷ কাৰণ, সমাজৰ এচাম মানুহে এজনে আন এজনক আঘাত কৰিলে সুখী হয়৷
উপায় নাই, মানুহে নিজৰ জিনত লৈ অহা এটা জিঘাংসু প্ৰবৃত্তি৷ এইবিলাকে একোজন মানুহৰ সামাজিক
স্থিতিত আঘাত হানে৷ নেতিবাচক কথাবোৰে ব্যক্তিৰ মনতো প্ৰতিকুলতা সৃষ্টি কৰে৷ অৰুন্ধতীয়ে
ঠিক কথাই কৈছে৷ সি উত্তৰ দিব, শেষত দিব৷ আৰু কোনে কি কয় চাই ল’ব খুজিছে সি৷ সি ভাবি থকা
এটা পক্ষ এতিয়াও নীৰৱেই আছে দেখোন৷ কিয় তাক সেইটো পক্ষই আক্ৰমণ কৰা নাই, সেই উৰহী গছৰ ওৰ উলিয়াব পাৰিলেই
পৰশুৱে মুখ খুলিব৷ এতিয়া সিহঁতে ভুকিছে –

“এজনে ধৰ্ম যুধিষ্ঠিৰ হৈ নিজৰ পেটলৈ আটাইবোৰ চপাইছে৷ আনক ভাত মাৰিছে৷ খেতিয়কৰ ভাৱত সেইজন দস্যু৷”

“একেবাৰে সত্য৷ মোৰ
মাৰ আত্মসহায়ক গোটটোৰ ঋণ বন্ধ কৰি দিছে৷ কি অধিকাৰ আছে এইবোৰ কৰাৰ?”

“সেইজন যুধিষ্ঠিৰে
আত্মসহায়ক গোটে দুপইচা পোৱাটো নিবিচাৰে৷ কিন্তু নিজে সমবায় সমিতিৰ নামত কোটি টকা লুটিছে৷”

“পৰশু বোলা জনৰ দাদাগিৰি
বন্ধ হওক৷”

“আত্মসহায়ক গোটৰ
হিচাপ পৰীক্ষকৰ কাম-কাজ পৰীক্ষা কৰে৷ নিজৰ পামৰ হিচাপ কোনোবাই পায়নে? গললৈকে ধন খাই,
এতিয়া মূৰত ধৰিছে চাগে৷ কটা নিধক৷”

“পুৰণি পৰশুৰামে
মাকৰ ডিঙি কাটিছিল৷ ই আমাৰ ডিঙি চেপি ধৰিছে৷ আমি তাৰ ডিঙি চেপিব লাগে৷”

“মাতৃহন্তা পৰশুৰামৰ
নতুন অৱতাৰ৷ হা হা খেতি কৰাইহে এৰিব৷ বৰ দাদাগিৰি দেখুৱাইছে৷ একে খুন্দাই আগদাঁত আটাইকেইটা
গুৰি কৰি পেলাব লাগে৷”

“অ’ সেইজনৰ আগদাঁত
নাই, গুৰিদাঁতো কেতিয়াবাই গ’ল৷ এতিয়া চেলেকিহে খায়৷ ঔচ বুলিলেই হ’ল ,গাভৰু ছোৱালীৰ গোটবোৰত
হাজিৰ৷”

“তাৰ মানে কথা নগেন৷
সৌকা পালেই বহুৱাব জানে৷”

“দাদাগিৰি নচলিব৷
গাঁৱৰ মহিলাখিনিৰ কাৰণে চৰকাৰে দিয়া টকাখিনি বন্ধ কৰি দাদাগিৰি কৰিলে আমিও দেখুৱাই
দিম মাকৰ বিয়া কেনেকৈ হৈছিল৷”

“বিয়া হোৱা নাছিল
অ’ পলুৱাই আনিছিল৷ হা… হা… বাপেক চপনীয়া৷”

তাৰ ফেচবুকৰ বন্ধুহঁতৰ
বন্ধুত্বৰ স্বৰূপ দেখি পৰশু অলপো আচৰিত নহ’ল৷ পাই থকা সুবিধা এটা হেৰুৱালে সকলোৰে মনত
এনেকুৱা প্ৰতিক্ৰিয়া হ’বই৷ সিহঁতে কি কয় কওক৷ সি সঁচাকৈয়ে সমাজৰ এই নীতি-নিয়মবোৰৰ শিৰচ্ছেদ কৰিবই৷ সি পিছুৱাই নাহে৷

