দাদুল দেৱকৃষ্ণ বৰুৱা

(১৮)

 পুৱাৰ
দ চেৰেঙা বেছ সতেজকৈয়ে ওলাইছে। বসন্তী ৰদৰ এই প্ৰভাতী
ভ্ৰমণ বৰ প্ৰিয় ষ্টেপানৰ। তাতে এয়া পেৰুনিকা ফুলাৰো বতৰ। মুকলি আকাশ
, ,
ফুল
আদিৰ পয়োভৰত বসন্ত উজ্বলি উঠে। বয়স বাঢ়িলেও উজ্জ্বলতা প্ৰিয় ষ্টেপানৰ। সেই
উজ্জ্বলতা লাগিলে ঋতুৰেই হওক অথবা মনৰেই হওক।

আজিৰ
এই ৰৌদ্ৰোজ্জ্বল পুৱাটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ষ্টেপান। উৎকণ্ঠিত হৈ আছিল
তেওঁ। মলেঁয়াৰ কণীকেইটা সময়মতে ফুটিবনে নুফুটে সেই লৈয়েই এই উৎকণ্ঠা। তেওঁ
কেলেণ্ডাৰৰ বুকুত দাগ দি জিলিকাই ৰাখিছিল মলেঁয়াই প্ৰথম কণী পৰাৰ তাৰিখটো। সেই তাৰিখৰ
পৰাই তেওঁ পাছৰ দিনবোৰ গণিবলৈ আৰম্ভ কৰিছিল। তেওঁ জানে যে হোৱাইট ষ্টৰ্ক উমনিত বহা
৩৩ৰ পৰা ৩৪ দিনৰ পাছত কণী ফুটি পোৱালি ওলায়। কালি ৩৩ দিন পাৰ হৈ গৈছিল যদিও কণী
ফুটি পোৱালি ওলোৱা নাছিল। সামান্য চিন্তিত হৈছিল ষ্টেপান— মলেঁয়াৰ পোৱালি যদি
নোলায়! কণীকেইটা যদি ঘোলাকণী হয়! ৰাতি বিছনাত পৰাৰ পাছতো তেওঁৰ মনত এই
দুশ্চিন্তাই অগা-দেৱা কৰি আছিল।

জখলাডালেৰে
ঘৰৰ মূধচলৈ উঠি গ
ল ষ্টেপান। মনত আগদিনাৰে পৰা ওফন্দি থকা
উৎকণ্ঠা। মূধচ পায়েই শিহৰিত হ
ল তেওঁ। কাৰণ মলেঁয়াই ঠিক সেই
মুহূৰ্ততে ঠোঁটেৰে কণীৰ চোকোৰা এটা উমনিৰ পৰা উলিয়াই বাহটোৰ কাষত পেলাইছে। তাৰ
মানে কণী ফুটি পোৱালি জগিল! ষ্টেপানৰ ওঁঠত হাঁহি এটাই ঢৌ খেলি গ
ল।
বাহটোৰ ওচৰ পালেগৈ তেওঁ।

মলেঁয়া
উমনিত বহি আছে। ক্লেপেটাঁ নাই। সি নিশ্চয় খাদ্যৰ সন্ধানত কেনিবা গৈছে। ষ্টেপানে যোগান
ধৰা মাছ খোৱাৰ উপৰি সি নিজেও খাদ্য বিচাৰি খায়। এতিয়া পোৱালি জগিছে যেতিয়া
পোৱালিক খুৱাবলৈকো সি নিশ্চয় খাদ্য সংগ্ৰহ কৰি আনিব। … ষ্টেপান গৈ মলেঁয়াৰ কাষ
পালেগৈ। তেওঁ অলপ চাপৰি মলেঁয়াৰ মূৰত হাত বুলাই দিলে আৰু তাইক মৰম কৰি উমনিত কি
আছে চাবলৈ চেষ্টা কৰিলে। দেখিলে তেওঁ— তিনিওটা কণী ফুটি পোৱালি ওলাল। মলেঁয়া মাক
ল! এবাৰ চকু নেমেলা পোৱালি তিনিটা চাই তেওঁ মলেঁয়াৰ চকুলৈ চালে।
তাইৰ চকুত মাতৃৰ মমতা। মনত মাতৃত্বৰ গৌৰৱ!
 

তিনিওটা
পোৱালিয়েই শকত-আৱত দেখিলে ষ্টেপানে। প্ৰথম বাৰ উমনিত বহিয়েই আটাইকেইটা কণীৰ পৰা
স্বাস্থ্যৱান পোৱালি জগোৱাটো বেছ ভাল খবৰেই। এতিয়া পোৱালিকেইটা ভালদৰে
প্ৰতিপালন কৰি উৰণীয়া কৰিব পৰাটোত মলেঁয়াতকৈ ক্লেপেটাঁৰ দায়িত্ব অধিক হ
ব।
কাৰণ পোৱালিহঁতৰ বাবে খাদ্য ক্লেপেটাঁইহে যোগাৰ কৰিব। অৱশ্যে ষ্টেপানেও এই
দায়িত্বৰ ভাগ-বতোৱাৰা কৰিব।

কিছুপৰ
মলেঁয়াৰ ওচৰত কটাই প্ৰফুল্লিত মনেৰে জখলাৰে নামি আহিল ষ্টেপান। আহিয়েই গা ধুই
উঠি পুৱাৰ আহাৰ যোগাৰ কৰিলে আৰু তৃপ্তিৰে খালে। সুখী মন এটা থাকিলে খাদ্যও
তৃপ্তিদায়ক হৈ উঠে— কথাটো ষ্টেপানেও জানে। খাই উঠিয়েই তেওঁ টেলিফোনটোৰ ওচৰ পালেগৈ।
কাষতে থকা বহীখন মেলি নিৰ্দিষ্ট নম্বৰ এটালৈ কল কৰিলে।

:
তোমাৰ বাবে এটা বাতৰি আছে।— ষ্টেপানে ক
লে।

:
বাতৰি নে খবৰ
?— সিপাৰে লুকা কভাকৰ মাত।

:
তোমাৰ বাবে খবৰ
; বাতৰি কাকত আৰু পাঠকৰ বাবে বাতৰি।— ষ্টেপানৰ
উত্তৰ।

:
কওকচোন।

:
তুমি নিজে আহিলে দেখিবা
; মই নকওঁ এতিয়া। আহিবা দেই; আজি
গোটেই দিনটো মই ঘৰতে থাকিম।— কথাষাৰ কৈয়েই ষ্টেপানে ফোন ৰাখিলে।

