মৃদুল শৰ্মা

৩৪
অৰ্জুন৷ 

সৰ্বশ্ৰেষ্ঠ
যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!!

এই অভিধাবোৰে
মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ কৰিছে অসহনীয়ভাৱে৷

আশৈশৱ যি
নৈতিকতাৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ বেদব্যাস প্ৰমুখ্যে পিতামহ ভীষ্ম
, আচাৰ্য
কৃপ
, আচাৰ্য দ্ৰোণ আদি মহাত্মাসকলৰপৰা সেই নৈতিকতাই মোক সম্প্ৰতি
তীব্ৰভাৱে হানিছে সংগোপনে৷

মই নিজকে মহাবীৰ
বুলি ভাবি আছিলোঁ কুৰুক্ষেত্ৰত যুদ্ধৰ বাবে প্ৰস্তুত হোৱাৰ প্ৰাক মুহূৰ্তলৈকে৷
যুদ্ধক্ষেত্ৰত আমাৰ শত্ৰুপক্ষত যেতিয়াই মই মোক আশৈশৱ স্নেহাশিসেৰে বিধৌত কৰি ৰখা
পিতামহ
, আচাৰ্য দ্ৰোণ, আচাৰ্য কৃপ, ভাতৃসম
অশ্বত্থামা আৰু দুৰ্যোধনাদি শতভ্ৰাতাৰ সম্মুখীন হৈছিলোঁ তেতিয়াই মোক মোৰ মহাবীৰ
অস্তিত্বটোৱে যুদ্ধবিৰত কৰিব খুজিছিল নৈতিকতাৰ আধাৰত৷ সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ
বাবে গুৰুজন সমন্বিতে আত্মীয়সকলক বধোদ্যত হোৱাটো কেনে নীতিয়ে সমৰ্থন কৰিব
?

কিন্তু জ্যেষ্ঠ
যুধিষ্ঠিৰৰ স্বপ্ন কেৱল হস্তিনাপুৰৰ সিংহাসন৷

দ্ৰৌপদীৰো
লক্ষ্য কেৱল হস্তিনাপুৰৰ অধিকাৰ৷

ভ্ৰাতা ভীমৰ
আশৈশৱ লক্ষ্য দুৰ্যোধন প্ৰমুখ্যে সকলো ধাৰ্তৰাষ্ট্ৰৰে অনিষ্ট সাধন কৰা
, পৰাপক্ষত
তেওঁলোকক হত্যা কৰা৷

দ্ৰুপদ তনয়
ৰাজকুমাৰ ধৃষ্টদ্যুম্নৰ একমাত্ৰ লক্ষ্য যিকোনো প্ৰকাৰে গুৰু দ্ৰোণাচাৰ্যক বধ কৰা৷

আৰু কৃষ্ণৰ
লক্ষ্য
? আমাক অৱগত কৰামতে কৃষ্ণৰ লক্ষ্য হৈছে এই ধৰাধামৰপৰা অধৰ্মক সমূলে
উৎপাতন কৰা৷ তেওঁৰ বিচাৰত কৌৰৱ পক্ষত থিয় দিয়া প্ৰতিজনেই অধৰ্ম আচৰণকাৰী অথবা
অধৰ্মৰ পৃষ্ঠপোষক৷

মোৰ সুদীৰ্ঘকালৰ
লক্ষ্য আছিল কৰ্ণৰ সৈতে সম্মুখ সমৰত মুখামুখি হোৱাৰ৷ কিন্তু পিতামহ ভীষ্মৰ
সেনাপতিত্বত কৰ্ণই যুদ্ধত অংশ গ্ৰহণ নকৰাৰ বাৰ্তা লাভ কৰাৰ পাছতে মই যুদ্ধৰ প্ৰতি
উদাসীন হৈ পৰিছিলোঁ৷ আৰু অৱশেষত ৰণাঙ্গণত মোৰ সম্মুখত শত্ৰুৰূপে থিয় দিয়াসকলৰ
সম্মুখীন হোৱাৰ সাহস মই হেৰুৱাই পেলালোঁ৷

কৃষ্ণই মোক
বুজাবলৈ আৰম্ভ কৰিলে–

‘তুমি কৰ্তব্য
কৰিবানে পাৰ্থ
? নে কৰ্তব্যবিমুখ হোৱা বুলি ইতিহাসত তোমাৰ নাম
লিপিৱদ্ধ হোৱাটো বিচাৰিবা
?’

‘কিন্তু কেৱল
সম্পত্তিৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে গুৰুজনৰ লগতে আত্মীয়ক বধ কৰাটো কেনে কৰ্তব্য
বাসুদেৱ
?’

‘শুনা কৌন্তেয়৷
ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধ কৰা৷ তোমাৰ শত্ৰুপক্ষত থকাসকল কেৱল তোমাৰ শত্ৰু৷ আত্মীয়
,
গুৰু
আদি সম্বন্ধ আপেক্ষিক৷ কাৰণ আজিৰ এই যুদ্ধত শৰীৰবোৰহে মৰিব
, আত্মাবোৰ
অবিনাশী৷ ধৰাধামৰপৰা অধৰ্মক বিলুপ্ত কৰিবলৈ এই যুদ্ধত তুমি শত্ৰুসংহাৰ কৰিবই
লাগিব৷’

‘তেন্তে তোমাৰ
সেই একে যুক্তিৰেই শত্ৰু-মিত্ৰ আদি সম্বন্ধও আপেক্ষিক নহয় জানো কৃষ্ণ
?’

‘শুনা সখা৷ মই
ভূমিৰ ভাৰ হৰণ কৰিবৰ কাৰণেই এই ভাৰতভূমিত অৱতীৰ্ণ হৈছোঁ৷ ইতিপূৰ্বেই মই কংস
,
জৰাসন্ধ,
শিশুপাল,
শাল্‌ব,
কালযৱন
আদিক বধ কৰিছোঁ কেৱল এই উদ্দেশ্যেৰেই৷ কংস মোৰ আপোন মাতুল আছিল যদিও সেই আপেক্ষিক
সম্পৰ্কই মোক মোৰ কৰ্তব্যৰপৰা বিচ্যুত কৰিব নোৱাৰিলে৷ যদি তুমি এই যুদ্ধত অংশ
গ্ৰহণ নকৰাঁ তেন্তে তুমি ৰথৰ বল্গা হাতত লোৱাঁ৷ মই এই যুদ্ধত শস্ত্ৰধাৰণ নকৰোঁ
বুলি প্ৰতিজ্ঞাৱদ্ধ যদিও জগত ৰক্ষাৰ স্বাৰ্থত ময়ে সুদৰ্শন চক্ৰ হাতত লৈ তোমাৰ
শত্ৰু সংহাৰ কৰোঁ৷’

