ৰামায়ণৰ এটা অধ্যায়

মূল : বনফুল (বাংলা)
অসমীয়া অনুবাদ : বাসুদেব দাস


(অভিনয় কাণ্ড)

সীতাক বনবাসলৈ পঠাই ৰাম পত্নীশোকত উন্মাদৰ নিচিনা হৈ পৰিছে। তেওঁ কেৱল ভাবি
থাকিল – 
‘মই বৰ অবিচাৰ কৰিছোঁ।

        কুলগুৰু বশিষ্ঠক তেওঁ কলে— ‘গুৰুদেৱঅবিচাৰ! এয়া ঘোৰ অবিচাৰসীতাৰ কোনো অপৰাধ নাই- তেওঁ নিৰপৰাধিনীদেৱী। মোৰ কোনো অধিকাৰ নাই তেওঁক শাস্তি দিয়াৰ! মই মহাপাপ কৰিছোঁ… মই…!’

    তেওঁক বাধা দি গুৰু বশিষ্ঠই কলে- ‘বৎসসত্যৰক্ষা কৰাই ক্ষত্রিয়ৰ ধর্ম। তুমি সত্যাশ্রয়ী। সত্যধর্ম পালন কৰি তুমি
প্রকৃ্ত ক্ষত্রিয়ৰ কামকে কৰিছা।’

ৰামে কলে- ‘এয়া সত্য নহয়,
এয়া যে মিথ্যা। এয়া যে অবিচাৰ গুৰুদেৱ- এয়া যে মিথ্যাচাৰ- গুৰুদেৱ!’

গুৰুদেৱে কলে – ‘অস্থিৰ নহবা বৎসৰাজধর্ম সচাকৈ বৰ কঠিন।’

ৰামচন্দ্রই নুশুনিলে। তেওঁ অস্থিৰ হৈ উঠিল।– ‘মই ৰাজ্য নিবিচাৰোঁঐশ্বর্য নিবিচাৰোঁ- প্রজাসকলৰ মতামত গ্রাহ্য নকৰোঁ মই- মই কেৱল সীতাক
বিচাৰোঁ! মোৰ দেৱীক বিচাৰোঁ!-ৰাজ্য যাওক- মান-সম্মান যাওক ।’ ৰাম যেন বলিয়া হৈ গ
ল।


(দুই)

অভিনেতা নকুড় মাইতিয়ে ৰামৰ অভিনয় শেষ কৰি যেতিয়া শেষৰাতি ঘৰলৈ উভতিলে তেতিয়া
তেওঁৰ ভৰি কঁপি আছিল- মদৰ নিচাত ভালদৰে থিয় হ
বই পৰা নাছিল
তেওঁ। ঠেলাঠেলিৰ পাছত ঘৈণীয়েক হৰিমতীয়ে দুৱাৰখন খুলি দিলে।

নকুড়বাবুৱে কলে- ‘হাৰামজাদিআধাঘণ্টা ধৰি দুৱাৰখন ঠেলি আছোঁশুনা নাই?’

হৰিমতীয়ে কলে- ‘টোপনি
ধৰিছিল।’

নকুড় মাইতিয়ে কলে- ‘আকৌ কথাৰ
ওপৰত কথা ক
বলৈ আহিছ !’

কথাষাৰ কৈ প্রচণ্ড জোৰেৰে হৰিমতীক এটা গোৰ মাৰি দিলে তেওঁ।

— 

লেখক পৰিচিতি : বলাইচাঁদ মুখোপাধ্যায় বনফুল ছদ্মনামেৰে অধিক পৰিচিত।১৮৯৯ চনত তেখেতৰ জন্ম আৰু ১৯৭৯ চনত মৃত্যু। বাংলা সাহিত্যৰ এজন
বিখ্যাত কথা সাহিত্যিক আৰু নাট্যকাৰ। চুটিগল্পক লৈ তেখেতে বহুতো পৰীক্ষা-নিৰীক্ষা
কৰিছে।এজন প্রথম শ্রেণীৰ ঔপন্যাসিক হিচাপেও পৰিচিত।
— 

অনুবাদকৰ ফোন : ৯৭৪৮৪২১৩৪১