আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক

 নীলোৎপল বৰুৱা



 

মহানগৰীৰ হট্টগোল
আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷
আনন্দময়৷ টিলাটোৰ‌পৰা সন্ধ্যা  মালিগাঁৱৰ ব্যস্ত
ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ
যথেষ্ট৷

আদিংগিৰিক আদিতে
দুৰ্গা সৰোবৰ হিচাপে জনা গৈছিল৷ ৰাস্তা-পদূলি অনুন্নত যদিও বৃহদাকাৰ৷ সম্প্ৰতি সুচল৷
মালিগাঁৱৰ পৰা লু্ংলুঙীয়া গো-বাটেৰে উঠি আহিব পৰা অঞ্চলটোত এটা সময়ত দিনতে বাঘ ওলাইছিল৷
তালৈ উঠি অহা মিশ্ৰিত জনগোষ্ঠীৰ লোকসকলে এটা সমূহীয়া আৰু আত্মীয়তাৰে ভৰা জীৱন যাপন
কৰিছিল৷

ৰেলনগৰী মালিগাঁৱৰ
নাট্য ইতিহাস গপচ্৷ পঞ্চাশৰ দশকৰ পৰাই চলতি৷ আশু বানাৰ্জী, খোকন সৰকাৰ, জীৱন ৰয়, মনোৰঞ্জন
শূৰ, শান্তিময়, কাঞ্জীলাল, বিমল দে’ ৰ পৰা ৰত্ন ওজালৈকে এক দীঘলীয়া ইতিহাস৷ মালিগাঁৱে
– ‘নৱজ্যোতি কলা পৰিষদ’, ‘গহ্বৰ নাট্য গোষ্ঠী’, ‘সমস্বৰ’ আদিৰ দৰে শক্তিশালী নাট্যানুষ্ঠানৰ
জন্ম দি নাটকৰ ধাৰাপ্ৰৱাহক অক্ষুণ্ণ ৰাখিছে৷
 

সেই আদিংগিৰিতে ‘অভিজ্ঞানম’ৰ
‘আদিংগিৰি নাট সমাৰোহৰ’ পঞ্চমটো বৰ্ষৰ দৰ্শক হোৱাৰ সৌভাগ্য ঘটিল৷ যোৱা পহিলা মাৰ্চৰ
পৰা তিনি মাৰ্চলৈকে৷ তাৰে দুটামান দৰ্শনী মাছখোৱাৰ প্ৰকল্পতো মঞ্চায়িত হৈছিল৷
 

মালিগঞা নাটকৰ ইতিহাসৰ
সোণসেৰীয়া বাটেৰে গৈ থকা মানৱেন্দ্ৰ ৰণহাং চৌধুৰীয়ে এটা দশকৰ আগতে স্থাপন কৰা ‘অভিজ্ঞানম’
এটা সম্ভাৱনাময় গোষ্ঠী৷ যোৱা দশকটোত অভিজ্ঞানমে সম্পৰীক্ষামূলক নাট মঞ্চায়নৰ পৰা
আৰম্ভ কৰি শিশুনাটক কৰ্মশালালৈকে বিভিন্ন কৰ্মকাণ্ড নিৰৱচ্ছিন্নভাৱে কৰি গৈছে৷ তদুপৰি ‘অভিজ্ঞানমে’ নাটকৰ নিৰন্তৰ সম্পৰীক্ষাৰে নিতে নতুন মঞ্চায়ন কৰি আহিছে৷ মানৱেন্দ্ৰ ৰণহাং
চৌধুৰীৰ অভিযোজনাসমূহ বৌদ্ধিক মহলতো বাৰুকৈয়ে চৰ্চিত৷
 

