ড° ভাৰত বৰুৱা
(৩) বাসস্থান
আদিম
কালৰে পৰাই মানুহে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা যেনে কাঠ, বাঁহ, শিল, বালি আদিৰ পৰা বাসস্থান বা ঘৰ সাজি লৈ
থাকিবলৈ লৈছে। তাৰো আগভাগত মানুহৰ বাসস্থান আছিল গুহা, গছৰ ডাল অথবা গছৰ খোৰোং। মানৱ সভ্যতাৰ
পাত লুটিয়ালে দেখা যায় যে এই ধৰাতলত যুগ যুগ ধৰি বহু সভ্যতাৰ উত্থান-পতন হৈছে।
প্ৰতি সভ্যতাই কি ধৰণেৰে অন্ন, বস্ত্ৰ, আৰু
বাসস্থানৰ প্ৰয়োজন পুৰাইছিল সিয়েই সেই সভ্যতাৰ পৰিচয় হৈ পৰিছে।

আধুনিক
যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ সাহায্যত বাসস্থান খুব কম সময়ৰ ভিতৰতেই তৈয়াৰ কৰি
উপভোক্তাৰ আগত যুগুতোৱা হৈছে। তাৰ বাবদ উপভোক্তায়ো উপযুক্ত দাম দিবলৈ ৰাজী হৈছে।
পিছে বিজ্ঞানে যুগুতোৱা বাসস্থানৰ উপযোগীকৰণ আৰু আধুনিক সা-সুবিধা সকলো
স্বাস্থ্যসন্মত হৈছে নে? বিজ্ঞানৰ
অগ্ৰগতিৰ বাবে উপলব্ধ ঘৰৰ ভিতৰৰ সকলো সুযোগ-সুবিধাৰ পৰা আমাৰ জীৱনৰ মান উন্নত হৈছে, আগতকৈ বহু পৰিমাণে আৰামদায়কো হৈছে।
পিছে এই বাসস্থান সঁচা অৰ্থত সৰ্বাংগসুন্দৰনে? আমাৰ আধুনিক সুবিধাৰে ভৰপূৰ ঘৰখন, ঘৰখনৰ বৃদ্ধ, বয়স্ক, শিশু আদি সকলো আৱাসীৰ বাবে সমানে সুৰক্ষিতনে? যদি নহয়, তেন্তে দোষ ক’ত?

অন্তৰ্দ্বাৰ
পৰিৱেশত মানুহে বেছি সময় অতিবাহিত কৰে। এই অন্তৰ্দ্বাৰ পৰিৱেশত মানুহে কিমান
পৰিমাণৰ ৰাসায়নিক দ্ৰব্য়ৰ সংস্পৰ্শলৈ আহিছে সিয়েই সমূহীয়া স্বাস্থ্য নিৰ্ণয় কৰে।
ঘৰ এখনত থকা আচবাব-পত্ৰ, ইলেক্ট্ৰনিক্স, ব্যক্তিগত পৰিচৰ্যাৰ সামগ্ৰী, ঘৰ পৰিস্কাৰ কৰা জুলীয়া পদাৰ্থ, স্নানাগাৰ পৰিস্কাৰ কৰা জুলীয়া পদাৰ্থ, ৰন্ধনশালা পৰিস্কাৰ কৰা জুলীয়া পদাৰ্থ, মজিয়া আৰু দেৱাল ঢকা যতন যেনে টাইলছ, দলিচা, ৰঞ্জক ইত্যাদি সকলোতেই বেলেগ বেলেগ
ধৰণৰ ৰাসায়নিক পদাৰ্থ বিৰাজমান। শেহান্তৰত এই ৰাসায়নিক পদাৰ্থসমূহৰ বৃহৎ অংশ বা
কিছু ভাগ অভ্যন্তৰৰ বতাহত মিলি যায় বা ক্ষুদ্ৰ কণা হিচাপে মজিয়াত জমা হয়। এই
ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত থেলেটছ (Phthalates), ফেন’লছ (Phenols), অগ্নিৰোধক (flame retardants), পেফছ (polyfluorinated alkyl substances,
PFAS) ইত্যাদি
আমাৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ জনতাৰ শৰীৰত পোৱা গৈছে। তাৰ ভিতৰত মূলতঃ স্পৰ্শকাতৰসকল হৈছে শিশু, গৰ্ভৱতী
মহিলা, আৰু বৃদ্ধ
সকল। এই শ্ৰেণীৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱত মানুহৰ প্ৰজনন (reproductive) আৰু অন্তঃস্ৰাবী (endocrine) গ্ৰন্থি বিষাক্ত হোৱা দেখা গৈছে। লগতে
শিশুৰ স্নায়ৱিক বিকাশত (neurodevelopment) বাধা পৰাও দেখা গৈছে। অন্তৰ্দ্বাৰত যাতে এই ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ
সংস্পৰ্শলৈ অহাৰ সম্ভাৱনীয়তা হ্ৰাস কৰাৰ কিছু বিধান তলত যুগুতোৱা হ’ল।

