“নীতিসাৰ পুৰাণ”: আহোম ৰাজ্যত স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা

  ৰক্তিম
ৰঞ্জন শইকীয়া

 

আমাৰ
সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে
সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ
গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয়
চিন্তা-চর্চা চলাৰ বিষয়েও স্পষ্ট প্ৰমাণ দাঙি ধৰে৷
খ্ৰীষ্টীয় অষ্টাদশ শতিকাত আহোম ৰাজ্যত মূৰ দাঙি উঠা ব্যৱহাৰিক সাহিত্য চর্চাৰ
পৰম্পৰাতে হস্তী বিদ্যার্ণৱ
, গজেন্দ্ৰ চিন্তামণি, চাংৰুং ফুকনৰ বুৰঞ্জী আদি পুথিসমূহ ৰচনা হোৱা দেখা গৈছিল৷নীতিসাৰ পুৰাণ নামৰ গ্ৰন্থখনকো এনে ব্যৱহাৰিক সাহিত্যৰ ধাৰাটোতে শেহতীয়া সংযোজন বুলিব পাৰি

‘নীতিসাৰ পুৰাণ’ৰ ভণিতাত উল্লেখ পোৱা পুথিখনৰ ৰচয়িতাৰ পৰিচয়বাহী শাৰীদুটা
এনে ধৰণৰ —

“বোলে ৰাম চক্ৰবর্ত্তি হুয়া সুধমতি৷

ৰাজাৰ কুমৰ ইহজনমত গতি৷৷”

 

এই সামান্য শাৰীদুটাৰ বাহিৰে পুথিখনৰ
বাকী অংশত ক
বি পৰিচয়ৰ দ্বিতীয় কোনো শুংসূত্ৰ নাই নীতিসাৰ পুৰাণলেখক ৰাম চক্ৰৱর্ত্তীক আপাততঃ এক ৰহস্যময় চৰিত্ৰ যেনেই লাগে
আহোম যুগৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী
তো ৰাম চক্ৰৱর্ত্তী নামৰ কোনো কবিৰ নামেই বিচাৰি
পোৱা না
যায়
উল্লেখ
নীয়ভাৱে ৰুদ্ৰসিংহৰ কালৰ পৰাহে আহোম ৰাজচৰাত সভাকবিৰ উপস্থিতি লক্ষ্য কৰা যায়৷ কাৰণ তাৰ
আগতে আহোম ৰাজচ
ৰাত ৰাজ্যখনৰ কলেৱৰ বৃদ্ধি অথবা প্ৰতিৰক্ষাজনিত
কাৰণত সংঘটিত অহৰহ
যুদ্ধবিগ্ৰহ অথবা আভ্যন্তৰীণ
ৰাজ
নৈতিক প্ৰশ্নাৱলীৰ
বাহিৰে সুকুমাৰ কলা চর্চাৰ অৱকাশ নাছিল৷ অৰ্থাৎ গদাধৰ সিংহৰ আগৰ কালত (১২২৮১৬৮১) আহোম
ৰাজ্য
খন স্তৰীভূত
শাসন প্ৰণালীৰ
পূর্ণাঙ্গ সামন্ততন্ত্ৰ পৰ্যায়লৈ পূৰ্ণবিকাশিত হোৱা নাছিলএতিয়া কথা হ, তুঙ্গখুঙীয়া
ফৈদৰ ৰজাসক
লৰ
পৃষ্ঠপোষকতাপ্ৰাপ্ত বিশিষ্ট কবিসাহিত্যিক
আৰু শিল্পী
সকলৰ
তালিকাত
ৰাম চক্ৰৱৰ্ত্তী নামৰ কবিজনক ভুলতো বিচাৰি
পোৱা নাযায়৷
আগৰ
কালছোৱাত
,
অৰ্থাৎ জয়ধ্বজ
সিংহৰ ৰাজত্বকাল
(১৬৪৮৬৩) ৰাম মিশ্ৰ নামৰ
এজন কবিৰ
উল্লেখ
পোৱা
যায় যদিও তেওঁ ৰাজপৃষ্ঠপোষকতা
পোৱা নাছিল
(অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা
১৯৩
)৷ আকৌ, সেই
সময়তে সাহিত্য
কৰ্মৰে সুপ্ৰতিষ্ঠিত হৈ উঠা কবিজনে
১৭৪৪ খীষ্টাব্দত
নীতিসাৰ পুৰাণলিখি উলিওৱাৰ দৈহিক তথা বৌদ্ধিক অৱস্থা অব্যাহত ৰখাৰ ধাৰণাও
নিচেই অবান্তৰ
অৰ্থাৎ ৰাম চক্ৰৱৰ্ত্তী আৰু ৰাম মিশ্ৰ একেজন ব্যক্তি হব নোৱাৰে 

