প্রিয়ংকা বৰুৱা
আগলি কলপাতখনত চকুত লগাকৈ
সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল!
ধোঁৱা বলা ভাতকেইটাৰ
ওপৰত এহেতা খাৰ দিয়া মাটি দাইল৷ কাষতে দুটা সৰু সৰু দোৰোলা৷ এটাত দুফলীয়া আলুটোৰ এফালৰ
সৈতে তিনিটুকুৰা মাংসৰ তেলতেলীয়া ৰঙচুৱা খাহীৰ জোল আৰু আনটোত লাও-বিলাহীৰ টেঙা আঞ্জাত
এপিচ্ ভকুৱা মাছৰ তলপেটী৷ পাতখনৰ বাওঁফালে কুটা পিঁয়াজ, ধনীয়া দি সনা পোৰা মাছৰ পিটিকা
এথেপা, বেচনৰ ঘোলত লেটিয়াই ভজা গোলকৈ দুচকল বৰ বেঙেনা আৰু নামমাত্ৰ পদিনাৰ চাটনি৷ সোঁকোণত
এচিটা নেমু, এজেবা লোণ আৰু এটা ভোজন ঠেলা৷
এইকেইদিন অহৰ্নিশে
খেদি ফুৰা দৈত্যসদৃশ ফটফটীয়া ছবিখনে যেন আকৌ এবাৰ মুখ মেলি দিব্যপ্ৰভাৰ সমুখত থিয় দিলেহি৷
ধমহ্কৈ মাৰিছে গোটেইজনীক৷
মনৰ মাজত সংগোপনে কঢ়িয়াই থকা গধুৰ ভৰটোৱে ততাতৈয়াকৈ তেওঁৰ বুকুৰ সোঁমাজত প্ৰচণ্ড চাপেৰে
তীব্ৰ বিষ এটা তুলিলে৷
দুসপ্তাহেই হ’বলৈ
হ’ল দিব্যপ্ৰভাৰ মানুহজন পৃথিৱীৰ পৰা একেবাৰে হেৰাই যোৱা৷ ঘটনাটো ঘটা ক্ষণটোৰ পৰা এই
মুহূৰ্তলৈকে বাৰিষাৰ ধল বাদেই তেওঁৰ চকুলৈ এটোপালো পানী অহা নাছিল৷ এটা নিস্তেজ জীয়া শ
হৈ ,এটুকুৰা কাঠ হৈ পৰিছে তেওঁ এই কেইদিনতে৷ একেবাৰে নিঃসংগ৷ অথচ চুবুৰীয়া, আত্মীয় স্বজন,
পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, পুত্ৰৰ পুৰণি বন্ধু-বান্ধৱীৰে ঘৰ ভৰি পৰিছে৷
খেনোৱে দিব্যপ্ৰভাৰ
গুণী, পৰোপকাৰী মানুহজনক সুঁৱৰি চকু সজল কৰিছে, খেনোৱে আকৌ তাইক সান্ত্বনাৰ বাণী শুনাই
আহি থকা নিঃসংগ জীৱনটো সাহসেৰে মুখামুখি হ’বলৈ বিজ্ঞৰ দৰে জ্ঞান বিলাইছে৷ মানুহৰ জীৱনৰ
দৈৰ্ঘ্য যে হাতৰ মুঠিৰ বাহিৰত!