মাজতে দুদিন পৰশু
বকুল চাপৰিৰ ঘৰত আছিলগৈ৷ দেউতাক বেণুৱেও তাক এনেবোৰ কথা কৈছিল, “তইনো কি নলগা লাওত
জেং দিবলৈ গৈছ
? বাটৰ কচু গাত ঘঁহিব নেলাগে৷ কুকুৰৰ নেজ দীঘল হ’লে নিজে পাৰি শুব৷ গোটবিলাকক
বেংকে পইচা দিছে, লৈছে৷ তোৰ কি কাঁহীপাতে গা কাটিছে
? বাদ দে এইবোৰ৷ নিজৰ কামত মন দে৷
পামখন ভালকৈ কৰ৷ সমবায়খন ঠিক মতে ৰাখ৷”

দেউতাকৰ মনত দুখ
দিয়া বা মনত চিন্তাৰ বাহ এটা বন্ধোৱাৰ অলপো ইচ্ছা পৰশুৰ নাই৷ তাক লৈ সপোন দেখা মানুহজনে
জীৱনটো কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰিলে৷ বেছি আৰ্জিব নোৱাৰিলে৷ কিন্তু শান্তিৰে
জীয়াই থাকিবলৈ যিমানখিনি লাগে সিমানখিনি আহৰণ কৰাত তাৰ দেউতাক বিফল হোৱা নাই৷ এতিয়া
সিহঁতৰ অৱস্থা আকালো নাই, ভঁৰালো নাই ধৰণৰ৷ মাটি আৰু খেতিক লৈ তেওঁৰ মনৰ গহনত জীপ লৈ থকা
সপোন এটা সাকাৰ কৰিবলৈ গৈ শাৰীৰিকভাৱে ঘূণীয়া হ’ল৷ এতিয়া পিতৃৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ
দায়িত্ব তাৰ ওপৰত ন্যস্ত হ’ল৷

“দেউতা, আপুনি ভবাৰ
দৰে কথাবোৰ চিধা নহয়৷ টকা বস্তুটো বৰ বেয়া৷ এদিন এই মানুহবোৰৰ টকা নাছিল, ঘৰতে উপাৰ্জন
কৰি পেটে ভাতে খাইছিল৷ এতিয়া টকাবোৰ যেতিয়া বৈ আহিছে, তাৰ সোঁতে আমাক উটুৱাই নিব৷ টকাবোৰ
অপচয় হ’ব৷ মনবোৰ বেয়া, লুতুৰা হ’ব৷ আগতে কৰা কামবোৰ মানুহে নকৰা হ’ব৷ জাতিটো নষ্ট হ’ব৷ আপুনি
চিন্তা নকৰিব দেউতা, মই কাৰো অন্যায় নকৰোঁ৷ কোনেও মোৰো অন্যায় কৰিব নোৱাৰে৷”

“জানো দেও, যি ভাল
দেখ কৰ৷ পিছে ৰাইজখনে তোৰ বিষয়ে বেয়া এটা কোৱা মই সহ্য কৰিব নোৱাৰোঁ৷”

“এইবোৰ দুদিনৰ বাবে৷
এতিয়া সিহঁত চৰকাৰৰ ঘৰৰ ভিক্ষাৰী৷ যেতিয়া চৰকাৰে সিহঁতক খাতিৰ কৰিবলৈ আহিব, সেই দিনটোত
সিহঁত সুখী হ’ব৷”

বাইকখন লৈ সি ৰঞ্জন দেউৰীৰ পামলৈ গ’ল৷ পৰশুৰ সকলো কামতে ৰঞ্জনে সহায় আগবঢ়াই আহিছে৷ চাওঁতে চাওঁতেই সেউজীয়া পামৰ গইনা
লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত আঢ়ৈকুৰি সৰু সৰু কৃষি পাম গঢ় লৈ উঠিল৷ যিকোনো কামত এই পামবোৰে
সেউজীয়া পামৰ পৰা সহায় লয়, সহায় পায়৷ স্বাৰ্থহীন সহায়৷ সকলোৱে একেলগে আগবঢ়াৰ প্ৰতিশ্ৰুতি৷