লুকা
আহি পোৱাৰ আগতেই ক্লেপেটাঁ পালেহি। তাৰ ঠোঁটত এটা মাছ। সেইটো সি মলেঁয়াৰ বাবে লৈ
আহিছে। মাছটো আনি সি লাহেকৈ বাহত থিয় দি থকা মলেঁয়াৰ সন্মুখত থ
লে।
মলেঁয়াই মাছটো তুলি লৈ ডিঙিটো ওপৰলৈ দাঙি লাহে লাহে গিলিলে। সমস্ত প্ৰক্ৰিয়াটো
চাই থাকি বৰ ভাল পালে ষ্টেপানে। সিহঁতৰ পাৰস্পৰিক মৰম আৰু দায়ৱদ্ধতা এইবোৰতে
প্ৰকাশ পায়। পোৱালি জগিল যেতিয়া এইবাৰ ক্লেপেটাঁৰ কষ্ট বাঢ়িব। পোৱালিকেইটাৰ বাবে আহাৰ
সংগ্ৰহত ব্যস্ত হ
ব লাগিব সি। ষ্টেপানে ভাবিলে— ক্লেপেটাঁৰ বুকুত
বাৰু পিতৃত্বৰ গৌৰৱ উঠলি উঠিছেনে! তাৰ মনত বাৰু আনন্দৰ লহৰ খেলি গৈছেনে!

গেটৰ
মুখত ল
ৰা-ছোৱালীৰ স্বভাৱজাত মাত-কথা শুনি ষ্টেপানে সেইফালে চালে। দেখিলে—
বৰিশ্লাভৰ সতে তেওঁলোকৰ স্কুলৰ ল
ৰা-ছোৱালী এখিনি আহিছে। পিছে পিছে
চাইকেল ঠেলি ঠেলি মাৰ্ক
। আজি স্কুল বন্ধ আছে। সেয়ে হয়তো বৰিশ্লাভে
কোনোবা এটা শ্ৰেণীৰ শিক্ষাৰ্থীখিনিক লৈ আহিছে ষ্টেপানৰ ঘৰলৈ। ল
ৰা-ছোৱালীখিনি
দেখি ষ্টেপানৰ ভাল লাগিল।

:
খা-খবৰ নিদিয়াকৈ হঠাৎ সৈন্য-সামন্ত লৈ ওলালাহি যে!— বৰিশ্লাভক হাঁহি হাঁহি সুধিলে
ষ্টেপানে।

:
ছাৰপ্ৰাইজ ভিজিট এয়া।— বৰিশ্লাভৰ খোলা হাঁহি।

:
ঠিক আছে
, ঠিক আছে। এতিয়া চকীখনত বহি লোৱাঁচোন বাৰু।— বৰিশ্লাভক বহিবলৈ কলে
ষ্টেপানে।

বৰিশ্লাভ
বহিল। ল
ৰা-ছোৱালীখিনিয়ে ঘৰৰ মূধচত থকা মলেঁয়া আৰু ক্লেপেটাঁলৈ চাই
ইটো-সিটো কথা পাতিবলৈ ধৰিলে। মাৰ্ক
ই তাহাঁতক গৰ্বেৰে সিও যে মলেঁয়াৰ
প্ৰতিপালন কৰে সেই কথা ক
বলৈ নাপাহৰিলে। সিয়েই মলেঁয়া আৰু
ক্লেপেটাঁৰ বিষয়ে বুজাই ক
বলৈ চেষ্টা কৰিলে। তাৰ ব্যস্ততা দেখি ষ্টেপান আৰু
বৰিশ্লাভে মিচিকিয়াই হাঁহিলে আৰু দুয়ো ইটো সিটো কথা পতাত লাগিল।

নিজৰ
স্কুলখনৰ লগৰীয়াখিনিক মলেঁয়া আৰু ক্লেপেটাঁৰ কথাবোৰ ৰস লগাই কোৱাৰ পিছত তাহাঁতক
ষ্টেপানৰ চোতালৰ বননিতে বহিবলৈ কৈ মাৰ্ক
 বৰিশ্লাভ আৰু ষ্টেপানৰ ওচৰ পালেহি।
ষ্টেপানে তালৈ চাই ক
লে— “ওস্তাদি কিমান মাৰিলা?”

:
নাই…! মলেঁয়াৰ কথাবোৰ বুজালোঁ আৰু অলপ।— লাজ লাজকৈ ক
লে মাৰ্কই।

:
ভালেই কৰিলা দিয়াঁ। পিছে ভাল খবৰ এটা আছে।— ষ্টেপানে ক
লে।

:
ভাল খবৰ! কওকচোন সোনকালে।— মাৰ্ক
ৰ কণ্ঠত উৎকণ্ঠাৰ সুৰ স্পষ্ট।

:
মলেঁয়া মাক হ
ল।— প্ৰসন্ন চিত্তে কলে ষ্টেপানে।

:
মানে
?— বৰিশ্লাভে প্ৰশ্ন কৰিলে।

:
মলেঁয়াই উমাই থকা কণীকেইটা ফুটি পোৱালি ওলাল।— ষ্টেপানে ক
লে।

:
হাঁ… কিযে সংযোগ!— হাঁহি এটা বিয়পি পৰিল বৰিশ্লাভৰ ওঁঠত।

:
সংযোগ! কিহৰ সংযোগ
?— আচৰিত হল ষ্টেপান।

:
পাছত ক
ম দিয়ক।— লাহেকৈ কলে বৰিশ্লাভে।

:
মলেঁয়া মাক হ
ল…!— জঁপিয়াই উঠিল মাৰ্ক

মলেঁয়া
মাক হোৱা খবৰটো মাৰ্ক
ই লগৰীয়াবোৰকো দিলে। তাৰ কিযে ফূৰ্তি!
কথা-বতৰা
, আচৰণত তাৰ আনন্দ প্ৰকাশ পাইছে। তাৰ ফূৰ্তি দেখি ষ্টেপানে ৰং পালে।
তাৰ আনন্দ লাগিবই। ষ্টেপানৰ লগত সিয়েইতো মলেঁয়াক প্ৰতিপালন কৰি আহিছে।

:
ইগৰ ছাৰক কথাটো জনালেনে
?— ষ্টেপানৰ ওচৰলৈ আহি মাৰ্ক
সুধিলেহি।

:
নাই জনোৱা।— লাহেকৈ ক
লে ষ্টেপানে।

:
কিয়
?— আচৰিত হয় মাৰ্ক

:
তুমি জনাবলৈ থৈ দিছোঁ। যোৱাঁ
, কল কৰাঁগৈ ইগৰ ছাৰলৈ।— কথাষাৰ কৈ
ষ্টেপানে হাঁহিলে।

মাৰ্ক
একো নকৈ ভিতৰলৈ সোমাই গ
ল। সি মিষ্টাৰ ইগৰক মলেঁয়া মাক হোৱা খবৰটো
দিবৰ বাবে টেলিফোনটোৰ ওচৰ পালেগৈ আৰু টেলিফোনটোৰ ওচৰতে থকা বহীখনত চাই মিষ্টাৰ
ইগৰৰ ঘৰলৈ ফোন লগালে। কেইবাবাৰো ৰিং কৰাৰ পাছত সিফালে ফোনটো তুলিলে। মাৰ্ক

ভাল খবৰটো দি ফোন ৰাখি বাহিৰলৈ ওলাই আহিল আৰু ষ্টেপানৰ কাষত ৰৈ সুধিলে—
“পোৱালি তিনিটা ঠিকেই আছে নহয়নে?

