অমৃত গোস্বামী
“ৰাম-কৃষ্ণ মুকুন্দ/
“অ’ ত্ৰাহি ত্ৰাহি
গোৱিন্দ/
আৰে অ’, তোমাৰ বচন
স্বামী”…
ভাতৃসম প্ৰতিৱেশী
গোঁহায়ে ফোন কৰি কৈছিল–“গোস্বামীদাদা, আজি নাম এষাৰ পাতিছোঁ– এঘাৰমান বজাত পোৱাকৈ
আহিব। অ’ হেৰি নহয়, বৌক ক’ব দুপৰীয়া আপোনালৈ ৰান্ধিব নালাগে। ভাতসাঁজ আমাৰ ঘৰতে খাব,
ভকতসকলৰ লগতে। আপুনি ভাল পোৱা সম্পূৰ্ণ নিৰামিষ আহাৰ।”
পৰহি অলপ ব্যতিক্ৰম
হ’ল, ডিব্ৰুগড়ৰ বাইদেউলৈ সেইদিনা মোৰ দৈনিক ৰুটিনৰ ফোন কৰা নহ’ল। গতিকে গোঁহাইৰ ঘৰৰ
নিমন্ত্ৰণ ৰক্ষা কৰাৰ মনেৰে নামলৈ বুলি ঠিক যাবলৈ সাজু হওঁতেই, কালি বাইদেৱে নিজেই মোলৈ ফোন
কৰিলে। মই বোলোঁ, “ওচৰৰে এঘৰলৈ নামলৈ বুলি মাতিছে, এয়া যাবলৈ ওলাইছোঁ, আবেলি ফোন কৰিম।”
বাইদেৱে কথা নবঢ়াই ক’লে, “হ’ব দে, যা। নামলৈ মাতিলে নোযোৱাকৈ থাকিব নাপায়। এনেয়েহে,
কথা পাছে-পৰেও পাতিব পৰা যাব।”
বহুত দিনৰ মূৰত ধুতি-পাঞ্জাবী
পিন্ধিলোঁ, ভাল লাগিল। –নামৰ ঠাঁচটো সৰুতে শুনা আমাৰ ফালৰ ঠাঁচৰ লগত অমিল। যুগল পটল-নামছন্দ।
ভাল, ভাল পালোঁ।
সৰুতে নাম-প্ৰসঙ্গত
আমি তেনেকৈ ভাগ ল’বলৈ ইচ্ছা নকৰিছিলোঁ। ককাৰ শ্ৰাদ্ধৰ দিনা শ্ৰাদ্ধৰ শেষত নাম এষাৰ
গোওৱাটো আমাৰ ঘৰৰ এক পৰম্পৰা আছিল। একেদৰে ঘৰতে বাহুল্যভাৱে অনুষ্ঠিত কৰা ফাকুৱা পূজা ভাগতো, প্ৰতিদিনৰ
পূজা হৈ যোৱাৰ পাছতে নাম-প্ৰসঙ্গৰ অনুষ্ঠান হৈছিল। ঘৰতে হোৱা এই নাম-প্ৰসঙ্গবোৰত ভাগ ল’বলৈ তেতিয়া
টান পাইছিলোঁ। দেউতাই কেইবাবাৰো মতাৰ পাছত অৱশ্যে নামৰ শেষৰ আশীৰ্বাদৰ সেৱাটো লৈছিলোঁ।
আমি ডাঙৰ-দীঘল হোৱা
ঠাইডোখৰৰ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতে সেই সময়ত একোটাকৈ ব্যক্তিগত নামঘৰ আছিল, যাক আমি
গোঁসাই ঘৰ বুলিছিলোঁ। প্ৰতিঘৰতে প্ৰতিদিনে পুৱাৰ ভাগত ভগৱানৰ নাম-কীৰ্তন হৈছিল; সন্ধিয়া
সময়ত প্ৰাৰ্থনা কৰিছিল। সেইবাবে নামত প্ৰত্যক্ষভাৱে অংশ গ্ৰহণ নকৰিলেও ৰাতিপুৱা শুই উঠাৰ পৰাই আমি ঘোষা-পদ শুনিবলৈ পোৱা ঠাইৰ/ঘৰৰ মানুহ
বুলি ক’লেও বঢ়াই কোৱা নহ’ব!