অসমীয়া
সাহিত্যৰ ইতিবৃত্ত
গ্ৰন্থৰ লেখক ডঃ সত্যেন্দ্ৰনাথ শর্মা আহোম যুগৰ
এজন বিখ্যাত কবি
ৰূপে
কবি
ৰাজ চক্ৰৱর্তীৰ পৰিচয় দঙি ধৰিছে৷ সেই অনুক্ৰমে ব্ৰহ্মবৈৱর্ত্ত
পুৰাণ
, গীতগোৱিন্দ, শঙ্খচূড় বধ, শকুন্তলা কাৱ্য, ভাস্বতী প্ৰভৃতি গ্ৰন্থৰচকবিৰাজ চক্ৰৱৰ্ত্তী
প্ৰকৃত নাম
 আছিল
ৰামনাৰায়ণ চক্ৰৱর্ত্তী
এই জনা ৰামনাৰায়ণ চক্ৰৱৰ্ত্তী
একাদিক্ৰমে স্বর্গদেউ ৰুদ্ৰসিংহ
(১৬৯৬১৭১৪ খ্ৰী:), শিৱসিংহ (১৭১৪১৭২২ খ্ৰী🙂 আৰু বৰৰজা ফুলেশ্বৰীৰ (১৭২২১৭৩১ খ্ৰী🙂 সভাকবি আছিল (অসমীয়া সাহিত্যৰ ইতিবৃত্ত,পৃষ্ঠা ১৭৫)৷ সেই ৰামনাৰায়ণ
চক্ৰৱৰ্ত্তীয়েই ৰাম চক্ৰৱর্তী হ
বগৈ পাৰে
নেকি সিও এক নিশ্চিত বিচাৰ্য বিষয় হ
ব পাৰেশকুন্তলা কাব্যত দাঙি ধৰা আত্মপৰিচয় অনুসৰি কবিৰাজ চক্ৰৱৰ্ত্তীৰ পিতৃৰ নাম
ৰামানন্দ সৰস্বতী

(অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা ১৯৬)৷ পূৰ্বতে জয়ধ্বজ সিংহই ৰামানন্দ
চক্ৰৱৰ্ত্তী নামৰ জনৈক কবিক সৰস্বতী উপাধি প্ৰদান কৰিছিল
  দুৰ্গাধৰ বৰকটকীৰ দ্বাৰা সংগৃহীত তথা প্ৰকাশিত কবিৰাজ চক্ৰবৰ্ত্তীপ্ৰণীত
শকুন্তলা কাব্যৰ পাতনিত
পিতৃ ৰামানন্দসহ এইজন ৰামনাৰায়ণ
চক্ৰৱর্তী
ৰ ষষ্ঠ
প্ৰজন্মলৈকে উপৰিপুৰুষসকলৰ নাম সন্নিৱিষ্ট হৈ আছে
লগতে বংশানুক্ৰমে এওঁবিলাকে অহমৰজা সকলৰ আশ্ৰয়ত থাকি বিদ্যাচৰ্চ্চা কৰিছিলবুলিও পাতনিত উল্লেখ আছে (পৃ: )৷ সেয়েহে প্ৰজন্মানুক্ৰমিক নামৰ
সাদৃশ্যৰ পৰা
এই ৰাম চক্ৰৱৰ্ত্তী আৰু ৰামনাৰায়ণ চক্ৰৱৰ্ত্তী একেজন ব্যক্তি
নহ
লেও একে বংশোদ্ভৱ আন এজন কবি হোৱাৰ
সম্ভাৱনা প্ৰৱল
 

