বহাগত যেতিয়া তাইক দেখিছিলোঁ

 মূল : হাৰুকি মুৰাকামি

ইংৰাজী অনুবাদ : JAY RUBIN(ON SEEING THE
100% PERFECT GIRL ONE BEAUTIFUL APRIL MORNING)

 অনুবাদ : বিদ্যুৎ বিকাশ শর্মা     

 

 এপ্ৰিল মাহৰ এটা উজ্জ্বল ৰাতিপুৱা৷ টকিঅ’ চহৰৰ
হাৰাজুকু নামৰ এক অভিজাত অঞ্চলৰ সুৰুকীয়া ৰাস্তা এটাত মই৷ আৰু ঠিক এইমাত্ৰ মই সকলো
ফালৰপৰা পৰিপূর্ণ ছোৱালীজনীৰ কাষেৰে পাৰ হৈ গ’লোঁ৷
 

সঁচা কথা এটা ক’ব বিচাৰিছোঁ৷ ছোৱালীজনী বিশেষ
দেখনিয়াৰ নহয়৷ চাবলৈ গ’লে কোনোফালৰ পৰাই তাই অনন্যা নহয়৷ তাইৰ পোছাকযোৰ মুঠেই ষ্টাইলিশ্ব,
মানে আধুনিক ডিজাইনৰ নহয়৷ মূৰৰ চুলিখিনিও তাই ভালদৰে ফণিওৱা নাই৷ টোপনিৰ পৰা উঠি অহা
যেন লাগিছে৷ যৌৱনৰ উজ্বলতাই তাইৰ দেহৰ পৰা বিদায় লৈছে৷ বয়স কিজানি ত্ৰিছৰ ওচৰা ওচৰি
হ’ব৷ খুব ভালদৰে নাচালে তাইক ছোৱালী বুলি ক’বই নোৱাৰি৷ কিন্তু তথাপি পঞ্চাছ গজ দূৰৰপৰাই মই কৈ দিব পাৰিম যে তায়েই মোৰ বাবে সম্পূর্ণৰূপে উপযুক্ত ছোৱালী৷ তাইক দেখাৰ মুহূর্তত
মোৰ হৃদয় কঁপি উঠিছিল৷ আৰু মুখখন মৰুভূমিৰ দৰে শুকান হৈ পৰিছিল৷
 

আপোনাৰ পছন্দৰ ছোৱালীজনী অৱশ্যে বেলেগ ধৰণৰ
হ’ব পাৰে—তাইৰ ভৰিদুখন হাতীৰ শুঁৰৰ দৰে হ’ব পাৰে, অথবা হ’ব পাৰে তাইৰ চকুদুটা উজ্জ্বল
আয়তাকাৰ, অথবা তাইৰ আঙুলিবোৰ হ’ব পাৰে দীঘল পাঁজিসেৰীয়া, নাইবা কি ঠিক, তাই হয়তো খুব
ধীৰে সুস্থিৰে এক বিশেষ ষ্টাইলত আহাৰ খায়৷ অৱশ্যে মোৰো নিজৰো কিছু পছন্দ নথকা নহয়৷
কেতিয়াবা হয়তো ৰেষ্টুৰেণ্টত কাষৰ টেবুলৰ ছোৱালীজনীলৈ চাই থাকিব পাৰোঁ, কাৰণ তাইৰ নাকৰ
আকৃতিটো মোৰ ভাল লাগি যাব পাৰে৷

কিন্তু ঠিক কোনবোৰ গুণে কাৰোবাৰ বাবে এজনী
ছোৱালীক সম্পূর্ণকৈ নিখুঁত কৰি তোলে তাক কোনেও ডাঠি ক’ব নোৱাৰে৷ এই ক্ষেত্ৰত আগতীয়াকৈ
কোনো ধাৰণা কৰিব পৰা নাযায়৷ যেনেকৈ মই মোৰ বাবে উপযুক্ত ছোৱালীজনীৰ নাকটো কেনে আছিল
মনত পেলাব নোৱাৰোঁ৷ কিন্তু এটা কথা ঠিক যে তাই সাংঘাতিক সৌন্দর্যৰ গৰাকী নহয়৷ কথাটো
অলপ গোলমলীয়া নহয়নে?
 