ৰঞ্জনৰ লগত সি ভিতৰুৱাকৈ
কথাবোৰ পাতিলে৷ “চা ৰঞ্জন, কাম নকৰা গোটবোৰে কি হুলস্থুল কৰে তালৈ মই পৰোৱাই নকৰোঁ৷
আমাৰ কাম কৰি থকা এই পামবিলাকৰ মনবোৰ ঠিকেই আছেনে? মোক পোনপতীয়াকৈ কোনেও বেয়া বুলি
নকয়৷ তোক ক’বও পাৰে৷”

ৰঞ্জনে আলুতলীৰ
খলবোৰ শুকান গোবৰেৰে পুতি আছিল৷

“আমাৰ গাঁওবিলাকলৈ
টকাৰ সোঁত এটা আহিছে এই গোটবিলাকৰ যোগেদি৷ বীজৰ দিনত আমাৰ পামবোৰৰো দুই-একে গোটৰ পৰা
টকা ধাৰে লয়, নোলোৱাকৈ নাথাকে৷ পাছত সুদে-মূলে ঘূৰাই দিয়ে৷ সম্পৰ্কটো সিমানেই৷ এইবছৰ
বীজ কিনা হৈ গৈছে৷ যেনেকৈ নহওক, পামবোৰে দৰকাৰী টকা যোগাৰ কৰিছে৷ এতিয়া যিটো হৈছে,
সেইটো অহা বছৰলৈও থাকিব বুলি সিহঁতে ভবা নাই৷ গতিকে, এইবোৰ কথা চিন্তা কৰি সিহঁতে সময়
নষ্ট কৰা নাই৷ তথাপি খবৰ ৰাখিছে৷ তোৰ কামৰ খবৰ সিহঁতে ৰাখিবই দেচোন৷”

পৰশু আশ্বস্ত হ’ল৷

 

(ন)

 

এই বছৰৰ পৰা খেতিৰ
প্ৰণালী নতুন হ’ব৷

আঢ়ৈ কুৰিখন পামৰ
অধীন প্ৰায় তিনিশ পুৰা মাটি৷ পামবোৰত একে ধৰণৰ খেতিকে আটায়ে কৰে৷ কবি, বেঙেনা, মূলা,
বিলাহী, ৰঙালাও৷ বতৰ অনুসৰি তিতা কেৰেলা, টিঁয়হ, ভেণ্ডি৷ বাৰিষা জিকা, ধুন্দুলিৰ চাংখেতি৷ উৎপাদন
ইমান বেছি হয় যে ফচল খটুৱাবলৈ বজাৰেই নাই৷ তেতিয়া পানীৰ দামত বিক্ৰি কৰে ফচল৷ কেতিয়াবা টানি টানি
মূলটো ওলালেই তত পায়৷ কেতিয়াবা তাকো হেৰায়৷

পৰশুৱে নিজে পামে
পামে ঘূৰি সেউজীয়া পথাৰ আলোচনীত লিখি সি সকলো পামকে বুজাই দিছে – আমি একেবিধ খেতিকে
আটাইবোৰ পামে নকৰি খেতি ভগাই লোৱা উচিত৷ তেতিয়া আমাৰ ফচলৰ উচিত মূল্য পাম৷ নহ’লে চাওক,
কবিৰ দিনত বা বিলাহীৰ দিনত দাম নাইকিয়া হয়৷ পথাৰতে গেলিবলৈ এৰি দিয়াৰ বাবে আন উপায়
নাথাকে৷ কথাটো সকলোৱে মানি ল’লে৷ এনেকুৱা কৰিলে ভাল হ’ব৷ কিন্তু, ধৰা হ’ল এখন পামে
অকল বিলাহীৰ খেতি কৰিলে৷ কিন্তু সেইবছৰ বিলাহীৰ ভাও একেবাৰে পানী৷ তেতিয়া পামখন কেনেকৈ
চলিব? যদি সেই বছৰ কবিৰ ভাও বাঢ়ি থাকে তেন্তে সেইখন পামৰ লাভ আৰু আনখন পামৰ লোকচান
হ’ব৷