:
ঠিকেই আছে। শকত-আৱতেই দেখিলোঁ মই।

:
খীণ হ
লে অসুবিধা হয় নেকি?— বৰিশ্লাভে প্ৰশ্ন কৰিলে।

পোৱালি
খীণ হ
লে সমস্যা এটা আছে। হোৱাইট ষ্টৰ্কৰ প্ৰথমটো পোৱালি সাধাৰণতে আনবোৰ
পোৱালিতকৈ শক্তিশালী হয়। কিছুমান প্ৰজাতিৰ দৰে শক্তিশালী পোৱালিবোৰ দুৰ্বল
ভাই-ভনীৰ প্ৰতি আক্ৰমণাত্মক নহয় যদিও দুৰ্বল বা সৰু পোৱালিক কেতিয়াবা
পিতৃ-মাতৃয়ে হত্যা কৰে। খাদ্যৰ অভাৱৰ সময়ত এই আচৰণ কৰে
, যাতে পোৱালিৰ
সংখ্যা হ্ৰাস পায়। তেনে কৰিলে বাকী থকা পোৱালিকেইটা জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি
পায়।  ষ্টেপানে বৰিশ্লাভক কথাখিনি বুজাই ক
লে।

বৰিশ্লাভ
আচৰিত হ
ল। কিন্তু প্ৰকৃতিৰ নিয়ম এনেকুৱাই। এই পৃথিৱীত সন্তানৰ প্ৰতি মাতৃৰ
প্ৰেম চিৰন্তন। মানুহে সন্তান জন্মৰ পাছত মাকজনীয়ে নৱজাতকক খুওৱা-বোওৱাৰপৰা
লালন-পালনলৈকে সকলো কাম চম্ভালে
, গতিকে বিভিন্ন প্ৰাণী আৰু চৰাইৰ
প্ৰজাতিও ইয়াৰ ব্যতিক্ৰম নহয়। মাতৃ চৰাইৰ পোৱালিৰ প্ৰতি কৰ্তব্য-অকৰ্তব্য
,
সুৰক্ষাৰ
প্ৰতি তেওঁলোকৰ আক্ৰমণাত্মক মনোভাৱে সেই চিৰন্তন সত্যক বাৰে বাৰে প্ৰমাণ কৰে।
কিন্তু কেতিয়াবা প্ৰকৃতিয়ে মানি চলে—
যোগ্য ভোগ্যা বসুন্ধৰানীতি।

:
আচৰিত কথা দেই।— বৰিশ্লাভ আচৰিত হৈ ক
লে।

:
ইয়াতকৈও আচৰিত ঘটনা ঘটি আছে পক্ষী জগতত।— ষ্টেপানে ক
লে।

:
কেনেকুৱা
?

:
এই যে মানুহে কন্যা সন্তান হ
লে অৱহেলা কৰে বা কন্যা ভ্ৰূণ হত্যাৰ
দৰে কাম কৰে
, তেনেকুৱা কাম এবিধ চৰায়েও কৰে।

:
চৰায়েও ভ্ৰূণ হত্যা কৰে
?

:
ভ্ৰূণ হত্যা নহয়
; পুত্ৰ সন্তান হত্যা কৰে।

:
অহ্। আচৰিত। কওকচোন।— বৰিশ্লাভৰ কৌতূহল বাঢ়িছিল।

: ইক্লেক্টাছ ভাটৌ (Eclectus parrot)-ৰ মাতৃজনীয়ে নিজৰ মতা পোৱালি হত্যা কৰে, যাতে
ডাঙৰ-দীঘল কৰাত সহজ মাইকী পোৱালিবোৰক বচাব পাৰে। অষ্ট্ৰেলিয়াৰ গৱেষকসকলে আৱিষ্কাৰ
কৰিছে যে মানুহৰ বাহিৰে প্ৰাণীজগতৰ একমাত্ৰ জ্ঞাত প্ৰজাতি— যিয়ে নিজৰ নিৰ্বাচিত
সন্তানক হত্যা কৰে।

ষ্টেপানে
কৈ গ
ল চৰাইবিধৰ এই আচৰণৰ বিষয়ে সবিশেষ— গ্রীষ্মমণ্ডলীয় অষ্ট্ৰেলিয়া
আৰু পাপুৱা নিউ গিনিৰ স্থানীয় ইক্লেক্টাছ ভাটৌৱে কেতিয়াবা নিজৰ মতা পোৱালিক
হত্যা কৰে। কাৰণ মতা পোৱালি নাথাকিলে দ্ৰুতগতিত ডাঙৰ হোৱা মাইকী পোৱালিবোৰ
বিৰূপ পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাৰ সম্ভাৱনা বহু বেছি হয়। কেনবেৰাৰ অষ্ট্ৰেলিয়ান
নেচনেল ইউনিভাৰ্চিটিৰ গৱেষকৰ এটা দলে ১০ বছৰ ধৰি কুইন্সলেণ্ডৰ কেপ ইয়ৰ্কৰ
গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত ইক্লেক্টাছ ভাটৌৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰি এই কথা
পোহৰলৈ আনিছে। মাটিৰ পৰা প্ৰায় ৩০ মিটাৰ ওপৰত গছৰ ডালৰ খোৰোঙত এইবিধ ভাটৌৱে বাহ
সাজে বাবে ঘূৰিবলৈ পৰ্যাপ্ত ঠাই নাথাকে। আকৌ যিবোৰ চৰায়ে চাপৰ ঠাইত খোৰোং সাজি বাহ লয়
,
বানপানীপ্ৰৱণ
এলেকাত সেইবোৰ বাহত প্ৰচণ্ড বৰষুণৰ সময়ত পোৱালি ডাঙৰ কৰাটো বৰ কঠিন হয়। মাইকী
পোৱালিবোৰ মতা পোৱালিতকৈ সাত দিন আগতে উৰিব পাৰে
, গতিকে বাহত থকা
মাকে মতা পোৱালিক হত্যা কৰি মাতৃত্বৰ প্ৰচেষ্টা মাইকী পোৱালিৰ ওপৰত কেন্দ্ৰীভূত
কৰে।

:
এনেকৈ হ
লেচোন মতা চৰাই নাথাকিবই!— বৰিশ্লাভে কলে।

:
থাকিব।— শান্ত স্বৰত ক
লে ষ্টেপানে।

:
কেনেকৈ
?

