নৱনীতা ভট্টাচাৰ্য্য
আইতা বুলি ক’লেই
মনলৈ অহা প্ৰথম শব্দটো হ’ল সাধুকথা ৷ জিলিৰ আইতাকো ইয়াৰ ব্যতিক্ৰম নহয় ৷ তেওঁ প্রতিটো
পৰিস্থিতিৰ লগতে খাপ খুৱাই সাধুকথা কৈ ল’ৰা-ছোৱালীৰ মন ভুলাব জানে ৷ তেওঁৰ সাধুবোৰ অকল ৰসালেই নহয়, নীতিশিক্ষাৰো ভঁৰাল। আটাইতকৈ ডাঙৰ কথা হ’ল তেওঁৰ সাধুবোৰ বিভিন্ন সোৱাদেৰে ভৰপূৰ ৷ তাতে
আকৌ তেওঁৰ কথন শৈলীয়ে সোণত সুৱগা চৰায়। শুনি কেতিয়াও আমনি নালাগে ৷ সেইবাবে সুবিধা
পালেই ময়ো জিলিৰ ওচৰতে বহি আইতাৰ সাধু শুনো ৷ আজি তেনে সাধু এটাকে কওঁ শুনা –
সন্ধিয়াৰ সময়,
প্ৰাৰ্থনা শেষ কৰাৰ লগে লগে মাকে জিলিক ককায়েকৰ ওচৰতে বহি পঢ়িবলৈ নিৰ্দেশ দিলে৷ তায়ো ডাঙৰ মেজখনত বহি পঢ়াৰ সুযোগ পাই ফূৰ্তিতে লগে লগে ছবি অঁকা বহীখন লৈ আহি ককায়েকৰ
ওচৰত বহিলহি৷ এনেতে লাগিল নহয় পয়মালখন! খৰধৰ কৰোঁতে ছবি আঁকিবলৈ অনা পেঞ্চিলৰ জোঙটো
হাতৰ পৰা পৰি ভাগি গ’ল৷ সেইবাবে তাই ককায়েকক আন এডাল পেঞ্চিল বিচাৰিলে ৷ সিও বাকচটোৰ
পৰা বিচাৰি বিচাৰি সৰু পেঞ্চিল এডাল তাইক উলিয়াই দিলে ৷ তাকে দেখি তাইৰ বৰ খং উঠিল ৷
“মই কিয় সৰু পেঞ্চিলেৰে আঁকিম!” লগে লগে তাই ককায়েকক দীঘল পেঞ্চিল
এডাল দিবলৈ দাবী কৰিলে ৷ সি নাছোৰবান্দা- তাইক পেঞ্চিল দিলে আকৌ পেলাই ভাঙিব। সেইবাবে
বেলেগ পেঞ্চিল দিব নোৱাৰে৷ আঁকিব খুজিলে সেইডালেৰেই আঁকিব লাগিব ৷ ইফালে কিতাপ-বহী মেলি
লৈ দুয়োকে কাজিয়া কৰি থকা দেখি মাকে দুয়োকে ধমক দিলে ৷ ধমক শুনি ককায়েকে লগে লগে
পঢ়িবলৈ আৰম্ভ কৰিলে, কিন্তু জিলিয়ে ফেঁকুৰি ফেঁকুৰি আইতাকৰ ওচৰ পালেগৈ ৷ জিলিৰ চকুত
পানী দেখি আইতাকে তাইক কোচত বহুৱাই লৈ কি হ’ল সুধিলে ৷ তায়ো আগৰ পৰা গুৰিলৈকে সকলো বৰ্ণাই
গ’ল ৷ তাইৰ কথা হ’ল- “সৰু পেঞ্চিলেৰে তাই কিয় আঁকিব? তাইক এডাল
দীঘল পেঞ্চিল লাগিবই !” তাইৰ দাবী শুনি আইতাকে ক’লে- “হয় তো। দীঘল পেঞ্চিল এডাল নহ’লে
তুমি কেনেকৈ আঁকিবা ৷ তুমি পিছে এটা কথা পাহৰিছা, আজি সাধু শুনাই নাই নহয়। আগতে সাধু
এটা শুনা ৷ তাৰ পাছত ঠিৰাং কৰিবা ৷”