মনোগ্ৰাহী উপমা, যথাযথ শব্দপ্ৰয়োগ আৰু লিখনিৰ সামগ্ৰিক চিত্ৰধৰ্মিতাই এই কাব্য
ৰচয়িতাজন অপৈ
ত পৰ্যায়ৰ আছিল বুলি কোনোমতে প্ৰতিপন্ন
নকৰে
বলৈ
লে ১৯২টা শাৰীবিশিষ্ট এই লিখনিত ৯টা
অৱস্থানৰ যতিচিহ্ন
(শাৰী অথবা কূটৰ শেষত দিয়া চিন) আৰু আন ৬টা শাৰীৰ সামান্য পৰ্যায়ৰ ছন্দবিচ্যুতিৰ উৰ্ধ্বত অন্য বিশেষ কোনো কাব্যিক ত্ৰুটি দেখা নাযায়ঠাইতে উল্লেখযোগ্য যে কবিৰাজ চক্ৰৱৰ্ত্তীৰ শ্ৰেষ্ঠ সৃষ্টিৰূপে পৰিগণিত শকুন্তলা কাব্যওন ধৰ্তৱ্যম্‌’ পৰ্যায়ৰ এনে পৰ্যায়ৰ খুঁতৰ পৰা সম্পূৰ্ণ মুক্ত বুলিব নোৱাৰিইফালে এই নীতিসাৰ পুৰাণৰ কথাবস্তু পূৰ্ণ শতাংশই মৌলিকইয়াত অন্তৰ্ভুক্ত নীতিমূলক উপদেশ অথবা ৰাজপ্ৰশস্তিৰ কোনো অংশই পূৰ্বপ্ৰতিষ্ঠিত আন কোনো লিখনি নিৰ্ভৰ
নহয়
  মুঠৰ
ওপৰত শকুন্তলা কাব্যকে ধৰি আমি
পঢ়িবলৈ পোৱা কবিৰাজ চক্ৰৱর্ত্তীপ্ৰণীত অন্যান্য লিখনিখণ্ডসমূহৰ
লগত
কাব্যিক মানদণ্ডৰ লেখেৰে এইজ ৰাম চক্ৰৱর্ত্তীৰ
নীতিসাৰ পুৰাণৰ সহজে চকুত পৰা ধৰণৰ প্ৰভেদ তেনেকৈ পোৱা নাযায়
আকৌ, এই দুয়োজন কবিৰ কাব্যত সন্নিৱিষ্ট
ভণিতাৰ অন্তিম শাৰীসমূহত শাক্তমাৰ্গী দেৱ
দেৱীৰ পৰিৱৰ্তে বৈষ্ণৱ কবি সুলভ ৰাম, কৃষ্ণ, জনাৰ্দনকে ধৰি ভালেসংখ্যক
বিষ্ণুবাচক পদৰ অৱতাৰণাও মন কৰিবলগীয়া
পুৰুষানুক্ৰমিকভাৱে ৰাজপৃষ্ঠপোষকতাতে সাহিত্যচৰ্চা
কৰি অহাৰ অন্তত সেই
চর্চাৰ ধাৰাৱাহিকতাত কমেও ১২১৩ বছৰীয়া যতি আৰু ৰাজপৃষ্ঠপোষকতা পুনৰ্প্ৰাপ্তিৰ ব্যাকুলতাৰ
আতিশয্যই বৰ্ষীয়ান কবিজনৰো চিন্তন শৃংখলত আউল লগোৱাৰ হেতু এই নী
তিসাৰ
পুৰাণৰ কথাবস্তুত উল্লিখিত বিসঙ্গতিসমূহ প্ৰকট হোৱাৰ অৱকাশ নিশ্চয় আছে
কাৰণ এবাৰ মজ্জাগত হোৱাৰ পাছত সেই কাব্যিক প্ৰতিভা সহজে অস্তমিত
নহ
য় যদিও সুদীৰ্ঘ বিৰতিৰ মূৰত
জনৈক বৰ্ষীয়ান লেখকৰ পক্ষে বিশেষত
: মৌলিক কথাবস্তু
সম্বলিত
নতুন
বক্তৱ্যৰ সুশৃংখলন অসম্ভৱপ্ৰায়
 

    নীতিসাৰ পুৰাণ
দৰে গ্ৰন্থ
চনাৰ প্ৰতি গঢ় লোৱা সচেতনতাই তৎকালীন
আহোম ৰাজতন্ত্ৰত স্তৰীভৱনৰ
পূর্ণতাপ্ৰাপ্তিৰে নিশ্চিত প্ৰমা দাঙি ধৰেকাৰণ শ্ৰমজীৱী জনতা অথবা ৰক্তক্ষয়ংকাৰী যোদ্ধাৰ তুলনাত মেদবহুল
সামন্তপ্ৰভূৰ বাবেহে এনে গ্ৰন্থৰ প্ৰয়োজনীয়তা অধিক আছিল
সেয়েহে  গ্ৰন্থখনৰ প্ৰস্তুতিৰ প্ৰয়াসক তৎকালীন আহোম
ৰাজ্য

এক পৰিপক্ক সামন্ততন্ত্ৰ
ৰ পৰ্যায়ত উপনীত হোৱাৰ নামান্তৰ বুলিব পাৰি 

নীতিসাৰ পুৰাণৰ উপদেশসমূহৰ মাজত পৰিষ্কাৰপৰিচ্ছন্নতা, খাদ্যাভাস, নিত্যনৈমিত্তিক পালনীয় আৰু সামাজিক আচাৰব্যৱহাৰ সম্বন্ধীয় সৰ্বমুঠ চাৰিটা শ্ৰেণীভুক্ত একোলনিকৈ উপদেশ সন্নিবিষ্ট হৈ থকা দেখা গৈছে  সেই অনুক্ৰমে

 

() পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পর্কীয় :

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সন্দৰ্ভত
ৰাম চক্ৰৱর্ত্তীয়ে প্ৰদান
কৰা উপদেশলানিক আধুনিক পৰিৱেশত প্ৰায় সাৰশূন্য যেনেই  দেখা যায়কিন্তু
সেইখিনিকে
লিপিৱদ্ধ কৰিব লগা হোৱা
অৱস্থাটোলৈ চালে সেই কালৰ অসমীয়া সমাজত ন্যূনতম
সিমানখিনি সচেতনতাও নথকা
ৰে ইংগিত পোৱা যায়উদাহৰণ
স্বৰূপে শোৱাৰ আগতে
, খোৱাৰ আগতে আৰু উপবাসৰ সময়ত
ভৰি ধুবলৈ আহ্বান জনোৱা
আৰু দেহ সুগন্ধিৰে
সতেজ কৰিবলৈ
মূৰত
ফুল লগাই
 থোৱাৰ
পৰামৰ্শসম্বলিত তলৰ কুটটোৰ উদ্ধৃতি দিব পাৰি

জাৰ মস্তকত পুস্প সততে থাকয়

 চৰন দোগোটা জিতো সদায়ে ধোৱয়

 

