স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা – ৩

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী



ব্ৰজেন বৰুৱাই সঙ্গীত
দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি
যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো
বুলি/ মনৰ পাখি মেলি দিলি/ উজলি জিলিকে সৌ দূৰ-দূৰণি…৷” চিনেমাখনৰ নাম ‘ভক্তপ্ৰহ্লাদ’৷
মুক্তিৰ তাৰিখ ১৪ নৱেম্বৰ, ১৯৫৮৷ চিনেমাখনৰ বিশেষত্ব হ’ল এইখন প্ৰথম অসমীয়া ধৰ্মমূলক
চিনেমা৷ নিপ বৰুৱা প্ৰযোজিত, পৰিচালিত ‘ভক্তপ্ৰহ্লাদ’ৰ চিত্ৰগ্ৰহণ কৰিছিল কেষ্ট মুখাৰ্জীয়ে৷
ইভা আচাও, ফণী শৰ্মা, দ্বিবন বৰুৱা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অমলেন্দু বাগচী, ৰেবেকা আচাও
আদিয়ে অভিনয় কৰা ক’লা বগা চিনেমাখনৰ অ’ হৰি চৰণ দিয়াহে/ জলধিৰ মাজে তুমি হৈয়া অৱতৰি/……ব্ৰহ্মাণ্ডৰ
ভূমি ভাৰ কান্ধতে প্ৰভূ / ভকতৰ প্ৰাণধন তুমি নাৰায়ণ …গীতটি আমি সৰুতে কাৰোবাৰ কাৰোবাৰ
মুখত শুনা মনত পৰে৷
  

চিনেমা এখনৰ পৰিচয় ইয়াত সন্নিবিষ্ট গীতে বহন কৰে
নে গীতটিক চিনেমাখনেহে বিশেষ কৰি তোলে? এই বিষয়ে কথা পাতিবলৈ আমাৰ হাতত অনেক উদাহৰণ
আৰু যুক্তি আছে৷ ভূপেন হাজৰিকাই লিখা “ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত/ ক’ত?/
গিৰগিৰ গিৰগিৰ ডাৱৰেনো/ মাদল বজায় ক’ত?/ ক’ত?/ অমোৰ অসম দেশত, অসম দেশত/ মাইহাং বাটিৰ
সোৱাদ পানী / যাচে কোনে ক’ত? ক’ত?/ কাৰ পদূলিৰ কেতেকীনো/ মলেমলায় ক’ত?/ অমোৰ অসম দেশত,
অসম দেশত…” গীতটি অসমীয়াৰ অতি চিনাকি৷ কিন্তু গীতটি থকা চিনেমাখনৰ নাম জানে কেইজনে!
১৯৫৯ চনৰ প্ৰথম ভাগতে অহা এই চিনেমাখনৰ নাম ‘কেঁচাসোণ’৷ চন্দ্ৰধৰ গোস্বামী, ইভা আচাও
আদিয়ে অভিনয় কৰা ‘কেঁচাসোণ’ৰ কাহিনী চাহবাগিছাকেন্দ্ৰিক৷ তেজপুৰ জিলা চাহ মজদুৰ সংঘৰ
হৈ হৃদয় আগৰৱালাই ‘কেঁচাসোণ’ প্ৰযোজনা কৰিছিল৷ পৰিচালনা কৰিছিল ফণী শৰ্মাই৷ ড
° ভূপেন হাজৰিকাই
সঙ্গীত দিয়া চিনেমাৰ গীতবোৰ সাধাৰণতে শ্ৰোতা-দৰ্শকৰ মনত ৰৈ গৈছিলেই৷ ‘কেঁচাসোণ’ৰ মণ্টু
ঘোষ, ভূপেন হাজৰিকা, ইলা চক্ৰৱৰ্তী আদিয়ে গোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অ’ আমাৰ গাঁও/ অ’ আমাৰ গাঁও/ আমাৰ
গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ/ আমি মৰিবলৈ যাওঁ/ গীতটিয়ে তাহানিৰে পৰা আমাক মুগ্ধ কৰি
আহিছে৷ চিনেমাখনৰ চিত্ৰগ্ৰহণ কৰিছিল নলীন দুৱৰাই৷ এইটো বছৰতে মুক্তি লভিছিল কামৰূপ
কলা মন্দিৰৰ বেনাৰত নিৰ্মিত নিপ বৰুৱাৰ আমাৰ ঘৰ, কথাকলি চিনে প্ৰডিউচাৰ্চ নগাঁৱৰ বেনাৰত
নিৰ্মিত প্ৰভাত মুখাৰ্জীৰ পূবেৰুণ, দেবা ফিল্মছৰ বেনাৰত নিৰ্মিত শৈল বৰুৱাৰ ‘চাকনৈয়া’ই৷
‘চাকনৈয়া’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছিল দুৰ্গেশ্বৰ বৰঠাকুৰে৷ জনপ্ৰিয় লেখক
চৈয়দ আব্দুল মালিকে এইখন চিনেমাৰ বাবে এটি গীত লিখিছিল— মছগুল দুনিয়াত হায়ৰে হায়ৰে
হায়ৰে/ দিল আছে দিলদাৰ নাইৰে নাইৰে/ দিল আছে মিল নাই/ যাৰ নাই/ তাৰ নাই/ যাৰ আছে সি
চব পায়ৰে পায়ৰে আৰু গীতটিত কন্ঠদান কৰিছিল ভূপেন হাজৰিকা, মিহিৰ বৰদলৈ, মুকুল বৰুৱা
আদিয়ে৷ ‘পূবেৰুণ’ আৰু ‘চাকনৈয়া’ – এই দুয়োখনতে জ্ঞানদা কাকতিয়ে অভিনয় কৰিছিল৷ ‘পূৱেৰুণ’ক
আমি মনত ৰাখোঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথম অসমীয়া চিনেমা হিচাপে৷
‘আমাৰ ঘৰ’ত অভিনয় কৰিছিল ফণী শৰ্মা, বিজয় শংকৰ, ক্ষীৰদা কান্ত বিষয়া, বীণা বৰুৱা আদিয়ে৷
এইখন চিনেমাৰ সংলাপ লিখিছিল লক্ষ্যধৰ চৌধুৰীয়ে৷
 