:
এইবিধ ভাটৌৱে শিশুৰ লিংগ নিয়ন্ত্ৰণ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে সন্তানৰ লিংগ
নিয়ন্ত্ৰণ কৰিব পৰা বিৰল ক্ষমতাও অবিশ্বাস্যভাৱে ইহঁতৰ আছে। সঘনাই নহয়
, প্ৰায়েই
ইহঁতে এবাৰত কেৱল মাইকী পোৱালি জগা বা মতা পোৱালি জগা কণী পাৰিব পাৰে। আনহাতে
বানপানীপ্ৰৱণ এলেকাৰ বাহত বাস কৰা মাতৃ ইক্লেক্টাছ ভাটৌবোৰে নিৰাপদ খোৰোঙত বাস
কৰা মাইকী ভাটৌবোৰতকৈ কম মতা ভাটৌ উৎপাদন কৰাৰ ক্ষমতা বিকশিত কৰা যেন লাগে— অৰ্থাৎ
ইহঁতে ইমান বেছি পোৱালি মাৰিব নালাগে।

:
আজব কাহিনী দেই।

:
প্ৰকৃতি জগতখনেই আজব।— ষ্টেপানে হাঁহিলে।

:
বাৰু কওকচোন
, চৰাইৰ পোৱালি পালনৰ বেলিকা মাকৰ দায়িত্ব
বেছিনে দেউতাকৰ দায়িত্ব অধিক
?— বৰিশ্লাভৰ প্ৰশ্ন।

:
পৃথিৱীত ৯ হাজাৰৰো অধিক প্ৰজাতিৰ চৰাই পোৱা যায় আৰু ইহঁতে কণীৰ পৰা পোৱালি জগাই নিজৰ প্ৰজাতি বিয়পায়। গছৰ খোৰোঙৰ পৰা আৰম্ভ কৰি য
তেই সুবিধা পায়
চৰায়ে নিজৰ বৈশিষ্ট্য অনুসৰি মুক্তভাৱে বাহ সাজি কণী পাৰে। অনুকূল পৰিৱেশ আৰু
পৰিস্থিতিত কণী ফুটি যেতিয়া পোৱালি ওলায়
, তেতিয়া ডাঙৰ
কৰাৰ পৰা আৰম্ভ কৰি পোৱালিবোৰৰ খাদ্য যোগান ধৰালৈকে সকলো কামৰ ক্ষেত্ৰত মাক
চৰাইজনীৰ দায়িত্ব বেছি হয়। কিন্তু এই ক্ষেত্ৰত কিছুমান চৰায়ে ব্যতিক্ৰমী ভূমিকা
পালন কৰে। উদাহৰণস্বৰূপে কুলি আদি কিছুমান প্ৰজাতিৰ চৰায়ে নিজে বাহ নাসাজি কাউৰী
বা আন চৰাইৰ বাহত কণী পাৰি পোৱালি প্ৰতিপালনৰ দায়িত্ব এৰাই চলে।— দীঘলীয়া উত্তৰ
দিলে ষ্টেপানে।

:
মলেঁয়াৰ পোৱালিকেইটা চাবলৈ বৰ মন গৈছে মোৰ। তাহাঁত দেখিবলৈ যে কেনেকুৱা হ
ব!—
মাৰ্ক
ই মনৰ কথা কলে।

:
আজি নালাগে। আজি ওচৰলৈ গ
লে মলেঁয়া আক্ৰমণাত্মক হ
পাৰেতো।— ষ্টেপানে মাৰ্ক
ক বুজাবলৈ চেষ্টা কৰিলে।

:
পোৱালিকেইটা ধুনীয়া চাগে!— মাৰ্ক
ৰ মন উগুল থুগুল।

:
ধুনীয়া। কিন্তু চৰাই লৈ পোৱালিৰ ভাগ সুকীয়া হয়।— ষ্টেপানে ক
লে।

:
মানে
?— বৰিশ্লাভ আচৰিত হয়।

:
মানে চৰাইৰ পোৱালিক দুটা ভাগত ভগোৱা হৈছে।

:
মই কিন্তু একো বুজা নাই। বুজাই কওকচোন।— মাৰ্ক
ৰ জনাৰ হাবিয়াস
জাগিল।

মাৰ্ক
কৌতূহল নিবাৰণৰ অৰ্থে ষ্টেপানে চৰাইৰ প্ৰজাতি অনুসৰি পোৱালিৰ প্ৰকাৰৰ কথাবোৰ ক
বলৈ
ধৰিলে। বিভিন্ন প্ৰজাতিৰ চৰাইৰ পোৱালিক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়—
‘আলট্ৰিচিয়াল’ (
altricial) আৰু ‘প্ৰিক’চিয়াল’ (precocial)আলট্ৰিক শ্ৰেণীৰ চৰাইবোৰ দুৰ্বল
প্ৰকৃতিৰ। জন্মৰ লগে লগে এই শ্ৰেণীৰ চৰাইৰ শৰীৰত পাখি নাথাকে
, কেৱল
বাকলি আৰু ছাল থাকে। সম্পূৰ্ণ অসহায়
, দুৰ্বল, চকুৰে নেদেখা,
খোজ কাঢ়িব
নোৱাৰা অৱস্থাত থাকে। কেৱল চিঁ-চিঁয়াবহে পাৰে। মাতৃ চৰায়ে পোৱালিক খুৱাবলৈ ঠোঁট
ব্যৱহাৰ কৰে। বগলী
, চিলনী আৰু কিছুমান সাগৰীয় চৰাই এই শ্ৰেণীৰ
অন্তৰ্গত। আনটো শ্ৰেণীৰ চৰাইক ‘প্ৰিক’চিয়েল’ বোলা হয়। উদাহৰণস্বৰূপে হাঁহ আৰু
কুকুৰা
, ডাউক চৰাই আদি। পোৱালি অৱস্থাতো ইহঁতৰ শৰীৰ পাখিৰে আবৃত, চকু
উজ্জ্বল
; মাকৰ পিছে পিছে দৌৰি ফুৰিব পাৰে, ঠোঁটেৰে খাদ্যও
তুলি খাব পাৰে। কিন্তু আমোদজনক কথাটো হ’ল
, প্ৰিকচিয়াল পোৱালিৰ শৈশৱ বেছি
দীঘলীয়া হয় আনহাতে এলট্ৰিচিয়াল পোৱালিবোৰ সিহঁততকৈ বহু বেছি দ্ৰুতগতিত ডাঙৰ
হয়। আকৌ এই দুটা শ্ৰেণীৰ শিশুৱে প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ কিছুমান বৈশিষ্ট্য
দেখা যায়। যেনে— গান গোৱা চৰাইৰ পোৱালিৰ জন্মতে পাখি নাথাকে আৰু অতি দুৰ্বল
;
কিন্তু
সোনকালে বৃদ্ধি পায়। কাৰণ কণী ফুটি পোৱালি ওলোৱাৰ পাছত এই জাতৰ চৰায়ে ঘণ্টাত
৪-১২ বাৰকৈ পোৱালিবোৰক খাদ্য যোগান ধৰে যাতে সিহঁতৰ পুষ্টিৰ প্ৰয়োজন পূৰণ হয়। এই
সময়ত মাতৃ চৰায়ে প্ৰ
টিনসমৃদ্ধ পোক চিকাৰ কৰি পোৱালিলৈ আনে।