সয়ন ভোজন
আৰো উপবেশ্ব বেলা
             

 তিনিয়ো সমৱে
ধ্ৰুৱ
নকৰিব
হেলা
৷৫৷৷  

ইয়াৰ পৰা সহজেই অনুমেয় যে সেই সময়ত অসমৰ সৰহসংখ্যক মানুহেই
ভৰি ধোৱা, দাঁত ঘহাঁ
, কাপোৰ পৰিষ্কাৰকৈ পিন্ধা আৰু
চুলিৰ মলি গুচোৱা
(মূৰ
ধোৱা
) প্ৰভৃতি  কামবোৰৰ প্ৰতি সিমান সচেতন নাছিল৷ কবিয়ে সেয়েহে এই কেউটা  দিশৰ প্ৰতি বাৰে বাৰে আঙুলিয়াই আছে

ভাল কৰি ধুব ভৰি                  অৱহেলা
পৰিহৰি

  দশ্বনো  ধুইবেক জত্ন
কৰি
                

মলিএৰে কাপৰক                   সৰিৰত নলৈবেক

     লৈলে
লক্ষ্মিঁ
থান্ত অন্তৰি৷১৯৷৷

মল সব দুৰ কৰি                    ধুব কেশ যত্ন
কৰি

নিদ্ৰা নকৰিব সন্ধ্যা বেলা

ধোবাই কাপোৰকানি প্ৰক্ষালন কৰি থকা পুখুৰীৰ পানী স্বাভাৱিকতে দূষিত
হয়
গতিকে সেই পানী স্নান আৰু পান কার্যৰ বাবে উপযোগী
নহয় বুলি ৰাম চক্ৰৱর্ত্তীয়ে
উল্লেখ কৰিছে অৱশ্যে
চাকিৰ ছাঁ নগচিবলৈ দিয়া উপদেশ
ৰ অন্তৰালত স্থানীয় অন্ধবিশ্বাসো জড়িত থাকিব পাৰেইফালে
সন্ধ্যাৰ ছাঁ গচ
কাৰ
পৰা বিৰত থকাৰ
  আওপকীয়া অৰ্থ হিচাপে নিৰাপত্তাজনিত
কাৰ
ণত দিনৰ পোহৰতে
ঘৰৰ ভিতৰ সোমোৱাৰ কথাকে ভা
বিব পাৰি কাৰণ সেইকালৰ
অসমত ৰাতি পোহৰৰ সুব্যৱস্থা
কাৰ্যত: অবাস্তৱেই  আছিল প্ৰচলিত
ৰীতি অনুসৰি সন্ধ্যা লাগি ভগাৰ লগে লগে পাইকসক
খাইবৈ
শুই
পৰিছিল সন্ধ্যাৰ ছাঁ গচকিবলৈ হলে
মানুহ
এজন সন্ধ্যা

পৰ্যন্ত
ঘৰৰ বাহিৰত থাকিব লাগিব সেই কালত এই কাৰ্য নিশ্চিত বিপদজনক আছিল৷ এই সকলোখিনি দিশলৈ লক্ষ্য
ৰাখিয়েই ৰাম চক্ৰৱর্ত্তীয়ে লিখিছে

                             ৰজকৰ পুখুৰিত                        নকৰিব
স্নান পান

চায়াক  লৈ  আস  নৰ

সন্ধ্যাৰ চায়াক নৰে                 কদাচিতো নলৈবেক

        আৰো চায়া নলৈবে  দীপৰ

 

() খাদ্যাভ্যাস সম্পর্কীয় :

নীতিসাৰ পুৰাণখাদ্যাভ্যাস সম্পর্কীয়লানি গুৰুত্বপূর্ণ
উপদেশ
ৰ অন্তৰ্ভুক্তি
মন কৰিব লগীয়া
বিষয়বস্তুৰ ফালৰ পৰা এই উপদেশলানি শাৰীৰিক শ্ৰমবিমুখ আৰু অতিৰিক্ত
আহাৰ গ্ৰহ
ণকাৰী
মেদবহুল অভিজাত শ্ৰেণীটো
ক উদ্দেশ্যি লিখা যেন ধাৰণা হয়কাৰণ, ৰাম চক্ৰৱর্ত্তীৰ
সময়ত অসমৰ পাইক প্ৰজা
খাবলৈ নাপাই পেটে কঁকালে লগা অৱস্থা এটাৰহে মুখামুখি হৈছিল ৰাজেশ্বৰ সিংহ স্বর্গদেউৰ সময়ত (১৭৫১১৭৬৯ খ্ৰীষ্টাব্দ) আহোম
ৰাজ্যলৈ অহা এজন ফৰাচী ব্যৱসায়ীৰ টোকাৰ পৰা আমি এই বিষয়ে নিশ্চিত হ
ব পাৰোঁ ১৭৫১৫২ খ্ৰীষ্টাব্দত জ্যাঁ বেপটিষ্ট চেভেলিয়াৰ (Jean-Baptist Chevalier) নামৰ এজন ফৰাচী ব্যৱসায়ী অসমলৈ আহিছিল৷ চেভেলিয়াৰৰ বর্ণনাত
আহোম ৰাজ্যত কৃষক শ্ৰেণীটোৰ খাবলৈ নাপাই পেটে কঁকালে লাগি থকা অৱস্থাৰে স্পষ্ট ছবি
এখন পোৱা যায়