পূৰ্বতে
কোৱাৰ দৰে মানুহ অন্তৰ্দ্বাৰতেই বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ সংস্পৰ্শলৈ আহিব পাৰে আৰু এই
সংস্পৰ্শৰ উৎস হৈছে বাহিৰৰপৰা অহা বতাহ, পানী, খাদ্য আৰু অগণন সামগ্ৰী, যিবোৰে আজিৰ আধুনিক বাসগৃহত ভিৰ
কৰিছেহি। আকৌ তথাকথিত উন্নত দেশসমূহত মানুহে বাসগৃহ আৰু কৰ্মথলী মিলাই মুঠ প্ৰায়
৯০% সময় অন্তৰ্দ্বাৰতেই অতিবাহিত কৰে। গতিকে অন্তৰ্দ্বাৰত ব্যৱহৃত আৰু সঞ্চিত
ৰাসায়নিক দ্ৰব্যসমুহৰ পৰা নিৰ্গত হোৱা গেছীয় পদাৰ্থ বতাহত মিশ্ৰিত হয়, ক্ষুদ্ৰ কণা হিচাপে সঞ্চিত হোৱা পদাৰ্থ
অজানিতে গলাধঃকৰণ কৰা, অথবা
এইবোৰ ছালৰ ৰন্ধ্ৰৰে শৰীৰত প্ৰৱেশ কৰা ইত্যাদি ইতিমধ্যেই প্ৰমাণিত হৈছে। কেঁচুৱা
অথবা সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এনে সংস্পৰ্শৰ সম্ভাৱনীয়তা আটাইতকৈ বেছি কিয়নো, এক তেওঁলোকে খেলা-ধূলা কৰোঁতে সঘনাই যি
কোনো বস্তু চুই মুখত হাত দিয়ে আৰু দ্বিতীয়তে তেওঁলোকৰ শ্বাস-প্ৰশ্বাসৰ হাৰ বয়স্কসকলতকৈ বেছি। ফলস্বৰূপে পৰিসংখা অনুযায়ী একমাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰতেই এই ধৰণৰ
অন্তৰ্দ্বাৰৰ ৰাসায়নিক সংস্পৰ্শ মূলতঃ থেলেট আৰু অগ্নিৰোধক ৰাসায়নিক পদাৰ্থৰ বাবেই
বছৰি প্ৰায় তিনিশ বিলিয়ন ডলাৰ ব্যয় হয়। উপভোক্তাই সাধাৰণতেই ধৰি লয় যে এই ঘৰুৱা
কাৰণত ব্যৱহাৰ কৰা সকলোবোৰ ৰাসায়নিক পদাৰ্থৰ বিষাক্ততা সম্পূ্ৰ্ণৰূপে পৰীক্ষা কৰি
লোৱা হয়। পিছে সচৰাচৰ কথাটো সঁচা নহয়। বজাৰলৈ এবিধ পণ্যসামগ্ৰী ব্য়ৱহাৰৰ বাবে
আগৱঢ়াই দিয়াৰ আগতে সীমিত পৰিমাণৰহে পৰীক্ষণ হয়। আগতে উল্লেখ কৰা বিষাক্ত
পদাৰ্থ কেইবিধৰ স্বাস্থ্য-জনিত পাৰ্শ্বক্ৰিয়া জনাৰ পাছতো সাধাৰণতে ব্যৱহৃত
পণ্যসামগ্ৰীত ব্যৱহাৰ কৰিয়ে থকা হৈছে। প্ৰতিষ্ঠিত স্বাস্থ্যজনিত
পাৰ্শ্বক্ৰিয়া সদৰি হোৱা সত্তেও এইসমূহৰ ব্যৱহাৰত কৰ্তৃপক্ষৰ হস্তক্ষেপ সীমিত। এইতো
যিহেতু এটা বহু-নিমিত্ত সমস্যা ইয়াৰ সম্ভৱত সমাধানসমূহকো কেইবাবিধো ৰণনীতিৰ
দৰকাৰ যেনে ঘৰখনৰ ব্যক্তিগত, সামূহিক আৰু চৰকাৰী নীতিৰ সাল-সলনি কৰা।

