অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী

 

হু’ৰ
কাণৰ খোপত বহি আইনাখনৰ ভিতৰৰপৰাই বাটলুৱে অচিনাকী জগতখন হেঁপাহ পলুৱাই চাবলৈ
ধৰিলে৷ সি যিমানবোৰ গছ-গছনি দেখিলে আটাইবোৰ ৰঙচুৱা– কেৱল ডাল কিছুমানহে আছে
,
পাত-ফুল
একো নাই৷ কিছুমানতো একেবাৰে ক’লা
, এঙাৰৰ নিচিনা৷ মাটিবোৰো ৰঙচুৱা,
ঠায়ে
ঠায়ে একেবাৰে ক’লা৷ কিছুমান ঠাইৰ মাটিবোৰ মাটি নে শিল বুজিবই নোৱাৰিলে বাটলুৱে৷ নৈ
আৰু বিল কিছুমানত পানী আছে
, কিছুমান নৈৰ চিনহে আছে, পানী
নাই৷

ৰ’দজাক
বেছ চোকা৷ হয়তো এনে চোকা ৰ’দৰ কাৰণেই গছ-বন-মাটি আটাইবোৰ শুকাই গৈছে৷ ভাবিলে
বাটলুৱে৷

সি সেউজপুৰৰ হাতীপোৱালি গণুৰ মানুহ বন্ধুজনৰপৰা গম পাইছিল যে বেলিৰ পোহৰ আৰু উত্তাপকে ৰ’দ বুলি কয়৷
পৃথিৱীখন হেনো বেলিটোৰপৰা এনে এটা দূৰত্বত আছে য’ত ৰ’দৰ উত্তাপ আৰু পোহৰ পৃথিৱীৰ
জীৱবোৰৰ কাৰণে সহিব পৰা হয়৷ পৃথিৱীখন বেলিৰপৰা আঁতৰি গ’লে হেনো জীৱবোৰ জাৰতে মৰিব৷
আকৌ কিবা কাৰণত পৃথিৱীখন বেলিৰ ওচৰ চাপি গ’লেও জীৱবোৰে হেনো গৰম সহিব নোৱাৰিয়ে
মৰিব লাগিব!

এইখন
জগত বাৰু বেলিটোৰ বেছি ওচৰত আছে নেকি
?

পৃথিৱীৰ
মানুহৰ ঘৰৰ নিচিনা ঘৰ কিছুমানো মাজে মাজে বাটলুৰ চকুত পৰিল৷ কিন্তু ঘৰবোৰ তেনেই
চাপৰ৷ ইপিনে ইপ্পি
, হু নাইবা লিবুহঁত দেখোন মানুহতকৈ ওখ! কথাটো কি?
ইপ্পিকে
সুধিব লাগিব৷ ভাবি ভাবি গৈ থাকিল বাটলু৷

হঠাতে
সামান্য জোকাৰ খাই বাহনখন মাটিত নামি ৰৈ গ’ল৷

: আমাৰ
মাটিত এলপ খোজ কাঢ়ি চাওকগৈ ব’লক৷ – বাটলুক উদেশ্যি সামান্য হাঁহি এটা মাৰি লিবুৱে
ক’লে আৰু দুয়োজন বাহনখনৰপৰা নামি গ’ল৷

হুৱে
বাটলুক মাটিত নমাই দিলে৷

মাটিত
নামিবলৈ পাই বাটলুৰ ভাল লাগিল৷ মাটিখিনি অৱশ্যে বেছ গৰম৷ বৰ বেছি সময় এই মাটিত খোজ
কাঢ়ি ফুৰিব পৰা নাযাব কিজানি৷ – সি ভাবিলে৷

: অকণমান
আগলৈ আমাৰ পৰীক্ষাগাৰ এটা আছে৷ তাৰ ওচৰলৈ আমি ৰিগাত উঠি যাব নোৱাৰিম৷ অনুগ্ৰহ কৰি
ক্ষমা কৰিব৷– হুৱে বাটলুক উদ্দেশ্যি ক’লে৷

: ৰিগা
মানে
? – সুধিলে বাটলুৱে৷

: ৰিগা
মানে এই যে আমি উঠি আহিলোঁ বাহনখন
, সেইখন৷

: অ’,
আমাৰ
পৃথিৱীত আকৌ এনেকুৱা বাহনক সাধাৰণভাৱে গাড়ী বুলি কয়৷

: কি
বুলি কয়
? গাড়ী? গা… ড়ী, ৰি… গা৷ বাঃ!
– হু আনন্দিত হৈ উঠি লিবুক ক’লে– শুনিছা লিবু
? এখেতসকলৰ তাত
গা… ড়ী
, আমাৰ ইয়াত ৰি… গা৷ বাঃ!