ইয়াৰ বিপৰীতে আহোম শাসনৰ বাহিৰত থকা গাৰো আৰু ভূটীয়াসকল সুস্বাস্থ্যৰ অধিকাৰী
আছিল বুলি চেভেলিয়াৰে উল্লেখ কৰিছে
(Dutta Baruah (Ed) :  p. 178)এই অৱস্থাত আহোম ৰাজ্যৰ প্ৰজাসকলৰ
বাবে ৰাম চক্ৰৱর্ত্তী
য়ে আগবঢ়োৱা পেটৰ চাৰিভাগৰ এভাগ পুৰণ কৰাৰ উপদেশ  উপহাস মাত্ৰ ৰাম চক্ৰৱর্ত্তীয়ে লিখিছে

সান্তি ভার্জা সমে গৃহসতি জাহাৰ

জিতো
নীতে
কৰে অল্প নীয়মে আহাৰ

অলপ
আহাৰ এই জানীবা নীশ্বয়
               

চাৰিভাগ কৰি পেটভাগ 
পুৰয়৷৬৷৷ 

 

দেশৰ
প্ৰায় সকলো অঞ্চলৰ লগত সুৰ মিলাই পূর্ণিমা
, অমাৱস্যা, সংক্ৰান্তি আৰু একাদশী তিথিক
পৱিত্ৰ জ্ঞান কৰি ব্ৰত পালনৰ দীৰ্ঘকালীন পৰম্পৰা অসমতো আছে৷ অৱশ্যে এই পুথিত
উল্লেখ কৰাৰ দৰে চতুর্দশী আৰু অষ্টমী তিথিৰ
তাৎপৰ্যৰ বিষয়ে জনা নাযায় 
 যি নহওক, এনেবোৰ ব্ৰত পালনীয় দিৱসত
মাছ
, মাংস আদি বিশেষ কিছুমান গুৰুপাকী
আহাৰ গ্ৰহণৰ নিষেধাজ্ঞা প্ৰাচীন হিন্দু পৰম্পৰাৰ লগত জড়িত হৈ আছে 
তদুপৰি দেওবাৰে মাছ-মাংস,
মচুৰ দাইল আৰু নাৰী সংসর্গ বাৰণ কৰি ইয়াত কিছুদূৰলৈ হ
লেও স্বাস্থ্যসচেতনতাৰ পৰামৰ্শ
আগবঢ়োৱা হৈছে ৷ ইফালে তেতিয়াৰ অসমত
অভিজাত শ্ৰেণীভিন্ন সৰ্বসাধাৰণৰ পক্ষে নিয়মীয়া
খাদ্য ৰূপে
তৈল জাতীয় পদার্থ গ্ৰহ
ণৰ সামৰ্থ্যই নাছিল তেনেস্থলত ৰাম চক্ৰৱর্ত্তীয়ে ঘাইকৈ
ভোজনবিলাসী নিষ্কর্মা অভিজাত শ্ৰেণীটোক উদ্দেশ্যিহে এলানি পৰম্পৰাগত নিষেধাজ্ঞাৱলীকে
শাস্ত্ৰীয় কলপ লগাই এইদৰে উপস্থাপন কৰা দেখা গৈছে

অমাবাস্যা পুর্নিমা সক্ৰাতি চতুর্দসি

অষ্টমি সহিতে
পর্ব্ব ৰুঝিবা হৰিশ্বি
              

তীল তৈল মস্ব  মাংস এড়িবে লাগয়

সাস্ত্ৰৰ
পৰম নীতি জানিবা নীশ্বয়
৷৯৷৷

     
        
    

ৰবি বাৰে
স্ব
মাংস জিজনে এড়য়

নাৰিৰ
সম্ভোগ মাস
  মচুৰ
তেজয়
৷১০৷৷

ৰাম
চক্ৰৱর্ত্তীৰ কিছুমান নিষেধাজ্ঞা আয়ুৰ্বেদৰ লগত সম্পৰ্কজড়িত ৷ উদাহৰণ স্বৰূপে ইয়াত আদা
আৰু নিমতিতা প্ৰভৃতি ভক্ষণৰ
 ফলত আৰোগ্য প্ৰাপ্তিৰ সম্ভাৱনা
বৃদ্ধি পায় বুলি কোৱা হৈছে ৷ মধ্যযুগীয় স্বাস্থ্যবিধিত তিল তেলক বাৰে বাৰে পৰিত্যাগ
কৰিবলৈ উপদেশ দিয়া হৈছে ৷ কিছু পৰিমাণে হ’লেও এলার্জী সৃষ্টিকাৰী লক্ষণৰ কাৰণেই হয়তো
তিল তেলৰ
  ব্যৱহাৰ স্বাস্থ্যসন্মত নহয় বুলি ভবা হৈছিল ৷