বায়ুৰ মানদণ্ড (Indoor Air Quality, IAQ) :

শ্বাসযন্ত্ৰৰ ৰোগ, হৃদযন্ত্ৰৰ ৰোগ, এলাৰ্জিক
লক্ষণ, কৰ্কট ৰোগ, আৰু অকাল মৃত্যু ইত্যাদি বহু সময়ত অন্তৰ্দ্বাৰ
বায়ুৰ মান বা IAQ-ৰ প্ৰভাৱত
হ’ব পাৰে। এইবোৰ বিকাৰৰ কাৰক হিচাপে গৱেষণা কৰি পোৱা উপকৰণ অথবা প্ৰদুষকসমূহ হৈছে ক্ৰমে পাৰ্টিকুলেট মেটাৰ (particulate matter,
PM2.5 and PM10, অৰ্থাৎ
২.৫ আৰু ১০ ব্যাসাৰ্ধৰ কণা); নাইট্ৰ’জেন ডাইঅ’ক্সাইড (NO2); বেনজিন (benzene), ট’লোৱিন (toluene), জাইলিন (xylene), ফ’ৰ্মেলডিহাইড (formaldehyde) ইত্যাদি VOCs; প’লিচাইক্লিক এৰ’মেটিক হাইড্ৰ’কাৰ্বন (PAHs) যেনে নেফথেলিন। অন্তৰ্দ্বাৰৰ PM2.5-অৰ মূল উৎস হৈছে ধুম্ৰপান, ৰন্ধন, খৰি জ্বলাই ঘৰ গৰম কৰা, ধূপ জ্বলোৱা, মম জ্বলোৱা, অন্তৰ্দ্বাৰৰ কীটনাশক, ঘৰ পৰিস্কাৰ কৰা, ঘৰৰ ভিতৰত পোহনীয়া জন্তু আৰু মানুহৰ
চলাচল। ৰাস্তাৰ কাষৰীয়া বাসস্থানৰ ক্ষেত্ৰত উন্মুক্ত খিৰিকিৰে বাহিৰাগত PM2.5 ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ ভিতৰত NO2-ৰ মূল উৎস হৈছে বায়ু চলাচলৰ সুবিধা নথকা কোঠাত গেছ
হিটাৰ আৰু গেছ ৰন্ধন স্ত’ভৰ ব্যৱহাৰ কৰা। আনহাতে VOCs নিৰ্গত হয় বিভিন্ন বহিৰ্দ্বাৰ আৰু
অন্তৰ্দ্বাৰ উৎস যেন, ধুম্ৰপান, জুলীয়া দ্ৰাৱকৰ ব্যৱহাৰ, ঘৰ নৱীকৰণ, আৰু ঘৰুৱা পৰিস্কাৰ কৰা কামত ৰাসায়নিক
দ্ৰব্যৰ ব্যৱহাৰ। নতুন ঘৰত আৰু নতুন আচবাব থকা ঘৰৰ বায়ুত ফ’ৰ্মেলডিহাইডৰ পৰিমাণ
বেছি থকা দেখা যায়। আনহাতে যিখন ঘৰত ধুম্ৰপাম কৰা লোক থাকে তেনে ঘৰৰ বায়ুত PAHs-অৰ প্ৰকোপ দেখা যায়। বহু ঘনত্বৰ যাতায়াত
থকা অঞ্চলৰ ঘৰ, নতুনকৈ ৰং আদিৰে সাজ-সজ্জা কৰা ঘৰ, আৰু আৱাসীৰ সংখ্যাৰ তুলনাত ঘৰৰ আকাৰ
যদি খুবেই সৰু হয় তেন্তে সি IAQ-ৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায়।