:
তাহাঁতে প্ৰ
টিন বেছিকৈ খায় বাবে সোনকালে বাঢ়ে।— মাৰ্ক
ষ্টেপানৰ কথাখিনিৰ সাৰমৰ্ম বুজি ক
লে।

:
অঁ
, তেনেকুৱাই। …ইউৰোপীয়ান কাউৰীৰ পোৱালিবোৰ জন্মৰ সময়ত মাত্ৰ চাৰিৰ
পৰা ছয় গ্ৰাম ওজনৰহে হয়
; কিন্তু তিনি সপ্তাহৰ পাছত পঞ্চাশ
গ্ৰামলৈ বৃদ্ধি পায়। শৰীৰ গঠনৰ সময়ত এই চৰাইৰ প্ৰধান খাদ্য প্ৰ
টিন।
কিন্তু সম্পূৰ্ণ ডাঙৰ হ’লে এই খাদ্যাভ্যাস সলনি কৰি ফলমূল আৰু শস্য খাবলৈ আৰম্ভ
কৰে।

ষ্টেপান,
বৰিশ্লাভ
আৰু মাৰ্ক
ই পাতি থকা কথাবোৰ বাকীখিনি স্কুলীয়া লৰা-ছোৱালীয়ে বৰ
মনোযোগেৰে শুনি আছিল। তেনে সময়তে গে
ট খুলি লুকা কভাক আহি সকলোৰে ওচৰত থিয়
দিলেহি। লুকাক দেখা পাই ষ্টেপানে হাঁহি হাঁহি ক
লে— “বৰ
ভাল সময়ত ওলাইছাহি।”

:
কিবা মজাৰ কথা ওলাই আছিল যেন পাওঁ!— লুকাই ক
লে।

:
অঁ
, চৰাইৰ পোৱালিৰ কথা পাতি আছিলোঁ আমি।— ষ্টেপানে সমিধান দিলে।

:
মলেঁয়াৰ খবৰ কেনে
?— প্ৰশ্নটো কৰি লুকাই লগে লগে ঘৰৰ মূধচলৈ চালে।
মলেঁয়া তেতিয়া নিজৰ বাহত। কাষত থিয় দি আছে ক্লেপেটাঁ।

:
দেখিছাই নহয়
; ঠিকেই আছে তাই।

:
তাইৰ কণী ফুটি পোৱালি ওলাবৰ হৈছে আৰু ন!

:
ওলাবৰ হৈছে নহয়
; ওলালে আজি।— হাঁহি হাঁহি কলে
ষ্টেপানে।

:
বাহ্
, বৰ ভাল খবৰ। বৰ আনন্দৰ খবৰ। এইটো খবৰৰ বাবেই মোক মাতিছিল আপুনি!

:
হয়
, হয়। ঠিক ধৰিছা।

:
এতিয়া পোৱালিকেইটা ভালদৰে ডাঙৰ হ
লেই হল আৰু।—
ষ্টেপানে নিজকে কোৱাৰ দৰে ক
লে।

:
মলেঁয়াৰ পোৱালিহঁতে কি খাবনো
?— এইবাৰ মাৰ্কই সুধিলে।

:
কেঁচু আৰু পোক-পৰুৱা আদি খাব। সেইবোৰ ক্লেপেটাঁই আনি দিব।— উত্তৰটো ষ্টেপানৰ
পৰিৱৰ্তে লুকাই দিলে। হোৱাইট ষ্টৰ্ক যে খাদ্যৰ সন্ধানত নিজৰ বাহ বা বাসস্থানৰ পৰা
পাঁচ কিলোমিটাৰ দূৰলৈকে যায় সেই কথাও ক
লে।

:
কিছুমান চৰায়ে পোৱালিক খুৱাবলৈ দিনটোত ৮৪৫ বাৰ অহা-যোৱা কৰে। কিছুমানে আকৌ
পোৱালিক খুৱাবলৈ ৯০০ বাৰলৈকে উৰে। আনহাতে ঈগলে দিনটোত মাত্ৰ দুবাৰ বা তিনিবাৰহে
উৰি পোৱালিৰ বাবে খাদ্য সংগ্ৰহ কৰে। এবাৰ অনা চিকাৰেই পোৱালিৰ পেট ভৰিবলৈ যথেষ্ট
হয়। ঈগলৰ মতা আৰু মাইকী উভয়েই পোৱালিক খুউৱা আৰু সুৰক্ষাত সমান ভূমিকা পালন কৰে।
মাক ঈগল যেতিয়া খাদ্য গোটাবলৈ যায় তেতিয়া পোৱালি চোৱা-চিতা কৰাৰ দায়িত্ব পিতৃৰ
ওপৰত পৰে।
_ কথাখিনি ষ্টেপানে দীঘলীয়াকৈ কলে।

:
মোৰ প্ৰশ্ন এটা আছিল।— বৰিশ্লাভে মাত লগালে।

:
সোধাঁ আকৌ।— ষ্টেপানে ক
লে।

:
চৰাইৰ কণী বা পোৱালি মানুহে স্পৰ্শ কৰিলে বোলে চৰায়ে বাহৰ পৰা পেলাই দিয়ে বা এৰি
দিয়ে। হয়নে
?