কৃষ্ণই মোৰ
ক্ষত্ৰিয়ত্বত আঘাত হানিলে৷ মই সামান্য চিন্তা কৰি ক’লোঁ–

‘আমাৰ যুদ্ধত মই
তোমাক শস্ত্ৰধাৰণ কৰিবলৈ দিব নোৱাৰোঁ
, বাসুদেৱ৷’

‘আমাৰ-তোমাৰ
বুলি একো কথা নাই পাৰ্থ৷ তুমি যিসকলক বধ কৰিবা তেওঁলোক প্ৰকৃততে মৃত৷ মই
ইতিপূৰ্বেই তেওঁলোকক বধ কৰি থৈছোঁ৷ তুমি কেৱল তেওঁলোকক তেওঁলোকৰ শৰীৰৰপৰা মুক্তহে
কৰিব লাগে৷’

কৃষ্ণৰ কথাত মই
বহু পৰস্পৰবিৰোধৰ ইঙ্গিত পালোঁ যদিও জৌষ্ঠ যুধিষ্ঠিৰৰ ৰথ দ্ৰুতগতিত আমাৰ ফালে আগ
বাঢ়ি আহিল আৰু আমাৰ কথোপকথন সিমানতে অন্ত হ’ল৷

কিন্তু আমাৰ ৰথৰ
কাষত নৰৈ ভ্ৰাতা যুধিষ্ঠিৰৰ ৰথ গৈ একেবাৰে পিতামহ ভীষ্মৰ কাষ পালেগৈ৷ কিছু সময়ৰ
পাছত তেওঁ গুৰু দ্ৰোণাচাৰ্য আৰু কৃপাচাৰ্যৰ কাষলৈও যোৱা দেখা পালোঁ৷ প্ৰত্যেকৰে
লগত কিবা কথা পাতিলে তেওঁ৷ তাৰ পাছত দুয়োপক্ষৰ সমাৱিষ্ট সৈন্যৰ মধ্যস্থানত ৰথ ৰখাই
তেওঁ প্ৰচণ্ড তেজেৰে উচ্ছাৰণ কৰি ক’লে–

‘এই ৰণত কৌৰৱ
পক্ষৰ বিনাশ অৱশ্যম্ভাৱী৷ আসন্ন যুদ্ধৰ প্ৰাক্‌ মুহূৰ্তত মই সকলো শত্ৰুকে এটা
সুযোগ প্ৰদান কৰিব খুজিছোঁ৷ কৌৰৱৰ পক্ষত থাকি নিজৰ বিনাশ নিমন্ত্ৰণ কৰাতকৈ কোনোবাই
ইচ্চা কৰিলে এই মুহূৰ্ততো পাণ্ডৱৰ পক্ষ গ্ৰহণ কৰিব পাৰে৷’

আৰু সকলোকে
হতচকিত কৰি কৌৰৱ পক্ষৰপৰা এজন যোদ্ধা সসৈন্যে আমাৰ পক্ষলৈ আহিব ধৰিলে৷ তেওঁ আন
কোনো নহয়
, জ্যেষ্ঠ কৌৰৱ দাসীপুত্ৰ যুযুৎসু৷ জম্বুদ্বীপৰ অন্যতম ধনিক ব্যৱসায়ী
যুযুৎসু৷

আঃ! কি অসহ্যকৰ
আছিল যুধিষ্ঠিৰৰ সেই অপমানজনক আহ্বান!

কোনো কাৰণতে সেই
আহ্বান ক্ষত্ৰিয়জনোচিত নাছিল৷

আৰু ৰণক্ষেত্ৰত
মই যিখিনি কৰিলোঁ সেইখিনি জানো ক্ষত্ৰিয়জনোচিত আছিল
? কৃষ্ণৰ প্ৰতিটো
পৰামৰ্শ কিয় মই বিনাদ্বিধাই পালন কৰিলোঁ
?

মহাবীৰ!

মহাবীৰ অৰ্জুন!!

সৰ্বশ্ৰেষ্ঠ
ধনুৰ্ধৰ অৰ্জুন!!!

মই যদি মহাবীৰ
অৰ্জুনেই হওঁ তেন্তে পিতামহ ভীষ্মক সশস্ত্ৰ অৱস্থাত কিয় সামান্য আহত কৰিবও
নোৱাৰিলোঁ
? যুদ্ধক্ষেত্ৰত যি পিতামহৰ সম্মুখীন হওঁতে
প্ৰতিবাৰতে মই প্ৰথম বাণেৰে তেওঁৰ চৰণত পুষ্পাঞ্জলি তৰ্পণ কৰিছিলোঁ সেই পিতামহক মই
কাপুৰুষৰ দৰে হত্যা কৰিলোঁ কিয়
?

যুদ্ধক্ষেত্ৰত
প্ৰতিবাৰ হোৱা মুখামুখিত যি পিতামহই মোৰ শিৰত পুষ্পবৰ্ষণ কৰিহে যুদ্ধ আৰম্ভ কৰিছিল
সেই পিতামহক মই নিৰস্ত্ৰ অৱস্থাত পিছফালৰপৰা আক্ৰমণ কৰি ভূলুণ্ঠিত কৰিলোঁ কিয়
?

দ্ৰুপদ কুমাৰ
শিখণ্ডীক পূৰ্বজন্মতে নাৰী আছিল বুলি বাগধাৰা সৃষ্টি কৰি প্ৰচাৰ কৰিছিল কোনে
?
পিতামহই
নাৰীৰ বিপক্ষে যুদ্ধ নকৰে বুলি জনাৰ পাছত সেই শিখণ্ডীকে মোৰ সাৰথি হ’বলৈ দি কৃষ্ণই
মোৰ সঙ্গ ত্যাগ কৰিছিল কিয়
? কেৱল পিতামহক বধ কৰাৰ উদ্দেশ্যে!

