পৰিস্মিতা বৰদলৈ

 

(১)

         : আমাৰ মামনৰ জোৰৰ
নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ
বাপেক৷ বোলো জীয়েকক অকল মৰম চেলাই থাকিলেই নহয়৷ অকণমান মন-কাণ কৰিব৷

: হৌৰা, হ’ব দিয়াঁহে
ইমানকৈ খং নাখাবা৷ আমাৰ ছোৱালী বুজন, লোকে হাত মেলিলে বুলিলেই পাব নে?

 

(২) 

: হেৰি মামনৰ বাপেক!
অ’ বোলো শুনিছেনে? জীয়েকে এইবাৰ ভাল ৰিজল কৰিছে৷ অলপমান বিচাৰ-খোচাৰ কৰিবচোন তাইৰ জোখৰ
ল’ৰা পায়েই বা!

: এঃ ৰ’বাচোন পাই৷
জীয়েৰে আৰু দুচেনীমান পহক ৷ তাইলৈনো দৰাৰ অভাৱ কিহৰ!

 

(৩) 

: এনেই বাপেকটো হ’ল
ঔ এই মানুহটো৷ বোলো নেওচা-কেওচা দিবলৈ বহি৷ জীয়েকৰ একেলগতে কাম কৰা মানুহ আহিব, ৰাতিপুৱাৰ
পৰা মানুহটোৰ খবৰেই নাই দেওঁ৷
 

: কি ক’লি তই? বোলো
মোৰহে খবৰ নাই? চা এয়া জীয়নীয়া মাছ বৰনৈত উজান উঠিছিল, সাউৎকৰে লৈয়ে আনিলোঁ৷ ভাল চাই
লফা শাকো আনিছোঁ৷ খুৱাবি আলহীক হেঁপাহ পলুৱাই৷

 

(৪) 

: বোলো মামনৰ বাপেক৷
ল’ৰাটো কেনে দেখিলে? এইবাৰ আমাৰ এইৰ জোৰে-জোখাৰে পাইছোঁ৷ উলিয়াই দিয়াৰহে কথা৷

: কিয় আগৰ দুবাৰৰ
কেইটানো কি বেয়া দেখিছিলি? পিছে হ’ব দে তোৰ পচনেই মোৰো৷ তাতে তাইৰো যদি সন্মতি পাওঁ,
এইবাৰ  দিম উলিয়াই৷

 

(৫) 

: হেৰি মামনৰ বাপেক,
আগলৈ পাছলৈ একেটিয়েই ছোৱালী আমাৰ৷ যি পাৰি দিব লাগিব দুই এপদ সম্পদ বাকচত ভৰাই৷

:হৌৰা, তায়েই দেখোন
আমাৰ ঘাই সম্পদ, যি অতবছৰে আছে আমাৰ বুকু জুৰাই৷ তাইক পঢ়ুৱাই শুনোৱাই এনেই কৰিছোঁনে
জোৰে-জোখৰ, কেলৈনো লাগিছে বেলেগে কিবা দিবলৈ ভৰাই!

 

(৬) 

: মামনৰ গাটো অলপমান
বেয়া। মনটোও যেন মুজুৰা মৰা৷ নহলে লৈয়েই আনোগৈ নেকি দুদিনমান থকাকৈ?
 

: আনিবলৈতো মোৰো
মন৷ পাছে তাইৰ বা আকৌ কি মন? বেয়া পায় নেকি বা কেনেবাকৈ?

 

(৭) 

: ছোৱালীজনী বোলে
কালিৰ পৰা শুয়ে উঠা নাই? কিহলেনো দিছিলো ইমান দূৰলৈ উলিয়াই৷ হেৰি শুনিছেনে আহোঁগৈচোন
ব’লক তাইক এবেলি চাই৷

: …

: কি হ’ল আপুনিয়ো
হ’বলা শোৱাৰ পৰা সাৰেই পোৱা নাই ৷ মই এতিয়া কিনো কৰোঁ। চাকৰি কৰা ছোৱালী বাবেই নিছিল
সিহঁতে৷ দয়া-মমতা অলপমানো নাই৷ জোৰে-জোখাৰে দৰা বিচাৰি দিছিলোঁ৷ আজি মোৰ ছোৱালীৰ জীৱনটো
যায়! আজি মোৰ ছোৱালীৰ জীৱনটো যায়৷