বৰিশ্লাভৰ
প্ৰশ্নটো শুনি ষ্টেপানে হাঁহিলে। বৰিশ্লাভ বুলিয়েই নহয় মানুহৰ মাজত বহুল প্রচলিত
এটা ধাৰণা যে— মানুহে চৰাইৰ কণী বা পোৱালি স্পর্শ কৰিলে তাত মানুহৰ ঘ্রাণ লাগি
থাকি আহে। সেই কাৰণে মাতৃ পখীয়ে সেই কণী বা পোৱালিৰ যত্ন ল
বলৈ এৰি দিয়ে।
এই ধাৰণাৰ বাবেই বহু সময়ত ধুমুহা বা অন্য কোনো কাৰণত চৰাইৰ বাহৰ পৰা পোৱালি বা কণী
পৰি গ
লেও সেয়া নুচুবলৈ পৰামর্শ দিয়া হয়। আনকি ঘৰত পোহা চৰাইৰ কণী আৰু
পোৱালি চুবলৈও বাৰণ কৰা হয়। এই ধাৰণাটোৰ সত্যতা বিচাৰি মাৰ্কিন যুক্তৰাষ্ট্রৰ
ভার্জিনিয়াত অৱস্থিত চিৰিয়াখানা ভার্জিনিয়া জুৱে প্রাণীক লৈ প্রচলিত বিভিন্ন ভুল
ধাৰণাক লৈ এক প্রতিবেদন প্রকাশ কৰিছিল। তাত কোৱা হৈছিল যে
, মানুহে চৰাইৰ
পোৱালি বা কণী স্পর্শ কৰিলে মাতৃ চৰায়ে সেই পোৱালি বা কণী আৰু গ্রহণ নকৰে বোলা
ধাৰণাৰ উৎপত্তি ক
ত হৈছিল সেয়া জনা নাযায়। কিন্তু এই ধাৰণাটো
সত্য নহয়। চৰাইৰ ঘ্রাণশক্তি খুব বেছি নহয়। আৰু সেয়ে কোনো মানুহে ইহঁতৰ পোৱালি
স্পর্শ কৰিলে গোন্ধৰ পৰা সেয়া চিনাক্ত কৰিব নোৱাৰে। এই প্রসঙ্গত যুক্তৰাষ্ট্রৰ
কর্নেল লেবৰ পক্ষীবিদ্যা বিভাগৰ জীৱবিজ্ঞানী মিয়োকো চুৰ মতে চৰাইৰ ঘ্রাণশক্তি
কুকুৰ বা অন্যান্য প্রাণীৰ দৰে তীব্র নহয়। সেয়ে চৰাইৰ পোৱালি বা কণী স্পৰ্শ কৰিলে
মাতৃ পক্ষীৰ পক্ষে সেয়া চিনাক্ত কৰাটো সম্ভৱ নহয়। ফলত মানুহে স্পৰ্শ কৰা বাবে কণী
বা পোৱালি পৰিত্যাগ কৰাৰ প্রশ্নই নুঠে।

:
আচলতে চৰাই বা অন্য বন্যজীৱৰ বিষয়ে মানুহে ঢেৰ কথা জানিবলৈ বাকী আছে। সেয়ে
নজনাকৈয়ে আমি ধাৰণা কৰিয়েই বহু কথা কৈ আহিছোঁ।— লুকাই ক
লে।

:
বহু কথা নাজানিলেও কিন্তু বহু মানুহে বন্যজীৱক সহায়ো কৰি আহিছে।— ষ্টেপানে ক
লে।

:
যেনে আপুনি।— বৰিশ্লাভে টপৰাই ক
লে।

:
আজি আপোনাৰ বাবেই মলেঁয়া জীয়াই থাকিব পাৰিছে। আপোনাৰ বাবেই ক্লেপেটাঁই লগ বিচাৰি
পালেহি। আপোনাৰ বাবেই সিহঁতৰ পোৱালি জগিল। আপোনাৰ বাবেই চৰাইৰ বিষয়ে আমি বহু কথা
জানিব পাৰিছোঁ।— লুকাই ষ্টেপানক প্ৰশংসা কৰিবলৈ ধৰিলে।

:
মই মাথোঁ মোৰ ভাল লগা কাম এটা কৰি আছোঁ। মলেঁয়া মোৰ কন্যা আৰু ক্লেপেটাঁ
পুত্ৰসদৃশ। কিন্তু মই এনে এটা সত্য ঘটনাৰ কথা জানো
, যিটো ঘটনাত
তিনিটা চৰাইৰ কণীৰ বাবে এখন গাঁৱৰ লোকে ৩৫ দিন আন্ধাৰত কটাই ত্যাগ স্বীকাৰ কৰিছিল।

: ক
ঘটনা এইটো
?— বৰিশ্লাভৰ প্ৰশ্ন।

:
কাহিনীটো ইণ্ডিয়াৰ। তামিলনাডু ৰাজ্যৰ শিৱগংগা জিলাৰ পোঠাকুৰি গাঁৱৰ বাসিন্দাসকলে
এমাহৰো অধিক সময় ধৰি ষ্ট্ৰীট লাইট ব্যৱহাৰ নকৰি চৰাই পোৱালি বচাই ৰখাৰ এক
ব্যতিক্ৰমী বাতৰি পঢ়িছিলোঁ কিছুদিন আগতে। বাতৰিটোৰ মতে গাঁওখনৰ কমিউনিটি
ছুইচ ব
ৰ্ডত এটা সৰু বুলবুলি চৰায়ে বাহ সাজি তাত তিনিটা কণী পাৰিছিল। চৰাইৰ বাহটো
দেখাৰ পাছত চৰাইজনীৰ কণী আৰু পোৱালি ৰক্ষাৰ স্বাৰ্থত গাঁওবাসীয়ে একেৰাহে ৩৫ দিন
লাইট নজ্বলোৱাকৈ আন্ধাৰতে যাতায়াত কৰিছিল।— ষ্টেপানে ক
লে।