উঃ! এই
চিন্তাবোৰ মোৰ মস্তিষ্কত কিয় লুপ্ত হৈ পৰিছিল জটিল আৰু আৱশ্যকীয় সময়ত
? কোনোবা
অদৃশ্য শক্তিয়ে যেন কাণে কাণে মন্ত্ৰ দি গৈছিল আৰু আমি অৱলীলাক্ৰমে সেইবোৰ মন্ত্ৰ
অনুসৰি কাম কৰি গৈছিলোঁ৷

কোন সেই অদৃশ্য
শক্তি
? নহয়৷ সেয়া অদৃশ্য শক্তি নহয়৷ সেয়া আছিল দৃশ্যমান দুই মানৱ অস্তিত্ব৷
কিন্তু শ্ৰদ্ধাবোধ
, প্ৰেম আৰু সখ্যতাই সেইদুজনক মানুহৰূপে চিনাক্ত
কৰাৰ ক্ষেত্ৰত মোক অপাৰগ কৰি ৰাখিছিল৷

একমাত্ৰ কৃষ্ণ,
দ্ৰোপদী,
ধৃষ্টদ্যুম্ন
আৰু জ্যেষ্ঠভ্ৰাতা যুধিষ্ঠিৰৰ প্ৰৰোচনাতে মই এনে অকাৰ্যবোৰ কৰা নাছিলোঁ জানো
?
আৰু
ভ্ৰাতা ভীমসেনে ৰণক্ষেত্ৰত সংঘটিত কৰা নৃশংস হত্যকাণ্ডবোৰ
?

তেন্তে মোৰ
মহাবীৰত্ব ক’ত
? ক’ত পাণ্ডৱৰ শ্ৰেষ্ঠত্ব?

যিজন গুৰু
দ্ৰোণাচাৰ্যই মোক সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি ঘোষণা কৰিছিল সেইজন দ্ৰোণাচাৰ্যক বধ
কৰিবলৈ কৃষ্ণ
, যুধিষ্ঠিৰ, ভীম আৰু
ধৃষ্টদ্যুম্নই অন্যায় উপায় অৱলম্বন কৰোঁতে মই কিয় বাধা প্ৰদান কৰিব নোৱাৰিলোঁ
?

যুদ্ধক্ষেত্ৰত
চক্ৰব্যুহৰ অভ্যন্তৰত প্ৰৱেশ কৰা শত্ৰুক আক্ৰমণ কৰি হত্যা কৰাটো অবৈধ হ’ব নোৱাৰে
,
সিয়ে
বিধি৷ তেনে নীতিৰ বৰ্তমানত কিয় অভিমন্যুৰ মৃত্যুৰ বাবে কেৱল জয়দ্ৰথক অপৰাধী সজাই
মই অন্যায়ভাৱে তেওঁক বধ কৰিলোঁ
? যুদ্ধ আৰম্ভণিৰ পূৰ্বে নিৰ্দিষ্ট কৰি
লোৱা নীতি অনুসৰি সেই চতুৰ্দশ দিনাটোৰ যুদ্ধতো সমাপ্ত হৈছিল৷ দিনটোৰ যুদ্ধসমাপ্তিৰ
পাছতো মই কিয় বিধি অমান্য কৰি নিৰস্ত্ৰ আৰু আনন্দিত জয়দ্ৰথক হত্যা কৰি ভগিনী
দুঃশলাক বৈধৱ্য বৰণ কৰিবলগীয়া কৰিলোঁ
?

মহাৰথী কৰ্ণই
ৰণক্ষেত্ৰত মোৰ সম্মুখীন হওঁতে প্ৰথম বাণেৰে মোৰ শিৰত পুষ্পবৃষ্টি কৰিছিল৷ অথচ মই
তেওঁক নিৰস্ত্ৰ অৱস্থাত হত্যা কৰিলোঁ সম্পূৰ্ণ নীতিবহিৰ্ভূত উপায়েৰে! নৃশংসভাৱে
,
অমানুষিকভাৱে৷

কেৱল কৃষ্ণৰ
প্ৰৰোচনাত৷ সখা কৃষ্ণৰ৷

জগতৰ স্বয়ম্ভূ
ঈশ্বৰ নৰৰূপী নাৰায়ণ শ্ৰীকৃষ্ণৰ প্ৰৰোচনাত৷

আঃ! ধিক মহাবীৰ
অৰ্জুন! ধিক তোৰ বীৰত্ব৷

আনহে নালাগে
ভ্ৰাতা দুঃশাসনৰ বক্ষ বিদাৰি ৰক্তপান কৰা ভীমৰ দুষ্কাৰ্যকো মই বিৰোধ নকৰি সমৰ্থনহে
কৰিলোঁ৷ সমৰ্থন কৰিলোঁ সেই অপকৰ্মক কৃষ্ণই কৌশলেৰে প্ৰদান কৰা বৈধতাক৷

আঃ! ভ্ৰাতা
সুযোধন!

কাৰ প্ৰৰোচনাত
যে আমি তেওঁক দুৰ্যোধন বুলি সম্বোধন কৰিছিলোঁ! যি সুযোধনে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত
নিঃস্বাৰ্থভাৱে সেৱা আগ বঢ়াইছিল আৰু বিনিময়ত দ্ৰৌপদী আৰু ভীমে তেওঁক বজ্ৰাহত
কৰিছিল অপমানেৰে
, যি সুযোধনে দ্যুতক্ৰীড়াত আমাৰ জে্যষ্ঠ
যুধিষ্ঠিৰৰ অবিৱেচনাৰ ফলস্বৰূপে ৰাজ্যসম্পদ সমন্বিতে আমাৰ সকলোকে আনকি দ্ৰৌপদীকো
দাসীৰূপে লাভ কৰাৰ পাছতো পিতৃ মহাৰাজ ধৃতৰাষ্ট্ৰই আমাক সৰ্বস্ব প্ৰত্যাৰ্পণ কৰাত
সামান্যতমো আপত্তি কৰা নাছিল সেই সুযোধনক ভীমে কৃ
,্‌ণৰ প্ৰৰোচনাত
অন্যায়ভাৱে হত্যা কৰোঁতেও মোৰ হৃদকম্প হোৱা নাছিল!

প্ৰকৃততে হোৱা
নাছিলনে
? হৈছিল৷ কিন্তু সেই হৃদকম্পৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰাকৈ মই বীৰ
নাছিলোঁ৷

মই বন্দী হৈ
আছিলোঁ অকাৰণতে দ্ৰৌপদীৰ ওচৰত
, কৃষ্ণৰ ওচৰত আৰু জ্যেষ্ঠ যুধিষ্ঠিৰৰ
ওচৰত৷ নিজে নজনাকৈয়ে৷

এই চিন্তাবোৰে
মোৰ এক সত্য উপলব্ধিত উপনীত কৰাইছে৷ সেয়া হৈছে
, নিজক চিনি
নোপোৱা ব্যক্তিয়ে আনৰ প্ৰৰোচনাক সকলো সময়তে নিজৰ বিৱেচনাজনিত সিদ্ধান্ত বুলি
ভ্ৰান্তিৰ চিকাৰ হয়৷

আৰু এবাৰ যদি
কোনো ব্যক্তিয়ে নিজৰ বিৱেচনা ত্যাগ কৰি আনৰ বিৱেচনাৰে পৰিচালিত হ’বলৈ আৰম্ভ কৰে
তেন্তে পৰৱৰ্তী কালত তেওঁ বাৰম্বাৰ একেবোৰ ভুলকে কৰি থাকিবলৈ বাধ্য হয়৷

উদাহৰণ স্বয়ং মই,
বীৰ
অজুৰ্ন!