সকামৰ অন্তত দুই
পুত্ৰ পৰিয়ালৰ সহিতে নিজ নিজ কৰ্মস্থলীলৈ দৌৰিবই লাগিব৷ নাতিহঁতৰ স্কুল, গানৰ, আৰ্টৰ
ক্লাছ বেছিকৈ ক্ষতি কৰিলে পাছত সিহঁতৰ চঞ্চল হৈ পৰা মনকেইটালৈ স্থিৰতা আনিবলৈ মাকহঁতৰ
বৰ কষ্ট হয়৷
সন্ধিয়ালৈ যেতিয়া
টোপোলা দিয়া মানুহৰ সোঁত কমে, ঘৰুৱা মানুহখিনি একগোট হৈ কাজৰ লিষ্ট কৰে৷ ভোজ ৰান্ধিবৰ
বাবে বন্দোৱস্ত হোৱা পৰিচিত বিজয় কাৰিকৰ আহিল এদিন৷ দিব্যপ্ৰভা কোঠাৰ পৰা ওলাই নাহিল৷
ল’ৰা বোৱাৰীকে সেই দায়িত্ব সমৰ্পিলে৷
দিব্যপ্ৰভাৰ মন-মগজুক
এইকেইদিন কোনো কথা কোনো মানুহে স্পৰ্শ কৰি প্ৰতিক্ৰিয়া কৰাব পৰা নাই৷ নিজৰ লগতে গভীৰ
আলাপত মগ্ন হৈ পৰা মানুহজনীৰ মনোকথনলৈ মাথোঁ আহি আছে আধা কেজি তেলাল খাহী মাংস, নাচি
থকা পাঁচজনী গৰৈ মাছ আৰু তিনিপোৱা মাটিমাহৰ সেই ছবিখন!
দহা-কাজৰ দিনা ৰাইজক
খুউৱা কৌপাতখিলা ভৰি পৰা জলপানভাগি দেখিও দিব্যপ্ৰভাৰ চকু সেমেকি পৰা নাছিল৷ পৰ্বতসম
দুখটো উজাই আহিছিল যদিও বুকুৰ ভিতৰত আজিৰ দৰে অদ্ভুত ছটফটনিয়ে খোঁচা-বিন্ধা কৰা নাছিল৷
সেইদিনা শেষ গধূলিলৈ নিজম পৰি নিমাওমাও হোৱা পিছফালৰ ৰভাখনৰ থমথমীয়া পৰিৱেশটো আত্মীয়
আৰু দুই এজন ওচৰ চুবুৰীয়াৰ হাঁহি খিকিন্দালি, বিহু নাচত চঞ্চল হৈ উঠিল৷ শুভ্ৰ আঁৰ কাপোৰৰ
অন্তৰভাগ হৈ পৰিল ৰঙীন ৰং ৰহইচৰ থলী৷
চিপাঝাৰৰ নাথপাৰাত
থকা সৰু নন্দেক শেৱালিয়ে ঢেলাই বিছনাখনত একাতিকৈ পৰি ঘোলা চকুৰে বেৰৰ দিশে মুখ কৰি থকা
দিব্যপ্ৰভাক কৌতূহলী কণ্ঠৰে মাত দিছিল,
: টোপনি গ’লা নেকি
নবৌ?
: নাই শেৱালি, কোৱাঁচোন!
বাগৰ নসলোৱাকৈ দিব্যপ্ৰভাই
বেৰত বগাই থকা পৰুৱা এটালৈ চাই সৰু সৰুকৈ ক’লে৷
: কথা এটা নহয়! এই
কেইদিন সকলোৱে শোক আৰু দায়িত্ব পালোঁতেই গ’ল৷ আজি অকণমান মতা মানুহ কেইটাই স্ফূৰ্তি
কৰিছে আৰু! তুমি বাৰু বেয়া পাইছা নেকি নবৌ?
: ওহোঁ..
দিব্যপ্ৰভাৰ চুটি
উত্তৰ৷ আশ্বস্ত হৈ শেৱালিয়ে মনৰ ভিতৰতে মিচিক্ কৈ হাঁহি কোঠাৰ পৰা ওলাই আহিল৷
‘আমাৰ এওঁ আকৌ সন্ধিয়া
পানীটুপি মুখত নিদিলে বৰ অশান্তি পায় হেনো!’