এৰা সমস্যাটো গম্ভীৰ৷
আলোচনাৰ অন্তত সিদ্ধান্ত হ’ল একোখন পামে নিৰ্দিষ্ট জোখত চাৰি-পাঁচ বিধকৈ খেতি কৰিব৷
এটা পাচলিৰ দাম কমিলে যাতে আনটোৱে সমতা ৰাখিব পাৰে৷ বজাৰ এখনত বিক্ৰী হোৱা আটাইবোৰ
পাচলিৰ খেতি তেওঁলোকে কৰিব৷

ৰঞ্জনৰ ওচৰত আশ্বস্ত
হৈ পৰশুৱে এইবাৰ বছাগাঁৱলৈ পোনালে৷ তাত খৰালি খেতিৰ কথা ভাবি লাভ নাই৷ তাৰ বদলি সি
তাত জৈৱিক সাৰহে উৎপাদন কৰাব৷ পঞ্চাছখন পামৰ চাহিদা কম নহয়৷ ৰাসায়নিক সাৰ কিমান কিনিব৷
তদুপৰি ৰাসায়নিক সাৰে মাটিখিনি ফচফচীয়া কৰি পানী ধৰি ৰাখিব নোৱৰা কৰি পেলায়৷ মাটিখিনিত দুবাৰমান ভাল ফচল পালেও এটা সময়ত মাটিৰ উৰ্বৰতা একেবাৰে নাইকিয়া কৰে৷ মাটিখিনি নষ্টহে হয়৷
জৈৱিক সাৰত মাটিৰ গুণ বৃদ্ধি হয়৷ খৰচ কম৷ নিজে ঘৰতে উৎপাদন কৰিব পাৰি৷ বছাগাঁৱত এই
সুবিধা আছে৷ গাঁওখনৰ লগতে বৃহৎ দলনি পথাৰ, দ-খাল আৰু দলনিত মেটেকা৷ ঘৰে ঘৰে একোপাল
গৰু৷ গতিকে গোবৰ আৰু জাৱৰ-জোথৰৰ লগতে মেটেকা, কলমৌ, কলগছ আদিৰ অভাৱ নহ’ব৷ জৈৱিক সাৰৰ
উৎপাদন গোট এটা চলোৱাৰ বাবে আটাইবোৰ কেঁচামাল গাওঁখনত ঠাহ খাই আছে৷ মাত্ৰ কামটো আৰম্ভ
কৰিলেই হ’ল৷ অৱশ্যে কামটো আৰম্ভ কৰাৰ আগেয়ে প্ৰশিক্ষণৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ লগত
যোগাযোগ কৰিব লাগিব৷

মনতে নতুন আঁচনিখনৰ
আঁত লগাই গৈ থাকোঁতে হঠাতে তাৰ গতিত যতি পৰিল৷ এজুম মহিলা৷ গোটৰ সভাৰ পৰা আহিছে বোধ
কৰোঁ৷

“ছাৰ, ৰ’ব চোন৷”
সিহঁতৰ সেউজীয়া পামৰ সহযোগত গঠিত গোটবিলাকে তাক ছাৰ বুলি সম্বোধন কৰে৷

“ছাৰ, আমিনো আপোনাৰ
নগৰত কি জগৰ লগালোঁ? আমাক বোলে বেংকে টকা দিয়া বন্ধ কৰিব হেনো৷ কিবা এংকুৱাই কৰিব বোলে?”

“আপোনালোকক কোনে
ক’লে?”

“কৈছে আৰু কোনোবাই৷
আপুনি হেনো ডিচিক কামপেলেন কৰিছে৷”

“সেইবোৰ বহুত কথা৷
মোক কওকচোন আপোনালোকে কি কাম কৰিছে?”

গোটবিলাকৰ লগত প্ৰত্যক্ষ
সঘন যোগাযোগ সি নাৰাখে৷ তাৰ বাবে হৰেন আৰু বিশ্বজিতক দায়িত্ব দিয়া হৈছে৷ সিহঁতৰ বাবে
আটাইবোৰ গোটৰ মানুহ চিনাকি৷ পৰশুৱে মহিলাবিলাকৰ চেহেৰা চিনি পালেও কোনটো গোটৰ সদস্যা
বা কাৰ কি আঁচনি সেই কথা সি নাজানে৷

“আমাৰ ছাৰ বয়ন শিল্প৷”

“কি বৈছে?”