মহাবীৰ অৰ্জুন!!
সৰ্বশ্ৰেষ্ঠ যোদ্ধা অৰ্জুন!!!

 

 

 

৩৫
ঘটোৎকচ৷

প্ৰাকৃতিক সৰলতা
শ্ৰদ্ধেয়া মাতৃদেৱীৰপৰা লাভ কৰা মোৰ পৰম সম্পদ৷

শ্যামল আদিম
স্নিগ্ধতাৰে বিধৌত আমাৰ অসুৰ জাতিটোৰ জীৱন৷ নিৰলে
, চিৰসেউজৰ মাজতে
সীমিত মানৱীয় সম্ভাৱনাক লৈ আনৰ লগতে ময়ো সুখী৷ পৰম সুখী৷

কিন্তু মোৰ দুখো
আছিল৷ আশৈশৱ দুখ৷

সকলো শিশুৰে
মাতৃৰ উপৰি একোজন পিতৃও থাকে৷ মোৰ নাই কিয়
?

নিৰৱচ্চিন্ন
প্ৰশ্নৰ উত্তৰত এদিন মাতৃয়ে মোৰ পিতৃ এজন ক্ষত্ৰিয় বীৰপুৰুষ বুলি কোৱাৰ
মুহূৰ্তৰপৰাই মই সেইজন বীৰক লগ পাবলৈ ব্যাকুল হৈ উঠিছিলোঁ৷ সময়ে সময়ে আমি গহীন
বনৰপৰা জনবসতিৰ স্থানলৈ ওলাই আহিলে মোৰ মনত সৰ্বদা আশা জাগি উঠিছিল যে মাতৃয়ে
কিজানি পিতৃদেৱৰ সান্নিধ্য লাভৰ আশাতে সেই যাত্ৰা কৰিছে৷

পিছে বাৰম্বাৰ
মোৰ ভুল হৈছিল৷ মোৰ পিতৃৰ প্ৰতি মাতৃৰ আগ্ৰহ আছিল অতুলনীয়৷ কিন্তু তেওঁৰ বাবে সেই
ক্ষত্ৰিয় বীৰপুৰুষ আছিল নিশাকৰৰ দৰে৷ আঁতৰৰপৰাই সেই পুৰুষক দৰ্শন কৰি তৃপ্ত হৈছিল
মাতৃ৷

তৃপ্ত হৈছিল নে
অতৃপ্ত হৈছিল
?

সঁচা৷ বাৰম্বাৰ
মোৰ মাতৃয়ে কেৱল সেই পুৰুষৰ দৰ্শনৰ উদ্দেশ্যেই গভীৰ অৰণ্যৰপৰা মুক্ত জনপদলৈ ওলাই
আহিছিল৷

বহু বাৰ মোক
দেখুৱাইছিল
, ‘চোৱাঁ, সৌ পুৰুষকেইজন দেখিছা? তেওঁলোকৰ
সবাতোকৈ বিশাল বপুৰ শক্তিশালী ব্যক্তিজনেই তোমাৰ পিতৃ৷’

মই আৱেগত দৌৰি
যাব খুজিছিলোঁ কেইবাবাৰো৷ পিছে মাতৃয়ে প্ৰতিবাৰতেই বাধা দিছিল মোক৷

‘পুত্ৰ! তেনে
নকৰিবা৷ মই তোমাৰ পিতৃদেৱৰ ওচৰত বাক্যাৱদ্ধ৷’

‘কিয়, মাতৃ?
পিতৃৰপৰা
সন্তানক বিচ্চিন্ন কৰি ৰখাৰ কাৰণ কি
?

মাতৃয়ে
অৱনতমস্তক হৈ অশ্ৰু সম্বৰণ কৰিবলৈ যত্ন কৰিছিল৷

শৈশৱৰপৰা ক্ৰমে
ক্ৰমে মই কৈশোৰ অতিক্ৰম কৰি যুৱাৱস্থাত উপনীত হৈছিলোঁ যদিও পিতৃৰ
সান্নিধ্য-সুখবঞ্চিত মোৰ ভিতৰৰ শিশুটো অদ্যাপি সক্ৰিয় হৈয়ে থাকি গ’ল৷

এটা সময়ত মই
অৱগত হ’লোঁ যে অসুৰ ৰজা হিড়িম্বক নিধন কৰাৰ পাছত মোৰ মাতৃ
, সেই ৰাজভগ্নী
হিড়িম্বিৰ মনত কিদৰে পাণ্ডুপুত্ৰ ভীমসেনৰ প্ৰতি প্ৰেমভাব জাগ্ৰত হৈছিল৷

‘তোমাৰ পিতৃ মোৰ
প্ৰতি সামান্যতমো আগ্ৰহী হোৱা নাছিল বৎস৷ তেওঁলোক পাঁচজন ভাতৃৰ মাজত পত্নী আছিল
এগৰাকী
, দ্ৰৌপদী তেওঁৰ নাম৷’

‘পাঁচজন
ককাই-ভাইৰ মাজত এজনী ঘৈণীয়েক
? এইটো আক’ কেনেকুৱা কথা! – আচৰিত হৈ মই
সুধিছিলোঁ৷

‘এনে শব্দ
তেওঁলোকৰ প্ৰতি প্ৰয়োগ নকৰিবা পুত্ৰ৷ তেওঁলোক জম্বুদ্বীপৰ অন্যতম শ্ৰেষ্ঠ মানৱ৷
ভৱিষ্যতৰ ভাৰত ৰাষ্ট্ৰৰ হৰ্তাকৰ্তা বিধাতা৷’

‘তাৰ মানে
তেওঁলোকলৈ মই ভয় কৰিব লাগে
? তুমি এই কথাকে বুজাইছা নেকি মাতৃ?