জুহালৰ কাষত এদিন
হবিচীয়া ভাত ৰান্ধি থকা দিব্যপ্ৰভাক শেৱালিয়ে খিলখিলাই হাঁহি কোৱা কথাষাৰ তেওঁৰ মনচক্ষুলৈ
চাটকৈ আহিল৷ পৰুৱাটোৰ পৰা দিব্যপ্ৰভাৰ চকু আঁতৰ হ’ল৷
ননন্দ জোঁৱাই অতুলৰ
মুখৰ পৰা উফৰি অহা বেসুৰা বিহুনাম ফাকি শুনি দিব্যপ্ৰভাই চকু দুটা জপাই দিলে৷ যিজন
মানুহে মুখত সুৰা, বিড়ি-চিগাৰেট বাদেই, তামোল এখনো নিদিছিল, তেখেতৰ কাজৰ দিনা শৰাধ
পতা ৰভাখনত এনেকুৱা আড্ডা! দিব্যপ্ৰভাই নিজৰ বুকুখন হাত দুখনেৰে সজোৰে হেঁচি ধৰিলে৷
তেওঁ নীৰৱে ৰ’ল৷ কিজানি মানুহজন নোহোৱা ঘৰখনত গোট খোৱা মানুহবোৰ তেওঁৰ এষাৰ কথাৰ বাবেই
অসন্তুষ্ট হৈ পৰে!
আজি মৎস্যস্পৰ্শ
বুলি ৰন্ধা বিবিধ ব্যঞ্জনেৰে ভৰা পাতখিলা দেখি যিকোনো ভোজনৰসিক বা ভোকাতুৰ মানুহৰ ভোক
এছাট যে মাৰাত্মকভাৱে বাঢ়ি আহিব সেয়া নিঃসন্দেহ!
শিল হোৱা দিব্যপ্ৰভাৰ
বুকুখন সজাই থোৱা পাতখিলা দেখি মম গলা দি গলি গ’ল৷ আজি তেওঁ নিজকে সম্বৰণ কৰিব পৰা নাই৷
গাঁৰি দিয়া চাদৰখনৰ আগৰ দহি এটা দুই ওঁঠেৰে চেপি উচুপি উঠিল তেওঁ৷ কাষতে বহা সৰুজাক
সুমিত্ৰাই বাহু এটাত হেঁচুকি ক’লে,
: কিয় এনেকুৱাখন
কৰিছে বাইদেউ? এইকেইদিন ধৈৰ্য ধৰি থকা মানুহগৰাকীয়ে আজি ভাতৰ পাতত বহি এনেকৈ ফেঁকুৰিলে
দাদাৰ আত্মাই কষ্ট পাব৷ চাওকচোন গোটেই কেইবিধ তেখেতৰ প্রিয় খাদ্য৷ কিমান যে পছন্দৰ
আছিল এইবোৰ দাদাৰ! দাদা নাই বুলি তেখেতে ভালপোৱা বস্তুবোৰ আপুনি মুখত নিদিলেহে তেওঁ
আঘাত পাব৷ ভাতকেইটা সানক৷ আপুনি নাখালে যে আইহঁতৰ কোনেও সন্তুষ্টিৰে ভাত খাব নোৱাৰিব!
দিব্যপ্ৰভাই হুকহুকাই
কান্দি পেলালে৷ জা-কে নিজেই মাংসৰ জোল এচিলিক্ তাইৰ পাতখনত ঢালি দিলে৷
: আৰম্ভ কৰক আপুনি!
আইহঁতে আপোনাৰ মুখলৈকে চাই আছে বাইদেউ৷
গামোচাখনেৰে মুখখন
মোহাৰি দিব্যপ্ৰভাই সমাজৰ আগত পাতখিলা আঙুলিৰে চুই দিলে৷ লগে লগে মোহিনী আয়ে হৰিনাম
এজাউৰি দি দিব্যপ্ৰভাৰ লগত মজিয়াত বহি থকা আইহঁতক মৎস্যস্পৰ্শৰ পাতখন স্পৰ্শ কৰিবলৈ
আদৰুৱাকৈ ক’লে৷ দিব্যপ্ৰভাই মাথোঁ মৌন ওঁঠ আৰু গধুৰ বুকুৰে পাতত থকা বস্তুবোৰ লিৰিকি
বিদাৰি উচুপি থাকিল৷
কনক বৰুৱা ছাৰক অঞ্চলটোৰ
সকলোৱে বৰ সমীহ কৰে৷ বগলী পাখিহেন শুভ্ৰ ধূতী, কামিজেৰে চাইকেলখনত উঠি গাঁৱৰ ইমূৰৰ