অন্যান্য
ঘৰুৱা স্বাস্থ্যৰ সংশয়ঃ
ঘৰুৱা স্বাস্থ্যৰ সংশয়ঃ
সীহ : সীহ এবিধ গধুৰ ধাতু আৰু ইয়াৰ বহুল
ব্যৱহাৰ হৈছিল গেছ’লিন আৰু বিভিন্ন ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ ৰঞ্জকত। পিছে ১৯৭০-অৰ শেষৰ
ফালে আৰু ১৯৮০-ৰ দশকৰ আৰাম্ভণিৰ পৰা ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল। পিছে সীহ অবিকাৰীভাৱে আমাৰ পাৰিপাৰ্শ্বিকত বিৰাজমান আৰু সংশয়ৰ কাৰণ। ১৯৭৮ চনৰ আগত সীহযুক্ত ৰঞ্জক
ৰন্ধনশালাত, স্নানাগাৰত, খিৰিকি, দুৱাৰ আদিত ব্যৱহাৰ কৰা হৈছিল। গতিকে
১৯৮০ চনৰ আগৰ পুৰণি ঘৰৰ সীহৰ ৰঞ্জক ভংগন হ’লে বা নৱীকৰণৰ সময়ত ছেণ্ডিং কৰাৰ ফলত
সীহৰ ধূলি বতাহত মিলি যায়। গতিকে বায়ুত থকা সীহ মুখেৰে গলাধঃকৰণ হ’ব পাৰে বা
নিশ্বাসত শ্বাসযন্ত্ৰত প্ৰৱেশ কৰিব পাৰে। এই সীহ এবিধ স্নায়ৱিক বিষ। বৰ্তমান CDC গৱেষণা অনুযায়ী ছয় বছৰীয়া শিশুৰ
ক্ষেত্ৰত ৰক্তত
সীহৰ পৰিমাণ প্ৰতি ডেচিলিটাৰত ১০ মাইক্ৰ’গ্ৰামতকৈ বেছি হ’লে মাৰাত্মক হ’ব পাৰে।
বিশেষকৈ গৰ্ভত থকা শিশুৰ ক্ষেত্ৰত স্নায়ৱিক তন্ত্ৰৰ বিপুল ক্ষতি হয়। শিশু অৱস্থাত
সীহৰ সংস্পৰ্শলৈ আহিলে শিশুৰ আই কিউ কম হোৱা, মনযোগ হ্ৰাস, স্মৃতি শক্তি হ্ৰাস হোৱা, অপকৰ্মৰ প্ৰতি আসক্তি, অকাৰণ উগ্ৰ স্বভাৱ ইত্যাদি বিকাৰে দেখা
দিয়ে।