‘নহয়, পুত্ৰ৷
মই তোমাক তেওঁলোকৰ প্ৰতি ভীতিসন্ত্ৰস্ত হ’বলৈ কোৱা নাই৷ মই কৈছোঁ তোমাক তেওঁলোকৰ
অনুগামী হ’বলৈ
, শ্ৰদ্ধাশীল হ’বলৈহে৷ দ্বিতীয় পাণ্ডৱ বৃকোদৰ
ভীমসেন তোমাৰ জৈৱিক পিতৃ৷ সেই সূত্ৰেই জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ আৰু কনিষ্ঠ ক্ৰমে
অৰ্জুন
, নকুল আৰু সহদেৱো তোমাৰ পিতৃয়েই৷ একেটা চৰ্ততে দ্ৰৌপদী দেৱী তোমাৰ
মাতৃও৷’

‘যদি সেয়ে হয়
তেন্তে মই তেওঁলোকৰ পুত্ৰ নহওঁ জানো
?

‘নিশ্চয়,
পুত্ৰ৷’

‘কিন্তু
তেওঁলোকৰ সমীপলৈ যাব খুজিলে তুমি মোক বাৰণ কৰাঁ কিয়
?

মাতৃয়ে আকাশলৈ
চাই এটা দীৰ্ঘ নিশ্বাস ত্যাগ কৰি কৈছিল–

‘পাঁচজন পাণ্ডৱৰ
ভিতৰত কেৱল ভীমসেনহে আছিল দ্ৰৌপদীৰ একান্ত অনুৰক্ত প্ৰেমিক৷ অৰ্জুন নীতিগতভাৱে
দ্ৰৌপদীৰ প্ৰেমৰ একান্ত পাত্ৰ আছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁৰ প্ৰেম বাকীকেইজনৰ
সৈতে বিভাজিত হোৱা বাবে
, তেনে হওঁতে দ্ৰৌপদীয়ে আপত্তি নদৰ্শোৱা
বাবে অৰ্জুন ক্ৰমশঃ দ্ৰৌপদীৰ প্ৰতি পূৰ্বৰ সমান আগ্ৰহী হৈ থকা নাছিল৷ অৱশ্যে ভীমৰ
বাহিৰে আনকেইজন পাণ্ডৱ কেৱল দ্ৰৌপদীৰ প্ৰেমত সন্তুষ্ট নাছিল৷ মই ভীমৰ
প্ৰেমপ্ৰাৰ্থনা কৰোঁতে কেৱল দ্ৰৌপদীয়েহে মোক সমৰ্থন কৰি মই প্ৰকাশ কৰা ভীমৰ
সান্নিধ্য প্ৰাৰ্থনা মঞ্জুৰ কৰিছিল আৰু ভীমক মোৰ কাষলৈ পঠাইছিল এক প্ৰকাৰ
বলপূৰ্বকভাৱে৷ ভীমে মোক কৈছিল
, মই কেৱল কেইটামান দিনৰ কাৰণেহে তোমাৰ
সৈতে থাকিম৷ আৰু যদি আমাৰ সন্তান জন্ম হয় তেন্তে সেই সন্তানৰ দায়িত্ব তুমি অকলশৰেই
পালন কৰিব লাগিব৷’

‘আপোনাৰ চৰ্তত
মই নিৰ্বিবাদে মান্তি হৈছোঁ৷’ – মই ব্যক্ত কৰিছিলোঁ৷ তেতিয়া দ্ৰৌপদীয়ে ভীমক কৈছিল–

‘শুনা, আৰ্যপুত্ৰ
ভীম৷ তুমি কেৱল কেইদিনমান নহয়
, সম্পূৰ্ণ এটা বছৰ হিড়িম্বিৰ সৈতে
কটাবা৷ তেওঁৰ কামনাক তুমি শ্ৰদ্ধা জনোৱা উচিত৷ নাৰীৰ মনোজগতখন বুজিবলৈ যত্ন কৰিবা
ভীম৷’

‘মইতো তোমাৰ
মাজতে সেই যত্ন কৰি আহিছোঁ প্ৰিয়া৷’

‘এতিয়াৰপৰা তুমি
হিড়িম্বিক প্ৰিয়া সম্বোধন কৰিবা
, ভীম৷ অন্ততঃ আগন্তুক এটা বছৰলৈকে৷…’

কথাবোৰ নিজকে
নিজে কোৱাৰ দৰে কৈ গৈছিল মাতৃদেৱীয়ে৷ মই যে তেওঁৰ কথাৰ শ্ৰোতা তেওঁ সম্ভৱতঃ
বিস্মৃত হৈ পৰিছিল কেইটামান মুহূৰ্তলৈ৷

‘কিন্তু মোক
তেওঁৰ সমীপলৈ যাবলৈ নিদিয়াঁ কিয়
?মোৰ প্ৰশ্নই যেন
তেওঁক বাস্তৱলৈ ঘূৰাই আনিলে৷ কেই মুহূৰ্তমান মোৰ মুখমণ্ডললৈ চাই থাকি তেওঁ ক’লে–

‘আমাৰ সন্তানৰ
কোনো দায়িত্ব তেওঁ গ্ৰহণ নকৰে বুলি পূৰ্বেই কৈ থৈছে পুত্ৰ৷ তদুপৰি…’

‘তদুপৰি কি,
মাতৃ?

‘তদুপৰি
তেওঁলোকে যদি তোমাক অস্পৃশ্য বুলি উপেক্ষা কৰে কিংবা তিৰস্কাৰ কৰে মই সহ্য কৰিব
নোৱাৰিম৷’

এইবাৰ মোক আশ্চৰ্যান্বিত
কৰি সশব্দে কান্দি পেলালে মাতৃ হিড়িম্বিয়ে৷ কান্দি কান্দিয়েই তেওঁ কৈ গ’ল–

‘তেওঁলোক উচ্চবৰ্ণৰ
লোক
, পুত্ৰ৷ সকলো দিশৰপৰাই তেওঁলোক ক্ষমতাশালীও৷ তেনে লোকে স্বেচ্চায় আমাৰ
দৰে নিম্নবৰ্গৰ লোকক স্পৰ্শ কৰিব পাৰে
, সম্পৰ্কও প্ৰতিষ্ঠা কৰিব পাৰে৷ কিন্তু
আমি নিম্নবৰ্গীয়বোৰে তেওঁলোকৰ সৈতে থকা ৰক্তৰ সম্পৰ্ককো দাবী কৰিব নোৱাৰোঁ পুত্ৰ৷
এনেকৈয়ে যুগ যুগ ধৰি চলি আহিছে এই দেশৰ সভ্যতা৷’

মই উপলব্ধি
কৰিবলৈ যত্ন কৰিছিলোঁ মাতৃদেৱীয়ে কোৱা কথাখিনিৰ তাৎপৰ্য৷ মাতৃদেৱীয়েতো মোৰ সম্মুখত
কদাপি মিথ্যাচাৰ নকৰে!