“কালি মই ৰাস্তাত মোৰ মনে বিচাৰি থকা ছোৱালীজনীৰ
কাষেৰে পাৰ হৈ গৈছিলোঁ৷”, মোৰ চিনাকী এজনক ক’লোঁ৷
 

 “সচাঁ? দেখিবলৈ ধুনীয়া চাগে?” তেওঁ সুধিলে৷

 “তেনে নহয়৷”

 “তেন্তে  তোমাৰ পছন্দৰ লগত মিলা হ’ব নিশ্চয়?”

 “মই ভালদৰে ক’ব নোৱাৰিম৷ তাইৰ কোনো কথাই দেখোন মনত
নপৰে—যেনে তাইৰ চকুযুৰি কেনে অথবা তাইৰ স্তনৰ আকাৰ কি আছিল মই সঠিককৈ ক’ব নোৱাৰিম৷”

 “আচৰিত !”

 “হয়৷ কথাটো আচৰিত হ’বলগীয়া৷”

 “বাদ
দিয়াঁ সেইবোৰ৷ তুমি পিছে কি কৰিলা? তাইৰ লগত কথা পাতিলা নেকি, নে তাইৰ পিছে পিছে গৈ
থাকিলা?”  মই ধৰিব পাৰিছোঁ যে চিনাকি মানুহজন ইতিমধ্যে বিৰক্ত হৈছে৷
 

 “নাই নাই৷ মই মাত্ৰ তাইৰ কাষেৰে পাৰ হৈ গলোঁ৷”

এপ্ৰিল মাহৰ সেই মনোৰম ৰাতিপুৱাটোত তাই পূবৰ
পৰা পশ্চিমলৈ গৈ আছিল আৰু মই পশ্চিমৰ পৰা পূবলৈ৷  

মই যদি তাইৰ লগত কথা পাতিব পাৰিলোঁহেতেন
! আধাঘণ্টাই যথেষ্ট৷ তাইক তাইৰ নিজৰ কথা সুধিলোহেঁতেন, মোৰ কথাও তাইক ক’লোহেঁতেন৷ তাইক
ক’লোহেঁতেন ভাগ্য সম্পর্কীয় এটা দুটা কথা—এই যে আমি দুয়ো টকিঅ’ চহৰৰ অভিজাত অঞ্চলৰ
সৰু ৰাস্তা এটাত ইটোৱে সিটোৰ কাষেৰে পাৰ হৈ গ’লো—ইয়াত ভাগ্যৰ জোৰ কিমান ইত্যাদি ইত্যাদি৷
কথাখিনি শুনিবলৈ বেছ ৰহস্যজনক হ’লহেঁতেন, ঠিক শতাব্দী প্ৰাচীন ঘড়ীবোৰৰ নিচিনা, যিবোৰ
ঘড়ী পুৰণি পৃথিৱীৰ শান্ত সমাহিত পৰিৱেশতহে তৈয়াৰ কৰা যায়৷  
 

কথা পাতি পাতি আমি দুয়ো ক’ৰবাত দুপৰীয়াৰ আহাৰ খালোহেঁতেন, হয়তো উডি এলেনৰ চিনেমা এখন চালোহেঁতেন, কি ঠিক কোনো এখন বাৰত সোমাই ককটেইল
এটাও কিজানি পান কৰিলোহেঁতেন৷ ভাগ্যই সামান্য সহায় কৰিলে আমাৰ দুয়োৰে দৈহিক মিলনো অসম্ভৱ
নাছিল৷

অলেখ সম্ভাৱনাই মোৰ হৃদয়ৰ দুৱাৰত টোকৰ দিয়ে৷

…এই মুহূৰ্তত আমাৰ দুয়োৰে মাজৰ দূৰত্ব কমি
কমি পোন্ধৰ গজমান হৈছে৷

কেনেকৈ আৰম্ভ কৰা যায়? তাইক কেনেকৈ মাতোঁ?

