ৰুবেন ডাৰিঅ’ (Rubén Darío)ৰ কবিতা

 অনুবাদ – পংখী কাজল কায়স্থ

 

       ৰুবেন ডাৰিঅ’ৰ প্ৰকৃত নাম আছিল ফেলিক্স ৰুবেন গাৰ্চিয়া চাৰ্মিয়েণ্ট৷ তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ১৮ জানুৱাৰিত বৰ্তমানৰ চিউডাড ডাৰিঅ’ নামেৰে জনাজাত নিকাৰাগুৱাৰ মেটাপা, মাটাগালপাত৷ ডাৰিঅ’ এগৰাকী নিকাৰাগুবান কবি, সাংবাদিক, কূটনীতিবিদ, লেখক, স্পেইনৰ আৱাসী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, বুয়েনছ আয়াৰ্ছত কলম্বিয়াৰ কনছুল, ফ্ৰাঞ্চৰ পেৰিছত নিকাৰাগুৱাৰ কনছুল হিচাপে কৰ্মৰত আছিল৷ তেওঁ ১৯ শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা মডাৰ্নিজম (আধুনিকতাবাদ) নামেৰে জনাজাত স্পেনিছ ভাষাৰ সাহিত্য আন্দোলনৰ সূচনা কৰিছিল। বিংশ শতিকাৰ স্পেনিছ ভাষাৰ সাহিত্য আৰু সাংবাদিকতাৰ ওপৰত ডাৰিঅ’ৰ এক বৃহৎ আৰু স্থায়ী প্ৰভাৱ আছিল। 

      ১৯১৬ চনৰ ৬ ফেব্ৰুৱাৰিত এইগৰাকী কবিৰ মৃত্যু হয় নিকাৰাগুৱাৰ লিঅ’ন ত ৷

 

 এই গাঁওখন

 

এই গাঁওখন 

অতীত গৌৰৱ আৰু ঐতিহ্যৰে

এনেদৰেই থাকিবলৈ দিয়াঁ ৷

 

মই জানো

তোমালোক যিসকল চহৰৰ স্থপতি

যিসকল 

কাঠ, ইটা আৰু শিলবোৰৰ বুকুত

মৃত্যুৰ কবিতাৰ ৰচক

আৰু

এই সেউজীয়া উপত্যকাটোত

যিসকলৰ লোলুপ দৃষ্টি চটফটাই থাকে 

সেই শ্বাপদ চয়তানসকলৰ

লোভী জিভা আৰু চকুক

এই সৰু ভূখণ্ডৰ সেউজীয়াই

লালায়িত কৰে !

 

এই গাঁওখন এনেদৰেই থাকক 

নহলে মানুহৰ সপোনবোৰ

সমূলি সমাধিস্থ হ’ব 

নিঃশেষ হৈ যাব হাবিয়নিৰ গছ-লতা

জোনাকীৰ সঘন আহ-যাহ

আৰু ডোবাই-ফুটুকানিয়ে কেতিয়াও নোলাবহি 

মৰিশালিৰ ভূত-প্ৰেত

যখিনীৰ অশৰীৰী ছাঁ,

যাযাবৰ চৰাইজাকৰ দৰে

হেৰাই যাব পৰীবোৰৰ ফুটুকীয়া দিন ৷

 

এই সেউজীয়া ভূখণ্ড এনেদৰেই থাকক

আমাৰ হৃদয় সৰোবৰত ফুলি থকা

এপাহ শ্বেতপদ্মৰ দৰে ৷