আদা নীমতিতা এই দুইকো নখাই

জানিবাহা
আৰোগ্য তহাৰ হয়ে কাই
(কেনেকৈ)৷

তিলৰ তৈলকো
কৰিবেক পৰিত্যাগ

কদাচিতো
ৰোগে তাঙ্ক নলৈবেক লাগ
৷১১৷৷

ৰাম চক্ৰৱর্ত্তী বৰ্ণিত খাদ্যাভ্যাস
সম্পর্কীয় নিষেধাজ্ঞা
ৰ এটা অংশ স্পষ্ট ভাৱে অতিপুষ্টিত ভোগা অভিজাতবৰ্গৰ ক্ষেত্ৰতহে প্ৰযোজ্য
হোৱা যেন লাগে 

সন্ধ্যাবেলা আৰু মাজনিশা আহাৰ খাবলৈ বাৰণ কৰা আৰু বিশেষ উপলক্ষ্যহীন অৱস্থাত একেটা দিনতে (দিবাকাল) একাধিক বাৰ অন্নগ্ৰহণৰ পৰা
বিৰত থকাৰ পৰামৰ্শও
নিশ্চয় অপুষ্টিত ভোগা পাইকপ্ৰজাক উদ্দেশ্যি লিখাৰ প্ৰয়োজন
নাছিল 
 ৰাম চক্ৰৱৰ্ত্তীয়ে
এই সন্দৰ্ভত লিখিছে

        সন্ধ্যা সময়ত
অন্ন
                নুভুঞ্জিবে
কেহো নৰ

                                                      আৰো মহানীসি ভাল নোহে             

                                     বীসেতডন্তি  বিনা               দিবসতো
দুই
বাৰ        

    নুভুঞ্জিবে বুলি  সাস্ত্ৰে
কহে
৷২১৷৷

 

 () নিত্যনৈমিত্তিক
পালনীয়
:

নীতিসাৰ পুৰাণৰ পৰিসৰত ৰাম চক্ৰৱর্ত্তীৰ সমসাময়িক সমাজব্যৱস্থাদৈনন্দিন
জীৱনত পাল
নীয়
একোলানি
উপদেশৰ প্ৰৱিষ্টিও মন কৰিব লগীয়া নিদ্ৰাৰত
অৱস্থা
তো ন্যূনতম্বস্ত্ৰ আভৰণেৰে দেহটো আবৃত্ত হৈ
থকা
আৰু পাঁচোটা বিশেষ তিথিত (চান্দ্ৰ দিৱস) নাৰীসংগ বৰ্জন সন্দৰ্ভত তেওঁ এইদৰে কৈছে 

 কহো আৰো নীতি
সুনিয়োক দীয়া ছিত

নিদ্ৰা সময়তো
বস্ত্ৰ থাকিব কটিত

পর্ব্ব পাছোটাত
এড়িবেক নাৰি সঙ্গ

কহো
পঞ্চ পর্ব্ব সুনা কৰি মন ৰঙ্গ

     
        
  

                গাঢ় নিদ্ৰা
সময়তো
                
বিবস্ত্ৰ নহুব নৰ

                                সুনা
কর্ন্নে এৰি সবে হেলা

নিত্য নৈমিত্তিক পালনীয় বিষয়ক অন্যান্য উপদেশৰ
ভিতৰ
ত ঘাইকৈ
গাঙ্গেয় হিন্দু সংস্কৃতিৰে প্ৰতিফলন বুলি ক
ব পৰা গোপূজন পৰম্পৰা আৰুঅতিথি দেৱো ভৱশীৰ্ষক আদৰ্শৰ ওপৰত ৰাম চক্ৰৱৰ্ত্তীয়ে
এনে পৰামৰ্শকে উপস্থাপন কৰিছে

 গড়ুৰ খোজৰ
ধুলা পবিত্ৰ সদাই

লৈলে সৰিৰৰ
পাপ দুৰক পলাই

সুনা নীতি
পুৰাণৰ ৰহস্য পৰম

থিতী
সুশ্ৰসা গৃহস্তৰ বড় ধর্ম্ম
৷১৫৷৷

 

() সামাজিক আচাৰ ব্যৱহাৰ:

ৰাম চক্ৰৱর্ত্তীৰ নীতিসাৰ পুৰাণৰ
সকলোতকৈ আকর্ষণীয় অংশটো হৈছে ইয়াত উল্লেখ কৰা সামাজিক আচাৰ
ব্যৱহাৰ আৰু আচৰণ সম্পর্কীয় উপদেশলানি সামাজবিশেষৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰা শিষ্টাচাৰবিধিসমূহ সংশ্লিষ্ট সমাজৰ দীৰ্ঘকালীন
সংস্কৃতিসাধনাৰ ফচল ৰূপে তিলতিলকৈ গঢ় লয় ৰাম চক্ৰৱৰ্ত্তীৰ সমকালীন অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ অবিচ্ছেদ্য অঙ্গ হৈ উঠা
বিশিষ্ট
সামাজিক শিষ্টাচাৰ শৈলীটোৰ সম্বন্ধে অমাৰ হয়তো কিছুকিছু
ধাৰণাও আছে
কথা হ
সেই ধৰ্মীয় সমাজকেন্দ্ৰিক শিষ্টাচাৰ শৈলীক মুঠেই সাৰ্বজনীন বুলিব নোৱাৰি
তেনেস্থলত
সামন্ত আৰু পাইক
সমাজক একেলগে সামৰি লব পৰা সাৰ্বজনীন পৰিসৰৰ এলানি শিষ্টাচাৰ
নীতি
ৰ প্ৰতি
ৰাম চক্ৰৱর্ত্তী বিশেষভাৱে যত্নপৰ হৈছিল যেন লাগে  সেয়েহে তেওঁ ডাঙৰকৈ শব্দ কৰি
ভাতৰ ডাঙৰ গৰাহ একোটা
  মুখত
ভৰোৱা
, আনন্দৰ
আতিশয্যতো সশ
ব্দে
হাঁহি মৰা, বহা আসনত আঙুলিৰে বাদ্য সঙ্গত
কৰা প্ৰভৃতি আন এলানি শিষ্টাচাৰ
বৰ্জিত আচৰণৰ পৰাও সকলোকে বিৰত থকাৰ পৰামৰ্শ দিছে  এনেকি তেনে অশোভনীয় আচৰণৰ 
ক্ষতিকৰ
পৰিণতিৰ পৰা ভগৱন্তয়ো লক্ষ্মীদেৱীৰ ওচৰত নিস্তাৰ নাপায়
বুলি তেওঁ
এইদৰে
  উল্লেখ
কৰিছে

                                     ডাঙ্গৰ গৰাস ধৰি                সোত
সোত সব্দ কৰি

কদাচিতো নুভুঞ্জিবে অন্ন

জদি বড় ৰঙ্গ মিলে 
            তথাপিতো
অতিহাস্য

     নকৰিবে
নৰনাৰি গন
৷২০৷৷

আসনসবত বাদ্য                  বজাইবে উচিত
নয়

আপোনাৰ অঙ্গে নোহে ভাল

জদি এই কর্ম্মচয়                     ভগৱন্তে  আচৰয়

                                          তাঙ্কো
লক্ষ্মিঁ এৰে কীচো কাল

 

নীতিসাৰ পুৰাণৰ পৰা সমকালীন অসমৰ কৃষিজাত
উৎপাদন আৰু অর্থনীতি 
: 

নীতিসাৰ
পুৰাণ
সন্নিৱিষ্ট বিৱৰণৰ পৰা সেই কালৰ অসমৰ
কৃষিজাত উৎপাদনৰ বিষয়ে
সামান্য আভা পোৱা যায়   ইয়াত সন্নিৱিষ্ট
পাঠৰ পৰা বুজা যায় যে ৰাম চক্ৰৱর্ত্তী
ৰ সমকালীন অসমত তিল, তেল, মচুৰ, মাছ আৰু 
মাংস ভক্ষণ  ব্যাপক প্ৰচলন আছিল কিন্তু, সৰ্বজন ব্যৱহৃত এইসমূহ খাদ্যদ্ৰব্যৰ
ভিতৰত মচুৰ মাহৰ উৎপাদন তেতিয়াৰ অসমত কদাপি সম্ভৱ নহৈছিল 
কাৰণ অসমৰ প্ৰাকৃতিক পৰিৱেশ মচুৰ উৎপাদনৰ
মুঠেই অনুকূল নোহোৱাৰ হেতু
  ৰাজ্যখনত এইবিধ শস্য আজিও
নিচেই নগণ্য মাত্ৰাতহে উৎপন্ন হয়
(২০২০ চনত ২০ কিঃগ্ৰাঃ)৷ সেয়েহে তেতিয়াৰ অসমীয়াই ব্যৱহাৰ কৰা
সমুদায় মচুৰ মাহ
হাদিৰাচকীৰ বাণিজ্যকেন্দ্ৰ হৈ বঙ্গদেশৰ
পৰা অসম সোমাইছিল বুলি ধৰি ল
ব লাগিব আকৌ, সেই কালত অসমৰ
কৃষক সমাজ
গৰুৰ অপৰিসীম গুৰুত্ব প্ৰতিপন্ন
কৰিবলৈ গৈ
 ৰাম চক্ৰৱৰ্ত্তীয়ে এনেকৈ লিখিছে 

গো সমস্তক জিতো প্ৰতিপাল কৰে

            সিজনক লক্ষ্মি
দেৱি আপুনি আদৰে
৷১৪৷৷

 

ভিন্নবৰ্গীয়  লোকৰ সামাজিক স্থিতি:

      নীতিসাৰ পুৰাণৰ মূল
পাঠৰ আলম্বনত
মধ্যযুগৰ আহোম ৰাজ্যত ভিন্নবৰ্গী লোকৰ সামাজিক গাঁথনি
সম্পৰ্কেও
কিছু
আভাস পোৱা যায়
সেই অনুক্ৰমে জনা যায় যে অন্ততঃ ৰজাঘৰীয়া সমাজব্যৱস্থাত ব্ৰাহ্মণসকলৰ
স্থিতি শক্তিশালী আছিল
সেই শক্তিশালী
স্থিতিৰ অৱলম্বনতে ৰাম চক্ৰৱর্ত্তীয়ে পুৰাণ ৰচয়িতা ব্যাসদেৱৰ দোহাই ব্ৰহ্মভোজন
কৰ্মক সৎ
পুত্ৰ লাভ
ৰ অন্যতম্পূৰ্ৱচৰ্ত ৰূপে ঘোষণা
কৰি প্ৰকাৰান্তে সুবিধাবাদী শ্ৰেণীবিশেষ
ৰ সামাজিক আধিপত্যৰ ছবিখন এনেকৈ দাঙি ধৰিছে 