“গুড মর্নিং মিছ! আপোনাৰ লগত অলপ কথা পাতিবলগীয়া আছিল৷
মাত্ৰ আধাঘণ্টা সময় দিব পাৰিব নেকি?”

নাই, এনেকৈ নহ’ব৷ কথাখিনি কিবা ইন্সুৰেঞ্চ এজেণ্টৰ নিচিনা শুনা গৈছে৷ কি যে হাস্যকৰ !

“শুনকচোন, এইখিনিতে ২৪ ঘণ্টা খোলা
থকা ধুবীৰ দোকান আছে নেকি ?”

এনেকৈ ক’লেও কথাটো একেই হ’ব৷ হাস্যকৰ
এক পৰিস্থিতি৷ তাতে মোৰ লগত ধুবলগীয়া একো কাপোৰ কানিও নাই৷ মোৰ কথা কোনে বিশ্বাস কৰিব
বাৰু ?

কিজানি সচাঁ কথাটো সহজভাৱে কৈ দিলেই
মোৰ কাম হৈ যাব—“গুড মর্নিং, মোৰ মনে বিচাৰি থকা একেবাৰে পাৰফেক্ট ছোৱালীজনী তুমিয়েই৷
 

মোৰ ভাব হয় মোৰ এই কথাষাৰ তাই নিশ্চয়
সহজে বিশ্বাস নকৰিব৷ বিশ্বাস কৰিলেও তাই মোৰ লগত কথা পাতিবলৈ আগ্ৰহ নেদেখুৱাব৷ অথবা
কথা ক’লেও তাই এনেদৰে ক’ব পাৰে—“মই তুমি বিচাৰি থকা নিখুঁত ছোৱালীজনী হ’ব পাৰোঁ, কিন্তু
তুমি মই বিচাৰি থকা সম্পূর্ণ উপযুক্ত ল’ৰাজন নহয়৷ মই খুব দুঃখিত৷” তাই যদি সঁচাঁকৈ এনেকৈ কয় মই একেবাৰে ধূলিৰ লগত মিহলি হৈ
যাম৷ বত্ৰিছ বছৰ বয়সত এনে কথা শুনিবলগীয়া হ’লে মনত যি আঘাত পাম তাৰ পৰা মই কিজানি কেতিয়াও
মুক্ত হ’ব নোৱাৰিম৷ বয়স বস্তুটো  কিজানি এনেকুৱাই৷
 

ফুলৰ দোকান এখনৰ সন্মুখত আমি দুয়ো
মুখামুখি হ’লোঁ৷ এছাটি গৰম বতাহে মোৰ গাল-মুখ চুই গ’ল৷ ৰাস্তাৰ পিট্‌চ সেমেকা৷ আৰু
তাৰ মাজতে গোলাপৰ মৃদু মধুৰ সুগন্ধ মোৰ নাকত লাগিল৷ তাইক মাতিবলৈ মই সাহস গোটাব নোৱাৰিলোঁ৷
তাই এটা বগা চুৱেটাৰ পিন্ধিছে৷ তাইৰ সোঁহাতত আছে চিঠিৰ এটা টিকটবিহীন খমখমীয়া খাম৷
তাৰমানে তাই কাৰোবালৈ চিঠি লিখিছে৷ যোৱানিশা তাই উজাগৰে থাকি চিঠি লিখিছে যেন লাগিছে৷
তাইৰ চকুৰ তন্দ্ৰালু অৱস্থাই তাকেই সূচায়৷ চিঠিৰ খামটোৰ ভিতৰত যেন তাইৰ সমস্ত গোপনীয়তা
লুকাই আছে৷
 