“গামোচা, চাদৰ-মেখেলা,
পৰ্দা কাপোৰ, মিচিং যোৰ কাপোৰ, কাৰ্গিল কাপোৰ…” – উত্তৰবোৰ কেইবাগৰাকীৰো মুখেৰে আহিল৷
মানুহকেইগৰাকীৰ চেহেৰাত আত্মপ্ৰত্যয়৷

“ব’লকচোন আপোনালোকৰ
শালকেইখনৰ ওচৰলৈ যাওঁ৷”

“ছাৰ, আমাৰ শাল পাঁচঘৰ
মানুহত আছে৷ এঘৰত দুখনকৈ আছে৷ চবৰে ঘৰত শাল পাতিবলৈ সুবিধা নাই যে৷”

কেইটামান পদূলি পাৰ
হৈ এঘৰ মানুহৰ চোতাললৈ দলটোৰ সৈতে পৰশু সোমাল৷ চোতালৰ এমূৰে বাৰাণ্ডাখনৰ পৰা টিনপাত
কেইছলামানৰ চালি এখন৷ তাৰ তলতে দুখন উৰণীয়া মাকোৰ শাল৷ দুজুতি কাপোৰ শালত অঁৰা আছে৷

“শালকেইখন নিজে সাজিছে
নে কোনোবাই দিছে?”

“আমাৰ সন্মিলিত মহিলা
গোটক চাৰিখন শাল আমাৰ জাতীয় স্বায়ত্ত শাসিত পৰিষদে দিছে৷”

“বৰ ভাল কথা৷”

মানুহ এগৰাকী ভিতৰৰ
পৰা পলিথিনৰ বেগ কেইটামানৰ সৈতে গামোচা, চাদৰ-মেখেলাৰ দ’ম এটা উলিয়াই আনিলে৷ ইমান সুন্দৰ
বোৱন৷ মিহি, আঁৰ নথকা, চকুত লগা ৰঙৰ নিৰ্বাচন৷ ক’তো ভমকা চকুত লগা ৰং নাই, মাৰ্জিত৷
বুটা বচা গামোচা৷ কেচ দিয়া ৰিহা৷

স্মাৰ্টফোনটোৰ কেমেৰা
অন কৰি পৰশুৱে কেবাখনো ফটো তুলিলে৷ কাপোৰৰো, মানুহকেইজনীৰো৷

“আপোনালোকক আৰু ছখনমান শাল লাগে, এটা আহল-বহল ঘৰ লাগে৷ লাগেনে?”

“লাগে লাগে, আপুনি
কিবা এটা সুবিধা কৰিব পাৰিব নেকি? বৰ উপকাৰ হ’ব৷”

“মই একো সুবিধা কৰিব
নোৱাৰোঁ৷ আপোনালোকৰ দৰকাৰী বস্তু আপোনালোকেই আনি ল’ব লাগিব৷ মই মাত্ৰ এটা বাট দেখুৱাবহে পাৰোঁ৷”

“আমি আপোনাৰ লগত
আছোঁ, ছাৰ৷”

“মই কৈছো যি গোটে
কাম কৰিছে তেওঁলোকে চৰকাৰৰ ধন পাওক, যিমান লাগে সিমান পাওক৷ কিন্তু যিবোৰ গোটে একো কাম কৰা নাই
তেওঁলোকক ধন দিয়া বন্ধ কৰক৷ মই বেয়া কথা কৈছোঁ নেকি?”