পৰা সিমূৰলৈ প্ৰতি ঘৰৰ খবৰ ৰখা ছাৰৰ স্থানীয় ছোৱালী হাইস্কুলখনৰ পৰা সহকাৰী প্ৰধান
শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰা দহ বছৰেই হ’বৰ হ’ল৷ দুয়ো পুত্ৰক তেখেতে উপযুক্ত শিক্ষাৰে গঢ়ি তুলিলে৷
চাকৰিৰ পৰিপ্ৰেক্ষিতত চহৰমুখী হোৱা পুত্ৰদ্বয়ে নিজ নিজ কৰ্মস্থানত মাটি কিনি ঘৰ-বাৰীও কৰিলে৷ বোৱাৰী দুজনীও শিক্ষিতা৷
কনক বৰুৱা আৰু দিব্যপ্ৰভা
এজন আনজনৰ পৰিপূৰক হৈ চহৰলৈ উঠি নগৈ গাঁৱৰ পুৰণি ভেঁটিটোকে খামুচি থাকিল৷ আক্ষেপ কৰিবলৈ
একো নাই, দুয়ো দুয়োৰে সুখৰ চাবি-কাঠী৷ বিৱাহিত জীৱনটোৰ দৰে অৱসৰৰ পাছৰ দিনবোৰো বৰুৱাৰ
পত্নী দিব্যপ্ৰভাৰ লগত মধুৰ ছন্দময় গতিৰে পাৰ হৈছিল৷ আসাম আৰ্হিৰ ঘৰটোৰ আগচোতালৰ পৰা
গে’টলৈকে থকা দীঘলীয়া পদূলিটোৰ এফালে ফুলনি, আনফালে শাকনি৷ পিছফালৰ মাছেৰে ভৰা সীমামূৰীয়া
পুখুৰীটোৰ পাৰত ইলাচী, কাজী আৰু গোল নেমু কেইজোপাৰ কাষৰ পৰা এখন ঘাঁহ বন চিকুণাই থোৱা
অতীৱ পৰিষ্কাৰ পাচলিৰ বাৰী৷ পুৱা-আবেলি ঘৰৰ আগফাল পিছফাল কৰিয়েই বৰুৱাৰ সময় যায়৷ তাৰ
মাজে মাজে নিৰ্দিষ্ট বিৰতিত দিব্যপ্ৰভাই তিলপিঠা, বাৰীৰ নাৰিকলৰ লস্কৰা নাইবা টেঙামৰাৰ
জেলীসনা ব্ৰেডেৰে কেইবাবাৰো চাহটুপি যতনায়৷ চশমাজোৰ আৰু মানুহজনে চকু ফুৰাই ভালপোৱা
আলোচনী কেইখনো হাতত তেওঁ তুলি দিয়েহি৷
পুৱা গধূলি নিয়মীয়াকৈ
খোজ কাঢ়ি দুই এটা ব্যায়াম কৰা কনক বৰুৱা বৰ স্বাস্থ্য সচেতন৷ বাৰীত কোৰ মাৰে, চোতালত
কুঠাৰেৰে নিৰ্বিঘ্নে খৰি ফালিব পাৰে৷ বয়সে সত্তৰৰ ঘৰ গৰকিবলৈ যোৱা তেজগোৰা মানুহজনৰ
দেহত বৃদ্ধাৱস্থাৰ ৰোগবোৰে শুঙেৰে খুচিব পৰা নাই৷ মানুহজনৰ প্ৰায় প্ৰতিসাঁজ ভাতৰ যতন
দিব্যপ্ৰভাই বৰ হেঁপাহেৰে বিয়াৰ দিন ধৰি কৰি আহিছে৷ ভোজনবিলাসী বৰুৱাৰ মধুমেহ বা উচ্চ
ৰক্তচাপৰ সমস্যাও নাই৷ তেওঁৰহে আকৌ মাহেকীয়া বন্ধ হোৱাৰ পাছৰ পৰা সৰু সুৰা
ইটো সিটো ওলাই থকা হ’ল৷ কিন্তু মানুহজনক যত্ন লোৱাত এতিয়াও দিব্যপ্ৰভাই কৃপণালি নকৰে৷
কনক বৰুৱা মানুহজনেইচোন তেওঁৰ পৃথিৱীখনৰ এফাল নহয়, সমস্ত পৃথিৱীখনেই৷
দিব্যপ্ৰভাৰ চকুলৈ
মানুহজন নোহোৱা হোৱা কালৰূপী শনিবাৰটোৰ ছবিখন পুনৰ জলজল পট্ পট্ কৈ আহিল৷ তেওঁক শেষ
কৰি পেলোৱা এখন ছবি!