তাইক পাৰ হৈ মই কেইখোজমান আগুৱাই গ’লোঁ৷
তাৰ পিছত মই ঘূৰি চালোঁ৷ নাই, তাই ইতিমধ্যে ভিৰৰ মাজত হেৰাই গৈছে৷

অৱশ্যে এতিয়া মই জানো তাইক সেই সময়ত
কি কোৱা উচিত আছিল৷ কিন্তু ভালদৰে ক’ব লাগিলে সেয়া বেছ দীঘলীয়া হ’লহেঁতেন৷ মোৰ উপায়বোৰ
প্ৰায়ে কামত নহা ধৰণৰ হয়৷ ঠিক চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি টাইপৰ৷
 

মোৰ কথাখিনি হয়তো সাধুকথাৰ নিচিনাকৈ
আৰম্ভ কৰিব পৰা গ’লহেঁতেন—“বহুদিনৰ আগতে ….” আৰু শেষ কৰিব লাগিলহেঁতেন এনেদৰে—“এটা
বৰ দুখৰ কাহিনী…”৷

বহুদিনৰ আগতে এখন ঠাইত এটা ল’ৰা আৰু
এজনী ছোৱালী আছিল৷ ল’ৰাজন আছিল ওঠৰ বছৰীয়া আৰু ছোৱালীজনী ষোল বছৰীয়া৷ সিহঁত দুটাৰ এটাও
বিশেষ ধুনীয়া নাছিল৷ অইনৰ দৰে দুয়ো সাধাৰণ এহাল মৰমল’গা ল’ৰা-ছোৱালী অছিল৷ সিহঁত দুয়োৰে
মাজত এটা কথাত মিল আছিল— সকলোৰে মাজত থাকিও দুয়ো অকলশৰীয়া অনুভৱ কৰিছিল৷ কিন্তু দুয়ো
হৃদয়েৰে এটা কথা বিশ্বাস কৰিছিল যে পৃথিৱীখনৰ কোনোবা এটা চুকত দুয়োৰে বাবে এজন এশ শতাংশ
উপযুক্ত ল’ৰা আৰু এজনী এশ শতাংশ উপযুক্ত ছোৱালী আছিল৷ সিহঁতে অলৌকিক শক্তিক বিশ্বাস
কৰিছিল আৰু আচলতে দুয়োৰে জীৱনত সেই বিশেষ অলৌকিক ঘটনা ঘটি গৈছিল৷
 

এদিন ৰাস্তাৰ এটা চুকত আকস্মিকভাৱে
দুয়োৰে লগালগি হৈছিল৷

ল’ৰাজনে কৈ উঠিছিল—“কি আশ্চর্য্যকৰ! মই যেন গোটেই জীৱনজুৰি তোমাকেই বিচাৰি ফুৰিছিলোঁ৷ তুমিয়েই মোৰ সেই জীৱনজোৰা সাধনাৰ
ফল৷”

“আৰু তুমি হৈছা মই ইমানদিনে বিচাৰি
ফুৰা ল’ৰাজন৷ মোৰ হৃদয়ত অঁকা ছবিখনৰ লগত তোমাৰ প্ৰতিটো কথাই মিলি গৈছে৷ ঠিক সপোনৰ দৰে৷” ছোৱালীজনীয়ে ল’ৰাজনক কৈছিল৷

দুয়ো এখন পার্কত সোমাইছিল৷ পার্কৰ
বেঞ্চত হাতত হাত ধৰাধৰিকৈ বহিছিল৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি দুয়ো দুয়োকে নিজৰ নিজৰ কাহিনী
শুনাইছিল৷ সিহঁত দুয়ো আৰু অকলশৰীয়া হৈ থকা নাছিল৷ মনে বিচাৰি থকাজনক বিচাৰি পোৱা আৰু
মনৰ মানুহজনৰ লক্ষ্য হ’ব পৰাটো সচাঁকৈ পৰম আনন্দদায়ক কথা৷ ই এক অতিজাগতিক অৰু অলৌকিক
কথা৷

একান্ত কথোপকথনৰ মাজতেই দুয়োৰে মগজুত
সন্দেহৰ এক অতি ক্ষুদ্ৰ কীটাণুৱে বাহ বান্ধিছিল—মানুহৰ সপোন ইমান সহজে বাস্তৱত পৰিণত
হ’ব পাৰে জানো?