:
কওকচোন গোটেই কাহিনীটো।— লুকাই ক
লে। 

লুকাৰ
আগ্ৰহ দেখি ষ্টেপানে ঘটনাটোৰ সবিশেষ ক
লে— গাঁওখনত এখনেই কমিউনিটি ছুইচ বৰ্ড
আছে আৰু মুঠ ৩৫টা ষ্ট্ৰীট লাইট আছে। সেই সকলোবোৰৰ ছুইচ এই ব
ৰ্ডখনতে আছে। চৰাই এটাই
খেৰ
, শুকান পাত আদিৰে এই বৰ্ডখনতে এটা বাহ সজা দেখিলে ওচৰৰে যুৱক এজনে।
তেওঁ ছুইচ ব
ৰ্ডখনৰ ঢাকনি খুলি দেখিলে যে বাহটোত তিনিটা সৰু সৰু সেউজীয়া-নীলা বৰণৰ
কণী আছে। কথাটো লগে লগে তেওঁ গাঁৱৰ যুৱক-যুৱতীসকলক জনালে। সকলোৱে যিকোনো মূল্যৰ
বিনিময়ত চৰাইৰ বাহটো আৰু ইয়াৰ কণীবোৰ বচাই ৰখাৰ সিদ্ধান্ত লয়। সকলোৱে সিদ্ধান্ত
লে যে চৰাইটোক শান্তিৰে বাহত থাকিবলৈ দিব লাগে। কণী ফুটা আৰু
পোৱালিবোৰ ডাঙৰ হোৱালৈকে ব
ৰ্ডখনৰ ছুইচবোৰ বন্ধ কৰি ৰখা হব। যদিও
যুৱক-যুৱতীসকলে এই সিদ্ধান্ত লৈছিল
, তথাপি গাঁৱৰ ১০০টা পৰিয়ালক পতিয়ন
নিয়াবলৈ কঠিন হৈছিল। বাহত থকা কণী ফুটি চৰাই পোৱালি উৰি যোৱালৈ গাঁৱৰ মানুহে ৰৈ
থাকিবনে
? কিছুমান মানুহ চৰাইৰ পক্ষত আগবাঢ়ি আহিল, কিছুমানে সেই
সৰু চৰাইটোৰ বাবে গোটেই এমাহ লাইট বন্ধ কৰি ৰখাটো মূৰ্খামি বুলি ক’লে। কিন্তু
অঞ্চলটোৰ যুৱক-যুৱতীসকলে সকলোকে বুজাবলৈ চেষ্টা কৰিছিল। অৱশেষত ৩৫ দিনলৈ কোনো ধৰণৰ
ষ্ট্ৰীট লাইট জ্বলোৱা নহ’ব বুলি সকলো সন্মত হ
ল। মূৰ্তি আৰু
কাৰ্তি নামৰ ককাই-ভাইক চৰাইজনীৰ আচৰণৰ ওপৰত চকু ৰখাৰ দায়িত্ব দিয়া হ
ল।
বাহটো আৰু কণীকেইটা কি অৱস্থাত আছে চাবলৈ প্ৰতিদিনে তেওঁলোকে ছুইচ ব
ৰ্ডখনৰ বাকচটো
খুলিছিল। উমনিৰ পৰা চৰাইজনী উৰি যোৱাৰ লগে লগে বাহটোৰ ওপৰত তেওঁলোকে চকু ৰাখে।
এনেদৰেই এদিন বাহটোত কণী ফুটি পোৱালি ওলাল। পোৱালিবোৰ দিনক দিনে ডাঙৰ হৈ আহিল। সৰু
সৰু পাখি গজিল। ডেউকা গজি সম্পূৰ্ণ হৈ উঠিল আৰু এদিন পোৱালিকেইটা উৰণীয়া হৈ বাহৰ
পৰা ওলাল। এনেদৰেই এখন গাঁৱৰ সচেতন ৰাইজৰ পক্ষীপ্ৰেমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।

:
আমাৰ মলেঁয়া আৰু ক্লেপেটাঁয়ো এতিয়া বহুতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে।—
সঁচা ঘটনাটোৰ বিষয়ে শুনাৰ পাছতে লুকাই ক
লে।

:
এয়া প্ৰকৃতিৰ বাবেই ভাল কথা।— ষ্টেপানে শলাগিলে।

সকলোৱে
কথা পাতি থাকোতেই গে
টৰ মুখত গাড়ী এখন ৰল আহি। চিনাকি
গাড়ী। চিনাকি গাড়ীখনৰ দুৱাৰ খুলি চিনাকি মানুহ এজন নামি আহিল। তেওঁ গে

খুলিলে। খোজকাঢ়ি আহি চোতালত আড্ডা দি থকাসকলৰ ওচৰ পালেহি। ষ্টেপানে চকী এখন
আগবঢ়াই দি ক
লে— “এইখনতে বহা।”

মিষ্টাৰ
ইগৰ বহিল। ঘৰৰ মূধচত থকা মলেঁয়াৰ বাহটোলৈ চাই থাকি তেওঁ ক
লে— “খবৰটো
পালোঁ ষ্টেপান। মাৰ্ক
ই ফোনত সকলো কলে। বৰ ভাল
লাগিছে বুজিছানে! বুকু শাঁত পৰি গৈছে।”

:
আমিও আপোনাৰ অপেক্ষাত আছিলোঁ।— বৰিশ্লাভে ক
লে।

:
মোৰ অপেক্ষাত!— আচৰিত হ
ল ষ্টেপান।

:
হয়।

:
কিবা উপলক্ষ্য!

:
হয়
, বিশেষ উপলক্ষ্য। এতিয়া মলেঁয়াৰ পোৱালি জগাৰ আনন্দও এই উপলক্ষ্যত যোগ হল।—
বৰিশ্লাভে ক
লে।

:
মই কিন্তু একো বুজি পোৱা নাই।— মিষ্টাৰ ইগৰে ক
লে।

:
ময়ো ধৰিব পৰা নাই।— ষ্টেপানেও ক
লে।

:
এতিয়া একো বুজিব নালাগে আপোনালোকে। বহি থাকক বহা ঠাইতে। …মাৰ্ক
‘, আৰম্ভ
কৰিব লাগে।— বৰিশ্লাভে ক
লে।

সকলোৰে
দৃষ্টি মাৰ্ক
ৰ ওপৰত নিবদ্ধ হল। মাৰ্ক
বাৰাণ্ডাৰপৰা ঘূৰণীয়া টেবুল এখন আনি ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ সমুখত ৰাখিলেহি।
এইবাৰ সি চোতালৰ একোণত ৰখাই থোৱা তাৰ চাইকেলখনৰ ওচৰ পালেগৈ। কেৰিয়াৰত বান্ধি ৰখা
ডাঠ কাগজৰ কাৰ্টন এটা আনি সি ঘূৰণীয়া টেবুলখনত থ
লেহি। ষ্টেপান
আৰু মিষ্টাৰ ইগৰে অবুজ চাৱনিৰে গোটেই প্ৰক্ৰিয়াটো লক্ষ্য কৰি থাকিল।