  আৰো উপজিবে
সুবিনীত পুত্ৰচয়

এই ৰুপে পুৰাণত
ব্যাশে বখানয়

আপুনি জদ্যপী নপাব যথা
চৰিতে

ব্ৰাহ্মনক বুলি কৰাইবেক
শুদ্ধচিতে
৷১২৷৷

 

স্বৰ্গদেউ গদাধৰ সিংহৰ শাসনকালত (১৬৮১৯৭) বঙ্গমূলীয় শাক্তধৰ্মৰ প্ৰতি ৰাজপৃষ্ঠপোষকতা
আৰম্ভ হোৱাৰ লগেলগে পূৰ্বৰ চতুৰ্বৰ্ণাশ্ৰয়ী ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাটোৱেও সঁজাল ধৰাৰ
কিছু
সুযোগ পাইছিলৰাম
চক্ৰৱর্ত্তীয়ে

ঠিক সেই পৰিৱেশতে
এই পুৰোহিত শ্ৰেণীৰ স্বার্থ প্ৰতি বিশেষ সচেতনতাৰে
সকলো ধর্মকার্যৰ বাবে পুৰোহিত
(প্ৰতিনিধি) আশ্ৰয় লোৱাকে শাস্ত্ৰসন্মত তথা
ষিসকলৰ
নির্দেশিত আৰু তথাকথিত শূদ্ৰৰ বাবে
অপৰিহাৰ্য কৰণীয় ঘোষণা কৰি নিজৰ শ্ৰেণীচৰিত্ৰ  এইদৰে প্ৰকট কৰা দেখা গৈছে

 

প্ৰতিনিধি  লৈয়া কর্ম্ম কৰিব সদাই                

ষিৰ সন্মত ইতো
সাস্ত্ৰ অভিপ্ৰাই

প্ৰভাতে উঠিয়া
ছিত চিন্তিব বিপ্ৰৰ

তেবেসে উচিত
নীতি জানিবা সুদ্ৰৰ
৷১৩৷৷ 

ইফালে শ্ৰমবিভাজনহীন আহোম ৰাজ্যত
ধোবা
(ৰজক) নামৰ
কোনো বৃত্তিয়াল শ্ৰেণী নাছি
লেই সেই বৃত্তিয়াল শ্ৰেণীটো অৱশ্যে
কোচ ৰাজ্যত
তেতিয়াও
বৰ্তি
আছিলগুৰু চৰিত
কথা
ৰ উল্লেখ অনুসৰিৰঘূপতি নামে ধোবা গুৰুজনৰ ভকতৰ বস্ত্ৰ ধোএ নামো গাই ” (নেওগ (সম্পা), গুৰুচৰিত কথা, পৃ: ১৮৪)৷ ৰাম চক্ৰৱর্ত্তীয়ে সেই ধোবাৰ প্ৰসংগকে অৱতাৰণা কৰিলেও
য়াক
কোচ ৰাজ্যৰ সামাজিক চিত্ৰ এখনৰে প্ৰভাৱ
  যেনহে  অনুভৱ হয় 

“নীতিসাৰ
পুৰাণ” ইতিমধ্যে আন তিনিখন পুথিৰ সৈতে একত্ৰ হৈ ছপা ৰূপ পাইছে৷ “নীতিসাৰ পুৰাণ”ৰ অভিনৱ
বিষয়বস্তুয়ে মধ্যযুগৰ অসমীয়া ব্যৱহাৰিক সাহিত্যৰ অধ্যয়নক নতুন ৰূপ প্ৰদান কৰিব পাৰিব
বুলি আশা কৰিব পাৰি ৷

 

 তথ্যসূত্ৰ:

1.  
নেওগ, ডঃ মহেশ্বৰ (সম্পা)(২০০৩): গুৰু চৰিত কথা, বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় 

2.  
Adab literature, Kathleen
Kuiper, Jul 20, 1998, Article added to new online database by The Editors of
Encyclopaedia Britanica

3. Dutta-Baruah, Caroline (2008): Adventures of
of Jean-Baptist Chevalier in Eastern India (1752-1765), LBS Publications,
Guwahati.

4. Dutt, Manmatha Nath (Edited)(1896): Kamandakiya
Nitisara, Printed by H. C Das, Elysium Press, 65/2 Beadon Street, Calcutta.

5. Pushpangadan,
P; Sharma, Jyoti and Kaur, Jeet (July, 1987): Environmental Health and Hygiene
in Ancient India: An Appraisal, Ancient Science of  Life, Vol .7, 
No. 1, pp. 1 – 5.

6.  
Rao, E Nageswara (Translation)
(2008): Baddena’s Sumati Satakamu, An English Rendering with notes and
comments, C P Brown Academy, The Alpha Foundation,
8, Dwarakapuri Colony,
Punjagutta, Hyderabad – 500 034, India