গতিকে সেই মধুৰ কথোপকথনৰ মাজত আহি
পৰা সামান্য এক মুহূৰ্তৰ বিৰতিত ল’ৰাজনে ছোৱালীজনীক কৈছিল, “আহাঁ আমি দুয়ো দুয়োৰে
এটা পৰীক্ষা লওঁ —মাত্ৰ এবাৰৰ বাবে৷ পৰীক্ষাটো এনেকুৱা- আমাৰ দুয়োৰে প্ৰেম যদি এশ শতাংশ
নির্ভেজাল হয়, তেন্তে পৃথিৱীৰ ক
ৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা আমি নিশ্চিতভাৱে
আকৌ লগ হ’ম৷ যদি তেনে হয় আমি বুজিম যে আমি দুয়ো দুয়োৰে বাবে সম্পূর্ণ উপযুক্ত৷ যাক
কয় ‘মেড ফৰ ইচ্ছ আদাৰ’৷ আৰু সেই মুহূৰ্ততে আমি দুয়ো বিয়া হ’ম৷ তুমি কি ভাবাঁ হাঁ ?

“ইয়াতকৈ বেলেগ কথা মোৰ মনলৈ অহা নাই৷”,
ছোৱালীজনীয়ে ক’লে৷

গতিকে দুয়ো দুয়োৰে পৰা বিদায় ল’লে৷
ছোৱালী গ’ল পূবলৈ আৰু ল’ৰা পশ্চিমলৈ৷

সিহঁত দুয়ো যি পৰীক্ষা চলাবলৈ মান্তি
হৈছিল তাৰ কোনো যুক্তি, কোনো প্ৰয়োজনীয়তা আচলতে নাছিল৷ সিহঁতে তেনে এটা পৰীক্ষা চলাব
নালাগিছিল৷ কাৰণ দুয়ো দুয়োৰে বাবে এশ শতাংশ উপযুক্ত আছিল৷ সিহঁত দুয়োৰে মিলন আছিল এক
অতি প্ৰাকৃতিক কথা৷ কিন্তু এইখিনি কথা সিহঁতে জনাটো সম্ভৱ নাছিল৷ সিহঁতৰ বয়সটোৱেই তেনেকুৱা
আছিল৷ ভাগ্যৰ ক্ৰুৰ, নির্মোহ সোঁতে সিহঁতক নির্দয়ভাৱে ছেদেলি ভেদেলি কৰি পেলাইছিল৷
 

এৰাএৰি হোৱাৰ পাছৰ কোনোবা এটা শীতকালত ল’ৰাজন আৰু ছোৱালীজনী মাৰাত্মক ইনফ্লুয়েঞ্জাত ভুগিছিল৷ কেইবা সপ্তাহ ধৰি মৃত্যুৰ
লগত যুঁজি যুঁজি দুয়ো দুয়োকে পাহৰি পেলাইছিল৷ যৌৱনৰ সেই মধুৰ সময়খিনি সিহঁতৰ স্মৃতিৰ
পৰা মচ খাই গৈছিল৷ সিহঁতৰ মগজু হৈ পৰিছিল এটা শূন্য পাত্ৰৰ দৰে৷
 