সেইদিনা ৰাতিপুৱাই
মানুহজন সদৰলৈ বুলি ওলাই গৈ বেলি মূৰৰ ওপৰত উঠালৈকে ঘৰ পোৱাহি নাছিল৷ পুখুৰীৰ পৰা এবেগেতীয়া
ৰৌ পোৱালি তিনিটা বৰশীৰে দিব্যপ্ৰভায়েই তুলি আনিলে৷ দুটা বৰুৱালৈ আনটো নিজলৈ৷
“অত সময় কেনিনো গ’ল
জানো মানুহজন? ইমান পলমতো হ’ব নালাগে! ইফালে সংঘত পতা মহিলা সমিতিৰ মিটিংখনলৈ চহৰৰ
পৰা ডাক্টৰণী বাইদেউ এগৰাকী আহিব৷ কিজানিবা চেগ বুজি কথা এষাৰ পাতিব পাৰোঁৱেই! এখেত
সময়ত নাপালেহি মই এক বজাৰ মিটিঙলৈ কেনেকৈ ওলাই যাম?”
নিজৰ মাজতে কথাৰ
বুৰবুৰণি তুলি দিব্যপ্ৰভাই মাছকেইটা লৰালৰিকৈ বাছি লাও বিলাহীৰে টেঙা আঞ্জা এখন ৰান্ধিলে৷
তাৰ মাজতে ধুমুহাৰ বেগেৰে বাৰীৰ পৰা পদিনা দুমুঠি উভালি আনি পতাত পিচি তেঁতেলী মিহলাই
চাটনি এখনো কৰিলে৷
“দুপৰীয়াৰ ভাতলৈ
আজি ইমানেই আৰু! সাউতকৈ কাপোৰজোৰ সলাই আহি ভাতৰ পানী কাঢ়িম৷ তেতিয়ালৈ এখেত পাবহি লাগে!
ম’বাইল এটাও নলয় নহয় মানুহজনে৷ অন্ততঃ ক’ত আছে, কেতিয়া পাবহি কিবা ভূকে পাব পাৰি!”
খমখমীয়া উকা মুগাৰ
মেখেলাৰ লগত বগাত গুলপীয়া সেউজীয়া ফুল-পাত তোলা চাদৰখন পিন্ধি দিব্যপ্ৰভা সংঘলৈ যাবলৈ
সাজু হ’ল৷ কপালত ডাঙৰকৈ ফোঁটটো আঁকি পাকঘৰলৈ আহি ভাতৰ মাৰ কাঢ়োতেই ঘটঙকৈ গে’টখন খোলাৰ
শব্দটো শুনি তেওঁৰ মনটো প্ৰফুল্লিত হৈ পৰিল৷
“ৰক্ষা দেও, আহি
পালেহি! ভাতকেইটা এখেতক খুৱাই থৈ যাব পাৰিম৷”
: প্ৰভা অ’ প্ৰভা…
: সোমাই আহকচোন, মই
পাকঘৰত৷
কপালত কাতিমহীয়া
বিন্দু বিন্দু ঘাম জিলিকাই এহাতে ভৰ্তি বজাৰৰ মোনাটো লৈ কনক বৰুৱা হেঁপাই ফোঁপাই
ঘৰৰ ভিতৰ সোমাল৷ আহিয়েই মানুহজনে খোৱা মেজৰ চকী এখন টানি ষ্টেণ্ড ফেনখন চলাই জাৰৰ পৰা
পানী এগিলাছ বাকি খালে৷ ফেনৰ বতাহে ভাগৰুৱা
মানুহজনৰ শৰীৰৰ ঘামবোৰ মুহূৰ্ততে শুহি পেলালে৷
“প্ৰভা, এইফালে আহাঁচোন,
সোনকালে আহাঁ!