অগত্যা প্ৰচলিত
বিধি অনুসাৰেই নিজকে পৰিচালিত কৰিবলৈ বাধ্য হ’লোঁ৷ কিন্তু মাতৃদেৱীক মই জিজ্ঞাসা
প্ৰকাশ কৰিলোঁ–

‘মাতৃ, মই
মোৰ জীৱনটো পিতৃদেৱৰ কিবা প্ৰয়োজনতো ব্যৱহাৰ কৰিব নোৱাৰিমনে
?

‘মোৰো মনোভাব
এয়ে
, পুত্ৰ৷ যদি কদাচিত ভীম বা পঞ্চপাণ্ডৱৰ প্ৰয়োজন হয় তেন্তে তুমি
নিশ্চিতভাৱে তেওঁলোকক সাহায্য প্ৰদান কৰিবা৷’

‘কিন্তু কি
সাহায্য
? তেওঁলোকৰ তুলনাত আমিতো তেনেই নিঃকিন!’

‘শুনা পুত্ৰ৷
ক্ষত্ৰিয় তেওঁলোক৷ ইতিমধ্যে মই জানিব পাৰিছোঁ
, হস্তিনাপুৰৰ
সিংহাসন পুনৰুদ্ধাৰ কৰাটোকে তেওঁলোকে জীৱনৰ একমাত্ৰ ব্ৰতৰূপে গ্ৰহণ কৰিছে৷ গতিকে
অনতিবিলম্বে হস্তিনাপুৰৰ পাণ্ডৱ আৰু ধাৰ্তৰাষ্ট্ৰসকলৰ মাজত এক তুমূল সংঘৰ্ষ
অনুষ্ঠিত হোৱাৰ আশঙ্কা দেখা পাইছোঁ৷ সম্ভৱতঃ সেই ৰণক্ষেত্ৰতে তুমি প্ৰদৰ্শন কৰিব
লাগিব তোমাৰ ৰণনৈপুণ্য৷ আৰু তাৰে প্ৰস্তুতি তুমি নিঃছিদ্ৰৰূপে চলোৱা উচিত৷’

মাতৃদেৱীয়ে
হস্তিনাপুৰৰ ৰাজসিংহাসনৰ ইতিবৃত্ত মোৰ সম্মুখত বিবৃত কৰিছিল যাতে মই নিজৰ পিতৃকূলৰ
ইতিহাস সম্পৰ্কে অৱহিত হওঁ৷

‘মাতৃ, পাণ্ডৱৰ
দাবী যৌক্তিক জানো
? ৰজা পাণ্ডুৱে ত্যাগ কৰা সিংহাসন তেওঁৰ পুত্ৰই
কি যুক্তিৰে লাভ কৰিব পাৰে
? যদি পাৰে তেন্তে ৰজা ধৃতৰাষ্ট্ৰৰ
পৰৱৰ্তী সময়ত সিংহাসনৰ অধিকাৰ নিশ্চিতভাৱে সুযোধনৰ৷ এনে অৱস্থাত পাণ্ডৱে
ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ সৈতে যুদ্ধ কৰিলে মই পাণ্ডৱক সহায় কৰিবলৈ যোৱাটো দেখোন
অধৰ্ম হ’ব মাতৃ৷’

‘তুমি সেইদৰে
চিন্তা নকৰিবা৷ তুমি কেৱল পিতৃকাৰ্য সমাপণ কৰিবা৷ পিতৃৰ সমৰ্থনত অৱতীৰ্ণ হোৱাতকৈ
শ্ৰেষ্ঠ পুণ্য আৰু নাই৷’

সেই সময়ৰেপৰা মই
মোৰ প্ৰতি কেতিয়া পাণ্ডুপুত্ৰসকলৰ সাহায্যৰ আহ্বান আহে কেৱল সেই কামনাতে কালাতিপাত
কৰিছোঁ৷ সমান্তৰালভাৱে আহৰণ কৰিবলৈ যত্ন কৰিছোঁ অসুৰজাতিৰ বিশেষ ছায়াযুদ্ধৰ
বিভিন্ন কৌশল৷

পৰৱৰ্তী কালত মই
মোৰ পত্নী অহিলাৱতী আৰু সন্তানত্ৰয় ক্ৰমে বাৰ্বাৰিক
, মেঘবৰ্ণ আৰু
অঞ্জনপৰ্বাকো মোৰ সকলো ইতিহাস বিস্তৃতভাৱে জনাইছোঁ৷ তেওঁলোকেও মোক
পিতৃকৰ্তব্য পালনৰ উদ্দেশ্যে সৰ্বদা অনুপ্ৰাণিত কৰি আহিছে৷

আৰু
কুৰুক্ষেত্ৰৰ ৰণাঙ্গণত যুদ্ধৰ প্ৰথমটো দিনতে মই জ্যেষ্ঠ কৌৰৱ সুযোধনৰ বিপক্ষে
যুদ্ধত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিলেঁা৷ একেটা দিনতে মই যুদ্ধত অৱতীৰ্ণ হৈ সফলতা
অৰ্জন কৰিলোঁ অলম্বুশ আৰু ভগদত্তৰ বিৰুদ্ধেও৷ তিনিওজনকে পৃষ্ঠভঙ্গ দিবলৈ বাধ্য কৰি
কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনা মই পিতৃগণৰ প্ৰশংসাও অৰ্জন কৰিলোঁ৷

ৰণক্ষেত্ৰত মোৰ
বাবে পৰম প্ৰেৰণা হৈ উঠিছিল মোৰ পিতৃদেৱ ভীম৷ যদি যুদ্ধ ক্ষত্ৰিয়ৰ ধৰ্ম হয়
,
যদি
যুদ্ধক্ষেত্ৰত শত্ৰুনিধনেই হয় ক্ষত্ৰিয়ৰ লক্ষ্য তেন্তে মোৰ পিতৃদেৱতকৈ শ্ৰেষ্ঠ
ক্ষত্ৰিয়ৰ উদাহৰণ অন্ততঃ মোৰ সম্মুখত নাই৷ অদ্যাপি কেৱল তেৱেঁই কৌৰৱ সেনাদলৰ অশেষ
ক্ষতিসাধন কৰিছে৷ মহাৰাজ ধৃতৰাষ্ট্ৰৰ গৰিষ্ঠ সংখ্যক পুত্ৰক যুদ্ধক্ষেত্ৰত নিহত
কৰিছে মোৰ পিতৃদেৱেই৷