সিহঁত দুয়ো আছিল বেছ মেধাৱী আৰু স্থিৰ
লক্ষ্যৰ ডেকা মানুহ৷ আশাশুধীয়া চেষ্টাৰ ফলত দুয়ো নিজৰ দুর্বলতা জয় কৰি সমাজৰ মূল সূঁতিৰ
লগত মিলি যাব পাৰিছিল৷  কেনেকৈ বাছ অথবা ট্ৰেইন
সলনি কৰি ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাব পাৰি, সেয়া সিহঁতে শিকি পেলাইছিল৷ সিহঁতে শিকি
উঠিছিল কেনেকৈ প
ষ্ট অফিচত শাৰী পাতি স্পীডপষ্ট কৰিব পাৰি৷ কোনখন ছুপাৰমার্কেটত কি
ব্ৰেণ্ডৰ কাপোৰ পোৱা যায় অথবা কাপোৰত কিমান শতাংশ ৰেহাই দিয়া হৈছে সেয়া সিহঁতৰ নখদর্পণত
থাকিছিল৷ জীৱনৰ দিনানুদৈনিকতাৰ লগত সিহঁত দুয়ো সুন্দৰকৈ খাপ খাই পৰিছিল৷ ইনফেক্ট
দুয়োজনে আনৰ প্ৰেমৰো পাত্ৰ হ’ব পাৰিছিল—কেতিয়াবা পাইছিল বিশুদ্ধ প্ৰেমৰ ৭৫ শতাংশ, কেতিয়াবা
৮৫ শতাংশ৷

সময় বৰ তীব্ৰ গতিত আগ বাঢ়িছিল৷ বৰ সোনকালে
ল’ৰাজনৰ বয়স হৈছিল বত্ৰিছ বছৰ আৰু ছোৱালীজনীৰ ত্ৰিছ৷

এপ্ৰিল মাহৰ এটা সুন্দৰ উজ্বল ৰাতিপুৱা—ল’ৰাজনে
একাপ কফি বিচাৰি পশ্চিমৰ পৰা পূবলৈ আহিছিল, আৰু ছোৱালীজনীয়ে চিঠি এখন স্পীডপ
ষ্ট কৰিবলৈ
পূবৰ পৰা পশ্চিমলৈ গৈ আছিল৷ ৰাস্তা সেই একেটাই৷ টকিঅ’ চহৰৰ হাৰাজুকু নামৰ অভিজাত অঞ্চলৰ
সুৰুকীয়া ৰাস্তাটো৷ সেই ৰাস্তাৰে দুয়ো বিপৰীত ফালৰ পৰা আহি অছিল৷ এটা সময়ত দুয়ো দুয়োৰে
কাষেৰে পাৰ হৈ গৈছিল৷ স্মৃতিৰ প্ৰাচীন গহ্বৰৰ পৰা বগুৱা বাই ওলাই অহা এডাল ক্ষীণ ৰশ্মিৰেখাই
এক লহমাৰ বাবে সিহঁতৰ হৃদয় উজলাই তুলিছিল৷ আৰু দুয়ো জানি পেলাইছিল—

হয়, তায়েই মোৰ মনে বিচাৰি থকা ছোৱালীজনী৷

হয়, সিয়েই মোৰ মনে বিচাৰি থকা ল’ৰাজন৷

কিন্তু স্মৃতিৰ সেই পোহৰ-ৰেখা বৰ দুর্বল
আছিল৷ সিহঁতৰ চিন্তা-ভাবনাবোৰো চৌধ বছৰৰ আগৰ দৰে পৰিষ্কাৰ নাছিল৷ সামান্য সৌজন্যসূচক
শব্দ এটাও বিনিময় নকৰাকৈ দুয়ো দুয়োৰে কাষেৰে পাৰ হৈ গৈছিল৷ আৰু মুহূৰ্ততে দুয়ো টকিঅ
 চহৰৰ ভিৰ-ভাৰৰ মাজত হেৰাই গৈছিল৷ চিৰকাললৈ৷

বেদনাদায়ক কাহিনী নহয়নে বাৰু ? আপুনি
কি ভাবে ?  

***

ঠিকনা :

মাইক্ৰ’ৱেভ ষ্টেচন,
বি এছ এন এল

খলিহামাৰি, ডিব্ৰুগড়-৭৮৬০০     

ভ্ৰাম্যভাষ
:
৯৪৩৫৭২৯৬৬৯

মেইল
: bidyutsarma@gmail.com