পৃথিৱীজুৰি প্ৰচেনিয়ামৰ
বিকল্প স্থানৰ অন্বেষণৰ অন্তত আমাৰ হাতলৈ বহুকেইটা স্থানিক আৰু মাত্ৰিক বিকল্প আহিছে৷
চলন্ত বাছ, চ’ৰাঘৰ, নৈ-পাৰ, শালনী, বাঁহনি আদি বহু স্পে
চত নাট মঞ্চায়নৰ ন-ন সম্পৰীক্ষা
নিতৌ চলিছে৷ ই নাটকৰ ক্ষেত্ৰখনলৈ এটা শুভংকৰ পৰিৱৰ্তন আনিছে৷ ভাৰী প্ৰপচ্, বৃহদাকাৰ
আলোকসম্পাত সঁজুলি, বিশাল মঞ্চ ব্যৱস্থাই হেঁচা মাৰি ধৰি ৰখা বহু উকমুকনিয়ে এতিয়া
কম খৰছত নন্দনতাত্ত্বিকভাৱে আইডিয়েল দৰ্শকৰ কাষ পাইছেহি৷ সময়ত তাৰ বহু বিকল্প ৰৈ যাব
আৰু কিছু নিশ্চিতভাৱে অপাংক্তেয় হ’ব৷



আদিংগিৰিৰ মঞ্চ আৰু
তাৰ স্থানিক (Spatial) মাত্ৰা আমাৰ দৃষ্টিৰে এক প্ৰাকৃতিক দান৷ এঢলীয়া টিলাৰ তলতে
আৰু কাষতে লাগি থকা এটা প্ৰচেনিয়াম আকৃতিৰ মঞ্চ৷ দৰ্শকৰ বাবে টিলাটোৰ ঢালত ঢাপ কাটি
তৈয়াৰ কৰা এটা গেলাৰী৷ ক্ষেত্ৰখনলৈ প্ৰৱেশৰ পথটো বাঁহনিয়ে আৱৰি ৰখা সুৰুকীয়া বাট৷
প্ৰচেনিয়াম আৰু প্ৰকৃতিৰ মাজত এটা সহজ সহাৱস্থানেৰে আদিংগিৰিৰ স্পে
চে এক অন্য মাত্ৰা
পৰিগ্ৰহণ কৰিছে, এক ধৰণৰ এশৰীয়া প্ৰচেনিয়ামযুক্ত এম্ফিথিয়েটাৰলৈ পৰিণত হৈছে৷ ই আদিংগিৰিৰ
দেশী বিদেশী দৰ্শক আৰু নাট্যবোদ্ধাক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব৷

মূল মঞ্চ স্থানলৈ
সোমাই যাওঁতে মাটি কাটি কৰা খটখটি আৰু তাত দিয়া ফুটলাইটসমূহে এটা মায়াৱী পৰিৱেশ তৈয়াৰ
কৰিছে৷ যিটো দৰ্শক প্ৰস্তুতিৰ সহায়ক৷

আদিংগিৰিৰ নাট্যক্ষেত্ৰখনক
আমি Found Space বা প্ৰাপ্ত-স্থানক হিচাপে অভিহিত কৰিবলৈ ভাল পাম৷ মঞ্চৰ বিভিন্ন প্ৰকাৰৰ
মাজত Found Space-এই আজিৰ তাৰিখত অসমৰ বহু সম্পৰীক্ষামূলক নাট সমাৰোহৰ উপজীৱ্য হৈছে৷
আদিংগিৰিৰ মঞ্চক্ষেত্ৰ এটা প্ৰাপ্ত স্থানকলৈ নিজাববীয়াকৈ উত্তৰিত হৈছে৷ প্ৰচেনিয়ামৰ
তলতে এটা প্ৰাকৃতিকভাৱে তৈয়াৰী অৰ্কেষ্ট্ৰা পিট্৷ দৃষ্টিসীমাত মঞ্চ, অপসৃয়মানভাৱে
সৰলৰৈখিক৷ ঢালত প্ৰায় তিনিশ মানুহৰ বাবে আৰামদায়ক আসন৷ সম্প্ৰতি অসমত চলি থকা নাট
সমাৰোহৰ বহুখিনিয়েই বিকল্প স্পে
চৰ৷ প্ৰচলিত ধাৰাৰ বিপৰীতে সকলোৱে নিজৰ হাতত মজুত থকা
Found Space-সমূহ ব্যৱহাৰ কৰি নাট মঞ্চায়নৰ চেষ্টা কৰিছে৷ দেখা গৈছে বহুকেইটা স্পে
চেই
সহজ আৰু সম্পূৰ্ণতম মঞ্চায়নৰ বাবে উপযোগী নহয়৷ বহুকেইটাত শব্দৰ প্ৰক্ষেপণ (যান্ত্ৰিক
বা অযান্ত্ৰিক) সুষম আৰু স্বস্তিপ্ৰদায়ক হোৱা নাই৷ বহু পৰিপ্ৰেক্ষিত বা বে
কড্ৰপ বাস্তৱ
ক্ষেত্ৰত ব্যৱহাৰ উপযোগী, ফলপ্ৰসূ আৰু মঞ্চায়নক্ষম হৈ উঠা নাই৷ তাৰ মাজতে বহুকেইটা
নাট্যক্ষেত্ৰ‌ই এক নিজা মাত্ৰা আৰোপ কৰি একো একোটা নাট সমাৰোহক দৰ্শকৰ বাবে অনবদ্য
অভিজ্ঞতাৰ উৎস কৰি তুলিছে৷