অষ্টম দিনা পুনৰ
মই সুদীৰ্ঘ সময় অলম্বুশৰ বিপক্ষে যুদ্ধ কৰি তেওঁক ভয়াৱহ ধৰণে আহত কৰিলোঁ৷

কিন্তু মই মোৰ
সৰ্বশ্ৰেষ্ঠ ৰণকৌশল প্ৰদৰ্শনৰ সুযোগ লাভ কৰিলোঁ আজি
, যুদ্ধৰ চতুৰ্দশ
দিৱসত
, সম্ভৱতঃ মোৰো জীৱনৰ অন্তিমটো দিনত৷ আজিৰ দিনটো মোৰ জীৱনৰ আটাইতকৈ
দুখৰো দিন কাৰণ আজি প্ৰথমেই মই মোৰ পুত্ৰ অঞ্জনপৰ্বাক হেৰুৱালোঁ৷ দ্ৰোণপুত্ৰ
অশ্বত্থামাই হত্যা কৰিলে মোৰ স্নেহৰ পুত্ৰক৷

পুত্ৰবিয়োগৰ
বাৰ্তালাভ কৰাৰ লগে লগেই দুখ আৰু তদ্‌জনিত ক্ৰোধত মই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি
ছায়াযুদ্ধৰ কৌশলেৰে এফালৰপৰা কৌৰৱ সেনাক বিধ্বস্ত কৰিবলৈ আৰম্ভ কৰিলোঁ৷ মই লক্ষ্য
কৰিলোঁ যে দ্ৰোণ
, কৰ্ণ, সুযোধন আৰু সুশাসন মোৰ সম্মুখত একেবাৰে
অসহায় হৈ পৰিছে৷ মই এফালৰপৰা কৌৰৱ সেনা বধ কৰি গৈছোঁ আৰু অশ্বত্থামাই ন ন
সেনাদলেৰে সেই ক্ষতি পূৰণ কৰিবলৈ যত্ন কৰিছে৷

এইবাৰ মই সম্মুখ
সমৰলৈ আহ্বান জনালোঁ অশ্বত্থামাক৷ অশ্বত্থামায়ো মোৰ উদ্দেশ্যে যথেষ্ট মায়া অস্ত্ৰ
প্ৰয়োগ কৰিেল যিবোৰ ব্যৰ্থ হোৱাত অৱশেষত তেওঁ পৃষ্ঠভঙ্গ দিলে৷

… ক্ৰমে ক্ৰমে
এই ৰাত্ৰিৰ অৱসান ঘটিব৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পঞ্চদশ দিন আৰম্ভ হ’বলৈ কেইটামান
প্ৰহৰহে বাকী৷ আৰু মই
, হিডিি.ম্বপুত্ৰ ঘটোৎকচ অকলশৰে ভূলুণ্ঠিত হৈ পৰি
ৰৈছোঁ সৰ্বমাতৃ বসুমতীৰ ৰক্তৰঞ্জিত বক্ষত৷ সম্ভৱতঃ মই আগন্তুক সুৰ্যোদয় দৰ্শন কৰাৰ
ভাগ্যৰপৰা বঞ্চিত হ’ম৷

মাতৃদেৱীৰ মুখখন
ভাহি উঠিছে সম্মুখত৷ ভাহি উঠিছে স্নেহশীলা পত্নী অহিলাৱতীৰ অৱয়বো৷

মই পিতৃকাৰ্য
সম্পন্ন কৰিলোঁ মাতৃ৷ মোৰ পুত্ৰ অঞ্জনপৰ্বায়ো সগৌৰৱে সাধন কৰিলে পিতৃকাৰ্য৷ মই
সুখী৷

… ঘটনাবোৰ খুব
দ্ৰুতগতিত সংঘটিত হৈছিল৷ আগদিনা চক্ৰব্যুহ নিৰ্মাণ কৰি কৌৰৱ পক্ষৰ সাতজন বীৰে
অভিমন্যুক বধ কৰিলে৷ ব্যুহৰ দ্বাৰৰক্ষী আছিল জয়দ্ৰথ৷ গতিকে পুত্ৰবিয়োগৰ শোক আৰু
ক্ষোভত পৰৱৰ্তী দিনাৰ অৰ্থাৎ আজি সূৰ্যাস্তৰ পূৰ্বেই জয়দ্ৰথক বধ কৰাৰ প্ৰতিজ্ঞা
কৰিলে মোৰ কনিষ্ঠ পিতৃ অৰ্জুনে৷ সমগ্ৰ দিন কৌৰৱসকলে গোপনে ৰাখিেল ৰজা জয়দ্ৰথক৷

আৰু কিবা অজ্ঞাত
কাৰণত আজি সূৰ্যাস্ত হোৱাৰ ইঙ্গিত ফুটি উঠিছিল প্ৰকৃতিত৷ লগে লগে প্ৰচণ্ড বিজয়
বাদ্য সমন্বিতে সুযোধন প্ৰমুখ্যে সকলো কৌৰৱে জয়দ্ৰথক সম্মুখত লৈ ওলাই আহিছিল
শিৱিৰৰপৰা৷

কিন্তু সকলোকে আশ্চৰ্যচকিত
কৰি পুনৰ আকাশত সূৰ্যৰ প্ৰকাশ ঘটিল আৰু সুযোগসন্ধানী অৰ্জুনে জয়দ্ৰথক বধ কৰি
পুত্ৰবধৰ প্ৰতিশোধ ল’লে৷

মই ভাবিবলৈ
ধৰিছিলোঁ
, ব্যুহাৱদ্ধ অভিমন্যুক বধ কৰাটো কেনেকৈ কৌৰৱৰ অপৰাধ হ’ল? চক্ৰব্যুহত
প্ৰৱেশ কৰা শত্ৰুপক্ষৰ যোদ্ধাজনক অভ্যন্তৰত থকা অপৰ পক্ষৰ যোদ্ধাসকলে সমন্বিতভাৱে
আক্ৰমণ কৰি বধ কৰাটোৱেই বিধি৷ তদুপৰি ব্যুহৰ সুৰক্ষাৰ দায়িত্ব পালন কৰা ৰজা জয়দ্ৰথ
কি যুক্তিত অভিমন্যু বধৰ বাবে একমাত্ৰ দায়ী হ’ব পাৰে!