: ওঁ…
বেছ ভাল সংযোগ৷ আপুনি বাৰু খোজ কাঢ়িবলৈ অসুবিধা পোৱা নাইনে
? মানে
আমাৰ ইয়াৰ উত্তাপ আপুনি সহ্য কৰিব পাৰিছে জানো
? – খোজকাঢ়ি গৈ
থাকোঁতে কথা পাতি থাকিলেও সিহঁতৰ অতিথিজনৰ সা-সুবিধাৰ প্ৰতি লিবু সজাগ হৈ আছে৷
সেয়ে সি নিজে বাটলুৰ সম্মুখলৈ হাওলি হাত এখন আগ বঢ়াই দিলে৷

বাটলু
হাতখনেদি উঠি গৈ লিবুৰ কান্ধ পালেগৈ৷ সি ক’লে–

: আপোনালোকৰ
পৃথিৱীখন ধুনীয়া৷ কিন্তু ইয়াত বৰ বেছি গৰম৷ আমি সহিব নোৱাৰোঁ৷

: আপোনাৰ
কষ্ট হোৱা বাবে দুঃখিত৷

: ইঃ!
আপুনি আকৌ কেলেই দুখ প্ৰকাশ কৰিব লাগে
? প্ৰকৃতিদেৱীয়েহে আপোনালোকৰ পৃথিৱীখন
সাজি দিছে৷

তিনিও
গৈ চাৰিওফালে বন্ধ ঘৰ এটাৰ ওচৰ পালেগৈ৷ ঘৰটোৰ মূল দুৱাৰখনৰ ওচৰত কিবাকিবি লিখি থোৱা
আছে৷ বাটলুক সেইফালে চাই ভেবা লগা দেখি হুৱে ক’লে–

: এইটো
আমাৰ তৃতীয় পৰীক্ষাগাৰ৷
আমাৰ এনেকুৱা
পোন্ধৰটা পৰীক্ষাগাৰ আছে। ইয়াৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ গছপুলি আৰু গুটি সংৰক্ষণ
কৰা হৈছে৷ আপোনালোকৰ পৃথিৱীৰপৰা অনা কিছুমান ডালত আমাৰ বিজ্ঞানীসকলে ইয়াতে শিপা
গজাইছে৷ শিপা ওলোৱা ডালবোৰ ৰুব পৰা হোৱালৈকে ইয়াতে যতনেৰে সংৰক্ষণ কৰা হৈছে৷
ৰুবলগীয়া গছবোৰ আমি যিহেতু চিনি নাপাওঁ সেই কাৰণে সেইবোৰৰ উপকাৰিতা-অপকাৰিতা আৰু
গুণাগুণো ইয়াতে পৰীক্ষা কৰা হয়৷ ইয়াত কি কি প্ৰজাতিৰ উদ্ভিদ ৰখা হৈছে সৌ
তালিকাখনতে লিখি থোৱা হৈছে৷

বাটলুৱে
আকৌ এবাৰ লিখাখিনিৰ পিনে চালে৷ এইবাৰ লিবুৱে ক’লে–

: গছ-গছনিক
লৈ আমাৰ বৰ দুখৰ ঘটনা ঘটি গৈছে
, বুজিছে? সময়ত আপোনাক নিশ্চয়
বহলাই ক’ম৷ বৰ্তমান সময়ত আমাৰ মানুহে ইয়ালৈ আহিহে গছ-গছনি চাবলগীয়া অৱস্থা এটা হৈ
আছে৷ ৰাইজক সাৱধান কৰি দিবলৈকে সৌ তালিকাখনত বিষাক্ত উদ্ভিদৰ বিষয়েও বৰ্ণনা কৰা
আছে৷ এতিয়া ব’লক
, ভিতৰলৈ যাওঁ৷

এইবুলি
দুৱাৰখনৰ ওচৰতে থকা বুটাম এটা টিপিলে লিবুৱে৷ লগে লগে ভিতৰৰপৰা দুৱাৰখন খোল খাই
গ’ল৷ লিবু আৰু হু ভিতৰ সোমাই গ’ল
, লগতে বাটলুও৷