ৰাতিপুৱা আঠমান বজাতে
ঘৰৰ একেবাৰে কাষৰ ঘৰৰ, বংশৰে খুৰা ৺বাপুদাদাই তেখেতসকলৰ ঘৰৰ গোঁসাইঘৰত পুৱাৰ প্ৰসঙ্গ
কৰিছিল। তেখেতৰ গলগলীয়া আৰু শক্তিশালী কণ্ঠৰ সেই প্ৰসঙ্গৰ নামৰ প্ৰতিটো শব্দকে
আমাৰ ঘৰৰ পৰাও ইচ্ছা কৰিলে স্পষ্টকৈ শুনিব পৰা ধৰণৰ আছিল। ৺বাপুদাদাৰ কণ্ঠৰ কীৰ্তনপুথিৰ
অন্তৰ্গত ‘চতুৰ্বিংশতি অৱতাৰ-বৰ্ণন’ৰ প্ৰথমটো কীৰ্তন ‘জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ
হৰি’ শুনি মই তেতিয়াই বিশেষভাৱে আকৰ্ষিত হৈছিলোঁ। এই কীৰ্তনটো পাছতো মই বিভিন্ন পৰিৱেশত
বহুতোবাৰ শুনিবলৈ পাইছোঁ, কিন্ত বাপুদাদাৰ কণ্ঠ আৰু সুৰে মোৰ মনত এক মচিব নোৱাৰা সাঁচ
বহুৱাই থৈছে, আন লোকে যিমানেই সুন্দৰকৈ, যিমানেই সুললিত কণ্ঠৰে নাগাওক কিয়, মোৰ মনত
এই নামটো গোৱাত বাপুদাদাৰ জোৰ কোনেও ল’ব নোৱাৰে। ঠিক একেদৰে মোৰ মনত সাঁচ বহুৱাই থোৱা
আন এটা নাম হ’ল ৺মহেন্দ্ৰ খুৰাৰ
কণ্ঠত শুনা, নাম ঘোষাৰ ‘হিয়াৰ মাজৰ নামৰ ভাণ্ডাৰ/ মুখে বাজ হয় এ’ বোলা ঘোষাটো। সেই নামটোও
মই বিশেষভাৱে ভাল পাইছিলোঁ, আৰু আজিও নামটো মোৰ কাণত ভাহি থাকে। আজিকালি আজৰি সময়ত
বা মন ভালে থকাৰ দিনত মাজে-সময়ে ৺বাপুদাদা আৰু ৺মহেন্দ্ৰ খুৰাৰ কণ্ঠত তাহানিতে শুনি আকৃষ্ট
হোৱা নামবোৰ গুণগুণাই থকাটো মোৰ এটা অভ্যাসত পৰিণত হৈছে। স্বৰ্গীয় মহেন্দ্ৰ খুৰাৰ মাতটো বৰ
মিঠা আছিল, আৰু তেখেতৰ মুখমণ্ডলত অনবৰতে এটা হাঁহি বিৰিঙি আছিল। এই কথাখিনি লিখি থাকোঁতে
এতিয়া হেৰাই যোৱা, তেখেতৰ তেতিয়াৰ সেই ছবিখন মোৰ মানসপটত জিলিকি উঠিছে!
এসময়ত আমাৰ বৰ্তমান
ডিব্ৰুগড়ত থকা বাইদেউ গুৱাহাটীৰ কাহিলীপাৰাত আছিল। এবাৰ কাহিলীপাৰাৰ,জনকপুৰৰ নামঘৰত
বাইদেৱে নাম দিওঁতে, বাইদেউতকৈ কম বয়সীয়া মানুহ এগৰাকীয়ে বাইদেৱে নাম ক’ত শিকিছিলে সুধিছিল।
তেনেকৈ সোধোঁতে বাইদেৱে উত্তৰত কোৱা কথাষাৰ আজি মোৰ মনত পৰিছে। সেইদিনা বাইদেৱে মানুহগৰাকীক উত্তৰটো এনেকৈ দিছিল–
“তুমিও আৰু ভাল কথাটোকে
সুধিছা! নাম আক’ মই ক’ত শিকিম? কোনেও আমাক নাম শিকোৱা নাই দেই। আমি নিজে নিজেই শিকা।
আমি নামৰ চৰ্চা শুনিবলৈ পোৱা ঠাইতে জন্ম হোৱা। আমাৰ ককা, মা-দেউতা, সকলোৱে নাম গাইছিলে।
শুই উঠিয়েই আমি নামৰ কথা-সুৰকে শুনো।
মই যিবোৰ গাওঁ, ভালেই হৈছেনে বেয়াই হৈছে অৱশ্যে তোমালোকেহে জানিবা, কিন্তু সেই সকলোবোৰ
মই শুনি শুনিয়েই শিকা।”
বাইদেৱে কোৱাৰ লেখীয়াকৈ
আমি সকলোৱে মহাপুৰুষ দুজনাৰ অমূল্য সৃষ্টি নাম-কীৰ্তনৰ সুৰ-তাল কম বেছি পৰিমাণে শুনিয়েই
শুনিয়েই আয়ত্ত কৰিছিলোঁ।
—
ঠিকনা :
: চাৰ্ভে, বেলতলা,
গুৱাহাটী -২৮
ফোন নং: ৯৪৩৫০ ১৪৪৫৫