আইতাকৰ প্ৰস্তাৱটো
তাই বৰ ভাল পালে ৷ সেইবাবে পোনছাটেই হ’ব বুলি সন্মতি দিলে৷ আইতাকেও তাইৰ সঁহাৰি পাই ক’বলৈ
ধৰিলে-
আজিৰ পৰা বহুত দিনৰ আগৰ কথা ৷ এখন গাঁৱত এগৰাকী মহিলা বাস কৰিছিল ৷ সেই সময়ত
আজিকালিৰ নিচিনাকৈ ঘৰে ঘৰে পানীৰ কল নাছিল ৷ দূৰ-দূৰণিত থকা নদী, বিল আদিৰ পৰা পানী
কঢ়িয়াই আনি ঘৰৰ যাৱতীয় কামসমূহ কৰিব লাগিছিল ৷ সেই সময়ত মানুহৰ জীৱন-যাত্ৰা বৰ সহজ-সৰল
আছিল যদিও কষ্টকৰ আছিল ৷ মহিলাগৰাকীয়েও কান্ধত বেৰিয়াখনত দুয়োফালে দুটা কলহ ওলমাই
লৈ নিতৌ পানী আনিবলৈ গৈছিল ৷ এনেদৰে পানী কঢ়িয়াই থাকোঁতে এদিন এটা কলহত সৰুকৈ ফুটা
এটা হৈছিল ৷ ফুটাটোৰে পানী সৰকি যোৱা বাবে সেই কলহটোৱে কেতিয়াও সম্পূৰ্ণ ভৰ্তিকৈ পানী
কঢ়িয়াব পৰা নাছিল, কিন্তু আনটো কলহৰ ক’তো ক্ষতি-ক্ষুণ নথকা বাবে সদায় ভৰ্তিকৈ পানী
কঢ়িয়াই আনিছিল ৷ এই কথাটোৱে ফুটা কলহটোৰ মনত বৰ দুখ দিছিল ৷ মহিলাগৰাকীয়ে ইমান কষ্ট
কৰি পানী কঢ়িয়াই আনে, কিন্তু ঘৰ পোৱালৈকে ফুটা কলহটোত আধামানহে পানী ৰৈছিলগৈ ৷ নিজৰ
দোষৰ বাবে মালিকনীৰ কষ্ট অথলে যোৱা দেখি কলহটোৰ মন বিষাদেৰে ভৰি পৰিছিল ৷ ইফালে ভাল কলহটোৱে
নিজৰ কাম সুকলমে সমাধা কৰাৰ গৰ্বত গৰ্বিত হৈ উঠিছিল ৷ নহ’বনো কিয়? সফলতাই হৈছে সুখৰ
মূল কাৰণ ৷ ইফালে ফুটা কলহটোৰ লাজত মুখ উলিয়াব নোৱৰা অৱস্থা হৈ পৰিছে ৷ এনেদৰে এদিন-দুদিনকৈ দুবছৰ পাৰ হ’ল ৷ মহিলাগৰাকীয়ে কিন্তু কলহটো সলনি নকৰিলে ৷ দুবছৰে বিফলতাৰ মুখ
দেখি ফুটা কলহটোৰ লাজতে মৰোঁ মৰোঁ অৱস্থা ৷ সেইবাবে এদিন পানী ভৰাই থকা সময়ত কলহটোৱে
মহিলাগৰাকীক ক’লে, “বোলোঁ তুমি নলগা তামোলত জেং বান্ধিবলৈ গৈছা। বৃথা চেষ্টা কিয় কৰিছা ? মই কেতিয়াও তোমাক সুখ দিব নোৱাৰিম ৷ মাৰ গাত থকা ফুটাটোৰ বাবেই গোটেই ৰাস্তাত পানী পৰি
পৰি যায় আৰু তুমি ঘৰ গৈ পোৱালৈকে আধামানহে ৰয়গৈ ৷ এই ফুটাটোৱে মোক বৰ লাজত পেলাইছে ৷
তোমাৰ ওচৰত মই মুখ উলিয়াব নোৱৰা হৈছোঁ ৷ তোমাৰ বাবে মই ভালুকৰ সাঙী হৈ পৰিছোঁ ৷”
কলহটোৰ কথা শুনি
মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহি ক’লে, “বোলোঁ, যাৰ গৰু খালত পৰে, সিহে নেজত ধৰে বুলিও
কথা এষাৰ আছে৷ তুমি বাৰু মন কৰিছানে, মই অহা-যোৱা কৰা ৰাস্তাটোৰ যিটো ফালে তুমি থাকাঁ সেইফালটো বহুৰঙী ফুলেৰে
ভৰপূৰ হৈ উঠিছে ৷ কিন্তু আনটো ফাল একেবাৰে শুকান ৷ কিয় জানানে ? কাৰণ তোমাৰ দোষৰ কথা মই আগতেই জানো ৷
সেইবাবে পানী আনিবলৈ যোৱাৰ সময়ত মই হাতত বীজ কেইটামান ৰাস্তাত ছটিয়াই থৈ যাওঁ আৰু
ওভতাৰ সময়ত তুমি পানী দি যোৱাঁ ৷ ফলত বীজবোৰৰ পৰা গছ গজি এতিয়া ফুলেৰে ভৰি পৰিছে ৷
এতিয়া আৰু মই ফুল বিচাৰি দূৰলৈ যাব নালাগে ৷ এই বাটেৰে উভতি যাওঁতেই ফুলবোৰ ছিঙি নি
মেজখনত ধুনীয়াকৈ সজাই থৈ ঘৰটো শুৱনি কৰি তোলোঁ ৷ তোমাৰ গাত যদি ফুটাটো নাথাকিলহেঁতেন,
মই হয়তো ঘৰটো ধুনীয়াকৈ সজাব নোৱাৰিলোহেঁতেন৷” মহিলাগৰাকীৰ কথা শুনি কলহটোৰ ভুল ভাগিল ৷
সিদিনাখনৰ পৰা তাৰ মনৰ দুখ আঁতৰিল আৰু অতি আনন্দমনে নিজৰ কাম কৰি গ’ল ৷
সেই সাধুটোৰ পৰা
আমি ইয়াকে বুজোঁ যে, প্ৰতিজনৰে গাত কিবা নহয় কিবা দোষ থাকিব পাৰে ৷ কিন্তু এই বিশেষ
দোষ-ত্ৰুটিবোৰেই আমাৰ জীৱনটো আকৰ্ষণীয় কৰি তুলিব পাৰে ৷ ভগৱানে যেনেদৰে গঢ়িছে ঠিক
তেনেদৰে লোৱা উচিত, মাত্ৰ তেওঁৰ মাজত থকা গুণবোৰ লোৱা উচিত ৷ কথাতে কয় নহয় ৰূপেনো
কি কৰে, গুণেহে সংসাৰ তৰে ৷
এতিয়া তুমিয়ে কোৱাঁচোন,
তোমাৰ পেঞ্চিলডাল সৰু হৈ গৈছে বুলি তাক তুমি পেলাই দিবা নেকি ? সেই পেঞ্চিলডালেৰে ধুনীয়া
ছবি এখন আঁকি উলিওৱাঁচোন। কোনডাল পেঞ্চিলেৰে আঁকিছা কোনেনো সুধিব ? কি ঠিক তোমাৰ দীঘল
পেঞ্চিলডালতকৈ সৰু পেঞ্চিলডালেৰে আঁকিলে ছবিখন বেছি ভাল হয়ে কিজানি ৷”
আইতাকৰ কথা শুনি
জিলিৰ ঠেঁহ নিমিষতে নাইকিয়া হ’ল ৷ মিচিকিয়াই হাঁহি উঠি গৈ সৰু পেঞ্চলডাল লৈ তাই ছবি আঁকিবলৈ ধৰিলে ৷
টোকা : এটা পুৰণি সাধুৰ
আলম লৈ গল্পটো লিখি উলিওৱা হৈছে৷ সাধুটোৰ লোখকজনৰ নাম উল্লেখ কৰা নাই বাবে প্ৰকাশ কৰিব
পৰা নগ’ল।
ঠিকনা :
বেলতলা তিনিআলি
বি,এন শইকীয়া পথ
গুৱাহাটী-২৮
৯৮৬৪২৩৩৩৫০