তিনিও
ভিতৰ সোমোৱাৰ লগে লগে দুৱাৰখন নিজে নিজে জাপ খাই গ’ল৷

বাটলুৰ
আকৌ এবাৰ অবাক হোৱাৰ পাল৷ ঘৰৰ ভিতৰখন বাহিৰতকৈ ক্ৰমে তললৈ নমা
, উত্তাপো
বাহিৰতকৈ কম
, পৃথিৱীৰ প্ৰায় সমানেই৷ ডাঙৰ ডাঙৰ কাঠ আৰু আইনাৰ
বাকচ কিছুমানত হাজাৰ হাজাৰ গছৰ পুলি৷ কোনোবাটোত পানী আৰু কোনোবাটোত মাটি দি
গছপুলিবোৰ জীয়াই ৰখা হৈছে৷ স্বাভাৱিক পোহৰ আৰু তাপৰ ব্যৱস্থাও কৰা হৈছে
কৃত্ৰিমভাৱে৷

সেউজপুৰলৈ
মনত পৰি গ’ল বাটলুৰ৷

আমাৰ
সেউজপুৰত দেখোন এনেকুৱা যতন নোলোৱাকৈয়ে ফুলে-ফলে জাতিষ্কাৰ হৈ অশেষ গছ-গছনি হৈছে৷
এইখন পৃথিৱীতনো এনে কি ঘটিছে যি কাৰণত এনেকৈ গছ-বন সংৰক্ষণ কৰিবলগীয়া হৈছে
?…

: আমাৰ
পৰীক্ষাগাৰবোৰত এনেকৈয়ে আমি কৃত্ৰিমভাৱে পানী-বতাহ আৰু তাপমান নিয়ন্ত্ৰণ কৰি
গছপুলিবোৰ গজাইছোঁ৷ –লিবুৰ কথাষাৰে বাটলুক বাস্তৱলৈ ঘূৰাই আনিলে৷ মনত জাগি থকা
প্ৰশ্নটো বাটলুৱে এইবাৰ সুধিয়ে পেলালে–

: আমাৰ
সেউজপুৰত দেখোন এনে একো যত্ন নোলোৱাকৈয়ে গছবোৰ গজে৷ আপোনালোকৰ ইয়াতনো কিয় এনে
কৰিবলগীয়া হৈছে
?

: দুখৰ
বিষয় যে আজিকালি আমাৰ ইয়াতে গছ নগজে৷ কিন্তু আমাৰ ইয়াতো গছ স্বাভাৱিকভাৱেই গজিছিল
,
বাটলু৷
ইয়াত বহুত মানুহ আছিল
, আন আন জীৱও অনেক আছিল৷ আপোনালোকৰ পৃথিৱীখনত
জীৱন সৃষ্টি হোৱাৰ প্ৰায় দুই বিলিয়ন বছৰৰ আগতেই আমাৰ ইয়াত জীৱ সৃষ্টি হৈছিল৷
কিন্তু কি কৰিব! আমাৰে ভাগ্য বেয়া৷ দুৰ্ভাগ্যজনকভাৱে এক মহাজাগতিক দুৰ্ঘটনাই আমাৰ
পৃথিৱীখন প্ৰায় জ্বলাই দিলে৷ আমাৰ জগতখন জ্বলি তেনেই ছাৰখাৰ হৈ পৰিল৷ এইবোৰ বহুত
কথা
, পাছত বহলাই ক’ম বাৰু৷– কথাখিনি কৈ হু ৰ’ল৷ বাটলুৱে লক্ষ্য কৰিলে,
হুৰ
লগতে লিবুৰো চকুৰপৰা চকুলো ওলাইছে৷ লগতে দুয়োৰে মুখমণ্ডলত কিবা অচিন ভয়ৰ লক্ষণো
ফুটি উঠিল!

কিন্তু
দুইজনে চকুপানী মচি নিজকে সম্বৰণ কৰিলে৷

বাটলুৱে
বুজিলে
, এইখন পৃথিৱীৰ বাসিন্দাসকলে নিশ্চিতভাৱে বৰ ভয়ঙ্কৰ ঘটনাৰ মুখামুখি
হ’বলগীয়াত পৰিছে৷ তাৰো মনটো মৰহি গ’ল৷ সি একো নামাতিলে৷ লিবু আৰু হুৰ সলনি হোৱা
মুখৰ ৰং দেখি সি বুজিলে
, তেওঁলোকে নিজে কিবা নোকোৱালৈকে একো
নোকোৱাই ভাল হ’ব৷

