সকলোবোৰেই পৰিৱৰ্তন হয়

 

মূল :  বাৰ্টোল্ট ব‌্ৰেখট

বাংলা অনুবাদ : নাসিৰ উজ
জামান

অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ
মটক

 

    

সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ
কৰিব পাৰে

আপোনাৰ টুটি অহা সৰ্বশেষ নিশ্বাসৰ পৰাই।

 

যি ঘটিছে সেয়াতো ঘটিয়ে গল। আৰু যি পানী

আপুনি সুৰাৰ সৈতে মিহলালে

সেয়া ছেকি আৰু পৃথক কৰা নাযায়।

 

যি
ঘটিছে সেয়াতো ঘটিয়ে গ
ল। যি পানী

আপুনি সুৰাৰ সৈতে মিহলালে

সেয়া ছেকি আৰু পৃথক কৰা নাযায়।

 

কিন্তু

সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ
কৰিব পাৰে

আপোনাৰ টুটি অহা সৰ্বশেষ নিঃশ্বাসৰ পৰাই।

             
০০০