কনক বৰুৱাৰ গাত আজি
তত্ নোহোৱা হৈছে৷
হালধি মচলাৰ পাতলকৈ
দাগ লগা কাপোৰখনত হাত মচি দিব্যপ্ৰভা কোঠালৈ সোমাই আহোঁতে দেখিলে মানুহজনে ক’লা পলিথিনৰ
পৰা টেবুলত থকা ষ্টীলৰ চৰিয়াটোত খাহীৰ মাংস অলপ উলিয়াইছে৷
দিব্যপ্ৰভাৰ উপস্থিতি
কাষতে অনুভৱ কৰিছে যদিও তাইলৈ নোচোৱাকৈ সুখী সুখী মুখেৰে মাংসখিনিলৈ চাই ক’লে,
: বৰ তেলাল মাংস পালোঁ
জানা! অমিতা এটা পট্কৈ পাৰি আনিম৷ ৰঙাকৈ ৰান্ধিবা৷ পিৰালিৰ বেঙেনা এটাও ওলমি মাটি চোওঁ চোওঁ হৈছেহি৷ এক্কেকোবতে সেইটোও ছিঙি আনিম৷ টৌটো লৈ আনাচোন, গৰৈ মাছ কেইজনী জীয়াই থওঁ৷
মই গাটো তিয়াই আহিয়ে পুৰি দিম, মিলত পেৰি অনা সৰিয়হৰ তেল অকণ সানি পিটিকিবা দেই৷ মাটিমাহো
আনিছোঁ, খাৰ ৰান্ধিবা৷ মুঠতে আজি মোৰ আটাইকেইবিধ প্রিয় খাদ্যৰে তৃপ্তিৰে এসাঁজ খাম৷
তুমি সেইবুলি খৰ-খেদাখন কৰিব নালাগে দেই প্ৰভা৷ ৰিটায়াৰ্ড হোৱা মানুহৰনো কি সময়ৰ অভাৱ?
এদিন ভাত খাওঁতে তিনি বাজিলে কিনো বৰ ডাঙৰ ক্ষতিটো হ’ব!
মাংসখিনি চাই থাকি
চৰিয়াটো লৰাই চৰাই কনক বৰুৱাই আপোন মনে কথা কৈছে৷ দিব্যপ্ৰভাৰ পৰা একো আগ্ৰহ ভৰা সঁহাৰি
নাপাই পুনৰ ক’লে,
: পিছে তুমি একো
ন’কলা যে প্ৰভা? ইমানবোৰ ৰান্ধিবলৈ এলাহ লাগিছে নেকি? পোৰা মাছৰ পিটিকা আৰু বেঙেনা
ভজাখিনি বাৰু ময়ে কৰি দিম৷ তুমি কেৱল মাংস আৰু দাইলখন ৰান্ধিবা৷
মানুহজনক তৃপ্তিৰ
আভাত জিলিকি উঠা দেখি দিব্যপ্ৰভাই কওঁ নকওঁকৈ ক’লে,
: ভাত হৈ গ’ল৷ আপুনি
ভাল পোৱা ৰৌ মাছৰ টেঙা ৰান্ধিলোঁ৷ পদিনাৰ চাটনি
এলেপাও পিছিলোঁ৷
তেতিয়াহে বৰুৱাই
পত্নীলৈ মূৰ তুলি চালে৷
: অহ্ তুমি ক’ৰবালৈ
যোৱা নেকি? মই মনেই কৰা নাছিলোঁ৷
: সংঘত মহিলা সমিতিৰ
সভা এখন আছে৷ তালৈকে ওলাইছোঁ৷ আজি ভাতসাঁজ এনেকৈয়ে খাওঁক৷ ৰাতিলৈ বাৰু এই সকলোবোৰ
যতন কৰি ৰান্ধি দিম৷ আপুনি বেয়া পাব নেকি?
কনক বৰুৱা দোদুল্যমান
অৱস্থাত ৰ’ল৷ এফালে অতিকৈ হেঁপাহৰ ভাত এসাঁজ আনফালে তেওঁৰ বাবেই নিজৰ জীৱনটোক উজাৰি
দিয়া সাদৰী মানুহজনীৰ অকণমান ঘৰৰ বাহিৰলৈ ওলাই যাবলৈ হেঁপাহৰ যো-জা!