বৰিশ্লাভ
বহাৰ পৰা উঠিল। মাৰ্ক
ই টেবুলত থোৱা কাৰ্টনটো খুলিলে তেওঁ। ভিতৰত ডাঠ
কাগজৰ আন এটা পেকেট ওলাল। লগতে আছে এখন ছুৰি
, কেইডালমান
মমবাতি আৰু জুইশলা এটা। কাগজৰ পেকেটটো খুলিলে তেওঁ। সুসজ্জিত কে
ক্ এটা ওলাই পৰিল।
কে
কটোৰ কাষে কাষে মমবাতিকেইডাল থিয় কৰি ৰাখি তেওঁ জুইশলা কাঠি এটা জ্বলাই
মমবাতিকেইডালত অগ্নিসংযোগ কৰিলে আৰু ষ্টেপানলৈ চাই ক
লে—
“এতিয়া আপুনি মমবাতিকেইডাল ফু মাৰি নুমুৱাই দিয়ক।”

ষ্টেপানে
নিজেই পাহৰি পেলাইছিল তেওঁৰ জন্মদিনৰ কথা। আচলতে অকলশৰীয়া জীৱন এটা কটাই কটাই
তেওঁ অভ্যস্ত হৈ পৰিছিল। মলেঁয়া অহাৰ পাছৰ পৰাহে তেওঁৰ জীৱনলৈ হেৰোৱা ৰংবোৰ
ক্ৰমান্বয়ে ঘূৰি আহিবলৈ ধৰিছে। কিন্তু বৰিশ্লাভ আৰু মাৰ্ক
হঁতে তেওঁৰ জন্মৰ তাৰিখটো কেনেকৈ জানিলে সেয়া ষ্টেপানৰ বাবে কৌতূহলৰ বিষয় হৈ উঠিল। তেওঁ কৌতূহল
দমন কৰি বৰিশ্লাভে কথামতেই ফু মাৰি মমবাতিকেইডাল নুমুৱাই দিলে। উপস্থিত সকলোৱে
হাততালি মাৰি সমস্বৰে গালে— “হেপী বাৰ্থডে টু ইউ
, হেপী বাৰ্থডে টু
ইউ…!” লুকাই কান্ধত ওলমাই অনা কেমেৰাটোৰ ছাটাৰ টিপিলে— ক্লিক্ ক্লিক…।
 

ষ্টেপানে
কে
ক কাটিলে। মিষ্টাৰ ইগৰে সেই কেকটুকুৰা ষ্টেপানৰ মুখত গুজি দিলে। সকলোৱে হাত
চাপৰি বজালে আৰু সকলোৱে কে
কটো ভগাই খালে। মুখত কেকৰ টুকুৰা লৈয়েই মিষ্টাৰ ইগৰে কলে—
“মোৰ মনতেই নাই তোমাৰ জন্মৰ তাৰিখটো।”

:
আমিও নাজানিছিলোঁ। কিন্তু কালি স্কুলত স্কুলৰ সকলোৰে নথি-পত্ৰৰ ফাইলবোৰ কেৰাণীজনে
জাৰি-জোকাৰি থাকোঁতে মই গৈ পঢ়িছিলোঁ আৰু তাতেই এখেতৰ ফাইলটো পাই খুলি চাইছিলোঁ।
তেতিয়াহে জন্মদিন আজি বুলি গম পালোঁ আৰু মাৰ্ক
ৰ সতে কথা পাতি
সৈন্যবাহিনী লৈ হাজিৰ হ
লোঁহি।— বৰিশ্লাভে হাঁহি মাৰি কলে।

:
মোৰ জীৱনৰ সকলোতকৈ ভাল লগা জন্মদিন উদযাপন এইটো।— ষ্টেপানৰ দুগালেদি বাগৰি আহিল
আনন্দৰ লোতক।

:
মলেঁয়াৰ আজি পোৱালি জগাৰ অৰ্থ হ
, তায়ো তোমাক
জন্মদিনৰ উপহাৰ দিছে। তাই দিয়া উপহাৰৰ সমান কোনো উপহাৰেই পৃথিৱীৰ কোনো মানুহে
কাৰোৰেই জন্মদিনত দিব নোৱাৰে।— মিষ্টাৰ ইগৰে ক
লে।

ষ্টেপান
আৱেগিক হৈ ঘৰৰ মূধচলৈ চালে। মলেঁয়া আপোনমনে বাহত আছে। ওচৰতে আছে ক্লেপেটাঁ। সি
মলেঁয়াৰ পিঠিৰ পাখিবোৰ ঠোঁটটোৰে খুচৰি দিছে। মৰম কৰিছে। তাক পিতৃত্বৰ উপহাৰ দিয়া
বাবে তাইৰ ওচৰত হয়তো কৃতজ্ঞতা প্ৰকাশ কৰিছে। ষ্টেপানৰ লগতে লুকাৰো দৃষ্টি গ

মলেঁয়া আৰু ক্লেপেটাঁৰ এই দৃষ্টিনন্দন আচৰণলৈ। কান্ধত লৈ ফুৰা কেমেৰাটো আকৌ এবাৰ
ব্যৱহাৰ কৰিলে লুকাই। সুন্দৰ দৃশ্য এটা বন্দী হ
ল ফ্ৰেমত। লুকাই
সিদ্ধান্ত ল
লে— এই ফটোখন বন্ধাই আনি ষ্টেপানক উপহাৰ দিব;
জন্মদিনৰ
স্মৃতি হিচাপে ৰাখিবলৈ।

চোতালত
সমৱেত সকলোৰে উজ্জ্বল মুখবোৰ
, সকলোৰে শুভেচ্ছা বাণী, বৰিশ্লাভ
আৰু মাৰ্ক
ই দিয়া ছাৰপ্ৰাইজে ষ্টেপানৰ দিনটো বেছ মধুৰ কৰি তুলিলে। তেওঁ
সকলোতকৈ সুখী হ
ল মলেঁয়াই তেওঁক দিয়া জন্মদিনৰ উপহাৰ পাই।
মলেঁয়া যেন সঁচাকৈয়ে তেওঁৰ তেজ-মঙহৰ জী! সেয়ে তাই তেওঁৰ জন্মদিনত দিছে অতুলনীয়
উপহাৰ। মলেঁয়াৰ ফালে চাই থাকিল তেওঁ।

        সুনীল আকাশ।

        এটা বাহ আৰু এহাল প্ৰেমিক পক্ষী।

        কণী ফুটি ওলোৱা তিনিটা সদ্যোজাত পোৱালি।

        এজন আৱেগিক হৈ উঠা বৃদ্ধ আৰু তেওঁৰ গুণমুগ্ধ।

        দিনটো সঁচাকৈয়ে সমৃদ্ধ।

(আগলৈ)