“নাই কোৱা ছাৰ৷ আমি
কাম কৰোঁ, কিন্তু টকা আমিহে কমকৈ পাওঁ৷”

“কাম নকৰা গোটবোৰে
কিবা খেল খেলে৷ যিটোৰ কাৰণে সিহঁতে বাৰে বাৰে টকা পায়৷ আপোনালোকে সেই খেল নেখেলে কাৰণে
নাপায়৷”

পৰশুৱে মহিলাকেইগৰাকীৰ
মুখকেইখন অধ্যয়ন কৰিলে৷ তাৰ কথাই প্ৰভাৱ পেলাইছে৷

“কাম নকৰা গোট বন্ধ
কৰক, সেইবোৰ টকা কাম কৰা গোটক দিয়ক৷ মোৰ চিধা কথা৷ কাম কৰিলে চৰকাৰে মাতি নি টকা দিব৷”

“ঠিক কথা ছাৰ, ঠিক
কথা৷”

“আৰু যদি সকলো গোটে
কাম কৰে সকলোকে টকা দি যাওক৷ দেশৰ উন্নতি হ’ব৷”

মানুহ কেইগৰাকীয়ে
মূৰ দুপিয়াই শলাগিলে৷

“ছাৰ, চাহ এবাটি খাবনে?” সোধোঁতেই গম পোৱা গ’ল সেই মহিলাগৰাকীয়েই ঘৰটোৰ গৃহস্থনী৷

“চাহ নাখাওঁ৷ সৌ
ৰবাব টেঙাকেইটা মিঠা হ’ব যেন পাইছো। তাৰে এটা কাটক খাওঁ৷”

মানুহকেইগৰাকীৰ মুখত
চঞ্চলতা আৰু হাঁহি একোমোকোৰা বিয়পি পৰিল৷

ৰবাব টেঙাৰ বং এটাত
কামোৰ মাৰি সি ছেল্ফি তুলিলে৷

চাদৰ-মেখেলাৰ যোৰকেইটাৰ
ফটো অৰুন্ধতীলৈ পঠিয়াই বাৰ্তা লিখিলে, “সোনকালে পছন্দ কৰাঁ৷ এযোৰহে কিন্তু…”

“ছাৰ, আপুনি সমবায়
পাতি, গোটবোৰ পাতি বহুত ভাল কাম কৰিছে৷ আমাৰ ফালৰ পৰা গামোচা এখন পিন্ধাব খুজিছোঁ৷”

এইবুলি এগৰাকী মহিলাই
তাৰ ডিঙিত হেজাৰ পকোৱা ফুলাম গামোচা এখন পিন্ধাই দিলেহি৷ প্ৰতিবাদ কৰিবলৈ সি সময়কে নেপালে৷

“চাওক মই নেতাও নহয়,
বিষয়াও নহয়৷ মই আপোনালোকৰ মৰমৰ কি প্ৰতিদান দিম নিজেই নাজানো৷ বাৰু সদ্যহতে মই এজন
গ্ৰাহক৷ এই জিকাফুলীয়া চাদৰ-মেখেলাযোৰ মই কিনিব খুজিছোঁ৷ কিমান দিম?”

দাম ক’বলৈ মহিলা
কেইগৰাকীয়ে থেৰোঁগেৰোঁ কৰিলে৷

“চাওক দাম ক’বই লাগিব৷
লাজ কৰিলে নহ’ব৷”

“লাজ কৰা নাই৷ মেলাবিলাকত বেচি থাকোঁ৷ তথাপি…”

পৰশুৱে দেখিলে কাপোৰৰ
আউটিৰ ভিতৰফালে এটা ষ্টিকাৰ আছে৷ মেলি চালে৷ দাম ৮০০.০০ টকা৷ সি জেপৰ পৰা 
টকা এহেজাৰ উলিয়াই তামোলৰ বটাটোত থ’লে৷

“লওক৷”

“ছাৰ বেছি দিলে৷”

“দুশ টকা মোক দিয়া
গামোচাখনৰ সূতাৰ বাবদ৷ এইখনৰ দাম তিনিশ পঞ্চাছ টকা লিখা আছে৷ বাকীখিনি আপোনালোকৰ আদৰ-মৰম
বুলি ল’লো৷ কিন্তু মাৰোৱাৰী দোকানৰ পৰা টকা দিহে সূতা কিনিছে!”

মানুহকেইগৰাকীয়ে
তাৰ কথাটো গ্ৰহণ কৰিলে৷ সি বিদায় ল’লে৷

অৰুন্ধতীৰ পৰা উত্তৰ
আহিল, “তোমাৰ পছন্দেই মোৰ পছন্দ৷”

জিকাফুলীয়া এছাটি
উলাহে পৰশুৰ মনটো কেনিবা উৰুৱাই লৈ গ
ল৷

(আগলৈ)