বৰুৱাৰ মনত জাগি
উঠা মাৰাত্মক হেঁপাহটোক দিব্যপ্ৰভাৰ মনত উদয় হোৱা সাংঘাতিক হেঁপাহটোৱে নিষ্প্ৰভ কৰি
পেলালে৷ অল্পভাষী মানুহজনে অদম্য ইচ্ছাক লুকুৱাই স্বভাৱজাত শান্ত কণ্ঠেৰে ক’লে,
: কিয় বেয়া পাম প্ৰভা?
সদায় তুমি ৰান্ধিয়েই থাকাঁ দেখোন। যোৱাঁ, আজি এখন্তেক ওলাই যোৱাঁ৷
দিব্যপ্ৰভা চমকি
উঠিল৷
: আপুনি সাউতকৈ গাটো
তিয়াই আহক, একেলগে ভাতকিটা খাওঁ৷ তাৰ পিছত পাকঘৰ সামৰি মই ওলাই যাওঁ৷
কনক বৰুৱাই মূৰ জোকাৰি
নঞৰ্থক ভংগীত হাঁহি ক’লে,
: মই লাহে ধীৰে নিজে
লৈ খাম৷ তুমি খাই লোৱাঁ৷ পলম হ’ব ন’হলে!
নাকে-মুখে ভাত কেইটা
গুজি দিব্যপ্ৰভা ওলাই যোৱালৈকে বৰুৱাই গৰৈ মাছখিনি কলহটোৰ পৰা উলিয়াই টৌটোত পানী দি থ’লে৷ গৰৈ মাছকেইটাই জঁপিয়াই উঠিল৷
: আপুনি ভাতকেইটা
ভালকৈ খাব৷ মই যাওঁ৷
পিছ বাৰাণ্ডাৰ পুৰণি
এনলীয়া কাঠৰ চকীখনত ভাবুক হৈ বহি থকা বৰুৱাৰ মুখখন দিব্যপ্ৰভাই নেদেখিলে৷ স্বামীৰ হা
না শুনিবলৈও সেইদিনা সময়ৰ বৰ অভাৱ৷ এক যে ঘৰতে বাজিল!
কনক বৰুৱাৰ চকুত
মাথোঁ ভাহি থাকিল তেলতেলীয়া ছাগলী মাংসৰ জোল এখিনি, মাছৰ পিটিকা, মাটি দাইলৰ খাৰ আৰু বেঙেনা
ভজাৰে ছাই-নেমু সানি চিকচিকাই থকা কাঁহৰ বৰকাঁহীখনত ভাত এসাঁজ৷
দিব্যপ্ৰভাই ৰঙীয়াল
মনেৰে মিটিঙৰ পৰা ঘূৰি আহোঁতে সাঁজ ভাগি সন্ধ্যা লাগিছিল৷ নামঘৰত ডবা বাজিল৷ দূৰৈৰ
পৰা আন্ধাৰ হৈ থকা ঘৰখন দেখি দিব্যপ্ৰভা সামান্য চিন্তিত হ’ল৷
“এখেত বাৰু এই কালসন্ধ্যাও
শুই আছেনে?”
লগৰ কেইগৰাকীক নামঘৰৰ
মুখতে এৰি খৰ খোজেৰে দিব্যপ্ৰভাই ঘৰলৈ বাট পোনালে৷ ওভতা পথটো সেইদিনা বৰ দীঘলীয়া যেন
লাগিল তেওঁৰ৷ খিৰিকি বন্ধ নকৰা আৰু মূল দুৱাৰখন ধোবাংবাংকৈ খুলি থোৱা দেখি দিব্যপ্ৰভাৰ
কলিজাখন দ্ৰুত বেগেৰে ধপধপাবলৈ ধৰিলে৷
“হেৰি, ক’ত আছেনো
আপুনি” বুলি লাইট কেইটা জ্বলাই
ভিতৰলৈ সোমাই যাওঁতে ডাইনিং টেবুলত যিটো দৃশ্য দেখিলে দিব্যপ্ৰভাৰ ভৰিৰ তলৰ পৰা মাটিখিনি
নাইকিয়া হৈ পৰিল৷
ভাতৰ কাঁহী মজিয়াত
পৰি গোটেইখন ভাতময়! মাছৰ আঞ্জাৰ বাটিতো চিটভেলেঙা খাই টেবুলৰ চুক এটাত উফৰি পৰা! আৰু
দিব্যপ্ৰভাৰ মানুহজন ডাইনিং টেবুলৰ চকী দুখনৰ মাজত ধূসৰ চকুৰে কোনো এক বিন্দুলৈ চাই
নীৰৱে মজিয়াত পৰি আছে৷ তাইৰ মুখেৰে এটা বুকুভঙা তীব্ৰ আৰ্তনাদ বাহিৰ হ’ল৷
মৃত্যুৰ শীতলতাই মেৰিয়াই
ধৰিলে কনক বৰুৱাক৷ দিব্যপ্ৰভাৰ মানুহজনক!