১৯৬৩ চনৰ নৱেম্বৰ মাহ৷ জোনপ্ৰভা বৰুৱানীৰ প্ৰযোজনাৰে
সেই মাহতে অসমে লাভ কৰিছিল প্ৰথমখন অসমীয়া কমেডি – ‘ইটো সিটো বহুতো’৷ ফণী শৰ্মা, ব্ৰজেন
বৰুৱা, সুতপা মজুমদাৰ আদিয়ে অভিনয় কৰা ‘ইটো সিটো বহুতো’ৰ চিত্ৰনাট্য লিখিছিল আৰু পৰিচালনা
কৰিছিল ব্ৰজেন বৰুৱাই৷
 

যশস্বী কবি নৱকান্ত বৰুৱাই গীত লিখিছিল ‘মাটিৰ
স্বৰ্গ’ নামৰ চিনেমাখনৰ বাবেও৷ সেয়াও আছিল ১৯৬৩ চন৷ মুক্তি পাইছিল অনিল ভূঞা পৰিচালিত
তথা চৌধুৰী চিত্ৰায়নৰ বেনাৰত গিৰিশ চৌধুৰী, অনিল চৌধুৰীয়ে প্ৰযোজনা কৰা ক’লা-বগা চিনেমা
‘মাটিৰ স্বৰ্গ’৷ জিতেন দেৱ, বীৰেন্দ্ৰ কুমাৰে সঙ্গীত দিয়া চিনেমাখনৰ বাবে নৱকান্ত বৰুৱাই
লিখিছিল— “জীৱনৰ এই সাঁকোত কিয়নো সাজিব খুজিলি ৰংমহল/ অত হেঁপাহেৰে কিয়নো গোটালি/ মিছা
মৰমৰ কেঁচা সমল/ এয়া মাথো অহা-যোৱা বাট/ নাই ক’তো থল জিৰণিৰ/ মৃগতৃষ্ণাৰ সিপাৰে বালিৰ
/ শেষ নাই তিৰবিৰণিৰ/”৷ ‘মাটিৰ স্বৰ্গ’ৰ বাবে কবিয়ে দুটি গীত লিখিছিল, যি গীতত কন্ঠদান
কৰিছিল অসিত কুমাৰ আৰু শৰদিন্দু দাসগুপ্তই৷
 