কাৰ্বন
ম’ন’ক্সাইড (CO) : ই এবিধ
বৰ্ণহীন, গন্ধহীন, স্বাদৰহিত গেছীয় পদাৰ্থ। গেছ’লিন, প্ৰ’পেন, কেৰ’ছিন, কাঠ, কয়লা আদিৰ দহন, স্থানীয় হিটাৰ, গৰম পানীৰ হিটাৰ ইত্যাদিৰ ব্যৱহাৰে এই
গেছ উৎপন্ন কৰে। আনকি অন্তৰ্দ্বাৰৰ ধুম্ৰপানৰ পৰাও কিছু পৰিমাণৰ CO গেছ উৎপন্ন হয়। এই বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহিলে মুৰৰ
বিষ, অৱসাদ, সচেতনতা হেৰুওৱা, ইত্যাদিৰ লক্ষণ দেখা দিয়ে।অতিমাত্ৰাৰ CO ৰ সংস্পৰ্শলৈ আহিলে মৃত্যুৰ মুখত পৰে।

ৰেড’ন (Radon) : ৰেড’ন আন এবিধ বৰ্ণহীন, গন্ধহীন, ৰেডিঅ’এক্টিভ গেছীয় পদাৰ্থ যিটো মাটিত
থকা ইউৰেনিয়ামৰ ভংগনৰ পৰা উৎপন্ন হয়। এইবিধ গেছ ঘৰৰ ভেটিৰ তলৰ মাটিৰ ফাট, ছিদ্ৰ, পানীৰ পাইপ, গেছৰ লাইন আদিৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব
পাৰে। এই গেছ বিধ অন্তৰ্দ্বাৰৰ বায়ু বা পানীত দীৰ্ঘদিন ধৰি জমা হৈ স্বাস্থ্যৰ হানি কৰে। Environmental Protection Agency, EPA-ৰ গ্ৰহণযোগ্য স্বাস্থ্যসন্মত ৰেড’নৰ
পৰিমাণ হৈছে প্ৰতি লিটাৰ বায়ুত মাত্ৰ ১.৩ পিক’কোৰি (1.3 pCi/L)। এই EPA-ৰ সমীক্ষা
মতে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰেড’ন গেছৰ সংস্পৰ্শ হাঁওফাওৰ কৰ্কট ৰোগৰ এক মুখ্য
কাৰক হিচাপে ধৰা হয়।

ব্যক্তিগত
ৰণনীতি :
ৰণনীতি :
উপভোক্তাই
স্বভাৱ সলনি কৰি ঘৰুৱা কামত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহৰ সংস্পৰ্শ কমাব
পাৰে। উদাহৰণ স্বৰূপে ঘৰ, ৰন্ধনশালা
বা স্নানাগাৰ পৰিস্কাৰ কৰাৰ সময়ত হাতত উপযুক্ত গ্লোভ পৰিধান কৰা, কাম সমাধা হোৱাৰ পাছত পৰিধান কৰা
বস্ত্ৰ সলাই পেলোৱা, উদ্বায়ী ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত উপযুক্ত মাস্ক পৰিধান কৰা আদি। আকৌ
ব্যক্তিগত পৰিচৰ্যাৰ সামগ্ৰীৰ বাচনিৰ সময়ত তথ্যবিজ্ঞ সিদ্ধান্ত লোৱাটোও গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে। সুগন্ধিযুক্ত
সকলো সামগ্ৰী স্বাস্থ্যসন্মত নহʼবও পাৰে। গতিকে উপাদানৰ তালিকাত যদি বিষাক্ত ৰাসায়নিক দ্ৰব্য উপস্থিত তেন্তে
অন্য বিকল্পৰ ব্যৱহাৰ সমীচিন। লগতে উপভোক্তাক সামগ্ৰীৰ ৰাসায়নিক উপযোগিতা বা
অনুপযোগিতা সদৰি কৰা কিছু ম’বাইল এপৰো প্ৰচলন আৰাম্ভ হৈছে যিবোৰে উপভোক্তাক
অনুপযুক্ত ৰাসায়নিক দ্ৰব্যৰ বিষয়ে সকীয়নি দিয়ে।