তাৰ পাছৰছোৱা বৰ
খৰটকীয়া আৰু নাটকীয়৷ একো মনত নাই দিব্যপ্ৰভাৰ৷ যেতিয়ালৈ তেওঁৰ হুঁচ আহিছিল তেতিয়া আগফালে
বাঁহৰ চাঙি সজাৰ খট্ খট্ শব্দ, এসোপা মানুহৰ কথাৰ ফুচফুচনি আৰু কান্দোনৰ ৰোল কাণত বাজিছিল৷
ডিচপেনচেৰীৰ ডাক্তৰ দাসে হেনো আহি কৈ গ’ল ভাত খাই থাকোঁতেই বৰুৱা ছাৰৰ ষ্ট্ৰোক হৈ হাৰ্ট
এটেক হ’ল৷
দিব্যপ্ৰভাই নাকান্দিলে৷
মাথোঁ চকুৰ আগত বৰুৱাই চৰিয়াত উলিওৱা মাংস, টৌত জীওৱা মাছবোৰে অগা-ডেৱা কৰিলে৷ বুকুখন
তেওঁৰ শিল হৈ পৰিল৷ ৰাতিলৈ শুনিছিল, কোনোৱে মাছ-মাংস সোপাই পিছফালৰ গেলা পুখুৰীলৈ দলিয়াই
পেলালে৷
দিব্যপ্ৰভাই নিজৰ
মানুহজনক হেঁপাহৰ অন্তিমসাঁজ ভাত খুৱাব নোৱাৰিলে৷ কনক বৰুৱাৰ শেষ ভোজনত কালিকা লাগিল৷
এতিয়া এইসাঁজ ভাত তৃপ্তিৰে তেওঁ খাব পাৰিব নেকি!
সুমিত্ৰাই পুনৰ কাণত
ফুচফুচালে,
: ৰৈ আছে যে! খাওক
আকৌ বাইদেউ!
প্ৰিয়জনে খাই যাব
নোৱাৰা আৰু তেওঁ ৰান্ধি খুৱাব নোৱাৰা শেষৰসাঁজ ভাতে দিব্যপ্ৰভাৰ বুকুখন দাউ-দাউকৈ জ্বলাইছে৷
যিজন মানুহৰ ছাঁত সুদীৰ্ঘ জীৱনৰ এছোৱা কটালে, তেখেতক পৰিতৃপ্তি আৰু সন্তুষ্টিৰে দিব্যপ্ৰভাই
বিদায় দিব নোৱাৰিলে৷ মানুহজনক শেষ ভোজনৰ ভাতসাঁজ তেওঁ ৰান্ধি খুৱাব পৰা হ’লে! কালিকা
লাগিল কনক বৰুৱাৰ অন্তিম সাজ ভাতত৷ শেষ নোহোৱা শোকৰ ঋতু এটা দিব্যপ্ৰভাৰ জীৱনলৈ চিৰদিনলৈ
নামি আহিল৷
***
ঠিকনা :
উৎপলা কুটিৰ (ৰাজটিয়া
নামঘৰৰ সমীপত),মালৌ আলি
যোৰহাট – ৭৮৫০০১
ভ্ৰাম্যভাষ : ৯৩৯৪৭০৯৩৪২