বিকল্প স্থানৰ এই
নিৰন্তৰ সন্ধানে অসমৰ নাটকক অন্য দিক্‌দৰ্শন অচিৰেই কৰাব৷ অদূৰ ভৱিষ্যতে বিকল্প স্পে
চযুক্ত একো একোটা নাট সমাৰোহে পৰম্পৰাগত নাট সমাৰোহসমূহতকৈ দৰ্শকক অধিক খোৰাক যোগাবলৈ
সক্ষম হ’ব৷ নাটকৰ আনন্দ, মানদণ্ড আৰু ৰুচিশীলতাৰ বাদেও স্পে
চসমূহেও নতুন দৰ্শকক নাটকৰ
থলীত উপস্থিত হ’বলৈ বাধ্য কৰিব৷

তাৰ আগজাননী ইতিমধ্যেই
পোৱা গৈছে৷ ৰুদ্ধ আৰু শুষ্ক বাতাৱৰণৰ বিপৰীতে মুকলি বতাহত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ
নাটক উপভোগ কৰাটো এই প্ৰজন্মৰ বাবে এটা আকৰ্ষণৰ বিষয়বস্তু হৈ উঠা দৃষ্টিগোচৰ হৈছে৷
শুনিবলৈ বেয়া হ’লেও বহু পৰম্পৰাগত আৰু অভিজাত নাট সমাৰোহসমূহত দৰ্শকৰ সেৰেঙা উপস্থিতিৰ
বিপৰীতে এই নতুন স্পে
চত দৰ্শকৰ উপস্থিতি চকুত লগা৷ মাজতে স্থৱিৰ আৰু নতুনৰ আগমনহীন
হৈ পৰা অসমৰ নাটকৰ বাবে ই এটা শুভংকৰ পৰিৱৰ্তন৷

আদিংগিৰিয়ে এই নতুনত্বক
বহন কৰিছে৷ এই যাত্ৰাক কঢ়িয়াই নিব পৰাকৈ আদিংগিৰিৰ প্ৰাপ্ত স্থানক এটা শক্তিশালী
অস্ত্ৰ৷ এই নাট সমাৰোহত পাকিজা বেগমৰ ‘মেনকা’, উজবেকিস্তানৰ পৰিচালক অভিয়াকুলি খোদজাকুলিৰ
‘টু কিল অৰ নট্ টু কিল’, মানৱেন্দ্ৰ ৰণহাং চৌধুৰীৰ ‘গান্ধী ভাৰ্চেচ গডচে’ আদিৰ মঞ্চায়নসমূহ
সেই প্ৰাপ্তস্থানত অতি মোক্ষণক্ষম আছিল৷

তদুপৰি মঞ্চক্ষেত্ৰৰ
চাৰিওফালে থকা নান্দনিক ইনষ্টলেশ্বনসমূহে অভিজ্ঞানমৰ ৰুচিশীলতাৰ নিদৰ্শন ডাঙি ধৰিছিল৷

আমি আশাবাদী যে ভৱিষ্যতে
আদিংগিৰিয়ে এক অনন্য নাট্য-দৰ্শন অভিজ্ঞতালৈ পৃথিৱীৰ বহু আগ্ৰহী দৰ্শক আৰু বোদ্ধাক
টানি আনিব৷

 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