ঘৰোৱাহী
ৰণনীতি :
ৰণনীতি :
এনে ৰণনীতি
ঘৰখনৰ সকলো সদস্যই পালন কৰা উচিত। বিশেষকৈ শিশুসকলক অভিভাৱকে মাজে মাজেই সকীয়নি দি
থকাটো অত্যন্ত প্ৰয়োজন। বিশেষকৈ ধুলিৰ লগত মাধ্যাকৰ্ষণৰ ফলত মজিয়াত জমা হোৱা বিষাক্ত
ৰাসায়নিক পদাৰ্থ দূৰ কৰাৰ বাবে মাজে মাজে মজিয়া তিতা কাপোৰেৰে মচা দৰকাৰ। নতুবা
উচ্চ-নৈপুণ্যৰ ছেকনী থকা উৰুঙা-পৰিস্কাৰক (vacuum cleaner)-ৰ দ্বাৰা মজিয়া পৰিস্কাৰ কৰাৰ দৰকাৰী।
লগতে ঘৰখনৰ ভিতৰভাগৰ আচবাব আৰু গৃহনিৰ্মাণ সামগ্ৰীৰ বাচনি অতি প্ৰয়োজনীয়। নিৰাৱৰণ
মজিয়াতকৈ দলিচা থকা মজিয়াৰ পৰা এজমা ৰোগী থকা ঘৰত ৰোগৰ প্ৰকোপ বাঢ়ে। গতিকে
উপভোক্তাৰ বজাৰত স্বাস্থ্যকৰ সামগ্ৰী আৰু কাৰ্যক্ষম সমগ্ৰীৰ ভিতৰত স্বচ্ছতা থকা
অতি আৱশ্যক যাতে পিছে-পৰে পৰিতাপসুচক বিকল্প ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী ব্যৱহাৰ
কৰিব লগা নহয়গৈ। উদাহৰণ স্বৰূপে, যিসকল শিশু দলিচাৰ বিকল্প থেলেটযুক্ত ভিনাইল (Vinyl) মজিয়াত ডাঙৰ-দীঘল হয় তেওঁলোকৰো ভিনাইল
মজিয়াত নথকাসকলতকৈ এজমাৰ লক্ষণবোৰ বেছি হয়। গতিকে এজমাৰ নিবাৰণৰ বাবে বা
ভিনাইল মজিয়া দলিচাৰ বিকল্প হ’ব নোৱাৰে। এই ক্ষেত্ৰত খালি কংক্ৰিটৰ মজিয়া অথবা
কাঠৰ মজিয়া বেছি স্বাস্থ্যসন্মত বুলি গণ্য কৰা হয়। অন্তৰ্দ্বাৰৰ উদ্বায়ী অ’ৰগেনিক
যৌগ (volatile organic compound, VOC)-ত কৈ অৰ্ধউদ্বায়ী অ’ৰগেনিক যৌগ (Semivolatile
organic compound, SVOC)-সমূহ নিবাৰণ কৰাৰ প্ৰক্ৰিয়া অলপ বেলেগ হয়। অন্তৰ্দ্বাৰৰ বায়ু চলাচল বৃদ্ধি কৰি VOC সহজে টুটাব পাৰি। কিন্তু SVOC-ৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম যিহেতু VOC-তকৈ ভিন্ন সেয়েহে এইবিধৰ কিছু অংশ বতাহত
মিশ্ৰিত হয় যদিও এইবিধৰ মূলতঃ মাধ্যাকৰ্ষণৰ ফলত অধোগামী হৈ মজিয়াৰ ধুলিৰ লগত
মিশ্ৰিত হোৱাৰ প্ৰৱণতা বেছি। গতিকে এইবিধ লাঘৱ কৰিবৰ বাবে বায়ুচলন বৃদ্ধি কৰাৰ লগতে
সঘনাই মজিয়া মচা অথৱা উৰুঙা-পৰিস্কাৰকেৰে পৰিস্কাৰ কৰাৰ প্ৰয়োজন আছে।