 ১৯৬৪-ত আহিল ‘মণিৰাম দেৱান’ যিখন চিনেমাৰ সঙ্গীত
ব্যক্তিগতভাৱে মোৰ অতি প্ৰিয়৷ সুধাকণ্ঠ ভূপেন হাজৰিকা সঙ্গীতৰ দায়িত্বত থকাৰ পাছত সেইখন
চিনেমাৰ গীতে আমাক যুগ যুগ ধৰি আপ্লুত কৰি নাৰাখিবনে! ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা ‘মণিৰাম
দেৱান’ৰ বুকু হম হম কৰে মোৰ আই/ কোনে নিদ্ৰা হৰে মোৰ আই, তপ্ত তীখাৰে অগ্নি শক্তি/
ৰক্ত বৰ্ণে জ্বলে/ এ জ্বলিলে/ মুক্তি পিয়াসী সুপ্ত মানুহৰ/ বক্ষ তীখা হৈ গল/ এ গলিলে…,
হে মাই যশোৱা এ/ মাই হেৰে যশোৱা আমাক লাগিয়া/ অলপ তোৰ মৰমো নাই/, সংগ্ৰামলগ্নে আজি
শংকা ত্ৰাস ত্যাজি…আদি গীতবোৰ পাহৰিব নোৱাৰি৷ এইখন
চিনেমাত ৰঞ্জনা বৰদলৈৰ বিহুনৃত্যটিও নিশ্চয়কৈ বহুতৰ প্ৰিয়৷ ণিৰাম
দেৱান পৰিচালনা কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে৷ চিত্ৰগ্ৰহণ বিজয় দেৰ, প্ৰযোজনা
অপূৰ্ব চৌধুৰীৰ৷ হলৰইডৰ চৰিত্ৰত অভিনয় কৰিছিল বাংলা চিনেমাৰ বিশিষ্ট অভিনেতা উৎপল
দত্তই আৰু ম
ণিৰাম দেৱানৰ চৰিত্ৰত
অভিনয় কৰিছিল ফ
ণী শৰ্মাই৷  

ণিৰাম দেৱান
ভূপেন হাজৰিকাৰ সঙ্গীতৰ কথা কৈছিলোঁহে৷ ইয়াৰ পাছৰ বছৰতে মুক্তি পালে খাছী
কিংবদন্তিৰ আধাৰত নিৰ্মিত, বিষ্ণু ৰাভা, ফ
ণী
শৰ্মা, ইভা আচাও, বিদ্যা ৰাও, ৰঞ্জনা বৰদলৈ, কমল চৌধুৰী আদি অভিনীত চিনেমা
প্ৰতিধ্বনিপ্ৰতিধ্বনিৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যৰ ৰচক, সংলাপ-সঙ্গীত দিওঁতা তথা গীতৰ
ৰচকো একেজন মানুহেই— সেইজন হ’ল ভূপেন হাজৰিকা৷
প্ৰতিধ্বনিকা
শ্বৰাতি
নামেৰে খাছি ভাষালৈ ডাব কৰা হৈছিল৷ ভূপেন দাৰ
ৰচনা আৰু কণ্ঠই শ্ৰোতাৰ কাণত মৌ বৰষিছিল
— লিয়েনমাকাও/ কোন পাহাৰৰ শিখৰতে বাট চাইছা/ সুৰৰ পঁজা কিয় উদং
ৰাখিম/ অকলশৰে মই কিমান কান্দিম/ তাকে একমনে ভাবিছা?’(প্ৰতিধ্বনি, ১৯৬৫)৷

 

(আগলৈ)