: আমাৰ
এইটো পৰীক্ষাগাৰত বেলেগ বেলেগ প্ৰজাতিৰ
, বেলেগ বেলেগ পৰিৱেশত গজা অনেক গছ-গছনি
আছে৷ কোনোবা জোপাক পানী বেছিকৈ লাগে
, কোনোবা জোপাই আকৌ কম পানীৰেই জী থাকিব
পাৰে৷ আপোনালোকৰ পৃথিৱীৰ খুব গৰম অঞ্চলত গজা গছো আমি সংগ্ৰহ কৰিছোঁ৷ তেনে গছৰ
কিছুমান পুলি আমি ঠায়ে ঠায়ে ৰুইছোঁও৷ কিন্তু আমি ৰোৱা খুব কম সংখ্যক পুলিহে ডাঙৰ
হৈছে৷– কৈ কৈ  লিবুৱে হুমুনিয়াহ এটা কাঢ়ি
ৰৈ গ’ল৷ এইবাৰ হুৱে ক’বলৈ ধৰিলে–

: যোৱা
দুহেজাৰ বছৰ ধৰি আমি এই যত্ন কৰি আহিছোঁ
, বাটলু৷ আমাৰ কেইবাটাও প্ৰজন্মই যত্ন
কৰি আহিছোঁ আমাৰ পৃথিৱীখনক আকৌ আগৰ নিচিনা কৰি তুলিবলৈ৷ আমাৰ কাম কৰিব পৰা মানুহো
কম– সৰহখিনি সেই দুৰ্ঘটনাতেই মৃত্যুৰ মুখত পৰিল৷ যিসকল আছোঁ প্ৰত্যেকেই কেৱল যত্ন
কৰিছোঁ আমাৰ পৃথিৱীখন সেউজীয়া কৰি তুলিবলৈ৷ নাজানো আমি সফল হ’মনে বিফল হ’ম৷

: নিশ্চয়
সফল হ’ব
, কিয় সফল নহ’ব? মই অৱশ্যে কথা এটা ভাবিছোঁ৷ অৱশ্যে মই
ক’ব খোজাটো আপোনালোকে কিজানি কৰি চাইছেই৷

: কওকচোন,
কি
ভাবিছে
? – হু আৰু লিবু উভয়েই একে সময়তে উৎসাহেৰে সুধিলে৷

: আপোনালোকে
বাৰু ইয়াৰপৰাই পুলিবোৰ নি বাহিৰত ৰোৱেগৈ নেকি
?

: হয়৷

: মোৰ
বোধেৰে আপোনালোকে সামান্য ভুল কৰিছে৷ বাৰু এই ব্যৱস্থাটো কাৰ নিয়ন্ত্ৰণত চলে
?
মানে
এই পৰীক্ষাগাৰ
, পুলি গজোৱা, সংৰক্ষণ কৰা,
পুলিবোৰ
ৰোপণ কৰা এই গোটেই ব্যৱস্থাটো
?

: বৰ্তমান
ইপ্পি হৈছে আমাৰ সকলো কামৰে নেতা৷ তেওঁৰ পৰিকল্পনা আৰু নিৰ্দেশমতেই আমি ভাগে ভাগে
কামবোৰ কৰোঁ৷

: মোক
ইপ্পিৰ ওচৰলৈ লৈ ব’লকচোন৷ মই ভাবোঁ
, আপোনালোকৰ ইয়াত গছ গজিবই৷ সময় অৱশ্যেই
লাগিব৷ আমাৰ সেউজপুৰত মাটিত হোৱা
, পানীত হোৱা আৰু আনকি গছৰ ডালত হোৱা
অনেক গছ-লতা আছে৷ সেইবোৰ তাত যদি নিজে নিজে গজিব পাৰে তেনেহ’লে ইয়াতো গজিব৷ কেৱল
তাৰ কাৰণে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ আপোনালোকে কৰা এনে কৃত্ৰিম পৰিৱেশত
বেছিদিনলৈ গছ সংৰক্ষণ কৰিব নোৱাৰিব৷ গতিকে গছবোৰকো আপোনালোকৰ এইখন পৃথিৱীৰ
পৰিৱেশটো সহিব পৰা কৰি তুলিব লাগিব৷

: সম্ভৱতঃ
আপুনি ঠিকেই কৈছে৷ ইপ্পিয়ে নিশ্চয় আপোনাৰ কথাবোৰ ভালকৈ বুজি পাব৷ আমি কৰ্মীহে৷ তেওঁ
বুজি লৈ আমাক যেনেকৈ যি কৰিবলৈ নিৰ্দেশ দিব আমিতেনেকৈয়ে কৰিম৷ মুঠতে আমি আমাৰ
পৃথিৱীখনক সেউজীয়া কৰি তুলিব খোজোঁ৷

: এতিয়া
ব’লক৷

: ব’লক৷

(আগলৈ)


ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