কিন্তু সেইবোৰ
চিন্তাক মই জোকাৰি পেলাইছিলোঁ মুহূৰ্তৰ ভিতৰতে৷ কাৰণ
, এইবাৰ প্ৰকৃত
সূৰ্যাস্ত হোৱাৰ পাছতো দুয়োপক্ষৰ সেনাসকলে প্ৰচণ্ড কোলাহল কৰি পুনৰ যুদ্ধত
প্ৰবৃত্ত হ’ল৷ মই মোৰ আসুৰিক ছায়াযুদ্ধৰ বাবে উপযুক্ত পৰিৱেশ লাভ কৰি পৰম উৎসাহত
যুদ্ধত অংশ গ্ৰহণ কৰিলোঁ৷ মই প্ৰথমেই অলায়ূধ আৰু অলম্বুশক বধ কৰিলোঁ৷ তাৰ পাছত
অশ্বত্থামাই মোৰ সম্মুখলৈ আহি যুদ্ধৰ আহ্বান জনালেহি৷ মোক পৰাস্ত কৰিবলৈ অশেষ
প্ৰয়াস চলায়ো শেষত তেওঁ পৃষ্ঠভঙ্গ দিবলৈ বাধ্য হ’ল৷ প্ৰকৃততে নিশাৰ অন্ধকাৰ মোৰ
ছায়াযুদ্ধৰ বাবে আছিল সম্পূৰ্ণ অনুকূল যাৰ সুযোগত মই বহু সহস্ৰ সেনা নিধন কৰি কৌৰৱ
পক্ষৰ বাবে সৃষ্টি কৰিলোঁ প্ৰচণ্ড ভাবুকিৰ৷ আগৰ দিনকেইটাত মই দুবাৰকৈ কৰ্ণৰ
মুখামুখী হৈছিলোঁ যদিও দুয়োবাৰেই মই পৰাস্ত হৈছিলোঁ কাৰণ দিনৰ পোহৰত মোৰ বহু
যুদ্ধকৌশল প্ৰয়োগ কৰিবলৈ মই অপাৰগ আছিলোঁ৷

এইবাৰ নিশাৰ
অন্ধকাৰত মই কৰ্ণক সন্ধান কৰিবলৈ ধৰিলোঁ৷ আৰু অৱশেষত
, সম্ভৱতঃ কালৰ
প্ৰৰোচনাতে কৰ্ণ আহি মোৰ সম্মুখীন হ’লহি৷ মই কৰা কৌৰৱ পক্ষৰ অশেষ ক্ষতিৰপৰা ৰক্ষা
পৰিবলৈ শেষত জ্যেষ্ঠ কৌৰৱ সুযোধনে কৰ্ণক বাসৱী শক্তি নামৰ শস্ত্ৰ মোৰ উদ্দেশ্যে
প্ৰয়োগ কৰিবলৈ বিশেষভাৱে দাবী জনালে৷

‘কিন্তু মিত্ৰ,
তুমি
জানা যে এই শস্ত্ৰ মই বিশেষভাৱে অৰ্জুনৰ উদ্দেশ্যে সংৰক্ষণ কৰিছোঁ৷’

কৰ্ণৰ সমিধান
পাই উত্তেজিত হৈ সুযোধনে কৈছিল–

‘উঃ! মিত্ৰ! আজি
এই ৰাক্ষসে যি কালান্তক ৰূপ ধাৰণ কৰিছে তাৰপৰা পৰিত্ৰাণ নাপালে তুমি জানো অৰ্জুনৰ
সম্মুখীন হ’বলৈ জীৱিত অৱস্থাত থাকিবা
?

যুদ্ধক্ষেত্ৰত
মোৰ সম্মুখতে দুয়োজন মহাবীৰে উত্তেজিতভাৱে তেনে কথা পতা শুনি মোৰ হাঁহি উঠিছিল৷ মই
অপেক্ষা কৰিছিলোঁ মোৰ পিতৃস্থানীয় দুয়োজন বীৰৰ মন্ত্ৰণাৰ ফলাফললৈ৷

আৰু এসময়ত কৰ্ণই
ধনুত সেই বাসৱী শক্তি নামৰ শস্ত্ৰ সংযোজনা কৰি গোপনে মন্ত্ৰ জপ কৰিলে৷ সেই
ইন্দ্ৰপ্ৰদত্ত শস্ত্ৰ মই সঠিকভাৱেই চিহ্নিত কৰিলোঁ আৰু অপেক্ষা কৰিলোঁ সেই শস্ত্ৰ
বৰণ কৰিবলৈ…

আৰু মোৰ
পিতৃকাৰ্য সম্পন্ন হ’ল৷

আন্ধাৰতো
স্পষ্টভাৱে সকলো দেখা পাওঁ যদিও এতিয়া দেখোন মোৰ চাৰিওফালৰ আন্ধাৰখিনি অধিক গাঢ়
হৈ আহিছে৷ মই যেন ক্ৰমে ক্ৰমে দৃষ্টিশক্তি হেৰুৱাই পেলাইছোঁ৷

মাতৃদেৱীৰ
মুখখনে মোক আমনি কৰিছেহি৷ শৰীৰৰ ক্ষতসমূহে মোক বিশেষ যন্ত্ৰণা দিব পৰা নাই৷ কিন্তু
এই মৃত্যুশয্যাত মই যদি মোৰ পিতৃদেৱতাৰ সামান্য স্পৰ্শও লাভ কৰিলোহেঁতেন৷

কিন্তু মই জানো,
মোৰ
মৃত্যুৱে পিতৃগণৰ মনত কোনো প্ৰতিক্ৰিয়া সৃষ্টি নকৰে৷ কাৰণ মইতো অভিমন্যু নহওঁ৷ মই
ক্ষত্ৰিয় পিতৃ আৰু অনাৰ্য মাতৃৰ সন্তানহে যাক প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰি কিন্তু
যাৰ বাবে দুখ কৰিব নোৱাৰি৷ অভিমন্যুৰ লগত মোৰ তুলনা নহয়৷ কাৰণ তেওঁ আছিল আৰ্য পিতৃ
আৰু আৰ্য মাতৃৰ সন্তান৷ সৰ্বোপৰি তেওঁ আছিল এই যুদ্ধৰ পৰিকল্পনাকাৰী সুবিধাবাদী
যাদৱ কৃষ্ণৰ ভগ্নীপুত্ৰ৷

মইতো সামান্য এক
অসুৰ!

(আগলৈ)