নিয়ন্ত্ৰণকাৰী
ৰণনীতি :
ৰণনীতি :
উপৰোক্ত
ব্যক্তিগত আৰু ঘৰোৱাহী ৰণনীতিৰে অন্তৰ্দ্বাৰৰ ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো কম কৰিব পাৰি, পিছে
ইয়াৰো সীমাৱদ্ধতা আছে। যিহেতু থেলেট জাতীয় ৰাসায়নিক পদাৰ্থ সৰ্বব্যাপি, সংস্পৰ্শৰ উৎসবোৰো জটিল, বহুব্যাপি আৰু সম্পূৰ্ণকৈ অজানা গতিকে
ব্যক্তিগত সতৰ্কতা অথবা ঘৰুৱা পৰিস্কাৰ কৰা সামগ্ৰীৰ বেলেগ ব্ৰেণ্ড কিনিলেই যে
সমস্যাৰ সমাধান হ’ব তেনে নহয়। আকৌ বজাৰৰ পণ্যসামগ্ৰীবোৰত কি কি ৰাসায়নিক যৌগ
মিশ্ৰিত আছে তাৰ তালিকাখনো অশুদ্ধ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহু দেশত খাদ্যৰ পেকেটৰ
দৰে আন আন সামগ্ৰীৰ যেনে আচবাবপত্ৰ, ইলেক্ট্ৰনিক্স, ব্যক্তিগত পৰিচৰ্যাৰ সামগ্ৰী, ঘৰ পৰিস্কাৰ কৰা বিভিন্ন জুলীয়া পদাৰ্থ, ঘৰ সজা সামগ্ৰীৰ ক্ষেত্ৰত ৰাসায়নিক
যৌগৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা বাধ্যতামূলক নহয়। এনে ক্ষেত্ৰত Food and Drug
Administration (FDA)-ৰ দৰে
নিয়ন্ত্ৰণকাৰী ৰণনীতি সকলো পণ্যসামগ্ৰীৰ ক্ষেত্ৰত কঠোৰভাৱে প্ৰয়োগ কৰিলেহে সাধাৰণ জনতাই অন্তৰ্দ্বাৰত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ পৰা হাত
সাৰিব পাৰিব।

শেষত
বহুমুখী ৰণনীতিৰে মানুহৰ অন্তৰ্দ্বাৰৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ হ্ৰাস
কৰিব পৰা যাব। যেনে ব্যক্তিগত স্বভাৱ পৰিৱৰ্তন, বাসগৃহৰ উপযুক্ত তত্ত্বাৱধান, ঘৰুৱা আচবাব ক্ৰয় কৰা অথবা নবীকৰণৰ
সময়ত বৈজ্ঞানিক দৃষ্টিভংগীৰে সিদ্ধান্ত লোৱা, উপভোক্তাৰ পোষকতা, উপভোগ্য সামগ্ৰীৰ উৎপাদনৰ সময়ত
কৰ্প’ৰেটৰ দায়ৱদ্ধতা, ৰাজ্যিক
বা কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণকাৰী নীতিৰ অতি আৱশ্যক। লগতে গৱেষণাৰ পৰা বৰ্তমান
সময়ত উপলব্ধ সকলো বৈজ্ঞানিক সাক্ষ্যক অন্তৰ্দ্বাৰত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ
হ্ৰাস কৰাৰ বাবে প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ। সৰ্বোপৰি ভৱিষ্যতৰ গৱেষণাবোৰৰ সহায়ত আটোম-টোকাৰি
ঘৰখনত বাস কৰা মানুহে যেন সংশয় মুক্ত ভাবে বসবাস কৰাৰ সুযোগ পায়। অনাগত দিনৰ মানুহৰ আৱিস্কাৰসমূহে যাতে অন্তৰ্দ্বাৰৰ পৰিৱেশ বৰ্তমানতকৈও বিষাক্ত কৰি নেপেলায়!

তথ্যসূত্ৰ :
১) Journal of Public Health, 2019, 41(2), e121–e132,
২) J. Epidemiol. Community Health, 2017, 71(9), 937–940.
৩) Environmental Pollution, 2021, 285(15), 117475
৪) Int J Environ Res Public Health, 2020, 17(23), 8972.
৫) The Online Journal of Issues in Nursing, 2007, 12(2), 4.
***
ঠিকনা :
Professor of Chemistry
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144